ডা নয়নজ্যোতি শৰ্মা

 

অদৃশ্য
মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে

অভ্যাসৰ
চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ পৰিছে। তাৰ ঠাইত থিতাপি লৈছে ধূলি-ধোঁৱা-ছাই
আৰু দুৰ্ভাগ্যৰ এক নতুন গ্ৰহান্তৰ। আৰু সেই কৃষ্ণগহ্বৰসদৃশ অৱস্থিতিয়ে পুৰণি
পৃথিৱীখনৰ স্মৃতি পৰ্যন্ত বিলোপনাভিমুখী এক বীভৎস ৰূপ ধাৰণ কৰিছে। মগজুৰ প্ৰতিটো
বিৱৰৰ খাঁজে খাঁজে সিঁচৰতি হৈ থকা
, অৰ্ধেক অংশ বিস্মৃতিত বিলীয়মান হোৱা, অথবা পাহৰণি ঘটি স্বৰূপ
সলনি কৰা সৰুকালিৰ সুস্থ অথবা দুঃস্থ
, সৰু-বৰ কিছুমান বেহিচাপী ঘটনাৰ দৰেই অনেক ডেই-যোৱা অথবা
আধা-পোৰা লাম-লাকটু এঙেৰুৱা সমতলত বিশৃংখল হৈ পৰি ৰৈছে
আৰু
সেই ধ্বংসস্তুপৰ ওপৰত হাছিনা
ত্ৰিশংকুৰ দৰে ওলমি ৰৈছেচেকনীৰে
সৰকি পৰা চাহটোপালৰ দৰে তাইৰ মাজেৰে নিৰ্বাধে পাৰ হৈ গৈছে বুৰিবলৈ লোৱা বেলিৰ
শেষহোঁকা পোহৰ
,
দিনটোৰ শেষৰছাটি বতাহ,
মহামাৰীৰ
বীজাণু
, মৰাশৰ গোন্ধ পাই উৰি অহা
অগণন মাখি আৰু নীড়হাৰা হৈ পৰা এজাক বুভুক্ষু মানুহৰ হুমুনিয়াহ। পতা আৰু ভুৰুৰ ৰেখ
নোহোৱা দুটা গলি যোৱা চকু
, ছাইৰ দৰে ভুৰভুৰীয়া হৈ পৰা হাত-ভৰি আৰু তেজ গোট মাৰি
ধপধপাব নোৱৰা কলিজাটোৰে তাই নিৰুদ্বেগ বতাহ এছাটিৰ দৰে হৈ পৰিছে। বিৰাগ অথবা
সদ্ভাৱ
, ঘৃণা, কুটিলতা, ভোক, ক্ষোভ, বিগ্ৰহ, সন্তাপ আদি সকলো অনুভৱৰ ঊৰ্ধত তাই এক চৰম আৰু নিৰ্বেদ অস্তিত্বহীনতাক মানি লৈ নিৰ্বিকাৰ অৱস্থা পাইছে।
জীৱনত অভাৱৰ পৰা নিস্তাৰ নোপোৱা দিন-ৰাতি-মাহবোৰৰ দৰেই ভেলটোত আঠা লাগি ৰোৱা
কাপোৰৰ আধাপোৰা টুকুৰাবোৰে হাছিনাক তৎক্ষণপৰ্যন্ত নিস্তাৰ দিয়া নাই। মুখেৰে বিৰ
বিৰ কৰি নিজৰ ঘৰটোৰ বাঁহৰ দুৱাৰখন খেপিয়াই ফুৰি হাছিনাই বিমূঢ় হৈ আকুঞ্চন আৰু
প্ৰসাৰণশীল আধাপোৰা হাত দুখনেৰে শূন্যতাকে খামুচি ধৰি খপ্‌জপাই উঠিছে। পথালিচকুৱাৰ
নিৰ্জ্যোতি
,
বিতচকুৰ
ধৰুৱা নজৰে ধৰা পেলাবলৈ অক্ষম
, বতাহত ভাসমান হৈ থকা তাই বিকৃতভাৱে থক্‌ থক্‌কৈ কঁপিছে। এইটো
তাইৰেই ঘৰ নে
?
নাসাগ্ৰ কোঁচ
খুওৱা
, চিত্তক বিহ্বল কৰিব পৰাকৈ
মানুহৰ পোৰা মাংসৰ গোন্ধৰ সৰ্বত্ৰ বিয়পি পৰা
, কালান্তক তাণ্ডৱত ধূলিস্যাৎ হৈ পৰা
এয়া তাইৰেই আপোন চিজিল লগা পৃথিৱীখন নে
? ধু-ধু কৰে হাড়লৈকে শুকাই যোৱা উষ্ণ ভাপৰ লহৰ উঠা, জুইৰ ধুমুহাজাকে চাল-বেৰৰ
চিন-মোকাম নোহোৱা কৰি পেলোৱা এয়া কাৰ ঘৰ জনাৰ কিবা উপায় আছে নে
?

কিছু সময় ডিঙি
কটা যোৱা জীৱটোৰ দৰে ধৰফৰাই ধৰফৰাই হাছিনাই এইবাৰ পানীভোটাৰাৰ আঠা-বেলুনৰ দৰে আলাসতে উৰি গৈছে
অভাৰব্ৰিজৰ তলত কেম্প পতা ঘৰ পোৰা মানুহবোৰৰ ফালে। ছাল ক
লা পৰি
যোৱা সেইজনী ববিতাৰ ভোকৰ ৰকৰক শব্দটো আত্মাটোৱে শুনিব পৰা নাই। বেণ্ডেজ মাৰি থোৱা
পোৰা হাতখনৰ বিষত চাবিনাই মৰা চিঞৰটোও তাই শুনিবলৈ পোৱা নাই। তাইৰ কাণ দুখন আৰু চকুৰ
পতা দুটা শৱটো জ্বলি অঙঠা হোৱাৰ সময়তে ছাই হৈ সুলকি পৰিল। কিন্তু চুফীয়া
, জীহঁতৰ
পোৱালিকেইটাৰ ডিচেম্বৰৰ ঠাণ্ডাত দাঁতত-দাঁত লাগি যোৱা কটকটনি
, পাৰ
চৰাইৰ পাখি গুচোৱা দেহটোৰ দৰে সিহঁতৰ গাৰ ছাল বুদ্‌বুদাই উঠা তাই চাক্ষুষ দেখি আছে।
ইচ্ছা কৰিও তাই চকু দুটা জপাব পৰা নাই। তাই সিহঁতক সাবটি ধৰি অলপ উম দিবলৈ আগবাঢ়িছে।
অথচ তাইৰ সোঁমাজেদি হুৰুচ কৰে পাৰ হৈ যোৱা বতাহজাকে সিহঁতৰ গাৰ নোম দাং খুৱাই দিছে।
হাছিনাই বুজি পাইছে
, তাইৰ ইতিমধ্যে মৃত্যু হৈছে।

