মূল : (ইংৰাজী) ৰাস্কিন বণ্ড
অনুবাদ : বিদিশা
দত্ত
প্ৰায় দুবছৰৰ আগৰ
কথা৷ তেতিয়া মই উত্তৰ ভাৰতৰ ভৈয়ামৰ শ্বাহপুৰত আছিলোঁ৷ অতি গৰম আৰু ধূলিময় চহৰ বুলি
শ্বাহপুৰৰ নাম আছিল৷ সেই চহৰতে মই ইন্সপেক্টৰ কীমত লালক লগ পাইছিলোঁ৷
কীমত লাল স্থানীয়
আৰক্ষী থানাৰ দায়িত্বত আছিল৷ মানুহজন যথেষ্ট শকত-আৱত আছিল৷ শৰীৰৰ ওজনৰ কাৰণে স্বাভাৱিকতে
তেওঁৰ চলা-ফুৰাৰ গতি লেহেমীয়া আছিল আৰু মানুহজন কিছু এলেহুৱাও আছিল৷ কিন্তু মজাৰ কথাটো
হ’ল, বেছিভাগ এলেহুৱা মানুহৰ দৰেই তেওঁ বেছ বুদ্ধিয়ক আছিল৷ কৰ্মক্ষেত্ৰত কিন্তু তেওঁ
এজন ব্যৰ্থ মানুহ হিচাপেহে পৰিগণিত হৈছিল৷ বহু বছৰৰ আগতেই তেওঁ ইন্সপেক্টৰৰ পদ লাভ
কৰিছিল আৰু তাতকৈ বেছি কিবা পদোন্নতিৰ আশা এৰি দিছিল৷ তেওঁৰ ভাগ্যই একেবাৰে লগ এৰা
দিলে বুলি তেওঁ প্ৰায়ে কৈছিল৷ লগতে এয়াও কৈছিল যে, তেওঁ পুলিচৰ চাকৰি কৰিবই নালাগিছিল৷
তেওঁ মকৰ ৰাশি লৈ জন্ম লৈছিল, গতিকে হোটেলৰ ব্যৱসায়হে হেনো তেওঁৰ কাৰণে উপযুক্ত আছিল৷
কিন্তু নতুন ব্যৱসায়ৰ কথা চিন্তা কৰিবলৈ তেতিয়ালৈ তেওঁৰ সময় আৰু বয়স এটাও নাছিল৷
ইন্সপেক্টৰ আৰু মোৰ
কিছুমান কথাত মিল আছিল৷ তেওঁৰ বয়স চল্লিছৰ ওচৰ চাপিছিল আৰু মোৰ বয়স আছিল পঁচিছ৷ আমি
দুয়ো ইংৰাজীত কথা পাতিছিলো৷ শ্বাহপুৰত ভাল ইংৰাজী কোৱা মানুহ খুব কমেইহে আছিল৷ ইয়াৰ
উপৰি, আমাৰ দুয়োৰে বীয়েৰ খোৱাৰ অভ্যাস আছিল৷ শ্বাহপুৰত মনোৰঞ্জনৰ কোনো উপায় নাছিল৷
গা ডেই-পুৰি নিয়া গৰম, পূবফালৰ পৰা বলি অহা ধূলিময় বতাহজাক, অশান্তিকৰ মহবোৰ (মহ
আৰু মাখি সমানেই আছিল) আৰু সেই বিৰক্তিকৰ একেআগি জীৱনে সেৰসেৰীয়া চৰ্বততকৈ ভাল কিবা এবিধ
পানীয়ৰ কাৰণে হামৰাও কাঢ়িছিল৷
মোৰ ঘৰটো চহৰৰ বাহিৰৰ
হাই-উৰুমি নথকা শান্ত অঞ্চল এটাত আছিল৷ সপ্তাহৰ দুই-তিনিটা সন্ধিয়াত, যেতিয়া বেলি
মাৰ যোৱাৰ পাছত পাতল আন্ধাৰ বিয়পে আৰু ওখ চিলিং থকা শীতল শোৱনি কোঠাৰ পৰা বাহিৰলৈ
ওলাই অহাটো সম্ভৱ হৈ উঠে, তেনে সময়তে ইন্সপেক্টৰ কীমত লাল আহি উপস্থিত হয়হি৷ বাৰাণ্ডাৰ
খটখটিত ভৰি থৈয়ে তেওঁ ৰূমালৰ সলনি লৈ ফুৰা সৰু গামোচাখনেৰে মুখমণ্ডলৰ ঘাম মচে৷ মোৰ
একমাত্ৰ লগুৱাটো, যাক এজন পুলিচ ইন্সপেক্টৰৰ প্ৰতি বহন কৰি থকা ভয়মিশ্ৰিত সন্মানকণে
সামান্য উত্তেজিত কৰি ৰাখে, সি গিলাছ, বৰফ আৰু ভালৰো ভাল দেশী বীয়েৰৰ বটল কেইটামান
লৈ খৰখেদাকৈ ওলাই আহে৷
তেনে এটা সন্ধিয়াৰ
কথা৷ আমাৰ চতুৰ্থ বটল শেষ হ’বৰ হৈছিল৷ তেনেতে মই ক’লোঁ, “ইন্সপেক্টৰ, আপোনাৰ চাকৰিকালত
কেতিয়াবা চাগে কিছুমান বৰ আমোদজনক কে’ছ আহিছিল, নহয় নে!”
