দীপক শইকীয়া
ধৰা হওক আপুনি (ইয়াৰ পিছত আপোনাক “পাঠক”
বুলি সম্বোধন কৰা হ’ব) এটা
তত্ত্ব আগ বঢ়ালে, “দুই আৰু
দুই যোগ কৰিলে চাৰি হয়”। ইয়াৰ পাছত পৰম্পৰাগতভাৱে মুখে মুখে এই তত্ত্বৰ আলোচনা
চলি থাকিল। ‘ক’ নামৰ এজন পণ্ডিতে লিপিৱদ্ধই কৰি পেলালে যে
পাঠকে দুই আৰু দুই যোগ কৰি ছয়তকৈ সৰু, তিনিতকৈ
ডাঙৰ সংখ্যা এটা পাইছে। ইয়াকে দেখি আন এজন পণ্ডিত ‘খ’ য়েও লিপিৱদ্ধ কৰিলে –
“পাঠকে দুই আৰু দুই যোগ কৰি ছয়তকৈ সৰু, দুইৰে
হৰণ যোৱা সংখ্যা এটা পাইছে”। দুয়োজন পণ্ডিতে কিন্তু “চাৰি”কে বুজাব খুজিছে নিজৰ
নিজৰ বক্তব্যৰ দ্বাৰা। সময় পাৰ হৈ গৈ থাকিল- দিন, মাহ, বছৰ, দশক, শতিকা,..। কিবা কাৰণত পাঠকৰ লিপিবদ্ধ ৰূপত থকা
তত্ত্বটোৰ “চাৰি” শব্দটোও লুপ্ত হৈ গ’ল। প্ৰায় ডেৰশ বছৰৰ পাছত পাঠকৰ বিষয়ে গভীৰ জ্ঞান থকা
এগৰাকী মহাপণ্ডিত ‘গ’ ই মন্তব্য আগবঢ়ালে যে পাঠকে দুই আৰু দুই
যোগ কৰি পাঁচ পাইছিল কিজানি! কাৰণ পাঁচ সংখ্যাটো দুইতকৈ ডাঙৰ। ‘গ’ ৰ মন্তব্যৰ প্ৰায় দুই –
তিনিশ বছৰৰ পাছত ‘ঘ’ নামৰ পণ্ডিত গৱেষক এগৰাকীৰ হাতত ‘ক’ৰ দ্বাৰা
ৰচিত গ্ৰন্থখন হাতত পৰিল। তেওঁ ‘ক’ আৰু ‘গ’ৰ মন্তব্যবোৰ চালি-জাৰি চাই বহুত গৱেষণা কৰি এটা
সিদ্ধান্ত আগ বঢ়ালে যে তেখেতৰ অনুমান, দুই আৰু
দুই যোগ কৰিলে পাঁচেই হ’ব লাগে (‘হয়’ বুলি
কোৱা নাই কিন্তু, ভালদৰে মন কৰিব)। আনহাতে ‘গ’য়ো দুয়ে
দুয়ে পাঁচ বুলি খাটাং সিদ্ধান্ত দিয়া নাই হ’লে; “কিজানি” শব্দৰ প্ৰয়োগ কৰিছে তেওঁ। আৰু
লাহে লাহে গোজেই গজালি মেলাৰ দৰে “দুয়ে দুইয়ে পাঁচ হ’ব পাৰে কিজানি”ৰ পৰা “হ’ব পাৰে কিজানি” শব্দকেইটা আঁতৰি গৈ “দুয়ে দুয়ে পাঁচ” বুলি নিজে নিজে প্ৰতিষ্ঠিত হ’ব ধৰিলে সকলোৰে অলক্ষিতে। এটা সময়ত ই এটা লব্ধ প্ৰতিষ্ঠিত
সত্য হৈ পৰিল আৰু সকলো ধৰণৰ তৰ্কৰ পৰা বাহিৰলৈ গুচি গ’ল। কোনেও ইয়াৰ অন্যথা ভাবিব নোৱাৰা হ’ল, নভবা হ’ল, বা ভবাটো অনাৱশ্যক বুলি ভবা হ’ল , নহলে ভবাজনকো মূৰ্খ বুলি
