মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত


 || অধ্যায় ১৩ ||

 

তাৰ পাছত গুণজ্ঞ
ৰামে বিষ্ণু নামৰ গুণান্বিত আকাশেৰে

যাত্ৰা কৰিলে বিমানত
আৰোহণ কৰি
,

প্ৰিয়তমাক লগালে মাত তলত ৰত্নৰ আঁকৰ
সমুদ্ৰ দেখি
।

 

অথাত্মনঃ শব্দগুণং
গুণজ্ঞঃ পদং বিমানেন বিগাহমানঃ
|

ৰত্নাকৰং বীক্ষ্য
মিথঃ স জায়াং ৰামাভিধানো হৰিৰিত্যুবাচ
|| ১৩–১||

 

হে বৈদেহী! শৰৎকালৰ নিৰ্মল তাৰকাখচিত আকাশক

হাতীপটিয়ে দ্বিবিভক্ত কৰাৰ দৰে,

মলয়পৰ্বত পৰ্যন্ত
মোৰ সেতুৱে দ্বি
বিভক্ত কৰা সাগৰৰ

বিয়পি পৰা ফেনিল জলৰাশি চোৱাঁ।

 

বৈদেহি পশ্যঽঽমলয়াদ্বিভক্তং
মৎসেতুনা ফেনিলমম্বুৰাশিম্

ছায়াপথেনেব শৰৎপ্রসন্নমাকাশমাবিষ্কৃতচাৰুতাৰম্ || ১৩–২||

 

যজ্ঞ কৰিবলৈ মনস্থিৰ
কৰা পূৰ্বজ সগৰৰ

যজ্ঞৰ ঘোঁৰা কপিল
মুনিয়ে ৰাখিছিল পাতালত
,

তাক বিচাৰি সগৰপুত্ৰই পৃথিৱী খনন কৰি

সমুদ্ৰৰ কলেৱৰ কৰিলে অধিক বিস্তৃত ।

 

গুৰোর্যিয়ক্ষোঃ
কপিলেন মেধ্যে ৰসাতলং সংক্রমিতে তুৰংগে
|

তদর্থমুর্বীমবধাৰয়দ্ভিঃ
পূর্বৈঃ কিলায়ং পৰিবর্ধিতো নঃ
|| ১৩–৩||

 

সূৰ্যৰ কিৰণে সমুদ্ৰৰ
পানী আহৰণ কৰিয়ে গৰ্ভধাৰণ কৰে
,

ইয়াতেই বৰ্ধিত হয় মূল্যৱান ৰত্নৰ ভাণ্ডাৰ
।

এই সাগৰেই অন্তৰ্ভাগত
ধাৰণ কৰে অগ্নিৰ শক্তি
,

এই সাগৰতেই জন্ম বিমল আনন্দৰ উৎস জ্যোতিৰ্ময়
চন্দ্ৰৰ
।

 

গর্ভং দধত্যর্কমৰীচয়োঽস্মাদ্বিবৃদ্ধিমত্রাশ্নুবতে
বসূনি
|

অবিন্ধনং বহ্নিমসৌ
বিভর্তি প্রহ্লাদনং জ্যোতিৰজন্যনেন
|| ১৩–৪|| 

 

মহিমাত দশোদিশব্যাপ্ত বিষ্ণুৰ দৰে

কেতিয়াবা শান্ত
কেতিয়াবা বিক্ষুব্ধ নানা ৰূপ

ৰূপৰ প্ৰকাৰ আৰু বিশালতা অনুমানৰ অতীত।

 

তাং তামবস্থাং
প্রতিপদ্যমানং স্থিতং দশ ব্যাপ দিশো মহিম্না
|

বিষ্ণোৰিবাস্যানবধাৰণীয়মীদৃক্তয়া
ৰূপমিয়ত্তায়া বা
|| ১৩–৫||

 

বিষ্ণুৱে সমস্ত
লোক সংহাৰ কৰি কল্পৰ অন্তত
,

স্বনাভিজাত পদ্মত
উপৱিষ্ট বিধাতাৰ স্তুতিত
,

এই মহাসমুদ্ৰতে যোগনিদ্ৰাত শয়ন কৰে ।

 

নাভিপ্রৰূঢাম্বুৰুহাসনেন
সংস্তূয়মানঃ প্রথমেন ধাত্রা
|

অমুং যুগান্তোচিতয়োগনিদ্রঃ
সংহৃত্য লোকান্পুৰুষোঽধিশেতে
|| ১৩–৬||

 

প্ৰতাপী শত্ৰুৰ
আক্ৰমণত ৰজাসকলে

যেনেকৈ আশ্ৰয় লয়
ধৰ্মপৰায়ণ মধ্যম নৃপতিৰ
,

ইন্দ্ৰই পাখিকটা
দাম্ভিক শত শত পৰ্বতেও

আশ্ৰয় লৈছিল এই সমুদ্ৰৰ বিশাল বুকুত
।

 

পক্ষচ্ছিদা গোত্রভিদাত্তগন্ধাঃ
শৰণ্যমেনং শতশো মহীধ্রাঃ
|

নৃপা ইবোপপ্লবিনঃ
পৰেভ্যো ধর্মোত্তৰং মধ্যমমাশ্রয়ন্তে
|| ১৩–৭||

 

আদিপুৰুষে বৰাহৰূপে
যেতিয়া

পৃথিৱীক উদ্ধাৰ
কৰিছিল ৰসাতলৰ পৰা
,

এই সাগৰৰ প্ৰলয়ৰ
দৰে বৰ্ধিত

স্বচ্ছ জলৰাশি মুহূৰ্তলৈ অৱগুণ্ঠিত হ’ল ধৰিত্ৰীৰ ।

 

ৰসাতলাদাদিভবেন
পুংসা ভুবঃ প্রয়ুক্তোদ্বহনক্রিয়ায়াঃ
|

অস্যাচ্ছমম্ভঃ
প্রলয়প্রবৃদ্ধং মুহূর্তবক্ত্রাভৰণং বভূব
|| ১৩–৮||

 

তৰংগৰূপে নিজৰ ওঁঠ
আগবঢ়াই সমুদ্ৰই

স্বভাৱতে প্ৰগল্ভা
তটিনীক পান কৰায় অধৰ-সুধা

নিজেও পান কৰে নদীৰ সুধা,
অনন্য
এই
  স্ত্ৰীসম্ভোগ
ক্ৰিয়া
।

  

মুখার্পণেষু প্রকৃতিপ্রগল্ভাঃ
স্বয়ং তৰংগাধৰদানদক্ষঃ
|

অনন্যসামান্যকলত্রবৃত্তিঃ
পিবত্যসৌ পায়য়তে চ সিন্ধুঃ
|| ১৩–৯||

 

সেয়া চোৱাঁ,

মুখ প্ৰসাৰিত কৰিছে
তিমিয়ে নদীৰ মোহনাত
,

জলচৰ প্ৰাণীসহ
নৈৰ পানী মুখত লৈ

মূৰৰ ছিদ্ৰৰে ওপৰলৈ
নিৰ্গত কৰিছে সেই জলপ্ৰৱাহ
,

 

সসৎবমাদায় নদীমুখাম্ভঃ
সংমীলয়ন্তো বিবৃতাননৎবাৎ
|

অমী তিৰোভিস্তিময়ঃ
সৰন্ধ্রৈৰূধ্বং বিতন্বন্তি জলপ্রৱাহান্
|| ১৩–১০||

 

সৌৱা, হাতীৰ সমান দৈত্যকায় জলচৰ প্ৰাণীয়ে

পানীৰ ওপৰলৈ মূৰ
দাঙি দুফাল কৰিছে ফেনিল সাগৰ
,

ফেন গালত লাগি ক্ষণিকলৈ দেখা গৈছে যেন
কৰ্ণলগ্ন শুভ্ৰ চামৰ
।

 

মাতংগনক্রৈঃ সহসোৎপতদ্ভির্ভিন্নান্দ্বিধা
পশ্য সমুদ্রফেনান্
|

কপোলসংসর্পিতয়া
য এষাং ব্রজন্তি কর্ণক্ষণচামৰৎবম্
|| ১৩–১১||

 

সমুদ্ৰতীৰৰ বতাহ সেৱন কৰিবলৈ বেগাই গৈছে সৰ্পগণ,

উত্তাল তৰংগৰ সৈতে কোনো পাৰ্থক্য নাই
সিহঁতৰ ভংগিমাৰ
।

ফণাৰ মণিত সূৰ্যৰ কিৰণ পৰি জিলমিল কৰাতেই
সৰ্পৰ চিন
।

 

বেলানিলায় প্রসৃতা
ভুজংগা বহোর্মিবিস্ফূর্জথুনির্বিশেষাঃ
|

সূর্যাংশুসংপর্কবিবৃদ্ধৰাগৈর্ব্যজ্যন্ত
এতে মণিভিঃ ফণস্থৈঃ
|| ১৩–১২||

 

তৰঙ্গবেগত শংখবোৰ
তোমাৰ ওঁঠৰ দৰে ৰক্তিম প্ৰৱালত ঠেকা খাইছে
,

সিহঁতৰ মুখত প্ৰৱালৰ অংকুৰে বিন্ধি ধৰাত
তাৰপৰা মুক্ত হৈছে বহু যত্নৰে 
।

 

তৱাধৰস্পর্ধিষু
বিদ্রুমেষু পর্যস্তমেতৎসহসোর্মিবেগাৎ
|

ঊর্ধ্বাঙ্কুৰপ্রোতমুখং
কথংচিৎক্লেশাদপক্রামতি শঙ্খয়ূথম্
|| ১৩–১৩||

 

নামি আহিছে মেঘ
সমুদ্ৰৰ জলপান কৰিবলৈ
,

ঘূৰ্ণায়মান হৈ
দ্ৰুতগতিৰে দৃশ্যমান হৈছে যেন

পুনৰ এবাৰ পৰ্বতৰ দ্বাৰা হৈছে সমুদ্ৰমন্থন
।

 

প্রবৃত্তমাত্রেণ
পয়াংসি পাতুমাবর্তবেগাদ্ভ্রমতা ঘনেন
|

আভাতি ভূয়িষ্ঠময়ং
সমুদ্রঃ প্রমথ্যমানো গিৰিণেব ভূয়ঃ
|| ১৩–১৪||

 

আৰু সৌৱা দূৰলৈ
চোৱাঁ…

নীলা তমাল আৰু
তালবনেৰে শোভিত তন্বী তীৰ যেন
,

লোহাৰ চক্ৰৰ দৰে লুণীয়া সমুদ্ৰৰ পৰিধিত
যেন মামৰে ধৰা ৰেখা
।

 

দূৰাদয়শ্চক্রনিভস্য
তন্বী তমালতালীবনৰাজিনীলা
|

আভাতি বেলা লবণাম্বুৰাশের্ধাৰানিবদ্ধেব
কলঙ্কৰেখা
|| ১৩–১৫||

 

সমুদ্ৰতীৰৰ বায়ুৱে
কেতেকীফুলৰ ৰেণু উৰুৱাই আনি

কৰিছেহি তোমাৰ
মুখশ্ৰীৰ প্ৰসাধন
,

হে আয়তনয়না, অনুভৱ হৈছে যেন,

তোমাৰ ৰক্তিম ওঁঠৰ
সুধা পানৰ বাবে অধীৰ হৈ

মই তোমাক প্ৰসাধন আৰু সাজসজ্জাৰ সময়
দিবলৈ অক্ষম
।

 

বেলানিলঃ কেতকৰেণুভিস্তে
সংভাবয়ত্যাননমায়তাক্ষি
|

মামক্ষমং মণ্ডলকালহানের্বেত্তীব
বিম্বাধৰবদ্ধতৃষ্ণম্
|| ১৩–১৬||

 

বিমানৰ দ্ৰুত গতিৰ
বাবে আমি মুহূৰ্ততে আহি পালোঁহি সাগৰৰ তীৰ
,

চোৱাঁ, সাগৰৰ পাৰত শামুকৰ খোলা ফাটি মুকুতাবোৰ পৰি আছে,

তামোল গছৰ শাৰীবোৰ ফলৰ ভৰত দোঁ খাই পৰিছে
।

 

এতে বয়ং সৈকতভিন্নশুক্তিপর্যস্তমুক্তাপটলং
পয়োধেঃ
|

প্রাপ্তা মুহূর্তেন
বিমানবেগাৎকূলং ফলাবর্জিতপূগমালম্
|| ১৩–১৭||

 

হে মৃগনয়না! হে সুন্দৰ উৰুৰ গৰাকিনী, এবাৰ চোৱাঁ পিছলৈ
ঘূৰি
,

সাগৰৰ পৰা যিমানে
দূৰলৈ গৈ আছোঁ আমি
,

ভূমিলৈ বিস্তাৰিত
হৈছে সেউজ কানন যেন

সমুদ্ৰগৰ্ভৰ পৰাই ওলাই আহি ।

 

কুৰুষ্ব তাৱৎকৰভোৰু
পশ্চান্মার্গে মৃগপ্রেক্ষিণি দৃষ্টিপাতম্
|

এষা বিদূৰীভৱতঃ
সমুদ্রাৎসকাননা নিষ্পততীব ভূমিঃ
|| ১৩–১৮||

 

চোৱাঁ, মোৰ অভিলাষ মতেই এই বিমান কেতিয়াবা দেৱতাৰ পথেৰে

কেতিয়াবা মেঘমালাৰ মাজেৰে আৰু কেতিয়াবা
উৰিছে পখীৰ পথেৰে
।

 

ক্বচিৎপথা সংচৰতে
সুৰাণাং ক্বচিদ্ঘনানাং পততাং ক্বচিচ্চ
|

যথাবিধো মে মনসোঽভিলাষঃ
প্রবর্ততে পশ্য তথা বিমানম্
|| ১৩–১৯||

 

দেৱনদীৰ ঢৌৰ স্পৰ্শত
শীতল
, ইন্দ্ৰৰ হস্তীৰ মদগন্ধী আকাশৰ বতাহে,

তোমাৰ মুখৰ পৰা দুপৰৰ ঘামৰ টোপাল মচি দিছে ।

 

অসৌ মহেন্দ্রদ্বিপদানগন্ধিস্ত্রিমার্গগাবীচিবিমর্দশীতঃ |

আকাশবায়ুর্দিনয়ৌবনোত্থানাচামতি
স্বেদলবান্মুখে তে
|| ১৩–২০||

 

হে চণ্ডীপ্ৰিয়া, কৌতূহলত তুমি

বিমানৰ বাহিৰলৈ
হাত মেলি স্পৰ্শ কৰিছা ডাৱৰ
,

মেঘে তোমাক সুখী
কৰি বিদ্যুৎবলয়েৰে পিন্ধাইছে

তোমাৰ হাতৰ দ্বিতীয় অলংকাৰ ।

 

কৰেণ বাতায়নলম্বিতেন
স্পৃষ্টস্ত্বয়া চণ্ডি কুতূহলিন্যা
|

আমুঞ্চতীবাভৰণং
দ্বিতীয়মুদ্ভিন্নবিদ্যুদ্বলয়ো ঘনস্তে
|| ১৩–২১||

 