তেওঁ উত্তৰ দিলে,
“নাই নাই! বেছিভাগেই সাধাৰণ কে’ছ আছিল৷ সেইবোৰ কে’ছ অৱশ্যে সমাধান কৰিব পৰা গৈছিল৷
পিছে ভালেকেইটা চাঞ্চল্যকৰ কে’ছৰ সমাধান সূত্ৰ নোলোৱাকৈয়ে ৰৈ গ’ল; নহ’লে এতিয়ালৈ
চাগে মই এছ পি হৈ থাকিলোহেঁতেন! তুমি নিশ্চয় হত্যাকাণ্ডৰ কে’ছবোৰৰ কথাকে সুধিছা,
নহয় জানো! গৃহমন্ত্ৰীক গুলীয়াই মৰা ঘটনাটো মনত আছেনে? মই সেইটো ঘটনাৰো তদন্ত কৰিছিলোঁ৷
কিন্তু সেয়া আছিল এক ৰাজনৈতিক হত্যাকাণ্ড, আমি সেয়া সমাধান কৰিবলৈ সক্ষম নহ’লোঁ৷”
“আপুনি সমাধান কৰা
কে’ছ এটাৰ কথাকে কওকচোন বাৰু”, মই ক’লোঁ, “কিবা এটা ইণ্টাৰেষ্টিং কে’ছৰ কথা কওক”৷
তেওঁক হঠাতে অলপ
অস্বস্তিত পৰা যেন দেখা গ’ল৷ লগে লগে মই ক’লোঁ, ‘আপুনি চিন্তা নকৰিব, ইন্সপেক্টৰ৷ আপুনি
মোক বিশ্বাস কৰিব পাৰে, লাগিলে যিমান বটল বিয়েৰ মোৰ পেটলৈ নাযাওক কিয়৷”
“তোমাক চকু মুদি
বিশ্বাস কৰিব পাৰি জানো? তুমিতো এজন লেখক!”
মই কৈ উঠিলোঁ, “আৰে’!
লেখকসকলেই দেখোন আটাইতকৈ বেছি বিশ্বাসযোগ্য হয়! কাৰণ তেওঁলোকে কাহিনীত মানুহ আৰু ঠাইৰ
প্ৰকৃত নাম কেতিয়াও নিদিয়ে৷”
এইবাৰ তেওঁ সাধাৰণতে
নমৰা বিৰল হাঁহি এটা মাৰি সুধিলে, “বাৰু কোৱাঁচোন, মই যদি তোমাৰ কাহিনীৰ এটা চৰিত্ৰ
হৈ পৰোঁ, মোক তুমি কেনেকৈ দাঙি ধৰিবা?”
“আপুনি যেনেকুৱা
ব্যক্তি, তেনেকৈয়ে আপোনাৰ কথা মই বৰ্ণনা কৰিম৷ মই যে আপোনাৰ কথা লিখিছোঁ, সেয়া কোনেও
ধৰিবই নোৱাৰিব৷”
তেওঁ হো-হোৱাই হাঁহিলে
আৰু মগটোত আৰু অলপ বিয়েৰ ঢালি ল’লে৷
“মই ভাবিছোঁ, ময়ো তেনে নাম সলনি কৰি কথাখিনি কোৱাহে ঠিক হ’ব৷ মই তোমাক ইণ্টাৰেষ্টিং কে’ছ এটাৰ কথা ক’ম৷
সেই ঘটনাটোৰ বলি হোৱাজন আছিল এক বিশেষ ব্যক্তি, আৰু হত্যাকাৰীও আছিল বিশেষ৷ কিন্তু
তুমি মোক কথা দিব লাগিব, যে তুমি এই কে’ছটোৰ কথা কেতিয়াও কাহিনী হিচাপে নিলিখাঁ৷”
“মই আপোনাক কথা দিছোঁ”,
মই মিছাকৈয়ে ক’লোঁ৷
“পানৌলিৰ নাম শুনিছানে?”
