থেকেৰা ফুলৰ কলি

স্ৰোতস্বিনী
তামুলী



মদনৰ দোকানৰ
সমুখত বাইকখন থৈ নয়নে ইংগিতেৰে চিগাৰেট এটা বিচাৰিলে। আঙুলিকেইটাৰে জপৰা চুলিবোৰ
ঠিক কৰি কৰি সি নিজৰ ভিতৰৰ অস্থিৰতাখিনিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে। ছাৰ্টটো
ঠিকে আছেনে
? কিবা এক ক্ষণিক সচেতনতাৰে সি পিছলৈ হাত দুখন নি অনুমান
কৰিবলৈ চেষ্টা কৰিলে। নাই! সকলো ঠিকেই আছে। অলপ দূৰৈতে শংকৰ
, অভিলাস, বিশ্বহঁতে বাইকতে বহি আদ্দা মাৰি আছে।
আনদিনা হোৱা হ
লে নয়নো সিহঁতৰ কাষলৈকে গলহেঁতেন। আজি কিন্তু তাৰ একেবাৰেই সিহঁতৰ কথা শুনিবলৈ মন যোৱা নাই।

চিগাৰেটটো শেষ
কৰি সি বাইকখন ষ্টাৰ্ট কৰিলে। সিহঁতক মাত নিদিয়াকৈ কাষেৰে পাৰ হৈ গ
লে
কথাটো বেয়া হ
ব। আকৌ মাত দিবলৈ যোৱা মানে সিহঁতে তাক এৰি
নিদিয়া হ
ব। নয়নৰ এনে লাগিল সিহঁতে যেন এতিয়া তাৰ কথাকেই
আলোচনা কৰি আছে। সন্দেহটো একেবাৰে অমূলকো নহয়। সিহঁতৰ মাজৰ এটা ল
ৰাই যেতিয়াই নিজৰ প্ৰেমিকাক লগ পাবলৈ যায়, সি ঘূৰি
অহালৈ সকলোৰে মাজত আপোনাআপুনি এটা কৌতূহলৰ পৰিৱেশ ৰচনা হৈ পৰে। আনকি নয়নেও এনেকুৱা গোপন আলোচনাৰ
ৰসাল কথাবোৰৰ ভাগ পাইছে আগতে।

নয়ন গৈ সিহঁতৰ
কাষ পোৱালৈ আটাইবোৰে তাক হেঁচা মাৰি ধৰিলে। উপায় নাপাই সি “ৰ ! ৰ! মই এইখিনিৰ পৰা
আহিছোঁ। গৈয়ে আহিমেই
, আহি চব কৈ আছোঁ
বুলি পলাল। বতাহত সিঁহত জাকৰ হাঁহিৰ শব্দবোৰে টুকুৰা-টুকুৰকৈ ছিটিকি আহি নয়নৰ
কাণত আঘাত কৰিছিল। পিছে সিহঁতৰ হাঁহি-খিকিন্দালিৰ লগত চাৰিআলিৰ হাৱা-বতাহ অভ্যস্ত।
সমুখেৰে পাৰ হৈ যোৱা ছোৱালীজনীক উদ্দেশ্য কৰি অস্ফুট মাতেৰে কোনোবা এটাই কিবা এষাৰ
কৈছে
, ছোৱালীজনীয়ে চকু ঘোপা কৰা চাৱনি এটাৰে নীৰৱে পাৰ হৈ
গৈছে। লগে লগে এজাউৰি বিকট হাঁহি চিগাৰেট ধোঁৱাবোৰৰ লগত বতাহত বিলীন হৈ গৈছে।