আমি আহি পালোঁহি
জনস্থানৰ উৰ্ধাংশ
, চোৱাঁ,

বাকলি–বসন পৰিহিত তপস্বীসকলে সুখেৰে বাস কৰিছে,

ৰাৱণৰ ভয়ত পূৰ্বে
এৰি যোৱা আশ্ৰমত এতিয়া
,

নতুনকৈ নিৰ্মাণ কৰি পৰ্ণকুটীৰ ।

 

অমী জনস্থানমপোঢবিঘ্নং
মৎবা সমাৰব্ধনবোটজানি
|

অধ্যাসতে চীৰভৃতো
যথাস্বং চিৰোজ্ঝিতান্যাশ্রমমণ্ডলানি
|| ১৩–২২||

 

সৌৱা চোৱাঁ, এয়াই সেই স্থান য’ত

অনাই–বনাই ফুৰোঁতে তোমাৰ অন্বেষণত,

পাইছিলোঁ ভূমিত
পৰি থকা এটি নীৰৱ নূপুৰ
,

যেন মৌন তোমাৰ পদুমৰ পাহি যেন চৰণৰ বিচ্ছেদত।

  

সৈষা স্থলী যত্র
বিচিন্বতাৎবাং ভ্রষ্টং ময়া নূপুৰমেকমুর্ব্যাম্
|

অদৃষ্যত ৎবচ্চৰণাৰবিন্দবিশ্লেষদুঃখাদিব
বদ্ধমৌনম্
|| ১৩–২৩||


হে ভয়াতুৰা, ৰাক্ষসে যি পথেৰে তোমাক অপহৰণ কৰি নিছিল,

সেই পথৰ লতাই মুখেৰে
ক
’ব নোৱাৰিলেও

পল্লৱিত ডাল দোঁৱাই পথৰ নিৰ্দেশনা দিছিল।

 

তৎবং ৰক্ষসা ভীৰু
যতোঽপনীতা তং মার্গমেতাঃ কৃপয়া লতা মে
|

অদর্শয়ন্বক্তুমশক্নুবত্যঃ
শাখাভিৰাবর্জিতপল্লবাভিঃ
|| ১৩–২৪||

 

হৰিণৰ দলেও ঘাঁহৰ
প্ৰতি উদাসীন হৈ

চকুৰে ইংগিত কৰিছিল
দক্ষিণ দিশলৈ
,

পথৰ অনভিজ্ঞ মোক তোমাৰ গতিপথ জনাবলৈ
।


মৃগ্যশ্চ দর্ভাঙ্কুৰনির্ব্যপেক্ষাস্তবাগতিজ্ঞং
সমবোধয়ন্মাম্
|

ব্যাপাৰয়ন্ত্যো
দিশি দক্ষিণস্যামুৎপক্ষৰাজীনি বিলোচনানি
|| ১৩–২৫||

 

চোৱাঁ ! সমুখত মাল্যৱান পৰ্বতৰ গগনচুম্বী শৃংগ !

ইয়াতে একেলগে মেঘে
বোৱাইছিল নৱজল

আৰু মই তোমাৰ বিৰহৰ অশ্ৰু ।

 

এতদ্গিৰের্মাল্যবতঃ
পুৰস্তাদাবির্ভত্যম্বৰলেখি শৃঙ্গম্
|

নবং পয়ো যত্র ঘনৈর্ময়া
চৎবদ্বিপ্রয়োগাশ্রু সমং বিসৃষ্টম্
|| ১৩–২৬||

 

য’ত বৰষুণে কঢ়িয়াই অনা ফুলকলিৰ গোন্ধ,

ময়ূৰৰ কলৰৱ আৰু
আধাফুলা কদম
,

তোমাৰ বিৰহত আছিল মোৰ বাবে অসহনীয় ।

 

গন্ধশ্চ ধাৰাহতপল্বলানাং
কাদম্বমর্ধোদ্গতকেসৰং চ
|

স্নিগ্ধাশ্চ কেকাঃ
শিখিনাং বভূবুর্যস্মিন্নসহ্যানি বিনা ৎবয়া মে
|| ১৩–২৭||

 

হে ভীতা! কষ্টৰে সহিছিলোঁ গুহাত প্ৰতিধ্বনিত মেঘৰ গৰ্জন,

মনত পৰি ভয়ত তোমাৰ কম্পন আৰু তাৰ পাছৰ
দৃঢ় আলিংগন
।

 

পূর্বানুভূতং স্মৰতা
চ যত্র কম্পোত্তৰং ভীৰু তবোপগূঢম্
|

গুহাবিসাৰীণ্যতিবাহিতানি
ময়া কথংচিদ্ঘনগর্জিতানি
|| ১৩–২৮||

 

হোমৰ জুইত ৰঙা
পৰা তোমাৰ দুচকুক অনুকৰণ কৰা
,

বৰ্ষাসিক্ত মাটিৰ
বাষ্পৰ লগত মিলিত হোৱা
,

ইয়াৰ নতুনকৈ মেলা
ৰক্তিম কলদিলবোৰে
,

তোমাৰ নয়নৰ কান্তি মনত পেলাই মোক পীড়া
দিছিল
।

 

আসাৰসিক্তক্ষিতিবাষ্পয়োগান্মামক্ষিণোদ্যত্র
বিভিন্নকোশৈঃ
|

বিডম্ব্যমানা নবকন্দলৈস্তে
বিবাহধূমাৰুণলোচনশ্রীঃ
|| ১৩–২৯||

 

চোৱা, আমাৰ অৱতৰণৰ কষ্ট লাঘৱৰ বাবেই উপান্ত দেশত সৌৱা,

বেতনিৰে আবৃত তীৰৰ  ৰিণি ৰিণি দেখা জলচৰ পক্ষীৰে শোভিত পম্পা হ্ৰদ,

মোৰ দুচকুৱে যেন দূৰৰ পৰাই কৰিছে সলিলৰাশিৰ
সুধাপান
।

 

উপান্তবাণীৰবনোপগূঢান্যালক্ষপাৰিপ্লবসাৰসানি |

দূৰাবতীর্ণা পিবতীব
খেদাদমূনি পম্পাসলিলানি দৃষ্টিঃ
|| ১৩–৩০||

 

তোমাৰ পৰা দূৰত
থাকোঁতে ইয়াত

সতৃষ্ণ নয়নেৰে
চাইছিলোঁ মই চাকৈ
–চকোৱাৰ মিলন,

ইটিয়ে সিটিক দিছিল পদ্মকেশৰ উপহাৰ ।

 

অত্রাবিয়ুক্তানি
ৰথঙ্গনাম্নামন্যোন্যদত্তোৎপলকেসৰাণি
|

দ্বন্দ্বানি দূৰান্তৰবর্তিনা
তে ময়া প্রিয়ে সস্মিতমীক্ষিতানি
|| ১৩–৩১||

 

স্তনৰ দৰে মনোহৰ
ফুলৰ ভৰত অৱনত
,

নদীৰ তীৰৰ তন্বী
অশোক লতাক দেখি

অশ্ৰুপূৰ্ণ চকুৰে
আলিংগন কৰোঁতে তুমি বুলি
,

সৌমিত্ৰ লক্ষ্মণে মোক কৰিছিল নিষেধ ।

 

ইমাং তটাশোকলতাং
চ তন্বীং স্তনাভিৰামস্তবকাভিনম্রাম্
|

ৎবৎপ্রাপ্তিবুদ্ধ্যা
পৰিৰব্ধুকামঃ সৌমিত্রিণা সাশ্রুৰহং নিষিদ্ধঃ
|| ১৩–৩২||

 

গোদাৱৰী নৈৰ সাৰস
পখীয়ে বিমানৰ সোণৰ কিংকিনীৰ শব্দ শুনি

সংগীৰ কলধ্বনি বুলি ভাবি আকাশী পথত তোমাক
স্বাগতম জনাইছে
।

 

অমূর্বিমানান্তৰলম্বিনীনাং
শ্রুৎবা স্বনং কাঞ্চনকিঙ্কিণীনাম্
|

প্রত্যুদ্ব্রজন্তীব
খমুৎপতন্ত্যো গোদাবৰীসাৰসপঙ্ক্তয়স্ত্বাম্
|| ১৩–৩৩||

 

তোমাৰ কোমল কঁকালত
কলহত পানী কঢ়িয়াই

পঞ্চবটী বনত যে
আমৰ পুলি প্ৰতিপাল কৰিছিলা
,

দীৰ্ঘকালৰ পিছত দেখি মন সুখেৰে ভৰি পৰিছে
।

কৃষ্ণসাৰ মৃগয়ো আনন্দত উন্মুখ হৈ তোমালৈ
মূৰ দাঙি চাইছে
।

 

এষা ৎবয়া পেশলমধ্যয়াপি
ঘটাম্বুসংবর্ধিতবালচূতা
|

আনন্দয়ত্যুন্মুখকৃষ্ণসাৰা
দৃষ্টা চিৰাৎপঞ্চবটী মনো মে
|| ১৩–৩৪||

 

মোৰ মনত পৰিছে
আমাৰ নিৰ্জন ইকৰাৰ পঁজাত
,

মৃগয়াৰ পৰা আহি
ভাগৰত গোদাৱৰীৰ শীতল মলয়াত
,

ইয়াতেই মই শুইছিলোঁ মূৰ থৈ তোমাৰ কোলাত
।

 

অত্রানুগোদং মৃগয়ানিবৃত্তস্তৰংগবাতেন
বিনীতখেদঃ
|

ৰহস্ত্বদুৎসঙ্গনিষণ্ণমূর্ধা
স্মৰামি বানীৰগৃহেষু সুপ্তঃ
|| ১৩–৩৫||

 

যাৰ ক্ৰোধিত ভ্ৰূভংগত
নহূষ হৈছিল ইন্দ্ৰপদৰ পৰা স্খলিত
,

যাৰ আগমনত জলৰ
মলিনতা হয় বিশুদ্ধ
,

সৌৱা দেখা গৈছে সেই অগস্ত্যমুনিৰ মৰ্ত্যলোকস্থিত
।

 

ভ্রূভেদমাত্রেণ
পদান্মঘোনঃ প্রভ্রংশয়াং যো নহুষং চকাৰ
|

তস্যাবিলাম্ভঃপৰিশুদ্ধিহেতোর্ভৌমো
মুনেঃ স্থানপৰিগ্রহোঽযম্
|| ১৩–৩৬||

 

সেই বিশুদ্ধকীৰ্তি
ঋষিৰ যজ্ঞৰ ত্ৰিবিধ অগ্নিৰ

ঘৃত সুবাসিত ধোঁৱাৰ
সুবাসে চুইছেহি বিমানৰ মাৰ্গ
,

লঘু কৰিছে মোক সকলো ৰজোগুণৰ পৰা কৰি
মুক্ত
।

 

ত্রেতাগ্নিধূমাগ্রমনিন্দ্যকীর্তেস্তস্যেদমাক্রান্তবিমানমার্গম্ |

ঘ্রাৎবা হবির্গন্ধি
ৰজোবিমুক্তঃ সমশ্নুতে মে লঘিমানমাত্মা
|| ১৩–৩৭||

 

হে মানিনী, সৌৱা চোৱাঁ শাতকৰ্ণমুনিৰ পঞ্চাপ্সৰাৰ ক্ৰীড়াসৰোবৰ,

চৌপাশে বনৰ মাজত এনেকৈ শোভায়মান যেন
মেঘৰ মাজত চন্দ্ৰ
।

 

এতন্মুমুনের্মানিনি
শাতকর্ণেঃ পঞ্চাপ্সৰো নাম বিহাৰবাৰি
|

আভাতি পর্যন্তবনং
বিদূৰান্মেঘান্তৰালক্ষ্যমিবেন্দুবিম্বম্
|| ১৩–৩৮||

 

প্ৰাচীন কালত এই
ঋষিয়ে মৃগৰ সৈতে বাস কৰি
,

তপ কৰিছিল কেৱল  কৰি কোমল ঘাঁহৰ আগ ভোজন ।

সেই তপস্যাত ভীত
হৈ দেৱৰাজ ইন্দ্ৰই কৰিছিল

পঞ্চ অপ্সৰাৰ ৰূপ–যৌৱনৰ
মায়াপাশেৰে মুনিক বন্ধন
।

 

পুৰা স দর্ভাঙ্কুৰমাত্রবৃত্তিশ্চৰন্মৃগৈঃ
সার্ধমৃষির্মঘোনা
|

সমাধিভীতেন কিলোপনীতঃ
পঞ্চাপ্সৰোয়ৌবনকূটবন্ধম্
|| ১৩–৩৯||

 

এতিয়া সেই মুনিয়ে
এই সৰোবৰৰ তলত এক প্ৰাসাদত বাস কৰে
,

তাৰ গীত আৰু মৃদংগৰ ধ্বনি আকাশগামী হৈ
পুষ্পকৰ চন্দ্ৰশালা চুইছে
।

 

তস্যায়মন্তর্হিতসৌধভাজঃ
প্রসক্তসংগীতমৃদঙ্গঘোষঃ
|

বিয়দ্গতঃ পুষ্পকচন্দ্রশালাঃ
ক্ষণং প্রতিশ্রুন্মুখৰাঃ কৰোতি
|| ১৩–৪০||

 

সৌৱা, তপস্যা কৰিছে এক মুনিয়ে চাৰি যজ্ঞাগ্নিৰ মাজত অৱস্থান কৰি,

অগ্নিৰ মাজত বহি
পঞ্চম অগ্নি যেন সূৰ্যৰ তাপ কপালত সহি

নাম সুতীক্ষ্ণ প্ৰকৃততে স্বভাৱত তেওঁ
শান্ত
–সৌম্য ।

 

হবির্ভুজামেধবতাং
চতুর্ণাং মধ্যে ললাটংতপসপ্তসপ্তিঃ
|

অসৌ তপস্যত্যপৰস্তপস্বী
নাম্না সুতীক্ষ্ণশ্চৰিতেন দান্তঃ
|| ১৩–৪১||

 

এওঁৰ তপস্যাই শংকিত
কৰিলে দেৱৰাজক
,

তপভংগৰ বাবে ইন্দ্ৰই
প্ৰেৰণ কৰা অপ্সৰাই
,

কটাক্ষ হাঁহি আৰু
আংশিকভাৱে প্ৰদৰ্শিত মেখলাৰ

বিলাস–বিভ্ৰমে
নোৱাৰিলে বিচলিত কৰিব মুনিৰ মনক
।

 

অমুং সহাসপ্রহিতেক্ষণানি
ব্যাজার্ধসংদর্শিতমেখলানি
|

নালং বিকর্তুং
জনিতেন্দ্রশঙ্কং সুৰাঙ্গনাবিভ্রমচেষ্টিতানি
|| ১৩–৪২||

 

