ভাৱাল সন্ন্যাসী

 

অমৃত গোস্বামী

 

আইতা-ককা-দেউতাহঁতৰ
মুখত আমি সৰু হৈ থাকোঁতে‌  শুনিবলৈ পোৱা, বা
পাছত ডাঙৰ হৈ  নিজে পঢ়া ৰূপকথা বা সাধুকথা
একোটাৰ  দৰেই কাহিনীটো৷‌ মই যিটো কাহিনীৰ কথা
ক’বলৈ‌ বিচাৰিছোঁ সেইটো হ’ল বিখ্যাত ভাৱাল‌ সন্ন্যাসীৰ কাহিনীটো৷ এই জীৱন-মৃত্যুৰ
অৱসানৰ   কাহিনীটো এটা সম্পূৰ্ণ বাস্তৱ কাহিনী৷‌
 

ঠিক সাধু বা কাল্পনিক
কাহিনী একোটাৰ দৰেই জয়দেৱপুৰৰ জমিদাৰ বা ৰজা এজনে মৃত্যুৰ সম্পূৰ্ণ বাৰ বছৰৰ পাছত,
আকৌ সোঁ-শৰীৰে  সন্ন্যাসীৰ ৰূপত স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ
কাহিনী, এই ‘ভাৱাল সন্ন্যাসী’ নামৰ কাহিনীটো এটা অতি ৰহস্যময় বাস্তৱ কাহিনী৷ এই মৃত
ৰজাজনৰ সন্ন্যাসীৰূপত পুনৰ আবিৰ্ভাৱৰ কাহিনীৰ ঘটনাটো আমাৰ নিচেই কাষৰ, বৰ্তমানৰ বাংলাদেশৰ,
আৰু আগৰ অবিভক্ত ভাৰতবৰ্ষৰ ভিতৰৰে জয়দেৱপুৰ বোলা ঠাইডোখৰত সংঘটিত হৈছিল৷ মৃত বুলি ঘোষণা
কৰি, পাছত ৰীতিমত সৎকাৰ কৰাৰ বাৰ বছৰৰ মূৰত নিজৰাজ্যলৈ ঘূৰি আহি নিজৰ অস্তিত্ব সাব্যস্ত
কৰা, আৰু পৈতৃক জমিদাৰী দাবী কৰা এই বাস্তৱ কাহিনীটো বেছ চাঞ্চল্যকৰ৷
 

সন্ন্যাসীৰূপী ৰজা
বা জমিদাৰজনে ঘূৰি আহি যেতিয়া নিজৰ সম্পত্তি দাবী কৰিলে, তেতিয়া সেই সময়ত জমিদাৰী দখল
কৰি থকা চক্ৰান্তকাৰী আৰু সুবিধাবাদী লোকসকলে জমিদাৰক অস্বীকাৰ কৰিলে৷ পৰিস্থিতি আৰু
জটিল হৈ পৰিল যেতিয়া জমিদাৰৰ নিজৰ পত্নীয়েও জমিদাৰক অস্বীকাৰ কৰি, সুবিধাবাদী আৰু চক্ৰান্তকাৰীসকলৰহে
পক্ষ লৈছিল৷ এই ঘটনাটোৱে ৰজা-প্ৰজা সকলোকে দুটা ভাগত বিভক্ত কৰিছিল, আৰু সেয়ে শেষত গৈ আদালতৰ কাষ চাপিবলগীয়া হৈছিল৷ আদালতৰ
চুড়ান্ত ৰায়দান পাবলৈ কেইবাবছৰো আপেক্ষা কৰিবলগীয়া হৈছিল৷ ইতিমধ্যে ব্ৰিটিছ ঔপনিৱেশিক
শাসন চলি থকা তেতিয়াৰ ভাৰতীয় উপমহাদেশৰ পৰা ক্ৰমান্বয়ে জমিদাৰী প্ৰথাৰ বিলুপ্তি সাধন  আৰম্ভ হৈ গৈছিল৷
 