সিহঁতৰ নয়নক
যাবলৈ দিয়াৰ মন একেবাৰেই নাছিল। সেইজাকৰ কবলৰ পৰা ওলাই আহোঁতে নয়নক নিজকে
চিকাৰীৰ হাতৰ পৰা বাচি অহা হৰিণ এটাৰ দৰেহে লাগিল। সি লাহে-লাহে মেইন ৰ
ডৰ
পৰা ফালৰি কাটি আহি কাষৰ ৰাস্তা এটাৰে গৈ থাকিল। এই ৰাস্তাৰে সি আগেয়ে কেতিয়াও
অহা নাই। মানে আহিবলৈ একো প্ৰয়োজন হোৱা নাই। ৰাস্তাটো ভিতৰলৈ যথেষ্ট ঠেক। সি গৈ
আছে। ৰাস্তাটোৱে গৈ গৈ প্ৰকাণ্ড ফিল্ড এখনত খুন্দা মাৰিছে আৰু ৰাস্তাটো ফাটি গৈ পুনৰ
দুটা পৃথক ৰাস্তা হৈ পৰিছে।কোনটো পথেৰে যাব ধৰিব নোৱাৰি সি অলপ পৰ সেইখিনিতে ৰ
ল। সি সেইদিনাও এনেকৈ ৰৈ দিয়াই ভাল আছিল! এইবুলি বাইকৰ টেংকিটোৰ ওপৰতে
মৃদু ভুকু এটা বহুৱালে সি। সাতটা বছৰে সি নিজৰ পৰা নিজলৈ এটা বৃত্ত আঁকিলে। বৃত্তৰ
কেন্দ্ৰ বিন্দু আছিল তাৰ নিজৰ পেহীয়েক।

ৰাতিটো
বাঁহতলীয়া নিৰ্জন বাট এটাৰ দৰে আছিল। মাকৰ অসুখৰ বাবে দেউতাক মাকৰ লগত দুৰাতিকৈ
হস্পিতালত থাকিবলগীয়া হৈছিল। সি তেতিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ। স্কুল খতি কৰিবলৈ
বৰ টান পায়। বিয়া নোহোৱাকৈ
থকা পেহীয়েকৰ সৈতে সি ঘৰতে থাকি
গৈছিল। ৰাতি ভাত-পানী খাই বিছনাত পৰাৰ আগতেই ডবা-পিটা বৰষুণ আৰম্ভ হ
ল। সেইবাৰ বাৰিষা আগতীয়াকৈ আহিছিল হবলা। নহলেনো মাঘতে সিমান ডাঙৰ বৰষুণ আহেনে! মাক-দেউতাকে অলপ দিনৰ পৰা সাৱধান
কৰিবলৈ ধৰিছিল তাক। বাৰিষা কালত সাপৰ বৰ প্ৰকোপ। দিনতো চাই-চিতিহে খোজ দিব লাগে। মাকো
আগতকৈ সচেতন হৈ থাকিবলৈ লৈছিল। কিন্তু
কি আচৰিত! সেইদিনা
দেখোন সাপ আহি সি শোৱা বিছনাখনতে পৰি আছিলহি। সি কি কৰিব কি নকৰিব ভাবি থাকোঁতেই
সাপডালে আহি তাক মেৰিয়াই ধৰিছিল।

পাছদিনা পুৱা সি স্কুললৈ যাবলৈ মন নকৰিলে। দেউতাকে সুধিলত গাটো বেয়া বুলি কলে। বিছনাখনতে সি
মজিয়াত জঁপিয়াই থকা জীয়া মাছ এটাৰ দৰে ছাটি-ফুটি কৰি থাকিল। বিছনা নহয় যেন সি
সাপৰ খোৰোং এটাতহে আছিল সি। পেহীয়েকে আহি বিছনাতে খোৱা-বোৱা তাক সকলো দি গৈছিল
। আবেলি সি পুখুৰীটোৰ পাৰতে পানীলৈ শিল গুটি দলিয়াই দলিয়াই ৰৈ আছিল।
শিলবোৰে পানীত সৃষ্টি কৰা ঢৌবোৰ যেন তাৰ মনতহে উঠিছিল। তাক তেনেকৈ ৰৈ থকা দেখি
পেহীয়েক আচৰিত হৈ 
মৰমেৰে তাৰ হাতত ধৰি ভিতৰলৈ লৈ গৈছিল। গৈ থাকোঁতে তাৰ মূৰৰ ওপৰত
প্ৰচণ্ড শব্দৰে গাজনি মাৰি উঠিছিল। সি মূৰ তুলি চাই ভাবিছিল – আজিও আকাশখন মেঘে ঢাকি
আনিছে। আজিও কলহৰ কাণে ঢালিব।