ঊৰ্ধ্ববাহু এই
ঋষিয়ে অক্ষমালা পৰিধান কৰা
,

কুশাচ্ছাদন আৰু
হৰিণৰ গা খজুওৱাত অভ্যস্ত সোঁহাতখনি

মোৰ প্ৰতি সন্মান জনাই এই দিশে মেলি
ধৰিছে
।


এষোঽক্ষমালাবলয়ং
মৃগাণাং কণ্ডূয়িতাৰং কুশসূচিলাবম্
|

সভাজনে মে ভুজমূর্ধ্ববাহুঃ
সব্যেতৰং প্রাধ্বমিতঃ প্রয়ুঙ্ক্তে
|| ১৩–৪৩||

 

মৌনব্ৰতী এই ঋষিয়ে
সামান্য মূৰ লৰাই গ্ৰহণ কৰিছে মোৰ প্ৰণাম
,

বিমানৰ গতিত ক্ষণিক বাধাৰ পৰা মুক্ত
হৈ পুনৰ ৰাখিলে দৃষ্টি সূৰ্যত
।

 

বাচংযমৎবাৎপ্রণতিং
মমৈষ কম্পেন কিঞ্চিৎপ্রতিগৃহ্য মূর্ধ্নঃ
|

দৃষ্টিং বিমানব্যবধানমুক্তাং
পুনঃ সহস্রার্চিষি সংনিধত্তে
|| ১৩–৪৪||

 

এয়া চোৱাঁ সাগ্নিক
শৰভংগ ঋষিৰ পৱিত্ৰ শৰণাগতৰ আশ্ৰম
,

যি দীৰ্ঘদিন হোমাগ্নিক
সমিধেৰে পৰিতৃপ্ত কৰি

নিজ দেহো কৰিলে অগ্নিক সমৰ্পণ ।

 

অদঃ শৰণ্যং শৰভঙ্গনাম্নস্তপোবনং
পাবনমাহিতাগ্নেঃ
|

চিৰায় সংতর্প্য
সমিদ্ভিৰগ্নিং যো মন্ত্রপূতাং তনুমপ্যহৌষীৎ
|| ১৩–৪৫||

 

এতিয়া সেই ঋষিৰ
অতিথিসৎকাৰৰ দায়িত্ব

গ্ৰহণ কৰিছে পুত্ৰবৎ
পালন কৰা তৰুৰাজিয়ে
,

ছাঁ দি কৰে পথশ্ৰম লাঘৱ আৰু অলেখ সুস্বাদু
ফল দিয়ে
।

 

ছায়াবিনীতাধ্বপৰিশ্রমেষু
ভূয়িষ্ঠসংভাব্যফলেষ্বমীষু
|

তস্যাতিথীনামধুনাসপর্যা
স্থিতা সুপুত্রেষ্বিব পাদপেষু
|| ১৩–৪৬||

 

যাৰ গুহাৰূপী মুখত
জলপ্ৰপাতৰ নাদ শুনা গৈছে
,

যাৰ শিখৰত শিঙেৰে
খন্দা বোকামাটি যেন মেঘ লাগি আছে
,

উদ্ধত বৃষভৰ দৰে সেই চিত্ৰকূট পৰ্বত
দৃষ্টিত ধৰা দিছে
।

 

ধাৰাস্বনোদ্গাৰিদৰীমুখোঽসৌ
শৃঙ্গাঙ্গলগ্নাম্বুজবপ্রপঙ্কঃ
|

বধ্নাতি মে বন্ধুৰগাত্রি
চক্ষুর্দৃপ্তঃ ককুদ্মানিব চিত্রকূটঃ
|| ১৩–৪৭||

 

প্ৰৱাহিনী স্বচ্ছ
মন্দাকিনী স্তিমিত নামনিত পৰ্বতৰ
,

দূৰৰ পৰা সুক্ষ্মৰূপত লাগিছে যেন পৃথিৱীৰ
কণ্ঠহাৰ
।

 

এষা প্রসন্নস্তিমিতপ্রবাহা
সৰিদ্বিদূৰান্তৰভাবতন্বী
|

মন্দাকিনী ভাতি
নগোপকণ্ঠে মুক্তাবলী কণ্ঠগতেব ভূমেঃ
|| ১৩–৪৮||

 

সৌৱা চিত্ৰকূটৰ
সমীপৰ সুন্দৰ তমালবৃক্ষ
,

যাৰ সুবাসিত ফুলৰ
পাহিৰে সাজিছিলোঁ তোমাৰ কুণ্ডল
,

তোমাৰ যৱৰ কোমল পাতৰ দৰে ঈষৎ পাণ্ডু
গালৰ শোভা বঢ়াই
।

 

অয়ং সুজাতোঽনুগিৰং
তমালঃ প্রবালমাদায় সুগন্ধি যস্য
|

যবাঙ্কুৰাপাণ্ডুকপোলশোভী
ময়াবতংসঃ পৰিকল্পিতস্তে
|| ১৩–৪৯||

 

চোৱাঁ, এয়া অত্ৰি মুনিৰ অতি মহিমামণ্ডিত তপোবন,

ইয়াৰ জীৱ-জন্তুৱে
নিগ্ৰহৰ ভীতিহীন হৈ শান্ত হৈ আছে
,

আৰু বৃক্ষই ফুল ফুলাৰ প্ৰক্ৰিয়াবিহীন
হৈয়ে ফলদান কৰিছে
।

 

অনিগ্রহত্রাসবিনীতসত্ত্বমপুষ্পলিঙ্গাৎফলবন্ধিবৃক্ষম্ |

বনং তপঃসাধনমেতদত্রেৰাবিষ্কৃতোদগ্রতৰপ্রভাবম্ || ১৩–৫০||

 

যি শিৱৰ শিৰৰ মালাৰ
দৰে
,

সপ্তৰ্ষিয়ে কৰে
আহৰণ যাৰ স্বৰ্ণপদ্ম নিজ হাতেৰে
,

সেই মন্দাকিনীক
অত্ৰিমুনিৰ পত্নী অনসূয়াই

বোৱাই আনিছিল মুনিসকলৰ স্নানৰ বাবে ।

 

অত্রাভিষেকায় তপোধনানাং
সপ্তর্ষিহস্তোদ্ধৃতহেমপদ্মাম্
|

প্রবর্তয়ামাস কিলানসূয়া
ত্রিস্রোতসং ত্র্যম্বকমৌলিমালাম্
|| ১৩–৫১||

 

বেদীৰ মাজত ধ্যানমগ্ন
ঋষিসকল বীৰাসনত উপবিষ্ট
,

বতাহ নাই বাবে থৰ লাগি থকা গছ–গছনিও
যেন ধ্যানমগ্ন
।

 

বীৰাসনৈর্ধ্যানজুষামৃষীণামমী
সমধ্যাসিতবেদিমধ্যাঃ
|

নিবাতনিষ্কম্পতয়া
বিভান্তি যোগাধিৰূঢা ইব শাখিনোঽপি
|| ১৩–৫২||

 

তুমি আগতে যি গছৰ
আগত মনোবাঞ্ছা পূৰণৰ প্ৰাৰ্থনা কৰিছিলা
,

সেই শ্যাম গছত
ফল লাগি এতিয়া জিলিকি উঠিছে

পদ্মৰাগৰ লগত মৰকতমণিৰ দৰে শোভা পাইছে
।

 

ৎবয়া পুৰস্তাদুপয়াচিতো
যঃ সোঽযং বটঃ শ্যাম ইতি প্রতীতঃ
|

ৰাশির্মণীনামিব
গাৰুডানাং সপদ্মৰাগঃ ফলিতো বিভাতি
|| ১৩–৫৩||


হে সুন্দৰ দেহবল্লৰীৰ ৰাজকুমাৰী,

গংগাৰ সোঁত যমুনাৰ
সৈতে মিলিত হোৱাত লাগিছে

ক’ৰবাত উজ্জ্বল ইন্দ্ৰনীলমণিৰ লগত মুকুতাৰ মালা যেন,

ক’ৰবাত
বগা পদুমৰ সৈতে গঁথা নীলা ভেঁটফুলৰ মালা যেন
।

 

ক্বচিৎপ্রভালেপিভিৰিন্দ্রনীলৈর্মুক্তাময়ী
যষ্টিৰিবানুবিদ্ধা
|

অন্যত্র মালা সিতপঙ্কজানামিন্দীবৰৈৰুৎখচিতান্তৰেব || ১৩–৫৪||

 

ক’ৰবাত মানস সৰোবৰৰ প্ৰিয় বগা ৰাজহাঁহৰ শাৰী ক’লা পাখিৰ হংসৰ সতে,

অন্য ক’ৰবাত
ক
’লা সুবাসিত ৰেঘা অংকিত  চন্দনশোভিত ভূমিৰ দৰে।

 

ক্বচিৎখগানাং প্রিয়মানসানাং
কাদম্বসংসর্গবতীব পঙ্ক্তিঃ
|

অন্যত্র কালাগুৰুদতাপত্রা
ভক্তির্ভুবশ্চন্দনকল্পিতেব
|| ১৩–৫৫||

 

আন ক’ৰবাত জোনাক যেন খণ্ড খণ্ড হৈ সিঁচৰিত ছাঁ মিহলি আন্ধাৰত,

ক’ৰবাত
নীলা আকাশত ভূমূকি মৰা শৰতৰ বগা মেঘৰ দৰে
।

 

ক্বচিৎপ্রভা চান্দ্রমসী
তমোভিশ্ছায়াবিলীনৈঃ শবলীকৃতেব
|

অন্যত্র শুভ্রা
শৰদভ্রলেখা ৰন্ধ্রেষ্বিবালক্ষ্যনভঃপ্রদেশা
|| ১৩–৫৬||

 

গংগাৰ শুভ্ৰ স্ৰোত
আৰু যমুনাৰ কৃষ্ণ তৰংগৰ ভিন্ন সংগমত

ক’লা
সৰ্পালংকাৰ পৰিহিত শিৱৰ ভস্মৰাগ সনা শৰীৰ যেন দেখা গৈছে
।

 

ক্বচিচ্চ কৃষ্ণোৰগভূষণেব
ভস্মাঙ্গৰাগা তনুৰীশ্বৰস্য
|

পশ্যানবদ্যাঙ্গি
বিভাতি গঙ্গা ভিন্নপ্রবাহা যমুনাতৰঙ্গৈঃ
|| ১৩–৫৭||

 

দুই সমুদ্ৰপত্নীৰ
সংগমস্থলীত যি কৰে অৱগাহন স্নান
,

তেওঁলোকৰ বন্ধ হয় পুনৰ্জন্ম নাথাকিলেও
তত্ত্বজ্ঞান
।

 

সমুদ্রপত্যোর্জলসংনিপাতে
পূতাত্মনামত্র কিলাভিষেকাৎ
|

তত্ত্বাববোধেন
বিনাপি ভূয়স্তনুত্যজাং নাস্তি শৰীৰবন্ধঃ
|| ১৩–৫৮||

 

এয়া নিষাদৰাজ গূহৰ
নগৰী য
’ত বান্ধিছিলোঁ জঁটা মুকুটমণি খুলি,

কান্দিছিল সাৰথি সুমন্তই
‘
কৈকেয়ী, তোমাৰ
ইচ্ছা পূৰ্ণ হ
’ল’
বুলি।

 

পুৰং নিষাদাধিপতেৰিদং
তদ্যস্মিন্ময়া মৌলিমণিং বিহায়
|

জটাসু বদ্ধাস্বৰুদৎসুমন্ত্রঃ
কৈকেয়ি কামাঃ ফলিতাস্তবেতি
|| ১৩–৫৯||

 

যাৰ স্বৰ্ণপদ্মৰ
ৰেণু দেৱনাৰীৰ বক্ষস্থলত সংলগ্ন হয়
,

অব্যক্ত কথাতেই
যেনেকৈ থাকে মহত্ত্ব
,

ঋষি আৰু জ্ঞানীৰ
মতে মানস সৰোৱৰ যাৰ উৎস
,

 

পয়োধৰৈঃ পুণ্যজনাঙ্গনানাং
নির্বিষ্টহেমাম্বুজৰেণু যস্যাঃ
|

ব্রাহ্মং সৰঃ কাৰণমাপ্তবাচো
বুদ্ধেৰিবাব্যক্তমুদাহৰন্তি
|| ১৩–৬০||

 

যি নদীৰ তীৰত যজ্ঞৰ
যূপাৱলী স্থাপিত হৈ আছে
,

যি নৈৰ পানী ৰাজধানী
অযোধ্যাৰ উপকণ্ঠৰে বৈ গৈছে
,

অশ্বমেধ যজ্ঞৰ
শেষত সেই জলত অবভৃথ স্নান কৰি

ইক্ষ্বাকু বংশীয়সকলে অধিক পবিত্ৰ কৰি
তুলিছে
।

 

জলানি যা তীৰনিখাতয়ূপা
বহত্যয়োধ্যামনু ৰাজধানীম্
|

তুৰংগমেধাবভৃথাবতীর্ণৈৰিক্ষ্বাকুভিঃ
পুণ্যতৰীকৃতানি
|| ১৩–৬১||

 

এই নদীৰ বালিচৰ
যেন প্ৰজাসকলৰ সুখদায়ক কোলাৰ দৰে
,

যাৰ জল পান কৰি
মোৰ দৰেই সকলো পৰিপুষ্ট হৈছে
,

তেওঁ উত্তৰ কোশলৰ সকলো প্ৰজাৰে ধাত্ৰীৰ
দৰে
।

 

যাং সৈকতোৎসঙ্গসুখোচিতানাং
প্রাজ্যৈঃ পয়োভিঃ পৰিবর্ধিতানাম্
|

সামান্যধাত্রীমিব
মানসং মে সংভাবয়ত্যুত্তৰকোসলানাম্
|| ১৩–৬২||

 

সেয়া মান্য স্বামীৰ
পৰা বিৰহিত মোৰ আইৰ দৰে সৰযূ

দূৰ দেশৰ পৰা উভতিছোঁ বুলি বাসন্তী মলয়াই শীতলোৱা

তৰংগায়িত হাতেৰে মোক আলিংগন কৰিছে ।

 

সেয়ং মদীয়া জননীব
তেন মান্যেন ৰাজ্ঞা সৰয়ূর্বিয়ুক্তা
|

দূৰে বসন্তং শিশিৰানিলৈর্মাং
তৰংগহস্তৈৰুপগূহতীব
|| ১৩–৬৩||

 

তামৰঙী ধূলি উৰিছে
মাটিৰ পৰা হেঙুলী সন্ধ্যাৰ দৰে
,

এনে লাগিছে যেন
হনুমানৰ মুখে আমাৰ আগমনৰ বাৰ্তা পাই

সৈন্য–সামন্ত
লৈ ভৰত আহিছে আমাৰ প্ৰত্যাগমনৰ বাবে
।


বিৰক্তসংধ্যাকপিশং
পৰস্তাদ্যতো ৰজঃ পার্থিবমুজ্জিহীতে
|

শঙ্কে হনূমৎকথিতপ্রবৃত্তিঃ
প্রত্যুদ্গতো মাং ভৰতঃ সসৈন্যঃ
|| ১৩–৬৪||

 