“সেই পাহাৰীয়া ঠাইখন
নেকি? মই এবাৰ নে দুবাৰ তালৈ গৈছোঁ৷”
“বাৰু তেন্তে, ঠাইখনৰ
চিনাকি বেলেগকৈ নিদিলেও হ’ব৷ প্ৰায় তিনি বছৰৰ আগৰ ঘটনা৷ সেই ঘটনাটোৰ কিছুদিনৰ আগতে
মই পানৌলিত জইন কৰিছোঁহে৷ ঠাইখনত চিন্তাজনক তেনেকুৱা একো সংঘটিত হোৱা নাছিল৷ কেতিয়াবা
চুৰি-ঠগবাজীৰ গোচৰ দুই- এটা আহিছিল৷ গৰমৰ দিনবোৰত মাজে মাজে কাজিয়া কিছুমান হৈছিল৷ প্ৰায়
দহ বছৰৰ মূৰত ক’ৰবাত কিজানি এটা হত্যাকাণ্ড সংঘটিত হৈছিল৷ গতিকে, এই ঘটনাটো যথেষ্ট গুৰুতৰেই
আছিল৷ এগৰাকী ৰাণী… তেওঁ কোন ঠাইৰ ৰাণী আছিল, সেয়া থাকক, নিজৰ বহা কোঠাত মৃত অৱস্থাত
উদ্ধাৰ হৈছিল৷ তেওঁ মূৰত কুঠাৰেৰে ঘপিওৱা অৱস্থাত পৰি আছিল৷ মই জানিছিলোঁ, যে মই পানৌলীত টিকি থাকিবলৈ হ’লে কে’ছটো মীমাংসা কৰিবই লাগিব৷
কিন্তু সমস্যাটো
আছিল- ৰাণীৰ হত্যাকাৰী বুলি সন্দেহ কৰিব পৰা মানুহ তেনেই তাকৰ নাছিল৷ কাৰণ ৰাণী মৰিল
বুলি জানি মুকলিকৈ সন্তুষ্টি ব্যক্ত কৰা মানুহ ভালেমান দেখা গৈছিল৷ ইয়াৰ অৰ্থ আছিল-
ৰাণী বেছিভাগ মানুহৰে প্ৰিয় নাছিল৷ ৰাণীৰ স্বামীৰ কেতিয়াবাই মৃত্যু হৈছিল, তেওঁলোকৰ
সন্তানকেইটাও অ’ত ত’ত আছিলগৈ৷ ৰাণী হ’লেও পিছে তেওঁ বিশেষ চহকী ৰাণী কোনোদিনেই নাছিল৷
টকা-সিকা যি আছিল, সেয়াও ক্ৰমান্বয়ে টুটিহে আহিছিল৷ চহৰৰ বাহিৰৰ এটা পুৰণি ঘৰত তেওঁ
অকলে থাকিছিল৷ এক কৰ্তৃত্বশীল মহিলাৰ কঠোৰতাৰে তেওঁ সেই অঞ্চলটো শাসন কৰিছিল৷ ৰাণীৰ
লগত এটা লগুৱা আছিল৷ সেই লগুৱাটোৱেই প্ৰথমে মৃতদেহটো দেখিছিল আৰু পুলিচ থানালৈ আহি
ভয়ত কঁপি কঁপি খেলিমেলিকৈ কথাবোৰ কৈছিল৷ মই তৎক্ষণাত তাক গ্ৰেপ্তাৰ কৰিছিলোঁ৷ মই জানিছিলোঁ
যে সি হয়তো নিৰ্দোষী৷ কিন্তু আমাৰ এটা মৌলিক নিয়ম আছে যে অপৰাধ সংঘটিত হোৱা স্থানত
প্ৰথম উপস্থিত হোৱা মানুহজনক ধৰিব লাগে, বিশেষকৈ তেওঁ যদি মৃতজনৰ লগুৱা হয়৷ অৱশ্যে
আমি তাক দুচাটমান দিয়াৰ পাছত এৰি দিছিলোঁ৷ সি আমাক বিশেষ একো তথ্য দিব পৰা নাছিল আৰু
সি যে অপৰাধটো কৰা নাছিল, সেয়া আমি বুজি পাইছিলোঁ৷
যিখন কুঠাৰেৰে ৰাণীক
হত্যা কৰা হৈছিল, সেইখন নিশ্চয় কোনো খৰিকটীয়াৰ কুঠাৰ আছিল – ৰাণীৰ মূৰৰ ঘাটুকুৰা
দেখি আমি সেয়াই অনুমান কৰিছিলোঁ৷ আমি কুঠাৰখন কিন্তু বিচাৰি পোৱা নাছিলোঁ৷ হত্যাকাৰী