ভবা হ’ল।
ওপৰৰ কাহিনীটোত ক, গ আৰু ঘ – কোনো এজন
পণ্ডিতেই ভুল নহয়। কাৰণ কোনোজন পণ্ডিতেই “দুয়ে দুইয়ে পাঁচ” বুলি খাটাং সিদ্ধান্ত দিয়া
নাই। আচলতে সাম্প্ৰতিক সমস্যা কিছুমানৰ অস্থায়ী সমাধানৰ বাবে “দুয়ে দুয়ে কি হয়?”ৰ উত্তৰৰ প্ৰয়োজন হোৱাতহে এনে পৰিস্থতিৰ
উদ্ভৱ হ’ল। ভালকৈ চালে আমি অনুভৱ
কৰিব পাৰিম যে ‘পাঠক’ৰ বাহিৰে কোনোজন পণ্ডিতেই কিন্তু প্ৰকৃত সত্যটো আমাৰ আগত
দাঙি ধৰিব পৰা নাই। আনকি ‘ক’ আৰু ‘খ’ও স্বয়ং
সম্পূৰ্ণ নহয়। উদাহৰণস্বৰূপে, ‘ক’ ই নিজে জানিব পাৰে দুইয়ে
দুইয়ে চাৰি বুলি; কিন্তু তেখেতৰ মন্তব্যটোৱে
চাৰিৰ লগতে পাঁচকো বুজাই আছে, কাৰণ
চাৰি আৰু পাঁচ দুয়োটাই ছয়তকৈ সৰু আৰু তিনিতকৈ ডাঙৰ। ঠিক একেদৰে একে কথাই খাটে ‘খ’ৰ
ক্ষেত্ৰটো। কিন্তু ভালদৰে মন কৰিলে দেখা যাব যে যদিহে ‘ক’ আৰু ‘খ’ দুয়োজনৰে মন্তব্যবোৰ একেলগ
কৰা হয় কেনেবাকৈ অৰ্থাৎ
(১) সংখ্যাটো ছয়তকৈ সৰু, তিনিতকৈ ডাঙৰ, (২) সংখ্যাটো দুইৰে হৰণ যায়- এই দুয়োটা
চৰ্তই যদি একেলগে উপলব্ধ হয় তেতিয়াহে যিকোনো লোকেই খাটাং সিদ্ধান্ত দিব পাৰিব-
পাঠকৰ আৱিষ্কৃত সংখ্যাটো চাৰি আছিল। ইয়াৰ অন্যথা ভুল উত্তৰ ওলোৱাৰ আশঙ্কাই অধিক।
অৰ্থাৎ আমি অকল ‘ক’ পণ্ডিতজনকে যদি শুদ্ধ বুলি
ভাবোঁ বা অকল ‘খ’ পণ্ডিতজনকে যদি শুদ্ধ বুলি ভাবোঁ, আৰু সেইমতেই যদি আগবাঢ়ি
যাওঁ, তেন্তে আমাৰ ভুল হ’বতো হ’বই, লগতে ভুলবোৰ বাঢ়িও যাব গুণোত্তৰভাৱে। কাৰণ পণ্ডিতকেইজনে নিজে
নিজেহে জানে যে তেওঁ নিৰ্দিষ্ট চাৰি সংখ্যাটোৰ সম্পৰ্কে ঠিকেই কৈছে।
আমি যদি ‘ক’ পণ্ডিতক সোধোঁ যে ‘পাঠকৰ আৱিষ্কৃত সংখ্যাটো তিনিতকৈ ডাঙৰ’ দ্বাৰা তেওঁ কোনটো সংখ্যানো
বুজাব খুজিছে, তেতিয়া তেওঁ শুদ্ধকৈ চাৰি
বুলিয়ে কব; ঠিক
তেনেদৰে আনকেইজন পণ্ডিতেও একেই শুদ্ধ উত্তৰ দিব। কিন্তু পণ্ডিতকেইজনৰ বাহিৰে