যিদৰে যুদ্ধত মই
খৰ আদি ৰাক্ষসক বধি ঘূৰি আহোঁতে
,

সুৰক্ষা দিয়া লক্ষ্মণে
তোমাক মোৰ হাতত সমৰ্পণ কৰিছিল
,

সাধু ভৰতে তেনেকৈয়ে
অস্পৰ্শিত সংৰক্ষিত ৰাজলক্ষ্মী

প্ৰতিজ্ঞা পালনৰ অন্তত ঘূৰি আহোঁতে মোৰ
হাতত তুলি দিব
।

 

অদ্ধা শ্রিয়ং পালিতসংগৰায়
প্রত্যর্পয়িষ্যত্যনঘাং স সাধুঃ
|

হৎবা নিবৃত্তায়
মৃধে খৰাদীন্সংৰক্ষিতাং ৎবামিব লক্ষ্মণো মে
|| ১৩–৬৫||

 

সৌৱা তেওঁ আহিছে
বাকলি বসন পৰিধান কৰি
,

সৈন্যদল থৈ আহিছে
পিছত
, কুলগুৰুক ৰাখি আগত,

বৰ্ষিয়ান অমাত্যসকলক লগত লৈ উপহাৰ আৰু
অৰ্ঘ্য লৈ হাতত
।

 

অসৌ পুৰস্কৃত্য
গুৰুং পদাতিঃ পশ্চাদবস্থাপিতবাহিনীকঃ
|

বৃদ্ধৈৰমাত্যৈঃ
সহ চীৰবাসা মামর্ঘ্যপাণির্ভৰতোঽপ্যুপৈতি
|| ১৩–৬৬||

 

যুৱক হৈ পিওতৃপ্ৰদত্ত
ৰাজ্য উপভোগ নকৰি

ইমান বছৰে তৰোৱালৰ
ধাৰৰ দৰে ব্ৰত পালন কৰি
,

মোৰ অপেক্ষাতে ৰৈ আছে ।

 

পিত্রা বিসৃষ্টাং
মদপেক্ষয়া যঃ শ্রিয়ং যুবাপ্যঙ্কগতামভোক্তা
|

ইয়ন্তি বর্ষাণি
তয়া সহোগ্রমভ্যস্যতীব ব্রতমাসিধাৰম্
|| ১৩–৬৭||

 

দাশৰথীয়ে এই বৰ্ণনা
দি থাকোঁতেই

তেওঁৰ মনোৰথ বুজিলে
বিমানৰ অধিপতি দেৱতাই

বিমান নামি আহিল আকাশৰ পৰা তেতিয়াই ।

সবিস্ময়ে চাই থাকিল ভৰতৰ অনুগামী সেনাই
।

 

এতাবদুক্তবতি দাশৰথৌ
তদীয়া
–

মিচ্ছাং বিমানমধিদেবতয়া
বিদিৎবা
|

জ্যোতিষ্পথাদবতাৰ
সবিস্ময়াভি
–

ৰুদ্বীক্ষিতং প্রকৃতিভির্ভৰতানুগাভিঃ || ১৩–৬৮||

 

সেৱাত বিচক্ষণ
বানৰৰাজ সুগ্ৰীৱৰ হাতত ধৰি

ৰাম বিমানৰ পৰা
নামিল স্ফটিকৰ জখলাৰে
,

সমুখত ৰৈ স্ফটিকৰ পথ দেখুৱালে বিভীষণে
।

 

তস্মাৎপুৰঃসৰবিভীষণদর্শনেন

সেবাবিচক্ষণহৰীশ্বৰদত্তহস্তঃ |

যানাদবাতৰদদূৰমহীতলেন

মার্গেণ ভঙ্গিৰচিতস্ফটিকেন
ৰামঃ
|| ১৩–৬৯||

 

পৱিত্ৰপ্ৰাণ ৰামে
প্ৰথমেই নমন কৰিলে ইক্ষ্বাকু কুলগুৰুক
,

তাৰ পাছত অৰ্ঘ্যাদি লৈ আনন্দাশ্ৰুৰে আলিংগন
কৰিলে ভৰতক
।

ঘ্ৰাণ কৰিলে ভাতৃৰ শিৰ,
ভাতৃভক্তিৰ
বাবে যি তেজিলে ৰাজ্যাভিষেক
  ।

 

ইক্ষ্বাকুবংশগুৰবে
প্রয়তঃ প্রণম্য

স ভ্রাতৰং ভৰতমর্ঘ্যপৰিগ্রহান্তে |

পর্যশ্রুৰস্বজত
মূর্ধনি চোপজঘ্রৌ

তদ্ভক্ত্যপোঢপিতৃৰাজ্যমহাভিষেকে || ১৩–৭০||

 

বৃদ্ধ মন্ত্ৰীসকলে
ৰামক জনালে সেৱা
,

তেওঁলোকৰ দীঘল দাঢ়ি–চুলি
যেন বটগছৰ ওলমি পৰা শিপা
।

মৰমসনা শুভদৃষ্টিৰে
চাই তেওঁলোকৰ স্বীকাৰ কৰিলে সম্ভাষণ
,

কুশল প্ৰশ্ন আৰু মধুৰ সম্ভাষণেৰে কৰিলে
অনুগ্ৰহ প্ৰকাশ
।

 

 শ্মশ্রুপ্রবৃদ্ধিজনিতাননবিক্রিয়াংশ্চ

প্লক্ষান্প্রৰোহজটিলানিব
মন্ত্রিবৃদ্ধান্
|

অন্বগ্রহীৎপ্রণবতঃ
শুভদৃষ্টিপাতৈ
–

র্বাতানুয়োগমধুৰাক্ষৰয়া
চ বাচা
|| ১৩–৭১||

 

ঋক্ষ আৰু বানৰৰ
অধিপতি এওঁ সুগ্ৰীৱ দুঃসময়ৰ সখা
,

এওঁ পৌলস্ত্য বিভীষণ
সমৰত আগৰণুৱা
,

ৰামে এনেকৈয়ে দুয়োৰে
দিলে পৰিচয়
,

লক্ষ্মণকো এৰি ভৰতে দুয়োকে কৰিলে বন্দনা
।

 

দুর্জাতবন্ধুৰয়মৃক্ষহৰীশ্বৰো
মে

পৌলস্ত্য এষ সমৰেষু
পুৰঃপ্রহর্তা
|

ইত্যাদৃতেন কথিতৌ
ৰঘুনন্দনেন

ব্যুৎক্রম্য লক্ষ্মণমুভৌ
ভৰতো ববন্দে
|| ১৩–৭২||

 

তাৰ পাছতে ভৰত মিলিত
হ
’ল সৌমিত্ৰৰ সৈতে,

প্ৰণাম জনোৱা লক্ষ্মণক তুলি ধৰিলে ভৰতে
।

দৃঢ় আলিংগন কৰিলে
তেওঁ নিবিড়ভাৱে
,

মেঘনাদৰ বাণত কৰ্কশ বুকুখনিৰ আঘাত অনুভৱ
কৰিলে
।

 

সৌমিত্রিণা তদনু
সংসসৃজে স চৈন
–

মুত্থাপ্য নম্রশিৰসং
ভৃশমালিলিঙ্গ
|

ৰূঢেন্দ্রজিৎপ্রহৰণব্রণকর্কশেন

ক্লিশ্যন্নিবাস্য
ভুজমধ্যমুৰস্থলেন
|| ১৩–৭৩||

 

বানৰ সেনাপতিসকলে
ৰামৰ আদেশত

মানুহৰ দেহ ধাৰণ কৰি উঠিল হাতীৰ পিঠিত।

বহুধাৰাৰে মদবৰ্ষী
পিঠিত উঠি গজৰাজৰ

সুখ পালে পাহাৰত আৰোহণ কৰাৰ।

 

ৰামাজ্ঞয়া হৰিচমূপতয়স্তদানীং

কৃৎবা মনুষ্যবপুৰাৰুৰুহুর্গজেন্দ্রান্ |

তেষু ক্ষৰৎসু বহুধা
মদবাৰিধাৰাঃ

শৈলাধিৰোহণসুখান্যুপলেভিৰেমে || ১৩–৭৪||

 

ৰাক্ষসৰাজ বিভীষণেও
আৰোহণ কৰিলে

অনুচৰসকলৰ সৈতে
ৰামে দেখুৱাই দিয়া ৰথত
,

ৰাক্ষসৰ মায়াসৃষ্ট ৰথো তুলনা নহয় সেই
ৰথৰ
।

 

সানুপ্লবঃ প্রভুৰপি
ক্ষণদাচৰাণাং

ভেজে ৰথান্দশৰথপ্রভবানুশিষ্টঃ |

মায়াবিকল্পৰচিতৈৰপি
যে তদীয়ৈ
–

র্ন স্যন্দনৈস্তুলিতকৃত্রিমভক্তিশোভাঃ || ১৩–৭৫||

 

তাৰ পাছত ৰামে ভৰত
আৰু লক্ষ্মণৰ লগত পুনৰ

আৰোহণ কৰিলে পতাকা শোভিত
ইচ্ছাগতিৰ বিমানত
,

দেখি বোধ হ’ল যেন দেখা গ’ল বিশেষ যোগত,

বুধ আৰু বৃহস্পতিৰ
সৈতে চন্দ্ৰই আৰোহণ কৰা

চঞ্চল বিজুলীৰে সজোৱা সন্ধ্যাৰ মেঘমালাত
।

 

ভূয়স্ততো ৰঘুপতির্বিলসৎপতাক–

মধ্যাস্ত কামগতি
সাবৰজো বিমানম্
|

দোষাতনং বুধবৃহস্পতিয়োগদৃশ্য–

স্তাৰাপতিস্তৰলবিদ্যুদিবাভ্রবৃন্দম্ || ১৩–৭৬||

 

প্ৰলয়কালত যিদৰে
ঈশ্বৰে জগত উদ্ধাৰ কৰে
,

শৰৎকালে যেনেকৈ
বাৰিষাৰ মেঘৰ পৰা

জোনৰ পোহৰ মুকলি
কৰে
,

তেনেকৈ দশাননৰূপী
সংকটৰ পৰা ৰামে উদ্ধাৰ কৰা

সেই ধীৰ–স্থিৰ
মৈথেলীক ভৰতে বন্দনা কৰিলে
।

 

তত্রেশ্বৰেণ জগতাং
প্রলয়াদিবোর্বীং

বর্ষাত্যয়েন ৰুচমভ্রঘনাদিবেন্দোঃ|

ৰামেণ মৈথিলসুতাং
দশকণ্ঠকৃচ্ছ্রা
–

ৎপ্রত্যুদ্ধৃতাং
ধৃতিমতীং ভৰতো ববন্দে
|| ১৩–৭৭||

 

যি ৰাৱণৰ প্ৰাৰ্থনা
প্ৰত্যাখ্যান কৰি

দৃঢ় ব্ৰতেৰে ৰক্ষা
কৰিছিল নিজৰ সতিত্ব
,

সেই সীতাৰ চৰণযুগল
বন্দনীয়
,

স্পৰ্শ কৰিলে ভৰতৰ
জঁটাবন্ধা শিৰে
,

যি জ্যেষ্ঠভাতৃৰ
সেৱাত ব্ৰতী দীৰ্ঘকাল
,

দুয়ো দুয়োৰে সংস্পৰ্শত হ’ল
পাৱন
।

 

লঙ্কেশ্বৰপ্রণতিভঙ্গদৃঢব্রতং
ত
–

দ্বন্দ্যং যুগং
চৰণয়োর্জনকাত্মজায়াঃ
|

জেষ্ঠানুবৃত্তিজটিলং
চ শিৰোঽস্য সাধো
–

ৰন্যোন্যপাবনমভূদুভয়ং
সমেত্য
|| ১৩–৭৮||

 

তাৰ পাছত কাকুৎস্থসকল
প্ৰজাসকলক আগত লৈ

অতি ধীৰগতিত আকাশীপথেৰে পুষ্পক বিমানত
গৈ থাকিল
।

আধাক্ৰোশ বাট গৈ
অৱতৰণ কৰিলে সাকেট উপবনত

অৱস্থান কৰিলে শত্ৰুঘ্নই কৰা প্ৰতিবিহিত
আয়োজনত
।

 

ক্রোশার্ধং প্রকৃতিপুৰঃসৰেণ
গৎবা

কাকুৎস্থঃ স্তিমিতজবেন
পুষ্পকেণ
|

শত্রুঘ্নপ্রতিবিহিতোপকার্যমার্যঃ

সাকেতোপবনমুদাৰমধ্যুবাস || ১৩–৭৯||

 

(কালিদাসৰ ৰঘুবংশৰ ত্রয়োদশ অধ্যায় সমাপ্ত )

 

ইতি শ্রীৰঘুবংশে
মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

দণ্ডকাপ্রত্যাগমনো
নাম ত্রয়োদশঃ সর্গঃ
||



।|
 অধ্যায়  ||

 

তাত উপস্থিত হৈ
দেখিলে দাশৰথীয়ে

জঁয় পৰাৰ দৰে ধুমুহাত
উভলি পৰা বৰগছৰ আশ্ৰিত লতা

স্বামীৰ দেহাৱসানত দুই জননীৰ হৈছে অতি
শোচনীয় দশা
।

 

ভর্তুঃ প্রণাশাদথ
শোচনীয়ং দশান্তৰং তত্র সমং প্রপন্নে
|

অপশ্যতাং দাশৰথী
জনন্যৌ ছেদাদিবোপঘ্নতৰোর্ব্রতত্যৌ
|| ১৪–১||

 

শত্ৰুনিধনকাৰী
আৰু বল
–বিক্ৰমেৰে প্ৰশংসিত দুই পুত্ৰই

যথাক্ৰমে প্ৰণাম কৰিলে দুই জননীক ।

ক্ৰন্দনত দৃষ্টি হেৰুওৱা মাতৃয়ে স্পৰ্শসুখেৰে
চিনিলে পুত্ৰক
।

 

উভাবুভাভ্যাং প্রণতৌ
হতাৰী যথাক্রমং বিক্রমশোভিনৌ তৌ
|

বিস্পষ্টমস্রান্ধতয়া
ন দৃষ্টৌ জ্ঞাতৌ সুতস্পর্শসুখোপলম্ভাৎ
|| ১৪–২||

 

গংগা আৰু সৰযূৰ
গ্ৰীষ্মৰ তাপে উষ্ণ কৰি তোলা পানীক

হিমালয়ৰ হিমায়িত
জল ঝৰণাৰে আহি শীতলাই তোলাৰ দৰে
,

তেওঁলোকৰ শীতল আনন্দাশ্ৰুৱে দুখৰ উষ্ণ
শোকাশ্ৰু ধুই নিলে
।

 

আনন্দজঃ শোকজমশ্রুবাষ্পস্তয়োৰশীতং
শিশিৰো বিভেদ
|

গঙ্গাসৰয়্বোর্জলমুষ্ণতপ্তং
হিমাদ্রিনিস্যন্দ ইবাবতীর্ণঃ
|| ১৪–৩||

 