***

ভূলোক-খলোক
ভ্ৰমি ফুৰা হাৱাই চেণ্ডেলযোৰৰ ফিছাখনে হাছিনা বানুৰ পানীয়ে খাই মৌ-বিচনীৰ দৰে খাজ
কটা ভৰিৰ পতাত চেটেপ চেটেপ শব্দেৰে কোবায়। চেকেণ্ডৰ নিয়মানুৱৰ্তী কাঁটাডালৰ দৰে
ছন্দোৱদ্ধ সেই পশ্চাদপসাৰী শব্দ জোঙা শিল একোটাই ভৰিত বিন্ধাৰ লগে লগে লোপ পায় আৰু
বেটেৰী ওকলা ঘড়ীটোৰ দৰে সি এক বে-তাল
, ধীৰ আৰু
ক্ৰমক্ষীয়মাণ আড়ষ্ট খোজত পৰিণত হয়। ঠিক তেতিয়াই গোৰোহা আৰু আঙুলিৰ ছাপে নীলকান্তমণি
সদৃশ জীৱাশ্মৰ চাপ পেলোৱা
, ক্ষয়াৎ ভূপৃষ্ঠ
সাবটা
, টাপলি মৰা তলিখনেৰে সৈতে চলি থকা
চেণ্ডেলযোৰ নতুনকৈ কিনিবলগীয়া হৈ থকা কথাটো মনত কৰি তাই মনে মনে
ইস আসকৰি
উঠে। আৰু শালচকুৱাটোত ভৰি পৰিলেই গোৰোহাৰ পৰা তালুলৈকে ঢপলিয়াই অহা বিষৰ এক তড়িৎ
সোঁতৰ ঝনঝননিত কোঙা হৈ পৰি তাই অবাইচ মাত মাতে। বাকী সময়খিনিত ঐহিক তাড়নাত
হাৱা-পানীকণ যোগাৰৰ বাবে তাঁত-বাতি কাঢ়ি
থাকোঁতে
, অৰ্থনৈতিক আৰু কূটনৈতিক বিনিয়মৰ যুগপৎ
সংকটে বজাৰত ধোঁৱা-কোৱা দেখুওৱা দিনবোৰত তাই চেণ্ডেলযোৰৰ কথা ইচ্ছা কৰিয়েই পাহৰি
থাকে। টুপটুপীয়া খোজেৰে সৰুফুটীয়া মানুহজনীয়ে ৰাতিপুৱাৰ অব্যস্ত
, জঞ্জালহীন
ৰাজপথটোও সম্ভ্ৰমেৰে পাৰ হয়। মাজৰাস্তাত
এক দুঃস্থ সপোনৰ দৰে চূৰ্ণীকৃত হৈ পৰি থকা আইনাৰ টুকুৰাবোৰ দেখি তাই ৰাতি ঘটি যোৱা
দুৰ্ঘটনাবোৰৰ কাৰণে হায় হায় কৰে। ইতিমধ্যে ৰাজপথৰ সিপাৰে একে কামকে বাৰম্বাৰ কৰি ভাগৰি পৰা মানুহৰ দৰে নিৰুৎসাহী
, খিংখিঙীয়া, হতধৈৰ্য
টেম্প
বোৰে হস্পিটাললৈ যোৱা উপপথটোত লাইনত লাগিবলৈ আৰম্ভ কৰে। হিৰৰ কায়দাত
গগণোন্মুখ হৈ জীৱনদায়িনী কোনো জড়ী-বুটিৰ লেখীয়াকৈ টেম্প
ৱালাকেইটাই মুখত পাণ-মচলাৰ
চক্‌মকীয়া পেকেটবোৰ নিৰ্ভাৰ কৰি জোপোহালৈ দলিয়াই আৰু মচলা চোবাই চোবাই লেতেৰা গামলা
একোটা হৈ পৰা মুখৰ পৰা এসোপা পিক ৰাস্তাৰ দাঁতিলৈ থুৰথুৰীয়াই সিহঁতে পিৎ পিৎ ভেঁপু
বজাই যাত্ৰীক টানি-আঁজুৰি হ
লেও গাড়ীত উঠাব খোজে। কাষলতি ফটা
ব্লাউজটো ঢাকিবলৈ হাছিনাই শাৰীৰ আঁচলটো কান্ধৰ ওপৰেৰে পাৰ কৰি লয়।

ফিৰিতে
লৈ যাবি নে মোক
?’ হাছিনাই সোঁত-মোচ খোৱা কাপোৰৰ দৰে
ৰেখাবহুল হৈ অহা মুখখনত হাঁহি ফুটাই লাইনৰ সম আগৰ টেম্পুখনৰ চালকৰ ছিটত বহি থকা
ব্ৰণৰ দাগেৰে মুখ ভৰি থকা ল
ৰাটোক সোধে। আৰু এই সময়খিনিৰে পৰা
প্ৰত্যাখ্যান আৰু প্ৰহসনৰ সোৱাদটো দিনভৰ পাগুলি থাকিবলৈ তাই সাজু হয়। তাইৰ কথা
শুনি ড্ৰাইভাৰজনে ভিতৰৰ কলপতীয়া ৰঙৰ জিলিকি থকা চোলাটো বাহিৰৰ পৰা দেখা পোৱাকৈ
জেকেটৰ চেইনডাল খুলি তাইৰ ফালে নোচোৱাকৈ ডিঙিৰ শৃংগোচ্চ ঘটিকাত এক হেন্দোলনি উঠাই
কয়, 
মোৰ গাড়ীত ছিট নাই বাই। পিছৰখনত আহ।