তাৰ পাছত সি
পঢ়া টেবুলৰ সমুখৰ খিৰিকীখনেৰে যেতিয়াই তেতিয়াই আকাশখনলৈ চাই থকা হ
ল।
বৰষুণ এজাকৰ বাবে সি পানীপিয়া চৰাই এটাৰ দৰে বলিয়া হ
ল।
লাহে-লাহে কিনকিনিয়া বৰষুণত তাৰ গা নিতিতা হৈ আহিল। তাৰ গাৰ ভিতৰত ভাটি খোলা
হাতী এটাৰ উৎপাত। তাৰ মেট্ৰিক পৰীক্ষাৰ আগে-আগে পেহীয়েক বিয়া হৈ গুচি গৈছিল। বিয়াৰ
আগদিনা পেহীয়েকে মাক-দেউতাকক কৈ তাক নিজৰ লগতে শুৱাই লৈছিল। তাৰ এতিয়াও স্পষ্টকৈ
মনত আছে সেইদিনা নিশাও
হোৰা-হোৰে বৰষুণ
দিছিল। পিছদিনা বিয়াঘৰ গোটেই বোকাময় হৈ পৰিছিল। বোকা ভৰিৰেই পেহীয়েকে গৈ নতুন
ঘৰত প্ৰৱেশ কৰিছিল।

শ্ৰেণী কোঠাত সি
তাৰ বন্ধুসকলৰ সমুখত গুৰু যেন হৈ উঠিছিল। আন লগৰীয়াবোৰে নজনা বহু কথাই সি জানিছিল। ল
ৰাবোৰৰ
মাজৰ গোপন বৈঠকৰ শিৰোমণি আছিল 
সি। তাৰ ভাল লাগিছিল। কি ভাল লাগিছিল তাৰ? লগৰবোৰৰ কৌতূহল ভৰা মুখবোৰ। সিহঁতৰ মুখবোৰ দেখি তাৰ নিজকে ডাঙৰ লৰাৰ দৰে লাগিছিল। সি কলেজত পঢ়া ডাঙৰ লৰা দুটামানৰ
লগত দোস্তি কৰিছিল। মৰহি যোৱা ফুলপাহৰ পাহিবোৰ সি নিজে বাটে বাটে ছিঙি গৈছিল।
ৰাস্তাটো পোন নাছিল। ঘূৰণীয়া আছিল। ঠিকেই! ন
হলেনো সি ঘূৰি
আহি একেখিনি ঠাই কেনেকৈ পালেহি। সি এতিয়া পিন্ধি থকা ছাৰ্টটো বিয়া দিয়া
পেহীয়েকে
 এইবাৰ বিহুত দিছিল। ডাঠ নীলা ৰঙটো তাৰ বৰ পচন্দ হৈছিল। কিন্তু দুমাহ হওঁতেই
ডাঠ ৰঙী নীলা ৰঙটো মদৰুৱা হৈ পৰিছে। ছাৰ্টটো তাৰ পিন্ধিবলৈ মন নোযোৱা হৈ আহিছে
লাহে লাহে।

পৌনঃপুনিক ফলাফল
এটাকে ওলাইছিল প্ৰত্যেকবাৰ। সাত বছৰে বেলেগ বেলেগ প্ৰশ্নৰ নিৰন্তৰ একে ধৰণৰ উত্তৰে
আমুৱাইছে তাক। নতুনত্ব বুলিবলৈ কি আছেনো ! সি ভাবে এতিয়া। সি আগলৈ যাব খুজিছিল।
সি পিছলৈ ঘূৰি চাই দেখে সি যিটো বাটেৰে আহি আছিল সেই বাটটো পাক খাই জঁট বান্ধি পৰি
আছে। সেই জঁট ভাঙিব নোৱাৰিলে তাতে সোমাই সিও উশাহ-নিশাহ ল

