মূল হিন্দী : ড° যমুনা বিনি
অনুবাদ: জাহ্নৱী গগৈ
(ড০
যমুনা বিনি অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী জনপ্ৰিয় লেখিকা। মুলতঃ হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা ড০ বিনিৰ কেইবাখনো কবিতা, লোককথা, আৰু গল্প
সংকলন প্ৰকাশ পাইছে ভাৰতৰ বহুকেইটা ভাষালৈ তেখেতে হিন্দীত লিখা গল্প অনুবাদ হৈছে। ড০
বিনি অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ
সহকাৰী অধ্যাপক।)
“বেলি আহি মূৰৰ ওপৰৰ পালেহি আৰু
এই ছোৱালীজনী এতিয়াও শুই আছে৷”
খঙত
উত্তেজিত হৈ মুয়ে১
য়ালেকৰ পিঠিত জোৰেৰে ঢকা এটা মাৰিলে৷ তাইক টোপনিৰ পৰা জগোৱাৰ এইটোৱেই হৈছে মুইৰ পুৰণি
পদ্ধতি। য়ালেকে মুখখন ডাঙৰকৈ মেলি শুই আছিল। মুখৰ কোণৰ পৰা টোপাল টোপালকৈ ওলোৱা লেলাউটিয়ে
গাৰুটোৰ এটুকুৰা তিয়াই পেলাইছিল। হঠাৎ পিঠিত পৰা ঢকাটোত য়ালেক সাৰ পাই গ’ল।
“মুখখন ধুই ল সোনকালে।”
মুয়ে
চিঞৰি ক’লে।
মুখৰ
পৰা বৈ অহা লেলাউটিয়ে তাইৰ ডিঙিটোও তিয়াই পেলাইছিল। লাজ লাজকৈ য়ালেকে হাতেৰে মুখ আৰু ডিঙিৰ পৰা লেলাউটি মচিছিল৷ চকু দুটা ঘঁহি ঘঁহি তাই
মুইৰ চকুলৈ চালে। তাইৰ চকু দুটা খঙত অগ্নিকুণ্ড যেন হৈ পৰিছিল। যেন এইমাত্ৰ এজাক
জুইৰ বৰষুণ হ’ব।
“কি চাই আছ’! তই ইমান আঁকোৰগোজ, তোৰ নামৰ
লগত তই একদম মিলি গৈছ!”
য়ালেকে
ভোৰভোৰাই কিবা এটা ক’লে।
“মানে ভোৰভোৰণি আৰম্ভ হৈ গ’ল আৰু !”
“কি
ভোৰভোৰাই আছিলি? যি ক’ব বিচাৰিছ জোৰকৈ ক৷ মই জানো, তই নিশ্চয় মোকে গালি
পাৰিছ।”
য়ালেকে
কোনো উত্তৰ নিদিলে, তাই তেতিয়াও টোপনিত আছিল।
“স্কুলৰ পৰা দুবাৰকৈ খবৰ আহিছে৷ তই
সাৰ পালি নে নাই জানিবলৈ তুজুম ছাৰে
এতিয়ালৈকে দুবাৰ
স্কুলৰ পৰা ছোৱালী পঠিয়াইছে’
মুইৰ এইষাৰ কথাই য়ালেকক হাঁহিবলৈ বাধ্য কৰালে, তাইৰ টোপনি ভাগি গ’ল। তাই
মিচিক-মাচাককৈ হাঁহিবলৈ ধৰিলে৷ এইবাৰ ভোৰভোৰোৱাৰ
সলনি তাই মুখ মেলি মুইৰ মুখৰ অশুদ্ধ উচ্চাৰণ শুধৰাই ক’লে-
“ছাৰ নহয় চৰ। তুজুম চৰ।
এনেকৈ
শুধৰাই দিয়াত মুয়ে অলপ লাজ
পালে।
“ছাৰ, চৰ যিয়েই নহওক কিয়৷ এইবোৰ বিদেশী শব্দ আমিনো কি
জানিম! হিন্দীত চৰ কয়, আমাৰ মুখত ছাৰ হে ওলায়।”
য়ালেকৰ
যি অলপ টোপনি বাকী আছিল, হাঁহি থকা বাবে সেইকণো
নোহোৱা হ’ল। য়ালেকে হাঁহি হাঁহিয়ে গোটা বাঁহ
এডাল চৌকাটোত ভৰাই দিলে।
“তই এইবোৰ কি কৰিছ? এলেহুৱা ছোৱালী… এতিয়াও টোপনিয়াই আছ নেকি? গোটা বাঁহ জুইত দিলে যে জোৰেৰে ফাটি যায় তই
নাজান নেকি। ঘৰত শুই থকা সৰু ল’ৰা-ছোৱালীকেইটা সাৰ
পাই যাব।”
লগে-লগে
য়ালেকে টিটকাৰী মাৰি ক’লে–
“বাৰু, তুমি যে মোক শুবলৈ নিদিলা, মই কি সৰু নহওঁ নেকি?”
বিস্ময়েৰে তাইৰ ফালে চাই
মুয়ে ক’লে-
“তই কেতিয়াৰ পৰা সৰু ছোৱালী হ’লি ? নিজৰ
বুকুখনলৈ চাচোন, কেনেকৈ ওফন্দি আহিছে। অলপো
লাজ নাই। আগৰ যুগ হোৱা হ’লে ইমানদিনে তোৰ বিয়াই হৈ গ’লহেঁতেন।’
“তেতিয়া আৰু ভালহে হ’লহেঁতেন!” – য়ালেকে লাহেকৈ ক’লে। তাই কিবা এটা ক’ব লাগে বাবেই একো নভবাকৈ মনলৈ যি আহিল
তাকেই কৈ দিলে –
“কি ভাল হ’লহেঁতেন…! চা, যিবোৰ ল’ৰা-ছোৱালী এলেহুৱা, সিহঁতক আনকি মাক-বাপেকেও
ভাল নাপায়, শহুৰেকৰ ঘৰৰ কথা বাদেই দে।”
য়ালেকে
দুৱাৰৰ ফালে মুখখন ঘূৰাই দিলে, যেন তাই কৈছে যে মোক তোমাৰ পৰামৰ্শৰ কোনো প্ৰয়োজন নাই। মই সকলো
জানো।
এইবাৰ মুয়ে কণ্ঠত অলপ কোমলতা আনি ক’লে-
“মোৰ লগত মুখচুপতি মৰাতকৈ
সোনকালে সাজু হৈ স্কুললৈ যোৱাটোৱেই ভাল হ’ব নেকি।”
য়ালেকে মনতে বিৰবিৰাই আছিল, বাকী ল’ৰা-ছোৱালীবোৰে ৰাতিপুৱা দেৰিলৈকে শুই থাকিল, সিহঁতক হ’লে একো নকয়, কিন্তু মোক শুবলৈ নিদিলে, ঘৰৰ ভিতৰত আটাইতকৈ ডাঙৰ হোৱাৰ এয়াই শাস্তি!