বিতৃষ্ণাত চকু
পকাই
, দাঁত কৰচি ভেকাহি মাৰি তাই ফোঁ‌হফোঁ‌হাই
উঠে-
দুদিন ৰ হাৰামজাদা। এমেলে ছাৰে গাড়ী এখন
দিম বুলি কৈছে। তাৰ পাছত
? হেহ, তাৰ
পাছত লেঠু দেখাই গুচি যাম। তহঁতৰ ফাপৰে ধৰা মুখত ধূলা উৰুৱাই এই ৰাস্তাৰেই পাৰ হৈ
যাম দেখা পাবি।
বস্তিত কিছু দিন আগত হোৱা মিটিঙত মাইকত
ভাহি অহা প্ৰতিশ্ৰুতিবোৰে হাছিনাৰ মনটোক সাগৰৰ ঢৌৱে উপকূলক বিধৌত কৰাৰ দৰে সময়ে
সময়ে খুন্দা মাৰে
মুহূৰ্তৰ বাবে
বিগলিত হৈ এক পুলকৰ আহ্বানক সঁহাৰি দি তাই সপোন দেখিবলৈ আৰম্ভ কৰে
অৱশ্যে সোনকালেই সেই পুলকৰ স্খলন ঘটে আৰু সপোনৰ মখমল
কোলাৰ পৰা চুঁচৰি নামি আহি হাছিনাই পদব্ৰজেই পিচ্ছ্ দিয়া উপপথটোৰে যাত্ৰা আৰম্ভ কৰে।
ৰঙা বেৰৰ শিৱ মন্দিৰ
, প্ৰস্ৰাৱৰ খাৰুৱা গোন্ধ ওলোৱা জাৰণি, দিনটোত
বলগীয়া মানসিক শ্ৰমৰ ভৰপায়ী কৰিবলৈ মৰ্ণিং ৱাকলৈ ওলোৱা
নাগৰিক
, ইলেকট্ৰিছিটীৰ ডেঞ্জাৰখুঁটাবোৰ, বাটৰ
কাষৰ ভুকিবলৈও এলাহ কৰা কুকুৰ
, কাতি হৈ পৰা
বেৰত বেটী পঢ়োৱাৰ শ্লোগান লিখা ছোৱালী হাইস্কুলখন
, মাছৰ
ভাৰখন কান্ধত ওলোমাই লৈ হুকুৰ হুকুৰকৈ ছন্দময় কিন্তু মন্থৰ গতিত দৌৰি থকা মাছ
বেপাৰীকেইটাক তাই ৰে
লগাড়ীয়ে পিছলৈ এৰা বৃক্ষৰ দৰে ঘচঘচাই পিছ
পেলাই যায়। তাইৰ ঘন ঘন খোজৰ লগে লগে এই উপকণ্ঠ অঞ্চলটোৰ দিনটোও পোহৰ হৈ আহি থাকে।
হাছিনাৰ মন্ত্ৰণাতহে যেন বেলিটো ডাঁহেচীয়াৰ পৰা পূৰঠ হৈ আহে। আধা মেলা চকুৰ দৰে
লোহাৰ ছাটাৰ খুলিবলৈ ধৰা দোকানীবোৰক হাছিনাই মুখৰ ভিতৰত এলেহুৱা বুলি গালি দিয়ে। অফিচঘৰৰ সন্মুখ পাই তাই এটা দীঘল
নিশ্বাসেৰে আধা ভাগৰ জিৰাই লয়। মীন পালনৰ লাভালাভ আৰু প্ৰণালীৰ বিষয়ে তালিকাভুক্ত
জ্ঞান বিনামূলীয়াকৈ বিলাই থকা বৃহৎ বেনাৰখন যিখন দেৱালত ওলমি আছে
, ত এটা
আদেশ অথবা বিপজ্জনক সম্ভাৱনাৰ ইটাৰঙী আখৰেৰে 
ইয়াত
পেচাব নকৰিব
বুলিও লিখা আছে আৰু গুটখাৰ পিকেৰে কোনো
অনাদৃত
, অপৈণত আৰ্টিষ্টে ডুখৰীয়া ছবি এখন আঁকিবলৈ
চেষ্টা কৰিছে
, সেই দেৱালখনৰ গাত লাগি থিয় হোৱা
চাহ-দোকানখনৰ ফালে তাই আগবাঢ়ে। দোকানৰ আগফালে উঠা ঘুঘুয়া ৰ
দত বহি
হাতে হাতে চাহ ভৰ্তি আইনাৰ গিলাচ লৈ জমি উঠা মজলিছটোৰ কাষেৰে তাই পাৰ হৈ যায়
– “এইবোৰ
চব অপ
জিশ্যনৰ চাল- নহয় নহয়, বই
নোৱাৰে
, যোৱা দছ বছৰে দেখিছোঁ আমি সমষ্টিত তেখেতৰ
মানৱদৰদী কাম আৰু আজি এই কেলেংকাৰী…।
” এনে
কথাবোৰেৰে তাইৰ পেট নভৰে। এখন কাণেৰে সুমুৱাই সিখন কাণেৰে তাই উলিয়াই দিয়ে। ঘন জিভাৰ
সঞ্চালনত ইতিমধ্যে তাইৰ মুখত তামোলৰ ঘনত্ব কমি আহে। চাহৰ ধোঁৱা আৰু গোন্ধ পাই
মুহূৰ্ততে তাইৰ অণ্ঠ-কণ্ঠ শুকাই যায়।

দোকানৰ
খাটা-বহীবোৰৰ ওপৰেৰে ধূপৰ কাঠী ঘূৰাই থকা সোণমণিৰ ফালে চাই হাছিনাই হাঁহে। তাইৰ
যদি নিজৰ এটা বাচ্চা থাকিল হয় সি সোণমণিৰ সমানেই হ
ল হয়সোণমণিৰ দৰেই নীলা, ভৰি
চিঁচা পেণ্ট আৰু কপাহী কাপোৰৰ চোলা পিন্ধি
, মুখত
চাবদাড়ি অকণ থুটিয়াই
, টিভিত ওলোৱা ধুনীয়া ডেকাকেইটাৰ দৰে
ওভোটাই চুলি আঁচুৰি সি খুটি-নাতি কিবা অকণ কৰি থাকিল হয়। হাঁহিমুখেৰেই তাক “ভালে আছনে বোপাই” বুলি সুধি
হাছিনাই পোনে পোনে পাকঘৰলৈ সোমাই যায়। সোণম
ণিৰ মুখত
তৎক্ষণাৎ ভাহি উঠা বিৰক্তিকৰ ভাবটো হাছিনাই ইচ্ছা কৰিয়েই নেদেখে। বহু দশক
জুৰি লুচি, ছিঙৰা, নিমকী
ভজা দুই নম্বৰী মিঠাতেলৰ চিকটি আৰু কেঁচা খৰিৰ ধোঁৱাই কৃষ্ণগহ্বৰ কৰি তোলা
পাকঘৰটোৰ বেৰত জমা হোৱা এলান্ধুৰ তৰপটো হাছিনাৰ ফটাকানি এসোঁতাৰে মছি দিওঁ যেন
লাগে। ছুৱেটাৰৰ হাত কোঁচাই তাই পাকঘৰত পানীত ভিজাই থোৱা পিৰিচ-পিয়লাবোৰ ধুবলৈ
আৰম্ভ কৰে। ওচৰতে পুৰি বনাবৰ কাৰণে ময়দা মাৰি থকা কাৰিকৰে হাতৰ সঞ্চালন অব্যাহত
ৰাখি হাছিনাৰ ফালে কেৰাহিকৈ চায়। হাছিনাই হাঁহি মাৰে আৰু কয় “কাৰিকৰ। কি চাইছ
? ছুৱেটাৰটোৰ
পাম গৈছে গম পাইছোঁ মই। আৰু নতুন এটা কিনি
ছোঁও। কিহৰ
কাৰণে কচোন। পিৎনিক। পিৎনিক
”, তাইৰ মাতটো
ফুচ্‌ফুচনি এটা হৈ পৰে
, “অফিচৰ মানুহবোৰে পিৎনিক পাতিছে। হাঁহিং
নে ক
ত যাব বোলে। ময়ো য়েছ কৈছোঁ বুজিছ। অহা
দেওবাৰে। ৰাতিপুৱাই বাছত উঠিম। ৰত্নেশ্বৰক কৈছোঁ গান ল
বলৈ।
বিহু নাচি‍ম গোটেই ৰাস্তাত। ফুল ফুলিছে বসন্তত
, তুমি…।”

হেই
বুঢ়ী। হ
ব দে তোৰ কথা শুনি থাকন্তে মোৰ ছিংৰা দৱে
গেল।” শুকান খৰি এমুঠা পকাত আফাল মাৰি পেলোৱা দি কাৰিকৰে বিৰক্তিত হাছিনাৰ কথাৰ
মাজতে তিৎকাৰী মাৰে আৰু ময়দাৰ মথন কাৰ্যক কিছু বিৰতি দি কেৰাহীত গৰম তেলত ভাজি থকা
ছিঙৰাকেইটা জালনাখনেৰে ওলট-পালট কৰি দিয়ে। ছিঙৰাকেইটাৰ ৰঙচুৱা ফালটোৰ দৰে
হাছিনাৰ মুখখনো ৰঙা পৰি আহে। ওপৰৰ ওঁঠটোক চোওঁ-নোচোওঁ কৰি থকা মাহটোৰ পৰা ওলাই থকা
চুলি দুডাল আৰু গোলাকাৰ পিতলত ফুলৰ খাজ কটা নাকফুলিটোও কঁপি উঠে।

কেতিয়াবা
পিৎনিক খাব গৈ পালেহে।
হাছিনাই মুখ বিকটাই কাৰিকৰৰ ফালে চাই
ভেঙুচালি কৰে
, “মেকা হোৱা ছিংৰাৰ গোন্ধ লওঁতেই তোৰ জীৱন
পাৰ হ
ব। হুহ

বাচনকেইটা ধুই
শাৰীৰ আঁচলত হাত মচি‍ তাই সোণমণিৰ ওচৰত থিয় হৈ কয়, 
দে মইনা, চাহ
একাপ দে