ঘটনাটো স্বাধীনতাৰ
আগৰ, ১৯০৯ চনৰ৷ সেই সময়ত জয়দেৱপুৰৰ জমিদাৰৰ মাজুপুত্ৰ, চৌব্বিছ বছৰীয়া ৰমেন্দ্ৰ নাৰায়ণ
ৰয় পৰিয়ালৰ সিদ্ধান্ত অনুসৰি স্বাস্থ্যজনিত ‌কাৰণত জলবায়ু সলনিৰ উদ্দেশ্যে এপ্ৰিল মাহৰ
প্ৰথমভাগতে দাৰ্জিলিং চহৰলৈ যাত্ৰা কৰিছিল৷ লগত আছিল তেওঁৰ বিছ বছৰীয়া পৰিবাৰ মাজুৰাণী বিভাৱতী দেৱী,
বিভাৱতী দেৱীৰ ককায়েক সত্যেন্দ্ৰনাথ বেনাৰ্জী, পৰিয়ালৰ ডাক্তৰ আশুতোষ দাসগুপ্ত ইত্যাদি৷ ব্যক্তিগত কৰ্মচাৰীসকলক
ধৰি এই দলটোত মুঠ সদস্য সংখ্যা আছিল সাতাইছ জন৷
 

দাৰ্জিলিঙলৈ যোৱাৰ
কেইদিনমান আগতে ৰমেন্দ্ৰ নাৰায়ণ ৰায়ে এটা প্ৰকাণ্ড বাঘ চিকাৰ কৰিছিল, আৰু সেই চিকাৰৰ  স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে তেওঁ মৃত বাঘটোৰে
সৈতে এখন ফটো উঠিছিল৷ পাছলৈ এই ফটোখন এখন বিখ্যাত
ফটোৰূপে পৰিগণিত হৈছিল৷ ‘টাইগাৰ ফটো’ নামেৰে পৰিচিত হৈ পৰা এই ফটোখন উনবিংশ শতাব্দীৰ
এখন অন্যতম ফটো হিচাপে বৰ্তমানেও বাংলাদেশ চৰকাৰৰ অধীনৰ ফটো আর্কাইভত সংৰক্ষিত হৈ আছে৷
 

দাৰ্জিলিঙত থকা কালত,
মে
 মাহত ৰমেন্দ্ৰ নাৰায়ণে পেটৰ বিষ আৰু নানা প্ৰকাৰৰ অসুস্থতা অনুভৱ কৰিছিল৷ ক্ৰমান্বয়ে
এই অসুস্থতা বৃদ্ধি পাইছিল৷ তেওঁলোকে দাৰ্জিলিঙত থকা সময়ছোৱাত নিতৌ জয়দেৱপুৰলৈ টেলিগ্ৰাম
কৰি শাৰীৰিক অসুস্থতাৰ, আৰু অন্যান্য বাতৰিসমূহ নিয়মীয়াকৈ পঠিয়াই আছিল৷ এই টেলিগ্ৰামসমূহ
অনুসৰি মে
 মাহৰ সাত তাৰিখে অসুস্থতাই জটিল ৰূপ লৈছিল৷ শেষত গৈ ঔষধেও সকাহ নিদিয়া পৰিস্থিতি
এটাৰ উদ্ভৱ হয়, আৰু আঠ মে
 তাৰিখে ৰমেন্দ্ৰ নাৰায়ণ দেৱৰ দাৰ্জিলিঙতে মৃতু হয়৷‌ দাৰ্জিলিঙতে
তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ দহ মে
 তাৰিখে ৰাণী আৰু অন্যান্যসকলে ওভতনি যাত্ৰা আৰম্ভ
কৰে৷ মে
 মাহৰ ওঠৰ তাৰিখে জয়দেৱপুৰত মাজুৰজা ৰমেন্দ্ৰ নাৰায়ণৰ ৰায়ৰ শ্ৰাদ্ধাদি কাৰ্য
অনুষ্ঠিত কৰা হৈছিল৷
 