বেলেগৰ ক্ষেত্ৰত একেটা কথাই নাখাটে। আমি কেতিয়াও ক’ব নোৱাৰোঁ কোনো এজন পণ্ডিতেই ভুল বুলি।
তেওঁলোক আটাইকেইজন শুদ্ধ নিজৰ নিজৰ দৃষ্টিকোণেৰে, নিজৰ
নিজৰ ভাষাত। ‘গ’ আৰু ‘ঘ’ৰ লগতে আমাৰো দুৰ্ভাগ্য যে আমাৰ হাতত এতিয়ালৈকে ২ নং
চৰ্তটো নাই; অন্ততঃ ১ আৰু ২ নং চৰ্ত
দুটা একেলগে কাৰো উপলব্ধ হোৱা নাই। গাণিতিক ভাষাত এই সমস্যাটো এনেদৰে উপস্থাপন
কৰিব পাৰি- If n is a natural number, 3
গণিতত n€N,3
আমাৰ অসমীয়া বুৰঞ্জী
সাহিত্যতো এই কথাই খাটে একেবাৰে। আমাৰ শ্ৰদ্ধাৰ নেওগ ছাৰ, ভূঞা ছাৰ, বৰবৰুৱা ছাৰ আদি স্বনামধন্য
ব্যক্তি অসমীয়া বুৰঞ্জী সাহিত্যৰ একো একোটা ভোটাতৰা। তেওঁলোকৰ অসমীয়া সাহিত্যলৈ বৰঙণিৰ বিষয়ে আলোচনা কৰাটো
আমাৰ দৰে মুঢ়মতিৰ ধৃষ্টতা মাথোন। তেওঁলোক নিজৰ নিজৰ কৰ্ম তথা অসমীয়া
ভাষা-সাহিত্যলৈ, লগে লগে অসমীয়া জাতিলৈ দি
যোৱা বৰঙণিৰ বাবে সদায় চিৰস্মৰণীয় হৈ ৰ’ব। ঠিক একে কথাই খাটে বেজবৰুৱাদেৱ, আগৰৱালাদেৱ আদিৰ ক্ষেত্ৰতো। আমি কাকো, এজনকো আনজনৰ লগত কেতিয়াও
তুলনা কৰিব নোৱাৰোঁ। সেয়া ভীষণ অপৰাধ হ’ব আমাৰ। কিন্তু সেইবুলি তেওঁলোকে কৰি যোৱা কামখিনিক
বিশ্লেষণ নকৰিলেও নহ’ব।
তেতিয়াও তেওঁলোকক অপমান কৰাই হ’ব। এজনে দেখুৱাই যোৱা বাটতে আমি খোজ ৰাখি আমি আমাৰ যাত্ৰা
আৰম্ভ কৰিব লাগিব। আৰু তাকেই বিচাৰে মহান ব্যক্তিসকলেও।
আজিৰ পৰা প্ৰায় এশ বছৰৰ
আগতেই এজন স্বনামধন্য অসমীয়া সাহিত্যিকে কৈ থৈ গৈছে শঙ্কৰদেৱ- মাধৱদেৱ আদিৰ
সাহিত্য চৰ্চাৰ প্ৰধান উদেশ্যই আছিল সত্য, শিৱ আৰু
সুন্দৰৰ অবিৰত সন্ধান। তেওঁলোকে কেতিয়াও নিবিচাৰে, তেওঁলোকে উলিয়াই থৈ যোৱা
খেতিৰ পথাৰখন তেওঁলোকে থৈ যোৱাৰ নিচিনাকৈয়ে পৰি
থাকক। আমি চাব লাগিব তেওঁলোকে আৰম্ভ কৰি থৈ যোৱা খেতিডৰাত আমি কিবা নতুন প্ৰযুক্তিৰ ব্যৱহাৰ
কৰিব পাৰোঁ নেকি! আচলতে এই গোটেই ব্ৰহ্মাণ্ডত কোনো স্বয়ং সম্পূৰ্ণ নহয়। শ্ৰী
ৰামচন্দ্ৰও নাছিল (হনুমান আছিল লগত), শঙ্কৰদেৱো নাছিল