দুই পুত্ৰৰ শৰীৰত
ৰাক্ষসৰ সৈতে যুঁজৰ হোৱা ক্ষতচিহ্নত

বুলালে আলফুলে
আদৰৰ হাত
,

এতিয়াও যেন ৰক্তৰঞ্জিত
সেই আঘাত
,

ঈপ্সিত নহয় আৰু ক্ষত্ৰিয় কুলাংগনাৰ বীৰপ্ৰসৱিনী
সুবাদ
।

 

তে পুত্রয়োর্নৈঋতশস্ত্রমার্গানার্দ্রানিবাঙ্গে
সদয়ং স্পৃশন্তৌ
|

অপীপ্সিতং ক্ষত্রকুলাঙ্গনানাং
ন বীৰসূশব্দমকাময়েতাম্
|| ১৪–৪||

 

মই সেই অলক্ষণা
সীতা
, যাৰ বাবে স্বামীয়ে অনেক ক্লেশ সহিছে,

এই বুলি বধুৱে স্বৰ্গগত শহুৰৰ  দুই মহিষীক সমভক্তিৰে
সেৱা কৰিলে
।

 

ক্লেশাবহা ভর্তুৰলক্ষণাহং
সীতেতি নাম স্বমুদীৰয়ন্তী
|

স্বর্গপ্রতিষ্ঠস্য
গুৰোর্মহিষ্যাবভক্তিভেদেন বধূর্ববন্দে
|| ১৪–৫||

 

উঠা আই! তোমাৰ পৱিত্ৰ চৰিত্ৰৰ শক্তিয়েই জয়ী কৰিলে

পৰম সংকটত তোমাৰ
স্বামীক তেওঁৰ ভাতৃৰ সৈতে
,

দুই জননীয়ে সীতাক আশ্বাসিলে এই প্ৰিয়
অথচ সত্য বচনেৰে
।

 

উত্তিষ্ঠ বৎসে
ননু সানুজোঽসৌ বৃত্তেন ভর্তা শুচিনা তবৈব
|

কৃচ্ছ্রং মহত্তীর্ণ
ইব প্রিয়ার্হাং তামূচতুস্তে প্রিয়মপ্যমিথ্যা
|| ১৪–৬||

 

তাৰ পাছতে আৰম্ভ
হ
’ল ৰঘুবংশৰ ধ্বজাস্বৰূপ ৰামৰ অভিষেক,

প্ৰথমে মাতৃৰ আনন্দাশ্ৰুৰ
জলেৰে
,

বৃদ্ধ অমাত্যসকলে
অনুষ্ঠান শেষ কৰিলে সোণৰ কলচীত

তীৰ্থস্থানৰ পৰা অনা পৱিত্ৰ জলেৰে ।

 

অথাভিষেকং ৰঘুবংশকেতোঃ
প্রাৰব্ধমানন্দজলৈর্জনন্যোঃ
|

নির্বর্তয়ামাসুৰমাত্যবৃদ্ধাস্তীর্থাহৃতৈঃ
কাঞ্চনকুম্ভতোয়ৈঃ
|| ১৪–৭||

 

নদী–সাগৰ–সৰোবৰ সকলোৰে পৰা

স্নানৰ পানী আনিলে
বানৰ আৰু ৰাক্ষসে
,

সেই জলৰাশি তেওঁৰ
বিজয়ী শিৰৰ পৰা নিগৰিলে

যেন বিন্ধ্যপৰ্বতৰ চূড়াত মেঘৰ বৰ্ষণ
হৈছে
।

 

সৰিৎসমুদ্রান্সৰসীশ্চ
গৎবা ৰক্ষঃকপীন্দ্রৈৰুপপাদিতানি
|

তস্যাপতন্মূর্ধ্নি
জলানি জিষ্ণোর্বিন্ধ্যস্য মেঘপ্রভবা ইবাপঃ
|| ১৪–৮||

 

তপস্বীৰ বেশ ধাৰণতো
তেওঁক অতিকে শুৱাইছিল
,

আজি ৰাজৰাজেন্দ্ৰৰ বেশত তেওঁৰ শোভা দুগুণে
চৰিল
।

 

তপস্বিবেষক্রিয়য়াপি
তাবদ্যঃ প্রেক্ষণীয়ঃ সুতৰাং বভূব
|

ৰাজেন্দ্রনেপথ্যবিধানশোভা
তস্যোদিতাসীৎপুনৰুক্তদোষা
|| ১৪–৯||

 

ৰামে নিজ কুলৰ
ৰাজধানীত প্ৰবেশ কৰিলে

লগতে থাকিল অমাত্যগণ, অনুগত বানৰ আৰু ৰাক্ষস,

আছিল সৈন্যদল আৰু
তূৰ্যধ্বনিৰে মুখৰিত আনন্দিত নগৰবাসী
,

গৱাক্ষৰে চাউল ছটিয়াইছিল নাৰীয়ে সুউচ্চ
তোৰণ শোভিত ৰাজধানীত
।

 

স মৌলৰক্ষোহৰিভিঃ
সসৈন্যস্তূর্যস্বনানন্দিতপৌৰবর্গঃ
|

বিবেশ সৌধোদ্গতলাজবর্ষামুত্তোৰণামন্বয়ৰাজধানীম্|| ১৪–১০||

 

ৰামচন্দ্ৰ বহিছে
ৰথত দুই সৌমিত্ৰই ধীৰে ধীৰে 
চামৰৰ বা দিছে,

ভৰতে ধৰিছে ৰাজছত্ৰ যেন  অযোধ্যাত শাসনৰ চতুৰ্সাধন
প্ৰৱেশিছে 
।

 

সৌমিত্রিণা সাবৰজেন
মন্দমাধূতবালব্যজনো ৰথস্থঃ
|

ধৃতাতপত্রো ভৰতেন
সাক্ষাদুপায়সংঘাত ইব প্রবৃদ্ধঃ
|| ১৪–১১||

 

প্ৰাসাদৰ ধূপৰ
ধোঁৱা বতাহত বিয়পি পৰিছিল
,

যেন বনবাসৰ পৰা
উভতি আহি ৰামে

অযোধ্যা নগৰীৰ বিৰহৰ বেণী নিজ হাতে খুলি
দিছে
।

 

প্রাসাদকালাগুরুধূমৰাজিস্তস্যাঃ
পুৰো বায়ুবশেন ভিন্না
|

বনান্নিবৃত্তেন
ৰঘূত্তমেন মুক্তা স্বয়ং বেণিৰিবাবভাসে
|| ১৪–১২||

 

শাহুআইসকলে অতি
সুন্দৰকৈ সজালে সীতাক
,

কৰ্ণীৰথত উঠি ৰঘুবীৰৰ
সহধৰ্মিনী

প্ৰাসাদৰ গৱাক্ষত ৰৈ অযোধ্যাৰ ৰমণীয়ে
কৰিলে কৃতাঞ্জলি
।

 

শ্বশ্রূজনানুষ্ঠিতচাৰুবেষাং
কর্ণীৰথস্থাং ৰঘুবীৰপত্নীম্
|

প্রাসাদবাতায়নদৃশ্যবন্ধৈঃ
সাকেতনার্যোঽঞ্জলিভিঃ প্রণেমুঃ
|| ১৪–১৩||

 

অনসূয়া প্ৰদত্ত
অক্ষয় অংগৰাগেৰে জিলমিল তেজস্বিনী সীতা

দেখি এনে লাগিল
যেন ৰামে অযোধ্যাক দেখুৱাইছে

অগ্নিৰ মাজত ৰৈ থকা বিশুদ্ধ সীতাক ।

 

স্ফুৰৎপ্রভামণ্ডনমানসূয়ং
সা বিভ্রতী শাশ্বতমঙ্গৰাগম্
|

ৰৰাজ শুদ্ধেতি
পুনঃ স্বপুর্যৈ সংদর্শিতা বহ্নিগতেব ভর্ত্রা
|| ১৪–১৪||

 

সুহৃদৱৎসল ৰামে
ব্যৱস্থা কৰিলে

বন্ধুসকলৰ বাবে
সুবিধাসহ বিশ্ৰামগৃহ
,

তাৰ পাছত সজলনয়নে
প্ৰৱেশ কৰিলে পিতাৰ শয়নকক্ষত
,

পিতা নাই আছে তাত পিতাৰ প্ৰতিকৃতি আৰু
অৰ্পণ কৰা পুষ্প
।

 

বেশ্মানি ৰামঃ
পৰিবর্হবন্তি বিশ্রাণ্য সৌহার্দনিধিঃ সুহৃদ্ভ্যঃ
|

বাষ্পায়মানো বলিমন্নিকেতমালেখ্যশেষস্য
পিতুর্বিবেশ
|| ১৪–১৫||

 

ভৰতজননীৰ লজ্জা
দূৰ কৰিবলৈ কৃতাঞ্জলি কৰি ক
’লে ৰামে,

সত্যভ্ৰষ্ট নহৈ আমাৰ পিতা স্বৰ্গলৈ যাব
পাৰিলে তোমাৰ সুকৃতিতে
।

 

কৃতাঞ্জলিস্তত্র
যদম্ব সত্যান্নাভ্রশ্যত স্বর্গফলাদ্গুৰুর্নঃ
|

তচ্চিন্ত্যমানং
সুকৃতং তবেতি জহাৰ লজ্জাং ভৰতস্য মাতুঃ
|| ১৪–১৬||

 

সকলো বস্তু হাততে
পোৱাৰ বিদ্যা জানিছিল তেওঁলোকে ইচ্ছাশক্তিত
,

তথাপি সুগ্ৰীৱ–বিভীষণ
প্ৰমুখ্যে সকলো বিস্মিত হ
’ল
ৰামৰ পৰিচৰ্যাত
।

 

তথৈৱ সুগ্রীৱবিভীষণাদীনুপাচৰৎকৃত্রিমসংবিধাভিঃ |

সংকল্পমাত্রোদিতসিদ্ধয়স্তে
ক্রান্তা যথা চেতসি বিস্ময়েন
|| ১৪–১৭||

 

দিব্যমুনিসকলক
কৰিলে পুৰস্কৃত বহু মূল্যৱান দ্ৰব্যৰে
,

নিজ বীৰত্বৰ গৌৰৱ
সূচনা কৰা নিহত শত্ৰু দশাননৰ

জন্মকে আদি কৰি নানা কাহিনী শুনিলে তেওঁলোকৰ
মুখে
।

 

সভাজনায়োপগতান্স
দিব্যান্মুনীন্পুৰস্কৃত্য হতস্য শত্রোঃ
|

শুশ্রাব তেভ্যঃ
প্রভবাদি বৃত্তং স্ববিক্রমে গৌৰবমাদধানম্
|| ১৪–১৮||

 

তপোধন ঋষিসকলৰ
প্ৰস্থানৰ পাছত সুখ
–সমৃদ্ধিৰ উপভোগেৰে

অতিবাহিত হ’ল এটা পষেক ৰাক্ষসাধিপতি আৰু বানৰৰাজৰ,

সীতাই নিজহাতে
কৰিলে সেৱা তেওঁলোকৰ
,

অৱশেষত ৰামচন্দ্ৰই তেওঁলোকক জনালে বিদায়
সম্ভাষণ
।

 

প্রতিপ্রয়াতেষু
তপোধনেষু সুখাদবিজ্ঞাতগতার্ধমাসান্
|

সীতাস্বহস্তোপহৃতাগ্র্যপূজান্রক্ষঃকপীন্দ্রান্বিসসর্জ
ৰামঃ
|| ১৪–১৯||

  

স্মৰণমাত্ৰকে আহি
উপস্থিত হোৱা পুষ্পকবিমান
,

ৰাক্ষসৰাজ ৰাৱণৰ
জীৱন অন্ত কৰি জয় কৰিছিল ৰামে
,

স্বৰ্গীয় পুষ্পস্বৰূপ পুষ্পক ঘূৰাই দিলে
কৈলাসনাথক আৰোহণৰ বাবে
।

 

তচ্চাত্মচিন্তাসুলভং
বিমানং হৃতং সুৰাৰেঃ সহ জীবিতেন
|

কৈলাসনাথোদ্বহনায়
ভূয়ঃ পুষ্পং দিবঃ পুষ্পকমন্বমংস্ত
|| ১৪–২০||

 

পিতাৰ আদেশ মানি
বনবাসৰ অন্তত ৰাজ্যভাৰ গ্ৰহণ কৰিলে ৰামে
,

ধৰ্ম–অৰ্থ–কামত
সমভাৱে প্ৰবৃত্ত হ
’ল
যিদৰে সমভাৱ তিনিভাতৃৰ বাবে
।

 

পিতুর্নিয়োগাদ্বনবাসমেবং
নিস্তীর্য ৰামঃ প্রতিপন্নৰাজ্যঃ
|

ধর্মার্থকামেষু
সমাং প্রপেদে যথা তথৈবাবৰজেষু বৃত্তিম্
|| ১৪–২১||

 

সকলো কেইগৰাকী
মাতৃৰ প্ৰতি আছিল

মাতৃবৎসল ৰামৰ
সমভক্তি আৰু মাতৃপ্ৰেম
,

দেৱসেনাপতি ষড়াননে
যিদৰে ছয়মুখেৰে

সমভক্তিৰে কৰিছিল কৃত্তিকাসকলৰ স্তনপান
।

 

সর্বাসু মাতুষ্বপি
বৎসলৎবাৎস নির্বিশেষপ্রতিপত্তিৰাসীৎ
|

ষডাননাপীতপয়োধৰাসু
নেতা চমূনামিব কৃত্তিকাসু
|| ১৪–২২||

 

তেওঁৰ নিৰ্লোভ
ব্যৱস্থাপনাত সম্পদ বৃদ্ধি হ
’ল,

সকলো বিঘ্নভয় দূৰ কৰি সৎকৰ্ম হ’ল
অনুষ্ঠিত
।

দান কৰিলে লোকশিক্ষা
যেন ৰাজ্যবাসীৰ তেওঁ পিতা
,

দূৰ কৰিলে শোক–সন্তাপ
যেন তেওঁ সকলোৰে পুত্ৰ
।

 

তেনার্থবাঁল্লোভপৰাঙ্মুখেন
তেন ঘ্নতা বিঘ্নভয়ং ক্রিয়াবান্
|

তেনাস লোকঃ পিতৃমান্বিনেত্রা
তেনৈব শোকাপনুদেব পুত্রী
|| ১৪–২৩||

 

তেওঁ পূৰ্ণসময়
ৰাজকাৰ্যত মনোনিবেশ কৰি

বিদেহাধিপতিৰ দুহিতাৰ সংগ উপভোগ কৰিছিল
।

যেন লক্ষ্ণীদেৱীয়ে
ৰামক পোৱাৰ হেঁপাহত

সীতাৰ সুন্দৰ শৰীৰ আশ্ৰয়ত মিলিত হৈছে
ৰামৰ সৈতে
।

 