গতানুগতিকভাৱে এই
কাহিনীটোৰ ইমানতে পৰিসমাপ্তি ঘটিব লাগিছিল৷ কিন্তু কাহিনীটোৰ ইমানতে অন্ত নপৰিল৷ ৰমেন্দ্ৰ
নাৰায়ণৰ শ্ৰাদ্ধৰ দিনাই মানুহবোৰে মাজুৰজাৰ অন্ত্যোষ্টি ক্ৰিয়া সম্পন্ন হোৱা নাছিল বুলি
বু-বু বা-বা কৰা আৰম্ভ কৰি দিছিল৷ তেওঁলোকে আলোচনা কৰিছিল যে মৃত্যুৰ দিনা  শৱ-দেহ শ্মশানলৈ লৈ যোৱাৰ পাছতে ধাৰাষাৰ বৰষুণ দিছিল৷
শ্মশানযাত্ৰীসকল বৰষুণত তিষ্ঠিব নোৱাৰি শ্মশানৰ পৰা গুচি আহিছিল৷ বৰষুণজাক শেষ হোৱাৰ
পাছত পুনৰ যেতিয়া তেওঁলোক শ্মশানলৈ উভতি গৈছিল, তেতিয়া তেওঁলোকে  শ্মশানত শ-টো 
বিচাৰি নাপালে৷ গতিকে ৰমেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যোষ্টি ক্ৰিয়া সম্পন্ন কৰিব
পৰা নগ’ল৷
 

এই ঘটনাৰ বাৰ বছৰৰ
পাছত ঢাকা চহৰত এজন সন্ন্যাসী দেখিবলৈ পোৱা গৈছিল৷ সন্ন্যাসীজনৰ চেহেৰা অবিকল ৰমেন্দ্ৰ
নাৰায়ণৰ ৰায়ৰ দৰে৷ ইকাণ-সিকাণ বাগৰি আহি খবৰৰটো কাশিমপুৰ আৰু জয়দেৱপুৰ পালেহি৷ কাশিমপুৰৰ
জমিদাৰ অতুল প্ৰসাদ ৰায়ে সন্ন্যাসীজনক আনি তেওঁৰ ৰাজ্য পোৱালেহি৷ কাশিমপুৰৰ প্ৰসাদত
ধনী-দুখীয়া, ডাঙৰ-সৰু, নাৰী-পুৰুষ সকলোৱে  সন্ন্যাসীজনক
চাবলৈ বুলি আহি ভিৰ কৰিলেহে৷ যি সকলে ৰমেন্দ্ৰ নাৰায়ণক ভালদৰে চিনি পাইছিল, তেওঁলোক
সকলোবিলাকে সন্ন্যাসীক দেখি একেবাৰে আচৰিত হ’ল– দুজন মানুহৰ চেহেৰাত ইমাননো মিল থাকিব
পাৰেনে? গেৰুৱা বসন পৰিধান কৰিলেও আৰু মুখত ভোবোৰাকৈ দাড়ি ৰাখিলেও, তেওঁলোক নিশ্চিত
হৈছিল যে এই মানুহজন তেওঁলোকৰ মাজুৰজাৰ বাহিৰে আন কোনো হ’ব নোৱাৰে! মানুহবোৰে ইমানেই
আৱেগিক হৈ পৰিছিল যে তেওঁলোকে সন্ন্যাসীৰূপী তেওঁলোকৰ ৰজাৰ হাত-ভৰি পৰ্যন্ত পিটিকি
চুই চাবলৈ ধৰিলে৷
 

কাশিমপুৰত কেইদিনমান
কটোৱাৰ পাছত সন্ন্যাসী দলে-বলে আহি ৰাজবাৰীৰ কাষৰ এডোখৰ ঠাইত থাকিবলৈ ল’লে৷ সেইডোখৰ
ঠাইত থাকোতেই নৰেন্দ্ৰ ৰায়ৰ এগৰাকী বাইদেৱেক, জোতির্ময়ী দেৱীয়ে তেওঁক চাবলৈ বুলি গৈছিল৷
প্ৰথম দেখাতেই জোতির্ময়ী দেৱীৰ চকু থৰ হৈ গৈছিল;
এয়া দেখোন তেওঁৰ ভায়েকৰেই প্ৰতিচ্ছবি৷ পাছত জোতির্ময়ীয়ে ভায়েকৰ চলন-ফুৰণ, খোজ-কাটল,
আহাৰ গ্ৰহণ কৰা সময়ৰ বিশেষ ভঙ্গিমা আদি ভালকৈ লক্ষ্য কৰি তেওঁক তেওঁৰ ভায়েক বুলিয়েই  নিশ্চিত হ’ব পাৰিলে৷
 