(মাধৱদেৱ আছিল লগত)। গতিকে লক্ষ্মীনাথ বেজবৰুৱা, মহেশ্বৰ নেওগ আদিও নিশ্চয়
স্বয়ং সম্পূৰ্ণ হ’ব
নোৱাৰে।
এই অভাজনে এনে দুজন মহান
সাহিত্যিকৰ বিষয়ত এনে মন্তব্য দিবলৈ কত সাহস পালোঁ ? আচলতে
আমি অলপ দিনৰ আগতে দুয়োগৰাকী লেখকৰ দুখন কিতাপ ( শ্ৰী শ্ৰী শঙ্কৰদেৱ আৰু শ্ৰী
শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী শঙ্কৰদেৱ)
পঢ়িছিলোঁ। তাৰ পিছত আৰু কেইখনমান কিতাপ পঢ়িছিলোঁ। কিতাপখিনি পঢ়ি অসমৰ বুৰঞ্জী সম্পৰ্কীয়
কেইবাটাও তথ্যৰ বিসংগতি আমাৰ দৃষ্টিগোচৰ হয়। সেই খেলি-মেলিৰ উত্তৰ বিচাৰি আমি
সৰ্বপ্ৰথম ২৯ জুন ২০২১ তাৰিখৰ “আমাৰ অসম” কাকতত এটি প্ৰশ্নৰ অৱতাৰণা কৰিছিলোঁ।
প্ৰশ্নটো আছিল- টেম্বুৱানী নাৰায়ণপুৰত নে নগাঁৱত? কিয়নো অসমৰ বুৰঞ্জীৰ
প্ৰায়বোৰ কিতাপতেই, লগতে চৰিত পুথিবোৰতো য’ত মাধৱদেৱৰ বিষয়ে পঢ়িবলৈ লওঁ, তেতিয়া এনে লাগে যেন
টেম্বুৱানী নাৰায়ণপুৰত। আনহাতে একেবোৰ কিতাপতে শঙ্কৰদেৱৰ বিষয়ে পঢ়িলে পাওঁ
টেম্বুৱানী, আলিপুখুৰী, বৰদোৱা আৰু বটদ্ৰৱা আটাইকেউখন একেখন ঠাই, নহ’লে ওচৰাওচৰিকৈ থকা ঠাই। অৰ্থাৎ টেম্বুৱানী
নগাঁৱত। উদাহৰণস্বৰূপে ইয়াত আমি উল্লেখ কৰিব পাৰোঁ- সৰ্বানন্দ ৰাজকুমাৰৰ “ইতিহাসে
সোঁৱৰা ছশটা বছৰ”ৰ পৃষ্ঠা নং ২৮৬-ৰ ২৮ নং শাৰীৰ বাক্যটো, য’ত লিখা আছে, “নাৰায়ণপুৰৰ লেটেকুপুখুৰীৰ
পাৰত ১৪৮৯ খৃঃ ত জন্ম লোৱা শাক্তধৰ্মী মাধৱদেৱ টেম্বুৱনীত শ্ৰীমন্ত
শংকৰদেৱৰ শিষ্য হয়।” । আন এখন কিতাপ লক্ষ্মীনাথ বেজবৰুৱাৰ “শ্ৰী শ্ৰী শঙ্কৰদেৱ
আৰু শ্ৰী শ্ৰী মাধৱদেৱ”ৰ ৪৩ নং পৃষ্ঠাৰ ৩ নং শাৰীত আকৌ লিখা আছে, “… ধুৱাৰোল সুতিয়েদি কলাকতালৈ
গৈ ভণ্ডাৰি-ডুবি পাই তাতে তেওঁলোকে নাও বান্ধি ৰ’ল। …এনেতে ৰামদাস ভূঞা (গয়াপানী) সেই
ঘাটলৈ গা ধুবলৈ আহিছিল। … “ । আনহাতে বাপচন্দ্ৰ মহন্তৰ “ঐতিহাসিক