স পৌৰকার্যাণি
সমীক্ষ্য কালে ৰেমে বিদেহাধিপতের্দুহিত্রা
|

উপস্থিতশ্চাৰু
বপুস্তদীয়ং কৃৎবোপভোগোৎসুকয়েব লক্ষ্ম্যা
|| ১৪–২৪||


তেওঁলোকৰ হাততে
আছিল সকলো ভোগ্যদ্ৰব্য বাসনাৰ
,

এতিয়া চিত্ৰশালাত দণ্ডকাৰণ্যৰ দুখৰ ছবিও
দেখি লাগে সুখৰ
।

 

তয়োর্যথাপ্রার্থিতমিন্দ্রিয়ার্থানাসেদুষোঃ
সদ্মসু চিত্রবৎসু
|

প্রাপ্তানি দুঃখান্যপি
দণ্ডকেষু সংচিন্ত্যমানানি সুখান্যভূবন্
|| ১৪–২৫||

 

তাৰ পাছত সীতাৰ
চকুৰ দৃষ্টি অধিক স্নিগ্ধ হৈ আহিল
,

মুখখনি শৰণ খেৰৰ দৰে শেঁতা ৰঙৰ হ’ল
।

শব্দৰে নক’লেও,
গৰ্ভধাৰণৰ
কথা বুজি ৰাম অতিকে সুখী হ
’ল
।

 

অথাধিকস্নিগ্ধবিলোচনেন
মুখেন সীতা শৰপাণ্ডুৰেণ
|

আনন্দয়িত্রী পৰিণেতুৰাসীদনক্ষৰব্যঞ্জিতদোহদেন|| ১৪–২৬||

 

তেওঁৰ অংকশায়িনী
লজ্জাৱতী পত্নীৰ

শৰীৰ ক্ষীণ আৰু
ৰং সলনি হ
’ল স্তনবৃন্তৰ,

নিভৃতে গোপনে ৰামে সুধিলে তেওঁৰ ইচ্ছাৰ
।

 

তামঙ্কমাৰোপ্য
কৃশাঙ্গয়ষ্টিং বর্ণান্তৰাক্রান্তপয়োধৰাগ্রাম্
|

বিলজ্জমানাং ৰহসি
প্রতীতঃ পপ্রচ্ছ ৰামাং ৰমণোঽভিলাষম্
|| ১৪–২৭||

 

ভাগীৰথীৰ পাৰৰ
কুশবনেৰে ভৰা তপোবনলৈ

যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে সীতাই ।

য’ত বন্যজন্তুৱে ধানৰ মুঠি চোবাই

হাতত হাত ধৰি অৰণ্যত ফুৰে ঋষিকন্যাই
।

 

সা দষ্টনীবাৰবলীনি
হিংস্রৈঃ সংবদ্ধবৈখানসকন্যকানি
|

ইয়েষ ভূয়ঃ কুশবন্তি
গন্তুং ভাগীৰথীতীৰতপোবনানি
|| ১৪–২৮||

 

ৰঘুবীৰে প্ৰতিশ্ৰুতি
দিলে সীতাৰ ইচ্ছাপূৰণৰ
,

তাৰ পাছতে এক অনুচৰৰ
লগত
,

আলোকিত উচ্ছ্বল সুখী
অযোধ্যাৰ চাবলৈ ৰেহৰূপ

উঠিলগৈ গগনচুম্বী ৰাজপ্ৰাসাদৰ ওপৰত ।

 

তস্যৈ প্রতিশ্রুত্য
ৰঘুপ্রবীৰস্তদীপ্সিতং পার্শ্বচৰানুয়াতঃ
|

আলোকয়িষ্যন্মুদিতাময়োধ্যাং
প্রাসাদমভ্রংলিহমাৰুৰোহ
|| ১৪–২৯||


ঋদ্ধ বিপনন আৰু
প্ৰশস্ত ৰাজপথ প্ৰজাৰে পূৰ্ণ
,

সৰযূ নদীত কৰিছে
নৰ
–নাৰীয়ে নৌকা–বিহাৰ,

বিলাসী মানুহবোৰ
নগৰৰ উপকণ্ঠ উপবনত উৎসৱত মগন
,

দেখি ৰামচন্দ্ৰৰ অতিকৈ সুখী হ’ল
মন
।

 

ঋদ্ধাপণং ৰাজপথং
স পশ্যন্বিগাহ্যমানাং সৰয়ূং চ নৌভিঃ
|

বিলাসিভিশ্চাধ্যুষিতানি
পৌৰৈঃ পুৰোপকণ্ঠোপবনানি ৰেমে
|| ১৪–৩০||

 

সচ্চৰিত্ৰ, বাগ্মীবৰ, সৰ্পৰাজৰ দৰে সুদীৰ্ঘ বাহুৰ শত্ৰুঞ্জয়ী ৰামে,

ভদ্ৰ নামৰ এক অনুচৰক
মাতি সুধিলে

প্ৰজাই কথোপকথনত কি গল্প কৰে তেওঁৰ বিষয়ে।

 

স কিংবদন্তীং বদতাং
পুৰোগঃ স্ববৃত্তমুদ্দিশ্য বিশুদ্ধবৃত্তঃ
|

সর্পাধিৰাজোৰুভুজোঽপসর্পং
পপ্রচ্ছ ভদ্রং বিজিতাৰিভদ্রঃ
|| ১৪–৩১||

 

বহুবাৰ সোধাৰ পাছত
সংকোচেৰে জনালে সেই অনুচৰে
,

ৰাক্ষসৰ ভৱনত বাস
কৰাৰ পাছতো আপুনি এক নাৰীক গ্ৰহণ কৰিলে
,

ইয়াৰ বাহিৰে আন সকলো কথাতেই প্ৰজাই আপোনাক
শলাগে
।

 

নির্বন্ধপৃষ্টঃ
স জগাদ সর্বং স্তুবন্তি পৌৰাশ্চৰিতং ৎবদীয়ম্
|

অন্যত্র ৰক্ষোভবনোষিতায়াঃ
পৰিগ্রহান্মানবদেব দেব্যাঃ
|| ১৪–৩২||

 

পত্নীৰ বিষয়ে এই
ঘোৰ অপযশে হিয়া চূৰ্ণ কৰিলে বৈদেহীবল্লভৰ
,

তপ্ত–ৰক্ত–বৰ্ণ
লোহাত যেন কোব পৰিল হাতুৰীৰ
।

 

কলত্রনিন্দাগুৰুণা
কিলৈবমভ্যাহতং কীর্তিবিপর্যয়েণ
|

অয়োঘনেনায় ইবাভিতপ্তং
বৈদেহিবন্ধোর্হৃদয়ং বিদদ্রে
|| ১৪–৩৩||

 

নিজৰ এই অপযশক
আওকাণ কৰিব

নে নিৰ্দোষ সীতাক
পৰিত্যাগ কৰিব
,

নোৱাৰিলে ৰামে
এটি কথাও মানি ল
’ব,

অশান্ত মনেৰে ৰামে কৰিলে ছাটিফুটি ।

 

কিমাত্মনির্বাদকথামুপেক্ষে
জায়ামদোষামুত সংত্যজামি
|

ইত্যেকপক্ষাশ্রয়বিক্লবৎবাদাসীৎস
দোলাচলচিত্তবৃত্তিঃ
|| ১৪–৩৪||


পত্নী–পৰিত্যাগৰ বাহিৰে অপবাদ ৰোধাৰ নেদেখিলে আন কোনো উপায়,

দোষ নাশিবলৈ মনস্থিৰ কৰিলে নিজ প্ৰিয়তমাক
পৰিত্যাগ কৰাৰ
।

যশস্বীলোকৰ যশৰ বাবে শৰীৰো নগণ্য,
প্ৰশ্নই
নুঠে ইন্দ্ৰিয়সুখৰ
।

 

নিশ্চিত্য চানন্যনিবৃত্তি
বাচ্যং ত্যাগেন পত্ন্যাঃ পৰিমার্ষ্টুমৈচ্ছৎ
|

অপি স্বদেহাৎকিমুতেন্দ্রিয়ার্থাদ্যশোধনানাং
হি যশো গৰীয়ঃ
|| ১৪–৩৫||

 

ভগ্নহৃদয়েৰে তেওঁ
মাতি আনিলে অনুজসকলক
,

তেওঁৰ দুখ দেখি
দুঃখিত হৈ পৰা অনুজসকলক

বৰ্ণনা কৰি নিজ
অপযশৰ কথা ক
’লে তেওঁলোকক –

 

স সংনিপত্যাবৰজান্হতৌজাস্তদ্বিক্রিয়াদর্শনলুপ্তহর্ষান্ |

কৌলীনমাত্মাশ্রয়মাচচক্ষে
তেভ্যঃ পুনশ্চেদমুবাচ বাক্যম্
|| ১৪–৩৬||

 

শুনা, যদিও সদাচাৰী ৰাজৰ্ষিৰ বংশজাত আৰু সূৰ্যৰ পৰা উৎপন্ন

মোৰ বাবে ৰৈ আছিল
এনে এক কলংক
,

স্বচ্ছ দৰ্পণত যেন জলকণিকাৰ মালিন্য
।

 

ৰাজর্ষিবংশস্য
ৰবিপ্রসূতেৰুপস্থিতঃ পশ্যত কীদৃশোঽযম্
|

মত্তঃ সদাচাৰশুচেঃ
কলঙ্কঃ পয়োদবাতাদিব দর্পণস্য
|| ১৪–৩৭||

 

হাতীয়ে যিদৰে সহিব
নোৱাৰে স্তম্ভৰ বন্ধন
,

ময়ো মানি ল’ব নোৱাৰোঁ নগৰবাসীৰ মাজত

পানীৰ তৰংগত তেলৰ দৰে বিয়পি যোৱা বদনাম।

 

পৌৰেষু সোঽহং বহুলীভবন্তমপাং
তৰংগেষ্বিব তৈলবিন্দুম্
|

সোঢুং ন তৎপূর্বমবর্ণমীশে
আলানিকং স্থাণুৰিব দ্বিপেন্দ্রঃ
|| ১৪–৩৮||

 

এদিন যেনেকৈ পিতাৰ
আদেশত সসাগৰা ভূমি কৰিছিলোঁ ত্যাগ
,

অপযশ দূৰ কৰি তেনেকৈয়ে আজি মই ত্যাগ
কৰিম জানকীক
।

প্ৰসৱকাল আসন্ন যদিও অপেক্ষাৰ এতিয়া
নাই অৱকাশ
।

 

তস্যাপনোদায় ফলপ্রবৃত্তাবুপস্থিতায়ামপি
নির্ব্যপেক্ষঃ
|

ত্যক্ষামি বৈদেহসুতাং
পুৰস্তাৎসমুদ্রনেমিং পিতুৰাজ্ঞয়েব
|| ১৪–৩৯||

 

মই জানো যে সীতা
নিষ্কলুষ নিষ্পাপ

পিছে বলবান সকলোতকৈ লোকনিন্দা।

বিশুদ্ধ জোনত যেতিয়া
পৃথিৱীৰ ছাঁ পৰে

জগতৰ মানুহে তাকেই কলংক বুলি মানে ।

 

অবৈমি চৈনামনঘেতি
কিংতু লোকাপবাদো বলবান্মতো মে
|

ছায়া হি ভূমেঃ
শশিনো মলৎবেনাৰোপিতা শুদ্ধিমতঃ প্রজাভিঃ
|| ১৪–৪০||

 

যদি ভাবিছা মোৰ
ৰাক্ষসবধ কৰাই ব্যৰ্থ হ
’ব এনে কৰিলে ,

তেনে নহয় কিয়নো সেয়া আছিল শত্ৰুৰ ওপৰত
প্ৰতিশোধৰ বাবে
।

পদাঘাত কৰিলে ক্ৰোধিত সাপে ৰক্তপানৰ
বাবে দংশন কৰাৰ দৰে
।

 

ৰক্ষোবধান্তো ন
চ মে প্রয়াসো ব্যর্থঃ স বৈৰপ্রতিমোচনায়
|

অমর্ষণঃ শোণিতকাঙ্ক্ষয়া
কিং পদা স্পৃশন্তং দশতি দ্বিজিহ্বঃ
|| ১৪–৪১||

 

সেয়ে বিচাৰা যদি
মই প্ৰাণ ধাৰণ কৰোঁ নিন্দাৰ শূল উঘালি
,

তেন্তে বাধা নিদিবা এই কাৰ্যত কৰুণাসিক্ত
কৰি মন মোৰ প্ৰতি
।

 

তদেব সর্গঃ কৰুণার্দ্রচিত্তৈর্ন
মে ভবদ্ভিঃ প্রতিষেধনীয়ঃ
|

যদ্যর্থিতা নির্হৃতবাচ্যশল্যান্প্রাণান্ময়া
ধাৰয়িতুং চিৰং বঃ
|| ১৪–৪২||

 

জনকতনয়াৰ প্ৰতি
অতি নিষ্ঠুৰ এই সিদ্ধান্তৰ কথা ক
’লে ৰামে ভাতৃক,

শুনি কোনেও নোৱাৰিলে বাধা দিব বা অনুমোদন
কৰিব এই সিদ্ধান্তক
।

 

ইত্যুক্তবন্তং
জনকাত্মজায়াং নিতান্তৰূক্ষাভিনিবেশমীশম্
|

ন কশ্চন ভ্রাতৃষু
তেষু শক্তো নিষেদ্ধুমাসীদনুমোদিতুং বা
|| ১৪–৪৩||

 

সত্যবাদিতাত ত্ৰিলোকত
গুণগান থকা ৰামে লক্ষ্মণলৈ চালে
,

হে সৌম্য বুলি পৃথককৈ মাতি নি আজ্ঞাকাৰী
ভাতৃক আদেশ দিলে
।

 

স লক্ষ্মণং লক্ষ্মণপূর্বজন্মা
বিলোক্য লোকত্রয়গীতকীর্তিঃ
|

সৌম্যেতি চাভাষ্য
যথার্থভাষী স্থিতং নিদেশে পৃথগাদিদেশ
|| ১৪–৪৪||

 

তোমাৰ আসন্নপ্ৰসৱা ভাতৃবধুৰ তপোবন চাবলৈ অতিকে হেঁপাহ,

তেওঁক তুমি ৰথত তুলি বাল্মীকিৰ আশ্ৰমলৈ
নি তাতে কৰি আহাঁ ত্যাগ
।

 

প্রজাবতী দোহদশংসিনী
তে তপোবনেষু স্পৃহয়ালুৰেব
|

স ৎবং ৰথী তদ্ব্যপদেশনেয়াং
প্রাপয়্য বাল্মীকিপদং ত্যজৈনাম্
|| ১৪–৪৫||

 

লক্ষ্মণে শুনিছিল
পিতাৰ আদেশত ভাৰ্গৱে শত্ৰুৰ দৰে হত্যা কৰিছিল মাতৃক
,

তেঁৱো আজ্ঞা পালন কৰিলে অগ্ৰজৰ,
নাই
কোনো প্ৰশ্ন গুৰুৰ আদেশ পালনত
। 

 