কেৱল পুৰুষহে হ’ব পাৰে বুলি নহয়, মহিলাও হ’ব পাৰে বুলিও আমি সন্দেহ কৰিছিলো৷ কাৰণ
ৰাণীৰ প্ৰতি ক্ষোভ পুহি ৰখা মানুহখিনিৰ ভিতৰত পুৰুষৰ সমানে মহিলাও আছিল৷ বজাৰত উৰাবাতৰি
ওলাইছিল যে ৰাণীয়ে ছোৱালী সৰবৰাহ কৰিয়েই পইচা ঘটি আছিল, আৰু সেই ব্যৱসায়ৰ কাৰণে
প্ৰয়োজনীয় সংযোগবোৰ ৰাণীৰ ভালকৈয়ে জ্ঞাত আছিল৷ ৰাণীৰ বিশাল ধন-সম্পত্তিৰ ভাণ্ডাৰ
আছে বুলিও উৰাবাতৰি ওলাইছিল, আৰু সেইবোৰ হেনো ৰাণীয়ে কোনো গোপন গুদামত থৈ দিছিল৷ অৱশ্যে
আমি কোনো ধন-সম্পত্তি বিচাৰি নাপালোঁ৷ বতাহত ধূলিকণা বিয়পাৰ দৰে চৌপাশে ইমানবোৰ উৰাবাতৰি
বিয়পি আছিল যে মই সেইবোৰ অনুসৰণ কৰি তদন্ত চলোৱাৰ চেষ্টাত সময় নষ্ট নকৰাৰ সিদ্ধান্ত
ল’লো৷ ৰাণীৰ আশে-পাশে থকাসকলক আৰু আত্মীয়খিনিক মই সোধা-পোচা কৰিবলৈ আৰম্ভ কৰিলোঁ৷
মুম্বাইৰ এজন ধনী
ব্যৱসায়ী মিষ্টাৰ কাপুৰৰ পৰাই মই তদন্ত আৰম্ভ কৰিলোঁ৷ মিষ্টাৰ কাপুৰৰ পানৌলীত এখন
ঘৰ আছিল৷ তেওঁক ৰাণীৰ পুৰণা বন্ধু বুলি অনুমান কৰা হৈছিল৷ মই জানিবলৈ পাইছিলোঁ যে তেওঁ
মাজে মাজে ৰাণীক টকা ধাৰলৈ দিছিল৷ এক নলে-গলে লগা বন্ধু বুলি দাবী কৰাৰ পাছতো তেওঁ ৰাণীৰ
পৰা উচ্চ হাৰত সুত লৈছিল৷
তাৰ পাছত গ’লো ৰাণীৰ
চুবুৰীয়া আমেৰিকান মিশ্বনেৰীজন আৰু তেওঁৰ পত্নীৰ ওচৰলৈ, যিয়ে ৰাণীক খ্ৰীষ্টান ধৰ্মত
দীক্ষিত কৰাবলৈ চেষ্টা কৰি আছিল৷ তাৰ পাছত সত্তৰ বছৰীয়া ইংৰাজ মহিলাগৰাকী, যিয়ে ৰাণীৰ
লগত অহি-নকুল সম্পৰ্ক থকা বুলি অকপটে কৈছিল৷ এজন স্থানীয় পাৰিষদ আৰু তেওঁৰ পৰিয়াল,
যিয়ে অভিজাত প্ৰতিবেশী ৰাণীৰ লগত ভালদৰে মিলি থাকিব পৰা নাছিল; আৰু এজন দৰ্জী, যাৰ
দোকানখন ৰাণীৰ বাসগৃহৰ ওচৰতে আছিল৷ ৰাণীৰ হত্যাকাৰী বুলি সামান্যতমো সন্দেহ কৰিব পৰাকৈ
কোনো শক্তিশালী আভাস এই মানুহখিনিৰ মাজত বিচাৰি পোৱা নগৈছিল অথবা মই দেখা নাছিলোঁ৷
কিন্তু দৰ্জীৰ জীয়েকজনীৰ প্ৰতি মোৰ কৌতূহল জন্মিছিল৷
তাইৰ নাম আছিল কুসুম৷
তাইৰ বয়স আছিল বাৰ-তেৰ বছৰ৷ মাগুৰ বৰণীয়া, লাহি-পাহি, মৰম লগা ক’লা চকু এহাল আৰু ধুনীয়া
হাঁহি এটা মাৰি থকা ছোৱালী এজনী৷ ৰাণীৰ ঘৰৰ আশে-পাশে মোৰ নিয়মীয়া অনুসন্ধানবোৰ চলি
থাকোঁতে মন কৰিলোঁ যে ছোৱালীজনীয়ে মোক এৰাই চলিবলৈ চেষ্টা কৰে৷ মই যেতিয়া তাইক ৰাণীৰ