প্ৰকৃতিৰ অসীম, চিৰন্তন, প্ৰাচীন ৰাগেৰে বান্ধ খাই
থকা এখন শান্ত আৰু অপূৰ্ব ঠাই ৰাগা৷ ইয়াৰ পৰিৱেশ অতি মনোমোহা! কামলে নদীৰ পানী বৈ যোৱাৰ সময়ত
সৃষ্টি হোৱা কোলাহলত সৃষ্টি হোৱা উন্মাদ সুৰ, শৰৎ কালত অচিন চৰাইৰ ডিঙিৰ পৰা নিগৰিত হোৱা সুৰীয়া বতাহ, আকাশৰ উচ্চতাৰ লগত ফেৰ মৰা ‘ময়ীৰ-মুদ’২ পাহাৰৰ শিখৰত থেকা খোৱা বতাহৰ উচ্ছ্বল শব্দত বিগলিত হয় এই ৰাগা।
মাহৰ আৰম্ভণিৰ সপ্তাহত এই পৱিত্ৰ
ঠাইখন অধিক সংগীতময় হৈ পৰিছিল। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাগালৈ আহিছিল৷ ইয়াৰ
বাসিন্দাসকলে তেওঁলোকৰ কলাপ্ৰেমী মুখ্যমন্ত্ৰীক গীতেৰে আদৰণি জনোৱাৰ লগতে
পৰম্পৰাগত নৃত্য কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছিল৷ মহিলাৰ দলে ‘পুনু’৩ আৰু ছোৱালীৰ দল ‘জাজিন’৪ নাচিছিল।
সেই উষ্ম আদৰণিত আনন্দিত আৰু
সন্তুষ্ট হৈ মুখ্যমন্ত্ৰীয়ে ৰঙাকোটৰ ইউনিফৰ্ম পৰিধান কৰা
গাঁওবুঢ়াক ওচৰলৈ মাতি পিঠিত থপৰিয়াই প্ৰসংশা কৰিছিল৷ অনুষ্ঠান শেষ কৰি উলটি যোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈ গ’ল যে এইবাৰ দিল্লীৰ গণৰাজ্য দিৱসত সাংস্কৃতিক অনুষ্ঠানৰ বাবে অৰুণাচলৰ পৰা
যাবলগীয়া
সাংস্কৃতিক দলটো
এই ৰাগাৰ পৰাই যাব। এই ঘোষণাত গাঁৱৰ ডেকা ল’ৰা-ছোৱালীবোৰৰ লগতে বয়োজ্যেষ্ঠসকলৰ
ভৰিও আনন্দত নাচিবলৈ ধৰিলে।
চহৰখনৰ
প্ৰতি অভূতপূৰ্ব সন্মান প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী গুচি গ’ল যদিও গাঁওবুঢ়াৰ কপাল
চিন্তাত কোঁচ
খাই পৰিল। মুখ্যমন্ত্ৰীৰ ঘষণাত তেওঁ বৰ সুখী হৈছিল, কিন্তু চিন্তাও হৈছিল৷ চিন্তা হ’বই। কেৱল চহৰখনৰ
প্ৰতিপত্তিৰ কথাই নহয়, সমগ্ৰ ৰাজ্যখনৰ সন্মানৰ কথাও আহি পৰিছিল।
ভালদৰে
চিন্তা কৰি নৃত্য দল গঠন কৰিব লাগিব ৷ যদি নবীনসকলক দিল্লীলৈ পঠিওৱা হয়, চহৰলৈ গৈ আচৰিত আৰু বিমোৰত পৰি যদি তেওঁলোকে নাচিবলৈ
এখোজো উলিয়াব নোৱাৰে, তেন্তে সকলো পণ্ড হ’ব। যিকোনো মূল্যৰ বিনিময়ত ৰাজ্যৰ
ভাবমূর্তি কলংকিত হ’বলৈ দিব নোৱাৰি ৷ এইটো এটা ডাঙৰ দায়িত্বৰ কাম ৷ কোনো দায়িত্বহীন
ব্যক্তিৰ হাতত এই গধুৰ দায়িত্ব গতাই দিব নোৱাৰি ৷ প্ৰথমে নৃত্য দল গঠন কৰিব লাগিব। তাৰ পাছত দলৰ নেতা নিৰ্বাচন।
বহুত কাম কৰিবলৈ বাকী আছে ৷ এই
কথা ভাবি গাওঁবুঢ়াই মূৰ খজুৱাবলৈ ধৰিলে।
তেওঁৰ প্ৰায়েই এনেকুৱা হয় ! অত্যধিক কামৰ মানসিক চাপত তেওঁৰ মূৰটো খজুৱায়৷ বান্দৰৰ দৰে মূৰ খজুৱাওঁতে
মানুহে বুজি পায় যে গাঁওবুঢ়াজন নিশ্চয় কিবা অসুবিধাত পৰিছে৷ গাঁওবুঢ়াই বহু সময়
ধৰি মূৰটো খজুৱাই আছিল। এই সময়ত যদি কোনো নতুন মানুহ বা অচিনাকি মানুহে তেওঁক
দেখিলেহেঁতেন তেন্তে তেওঁ ভুল বুজিলেহেঁতেন যে গাঁৱৰ বুঢ়াজনৰ মূৰত বহুত উফি আছে
বা তেওঁ ছালৰ ৰোগত আক্ৰান্ত হৈছে নহ’লে মুৰত ওকনীয়ে বাহ লৈছে।
মূৰটো
খৰকৈ খজুৱাই তেওঁ
ভাবিবলৈ ধৰিলে, দলৰ নেতাজন যদি শিক্ষিত ব্যক্তি হয় তেন্তে ভাল হ’ব…
যিয়ে নিজৰ নেতৃত্বত দলটোক নিৰাপদে দিল্লীলৈ লৈ যাব পাৰে আৰু লগতে তেওঁলোকক ঘূৰাই
আনিব পাৰে।
তেওঁৰ
মনলৈ আহিল হেডমাষ্টৰ তিৱাৰী ছাৰৰ কথা।
তেওঁ
ভৈয়ামৰ মানুহ, ভৈয়ামৰ জ্ঞান আছে৷ কিন্তু তেওঁ
বৰ ধূৰ্ত..! তেওঁ এজন অতি হিচাপ-নিকাচ কৰি চলা মানুহ। হাতৰ
পৰা পইচা সতকাই ওলাই যাব নিদিয়ে। সদায় লাভ-লোকচানৰ ওজন কৰি কাম কৰে। ব্যক্তিগত স্বাৰ্থ অবিহনে তেওঁ কোনো কাম
নকৰে৷ বিদ্যালয়খনৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ বাবে অহা ধনো হেনো আত্মসাৎ কৰিছে৷ তেওঁক টিম লিডাৰ হিচাপে দিল্লীলৈ
পঠোৱাটো ঠিক নহ’ব, ভ্ৰমণৰ খৰচো তেওঁ আত্মসাৎ
কৰিব৷ পকেট ভৰোৱাৰ স্বাৰ্থত তেওঁ দুখীয়া নৃত্যশিল্পীসকলক অনাহাৰে ৰাখিব। এও একেবাৰে বিশ্বাসযোগ্য নহয়।
কোনোবা যদি আমাৰ নিজৰ মানুহ হয়
তেন্তে অধিক উপযুক্ত হ’ব ৷ তুজুম ছাৰ… কেনে হ’ব তুজুম ছাৰ? হয় তেওঁৰ ডাঙৰ চহৰৰ অভিজ্ঞতা
নাই, তাতে কি হ’ল ? তেওঁ এজন সৎ মানুহ ৷ এতিয়ালৈকে তেওঁক যি কামত নিযুক্ত
কৰা হৈছে, তেওঁ সম্পূৰ্ণ সত্যতা আৰু
সততাৰে কৰিছে ৷ বিশ্বাস কৰিব পাৰি ৷ গতিকে
মগজুত
চিন্তাৰ বহুত ধুমুহা বলাৰ অন্তত দিল্লীলৈ যোৱাৰ প্ৰস্তাৱ তুজুম ছাৰৰ হাতলৈ গ’ল।
দেশৰ ৰাজধানী দিল্লীৰ নিজৰ
ইতিহাস আৰু আকৰ্ষণ আছে। কোনে সেই ঠাইলৈ যাব নিবিচাৰিব, কোনে তালৈ যাবলৈ অস্বীকাৰ কৰিব৷ ইয়াত গাঁওবুঢ়াৰ মুখৰ পৰা প্ৰস্তাৱটো ওলাল কি
নোলাল, তুজুম ছাৰে খৰখেদাকৈ সাজু হ’লেই।
ফিট শৰীৰ, চুটি মুখ আৰু সদায় হাঁহিমুখীয়া তুজুম ছাৰ । চহৰখনৰ
একমাত্ৰ এম. এ. ডিগ্ৰীধাৰী আছিল ৷ অৰুণাচল বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম. এ পাছ হোৱাৰ লগে লগে ইয়াৰ ৰাগা
চহৰত চাকৰি এটা পালে ৷ সেই সময়ত অৰুণাচলৰ যুৱক-যুৱতীসকলে চাকৰিৰ বাবে কাৰ্যালয়ে
কাৰ্যালয়ে ঘুৰি ফুৰিব লগা নহৈছিল ৷ আহা হা হা ! কি যে সোণালী যুগ আছিল সেয়া ! হাতত ডিগ্ৰীৰ চাৰ্টিফিকেটখন পৰিল কি নপৰিল, চাকৰিৰ এপইণ্টমেণ্ট লেটাৰখন গুজি দিবলৈ মানুহ ৰৈ আছিল।
এই
চহৰতে তুজুম ছাৰৰ জন্ম হৈছিল, তাৰ মাটিত ডাঙৰ হৈছিল ৷ সেইবাবেই
বুকুত এটা আশাই বিৰাজ কৰিছিল, চাকৰি কৰাৰ সুবাদতে তেওঁ অৰুণাচল প্ৰদেশৰ চুক-কোণে ঘূৰি ফুৰি ৰাজ্যখন চাব ৷ ৰাজ্যৰ
বাহিৰলৈ গৈ এম এ কৰিব বিচাৰিছিল, কিন্তু তীব্ৰ আৰ্থিক
বাধাৰ বাবে এইটো সম্ভৱ নহ’ল.. সপোন হৈয়েই থাকিল।
কেনেবাকৈ তেওঁৰ মাষ্টাৰ্ছৰ
শিক্ষাও বহুত কষ্টত সম্পূৰ্ণ হ’ল ৷ চৰকাৰৰ পৰা পোৱা
শৈক্ষিক বৃত্তিটো তেওঁ কেতিয়াও অপ্ৰয়োজনীয়ভাৱে খৰচ কৰা নাছিল ৷ কিন্তু হোষ্টেলত
থকা তেওঁৰ আন বন্ধুসকলে এই চৰকাৰী সাহায্য মদ আৰু দামী চিগাৰেটত খৰচ কৰিছিল। বেয়া অভ্যাস আৰু ভুল সংগীৰ পৰা আমাৰ এই তুজুম ছাৰ সদায় এক কিলোমিটাৰ দূৰত আছিল ৷ অবাবত ধন খৰচ কৰিবলৈ তেওঁৰ সময়ো নাছিল, টকাও নাছিল। আনৰ দৰে লাহ-বিলাহ নকৰাকৈয়ে তেওঁৰ অধ্যয়ন সমাপ্ত হৈছিল।
চাকৰিটো পাই তেওঁ ভাবিছিল যে সেই পুৰণি আশাটো পূৰণ হ’ব ৷ ৰাজ্যৰ বাহিৰত
নহ’লেও অন্ততঃ নিজৰ ৰাজ্যখনৰ আনটো চুকত উকি মাৰিবলৈ সুযোগ পাব ৷ পিছে চাকৰি পালে নিজৰ চহৰতে। অৱশ্যে তুজুম ছাৰৰ এই বিষয়ে কোনো অভিযোগ নাছিল ৷ সকলোৰে
লগত সকলো
পৰিস্থিতিতে মিলি সুখী হ’ব পৰা মানুহ তেওঁ । স্কুলত নিযুক্তি পোৱা দিনটোৰ
পৰাই তেওঁ ল’ৰা-ছোৱালীক অতি আন্তৰিকতাৰে পঢ়ুৱাইছিল।
এটাই সমস্যা আছিল! ল’ৰা-ছোৱালীবোৰে তেওঁক গুৰুত্বসহকাৰে লোৱা নাছিল৷ শিশুৰ
স্বভাৱো অনন্য! কিছুমান কঠোৰ স্বভাৱৰ শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে ভয় কৰিছিল যদিও
তুজুম ছাৰক সদায় হাঁহি থকা দেখি সিঁহতে ভয়েই
নকৰা হ’ল। পাঠদানৰ সময়ত তেওঁ বহুত ৰং-ধেমালী কৰে৷ ল’ৰা-ছোৱালীবোৰে কেতিয়াও তেওঁক খং
কৰা দেখা পোৱা নাই।
তুজুম ছাৰৰ যে খং নুঠে
তেনেকুৱাও নহয়। কেতিয়াবা বহুত খং উঠে, কিন্তু খং উঠিছে বুলি ল’ৰা-ছোৱালীবোৰে
বিশ্বাসেই নকৰে। মুখখন কঠিন কৰি জোৰেৰে ধমকি দিলেও সিঁহতে ভয়েই নকৰে। বিপৰীতে
সিঁহতে ভাবে যে এই নকল খঙৰ পাছতে তুজুম ছাৰে হাঁহি দিব ৷ সদায় হাঁহিৰ অনুভূতি থকা
মুখখনত ক্ৰোধ বা খঙৰ দৰে আন কোনো আৱেগৰ লগত খাপ নাখায়৷ গতিকে ল’ৰা-ছোৱালীবোৰে ভাবে যে তেওঁৰ মুখৰ এই অদ্ভুত পৰিৱৰ্তন
নিমিষতে পলাই যাব।
আমাৰ এই তুজুম ছাৰ এনেকুৱা
ধৰণৰহে আছিল !