ইয়াৰ পিছত ৰমেন্দ্ৰ
নাৰায়ণৰ পৰিয়ালৰ লোক আৰু অন্যান্য কৌতূহলী লোকসকলে আৰু আত্মীয়-স্বজনে সন্ন্যাসীক তেওঁৰ
মাকৰ নাম, দেউতাকৰ নাম, ধাইমাকৰ নাম, জমিদাৰ পৰিয়ালৰ বিভিন্ন খুঁটিনাটি বিষয় ইত্যাদিবোৰৰ
বিষয়ে প্ৰশ্ন  সুধি  পৰীক্ষা ল’লে৷ এই সকলোবোৰ পৰীক্ষাত সন্ন্যাসী অতি
সহজেই উত্তীৰ্ণ হ’ল৷
 

দিনে দিনে সন্ন্যাসীক
লৈ মানুহৰ কৌতূহল বৃদ্ধি পাবলৈ ধৰিলে;  ডাল-পাত
যোৰা দিয়া অনেক মুখৰোচক কাহিনীও মানুহৰ মাজত প্ৰচাৰ হ’ল৷
 

ৰাজবাৰীৰ সমুখৰ কামিনী
গছ এজোপাৰ তলত সন্ন্যাসী বহি থাকে, লগত থাকে হাজাৰ হাজাৰ কৌতূহলী জনতা৷ ৰাজবাৰীৰ চিকিৎসক
আশুতোষ দাসগুপ্তই কুমাৰক তেওঁলোক দাৰ্জিলিঙত থকা কালৰ ঘটনাৰ বিষয়ে জনতাৰ সমুখতে কিছুমান
প্ৰশ্ন সোধে৷ সন্ন্যাসীয়ে সেই প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিয়ে৷ তদুপৰি মাজুৰাণী বিভাৱতী
দেৱী, বিভাৱতী দেৱীৰ ককায়েক সত্যেন্দ্ৰনাথ বেনাৰ্জীয়ে, সন্ন্যাসী সচাকৈয়ে মাজুকুমাৰ
হয়নে নহয় তাক প্ৰমাণ কৰিবৰ নিমিত্তে কৰা প্ৰশ্নসমূহৰো তেওঁ সঠিক উত্তৰ দিব পাৰিছিল৷
সকলো প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিব পাৰিলেও আৰু সকলো মানুহে সন্ন্যাসীক ৰাজকুমাৰ বুলি
নিশ্চিত কৰিলেও, দুজনমান লোকৰ পক্ষে কিন্তু সন্ন্যাসীক ৰাজকুমাৰ বুলি মানি লোৱাটো সম্ভৱ
নাছিল৷ এইসকলৰ ভিতৰত এগৰাকী হ’ল ৰাজকুমাৰৰ নিজৰেই পত্নী বিভাৱতী দেৱী, আৰু আনজন হ’ল
বিভাৱতী দেৱীৰ ককায়েক সত্যেন্দ্ৰনাথ বেনাৰ্জী৷ —বিভাৱতী দেৱী আৰু তেওঁৰ ককায়েকে মিলি
ইতিমধ্যে মৃত ৰাজকুমাৰৰ জীৱন বীমাৰ ত্ৰিছ হাজাৰ টকা আত্মসাৎ কৰিছিল৷ তদুপৰি তেওঁলোকে
বাৰ্ষিক প্ৰায় এক লাখতকৈও অধিক টকা জমিদাৰীৰ অংশীদাৰিত্বৰ নামত ইমান দিনে আদায় কৰি আছিল৷
গতিকে এওঁলোকৰ বাবে ৰাজকুমাৰ ঘূৰি অহাটো মুঠেই কাম্য নাছিল৷
 