নোৱাৰি মৰি যাব। সি আছিল অৰণ্যৰ এটা সৰু চৰাই। পেহীয়েকে তাৰ গাত সানি দিছিল ৰং।
সি কেতিয়াবাই নিজৰ জাক হেৰুৱাইছে। এতিয়া নন্দিতাই সেই চৰাইটোকে মৰম কৰিব খোজে।
তাৰ কেতিয়াবা ভাল লাগে
, কেতিয়াবা সি বিৰক্ত হয়। নন্দিতা
বতাহতে সৰি পৰিব পৰা ফুলৰ কলি। তাইৰ কোমলতাত সি অসহ্যবোধ কৰে। তাই তাৰ আউল-বাউল
চুলিখিনি চিজিল কৰি দিয়ে
, তাক পাতল ৰঙৰ ছাৰ্ট কিনি দিয়ে।
তাক আচৰিত কৰে ৰংবোৰে। হালধীয়া ! পাতল সে
জীয়া! ৰঙা ! আকাশী
নীলা ! সদায়েই আওকাণ কৰি অহা এই ৰংবোৰ দেখোন সঁচাকৈয়ে ভাল লগা। নন্দিতাৰ মতে
এনেকুৱা ৰংবোৰে তাক বৰ শুৱায়। তাইৰ প্ৰিয় ৰং গুলপীয়া। তাই জোৰকৈ এটা গুলপীয়া
ৰঙৰ ছাৰ্ট কিনি দিছে তাক। সি সেই ছাৰ্টটো কেৱল তাইৰ সমুখতহে পিন্ধে।

ফিল্ডখনৰ কাষতে
এখন লুংলুঙীয়া হাবি। তাতে এজোপা থেকেৰা গছ তাৰ চকুত পৰিল। সি সৰুতে শুনিবলৈ
পাইছিল থেকেৰা ফুল হেনো ৰাতিয়েই ফুলে ৰাতিয়েই মৰহে। সেই বাবে কোনেও দেখা নাপায়।
অতি সংগোপনে থেকেৰা ফুলৰ কলি এটি তাৰ শৰীৰতো গজি উঠিছিল কেতিয়াবাই। এতিয়া সেয়া
ফুল গুচি ফল হ
ল। সি অনবৰতে সাপৰ গাঁত এটাৰ সন্ধান কৰি ফুৰিছিল। তাৰ
ভয় নাছিল। সি সাৱধানে সোমাই গৈছিল অন্ধকাৰ
, কেচেমা-কেচেম
গোন্ধৰ গাঁতবোৰলৈ। সকলো নাৰীৰ ভূগোলত একেডাল সৰীসৃপ আৱিষ্কাৰ কৰিবলৈ ধৰিছিল সি। 

কিন্তু নন্দিতা তেনে নহয়। তাই নুবুজে এই সাপ আৰু গাঁতৰ খেল। তাইৰ গছ পাতেৰে
সজা বাহটোত থাকি তাৰো আজিকালি ভাল লগা
হৈছে।