সদায় সুখী মেজাজৰ তুজুম ছাৰৰ সুখৰ পেৰাত সুখী
হোৱাৰ আন এক কাৰণ যোগ হ’ল। দিল্লী ভ্ৰমণৰ সুখ! তেওঁৰ ভৰি দুখনে আজিকালি যেন মাটি স্পৰ্শ নকৰিবই ৷ ভ্ৰমণৰ পুৰণি সপোন
বাস্তৱায়িত হ’বলৈ ওলাইছে৷ দিল্লীৰ কথা ভাবিয়েই তেওঁৰ আনন্দত মতলীয়া হৈ আছে। মনৰ
ডেউকা পিন্ধি এতিয়ালৈকে তেওঁ ডেউকা কোবাই দহবাৰমান দিল্লী
ফুৰি আহিছে কিজানি৷ দিল্লীৰ যাত্ৰাৰ
কথাত তেওঁ ইমানেই ভাবুক হৈ পৰিছে যে বাটত লগ পোৱা সকলোৰে লগত দিল্লীৰ কথাই পাতিছিল ৷
দিল্লীত লালকিল্লা আছে, দিল্লীত কুতুব মিনাৰ
আছে…ইত্যাদি…ইত্যাদি।
দুখীয়া নিৰক্ষৰ, হোজা গ্ৰাম্য কৃষকে প্ৰথম বাৰৰ বাবে এই নামবোৰ
শুনিছে। বিস্মিত হৈ মানুহবোৰে সোধে-
“এইবোৰ দিল্লীৰ বজাৰৰ নাম নেকি?”
তুজুম ছাৰে গৌৰৱেৰে মূৰ জোকাৰি কয়-
“বাদ দিয়াঁ, এইটো হাই লেবেলৰ কথা, তোমালোকে নুবুজিবা!”
ঘৰতো তেওঁৰ এই উন্মাদনাৰ বলি
হৈছে সকলো!! এতিয়ালৈকে কন্যাৰ হতুৱাই বিছবাৰমান নীলা ‘টাংগো’খন ধুৱাইছে। পত্নীৰ হতুৱাই
আকাশী ৰঙৰ ‘লুৰুম’খনৰ মাজত ৰঙা-বগা গুটি চিলাই কৰিবলৈ দিছে। নিজে বনৰীয়া গাহৰিৰ নোমেৰে মুৰত পিন্ধা টুপি ‘ব’পা’টো ভালদৰে ধুই ৰ’দত শুকুৱাইছে।
তুজুম ছাৰে নৃত্য দলৰ বাবে
সেইসকল মহিলাক বাছি লৈছিল যিসকলে এবাৰ হ’লেও অৰুণাচলৰ পৰা বাহিৰলৈ
গৈছিল আৰু
যিজনৰ অলপ হ’লেও বাহ্যিক জগত ভ্ৰমণ কৰাৰ অভিজ্ঞতা হৈছে ৷ তাৰ বাবে
তুজুম ছাৰৰ যাত্ৰাকালত কষ্ট অলপ লাঘৱ হ’ব।
দলটোত দিল্লীলৈ মাত্ৰাৰ বাবে সাজু হোৱা এগৰাকী মহিলাৰ সন্তান বসন্ত
ৰোগত আক্ৰান্ত হৈছে ৷ অসুস্থ শিশু এটাক এৰি, ইমান দূৰ যাত্ৰা আৰু তাতে বহুদিনৰ বাবে..! মাকৰ হৃদয়ে কেনেকৈ মানেনো! সেয়ে মহিলাগৰাকীক দলৰ পৰা বাদ দিব লগা হ’ল ৷ তেওঁৰ ঠাইত য়ালেকক
দলত ভৰ্তি
কৰোৱা হ’ল ৷ গধুৰ শৰীৰৰ বাবে কিশোৰী য়ালেকক তাইৰ বয়সতকৈ বহুত
ডাঙৰ যেন লাগিছিল। তাই কথা ক’বলৈ মুখখন মেলিলে গম পায় যে তাই আচলতে সৰু হৈয়েই
আছে, অন্যথা তাই শৰীৰটো দেখি তাইক ডাঙৰ ছোৱালী যেনেই লাগে।
বিদ্যালয়ৰ খেলপথাৰত নিতৌ
নৃত্যৰ অনুশীলন চলি আছে। আজি
আছিল অনুশীলনৰ অন্তিম দিন। য়ালেকে
ফোঁপাই-জোপাই স্কুল পালেগৈ ৷ তাইক দেখিয়েই তুজুম ছাৰৰ মূৰটো গৰম হৈ গ’ল।
“অলপো লাজ নাই তোমাৰ, নৃত্য দলটোৰ ভিতৰত
তুমিয়েই আটাইতকৈ সৰু অথচ তুমিয়েই আটাইতকৈ দেৰিকৈ আহিছা ৷ এনেকৈ নহ’ব ৷ জ্যেষ্ঠসকল
অহাৰ আগতেই সৰুবোৰ আহি পাবহি লাগে।
“যিয়েই নহওক, আপুনি যে স্বীকাৰ কৰিলে মই সৰু বুলি ৷ ঘৰত
মুয়ে মোক ডাঙৰ হ’লোঁ বুলি যিহে গালি দি
থাকে।”
য়ালেকে সৰু বুলি কোৱাত তাই খুব ভাল পালে।
“তোমাৰ লেকছাৰ বন্ধ কৰাঁ আৰু সোনকালে প্ৰেক্টিচ আৰম্ভ
কৰাঁ।”
শেষ বাক্যটো কওঁতে তুজুম ছাৰৰ
মাতটো ঘৰঘৰাই গৈছিল। তেওঁ কাহ এটা
মাৰি ডিঙিটো চাফা কৰি ল’লে। য়ালেকে কোনোমতে নহঁহাকৈ থাকিল, ভাবিলে তুজুম ছাৰে ভালকৈ খঙো
কৰিবলৈ নিশিকিলে। কোনোবাই তেওঁক সঠিকভাৱে খং কৰিবলৈ শিকালে ভাল আছিল!
