এপাট শৰ আৰু এটা গান

মূল
: Henry Wadsworth Longfellow
 

কবিতা: The Arrow and the Song

ভাবানুবাদ : দীপাঞ্জলি দেৱী

    

শূণ্যতে মই এপাট শৰ এৰিলোঁ

তীব্র বেগত সি উৰি গ’ল

মই তলকিবই নোৱাৰিলোঁ

শৰপাটে ভেদিলে  ক’ত … 

 

প্ৰাণ ঢালি 

এটি গীত জুৰিলোঁ

বতাহতে ভাহি গ’ল

নাজানিলোঁ চুই গ’ল যদি

কাৰোবাৰ  কোমল অন্তৰ

 

বহুদিনৰ পাছত

শৰপাট বিচাৰি পালোঁ

অক্ষত ৰূপত 

এজোপা গছত

 

আৰু গীতটো

আছিল

এজন বন্ধুৰ হৃদয়ত 

ছন্দায়িত হৈ

অবিকল ৰূপত … 

ঠিকনা :

সহকাৰী অধ্যাপক

অসমীয়া বিভাগ

আমগুৰি মহাবিদ্যালয়

ভ্ৰাম্যভাষ : ৯৮৬৪২৩১৫৯২


 * দুৰ্ভাগ্যজনক কাৰিকৰী ত্ৰুটিৰ বাবে যোৱা এপ্ৰিল সংখ্যাৰ ‘অন্যযুগ’ত এই লেখাটো প্ৰকাশ কৰাৰ পাছতো পঠনযোগ্য হোৱা নাছিল। সেয়ে এই সংখ্যাত লেখাটো পুনৰাই প্ৰকাশ কৰা হ’ল।