স শুশ্রুবান্মাতৰি
ভার্গবেন পিতুর্নিয়োগাৎপ্রহৃতং দ্বিষদ্বৎ
|

প্রত্যগ্রহীদগ্রজশাসনং
তদাজ্ঞা গুৰূণাং হ্যবিচাৰণীয়া
|| ১৪–৪৬||

 

তাৰ পাছত প্ৰশিক্ষিত
ঘোঁৰাই টনা সাৰথি সুমন্ত্ৰই চলোৱা ৰথত
,

মনোকামনা পূৰ্ণৰ সুন্দৰ ব্যৱস্থাত আনন্দিত
সীতাসহ কৰিলে প্ৰস্থান
।

 

অথানুকূলশ্রবণপ্রতীতামত্রস্নুভির্যুক্তধুৰং
তুৰংগৈঃ
|

ৰথং সুমন্ত্রপ্রতিপন্নৰশ্মিমাৰোপ্য
বৈদেহসুতাং প্রতস্থে
|| ১৪–৪৭||

 

সীতা হ’ল সুখী প্ৰিয়তমে তেওঁৰ মনোৰথ পূৰণ কৰাত,

পথৰ সুন্দৰ সুন্দৰ দৃশ্যৰাজি চাই চাই
মনৰ আনন্দত
।

তেওঁৰ বাবে ৰাম
নহয় কল্পতৰু তেওঁৰ নাছিল জ্ঞাত
,

বৰং আছিল তৰোৱালৰ দৰে ধাৰাল পাতৰ অসিবৃক্ষ
।

 

সা নীয়মানা ৰুচিৰান্প্রদেশান্প্রিয়ংকৰো
মে প্রিয় ইত্যনন্দৎ
|

নাবুদ্ধ কল্পদ্রুমতাং
বিহায় জাতং তমাত্মন্যসিপত্রবৃক্ষম্
|| ১৪–৪৮||

 

লক্ষ্মণে গোপন
কৰিছিল যি কথা সীতাৰ পৰা
,

সীতাৰ সোঁ–চকু সঘনে লৰাত মাজবাটতে পালে যেন

প্ৰিয়ৰ দৰ্শনৰ ছেদ হোৱাৰ আসন্ন ভয়ংকৰ
অন্তহীন দুখৰ বাৰ্তা
।

 

জুগূহ তস্যাঃ পথি
লক্ষ্মণো যৎসব্যেতৰেণ স্ফুৰতা তদক্ষ্ণা
|

আখ্যাতমস্যৈ গুৰু
ভাবি দুঃখমত্যন্তলুপ্তপ্রিয়দর্শনেন
|| ১৪–৪৯||

 

এই কুলক্ষণ দেখি
মুহূৰ্ততে তেওঁৰ মুখকমল বিষাদত পৰিল ম্লান
,

মনে মনে কৰিলে প্ৰাৰ্থনা ৰজা ৰাম সহ
অনুজসবৰ হওক কল্যাণ
।

 

সা দুর্নিমিত্তোপগতাদ্বিষাদাৎসদ্যঃপৰিম্লানমুখাৰবিন্দা |

ৰাজ্ঞঃ শিবং সাবৰজস্য
ভূয়াদিত্যাশশংসে কৰণৈৰবাহ্যৈঃ
|| ১৪–৫০||

 

গুৰুজনৰ কামত নিয়োজিত
সুমিত্ৰাতনয়ে লৈ গৈছে

সাধ্বী সীতাক বনপ্ৰান্তত
এৰি থৈ আহিবলৈ
,

সমুখত বৈ আছে জাহ্নৱী
গংগা উত্তাল তৰংগময়
,

ঢৌৰ হাত তুলি যেন নিষেধ কৰিছে সেই কাৰ্যত
।

 

গুৰোর্নিয়োগাদ্বনিতাং
বনান্তে সাধ্বীং সুমিত্রাতনয়ো বিহাস্যন্
|

অবার্যতেবোত্থিতবীচিহস্তৈর্জহ্নোর্দুহিত্রা
স্থিতয়া পুৰস্তাৎ
|| ১৪–৫১||

 

সাৰথিয়ে ৰথৰ ঘোঁৰাৰ
লেকাম টানি ধৰিলে
,

লক্ষ্মণে ভাতৃবধূক তীৰত অৱতৰণ কৰালে
।

সত্যনিষ্ঠ লোকে
দৃঢ়তাৰ সহায়ত প্ৰতিজ্ঞা ৰক্ষা কৰাৰ দৰে
,

নিষাদে আনি দিয়া নৌকাৰ সহায়ত তেওঁলোকে
গংগা পাৰ কৰিলে
।

 

ৰথাৎস যন্ত্রা
নিগৃহীতবাহাত্তাং ভ্রাতৃজায়াং পুলিনেঽবতার্য
|

গঙ্গাং নিষাদাহৃতনৌবিশেষস্ততাৰ
সংধামিব সত্যসংধঃ
|| ১৪–৫২||

 

ৰুদ্ধ হৈ অহা কণ্ঠৰে
কথমপি কথাখিনি সজাই লৈ
,

নিগৰি ওলাব খোজা
অশ্ৰুৰ ধাৰা সামৰি থৈ
,

লক্ষ্মণে কৰিলে
ৰজাৰ কঠোৰ আদেশ উচ্চাৰণ
,

যি মেঘৰ সৃষ্টিধ্বংসকাৰী শিলাবৰ্ষণৰ
দৰে কঠিন
।

 

অথ ব্যবস্থাপিতবাক্কথংচিৎসৌমিত্রিৰন্তর্গতবাষ্পকণ্ঠঃ |

ঔৎপাতিকং মেঘ ইবাশ্মবর্ষং
মহীপতেঃ শাসনমুজ্জগাৰ
|| ১৪–৫৩||

 

এই ভয়ংকৰ আঘাতত
নিজ জননী ধৰিত্ৰীত বাগৰি পৰিল
,

সকলো অলংকাৰ খহি
পৰিল তেওঁৰ চাৰিওকাষে
,

ধুমুহাত খহি পৰা লতাৰ চৌপাশে ছিটিকি
পৰা ফুলৰ দৰে
।

 

ততোঽভিষঙ্গানিলবিপ্রবিদ্ধা
প্রভ্রশ্যমানাভৰণপ্রসূনা
|

স্বমূর্তিলাভপ্রকৃতিং
ধৰিত্রীং লতেব সীতা সহসা জগাম
|| ১৪–৫৪||

 

ইক্ষ্বাকু বংশজাত
তোমাৰ শুদ্ধ চৰিত্ৰৰ স্বামীয়ে
,

কিয়নো কৰিব ত্যাগ তোমাক অকাৰণতে ।

এই সংশয়তে যেন আই ধৰিত্ৰীয়ে যেন সুমুৱাই
নল
’লে বুকুত ।

 

ইক্ষ্বাকুবংশপ্রভবঃ
কথং ৎবাং ত্যজেদকস্মাৎপতিৰার্যবৃত্তঃ
|

ইতি ক্ষিতিঃ সংশয়িতেব
তস্যৈ দদৌ প্রবেশং জননী ন তাবৎ
|| ১৪–৫৫||

 

জ্ঞান হেৰুৱাই
তেওঁ অনুভৱ কৰা নাছিল দুখ
,

চেতনা আহিলত তেওঁৰ হিয়া পুৰি হ’ল
চাৰখাৰ
।

ঘূৰাই পোৱা জ্ঞান
সুমিত্ৰা তনয়ৰ সেৱা
–যত্নত,

অধিক কষ্টকৰ হোৱাতকৈও মূৰ্চ্ছিত।

 

সা লুপ্তসংজ্ঞা
ন বিবেদ দুঃখং প্রত্যাগতাসুঃ সমতপ্যতান্তঃ
|

তস্যাঃ সুমিত্রাত্মজয়ত্নলব্ধো
মোহাদভূৎকষ্টতৰঃ প্রবোধঃ
|| ১৪–৫৬||

 

বিনাদোষতে পৰিত্যাগ
কৰা স্বামীক এবাৰো নিন্দা নকৰিলে আৰ্যপত্নীয়ে
,

চিৰদুখুনী বুলি বাৰম্বাৰ তিৰষ্কাৰ কৰিলে
নিজৰ দুৰ্ভাগ্যকে
।

 

ন চাবদদ্ভর্তুৰবর্ণমার্যা
নিৰাকৰিষ্ণোর্বৃজিনাদৃতেঽপি
|

আত্মানমেবং স্থিৰদুঃখভাজং
পুনঃ পুনর্দুষ্কৃতিনং নিনিন্দ
|| ১৪–৫৭||

 

লক্ষ্মণে প্ৰবোধ
দি তেওঁক শান্ত কৰিলে
,

বাল্মীকিমুনিৰ আশ্ৰমলৈ যোৱাৰ পথ দেখুৱাই
দিলে
।

প্ৰণাম কৰি ক’লে, ‘ক্ষমা কৰিবা মোক হে দেৱী,

মই পৰাধীন হ’লো
নিষ্ঠুৰ প্ৰভুৰ আদেশ মানি
।’

 

আশ্বাস্য ৰামাবৰজঃ
সতীং তামাখ্যাতবাল্মীকিনিকেতমার্গঃ
|

নিঘ্নস্য মে ভর্তৃনিদেশৰৌক্ষ্যং
দেবি ক্ষমস্বেতি বভূব নম্রঃ
|| ১৪–৫৮||

 

সীতাই তেওঁক উঠাই
ক
’লে, ‘মই তোমাৰ প্ৰতি
প্ৰীত হে সৌম্য
!

যেনেকৈ ইন্দ্ৰ বিষ্ণুৰ অধীন,
তুমিও
ভাতৃৰ পৰাধীন
, তুমি
দীৰ্ঘায়ু হোৱা
।’

 

সীতা তমুত্থাপ্য
জগাদ বাক্যং প্রীতাস্মি তে সৌম্য চিৰায় জীব
|

বিডৌজসা বিষ্ণুৰিবাগ্রজেন
ভ্রাত্রা যদিত্থং পৰবানসি ৎবম্
|| ১৪–৫৯||

 

প্ৰতিগৰাকী শাহুআইক
জনাবা মোৰ প্ৰণাম
,

ক’বাগৈ, মোৰ গৰ্ভত আছে তেওঁলোকৰ পুত্ৰৰ সন্তান,

মনৰ মাজত চিন্তে যেন সেই সন্তানৰ কুশল–মংগল
।

 

শ্বশ্রূজনং সর্বমনুক্রমেণ
বিজ্ঞাপয় প্রাপিতমৎপ্রণামঃ
|

প্রজানিষেকং ময়ি
বর্তমানং সূনোৰনুধ্যায়ত চেতসেতি
|| ১৪–৬০||

 

আৰু মোৰ এই বাক্য
ক
’বাগৈ ৰজাক,

নিজ চকুৰে প্ৰত্যক্ষ কৰিলা মোৰ শুদ্ধতা
অগ্নি
–পৰীক্ষাত।

তথাপি লোকনিন্দা
শুনি কৰিলা মোক ত্যাগ
,

এয়া জানো তোমাৰ যশস্বী ৰঘুকুলৰ যোগ্য
।

 

বাচ্যস্ত্বয়া মদ্বচনাৎস
ৰাজা বহ্নৌ বিশুদ্ধামপি যৎসমক্ষম্
|

মাং লোকবাদশ্রবণাদহাসীঃ
শ্রুতস্য কিং তৎসদৃশং কুলস্য
|| ১৪–৬১||

 

অথবা এই অসহ্যকৰ
ব্ৰজাঘাত মোৰ পূৰ্বজন্মৰ মহাপাপৰ ফল
,

শুভবুদ্ধিসম্পন্ন তোমাৰ পৰা শংকা নাই
মোৰ প্ৰতি কোনো স্বেচ্ছাচাৰৰ
।

 

কল্যাণবুদ্ধেৰথবা
তবায়ং ন কামচাৰো ময়ি শঙ্কনীয়ঃ
|

মমৈব জন্মান্তৰপাতকানাং
বিপাকবিস্ফূর্জিথুৰপ্রসহ্যঃ
|| ১৪–৬২||

 

পূৰ্বতে ৰজলক্ষ্মীক
এৰি গৈছিলা বনবাসলৈ মোক লৈ লগত
,

এতিয়া ৰাজলক্ষ্মীৰ অধিকাৰ পাই মই পৰিলোঁ
তেওঁৰ ৰোষত
।

নিদিলে মোক বাস কৰিবলৈ সসন্মানে ৰাজপ্ৰাসাদত
।

 

উপস্থিতাং পূর্বমপাত্য
লক্ষ্মীং বনং ময়া সার্ধমসি প্রপন্নঃ
|

তদাস্পদং প্রাপ্য
তয়াতিৰোষাৎসোঢাস্মি ন ৎবদ্ভবনে বসন্তী
|| ১৪–৬৩||

 

নিশাচৰ ৰাক্ষসে
আক্ৰমণ কৰিলে বনবাসীসকলৰ স্ত্ৰীক

তোমাৰ সাহসতে মই
দিছিলোঁ আশ্ৰয়
,

তুমি দীপ্তমান হৈ থাকোঁতে এতিয়া কিদৰে
মই লওঁ আনৰ আশ্ৰয়
।

 

নিশাচৰোপপ্লুতভর্তৃকাণাং
তপস্বিনীনাং ভবতঃ প্রসাদাৎ
|

ভূৎবা শৰণ্যা শৰণার্থমন্যং
কথং প্রপৎস্যে ৎবয়ি দীপ্যমানে
|| ১৪–৬৪||

 

মোৰ গৰ্ভত থকা
সন্তানক ৰক্ষাৰ দায়িত্ব এতিয়া মোৰ
,

আৰুনো কি ক’ম ! সেই বাধা নথকাহেঁতেন ,

মায়া এৰিলোহেঁতেন তোমাৰ পৰা চিৰবিচ্ছিন্ন অভাগা জীৱনৰ ।

 

কিংবা তবাত্যন্তবিয়োগমোঘে
কুর্যামুপেক্ষাং হতজীবিতেঽস্মিন্
|

স্যাদ্রক্ষণীয়ং
যদি মে ন তেজস্তদীয়মন্তর্গতমন্তৰায়ঃ
|| ১৪–৬৫||

 

সন্তান প্ৰসৱৰ
পাছত সেয়ে তপস্যা কৰিম মই
,

সূৰ্যলৈ ঊৰ্ধ্বে
চাই জন্মে জন্মান্তৰে তোমাকেই

বিচ্ছেদ নোহোৱাকৈ স্বামীৰূপে পাবৰ বাবে
।

 

সাহং তপঃ সূর্যনিবিষ্টদৃষ্টিৰূর্ধ্বং
প্রসূতেশ্চৰিতুং যতিষ্যে
|

ভূয়ো যথা মে জননান্তৰেঽপি
ৎবমেব ভর্তা ন চ বিপ্রয়োগঃ
|| ১৪–৬৬||

 

মনুৰ বিধান মতে
চতুৰ্বৰ্ণৰ পালন কৰা ৰজাৰ ধৰ্ম
,

সেয়ে পৰিত্যাগ
কৰিলেও মোক
,

তপস্বিনী হিচাপে ৰক্ষা কৰাটো তোমাৰ কৰ্তব্য
।

 