আহিলিয়েইনে
ৰাতিপুৱাতেই
? উপায় নোহোৱা হৈছে ইহঁতৰ বাবে।” বুলি কৈ
সি একাপ গাখীৰ চাহ আৰু এটা ছিঙৰা হাছিনাক যাচে‍।

মইনা
বাচন ধুই দিছোঁ দে মই
সেই গজমূৰাকেইটাৰ দৰে ফিৰিতে খাবলৈ অহা নাই।” বাহিৰৰ
মজলিছটোৰ ফালে ইংগিত দি তাই মুখখন জোঙা কৰি তললৈ হাওলাই আনি মাতটো যিমান পাৰে চেপি
চেপি কয়, 
দিম ৰ। সদায় পইচা দিম এতিয়া। এমেলে ছাৰে
কৈছে তেওঁ মন্ত্ৰীক লিখি দিব। মোৰ চাকৰিটো পাৰমানেন হ
ব।
সিদিনা ইলেকছনৰ ৰেলীত গৈ
ছোঁ বুজিছ। হাতত
পতাকা লৈ খোজকাঢ়ি গুৱাহাটীখন গোটেই ঘূৰিছোঁ। এইবাৰ চাকৰি নিৰ্ঘাত।

দে দে
বাই হ
ব দে। যোৱা ইলেকছনতো তোৰ চাকৰি খাটাং
আছিল। তোৰ পইচাক আশা কৰি থাকিলে দোকানত তলা লাগিব।
” সোণমণিয়ে মুখ
ঘূৰায়। সোৰোৎ সোৰোৎকৈ চাহকাপ খাই হাছিনাই গেইটখন পাৰ হৈ অফিচৰ চৌহদত সোমায়। হ
ব হ, চব হব – তাই
মুখৰ ভিতৰতে বিৰবিৰাই কৈ থাকে। মাজে মাজে তাই হাতেৰে ব্লাউজৰ ভিতৰত খেপিয়াই চায়।
মন্ত্ৰীক দিবলৈ মেনেজাৰৰ চহী থকা হাতে লিখা চাকৰিৰ দৰ্খাস্তখন বিচাৰি পালে তাই অলপ
সকাহ পায়
হালধীয়া হৈ পৰা ভাঁজকেইটাৰে সৰু চাৰিচুকীয়া কাগজখন তাইৰ ব্লাউজৰ ভিতৰৰ শুকান
অসমান ঠাইখিনিত ভৰসা এটা হৈ থা
কি যায়। সপোনৰ সেই পৃথিৱীখনে তাইৰ চকুত
এক জাল বান্ধে

স্বপ্নলোকাধিবাসী এক দুৰাশাই তাইৰ বাস্তৱৰ চকুযুৰি কাঢ়ে
 

অফিচ ঘৰৰ গাখীৰৰ
দৰে বগা টাইল্‌ছবোৰ হাছিনাই চক্‌চকীয়াকৈ পৰিষ্কাৰ কৰে। লাহে লাহে নিজম অফিচটো চেণ্টাৰ
ধৰিবলৈ পকাই থকা ৰেডিঅ
টোৰ দৰে হিবিজিবি শব্দৰে ভৰি পৰে।
অফিচলৈ অহা মানুহবোৰে টাইল্‌ছত নিজৰ প্ৰতিফলন দেখে
,
চুলি হেন ক
লা, আগজোঙা
জোতাৰে টকটকাই খোজ কাঢ়িবলৈ ভাল পায় আৰু প্ৰশংসচিত্তে চৰকাৰক ধন্যবাদ জনা
 অফিচৰ আগেৰে পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজক
সম্বোধন কৰি উচ্চস্বৰত ঘোষণা কৰি থকা গাড়ী এখন পাৰ হৈ যায়। সেইফালে কাণ উনাই থাকি
অফিচৰ কেণ্টিন খোল খোৱাৰ আগৰ ভাগৰ চাহখোলাৰ বাবে মেনেজাৰ
, বৰবাবু, অভাৰছিয়াৰসকললৈ
হাতত ধোঁৱাই থকা চাহৰ কাপ আৰু নিমকি লৈ অহি থকা চকীদাৰ পৰমেশ্বৰক দেখি হাছিনাই
সোধে, 
পৰমে, বাচন
বৰ্তনবোৰ যোগাৰ হ
লনে?” কাহানিও
নপঢ়া প্ৰশ্ন এটা মৌখিক পৰীক্ষাত সুধিলে ছাতৰ হতভম্ব হোৱাদি পৰমেশ্বৰ কৰিডৰৰ মাজতে
ৰৈ যায়। তাৰ চকু দেখিলে লাগে হিন্দী ছিৰিয়েল হোৱা হ
লে ইমান
সময় তাৰ হাতৰ পৰা চাহৰ কাপ সৰি পৰি মজিয়াত বাদামী বানপানী হ
লহেঁতেন।
পৰমেশ্বৰে চকু দুটা গোলকৈ এপাক ঘূৰাই শেহত ঘোপা কৰি তাইক কয়, “তয়ো যাবি নেকি পিকনিক
? তিনিশ
কৈ টকা দিব লাগে। পাৰিবি দিব
?”

লগে লগে হাছিনাৰ
কোমল মুখখন শুকান তামোল এটাৰ দৰে হৈ পৰে
সময়ৰ লোৰ বৈ থকা তাইৰ মুখৰ আঁচবোৰ অধিক প্ৰকট
হৈ পৰে। চকুৰ কোণত কাউৰীৰ খোজবোৰ৷ খোজবোৰ সংকীৰ্ণ
, সানমিহলি
হৈ পৰে আৰু অগ্নিগৰ্ভা জ্বালামুখীৰ দৰে তাই বিষ্ফোৰিত হয়। “মই কি তিনিশ টকা দিব
নোৱা
ৰোঁ? মগনীয়া ভাবিছ মোক?” পৰমেশ্বৰৰ
আগত এটা ক্ষীণ তৰ্জনী আঙুলি দাং খায়।
এমেলে ছাৰে
পাৰমানেন হ
ব বুলি কোৱাতহে মই কাম কৰি আছোঁ ইমান দিন।
নহ
লে…।” তেতিয়ালৈকে
পৰমেশ্বৰে গৈ অফিচৰ অন্তেষপুৰ পায়। কিন্তু হাছিনাৰ কথাই ইথাৰত তোলা প্ৰচণ্ড ঝংকাৰৰ
অন্ত নপৰে। “নাযাওঁ যা পিৎনিক। তাতকৈ তিনিশ টকাৰে মুৰ্গীৰ মাংস কিনি দকচি‍ খাম।”

হাছিনাৰ ৰোষত
পৰাৰ ভয়ত সকলোৱে তাইক আঁতৰি পাৰ হৈ যায়।

সকলোৰে
অমনোযোগিতাৰ সুযোগ লৈ ডিচেম্বৰৰ কোমল বতাহজাকত কিবা এটা অদ্ভুত গোন্ধ যেন
মিহলি হৈ পৰে। তপত উশাহ এটা ক
ৰবাৰ
পৰা ভাহি আহি মানুহবোৰক চোওঁ চোওঁ কৰে।

 