প্ৰেক্টিচ বেছি সময় নচলিল। চিধাচিধি
জনজাতীয় মানুহৰ নৃত্যৰ ভংগিমাও সহজ-সৰল। মনৰ দৰে, ভংগিমাও একে!! জটিল
ভংগিমাৰ অভ্যাস কৰিবলৈ সময় লাগে।
জিৰণি লোৱাৰ উদ্দেশ্যে
মহিলাসকলে ভৰি মেলি মাটিত বহিল ৷ তুজুম ছাৰ তেওঁলোকৰ মাজত থিয় হৈ উল্লাসেৰে
কিবা এটা ক’বলৈ ধৰিছে, যেন কোনো সেনাপতিয়ে নিজৰ সৈন্যদলকহে সম্বোধন কৰিছে-
“সকলোৱে মন দি শুনিব। আমাৰ দিল্লী যাত্ৰাৰ সময় আহি পাইছেহি ৷ আমি ইমান দিনে
অপেক্ষা কৰি থকা মুহূৰ্তটো অৱশেষত আহি পালেহি ৷ সকলোৱে নিজকে সাজু কৰক, আমি তাত আমাৰ প্ৰতিভা দেখুৱাব লাগিব ৷ মই জানো আপোনালোক
প্ৰথম বাৰৰ বাবে দিল্লীলৈ যাবা ৷ চিন্তা নাই, ময়ো প্ৰথমবাৰৰ বাবে যাম ৷ কিন্তু আমি তাত দেখুৱাব লাগিব যেন আমি দহ-পোন্ধৰবাৰ
দিল্লীলৈ গৈছোঁ ৷ আমি গাঁৱলীয়া, আমি নিৰক্ষৰ বুলি দুৰৰ
পৰাই দিল্লীৰ ৰাইজে গম পোৱা উচিত নহ’ব ৷ মনত ৰাখিব আমাৰ ৰাজ্যৰ
মান-সন্মান
এতিয়া আমাৰ
হাতত ৷ তাত আপুনি এনেদৰে নাচিব যে দিল্লীবাসীয়ে আপোনাৰ লগত নাচিবলৈ বাধ্য হ’ব ৷ চিন্তা
নকৰিবা, তাত জয় আমাৰেই হ’ব ৷ দিল্লীবাসীক আমি আচৰিত কৰি আৰু মোহ লগাই আমি উভতি আহিম।
জিলা সদৰ জিৰোৰ পৰা ৰাজ্যিক
পৰিৱহন নিগমৰ বাছখনে আমাক নিবলৈ ইয়াত উপস্থিত হৈছে ৷ আমি সকলোৱে কাইলৈ ৰাতিপুৱা যাব লাগিব ৷ দুপৰীয়াৰ ভিতৰত বাছখনে আমাক
লখিমপুৰলৈ লৈ যাব ৷ সন্ধিয়া লখিমপুৰৰ পৰা ৰে’ল যাব ৷ এতিয়া তোমালোক ঘৰলৈ যোৱাঁ, আজি ৰাতি ভালকৈ শুই লোৱাঁ ৷ কাইলৈ পুৱা লগ হ’ম।”
দেশৰ ৰাজধানী দিল্লীৰ গুৰুত্বৰ বিষয়ে গাৱৰ মহিলাসকলে
কিবা জানিছিল নে নাই জনা নাযায়… কিন্তু তুজুম ছাৰৰ উদ্যম আৰু তৎপৰতা দেখি মহিলাসকলে
নিশ্চিতভাৱে উৎসাহিত হৈ পৰিছে ৷ তেওঁৰ শক্তিশালী ভাষণৰ শেষত মহিলাসকলে বহুত হাত
চাপৰি বজাইছিল ৷ আৰু তুজুমে চাৰে গৰ্বত বুকু ফিন্দাই ক্লাছৰ ফালে ঘূৰি গ’ল, যেন ইয়াত স্কুলৰ চৌহদতে দিল্লীৰ যুদ্ধ জয় কৰিলে।
তুজুম ছাৰে সেই নিশাটো বৰ
উৎকণ্ঠাত কটালে। নিজৰ দলটোক ভালকৈ টোপনি যাবলৈ ক’লে যদিও তেওঁ নিজেই গোটেই ৰাতিটো বিছনাত
ছটফটাই থাকিল। কেতিয়া ৰাতি পুৱাৰ, কেতিয়া দিল্লীলৈ যাব, তাকেই ভাবি থাকিল গোটেই ৰাতি৷ সেইদিনা
মেন ৰাতিটো বেছি আন্ধাৰ আৰু দীঘলীয়া আছিল । তুজুম ছাৰে আধা ৰাতিতেই উঠি দুৱাৰখন খুলি পূব দিশলৈ চাই থাকিল পাহাৰৰ আঁৰৰ পৰা সূৰ্য্যটোৱে কেতিয়া ভূমুকি
মাৰি ওলাই আহিব বুলি? সেইবাৰ মান আকৌ কোনোবা অচিনাকী জন্তুৱে হাবিৰ পৰা চিঞৰি উঠাত তেওঁ সেয়া কুকুৰাই ডাক দিছে বুলি ভ্ৰম হ’ল ৷ হাতৰ ঘড়ীটো কাণৰ ওচৰলৈ আনি তেওঁ চলি আছে নে নাই পৰীক্ষা কৰিলে৷ তেওঁৰ অৱস্থাটো দেখি আৰু
ৰাতি টোপনি নগৈ ছটফটাই থকাত তেওঁৰ পত্নীৰো অশান্তি হৈছিল।
“শুই থাকা, ৰাতিপুৱালৈ এতিয়াও বহু সময়
আছে।”
তুমি মনে মনে থাকাঁ ! তুমি কি জানা হে ! তোমাৰ স্বামীয়ে দীঘলীয়া যাত্ৰালৈ ওলাইছে, মানুহটো নিৰাপদে ঘূৰি
অহাৰ বাবে অলপ প্ৰাৰ্থনা কৰিব নোৱাৰে, মাত্ৰ শোৱাৰ কথাহে
ভাবিছে।”
“ৰাতিপুৱাহে ৰাতি পুৱাব। নির্দিষ্ট সময়ত সূৰ্য উদয়
হ’ব, তাৰ আগত শুবই লাগিব!” তুজুম ছাৰৰ পত্নীয়ে গহীন
সুৰেৰে ক’লে। তেওঁৰ কন্ঠৰ গম্ভীৰতাই তুজুম ছাৰক কিছু শান্ত কৰিলে। কিন্তু তেওঁৰ
টোপনি নাহিল।
তুজুম ছাৰৰ দলটোক বিদায় দিবলৈ
গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ সৈতে গোটেই গাঁওখন বিদ্যালয়ৰ চৌহদ পালেহি ৷ গাওঁবুঢ়াজনে
স্থানীয় পূজাৰীক লগত লৈ আহিছিল যাক “ন্যিব” বুলি কয়। বাধা -বিঘিনি
আঁতৰাই মসৃণ
যাত্ৰাৰ বাবে ‘ন্যিব’ই মন্ত্ৰ জপ কৰি দলৰ প্ৰতিজন সদস্যৰ ওপৰত ফুৱাই দিলে।
তুজুম ছাৰে সকলোৰে পৰিচিত
ৰাজ্যিক পৰিৱহন নিগমৰ জৰাজীৰ্ণ নীলা বাছখনতো কিছু মন্ত্ৰ জপ কৰিবলৈ ‘ন্যিব’ক বিশেষ
অনুৰোধ কৰিলে৷ হয়তো তেওঁলোকৰ এটা আশা যে ‘ন্যিব’ৰ মন্ত্ৰধ্বনিয়ে আওপুৰণি বাছখন দ্ৰুত গতিত চলাই নি সময় মতেই গন্তব্য স্থান পোৱাবগৈ ৷ অন্যথা
এই বাছখন সময়মতে গন্তব্য স্থানত উপস্থিত নোহোৱাৰ বাবেহে বিখ্যাত। দলটোৰ হোজা-গাঁৱলীয়া মহিলাসকলেও বিশ্বাস কৰিছিল যে ন্যিবৰ এই মন্ত্ৰটোৱে তেওঁলোকৰ বাবে পাহাৰৰ সৰ্পিল পথৰ বিপদজনক পাকবোৰত ঢালৰ দৰে কাম কৰিব। পুৰণি ৰেক’ৰ্ডে কয় যে এই বাছখনৰ স্পীড কম
আৰু পাহাৰীয়া ঢালবোৰ পাৰ হওঁতে চলিব নে ৰৈ যাব ধৰিবই নোৱাৰা।
দলটো বাছত উঠাৰ লগে লগে আসনত
নিথৰ হৈ পৰিল ৷ বাছখনে ক’লা ধোঁৱাৰ ডাৱৰ উৰুৱাবলৈ ধৰিলে ৷ গোটেই ছীটবোৰত ডিজেলৰ
গোন্ধ! কেৱল নামতহে ছীট আছিল, ছীট বুলি নকৈ লোহাৰৰ হাড় কিছুমান বুলিলেহে সঠিক হ’ব। কেইমিনিটমানৰ বাবেও এই ছীটবোৰত বহি থকাৰ অৰ্থ আছিল… শৰীৰৰ অংগবোৰ ভাঙি নিজ
ঠাইৰ পৰা সৰি পৰা..!
তুজুম ছাৰে মাজে মাজে বহাৰ পৰা
উঠি সকলোৰে ভাল-বেয়াৰ খবৰ লৈছিল। য়ালেকৰ মনটো মৰা ৷ এতিয়াৰ পৰাই তাইৰ ঘৰলৈ মনত
পৰিবলৈ ধৰিলে ৷ ঘৰত মুইৰ গালি-গালাজ আৰু তিৰস্কাৰ শুনি তাই শ বাৰ শপত খাই থৈছে যে তাই এদিন ঘৰৰ পৰা ওলাই পলাই যাব ৷ কিন্তু এতিয়া সেই
একেজনী মুইলৈকে আটাইতকৈ বেছি মনত পৰিছে ৷ তাইৰ দুখী মুখখন দেখি তুজুম ছাৰ তাইৰ কাষত
বহিলহি।
“তুমিতো এইদৰে দুখ কৰি থকা ছোৱালী নহয়, কোৱাঁচোন কি হৈছে?”