বিষয়ে, আৰু ঘটনাৰ দিনা তাইৰ গতিবিধিৰ বিষয়ে প্ৰশ্ন কৰিছিলো, তাই আঁকৰীজনীৰ দৰে বৰ
অস্পষ্ট আৰু খেলিমেলিকৈ উত্তৰবোৰ দিছিল৷
কিন্তু মই দেখিলোঁ
যে তাই তেনেকুৱা আঁকৰী নহয়, আৰু মই নিশ্চিত হ’লোঁ যে তাই ৰাণীৰ বিষয়ে আনে নজনা কিবা
এটা জানে৷ তাই হত্যাকাণ্ডৰ বিষয়েও হয়তো কিবা এটা জানে৷ তাই হয়তো কাৰোবাক বচাব খুজিছে,
অথবা তাই জনাখিনি মোক ক’বলৈ ভয় কৰিছে৷ ৰাণীৰ সেই ভয়াৱহ মৃত্যুৰ কথা উল্লেখ কৰোঁতে
তাইৰ চকুহালত মই ভয় দেখা পাইছিলোঁ৷ মই ভাবিবলৈ ধৰিলোঁ- ছোৱালীজনী হয়তো বিপদত পৰিব
পাৰে, আৰু তাইৰ ওপৰত তীক্ষ্ণ চকু ৰাখিবলৈ আৰম্ভ কৰিলোঁ৷ ছোৱালীজনীলৈ মোৰ মৰম লাগিছিল৷
তাইৰ মুখৰ কমনীয়তা, কোমল বয়সৰ সতেজতা আৰু তাইৰ চকুহালৰ নিষ্কলুষ, অবাক চাৱনিটো মোৰ
বৰ ভাল লাগিছিল৷ মই যেতিয়াই সুবিধা পাইছিলোঁ, পিতৃস্থানীয় মানুহ এজনৰ সহজাত মৰমেৰে
তাইৰ লগত কথা পাতিছিলোঁ৷ মই এয়াও জানিছিলোঁ যে তায়ো মোৰ লগত কথা পাতি ভাল পাইছিল৷
পানৌলিৰ পাহাৰীয়া উঠা-নমা ৰাস্তাৰে খোজ কাঢ়ি মই ফোঁপাইছিলোঁ আৰু তাই সেয়া দেখি বৰ
আমোদ পাইছিল৷ মই ধৰিব পাৰিছিলোঁ যে তাই মোক কিবা এটা ক’ব খোজে, কিন্তু কিবা এটা কাৰণত
তাই নোকোৱাকৈ ৰৈ যায়৷
এদিন আবেলি, ৰাণীৰ
ঘৰৰ কিছুমান বস্তু নিৰীক্ষণ কৰি থাকোঁতে দুৱাৰ এখনৰ কাষৰ সৰু ফাঁক এটাত কিবা এটা জিলিকি
থকা দেখিলোঁ৷ বেলিৰ শেষ পোহৰকণ খিৰিকীৰ আইনাৰে বিৰিঙি আহি সেই সৰু বস্তুটোক জিলিকাই
নোতোলাহ’লে সি চাগে মোৰ চকুত নপৰিলেইহেঁতেন৷ মই তললৈ হাউলি
টুকুৰাটো তুলি আনিলোঁ৷ সেইটো আছিল চিঁচাৰ খাৰুৰ ভগা টুকুৰা এটা৷
মই টুকুৰাটো হাতত
লৈ ভালকৈ লক্ষ্য কৰিলোঁ৷ তাৰ ৰং আৰু নক্সাটো মোৰ চিনাকি যেন লাগিছিল৷ কুসুমে পিন্ধা
চিঁচাৰ খাৰুবোৰ এনেকুৱা নাছিল নে! মই ছোৱালীজনীক বিচাৰি গ’লোঁ, কিন্তু তাই দেউতাকৰ দোকানত
নাছিল৷ মোক কোৱা হ’ল যে তাই খৰি লুৰিবলৈ পাহাৰৰ নামনিলৈ গৈছে৷
মই পাহাৰৰ পৰা ঠেক
ৰাস্তাটোৰে নামি যোৱাৰ সিদ্ধান্ত ল’লোঁ৷ ৰাস্তাটো কিছুমান শিল আৰু সাগৰফেনাৰ মাজেৰে
অঁকাই-পকাই গৈ ওক গছৰ হাবি এখনত মিলি পৰিছিল৷ হাবিখনৰ দাঁতিত খৰিৰ দ’ম এটাৰ কাষত কুসুম
বহি আছিল৷
“তুমি সদায়েই এনেকৈ
অকলে ঘূৰি ফুৰা নেকি?” মই সুধিলোঁ, “ভয় নালাগে?”