বাইল ফোনটো এক ছেকেণ্ডৰ বাবে বাজি উঠে। খুলি চাই দেখে তাৰ বেছিকৈ ব্যৱহাৰ কৰা
’ৰ্ন
-ছাইটটোৰ পৰা কিবা নটিফিকেশ্বন আহিছে।
এই ছাইটটো তাৰ ৰুমমেট দুটায়ো খুব ব্যৱহাৰ কৰে। ’ৰ্ন’গ্ৰাফীৰ পৃথিৱীত নতুন সংযোজন
ফেমডম্। নয়নৰ আজিকালি এইবোৰত উৎসাহ নোহোৱা
হৈ আহিছে। তাৰ ৰুমমেট ছানিৰ বাবে ফেমডম্ প্ৰৱল সম্ভৱনাময়। বহুতে নাজানে ছানিৰ
প্ৰকৃত নাম চিম্পী। জনাবোৰৰ বাবেও চিম্পী এতিয়া এক অধুনালুপ্ত চেতনা। চিম্পীয়ে
নিজেই নিজৰ নামটো সলনি কৰি ছানি কৰি লৈছে। কাগজে-পত্ৰই অৱশ্যে এতিয়াও চিম্পী।
কিন্তু চুলিৰ ষ্টাইল
, কাপোৰ-কানি, ৰহন-চহন
তোৱেই চিম্পীৰ
তিলমানো অস্তিত্ব বিচাৰি পোৱা নাযায়। গাঁতৰ সন্ধানত বলিয়া হোৱা ছানিয়ে
মাজে-মাজে উপায়হীন হৈ সাপ হৈয়ে নয়নৰ সমুখত পৰি দিয়ে। ফে
চবুকত চিনাকি হৈ নতুনকৈ প্ৰেম আৰম্ভ কৰা
ছানিয়ে আজিলৈকে ছোৱালীজনীক লগ পাবলৈ সাহস গোটাব পৰা নাই। কোঠাৰ ভিতৰৰ আলোচনাবোৰে
গ্ল
বেল ৱাৰ্মিঙৰ সতৰ্কবাণী, পৰিৰ্তিত
ৰাজনীতি
, মঙল গ্ৰহত মাটি কিনা-বেচাৰ পৰা গৈ আজিকালি
মাজে-মাজে ছানিৰ নতুন গাৰ্লফ্ৰে
ণ্ড পায়গৈ। তাই আজিকালি ফোনতে ভাৰ্চুৱেল তৃপ্তি বিচাৰিবলৈ ধৰিছে। ছানি বৰ অসহায় হৈ
পৰে। নয়নেই ৰক্ষা কৰি আছে এতিয়ালৈকে। নয়নৰ থেকেৰা ফল খুৱায়েই তাইক সদ্যহতে
সন্তুষ্ট কৰি থোৱা হৈছে। নয়নে প্ৰায়েই ছানিক তাইক সকলো কথা কৈ দিবলৈ কৈ থাকে।
কিন্তু পূৰ্বৰ অভিজ্ঞতাৰ পৰা ছানিয়ে বুজি উঠিছে মৰুভূমিত কোনেও খোজ কাঢ়িবলৈ
নিবিচাৰে।

পুৱা শুই উঠাৰ
পৰা চহৰখনে ঘোঁৰা এটাৰ দৰে চেঁকুৰি আছে। মাজে-মাজে একোটা বিকট চিঞৰ। এই চহৰক ভাল
পোৱাৰ কোনো কাৰণ নয়নে বিচাৰি নাপায়। ইয়াত পুৱাবোৰ সতেজ নহয়- আবেলিবোৰত
বিষণ্ণতা নাথাকে
আনকি ৰাতিবোৰেও নিসংগ হোৱাৰ অৱকাশ
নিদিয়ে। চৌব্বিছ ঘন্টাই ফ
’ৰ জি সেৱা চলি থাকে। নেটৱৰ্কৰ সমস্যাও নাই। অকণমান ৰূমটোত
সিহঁত তিনিটা প্ৰাণী থাকে। দিনটো ক্লাছ কৰি
, আদ্দা পিটি ভাগৰে-জুগৰে
আহি ৰূম সোমায়। নিজৰেই অগোচৰে লাহে-লাহে শনিবাৰটো প্ৰিয় হৈ সোমবাৰটো বৈচিত্ৰ্যহীন আৰু বিৰক্তিকৰ হৈ আহিছে। নাইন টু ফাইভ চাকৰি এটা কৰি জীয়াই থকাটোৱেই সিহঁতৰ জীৱনৰ
আল্টিমেট্ লক্ষ্য বুলি কোনেও কাকো নোকোৱাকৈ তিনিওটাই তিনিওটাৰ ক্ষেত্ৰত ভাবি লৈছে।
আনলিমিটেড্ অভাৱক সীমিত সম্পদেৰে কেনেকৈ পূৰণ কৰিব পৰা যায় সেই অৰ্থনীতিৰ সূত্ৰটো আহি কেতিয়ানো জীৱনৰ মূলমন্ত্ৰ হৈ পৰিল এটায়ো নাজানে। সৰুতে লিখা “জীৱনৰ লক্ষ্য
ৰচনাখনৰ কথা এতিয়া কোনেও মনত ৰখা নাই। ফ্লেছবেকলৈ ঘূৰি যাবলৈ সময়ো নাই,
ইচ্ছাও নাই। ডিলিট অপশ্বনটো স্পৰ্শ কৰিয়েই সকলো স্মৃতিকে
নিঃচিহ্ন কৰি দিব পাৰি। এৰা! ডিলিট অপশ্বনটো বৰ স্পৰ্শকাতৰ। প্ৰতিখন ফটো
,
প্ৰতিটো মে’ছে, ফোন নম্বৰ, প্ৰতিটো কল ৰেকৰ্ড মুঠতে সকলোৰে তলত ই ওলমি
থাকে। ডিলিট সদায়েই কৰোঁ বুলি কৰা নাযায়
, কেতিয়াবা
এনেয়েই হৈ যায়। তাৰ পাছৰখিনি হাহাকাৰৰ দিনলিপি।