লাঞ্চ ব্ৰেক
হোৱাৰ লগে লগে অফিচৰ ভোকাতুৰ পেটবোৰ কেণ্টি‍নৰ ৰঙা প্লাষ্টিকৰ ছুপ্ৰিম চকীবোৰত
সমস্ত ভাগৰ আৰু ভোকৰ ভৰ দি অলসভাৱে বহি পৰে।
চাহ আৰু
পৰঠা
”, “এক প্লেট চাউমিন”, “তৰকাৰী
অলপ দি যা
”, “চিকেন পকোৰা-চাহ– পেটবোৰে উৰ্ধ্বশ্বাস হৈ চিঞৰে। কেণ্টি‍নৰ চৌকাত আজিনামট আৰু কমদামী
তেল দিয়া আঞ্জা ভকভকাই উতলি থকা পাকঘৰৰ লগতে সংলগ্ন চাৰিযোৰা চকী-মেজৰ অপৰিপাটী
সেই বহাকোঠা য
ত অফিচৰ লুকাই ৰাখিবলগীয়া কথাবোৰ বিবসনা
হৈ নিৰ্লজ্জভাৱে‍ ঘূৰি ফুৰে
, তাতেই মাজে মাজে
শুনা যায় ঠাণ্ডাৰ চোকটো বছৰেপতি কমি যোৱাৰ অভিযোগ
, নতুন
বছৰৰ অন্তহীন পৰিকল্পনা
, বৰদিনৰ দিনা
ৰিলিজ হ
বলগীয়া মছলাদাৰ এখন ছবিৰ সম্ভাৱ্য প্লট
আৰু সকলো সলনি হ
লেও কেণ্টি‍নৰ খাদ্যৰ মান উন্নত নোহোৱাৰ
এক বিৰক্তিজৰ্জৰ সম্ভাৱনা। আধাআধি খোৱা হোৱাৰ আণ্ডাজ কৰি হাছিনাই অন্যমনস্ক ভাবত
দেশ-দুনীয়াৰ সমস্ত সমস্যাৰ বিষয়ে মগজুত চলা গভীৰ আলোচনাৰ বহিৰ্প্ৰকাশ ঘটাই কে
ণ্টিনৰ
পাকঘৰত সোমায়
বাচন ধোৱা ঘৰত উচ্ছিষ্টৰে‍ ভৰা
প্লে
, বাটি, কাঁহী
দ’ম খায়। বাচন ধুই ধুই হেমৱতীৰ সেই ঠাণ্ডা বতৰতো কপালত বিন্দু বিন্দু ঘাম বিৰিঙে।
ওচৰতে পৰি থকা পলিথিন এটা লৈ চাবোন পানীত এজেবা মাৰি হাছিনাই এখন-দুখনকৈ বাচন
ধুবলৈ আৰম্ভ কৰে। এদ’ম বাচন চক্‌চকীয়াকৈ ধুই থৈ দিয়াৰ পাছত লাহে লাহে তাইৰ
কঁকালত অথালি-পথালিকৈ এটা বিষে উক দিয়ে।
দুই আঁঠুত হাতেৰে ভৰ দি তাই লাহে লাহে উঠে। একালত তেজ ফুটোঁ ফুটোঁকৈ থকা গোলাপবোৰ মৰহি
শেঁতা পাপৰিবোৰহে বাকী ৰোৱা
, উঁৱলি যোৱা ৰঙা শাৰীখনৰ আঁ‌চলেৰে
তাই হাত দুখন কচালি কচালি মচে‍। কেণ্টি‍নৰ বাচন ধুই গিৰীয়েকৰ মদৰ খৰচ উলিওৱা হেমৱতীয়ে কাঁচৰ
গিলাচবোৰত চাবোন ঘঁ‌হি ঘঁ‌হি তাইলৈ নোচোৱাকৈ সোধে, “হাছিনা দিদি কেইছা খবৰ
?”

হাছিনাই তৰতৰি
ধৰি থকা ভৰি দুখনৰ আঙুলিকেইটা ইফাল-সিফাল কৰি কৰি হাঁহি মাৰি কয় “ভালেই দে বাই।
পিৎনিকত যাম গম পাইছনে নাই
? হাহিং হাহিং।
হাহিঙত যাম।
তাই মুখখন হেমৱতীৰ ওচৰলৈ নি নকবলগীয়া
কথা এটা কোৱাৰ দৰে কয় “বুজিছ। কালি এটা ছুৱেটাৰ কিনি
ছোঁ। পাঁচশ
টকা লৈছে। ফেৰীৱালা এটা আহিছিল। ইমান ধুনীয়া ৰঙা লেছ লগোৱা ছুৱেটাৰটো
, দেখিয়ে
মন খালে। বহু টাইম দাম-দৰ কৰি লাষ্টত পাঁচশত দিছে। পিৎনিকৰ দিনাহে পিন্ধিম।
ট্ৰাংকতে সুমুৱাই থৈ দি
ছোঁ

তাইৰ ফালে চাই
হেমৱতীয়ে কাঠ হাঁহি মাৰে। হয়তো নিজৰ উঁৱলি যোৱা কেইবাবছৰ পুৰণি ছুৱেটাৰটো তাইৰ মনত
ভাহে। অথবা হাছিনাৰ কথাবোৰ ফোপজহী বুলি
সান্ত্বনা
লভে। হেমৰ প্ৰতিক্ৰিয়ালৈ হাছিনা ৰৈ নাথাকে। ভোকৰ নাঙঠ কৰি দিব পৰা শক্তিটোৰ ওচৰত
হাৰ মানি তাই খালী প্লে
ট এখন কেণ্টিনৰ বিলনীয়াজনৰ ওচৰত পাতে আৰু কেণ্টিনৰ আওচেৰীয়া
কোণ এটাত বহি নিজৰ ভাগৰ ভাতসাঁজৰ গৰাহ মুখত ভৰায়।

 