“অকলে থাকিলে বিপদত
নপৰোঁ”, তাই উত্তৰ দিলে, “ইয়ালৈ কোনো নাহে৷”
মই ফটকৈ তাইৰ হাতৰ
মণিবন্ধৰ খাৰুকেইপাতলৈ চালোঁ৷ সঁচাকৈয়ে সেই ভগা টুকুৰাটোৰ ৰং এই খাৰুকেইপাতৰ সৈতে
একেই আছিল৷ মই ভগা চিঁচাৰ টুকুৰাটো তাইক দেখুৱাই ক’লোঁ, “এইটো মই ৰাণীৰ ঘৰত পালোঁ৷ এই
টুকুৰাটো কিজানি…”
মোৰ কথাষাৰ শেষ হোৱালৈ
তাই নৰ’ল৷ ভয়তে তাইৰ চকু-মুখ কিবা হৈ পৰিল আৰু বহাৰ পৰা জঁপিয়াই উঠি তাই হাবিলৈ দৌৰ
মাৰিলে৷
এই আকস্মিকতাত মই
অবাক হৈ পৰিলোঁ৷ মই তাইৰ এনে এক প্ৰতিক্ৰিয়া আশা কৰা নাছিলোঁ৷ খাৰুৰ সেই ভগা টুকুৰাটোত
কি ৰহস্য সোমাই আছিল? মই তাইৰ পিছে পিছে দৌৰি গ’লো৷ সেই এঢলীয়া এলেকাটো পাইন গছেৰে
ভৰি আছিল৷ তাইক বিচাৰি গছবোৰৰ মাজত ঘূৰি ফুৰোঁতে মই পিছফালে কাৰোবাৰ উচুপনি এটা শুনিলোঁ৷
পিছলৈ ঘূৰি চাই দেখোঁ- হাতত কুঠাৰ এখন লৈ তাই ডাঙৰ শিল এছটাৰ ওপৰত ৰৈ আছে৷
মই তাইলৈ চোৱাৰ লগে
লগে তাই কুঠাৰখন দাঙি মোক খেদি আহিল৷
মই এনে কিংকৰ্তব্যবিমূঢ়
অৱস্থাত পৰিছিলোঁ যে তাই কুঠাৰ লৈ মোক খেদি অহা দেখিও মই মুখ মেলি চাই থকাৰ বাদে একো
কৰিব নোৱাৰিলোঁ৷ তাই যিধৰণে চোঁচা মাৰি আহিছিল, তাইৰ হাতৰ কুঠাৰখনে মোৰ ডাঠ-পিত লাওখোলাটো
চাগে ভাঙি দিলেহেঁতেন৷ কিন্তু মোৰ ওচৰ পাবলৈ ছফুটমান থাকোঁতেই তাইৰ হাতৰ পৰা কুঠাৰখন
ওলাই আহিল৷ জীৱ থকা বস্তু এটাৰ দৰেই ই মোৰ ফালে উফৰি আহিল৷ বেছ ওজন থকা মানুহ যদিও
মই ৰৈ থকা ঠাইৰ পৰা ফটকৈ অকণমান আঁতৰি দিলোঁ৷ কুঠাৰখনে মোৰ কান্ধত অকণমান স্পৰ্শ কৰি
পিছফালে থকা গছজোপাৰ গা-গছৰ কোমল অংশ এটাত ঘাপ মাৰি ৰৈ গ’ল৷ কুসুমে মোৰ ভৰিৰ ওচৰত বহি
হুৰাওৰাৱে কান্দিবলৈ ধৰিলে৷”
এইখিনিতে ইন্সপেক্টৰ
কীমত লাল অলপ থমকি ৰ’ল৷ খালি হোৱা গিলাছটো তেওঁ পুনৰ ভৰ্তি কৰি দীঘল শোহা এটা মাৰিলে৷
তেওঁৰ মোছকোছাত বীয়েৰৰ ফেন জিলিকি উঠিল৷
“তাৰ পাছত কি হ’ল?”