মাজু ৰাজকুমাৰৰ দেউতাক
ৰাজেন্দ্ৰ নাৰায়ণ ৰায় চৌধুৰীৰ মৃত্যু হৈছিল ৰাজকুমাৰৰ এই কথিত মৃত্যুৰ আঠ বছৰৰ আগয়ে;
মাকৰ মৃত্যু হৈছিল তাৰো দুবছৰ মানৰ আগতে৷ ডাঙৰ ককায়েক নৰেন্দ্ৰ নাৰায়ণৰ মৃত্যু হৈছিল
মাজু ৰাজকুমাৰৰ দাৰ্জিলিঙৰ পৰা অন্তৰ্ধান হোৱাৰ এবছৰমানৰ পাছত৷ সন্ন্যাসীৰ আৱিৰ্ভাৱৰ সময়ত ৰাজপৰিয়ালৰ উত্তৰ
পুৰুষৰ একমাত্ৰ জীৱিত ব্যক্তি আছিল সৰু ভায়েক ৰবীন্দ্ৰ নাৰায়ণ ৰায়৷ ৰবীন্দ্ৰ নাৰায়ণেও
কিন্তু বিষয়টোত নীৰৱতা অৱলম্বন কৰিছিল৷
 

মাজু ৰাজকুমাৰীৰ ককায়েক
সত্যেন্দ্ৰনাথে সন্ন্যাসীক প্ৰতাৰক বুলি প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিল৷ তেওঁ দাৰ্জিলিঙলৈ
গৈ কিছুমান নথি-পত্ৰ সংগ্ৰহ কৰি, ঢাকাত থকা সেই সময়ৰ কালেক্টৰক লগ ধৰি কালেক্টৰৰ হতুৱাই
সন্ন্যাসী ওৰফে ৰমেন্দ্ৰ নাৰায়ণক প্ৰতাৰক হিচাপে নটিছ জাৰি কৰালে৷ এই কথাটোত জমিদাৰৰ
অধীনৰ সকলো প্ৰজাই বিৰোধ কৰিছিল৷ তেওঁলোকে নটিছ জাৰি কৰা দিনা বিক্ষোভ প্ৰদৰ্শন কৰিলে,
সংঘৰ্ষ হ’ল আৰু এই সংঘৰ্ষত মিৰ্জাপুৰৰ ওচৰৰ এটুকুৰা ঠাইত  জুনুব আলী নামৰ এজন  লোকৰ পুলিচৰ গুলীত  মৃত্যু হৈছিল৷ ৰায়তসকলে খাজনা দিয়া ৰচিদত ৰমেন্দ্ৰ
নাৰায়ণৰ নামটো অন্তৰ্ভুক্ত হোৱাটো বিচাৰিলে, আৰু সেয়ে নহ’লে খাজনা আদায় নিদিয়াৰ সিদ্ধান্ত
গ্রহণ কৰিলে৷
 

ইফালে সন্ন্যাসীৰ
সমৰ্থকসকলে জয়দেৱপুৰত ‘‘ভাৱাল তালুকদাৰ আৰু
প্রজা সমিতি’ নাম দি এখন সমিতি গঠন কৰিলে৷ চুবুৰীয়া জমিদাৰ এজনে এই সমিতিৰ কামত আগভাগ
লে৷ বৃহৎ জনসভা হ’ল, আন্দোলন  আৰম্ভ কৰিলে৷
শেষত গৈ তেওঁলোকে আদালতত গোচৰ তৰিলে৷
  গোচৰ
চলাই নিয়াৰ বাবে প্ৰয়োজনীয় অৰ্থ যোগাৰৰ কাৰণে সাধাৰণ জনতাই চান্দা-বৰঙনি তুলিলে৷ উভয় পক্ষৰ
মুঠ ১৫৪৮ জন ব্যক্তিয়ে আদালতত সাক্ষ্য প্ৰদান কৰিলে৷ সন্ন্যাসীয়ে লগত স্থানীয় অন্যান্য
জমিদাৰসকল
  আৰু আইনজীৱীলোকৰ সহায় লৈ ১৯২৬ চনৰ
৮ ডিচেম্বৰ তাৰিখে ঢাকাৰ ‘ঢাকা ব
র্ড অব ৰেভিনিউত সোঁ-শৰীৰে উপস্থিত হৈ আত্মপৰিচয়
প্ৰতিষ্ঠাৰ কাৰণে আৱেদন জনালে৷ এই আৱেদনত আত্মপক্ষ সমৰ্থনত সন্ন্যাসীয়ে
  উল্লেখ কৰিলে যে : 