ভাতৰ সাঁজ
দেখিলেই হাছিনাৰ নিজৰ বুঢ়াটোলৈ মনত পৰে। বস্তিৰ সকলো মানুহৰ দৰেই ভালকৈ খোৱা-বোৱা
কৰাৰ বৰ হাবিয়াস আছিল ইছমাইলৰ। বিয়াৰ পাছত যেতিয়া টিনৰ বেৰ দিয়া ঘৰটোৰ গোবৰ-মাটিৰে
লিপা মজিয়াত লেপেটা কাঢ়ি বহিছিল আৰু শুকান জলকীয়া আৰু কেঁচা বিলাহীৰ লগত নিমখ-ভাতকেইটাৰে পেট ভৰাইছিল
, তেতিয়া পৰম গুপুত কথা এটা কোৱাৰ দৰে
এসাঁজ দকচি‍ খোৱাৰ ইচ্ছা বেকত কৰিছিল। মাছ-মাংসৰ লগত ওলকবিৰ ডাঙৰ ডাঙৰ টুকুৰাৰ
তৰকাৰী আৰু নহৰু দিয়া গোটা ডাইলেৰে এসাঁজ ভাতৰ কথা মনত পেলাই তাৰ মুখ মেল খাই গৈছিল
, চকুৰ
মণি বহল হৈ গৈছিল। ওফন্দি অহা ব্ৰহ্মপুত্ৰৰ বানপানীকো হাতৰ মুঠিত মোকোটাই ধৰিব পৰা
, দুইফালে
বেণী গোঁঠা হাছিনাই প্ৰথম প্ৰথম সিহঁতৰ বহাৰ ভিতৰৰ ঘাম আৰু ভিজা কাপোৰৰ ক্লেদাক্ত
গোন্ধটোৰ লগত সহবাহ কৰিব পৰা নাছিল
বহাটোৰ ভিতৰৰ উৎকট গৰমত সিহঁতৰ কানি-কাপোৰত ঘাম
লাগি ক
লা হৈছিল। ৰেলৰ দলঙৰ তলতে পতা বহাটোৰ
চালৰ ওপৰেৰে মথাউৰি ভঙাৰ শব্দ কৰি ৰে
লগাড়ী একোখন পাৰ
হৈ গ
লেই তাই গিৰীয়েকৰ ঘামত তুলবুল দেহটো
সাবটি ধৰিছিল। কিন্তু লাহে লাহে সকলো সহজ হৈ আহিছিল। সিহঁতৰ বস্তিৰ শাৰী পাতি
বন্ধা ঘৰবোৰৰ ফালে মুখ কৰি হাইৱে
ৰ পৰা
প্ৰস্ৰাৱৰ ধাৰা এৰি দিয়া পুৰুষাংগবোৰ
, ইফালে-সিফালে
ঘূৰি থকা ঘৰ নোহোৱা
, কাপোৰ নোহোৱা, লাজ
নোহোৱা মানুহবোৰ
, কাহানিও ভোক মাৰ নোযোৱা পেটকেইটা আৰু
আনকি জিন্দা সন্তান জন্ম দিব নোৱৰা তাইৰ কোলাখনকো তাই সহজভাৱেই লৈছিল। বুঢ়াৰ
শ্বাস-কফৰ বেমাৰ হওঁ‌তে তাই যেতিয়া বুঢ়াৰ চাকৰিটোত সোমাইছিল আৰু মানুহৰ গূ-মূত চাফা
কৰিবলগীয়া হৈছিল তেতিয়াও তাই কপাল চপৰিয়াই কন্দা নাছিল
মানুহৰ অদৰকাৰী, মন বেয়া
কথাবোৰক তাই দেমাকী দেখাই উৰুৱাই দিবলৈ শিকিছিল। ফো-ফোৱাই খুঁ‌টিবলৈ অহা সাপবোৰ
তাইৰ দেমাকী দেখি কেঁচুৰ দৰে লেউ-সেউ হৈ পৰিছিল। তাইৰ গাৰ ছালছটা লাহে লাহে ডাঠ হৈ
আহিছিল। একোৱেই আৰু তাইক বিন্ধিব নোৱৰা হৈ আহিছিল। বুঢ়াই তাইক এৰি বেহেস্তলৈ যাবৰ
সময়ত কিন্তু তাই ইনাই-বিনাই কান্দিছিল। ট্ৰেইনৰ ধহমহাই যোৱা জোকাৰণিটোৱে ৰাতি ৰাতি
তাইৰ বুকুৰ ভিতৰখন বৰতোলাৰ মথাউৰিটোৰ দৰে ঢহাই নিছিল। আৰু সেই খহি যোৱা অংশেৰে
ৰাতিৰ আন্ধাৰবোৰ তাইলৈ সোমাই আহিছিল। গৰম দিনবোৰতো এক শীতৰ অনুভূতিয়ে তাইৰ দাঁতত
কটকটনি তুলিছিল
, গাৰ
নোমবোৰ থিয় কৰাই ছলছটা পাৰৰ ছালৰ দৰে বুৰবুৰীয়া কৰি তুলিছিল
লাহে লাহে তাই সেই
আন্ধাৰক বেদানাৰ গুটিবোৰৰ দৰে থুৰথুৰিয়াই দি শাহখিনিৰ ৰস চুপি খাবলৈ শিকিলে। মনৰ
মজিয়াৰ আন্ধাৰৰ লগত যুঁজিবলৈ তাই নিজেই পোহৰৰ হাতলেম্প এটা হ
বলৈ
বিচাৰিলে। সেই শীতৰ ভাবটোক জাৰি-জোকাৰি আঁতৰাই পেলাবলৈ শিকিলে
মনত আহি থেকা খোৱা কথাবোৰ তাই জোৰ কৰি বান্ধি নোথোৱা
ল। তাই খিলখিলাই হাঁহি উঠা হল। নথকা বস্তুবোৰৰ কথা লেনিয়াই আৰু থকা
বস্তুবোৰৰ কথা বাহাদুৰি মাৰি কোৱা হ
বস্তিত ফাংছন
পাতিলে হাছিনাৰ হাতৰ চাফাই লগা হ
, অফিচৰ
মিটিঙত হাছিনাই খোৱা-চাফা নকৰিলে নচলা হ
ল। মানুহে কি
তাইক উচ্ছিষ্ট পেলোৱা বান্দী বুলিয়েই গণ্য কৰি থাকিব
? গূ-মূতৰ
গোন্ধ হাতত লৈয়েই কি তায়ো মাটিৰ তলত শুব লাগিব
? নাই
আন্ধাৰৰ হাতত ইমান সহজে ধৰা দিব নোৱাৰি। বহিৰ্মুখী জগতখনৰ সৈতে ৰজিতা খুৱাই তায়ো
বহিৰ্মুখী হ
ল। অফিচত বছৰেকীয়া অনুষ্ঠান পাতিলে তাই
জোৰকৈ কৈ-মেলি হ
লেও বিহু একোটা নাচিবলৈ মঞ্চত উঠি যোৱা হল।
বস্তিৰ খদমদমীয়া চাৰিআলিটোত পূজা-ঈদ যিয়েই নহওক তাইৰ বিহুনাচে কমিক ৰিলিফৰ কাম
কৰিবলৈ ধৰিলে। ইলেকশ্যনৰ ৰেলীত সংখ্যালঘু ভোটাৰৰ সমৰ্থন দেখুৱাই উলিওৱা মহিলা শাখাৰ
ৰেলীত চাকৰি এটাৰ আশা পালি থকা হাছিনাই পাৰ্টীৰ পতাকা উৰুৱাই
, বিহু
নাচি নাচি ৰেলী আগবঢ়াই লৈ গ
ল। শাৰীৰ তলৰ পৰা নখটো উলিয়াবলৈ
লাজ কৰা হাছিনাক সকলোৱে জালুকবাৰীৰ ৰাখী চাৱন্ত বুলি মাতিবলৈ ধৰিলে। ৰেলৰ ধহমহোৱা
সেই চলন্ত হাহাকাৰ তাইৰ গাৰ কাষেৰেই গমগমাই পাৰ হৈ গ
ল। অথচ
একালত যি হাহাকাৰে তাইৰ সত্তাক উঁয়ে খোৱা দালানৰ দৰে খহাই পেলাইছিল এতিয়া সেই ৰৱ
শুনি তাই টোপনিৰ পৰাও সাৰ নোপোৱা হ
ল। একালৰ
শীতৰ ভাবটো এতিয়া সহজতে ধুই পেলাব পৰা কাপোৰত লগা দাগ এটাৰ দৰে পৰিহাৰ্য যেন বোধ হ

 

কেণ্টিনৰ আন্ধাৰ
কোণটোত বহি তাই ৰেলীত গান গাই
, নাচি পোৱা টকাকেইটাৰে
কিনা ৰঙা লেছ লগোৱা ছুৱেটাৰটোৰ কথা ভাবি আপোন পাহৰা হৈ গৈছিল। পিৎনিকলৈ যাওঁতে কোন
সময়ত ছুৱেটাৰটো পিন্ধি থাকিব
, কেতিয়া ছুৱেটাৰটো খুলি ৰাখিব সেয়া ভাবোঁতে তাইৰ হাতত
ডাইলে কৰাল বান্ধিছিল। তেতিয়াই উধাতু খাই দৌৰি অহা মাত এটা কে
ণ্টিনত
সোমাল আৰু তাৰ পিছে পিছে কুকুৰ লৰ দি সোমাই আহিল চকীদাৰ সিন্ধুৰাম।

জুই
লাগিছে। জুই লাগিছে। হাইৱে
ত জুই লাগিছে। বাপৰে। জুইৰ তাপে বিৰিজখনকো কলা কৰি
পেলাইছে। ঘৰবোৰ সব পোৰা গৈছে।

কেইবাটাও
উদ্বেগী মাত একেস্বৰে উধাতু খাই সিন্ধুৰামক আগচি ধৰিলে, 
কি কৈছ বে!” “কোনখিনিত
কচোন। কেনেকৈ লাগিল
? কোনখিনিত লাগিল?”