মই তেওঁক কাহিনী আগবঢ়াই নিবলৈ উৎসাহ দিলোঁ৷
“তাৰ পাছত যি হ’ল,
সেয়া হোৱাটো কিজানি এই ভাৰতত, আৰু মোৰ দৰে ব্যক্তিৰ দ্বাৰাহে সম্ভৱ!” তেওঁ ক’লে, “সেয়া
হৈছে শাস্তি দিবলগীয়া মানুহজনৰ প্ৰতি হঠাতে দয়ালু হৈ পৰাটো৷ খঙত একোনাই হৈ ছোৱালীজনীক
ধৰি থানালৈ লৈ যোৱাৰ পৰিৱৰ্তে মই তাইৰ মূৰত মৰমেৰে হাত ফুৰালোঁ আৰু সান্ত্বনাসূচক কিছু
কথাৰে তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ৷”
“তাই আপোনাক কৈছিল
নেকি যে তায়েই ৰাণীক মাৰিছিল?”
“তাই মোক কৈছিল,
কেনেকৈ ৰাণীয়ে তাইক ঘৰলৈ মাতিছিল আৰু তাইক চাহ-মিঠাই খুৱাইছিল৷ মিষ্টাৰ কাপুৰ তেতিয়া
ৰাণীৰ ঘৰত আছিল৷ কিছু সময়ৰ পাছত কাপুৰে কুসুমৰ বাহু দুটা মোহাৰিবলৈ ধৰিছিল আৰু তাইৰ
আঁঠু দুটা চেপি ধৰিছিল৷ তাই অলপ আঁতৰি গৈছিল যদিও কাপুৰে তাইৰ গাত হাত ফুৰাই থাকিবলৈ
এৰা নাছিল৷ ৰাণীয়ে তাইক কৈছিল যে তাইৰ একো হানি নহয়, তাই ভয় কৰিব নালাগে৷ কুসুমে
উচাৎ মাৰি কাপুৰৰ ওচৰৰ পৰা আঁতৰি গৈ দুৱাৰৰ ওচৰ পাইছিলগৈ৷ তেনেতে ৰাণীয়ে তাইৰ কান্ধত
ধৰি তাইক পুনৰ কোঠাটোৰ ভিতৰলৈ টানি নিছিল৷ ৰাণীৰ খং উঠিছিল৷ কোঠাটোৰ এটা চুকত পৰি থকা
কুঠাৰখনৰ ওপৰত কুসুমৰ চকু পৰিল৷ তাই ফটকৈ সেইখন তুলি লৈ মিষ্টাৰ কাপুৰক সকীয়নি দিলে৷
মানুহজনে তেতিয়া বুজি পালে যে তেওঁ গণ্ডগোল এটা কৰিলে, আৰু অকণমান পিছ হুঁহকি গ’ল৷
কিন্তু ৰাণীয়ে খঙত জ্বলি-পকি হাত দাঙি তাইৰ ফালে চোঁচা মাৰি গ’ল৷ কুসুমে হিতাহিত জ্ঞান
হেৰুৱাই গাৰ সমস্ত জোৰেৰে কুঠাৰখনেৰে ৰাণীৰ মূৰত আঘাত কৰিলে৷
ৰাণী মাটিত বাগৰি
পৰিল৷ মিষ্টাৰ কাপুৰৰ প্ৰতিক্ৰিয়া চাবলৈ কুসুম ৰৈ নাথাকিল৷ তাই দৌৰি ওলাই গ’ল৷ দুৱাৰডলিত উজুটি খাই চাগে তাইৰ খাৰু এপাত ভাগিল৷ হাতত কুঠাৰখন লৈ তাই দৌৰি দৌৰি হাবিত সোমালগৈ৷
কুঠাৰখন ওখ ঢেঁকীয়াৰ মাজত লুকুৱাই আন্ধাৰ হোৱালৈকে তাই তাতে কান্দি কান্দি বহি থাকিল৷
ভাগ্যক্ৰমে তাইৰ স্বভাৱত ইমানখিনি স্থিতিস্থাপকতা আছিল, যে তাই স্বাভাৱিক অৱস্থালৈ
নিজক সোনকালেই ঘূৰাই নিব পাৰিলে৷ তাৰ পাছৰ দিনবোৰত তাই গোটেই ঘটনাটোৰ প্ৰভাৱৰ পৰা নিজক
আঁতৰাই ৰাখিবলৈ সমৰ্থ হ’ল৷”
“তাৰ পাছত আপুনি
কি কৰিলে?” মই সুধিলোঁ৷
দেশী বীয়েৰৰ প্ৰভাৱত
হয়তো মোৰ চকুহালৰ ৰং বেলেগ হৈ পৰিছিল৷ কীমত লালে স্থিৰ দৃষ্টিৰে মোৰ চকুলৈ চাই ক’লে,
“একো নকৰিলোঁ৷ মই একোৱেই নকৰিলোঁ৷ সেই নিৰপৰাধী ছোৱালীজনী শিশু অপৰাধীৰ গৃহত থকাটো
মই নিবিচাৰিলোঁ৷ তাত থকা হ’লে তাইৰ আত্মাটোৱেই ভাগি চূৰমাৰ হৈ গ’লহেঁতেন৷”
“আৰু কাপুৰ বোলাজনৰ
কি হ’ল?”