– দাৰ্জিলিঙত তেওঁ
যেতিয়া নিউমোনিয়াত আক্ৰান্ত হৈ চেতনা হেৰুৱাই পেলাইছিল, তেতিয়া সহযাত্ৰীবোৰে তেওঁৰ
মৃত্যু হোৱা বুলি ভাবিছিল৷ দুৰ্যোগপূৰ্ণ সেই ৰাতি তেওঁৰ মৃতদেহ সৎকাৰৰ নিমিত্তে স্থানীয়
শ্মশানখনলৈ লৈ যোৱাৰ সময়ত বাহিৰত প্ৰচণ্ড ধুমুহা-বৰষুণ হৈছিল৷ সেই ধুমুহা-বৰষুণত তিষ্ঠিব নোৱাৰি শ্মশানযাত্ৰীসকলে মৃতদেহ শ্মশানতে এৰি থৈ গুচি আহিছিল৷ পিছত স্থানীয় নাগা সন্ন্যাসীসকলে
তেওঁক শ্মশানৰ পৰা তুলি লৈ গৈ চিকিৎসা কৰে; তেওঁ সংজ্ঞা ঘূৰাই পায়৷ আৰোগ্য লাভ কৰাৰ
কিছুদিন পিছত তেওঁ সন্ন্যাসী হিচাপে দীক্ষিত হয়, আৰু বিভিন্ন ঠাই ভ্ৰমি ফুৰে৷ জমিদাৰীৰ
প্ৰতি তেওঁৰ এতিয়া অলপো আগ্ৰহ নাই৷ চক্ৰান্তকাৰীসকলক প্ৰত্যুত্তৰ দিবৰ উদ্দ্যেশ্যেহে
তেওঁ আত্মপৰিচয় প্ৰতিষ্ঠাৰ বাবে  উঠি-পৰি লাগিছে৷
– – – –
 

ফৰিয়াদী, আচামী,
সাক্ষী-বাদীৰে কেইবাবছৰো ধৰি মোকৰ্দমা চলি থাকিল৷ নিম্ন আদালতৰ পৰা মোকৰ্দমা গৈ কলিকতাৰ
উচ্চ আদালত পালে, আৰু সৰ্বশেষত পালেগৈ ‘প্রিভি কাউঞ্চিল’৷ যি কি নহওক, লণ্ডনৰ ‘প্রিভি
কাউঞ্চিলে’ ১৯৪৬ চনৰ ৩০ জুলাই তাৰিখে, যিটো চুড়ান্ত পৰামৰ্শ/ৰায় প্ৰদান কৰিলে সেইয়া
মাজুকুমাৰ ৰমেন্দ্ৰ নাৰায়ণ ৰায় ওৰফে ভাৱাল সন্ন্যাসীৰ সপক্ষে আছিল৷

কিন্তু ভাৱাল সন্ন্যাসী
বেছি দিন জীয়াই নাথাকিল৷ ‘প্রিভি কাউঞ্চিল’ৰ ৰায়ৰ মাত্ৰ পাঁচদিনৰ পাছতে ৰাজকুমাৰ ৰমেন্দ্ৰ
নাৰায়ণ ৰায়ে ইহলীলা সম্বৰণ কৰিলে৷ 

যোৱাটো শতিকাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰৰে আলোড়ন সৃষ্টিকাৰী
মোকৰ্দমাবিলাকৰ ভিতৰৰে অন্যতম শ্ৰেষ্ঠ এই মোকৰ্দমাটোত নিজৰ সপক্ষে ৰায় প্ৰদানৰ আশাতহে
যেন ভাৱাল সন্ন্যাসী তেতিয়ালৈকে জীয়াই আছিল! 

 

( বঙালী লেখা এটাৰ
ভাবানুবাদ)