পটভূমিত মহাপুৰুষ শঙ্কৰদেৱ”ৰ ৯৩ নং পৃষ্ঠাৰ ১৫ আৰু ১৬ নং শাৰীত লিখা আছে, “উৰ্বশী বিবাহযোগ্য হোৱা দেখি জ্ঞাতি
বিচাৰি পুনৰ তেওঁলোক (অৰ্থাৎ মহাদেৱ ভূঞা, মনোৰমা, ঊৰ্বশী আৰু মাধৱদেৱ)
টেম্বোৱানীলৈ আহে। তাত হোকৰাকুচিয়াগিৰিৰ পুত্ৰ গঞাপানিলৈ উৰ্বশীক বিয়া দি কিছু
দিন থকাৰ পাছত জী-জোঁৱাইৰ লগত মাকক থৈ পুতেক মাধৱক লগত লৈ গোবিন্দগিৰি বান্দুকালৈ
গ’ল…” । আনকি স্বয়ং
মহেশ্বৰ নেওগ চাৰৰ “গুৰু-চৰিত কথা”তো ৩৯ নং পৃষ্ঠাৰ ২৮ নং শাৰীত মাধৱদেৱে বাপেকৰ
মৃত্যুৰ খবৰ ভৰাৰিডুবিত থকা মাকৰ আগত দিয়া বুলি উল্লেখ আছে। গতিকে আমি কি বুলি
ভাবিম! নিশ্চয় মাধৱদেৱ টেম্বুৱানীলৈ আহি ভৰালীডুবিত গঞাপানিক লগ
পায়। ভৰালিডুবিৰ ভৌগলিক অৱস্থিতি এতিয়াৰ নাৰায়ণপুৰত। গতিকে এইমতে দেখোন
টেম্বুৱানীও নাৰায়ণপুৰত। কিন্তু সৰুৰে পৰাই শিকি আহিছোঁ, টেম্বোৱানী শঙ্কৰদেৱৰ
জন্মভূমি। গতিকে এই মতে টেম্বোৱানী নগাঁৱত! এই খেলি-মেলিটোকে দূৰ কৰিবলৈ মই
প্ৰশ্নটোৰ অৱতাৰণা কৰিছিলোঁ- টেম্বুৱানী আচলতে ক’ত! যদি নাৰায়ণপুৰত, নাৰায়ণপুৰৰ ক’ত! আৰু যদি নাৰায়ণপুৰত নহয়, তেন্তে কিতাপকেইখনত কিয়, তেনেকৈ লিখা আছে!! লিখিতভাৱে
প্ৰশ্নটোৰ কোনো সঠিক উত্তৰ নাহিল। কেৱল আমাৰ শ্ৰদ্ধাৰ প্ৰজ্ঞাভূষণ অধ্যাপক
(শঙ্কৰদেৱৰ বিষয়ত মহাপণ্ডিত) ড০. নৰেন কলিতা ছাৰে ভ্ৰাম্যভাষৰ যোগেদি যোগাযোগ কৰিছিল যদিও
ওপৰোক্ত কিতাপকেইখনৰ
কথাহে মিছা বুলি কলে, আৰু ক’লে বোলে মাধৱদেৱ নিজৰ জীৱনকালত টেম্বুৱানীলৈ
অহাই নাছিল। তেখেতক বাৰে বাৰে কৈছিলোঁ, “ছাৰ, লিখিতভাৱে
বিবৃতি এটা দিয়ক”। ছাৰে কিন্তু আমাৰ অনুৰোধ নাৰাখিলে। কেৱল মৌখিকভাৱে বুজোৱাতে ক্ষান্ত থাকিল।
আমি সন্তুষ্ট হব নোৱাৰিলোঁ। তাৰ পিছত যোৱা ২১ অক্টোবৰ ২০২১ ৰ দৈনিক “নিয়মীয়া
বাৰ্তা”ত দিয়া হ’ল একেটা প্ৰশ্নকে। তাৰ
পিছতো কোনো প্ৰতিক্ৰিয়া নাহিল কাৰোৰে পৰা। কিবা যেন এটা মইমতালি চলি আছে বিজ্ঞ
সমাজত! আমিবোৰে কি জ্ঞান ল’ব নাপায় নেকি!