য়ালেকে কঁপা কঁপা মাতেৰে ক’লে,
“ঘৰলৈ মনত পৰিছে…”
“তুমি প্ৰথমবাৰৰ বাবে চহৰৰ বাহিৰলৈ ওলাইছে, নহয়নে? কিন্তু অকলে অহা নাই নহয়৷ চোৱাঁ, আমি সকলোৱে আছোঁ ৷ সকলোৱে
তোমাৰ বিশেষ যত্ন ল’ব ৷ কাৰণ তুমিয়েই সকলোতকৈ সৰু।”
তুজুম ছাৰৰ মাতত কপাহৰ দৰে
কোমলতা আছিল৷ আন্তৰিকতাৰ দুটা শব্দই য়ালেকৰ অস্থিৰতা লাহে লাহে নোহোৱা কৰিলে ৷ তুজুম
ছাৰে তাইক মামৰে ধৰা খিৰিকীখখন খুলিবলৈ সহায় কৰিলে ৷ লাহে লাহে তাই বাহিৰৰ
দৃশ্যবোৰ মাজত হেৰাই গ’ল ৷ গছ-গছনি, পাহাৰ, জলপ্ৰপাত সকলো বাছখনৰ বিপৰীত দিশলৈ দৌৰি গৈ আছিল ৷ চহৰখন
পিছুৱাই যোৱাৰ লগে লগে য়ালেকৰ মনত যন্ত্ৰনা তীব্ৰতৰ হৈ আহিল।
যিটো কথাক লৈ সকলোৰে ভয় হৈছিল
অৱশেষত সেইটোৱেই হ’ল।
কিমিন পোৱাৰ আগতেই বাছখন বিকল
হৈ পৰিল ৷ এতিয়া তুজুম ছাৰৰ ৰক্তচাপ বাঢ়ি যাবলৈ ধৰিলে ৷ ভয়
লাগিছে, মূৰ ঘূৰোৱা মেন লাগিছে, চকুৰ সন্মুখত আন্ধাৰ
দেখিছে তেওঁ৷ সময়মতে লখিমপুৰ নাপালে ৰে’লখন ধৰিবগৈ নোৱাৰিব। তেন্তে
দিল্লী যাত্ৰাৰ কি হ’ব? ভ্ৰমণৰ সপোন কেতিয়াও পূৰণ নহ’ব নেকি? তেন্তে! কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি চালকজনক অনুৰোধ কৰিলে-
“যিকোনো উপায়েৰে আমাক সময়ত আমাক ষ্টেচন পোৱাই দিয়কগৈ।”
কিন্তু গাড়ীখন যি এবাৰ বহিলেই
বহিয়েই গ’ল, যেন গাড়ীখন এগৰাকী আঁকোৰগোজ বুঢ়ীহে যি কেৱল নিজৰ কথা শুনে। বহু কষ্টৰ পিছতো বাছখনৰ ইঞ্জিন
ষ্টাৰ্ট নহ’ল। যেতিয়া অপেক্ষাৰ সময়
বাঢ়িবলৈ ধৰিলে, তেতিয়া তুজুম ছাৰৰ কাতৰ অনুৰোধ
খঙলৈ পৰিণত হ’ল।
“যাত্ৰাৰ আৰম্ভণিতে গাড়ীৰ অৱস্থা এবাৰ পৰীক্ষা কৰিব
লাগিছিল, যদি কিবা সমস্যা আছিল, তেন্তে জিৰোত থকা গেৰেজত ঠিক কৰি ল’ব পাৰিলেহেঁতেন। কাম নোহোৱা ড্ৰাইভাৰ ক’ৰবাৰ।”
ড্ৰাইভাৰজনে পিছলৈ ঘূৰি যিটোহে উত্তৰ দিলে যে
ক্ষন্তেক সময়ৰ বাবে তুজুম ছাৰ বাকৰূদ্ধ হৈ পৰিল-
“গাড়ীখন বিছ বছৰ পুৰণি৷ চৰকাৰে নিলাম কৰিলেও কোনো ভঙা টিং-লোহাৰ বেপাৰীয়েও
এইখন কিনাটো দুৰৈৰে
কথা, চুয়ো নাচাব৷ মই বুলিহে গাঁতেৰে ভৰা পাহাৰৰ বিপদজনক ৰাস্তাত বছৰ বছৰ ধৰি এইখন
দৌৰাই আছোঁ।”
সাপ এটাইহে যেন তুজুম ছাৰক চুই গ’ল। তুজুম ছাৰৰ মৌনতাত ড্ৰাইভাৰৰ সাহস বাঢ়ি গ’ল।
“চাওক ছাৰ, জৰাজীৰ্ণ বাহনৰ পাৰ্টছবোৰ
কেতিয়াবা ভাগে আৰু আকৌ জোৰা লাগে। এইটো কোনো আচহুৱা কথা নহয়।
“এতিয়া কোনটো অংশ ভাঙি গৈছে?”
তুজুম ছাৰে সুধিলে।
“বাদ দিয়ক ছাৰ, মেকানিকগিৰি কৰি নেদেখুৱাব! ভাগি গৈছে, আকৌ জোৰা লাগিব।”
“ইমান সহজেই কৈ দিলা
যে! তোমাৰ ওপৰৰ বিষয়াক কিয় অভিযোগ নকৰাঁ, এইটো যাত্ৰীৰ জীৱনৰ লগত খেলা কৰাৰ দৰে হৈছে।”
“আপুনি কি কথা কয়হে ? অভিযোগ কৰি মই চাকৰিৰ পৰা কিয়
খেদা খাম হে? আপুনি পঢ়া-শুনা কৰা মানুহ, আপুনিয়েনো কিয় নতুন বাছ এখনৰ বাবে ওপৰৰ বিষয়াক আৱেদন এখন নিদিয়ে?
চালকজনৰ খং আৰু সাহস, দুয়োটা বাঢ়ি আহিছিল।
“কথাটো তুমি ঠিকেই কৈছা বাৰু, কিন্তু এইটো তৰ্ক কৰাৰ সময় নহয়৷ এটা সমাধানৰ কথা ভাবাঁ।”
“এতিয়া এই জংঘলত আমি ক’ৰ পৰা কোনো সমাধান বিচাৰি পাম, হয় কিন্তু এটা সমাধান আছে…”
“কি..?”
“অপেক্ষা কৰক ! অপেক্ষাৰ বাহিৰে কোনো সমাধান
নাই৷ মই দেখোন চেষ্টা কৰিয়েই আছোঁ।“
ড্ৰাইভাৰে বিৰক্তিৰে উত্তৰ দিলে।
গাড়ীখন মেৰামতি কৰি ড্ৰাইভাৰৰ হাত দুখন ক’লা হৈ গৈছিল। লেতেৰা চোলা এটাৰে তেওঁ হাত দুখন মচিলে ৷ সেইটোৰেই
তেওঁ জোৰেৰে গোটেই শৰীৰটো কোবাই কোবাই চাফা কৰিলে। যেন তেওঁ শৰীৰৰ সকলো ভাগৰ এনেদৰে আঁতৰাই পেলাইছে৷ বিড়ি এটা জ্বলাই তিনি-চাৰিটা দীঘলীয়া সোহা মাৰি লৈ তেওঁ পুনৰ
মেৰামতিৰ কামত লাগিল।
তাৰ খংটোৱে ড্ৰাইভাৰজনৰ ওপৰত
কোনো প্ৰভাৱ পেলাব পৰা নাছিল, যাৰ বাবে তুজুম ছাৰ ভিতৰি
ভিতৰি অলপ লজ্জিত হৈছিল। বিচলিত হৈ পৰিছিল… অপ্ৰয়োজনীয়ভাৱে তেজ গৰম কৰিলে।
এনেয়েও তুজুম ছাৰৰ ক’তনো খং উঠে, খঙৰ ভাও ধৰে মাথোঁ ৷ হঠাতে সেই মাতটো আহিল, যিটো শুনিবলৈ তেওঁৰ কাণে হাহাকাৰ কৰি আছিল ৷ ঘৰঘৰঘৰ
কৰি গাড়ীখন ষ্টাৰ্ট হ’ল ৷ তুজুমে ছাৰ কালভাৰ্টৰ ওপৰত উঠি বহি আছিল, ইঞ্জিন ষ্টাৰ্ট হোৱাৰ শব্দ শুনি তেওঁ অত্যন্ত উৎসাহেৰে কালভাৰ্টৰ পৰা নামিবলৈ লওঁতেই তলৰ খাদটোৰ ফালে পৰিব
ধৰিছিল ৷ শেষ মুহূৰ্তত চালকজনে ধৰাৰ বাবেহে কোনোমতে বাচিল।
দলৰ মাইকীমানুহবোৰ গাড়ীৰ পৰা নামি খোজ কাঢ়িবলৈ গৈছিল। কিছু দূৰৰ পাহাৰৰ নিজৰাত
হাত-মুখ ধুই সতেজ হ’বলৈ৷ সেই মানুহবোৰক মাতিবলৈ তুজুম ছাৰে দৌৰ ধৰিলে।
যাত্ৰীসকলক আদৰিবলৈ ৰৈ আছিল
লখিমপুৰৰ সাধাৰণ আৰু সৰু ৰে’লৱে জংচনটো৷ ট্ৰেইনখন ইতিমধ্যে প্লেটফৰ্মতে ৰৈ আছিল।
ৰুগ্ন বাছখনে তুজুম ছাৰৰ দলটোক সময়মতে গন্তব্যস্থানলৈ লৈ অনাটো এক প্ৰকাৰ অসম্ভবেই
আছিল৷ সকলো মহিলাক নিজৰ নিজৰ ছীটত বহিবলৈ দিয়াৰ পাছত তুজুম ছাৰে স্বস্তিৰ উশাহ ল’লে৷
নহ’লে ট্ৰেইনখন ধৰিব নোৱৰাৰ ভয়ত গোটেই বাছ যাত্ৰাৰ সময়ছোৱাত তেওঁৰ মুখখন শুকাই গৈছিল৷ এতিয়াহে বিশ্বাস হ’ল । অৱশেষত লখিমপুৰ ষ্টেচনত গোটেই দলটো ৰে’লত উঠিল৷ তেওঁ
ৰে’লৰ প্ৰতিটো বাৰ্থ চুই চালে যেন বছৰ বছৰ ধৰি অপেক্ষা কৰি হেৰাই যোৱা বস্তু এটাহে
ঘুৰাই পাইছে।
দুৱাৰৰ অতি ওচৰতে আছিল তুজুম
ছাৰ আৰু য়ালেকৰ আসন।
হুইচেল বাজিল আৰু লাহে লাহে
ৰে’লখনৰ গতি বাঢ়ি গ’ল৷ এনেতে হঠাৎ দৌৰি দৌৰি এজন যুৱক দৰ্জাৰে ডবাটোত জঁপিয়াই উঠিল।
ভাৰসাম্য হেৰুৱাই যুৱকজন চলন্ত ৰে’লখনৰ পৰা পৰাৰে উপক্ৰম হৈছিল, কিন্তু তুজুম ছাৰে তেওঁৰ বাহুত ধৰি ভিতৰলৈ টানি লৈ
আনিলে।
তেওঁৰ হাতত এটা সৰু ছুটকেছ আছিল ৷
আৰ্মিৰ ইউনিফৰ্ম পিন্ধি থকাৰ বাবেই তেওঁ যে সেনাবাহিনীৰ মানুহ বুজাত অলপো অসুবিধা
নহ’ল ৷ মূৰত ধুনীয়া ৰঙীন পাগুৰি, বাদামী ৰঙৰ উজ্জ্বল পাতল চকু, বেঁকা আৰু জোঙা ডাঙৰ নাক, দীঘল সৰু ৰাস্তাৰ দৰে ওঁঠৰ ওপৰত পৰি থকা ক’লা ডাঠ
গোঁফ! পৰিপাটিকৈ সজাই তোলা গোঁফৰ
চুলিবোৰ ওঁঠৰ কাষৰ পৰা পাক লৈ ওপৰমুৱা হৈ অৰ্ধবৃত্তৰ আকাৰ এটা লৈছে৷ পৰিপাটীকৈ কটা
গোঁফখিনিয়ে তেওঁৰ মুখৰ আকৰ্ষণ দুগুণ কৰিছিল। গোঁফকোছা চিকচিকিয়া ক’লা আছিল, হয়তো অলপ তেল সানিছিল।
দৰ্জাৰ কাষতে থকা ল’ৱাৰ বাৰ্থৰ ছীটৰ তলত তেওঁ ছুটকেছটো ভিতৰলৈ থেলি
দিয়াৰ পিছত ছীটটোত বহিল৷ ৰে’লৰ গতি ক্ৰমাৎ বাঢ়ি আহিছিল ৷ তুজুম ছাৰ নিজৰ আসনত বহি থকাতকৈ বেছিভাগ সময়
থিয় হৈ আছিল ৷ মহিলাসকলৰ সৰু সৰু সমস্যাবোৰ সমাধান কৰি তেওঁ নিজৰ আসনলৈ উভতি আহিল ৷
হয়তো সেনা জোৱানজনে তুজুম ছাৰ এনেদৰে ঘূৰি ফুৰা বাবেই তেওঁৰ চিট নাই বুলি ভাবি
সুধিলে-
“আপোনাৰ সংৰক্ষিত কোনো আসন নাই নেকি?”