“তেওঁ একেবাৰে তাপ
মাৰি থাকিল৷ তাৰ কাৰণটো অনুমান কৰিব পাৰিছাই চাগে! সেইটো কে’ছ সেইখিনিতে বন্ধ হৈ গ’ল;
অথবা, হয়তো মই এনেকৈ কোৱাহে উচিত হ’ব যে সেই ফাইলটো পেণ্ডুলাম এটাত ওলমি থাকিল৷ মোৰ
চাকৰিৰ প্ৰমোচনৰ বিষয়টোও সেই পেণ্ডুলামতে ওলমি থাকিল৷”
“এই ঘটনাটোত আপোনাৰে
লোকচান বেছি হ’ল”, মই ক’লোঁ৷
“মই তেনেকৈ নাভাবোঁ৷
মইতো এতিয়াও ইয়াৰ, মানে এই শ্বাহপুৰৰ ইন্সপেক্টৰ হৈ আছোঁ৷ কিন্তু, কোৱাঁচোন, মোৰ ঠাইত
হোৱা হ’লে তুমি কি কৰিলেহেঁতেন?”
তেওঁৰ প্ৰশ্নটো শুনি
মই কেইটামান মুহূৰ্তৰ কাৰণে কিবা এটা ভাবিলোঁ আৰু ক’লোঁ, “ছোৱালীজনীৰ প্ৰতি মোৰ কিমান
সহানুভূতিৰ সৃষ্টি হ’ল, তাৰ ওপৰতে নিৰ্ভৰ কৰি কিজানি মই সিদ্ধান্ত ল’লোহেঁতেন৷ তাই
হত্যাকাৰী আছিল যদিও নিৰ্দোষী আছিল…”
“তুমিও তেন্তে ঘটনাটো
আইনৰ চকুৰে চোৱাতকৈ মনৰ অনুভৱখিনিকহে আগস্থান দিলাহেঁতেন?”
“হয়৷ গতিকে মই চাগে
মই বিশেষ ভাল পুলিচ অফিচাৰ হ’ব নোৱাৰিলোহেঁতেন৷”
“সেয়াই আচল কথা৷”
“তথাপি কওঁ, কাপুৰ
বোলাজনক কিন্তু ইমান সহজে সাৰি যাবলৈ দিব নালাগিছিল৷”
“চোৱাঁ, ছোৱালীজনীক
এৰি দিওঁ বুলি ভবাৰ পাছত মোৰ ওচৰত অন্য কোনো বিকল্প নাছিল৷ পিছে কাপুৰো একেবাৰে সাৰি
নগ’ল৷ সেই ঘটনাৰ কেইমাহমানৰ পাছত তেওঁ কিবা এক ব্যৱসায় সংক্ৰান্তত কাৰোবাক ঠগন দি
বিপদত পৰিল, আৰু কেইবছৰমানৰ কাৰণে জেইললৈ গ’ল৷”
“সেই ছোৱালীজনীক
আপুনি পিছত কেতিয়াবা দেখা পাইছিল নে?”
“অঁ, মই পানৌলীৰ
পৰা ট্ৰেন্সফাৰ হৈ অহাৰ আগতে কেতিয়াবা তাইক স্কুললৈ যোৱাৰ বাটত দেখিছিলোঁ৷ মোক দেখিলে
তাই হাত দুখন যোৰ কৰি আংকল বুলি মাতিছিল৷”
ইতিমধ্যে বিয়েৰৰ
আটাইবোৰ বটল খালী হৈছিল৷ ইন্সপেক্টৰ কীমত লাল যাবলৈ ওলাল৷ সেইদিনা যোৱাৰ আগতে তেওঁ
কোৱা শেষ কথাষাৰ আছিল- “বুজিছা, মই আচলতে পুলিচ হ’বই নালাগিছিল!”
***
ঠিকনা :
দুলীয়াজান
ভ্ৰাম্যভাষ- ৭০৯৯৫৯৩০৫৭