নৃপস্য বর্ণাশ্রমপালনং
যৎস এব ধর্মো মনুনা প্রতীতঃ
|

নির্বাসিতাপ্যেবমতস্ত্বয়াহং
তপস্বিসামান্যমবেক্ষণীয়া
|| ১৪–৬৭||

 

‘সেয়ে হ’ব’ বুলি ৰামানুজে মাগিলে মেলানি,

দূৰ হৈ গ’ল তেওঁৰ দৃষ্টিয়ে ঢুকি নোপোৱালৈ,

মুক্তকণ্ঠে কান্দিলে
সীতাই চিঞৰি চিঞৰি

যেন উদ্বেগ–আশংকাত
আকুল হৰিণী
।

 

তথেতি তস্যাঃ প্রতিগৃহ্য
বাচং ৰামানুজে দৃষ্টিপথং ব্যতীতে
|

সা মুক্তকণ্ঠং
ব্যসনাতিভাৰাচ্চক্রন্দ বিগ্না কুৰৰীব ভূয়ঃ
|| ১৪–৬৮||

 

ৰৈ গ’ল নৃত্যৰতা ময়ূৰী, মধুকৰে এৰিলে ফুল,

দুখ বিয়পি পৰি
হৰিণাৰ মুখৰ ঘাঁহ সৰি পৰিল
,

সতীৰ বেদনাত ব্যথিত হৈ অৰণ্য উচুপি উঠিল
।

 

নৃত্যং ময়ূৰা কুসুমানি
বৃক্ষা দর্ভানুপাত্তান্বিজহুর্হৰিণ্যঃ
|

তস্যাঃ প্রপন্নে
সমদুঃখভাবমত্যন্তমাসীদ্রুদিতং বনেঽপি
|| ১৪–৬৯||

 

ব্যাধৰ বাণত বিদ্ধ
পখীক দেখি যাৰ শোক শ্লোক হৈছিল
,

সেই আদিকবি বনৰ
মাজেৰে গৈছিল

যজ্ঞৰ কুশ আৰু
ইন্ধন সংগ্ৰহলৈ
,

সীতাৰ ক্ৰন্দন শুনি কাষ চাপি গ’ল
কাষলৈ
।

 

তামভ্যগচ্ছদ্রুদিতানুকাৰী
কবিঃ কুশেধ্মাহৰণায় যাতঃ
|

নিষাদবিদ্ধাণ্ডজদর্শনোত্থঃ
শ্লোকৎবমাপদ্যত যস্য শোকঃ
|| ১৪–৭০||

 

চকুলো ভৰা চকুযুৰি
মচি সীতা বিলাপ এৰি কৰিলে প্ৰণিপাত
,

গৰ্ভৱতী দেখি সীতাক ঋষিয়ে দিলে সুপুত্ৰৱতী
হোৱাৰ আশীৰ্বাদ
।

তাৰপাছত ক’লে–

 

তমশ্রু নেত্রাবৰণং
প্রমৃজ্য সীতা বিলাপাদ্বিৰতা ববন্দে
|

তস্যৈ মুনির্দোহদলিঙ্গদর্শী
দাশ্বান্সুপুত্রাশিষমিত্যুবাচ
|| ১৪–৭১|

 

ধ্যানযোগে জানিলোঁ
মই মিছা অপবাদত হৈ অস্থিৰ

স্বামীয়ে পৰিত্যাগ
কৰিছে তোমাক
,

দুখ নকৰিবা জানকী!
তুমি
আহি পালাহি অন্য এক পিতাৰ ঘৰ
।

 

জানে বিসৃষ্টাং
প্রণিধানতস্ত্বাং মিথ্যাপবাদক্ষুভিতেন ভর্ত্রা
|

তন্মা ব্যথিষ্ঠা
বিষয়ান্তৰস্ত্বং প্রাপ্তাসি বৈদেহি পিতুর্নিকেতম্
|| ১৪–৭২||

 

ত্ৰিলোকৰ কণ্টক
নাশিছে যদিও স্বামীয়ে তোমাৰ
,

যদিও তেওঁ সত্যনিষ্ঠ
আৰু নিৰহংকাৰ
,

তথাপি তোমাৰ প্ৰতি
এই অহেতুক গৰ্হিত আচৰণত

সঁচাই মই বিতুষ্ট হৈছোঁ ৰামচন্দ্ৰৰ ওপৰত
।

 

উৎখাতলোকত্রয়কণ্টকেঽপি
সত্যপ্রতিজ্ঞেঽপ্যবিকত্থনেঽপি
|

ৎবাং প্রত্যকস্মাৎকলুষপ্রবৃত্তাবস্ত্যেব
মন্যুর্ভৰতাগ্রজে মে
|| ১৪–৭৩||

 

তোমাৰ বিখ্যাত
কীৰ্তিমান শহুৰ মোৰ সখা
,

সজলোকক মোক্ষৰ
পথ দেখুৱাইছিল তোমাৰ পিতাই
,

সকলো নাৰীৰ মাজত
তুমি পৰম পতিব্ৰতা
,

তোমাক অনুকম্পা নকৰাৰ কোনো কাৰণেই নাই
। 

 

তবোৰুকীর্তিঃ শ্বশুৰঃ
সখা মে সতাং ভবোচ্ছেদকৰঃ পিতা তে
|

ধুৰি স্থিতা ৎবং
পতিদেবতানাং কিং তন্ন যেনাসি মমানুকম্প্যা
|| ১৪–৭৪||

 

তপস্বীৰ সংগত থাকি
নিৰ্ভয় আৰু শান্ত সকলো তপোবনৰ প্ৰাণী
,

তুমিও ইয়াত বাস কৰা হৈ ভীতিহীন সুখী
।

নিৰ্বিঘ্নে হ’লে
সন্তান প্ৰসৱ ইয়াতেই হ
’ব
সংস্কাৰবিধি
।

 

তপস্বিসংসর্গবিনীতসত্ত্বে
তপোবনে বীতভয়া বসাস্মিন্
|

ইতো ভবিষ্যত্যনঘপ্রসূতেৰপত্যসংস্কাৰময়োবিধিস্তে|| ১৪–৭৫||

 

তীৰৰ শূন্যতা নাশি
ঋষিসকলৰ নিৱাস
,

শোকনাশিনী তমসাই দুখ আৰু পাপ কৰে নাশ
।

মন কৰিবা শান্ত
তাত স্নান কৰি

তীৰতে কৰিবা পূজা–পাৰ্বণৰ
সকলো কাজ
।

 

অশূন্যতীৰাং মুনিসংনিবেশৈস্তমোপহন্ত্রীং
তমসাং বগাহ্য
|

তৎসৈকতোৎসঙ্গবলিক্রিয়াভিঃ
সংপৎস্যতে তে মনসঃ প্রসাদঃ
|| ১৪–৭৬||

 

তাৰ ঋষিকন্যাসকলে
নতুন নতুন বিনোদন দিব তোমাক মধুৰ কথাৰে
,

সিহঁতেই ঋতুৰ ফুল–ফল
তোলে আৰু বনৰীয়া ধান সংগ্ৰহ কৰে পূজাৰ বাবে
।

 

পুষ্পং ফলং চার্তবমাহৰন্ত্যো
বীজং চ বালেয়মকৃষ্টৰোহি
|

বিনোদয়িষ্যন্তি
নবাভিষঙ্গামুদাৰবাচো মুনিকন্যকাস্ত্বাম্
|| ১৪–৭৭||

 

তোমাৰ সাধ্যানুসৰি
কলহেৰে পানী দি ডাঙৰ কৰিবা গছ
–পুলি আশ্ৰমৰ,

সন্তানজন্মৰ আগতেই তুমি লাভ কৰিবা সুখ
শিশুক স্তনপান কৰোৱাৰ
।

 

পয়োঘটৈৰাশ্রমবালবৃক্ষান্সংবর্ধয়ন্তী
স্ববলানুৰূপৈঃ
|

অসংশয়ং প্রাক্তনয়োপপত্তেঃ
স্তনংধয়প্রীতিমবাপ্স্যসি ৎবম্
|| ১৪–৭৮||

 

সানন্দে অভিনন্দন
জনালে সীতাই তেওঁৰ অনুগ্ৰহক
,

কৰুণাদ্ৰ মনেৰে বাল্মীকিয়ে সীতাক লৈ
আশ্ৰম পালেগৈ সন্ধ্যাবেলাত
।

সকলো পশু আছিল শান্ত,
হৰিণবোৰ
শুই আছিল যজ্ঞবেদীৰ কাষত
।

 

অনুগ্রহপ্রত্যভিনন্দিনীং
তাং বাল্মীকিৰাদায় দয়ার্দ্রচেতাঃ
|

সায়ং মৃগাধ্যাসিতবেদিপার্শ্বং
স্বমাশ্রমং শান্তমৃগং নিনায়
|| ১৪–৭৯||


এতিয়াও শোকাতুৰা
সীতাক অৰ্পণ কৰিলে তাপসীসকলৰ হাতত
,

তেওঁক দেখিয়েই
সুখী হ
’ল সকলো তপোবনবাসী,

পিতৃগণক অৰ্পিত
চন্দ্ৰৰ কলা কলাকৈ ক্ষয় যোৱা

শেষৰ কলা ঔষধিত বিলীন হোৱাৰ দৰে ।

 

তামর্পয়ামাস চ
শোকদীনাং তদাগমপ্রীতিষু তাপসীষু
|

নির্বিষ্টসাৰাং
পিতৃভির্হিমাংশোৰন্ত্যাং কলাং দর্শ ইবৌষধীষু
|| ১৪–৮০||

 

তাপসীসকলে সীতাৰ
দিনৰ অন্তত থাকিবৰ বাবে দিলে এটি পৰ্ণকুটীৰ
,

পোহৰ কৰিবৰ বাবে
ইঙ্গুদীতেলেৰে জ্বলাই দিছিল চাকি
,

শয়ন কৰিবলৈ পৱিত্ৰ মৃগচৰ্মৰে পাৰি দিলে
পাটী
।

 

তা ইঙ্গুদীস্নেহকৃতপ্রদীপমাস্তীর্ণমেধ্যাজিনতল্পমন্তঃ |

তস্যৈ সপর্যানুপদং
দিনান্তে নিবাসহেতোৰুটজং বিতেৰুঃ
|| ১৪–৮১||

 

তাত সীতাই অভিষেক
স্নান কৰি যথাবিধি সৎকাৰ কৰিলে অতিথি
,

শৰীৰত ধাৰণ কৰিলে
বাকলিবসন
,

ফল-মূল ভক্ষণ কৰি ৰক্ষা কৰিলে স্বামীৰ
উত্তৰাধিকাৰী
।

 

তত্রাভিষেকপ্রয়তা
বসন্তী প্রয়ুক্তপূজা বিধিনাতিথিভ্যঃ
|

বন্যেন সা বল্কলিনী
শৰীৰং পত্যুঃ প্রজাসংততয়ে বভাৰ
|| ১৪–৮২||

 

ইফালে, ৰজাই নকৰিব নেকি অকণমানো অনুশোচনা,

ইন্দ্ৰজিতহন্তা লক্ষ্মণে উৎসুক হৈ শুনালে
আদেশ পালনৰ বৰ্ণনা
।

আদ্যোপান্ত ভাতৃক দিলে সীতাৰ কৰুণ বিলাপভৰা
বাৰ্তা
।

 

অপি প্রভুঃ সানুশয়োঽধুনা
স্যাৎকিমুৎসুকঃ শক্রজিতোঽপি হন্তা
|

শশংস সীতাপৰিদেবনান্তমনুষ্ঠিতং
শাসনমগ্রজায়
|| ১৪–৮৩||

 

হঠাতে ৰামৰ চকুলৈ
চকুলোৰ ধল নামিল

যেন পুহমাহৰ হিমবৰষা
জোন
,

অপবাদৰ ভয়ত ঘৰৰ
পৰা নিৰ্বাসিত কৰিলেও

বিদেহসুতা মনৰ পৰা হোৱা নাছিল দূৰ ।

 

বভূব ৰামঃ সহসা
সবাষ্পস্তুষাৰবর্ষীব সহস্যচন্দ্রঃ
|

কৌলীনভীতেন গৃহান্নিৰস্তা
ন তেন বৈদেহসুতা মনস্তঃ
|| ১৪–৮৪||

 

কিন্তু ৰাম পৰম
জ্ঞানী
, বৰ্ণাশ্ৰমীক পালনত সদাজাগ্ৰত,

নিজৰ সেই শোকত নিজে নিজকে কৰিলে সংযত
।

ভোগলৈ নিৰাসক্তমনে
ভাতৃসকলৰ সৈতে

একমনে শাসন কৰিলে সমৃদ্ধ ৰাজ্য ।

 

নিগৃহ্য শোকং স্বয়মেব
ধীমান্বর্ণাশ্রমাবেক্ষণজাগৰূকঃ
|

স ভ্রাতৃসাধাৰণভোগমৃদ্ধং
ৰাজ্যং ৰজোৰিক্তমনাঃ শশাস
|| ১৪–৮৫||

 

সাধ্বী বুলি জানিও
ৰজাই একমাত্ৰ পত্নীক ত্যাগ কৰিলে লোকনিন্দাৰ ভয়ত
,

সপত্নীহীন ৰাজ্যলক্ষ্মীয়ে পৰম সুখেৰে
বিৰাজমান হ
’ল
তেওঁৰ বক্ষত
 
।

 

তামেকভার্যাং পৰিবাদভীৰোঃ
সাধ্বীমপি ত্যক্তবতো নৃপস্য
|

বক্ষস্যসংঘট্টসুখং
বসন্তী ৰেজে সপত্নীৰহিতেব লক্ষ্মীঃ
|| ১৪–৮৬||

 

সীতাক ত্যাগ কৰি
দশাননশত্ৰুৱে বিৱাহ নকৰিলে অন্য নাৰী
,

যজ্ঞত বহিলে তেওঁ কাষত লৈ তেওঁৰেই প্ৰতিকৃতি
।

সীতাই যেতিয়া শুনিলে
স্বামীৰ এই কাহিনী
,

দুঃসহ পৰিত্যাগ দুখ কোনোমতে থাকিলে সহি
।

 

সীতাং হিৎবা দশমুখৰিপুর্নোপমেয়ে
যদন্যাং

তস্যা এব প্রতিকৃতিসখো
যৎক্রতূনাজহাৰ
|

বৃত্তান্তেন শ্রবণবিষয়প্রাপিণা
তেন ভর্তুঃ

সা দুর্বাৰং কথমপি
পৰিত্যাগদুঃখং বিষেহে
|| ১৪–৮৭||

 

( ৰঘুবংশ মহাকাব্যৰ চতুৰ্দশ অধ্যায় সমাপ্ত)

 

ইতি শ্রীৰঘুবংশে
মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

সীতাপৰিত্যাগো
নাম চতুর্দশঃ সর্গঃ
||