“নাই..নাই.. এইটো ছীট মোৰেই৷
আচলতে মোৰ লগত গোটেই দলটো আছে৷ মই দলৰ তত্বাৱধায়ক । যাত্ৰাৰ সময়ত যাতে কাৰো অসুবিধা নহয়, মই বাৰে বাৰে উঠি গৈ চাই থাকিব লাগে।
“ভাল ভাল !”
সেনা জোৱানজনে সমগ্ৰ বিষয়টো বুজি পোৱাৰ পাছত এইদৰে
কয় ৷ এই চুটি কথা-বতৰাৰ মাজতে এযোৰ চকুৱে জোৱানজনক মনে মনে চাই আছিল। জোৱানজনে তুজুমৰ পৰা দৃষ্টি আঁতৰাই সেই পিৰিক-পাৰাক কৰি থকা সৰু সৰু চকু দুটালৈ চালে ৷ দুযোৰ
চকুৰ এইবাৰ একে ৰেখাত মিলি গ’ল। জোৱানজনৰ লগত চকুৱে
চকুৱে পৰাত য়ালেক আচৰিত হৈ গ’ল ৷ জোৱানজনেও দ্বিধাবোধ
কৰি তাইৰ পৰা দৃষ্টি আঁতৰাই আনিলে।
চাহৱালা এজন ডবাটোলৈ সোমাই আহিল ৷
সেনা জোৱানজনে চাহৱালাজনক ওচৰলৈ মাতিলে। জোৱানজনক চাহ দি চাহৰ দাম লৈ চাহৱালাজন খোজ কাঢ়ি আনটো ডবালৈ গ’লগৈ। মিহি ৰেখাৰ দৰে জিলিকি থকা ওঁঠৰ মাজেৰে জোৱানজনে গৰম ভাপ ওলাই থকা চাহত
চুমুক দিলে।
য়ালেকে গোপনে আঁৰ চকুৰে
জোৱানজনৰ চাৰ্টৰ ওপৰৰ পকেটত ওলমি থকা নামফলকখনলৈ চালে৷ নামফলকত গাঢ় ৰঙেৰে স্পষ্টকৈ এটা নাম লিখা আছিল৷ য়ালেকে নামফলকত থকা নামটো
তিনিটা ভাগত ভাঙি পঢ়িলে-
পৰ…মিন…দৰ!
দ্বিতীয় প্ৰচেষ্টাত তাই সম্পূৰ্ণকৈ পঢ়িলে।
‘পৰমিন্দৰ..’
“আচ্ছা,, ইয়াৰ নাম তেন্তে পৰমিন্দৰ’!
পৰমিন্দৰ য়ালেকৰ চকুৰ গোপন চাৱনিৰ বিষয়ে অজ্ঞাত হৈ অলপ হাউলি বহি আছিল। ওখ হোৱাৰ লগতে তেওঁৰ পাগুৰিটোৰ বাবে
পিঠিখন পোন কৰি বহিবলৈ পৰমিন্দৰৰ অসুবিধা হৈছিল ৷ অতি সাৱধানে বহি থকাৰ পাছতো
মূৰটোৱে ওপৰৰ বাৰ্থটোত খুন্দা মাৰিছিল।
চাহ খাই শেষ কৰি পাৰমিন্দৰে
দুয়োখন হাত মেলি দীঘলকৈ উশাহ এটা লৈ ছীটত বহলকৈ হাত মেলি এঙামুৰি এটা দিলে ৷ তুজুম
ছাৰ আকৌ এবাৰ উঠি গুচি গ’ল ৷ ৰে’লত কোনো যাত্ৰীয়ে
তেওঁক অঘৰী আত্মাৰ উপাধি দিলেও ভুল নহ’ব।
পৰমিন্দৰে অসাৱধানতাৰে চিলিঙৰ
শূন্যতালৈ চাই আছিল যদিও এই অসাৱধানতা বেছি সময় টিকি থাকিব নোৱাৰিলে ৷ দুটা চকুৱে
অবিৰতভাৱে তেওঁৰ ফালে চাই থকা কথাটো উপলব্ধি কৰাত পৰমিন্দৰ অলপ অস্বস্তিত পৰিল ৷ সি
নিজকে সুধিলে-
“মোৰ চেহেৰাৰ কাৰোবাৰ লগত মিল আছে নেকি? হয়তো সেই ছোৱালীজনীৰ
কোনোবা চিনাকি মানুহৰ লগত! তাই মোৰ মুখত তাইৰ কোনো
ঘনিষ্ঠ কাৰোবাক বিচাৰিছে নেকি? একো অসম্ভৱ নহয়। পৃথিৱীত বহু
মানুহৰ মুখৰ মিল আছে৷ ভগৱানেও মানুহ সৃষ্টি কৰি আছিল, কিন্তু একে চকু, নাক আৰু বৈশিষ্ট্য আন
কাৰোবাক প্ৰদান কৰে নিশ্চয়। কি ঠিক, মই ভগৱানৰ কাৰখানাৰ পৰা
ওলোৱা এটা মানুহ, হয়তো এই ছোৱালীজনীয়ে
সাইলাখ মোৰ দৰে আনটো মানুহ ক’ৰবাত দেখিছে৷ ভাল কথা..!”
দুটা চিলিঙৰ পৰা পিছলি গৈ য়ালেকৰ চকুত স্থিৰ হৈ গ’ল। পৰমিন্দৰৰ চকুত তাইৰ গোপন কৰ্ম-কাণ্ড ধৰা পৰি গ’ল। য়ালেক আকৌ এবাৰ কঁপি উঠিল, তাইৰ এনে লাগিল যেন
কোনোবাই তাইক পিছফালৰ পৰা হেঁচি ধৰিছে ৷ লাজ আঁতৰাবলৈ তাই
মুখখন চাদৰেৰে ঢাকি দিলে। মহিলাসকলৰ খবৰ লৈ তুজুম ছাৰ নিজৰ বাৰ্থলৈ উলটি আহিল ৷ তেওঁক
পুনৰ ছীটত বহি থকা দেখি পৰমিন্দৰে ক’লে-
“সকলো ঠিকে আছেনে?”
“হয়… হয়, সকলো টোপনি গ’ল।”
“এতিয়া আপুনি কিছু জিৰণি লওক”
পাৰমিন্দৰে পৰামৰ্শ দি ক’লে।
“নিশ্চয় নিশ্চয়! বাৰু আপুনি ক’লৈ বা গৈ আছে?”
“ৰঙিয়া”।
“অ’! ৰঙিয়া ওচৰতে আছে, মই দলটোৰ সৈতে দিল্লীলৈ যাম।”
তুজুম ছাৰে ইচ্ছাকৃতভাৱে দিল্লী শব্দটোৰ ওপৰত অলপ
বেছি গুৰুত্ব আৰোপ কৰিলে।
“মই চণ্ডীগড়লৈ যাম, ৰঙিয়াৰ পৰা পৰৱৰ্তী
ট্ৰেইনখন ধৰিব লাগিব।”
“অ’ আই চি, ৱান্দাৰফুল!” তুজুম ছাৰে
ইংৰাজীতে উত্তৰ দি ক্ষীণ আনন্দ প্ৰকাশ কৰিলে।
“ঠিক আছে… কি কামৰ বাবে দিল্লীলৈ ওলাইছে?”