কথাবোৰ শুনি জুই
একুৰা হাছিনাৰ গায়ে-মূৰেও লাগিব ধৰিলে। তাইৰ ডিঙি শুকাই কৰকৰীয়া লাগিল। কোনখিনিত
জুই লাগিছে তাই শুধিব খুজিও মাতটো উলিয়াবলৈ কোনোমতে হাঁ
ফাঁৰ পৰা
এছাটি বতাহ গোটাই আনিব নোৱাৰিলে।

সিন্ধুৰামে
ইফালে-সিফালে অস্থিৰভাৱে পায়চাৰি আৰম্ভ কৰিবলৈ ল
লে

“আমিবোৰ মানুহ
নে জানোৱাৰ বে
? আমাৰ মৰণৰো জাত নাই চাল্লা”,
সিন্ধুৰামে হেঁফাবলৈ ধৰিলে
কঁকালৰ
পৰা খহি পৰিবলৈ ধৰা পে
ণ্টটো সি এখন
হাতেৰে ধৰি থাকিল
তেতিয়াও
স্বাভাৱিক হৈ নপৰা উশাহটোৰেই সি কৈ থাকিল “কোনোবাই বোলে ৰাতি পোষ্টাৰ ফালি পেলাইছে
ইলেকশ্যনৰ ডাঙৰ বেনাৰখন ভাঙি পেলাইছে আৰু বস্তিৰ মানুহে ফালি পেলোৱা বুলি চোভা কৰি সিহঁতে
বস্তি জ্বলাই দিছে চুৱাচেলেকাহঁত
গম
পাইছ
? তিনি-চাৰি গাড়ী মানুহ লৈ আহি সিহঁতে
এফালৰ পৰা…।” তেনেতে হাছিনাক তাতে দেখি চঁক খাই সিন্ধুৰাম থমকিল। তাৰ পাছত
হঠাৎ বিকাৰে পোৱা মানুহৰ দৰে দৌৰি আহি হাছিনাৰ দুই কান্ধত আহি খামোচ মাৰি ধৰিলে।

তই ইয়াত
কি কৰিছ হাছিনা বাই
? তই গম পাইছনে নাই? মেইন
ৰাস্তাৰ ওচৰত জুই লাগিছে। বিৰিজৰ তলত। তহঁ‌তৰ বস্তিত। সিদিনা ইমানখন মেহনতী কৰি
নাচি-বাগি পাগলী হোৱা নাছিলি
? খাগৈ এতিয়া এতিয়ালৈ চাগে চব ছাই হৈ গল। তই
যা। এতিয়াই যা

 

***

দৌৰি দৌৰি আহি
অভাৰব্ৰীজৰ তল পোৱালৈকে হাছিনাই উশাহ ঘূৰাই আনিব নোৱৰা হৈ গ
ল।
বাটতে উজুটি খাই তাইৰ এপাট চেণ্ডেল ছিগি যোৱাত শুদা ভৰিৰেই দৌৰি আহিছিল তাই।
চুলিবোৰো অবিন্যস্ত হৈ পৰিছিল। তাইৰ ব্লাউজৰ বকলেছ এটা খুলি চাৰিচুকীয়া কাগজখন
কোনোবাখিনিত পৰি ৰৈছিল। ধূলিয়ৰি গালেৰে চকুপানীৰ ধাৰ ক
লা সুঁতি এটা
হৈ বৈ গৈছিল। বস্তিৰ ওচৰ পায়েই তাই বজ্ৰপাতে মাৰি থৈ যোৱা গছ এজোপাৰ দৰে নিশ্চল
, নিৰ্জীৱ  হৈ পৰিল। তাইৰ চকু-মুখৰ পানী শুকাই নিয়াকৈ সিহঁ‌তৰ
বস্তিটোক সামৰি একুৰা বৃহৎ জুই জ্বলি আছিল। এক জ্বলন্ত অঙঠাৰ দৰে জ্বলি থকা
বস্তিটোৰ মানুহবোৰে হাইৱে
ত থিয় হৈ বিমঙল আটাহ পাৰিবলৈ ধৰিছিল। কোনো কোনোৱে হাতত
দুই-এক লাম-লাকটু লৈ কেঁচুৱাবোৰক সাবটি ধৰি অবিশ্বাসৰ দৃষ্টিৰে জুইকুৰাৰ ফালে চাই
আছিল। আন কোনোৱে মাটিত বহি চুলিবোৰ আকুহি-বাকুহি সৰ্বস্ব হেৰুওৱাৰ দুখত চিৎকাৰ
কৰিছিল। মতা মানুহবোৰৰ কোনো কোনোৱে জুইকুৰাৰ কিছু ওচৰলৈ গৈ পানী মাৰিবলৈ চেষ্টা
কৰিছিল। কিন্তু জুইৰ ওচৰ পোৱালৈ সেই পানী ভাপ হৈ উৰিছিল। আৰু তাৰ লগে লগে ভাপ হৈ
উৰিছিল সিহঁ‌তৰ সপোন
, সঞ্চয়, ভৱিষ্যৎ আৰু দুই-এক ওকণিৰ দৰে
জীৱন।

হাছিনাই আৰু
দুখোজ আগুৱাই গ
ল। সৌটো তাইৰ ঘৰ। মট-মটকৈ জ্বলি থকা
বাঁহ-তৰ্জাৰ সেই জুইৰ মোনাখনেই তাইৰ ঘৰ, য
ত তাই
বাইছটা বছৰৰ অলেখ দিন ৰাতি পাৰ কৰিছে। আকাশ ঢাকি পেলোৱা ধোঁৱাৰ লগত উৰি অহা
কুকুহাবোৰ তাইৰ ঘৰটোৰ হাড়-তেজ আৰু মঙহ
,
এতিয়াও বুঢ়াৰ খোজৰ চিন আছে
, তাইৰ তিনিবাৰকৈ
নষ্ট হোৱা পেটৰ নজন্মা কেঁচুৱাকেইটাৰ তেজ আছে। জ্বলি গ
ল নেকি? চব
জ্বলি গ
ল নেকি? আৰু কি
ল আৰু কি গ? ছুৱেটাৰটো! ৰঙা লেছ লগোৱা নতুন ছুৱেটাৰটো। ফেৰীৱালাৰ লগত কাজিয়া কৰি কৰি কিনা ছুৱেটাৰটো! বিমৰিষ আৰু উলাহ নোহোৱা তাইৰ মনৰ
এলান্ধু লগা কোণ এটা জাৰি-জোকাৰি জিকমিক পোহৰেৰে উজলোৱা সেই ৰঙা চাৰিচুকীয়া কাপোৰৰ
টুকুৰাটো। জ্বলি গ
ল নেকি? ছাই হৈ
ল নেকি?