পাক খুলি খুলি
গৈ সি সিহঁতৰ ঘৰৰ পুখুৰীটোৰ পাৰত ৰ
লগৈ। সি থৰ হৈ ৰৈ আছে যেনেদৰে সাত বছৰৰ পূৰ্বে ৰৈ আছিল। সি চকুহাল লাহেকৈ জপাই দিলে। তাৰ মূৰৰ
ওপৰেৰে আকাশ ধিয়াই পাৰ হৈ গৈছে এজাক চৰাই। কুহকিনী পৰত আকাশখনে হেঙুলীয়া আভা
সানি লৈছে গাত। কাষৰ ঘৰৰ নতুনকৈ জন্ম হোৱা কেঁচুৱাটোৰ কান্দোনে তাৰ তন্ময়তা ভাঙি দিলে।
লাহে লাহে সি দলংখনলৈ নামি গ’ল। মুখখন ধুই 
সি ঘৰৰ ভিতৰলৈ আহিল।
মাকে ইতিমধ্যে গোঁসাই ঘৰত সোমাইছে। সি লেম্প এটা জ্বলাই বিজ্ঞানৰ কিতাপখন উলিয়াই
লে।

হঠাৎ তাৰ ফোনটো
বাজি উঠিল। লগালগ ক্যাম বেক্। “হেল্লো! ক
ত আছা তুমি?” সিপাৰৰ পৰা ভাহি আহিছে নন্দিতাৰ চেনেহ পৰশা মাত। 

ৰূমৰ
পৰা অলপ ওলাই আহিছিলোঁ। তুমি ঘৰ পালাগৈ নে
?”-  নয়নে যিমান পাৰে স্বাভাৱিক হবলৈ চেষ্টা কৰিলে।

অলপ
আগতে সোমাইছোঁ আহি। আমাৰ ইয়াত বৰষুণ দিছে। তাতো দিব পাৰে অলপ পাছতে। আন্ধাৰো হৈ
আহিছে। সোনকালে ৰূমলৈ ব
লা৷”

সি ফোনটো
কাটিয়েই বাইক ষ্টাৰ্ট কৰিলে। পূৰ্ণ বেগেৰে সি ৰুমলৈ বাট বুলিলে। আকাশখন মেঘে
ন্দোলাই
আনিছে। বৰষুণত তিতাৰ ইচ্ছা তাৰ মনৰ পৰা সমূলঞ্চে নোহোৱা হৈ গৈছে। তাক খেদি নিছে
বৰষুণৰ ভয়ে তাক খেদি নিছে। সি ইতিমধ্যে মনতে ঠিক কৰিছে এটা কথা।
নন্দিতাক কেন্দ্ৰত ৰাখি সি এইবাৰ নতুনকৈ এটা বৃত্ত সাজিব।

* * *

 ঠিকনা :

 চতুৰ্থ ষাণ্মাসিক

 এইচ
পি বি গাৰ্লছ কলেজ

 গোলাঘাট

 srotaswinitamuly@gmail.com