“কেন্দ্ৰীয় চৰকাৰে গণৰাজ্য দিৱসত সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমাক আমন্ত্ৰণ
জনাইছে ৷ আমি তালৈকে যাম।”
“ভাল ভাল, অভিনন্দন!”
“আপুনি জানেনে, এয়া এক বৃহৎ দায়িত্ব, আমাৰ ৰাজ্যৰ সুনামৰ কথা আছে।”
“বুজিব পাৰিছো, অল দ্য বেষ্ট!”
“ধন্যবাদ…ধন্যবাদ, আমি আমাৰ শ্ৰেষ্ঠ
প্ৰদৰ্শন কৰিম।”
তুজুম ছাৰে আত্মবিশ্বাসেৰে গোটেইখিনি কথা ইংৰাজীতে ক’লে।
য়ালেকে তুজুম ছাৰৰ ইংৰাজী শুনি
হৃদয়ৰ ভিতৰতে হাঁহি আছিল ৷ ইংৰাজীৰ শিক্ষক
যদিও তুজুম ছাৰে ক্লাছত ইংৰাজী নকয়।
ল’ৰা-ছোৱালীবোৰে ইংৰাজী একেবাৰে বুজি নাপায়, ইংৰাজী কোৱাটো সিহঁতৰ বাবে বহু দূৰৈৰ কথা। নিজৰ ফালৰ পৰা তুজুম ছাৰে ল’ৰা-ছোৱালীক ইংৰাজী পঢ়াবলৈ যৎপৰোনাস্তি
চেষ্টা কৰিছিল, কিন্তু ল’ৰা-ছোৱালীবোৰ তেওঁৰ লগত
অত্যধিক বন্ধুত্বপূৰ্ণ আছিল, সেয়েহে তেওঁলোকে তেওঁৰ
পাঠত গুৰুত্বই নিদিছিল।
উপায়ান্তৰ হৈ তেওঁ নিজৰ উপভাষাত ইংৰাজী বিষয়টো
পঢ়ুৱাব আৰু বুজাব লগা হৈছিল আৰু অনা-অৰুণাচলী ল’ৰা-ছোৱালীবোৰক হিন্দীত বুজাই
কামটো সম্পন্ন কৰিছিল ৷ আন কোনো শিক্ষক থাকিলে লাঠিৰ কোবত ইংৰাজীতে পঢ়ুৱাই
দিলেহেঁতেন আৰু মাৰ খোৱাৰ ভয়তে ল’ৰা-ছোৱালীবোৰে ইংৰাজী শিকিলেহেঁতেন কিজানি।
কিন্তু তুজুম ছাৰ আৰু মাৰ-পিট !
..নাই..নাই! আমাৰ তুজুম ছাৰ অন্ততঃ অহিংসাত
বিশ্বাসী ৷ এটি
শিশুটিয়ে এ ফৰ আপেলৰ সলনি এ ফৰ আইচক্ৰীম বুলি ক’লেও তেওঁ কেতিয়াও হাত উঠাব নোৱাৰে ৷ খুব বেছি শিশুটোক
ধমক দিব। যিয়েই নহওক, তেওঁ ডাঙৰ ল’ৰা-ছোৱালীকহে
পঢ়ায়, সৰু ল’ৰা-ছোৱালীক নহয়।
এতিয়া ট্ৰেইনত ইংৰাজী কোৱাৰ
সুযোগ পাইছে যেতিয়া তুজুম ছাৰৰ ভিতৰৰ ইংৰাজী ক’ব জনা মানুহটো সাৰ পাই উঠিছিল। সেইবাবেই তেওঁ মুকলিকৈ ইংৰাজীত কথা কৈ আছিল, খুব সম্ভৱ তেওঁৰ ভিতৰৰ ইংৰাজী সত্বাটোৱে মনটোক সান্ত্বনা দিছে..!
এখন নিৰ্জন ঠাইত ৰে’লখন ৰৈ গ’ল৷ হয়তো
ট্ৰেকটো সলনি হ’ব৷ ৰে’লখন ৰৈয়েই আছে ৷ এনে লাগে যেন আপুনি যি ট্ৰেকত উঠিব বিচাৰে
সেই ট্ৰেকত ইতিমধ্যে আন কোনোবা ৰে’ল চলি আছে৷ অৰ্থাৎ আন এখন ৰে’লক বাট দিয়াৰ পিছতহে
এই ৰে’লখন আগবাঢ়ি যাব।
পৰমিন্দৰ আহি দুৱাৰৰ ওচৰত থিয়
হ’ল৷ ঠাণ্ডা বতাহ বলি আছিল৷ জোনবাইৰ কোমল
পোহৰত তাৰ গোঁফৰ চুলিবোৰ ডাঠ হৈ জিলিকিছিল৷ পৰমিন্দৰে পকেটৰ পৰা চিগাৰেটৰ পেকেট
এটা উলিয়াই, কিবা এটা ভাবি চিগাৰেটটো জ্বলাই
দিলে ৷ জলন্ত চিগাৰেটত এহোপা মাৰি ধোঁৱাখিনি আকাশৰ ফালে উৰুৱাই দিলে।
আকাশত ওলমি থকা জোনবাইটিয়েও যেন বতাহৰ লগত লাহে লাহে গতি কৰি
আছিল৷ জোনৰ
চাৰিওফালে এটা ৰামধেনুৰ বৃত্ত
গঠন হৈছিল৷ যাদুকৰী দৃশ্য..! বগা ঘূৰণীয়া জোন আৰু
ইয়াৰ বহুৰঙী চন্দ্ৰবলয়! যদিও ৰামধেনু সদৃশ, এই চন্দ্ৰবলয়ৰ সাতটা ৰং দিনত স্পষ্টকৈ দেখা যায়, ৰাতি কেৱল আভাসহে দেখা গৈছিল৷ ৰাতিৰ নিস্তব্ধতা উপভোগ
কৰি পৰমিন্দৰে ভাবিলে তাই চাগে এতিয়াও তাকেই চাই আছে! চোৰচকুৰে তেওঁ এবাৰ য়ালেকলৈ চালে ৷ হয় অৱশ্যে… মুকলিকৈ নহয়, কিন্তু তাই চকু মুদি তাৰ ফালে চাই আছিল। তেওঁ পিছলৈ
ঘূৰি চাবলৈ সাহস কৰা নাছিল… কাৰণ পৰমিন্দৰে জানিছিল যে তেনে কৰিলে তাই ভয় খাব।
সামান্য জোকাৰণি মাৰি ৰেলখনৰ
যাত্ৰা পুনৰ আৰম্ভ হ’ল।
ৰে’লখনৰ গতি বাঢ়ি অহাৰ লগে লগে
বতাহৰ লেহেমীয়া সোঁত বাঢ়ি আহিল৷ পৰমিন্দৰে আৰু কিছু সময় দুৱাৰৰ ওচৰত থিয় হ’ব
বিচাৰিছিল যদিও ঠাণ্ডা বতাহে বেজীৰ দৰে তেওঁৰ শৰীৰটো বিন্ধি পেলালে ৷ ডবাটোৰ ভিতৰত
দুটা চকু অবিৰতভাৱে তেওঁৰ ওপৰত নিবদ্ধ হৈ আছে আৰু এই কথাটোৱে তেওঁক অসহজ কৰি তুলিছিল।
ডবাটোৰ ভিতৰত যেন পৰমিন্দৰৰ উশাহ লোৱাত কষ্ট হৈছিল ৷ আনহাতে দুৱাৰমুখত এক মুক্ত
অনুভৱ বিৰাজ কৰিছিল। কিন্তু দুৱামুখত থিয় হৈ কি লাভ..! সেই সৰু চকুযুৰি দুৱাৰমুখলৈকে বিয়পি আছে। এপলকৰ বাবেও তেওঁৰ পিছ এৰি দিয়া নাই৷
বাহিৰত থিয় হোৱাৰ কোনো কাৰণ নোহোৱাত তেওঁ পুনৰ ভিতৰৰ আসনখনলৈ উভতি আহিল।
তুজুম ছাৰে আত্মস্পৰ্শী কণ্ঠেৰে ক’লে-
“কিয় অলপ সময় শুই নাথাকে? ৰে’লখন বৰ লাহে লাহে গৈছে।”
পৰমিন্দৰে প্ৰশ্নটো এৰাই চলি সুধিলে-
“আপোনাৰ দলৰ সকলোৱে নিশ্চয় শুইছে?”
“হয়…হয়… বহুত আগতে।
এতিয়া আচল প্ৰশ্নলৈ আহি পৰমিন্দৰে সুধিলে-
“ঠিক আছে… আপোনাৰ লগত থকা ছোৱালীজনী কিয় শুই থকা নাই? তেওঁৰ টোপনি নধৰে নেকি?”
