সৈনিকৰ ভালপোৱা

          মূল (স্পেনিছ) : পাবলো
নেৰুডা
 

অনুবাদ : ৰুদ্ৰ সিংহ মটক (অসিত সৰকাৰে কৰা বাংলা অনুবাদৰ পৰা)

                 

 

যুদ্ধৰ দিনবোৰত জীৱনে তোমাক বাধ্য
কৰিছে

সৈনিকৰ প্ৰেয়সী হবলৈ।

 

দীঘল ৰেছমী পোছাকত

জোতা আৰু মুকুতাৰ মালা পিন্ধি

তুমি বাধ্য হৈছা জুইৰ মাজেৰেই
আগবাঢ়ি যাবলৈ।

 

আহাঁ মুছাফিৰ

মোৰ বুকুলৈকে আহাঁ

পান কৰি যোৱা ৰঙা শিশিৰ।

 

তুমি জানিব খোজা নাই তুমিনো কলৈ গৈছা,

তুমি আছিলা কেৱল নাচৰ সঙ্গী,

তোমাৰ নাছিল কোনো সংস্থা, নতুবা কোনো
দেশ।

 

আৰু এতিয়া মোৰ লগে লগে আগুৱাই গৈ

তুমি দেখিছা আমাৰ সতেই আগবাঢ়িছে জীৱন

আৰু আমাৰ পিছফালেই মৃত্যু।

 

তোমাৰ এই জীৰ্ণ ৰেছমী পোছাকত

এতিয়া তুমি আৰু কোনো নৃত্যশালাতেই
নাচিব নোৱাৰিবা।

 

তোমাৰ ভৰিত জোতা থাকক বা নাথাকক

এতিয়া তুমি সমুখ সমৰলে আগবাঢ়িবই
লাগিব ।

 

এতিয়া তুমি আগুৱাব লাগিব কাঁইটৰ
ওপৰেদিয়েই

পিছফালে পৰি থাকিব ফোঁটা ফোঁটা তেজৰ
চিহ্ন।

আৰু এটা চুমা দিয়া, প্ৰিয়তমা মোৰ।

 

কমৰেড, ৰাইফলবোৰ এবাৰ পৰিস্কাৰ কৰা।

 

            ০০০

 

(উৎস গ্ৰন্থ :  পাবলো নেৰুডাৰ শ্ৰেষ্ঠ কবিতা , প্ৰথম
প্ৰকাশ,

জুলাই ১৯৭৭। প্ৰকাশক  : নাথ পাবলিছিং, কলকাতা৭০০০২৯)

 

ঠিকনা :

অম্বিকাগিৰি নগৰ,

ত্ৰিবেণী পথ, হাউছ নম্বৰ তিনি,

পিন-৭৮১০২৪,

ফোন –৭০০২৩০৩৮৮২

গুৱাহাটী