সেই জিঘাংসু
জুইকুৰাৰ ওচৰত থাকিও তাইক এক অসম্ভৱ শীতৰ অনুভৱে আগচি‍ ধৰিলে
তীৰকঁপে উঠা এক কঁপনিয়ে তাইৰ দেহাটো মৃগী বেমাৰীৰ দৰে জোকাৰিবলৈ ধৰিলে নাই নাই নাই
হোৱা কিজানি! জুইকুৰা বিছনাৰ তল পৌছিব পৰা নাই কিজানি। টিনৰ বাকচটোৰ ঢাকনিখন তাই
নিকপ্‌কপীয়াকৈ মাৰি থৈ আহিছিল। জুইকুৰাই সেই বাকচটো আগচি‍ব পৰা নাই কিজানি
! সাউতকৈ
দৌৰ মাৰি গৈ লৈ আহিলে কেনে হয়
? কেৱল ছুৱেটাৰটো।
বাকী একোৱেই লাগিলে তাই লগত নানে। বেৰত লগাই থোৱা সিহঁতৰ বিয়াৰ ক
লা-বগা
ফটোখন
, জেঠি খেদিবলৈ থৈ দিয়া মৰাৰ পাখিকেইটা, ষ্টীলৰ
বাচনৰ লগত সালসলনি কৰিবলৈ স্নোকৰ টেমাত জমা কৰি থৈ দিয়া সৰি পৰা চুলি একোৱেই তাই
আনিবলৈ নাযায়। মাত্ৰ ছুৱেটাৰটো। ৰঙা ছুৱেটাৰটো তাইক লাগে। তাইৰ বুকুত জ্বলি থকা হাতলেম্পটো জ্বলাই
ৰাখিবৰ বাবে তাইক ৰঙা ছুৱেটাৰটো লাগে। তাই
হাঁহি-মাতি জীয়াই থাকিবলৈ তাইক ছুৱেটাৰটো লাগে।

সকলো মানুহ উধাই-মুধাই দৌৰাদৌৰি কৰি আছিল। বস্তিৰ
জুইকুৰাৰ পৰা অহা গৰম বতাহজাকে সকলোৰে গাৰ ছালবোৰ ডেৱাই পেলাইছিল। জুই নুমুওৱা গাড়ী
তেতিয়াও আহি পোৱা নাছিল। তাই চাৰিওফালে চালে। সকলোৱে জুই হৈ জ্বলি থকা সিহঁতৰ
ভাগ্যক দোষ দি বিৱশ
, অসহায় হৈ ওপৰলৈ চাই দোৱা কৰি কৰি কান্দিবলৈ‍ ধৰিছিল। হাছিনা সেই সুযোগতে তাইৰ চালিখনৰ ফালে কুকুৰ লৰ দিলে।

যেতিয়ালৈকে
মানুহবোৰে ঘটনাৰ তত ধৰিব পাৰিছিল তেতিয়ালৈকে হাছিনাই জুইৰ মাজে মাজে গৈ তাইৰ
বহাটোৰ ভিতৰ পালেগৈ। চুলিবোৰ পুৰি অহাৰ গোন্ধটোত তাই গম পালে যে জুইকুৰা তাইক
খাবলৈ আগবাঢ়ি আহিছে। শাৰীৰ আঁচলটোত লগা জুইকুৰাই ভৌ ভৌকৈ তাইৰ ঘৰ্মাক্ত দেহটো মাঘ
বিহুৰ খেৰৰ মেজিটোৰ দৰে আগচিবলৈ বিচাৰি আছিল। অথচ সেই মাৰক জুইকুৰাৰ তাপ যেন তাইৰ
শৰীৰত লগাই নাছিল। কেৱল এক মিহি
মিহি উমাল ভাবে তাইক আলফুলকৈ সাবটি ধৰিছিল
জ্বলন্ত
অগ্নিপিণ্ডৰ দৰে হৈ পৰা জুপুৰীটোৰ মজিয়াখনত বাগৰি পৰাৰ সময়তো অস্থিৰভাৱে তাইৰ চকু
দুটাই কিবা এটা বিচাৰি থাকিল। এটা টিনৰ ট্ৰাংক। হয় হয়। জুয়ে মোকোটাই এফালে ভাঙি পেলোৱা
চাংখনৰ তলত অক্ষত অৱস্থাত থকা ট্ৰাংকটো দেখা পাই তাইৰ মনত এটা শান্তিৰ ঢৌ উঠিল।
চকু দুটা মুদি তাই ৰঙা লেছ থকা ছুৱেটাৰটোৰ উমটো বুকুত সাবটি লোৱাৰ চেষ্টা কৰিলে।
লাহে লাহে তাইৰ গাটো গৰম হৈ আহিবলৈ‍ ধৰিলে। হালধীয়া জুইকুৰাই তাইৰ চিন্থেটিক শাৰীৰে
মেৰিওৱা শৰীৰটো পুৰণা প্ৰেমিকৰ দৰে আঁকোৱালি ল
লে। জুই
নুমুওৱা গাড়ীখন আহি পাবলৈ তেতিয়াও কিছু সময় বাকী আছিল।

***

পৌৰ নিগমৰ মানুহ
আহি জ্বলি ছাই হোৱা ঘৰবোৰৰ অৱশিষ্ট লোহা-লক্কৰবোৰ থান
থিত
লগাই আছে। হাছিনাৰ আত্মাটো তাইৰ নিশ্চিহ্ন হৈ পৰা ঘৰটোৰ ওচৰতেই বতাহত ওলমি থকা
অদৃশ্য
, বিকল ঘড়ী এটাৰ দৰে জড় হৈ ওপঙি ফুৰিছে। বতাহত
পমি যাবলৈ আৰম্ভ হোৱা আত্মাটোৰ গহনৰ পৰা ইতিমধ্যে স্মৃতিৰ ডুখৰা-ডুখৰি টুকুৰাবোৰ
লোপ পাইছে। বিউটী
, ববীহঁতৰ লৰা-ছোৱালীকেইটাই
সেই ধ্বংসৰ মাজতো দুই-এটা জৰুৰী লামলাকটুৰ সন্ধান কৰিছে। মৃত্যুৰ ছাই লগা দেৱালখনৰ
গবাক্ষৰে সিহঁতে জীৱনৰ পোহৰ চাবলৈ
বিচাৰিছে। মৰা মানুহৰ দেহৰ পৰা সৰি পৰা বস্তু এটাও আনকি দৰকাৰী বুলি ভাবিলে সিহঁতে
এৰি থৈ নাযায়।

বস্তু-বাহানি
খুঁচৰি থকাৰ মাজতে হঠাৎ কিহবাত লাগি সিহঁতৰ হাতৰ লাঠিয়ে ঘটং ঘটং শব্দ কৰিছে। এদ’ম
ছাইৰ মাজৰ পৰা কোনোবা এটাই আধাপোৰা টিনৰ বাকচ এটা উলিয়াই আনিছে। কিছু পৰ আগতে এই
বাকচটো দেখা পাই হাছি‍নাৰ আত্মাটোৱে ধৰফৰাবলৈ‍ ধৰিলে হয়। কলিজাটো জীয়াই থকা হ
লে
ইমান পৰে তাইৰ দেহত এটা ধপ্‌ধপনি উঠি গাটো গৰম হৈ পৰিলহেঁতেন। ক
লা হৈ
পৰা পিঠিখনেৰে টিনৰ বাকচটো সিহঁতে ছাইৰ মাজৰ পৰা টানি টানি উলিয়াইছে। লাঠি এডালেৰে
কোনোবাই বাকচটো ওভতাই দিছে। আৰু তাৰ ভিতৰৰ পৰা আধাপোৰা ৰঙা ছুৱেটাৰ এটা ওলাই
ছাইবোৰৰ ওপৰত পৰি ৰৈছে

***

 

ঠিকনা : 

মমাত
নগৰ (জাপাৰকুছি)
, নলবাৰী

ডাকঘৰ :
তেৰেছিয়া

পিন – ৭৮১৩৩৪

ভ্ৰাম্যভাষ

৯১০১১৩৭৪৯৮