মাজতে আমি দুই এজন স্থানীয়
পণ্ডিত গৱেষকৰো কাষ চাপিলোঁ বিষয়টোৰ সম্পৰ্কত পৰামৰ্শ বিচাৰি।
তেওঁলোকে কিন্তু সম্পূৰ্ণ সমলবোৰ আলোচনাৰ আওতালৈ ননাকৈ কেৱল চৰিত পুথিবোৰত থকা
খেলিমেলিৰ কথাহে কয়। যেন চৰিতকাৰবোৰহে মিছলীয়া ! আচৰিত হৈ পৰোঁ। আমাৰ ধাৰণা, (ধাৰণাহে) চৰিতকাৰসকল ঠিক আমি প্ৰথমেই উল্লেখ কৰা ক, খ আৰু গ নামৰ পণ্ডিতকেইজনৰ
নিচিনাহে। তেওঁলোক নিজ নিজ দৃষ্টিভঙ্গীৰে শুদ্ধই। সীমাৱদ্ধতা আমাৰ মাজতহে আছে।
নিশ্চিতভাৱে আজিৰ শঙ্কৰদেৱ অধ্যয়নৰ বাবে যিমানবোৰ সমল উপলব্ধ, লক্ষ্মীনাথ বেজবৰুৱা, মহেশ্বৰ নেওগ আদিৰ দিনত
নিশ্চয় সিমান নাছিল। তদুপৰি সেই সময়ৰ ক্ষেত্ৰ অধ্যয়নৰ সীমাৱদ্ধতাৰ কথাটোও মনত
ৰাখিব লাগিব। এইখিনি আমাৰ ধাৰণাহে, আকৌ
কৈছোঁ। যি নহওক চৰিতপুথিবোৰ থাকক বাৰু! পিচে বুৰঞ্জীবোৰো জানো চৰিতপুথিৰ পৰা ধাৰ কৰা? বুৰঞ্জী
পঢ়িলেও দেখোন একেখিনি বিসংগতিয়ে আমাৰ দৃষ্টিগোচৰ হয়! আকৌ আনহাতেদি তেখেতসকলৰ
সিদ্ধান্তবোৰো চৰিতপুথিৰ ওপৰতে ভিত্তি কৰি দিয়া নহয় নেকি!
আমি
ভাবোঁ, নেওগ ছাৰহঁতে শঙ্কৰদেৱ সম্বন্ধীয় সেই সময়ত
উপলব্ধ সমলেৰে অসমীয়া সাহিত্যৰ এখন বিশেষ পথাৰ আমাক দি গৈছে পিছৰ প্ৰজন্মৰ বাবে
খেতি কৰিবলৈ। তেওঁলোকে নিজৰ কৰণীয়খিনি কৰি গ’ল। ইয়াৰ পাছত বিভিন্ন প্ৰযুক্তিৰে, সাৰুৱা কৰি খেতি কৰাটো আমাৰ
দায়িত্ব। বুৰঞ্জী সাহিত্যত থকা তথ্যৰ বিভ্ৰান্তিবোৰ আমি এখন বা দুখন পুথিৰে দূৰ
কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমাক আৰু পুথি লাগিব, লাগিব
বিভিন্ন সমল। লগতে আমাক লাগিব গণিত, বিজ্ঞান, ভূগোল আদিৰ সহায়।
তেতিয়াহে আমি শুদ্ধ উত্তৰ পাম আমাৰ সমস্যাৰ। তেতিয়াহে শান্তি পাব নেওগ, বেজবৰুৱা আদিয়ে। তেওঁলোকৰ
অৱদান তেতিয়াহে সাৰ্থক হব। টেম্বুৱানীৰ নিচিনা অসমীকৰণবোৰ তেতিয়াহে একো একোটা
সমীকৰণলৈ পৰিৱৰ্তিত হ’ব, আৰু প্ৰত্যেকৰে সমাধানৰ পথ
ওলাব। তাকে
নকৰি নিজ নিজ সিদ্ধান্তকে পৰম সত্য বুলি ধৰি থাকিলে ভুল বৃদ্ধি হোৱাৰ সম্ভাৱনাহে
অধিক হ’ব, আমাৰ পূজনীয় পণ্ডিত-মহাশয়সকলক অপমান কৰা হ’ব।
বাকী বিচাৰ আপোনাসবৰ। মনত ৰাখিব, চাপৰিলেই মেঘ নাতৰে।
জ্যেষ্ঠ নৌ-সৈনিক
লক্ষীমপুৰ
৭৮৪১৬৫
৮০৯৯৭৩০৮১২