তুজুম ছাৰ হাঁহি হাঁহি–
“অ’ মানে য়ালেক! আজি তাই বাছত বহুত শুইছিল, গতিকে এতিয়া তাইৰ টোপনি একেবাৰেই নাই।”
হমম ! ছোৱালীজনীৰ নাম তেন্তে য়ালেক৷ পৰমিন্দৰৰ ভিতৰত উৎসাহৰ অলপ লাভা বিস্ফোৰণ ঘটিল।
“ইমান ছিৰিয়াছলি কি ভাবিছে?” তুজুম
চাৰে আকৌ এবাৰ ইংৰাজীতে সুধিলে।
তুজুম ছাৰৰ এই প্ৰশ্নত তেওঁ অলপ থতমত খালে। যেন কিবা
চুৰি কৰি ধৰাহে পৰিল।
“নাই, আচলতে এই নামবোৰ মোৰ বাবে অলপ আচহুৱা ৷ গতিকে নামটো মনত ৰাখিবলৈ চেষ্টা কৰি আছোঁ।”
তুজুম ছাৰে এটা কৌশলৰ পৰামৰ্শ দিয়াৰ সুৰত ক’লে-
“ঠিক আছে ডাঙৰ সমস্যা নহয়! নামটো মনত ৰখাৰ আটাইতকৈ সহজ উপায়, মই ক’ম ৷ নামটোৰ অৰ্থ মনত
ৰাখিব, নামটো স্বয়ংক্ৰিয়ভাৱে মনত থাকিব ৷ য়ালেক
মানে… জেদী! এতিয়া আপুনি পাহৰিব নোৱাৰিব, আশাকৰোঁ নাপাহৰিব।”
পৰমিন্দৰে সন্মতি দিলে–
“নাই..নাই..কেতিয়াও নাপাহৰোঁ!”
নিজৰ বিষয়ে হোৱা এই আলোচনা
শুনাৰ লগে লগে য়ালেকক অচিন লাজ এটাই হেঁচুকি দিলে৷ তাইৰ ঢকঢকীয়া বগা গালদুখনত
ৰঙচুৱা ৰং এসোপা থূপ খালেহি। সেই লাজৰ বৰণ লুকুৱাবলৈ তাই চুলিখিনিৰে গালদুখন ঢাকি
দিলে। কিন্তু তাইৰ ৰঙা গালদুখন পৰমিন্দৰৰ চকুৰ পৰা লুকুৱাই ৰাখিব নোৱাৰিলে।
“এক্সকিউজ মি” বুলি কৈ পৰমিন্দৰ টয়লেটলৈ যাবলৈ উঠিল।
টয়লেটৰ দুৱাৰখন তেওঁ অতিৰিক্ত
সাৱধানতাৰে বন্ধ কৰি দিলে৷ দুই-তিনিবাৰ দুৱাৰখনৰ চিটকিনিডাল ভালদৰে লগালে। তথাপি
বাৰে বাৰে চিটকিনিডাল পৰীক্ষা কৰি থাকিল৷ তেওঁৰ এটা ভ্ৰম হ’বলৈ ধৰিলে যে সেই
অনুসন্ধানকাৰী চকু দুটাই দুৱাৰৰ ফাঁকটোৰ
মাজেৰে চাই থকা নাইতো।
টইয়লেটৰ পৰা উভতি আহি তেওঁ টোপনি
যোৱাৰ উদ্দেশ্যে ছীটত শুই পৰিল৷ তাইৰ জিলিকি থকা, হাঁহি থকা, দুষ্ট চকু দুটা সি তেওঁ তেওঁৰ বন্ধ
চকুৰ মাজেৰেও দেখা পালে ৷ চঞ্চল, দুষ্টামি, প্ৰশ্নবোধক চকুৱে কিবা এটা সুধিব বিচাৰে… কিবা এটা ক’ব বিচাৰে! কিন্তু কি, কি ক’ব বিচাৰিছে?
তেওঁৰ হৃদয়, মন আৰু সমগ্ৰ অস্তিত্বৰ ওপৰত আৱদ্ধ হৈ পৰিল তেওঁ দেখি
থকা সেই মৰমলগা চকু দুটা। অসহায় পৰমিন্দৰক সম্পূৰ্ণৰূপে এই চকু দুটাই যেন
নিয়ন্ত্ৰিত কৰি তুলিছে৷ কঁপি থকা ওঁঠ দুটা লৈ পাৰমিন্দৰে নিজকে মাত্ৰ এইখিনি ক’ব
পাৰিছিল-
“তোমাৰ নামটোৰ
দৰেই তোমাৰ চকু দুটা বৰ জেদী!!”
ইয়াৰ পিছত নাকৰ এটা কোমল শব্দ প্ৰতিধ্বনিত হ’ল। পৰমিন্দৰৰ টোপনি আহিছিল।
তুজুম ছাৰে পৰমিন্দৰক জগাই দি ক’লে-
“ৰঙিয়া আনে ৱালা হায়, কাম অন, গে’ট আপ।”
পৰমিন্দৰে মিঠা টোপনিৰ পৰা সাৰ পাই ছীটৰ তলৰ পৰা
ছুটকেছটো উলিয়াই আনিলে ৷ পাগুৰিটো ঠিক কৰিলে, তাৰ পাছত ছুটকেছটো লৈ দুৱাৰৰ ওচৰত থিয় হ’ল ৷ তুজুম ছাৰ তেওঁক বিদায় সম্ভাষণ
দিবলৈ দুৱাৰৰ ওচৰলৈ আহিল–
“আপুনি ৰে’লৰ পৰা নামি
যোৱাৰ আগতে মই আপোনাৰ লগত গুৰুত্বপূৰ্ণ কথা এটা কথা পাতিব বিচাৰিছোঁ ৷ য়ালেকে
কৈছে… তাইৰ কাৰণে হয়তো আপোনাৰ অসুবিধা হৈছে, তেন্তে তাৰ বাবে তাই বৰ দুখ প্ৰকাশ কৰিছে ৷ মই জানো ট্ৰেইনত উঠাৰ পৰাই আপোনাক
অপলক চাই
আহিছিল। মই আনকি তাইক সুধিলোঁ…”
“কি ক’লে তাই?”
পৰমিন্দৰে অধৈৰ্য হৈ সুধিলে ৷ এই অধৈৰ্যতাত তেওঁৰ
অলপ লাজো লাগিল।
“তাই ক’লে যে আপোনাৰ দৰে ধুনীয়া
গোঁফ তাই আগতে কেতিয়াও দেখা নাই ৷ আচলতে আমি যিখন ঠাইৰ পৰা আহিছোঁ, তাত পুৰুষৰ সাধাৰণতে এই ধৰণৰ
গোঁফ নাথাকেই ৷ দীঘল দাঢ়ি, বা অতি চুটি গোঁফ ৰাখে! কিন্তু আপোনাৰ দৰে দীঘল আৰু ষ্টাইলিছ গোঁফ নহয় ৷ য়ালেকে ইমান ডাঙৰ আৰু
ধুনীয়া গোঁফ টি ভিত চোৱা চিনেমাৰ হিৰ’ৰ মুখতহে দেখিছে।”
কথা শুনি পৰমিন্দৰে
লাজ অনুভৱ কৰিবলৈ ধৰিলে ।
“প্লিজ আপুনি তাইক মোৰ হৈ গুডবাই বুলি কৈ দিব।”
তুজুম ছাৰে ভিতৰৰ পৰা য়ালেকক
মাতি আনিলে ৷ য়ালেকে দ্বিধাবোধ কৰি তুজুম ছাৰক কাণত কিবা এটা ফুচফুচাই ক’লে ৷ তুজুম
ছাৰে জোৰেৰে হাঁহিলে ৷ পৰমিন্দৰে একো বুজি পোৱাৰ আগতেই তুজুম ছাৰে ক’লে-
”আপুনি যদি আপত্তি নকৰে, তাই আপোনাৰ এই গোঁফকোচা
এবাৰ চুই চাব বিচাৰে।”
“মাই প্লিজাৰ…!”
পৰমিন্দৰে অনুমতি দিলে।
য়ালেকে লাজ লাজকৈ পৰমিন্দৰৰ
গোঁফৰ ওপৰেৰে তাইৰ সৰু সৰু আঙুলিবোৰ বুলাই দিলে ৷ গোঁফকোছাক মৰম কৰিলে, লাহেকে টানিও চালে! গোঁফৰ কঠিন দাঢ়িখিনি আঙুলিৰে হেঁচা মাৰি দিলে, মৰমেৰে অলপ মোহাৰিও দিলে। আনন্দত তাইৰ চকু দুটা স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গ’ল-
“নম ৰসাপ।”
“কি ক’লা?”
পৰমিন্দৰে সুধিলে।
য়ালেকে আওৰাই ক’লে-
“নম ৰসাপ।”
এই প্ৰশ্ন-উত্তৰৰ মাজতে আহিল তুজুম ছাৰে উত্তৰ দিলে-
“নম ৰসাপ মানে ডাঠ গোঁফ থকা মানুহ!”
ৰে’লখন আকৌ ৰৈ গ’ল৷ টি.টি.ই.য়ে যাত্ৰীসকলক উদ্দেশ্য কৰি ডাঙৰ ডাঙৰকৈ কৈ আছিল… ‘ৰঙিয়া পাইছে, ৰঙিয়া পাইছে’৷ ছুটকেছটো হাতত লৈ পৰমিন্দৰ ৰে’লৰ পৰা নামি গ’ল ৷
শেষবাৰৰ বাবে সেমেকা চকুৰে য়ালেকলৈ চালে তেওঁ৷ ছুটকেছটো নথকা হাতখনেৰে তেওঁ নিজৰ
গোঁফখিনি ওপৰলৈ পকাই তুলি দি ষ্টেচনৰ যাত্ৰীৰ ভিৰৰ
মাজত হেৰাই গ’ল ৷
***
শব্দাৰ্থ :
মুই – মাহী বা পেহী
ময়িৰ–মুদ – অৰুণাচল প্ৰদেশৰ কামলে
জিলাৰ এটি পৰ্বতৰ নাম
পুনু-জাজিন – বিভিন্ন অনুষ্ঠানত
পৰিবেশন কৰা লোকনৃত্য
টাংগো– লুৰুম- পুৰুষে পৰিধান কৰা পোছাক
বিশেষ
ব’পা – পুৰুষে পৰিধান কৰা টুপি