পিছলৈ উভতি চাওঁ-৮

ড০
পোনা মহন্ত

অঁকৰা মৈত উঠিলোঁ

তেতিয়াৰ দিনত আমাৰ ঘৰৰ সমুখত থকা আহলবহল পথাৰখনত কিদৰে ভেঁটা দি মাছ
ধৰিছিলোঁ
,
 সেই কথা আগৰ লেখাত কৈ
আহিছোঁ৷ এই পথাৰখনে মোক ল
ৰালি কালৰ আন অনেক ফূৰ্তি আৰু আনন্দৰ খোৰাক দিছিল৷ মোৰ শৈশৱৰ বিষয়ে
ইতিমধ্যে যিবোৰ কথা কৈ আহিছোঁ বা ইয়াত ক
ব খুজিছোঁ,
 সেইবোৰৰ সৰহভাগেই যে আজিকালিৰ লৰাছোৱালীৰ
বাবে
— বিশেষকৈ চহৰীয়াহঁতৰ বাবে— আচহুৱা হ, তাত মোৰ কোনো সন্দেহ নাই৷ কিন্তু মই এইটোও
দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে পূৰ্বপুৰুষৰ দিনৰ পৰা সমাজখন কিদৰে পৰ্যায়ক্ৰমে আগ বাঢ়ি
আহি আজিৰ অৱস্থা পাইছেহি
, সেই সম্পৰ্কে নতুন প্ৰজন্মই জনা উচিত৷ কোনো
বস্তুৱেই শূন্যৰ পৰা নোপজে
; অতীতৰ বোকোচাত উঠি আহিহে বৰ্তমানটোৱে আমাৰ আগত
দেখা দিয়ে আৰু ই নিজৰ গতিৰে গৈ ভৱিষ্যতৰ সৈতে মিলি যায়৷ এই ভৱিষ্যতটোও বৰ্তমান হৈ
পুনৰ অতীত হৈ পৰে৷

শাওণভাদমহীয়া পানীভৰা পথাৰ দুইতিনিবাৰমান গৰু বা মহেৰে টনা নাঙলেৰে চহোৱাৰ
দিনচেৰেকৰ
পাছত পানী কিছু কমিলে ইয়াৰ ওপৰেদি মৈ চলাই নাঙলৰ
ফালত উঠা ডুখৰা
ডোখৰ মাটিবোৰ সমান কৰা হয়৷ মৈ হল দুচলা ডাঙৰ ফলীয়া বাঁহেৰে সজা এবিধ সঁজুলি৷ এই সঁজুলিবিধ নাঙলৰ ঠাইত
যুঁৱলিত বান্ধি গৰু বা ম
হৰ দ্বাৰা টনোৱা হয়৷ এইটো কৰোঁতে
হালোৱাজনে মৈত উঠি লৈ এখন হাতেৰে গৰু বা ম
হৰ ডিঙিত বান্ধি
থোৱা ৰছীডাল ধৰি আৰু আনখন হাতেৰে এডাল এছাৰি লৈ গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে৷
উল্লেখযোগ্য যে মৈখনৰ ওজন বঢ়াই ল
লে তলৰ চপৰা ভঙাটো সহজ হয়
বাবে মৈ চলোৱা কৃষকজনে সাধাৰণতে সৰু ল
ৰা এটা মৈত তুলি লয়
আৰু ল
ৰাজনে আজিকালি বাইকত উঠোঁতে ধৰাৰ দৰে কৃষকজনৰ কঁকালত
ধৰি মৈত উঠাৰ আনন্দ উপভোগ কৰে৷ তেতিয়াৰ আঠ
ন বছৰীয়া এই
লেখকেও মৈত
 ৰাইড কৰি বৰ মজা পাইছিল৷ এতিয়াও এটা কথা স্পষ্টকৈ
মনত আছে৷ কৃষক ককাইজনে মৈয়াই থকা দেখি মই একে লৰে গৈ সেইখিনি পাইছিলোঁগৈ৷ আন দিনাৰ
দৰে তেৱোঁ মোক মৈত তুলি ল
ব খুজিছিল৷ কিন্তু আগৰ পৰা উঠি থকা তেওঁৰ ভতি‍জা লৰাটো মৈৰ পৰা নানামেহে নানামে৷ খঙত ককাইজনে মোৰ ফালে চাই কৈছিল— “কি হল জানো এইটোৰ৷ অঁকৰা মৈত উঠি এতিয়া নামিবই
নোখোজে৷
” ‘অঁকৰা মৈ
 কথাটো বুজি পোৱা নাছিলোঁ৷ মৈখনকে অঁকৰা মৈ বোলে
নেকি
— মনতে এনেকুৱা প্ৰশ্ন এটাও
জাগিছিল৷ কিন্তু ককাইজনৰ খং দেখি সোধাৰ সাহস নহ
ল৷ পাছলৈ
যেতিয়া হাইস্কুলত পঢ়ুওৱা চাৰে
 অঁকৰা মৈত উঠা খণ্ডবাক্যটোৰ অৰ্থ বুজাই দি বাক্য ৰচনা কৰিবলৈ
দিছিল
, তেতিয়াহে ইয়াৰ মৰ্ম বুজি পাইছিলোঁ৷ লাহে লাহে
এইটোও বুজিলোঁ যে এনে খণ্ডবাক্য বা আপ্তবাক্যবোৰৰ মূল শিপা লোকজীৱনৰ মাজতে সোমাই
থাকে৷

লেছেৰি বোটলা, চেঁচোৰ খোৱা আৰু কত কি!

আহলবহল পথাৰখনে মোক মাছ ধৰা আৰু মৈত উঠাৰ আনন্দ
দিয়াৰ উপৰি ল
ৰালিৰ আন কেতবোৰ আমোদৰো যোগান ধৰিছিল৷ ইবিলাকৰ
ভিতৰৰ উল্লেখযোগ্য দুটা হ
লেছেৰি
বোটলা আৰু চেঁচুৰ খোৱা৷ দাৱনীয়ে পকাধানৰ গছবোৰ কাটি যাওঁতে কেতিয়াবা দুটা এটা ধানৰ
ঠোক থাকি যায়৷ এইদৰে ধান কাটোতাই অসাৱধানতাবশতঃ বা নজনাকৈ এৰি যোৱা ধানৰ ঠোক ছিঙি
বা বুটলি লোৱাকে লেছেৰি বোটলা বোলা হৈছিল৷ এইদৰে দাৱনী বাইটীৰ পিছে পিছে লেছেৰি
বুটলি মই আৰু লগৰ দুটামানে বৰ আনন্দ পাইছিলোঁ৷ দাৱনী বা পথাৰত কাম কৰি থকা
মানুহবিলাক ঘৰলৈ যোৱাৰ পাছত আমাক লেছেৰি বুটলিবলৈ দিয়া নহৈছিল৷ দাৱনীয়ে নিজৰ কামত
ব্যস্ত থাকোঁতেই আমি ছেগ বুজি নকটা ধানগছৰপৰা দুটা
এটা ধানৰ
ঠোক ছিঙি আনি ধৰা পৰিছিলোঁ৷ সেয়ে মালিকৰ কাঢ়া নিৰ্দেশ মানুহ নথকা সময়ত পথাৰত কোনেও
লেছেৰি বুটলিব নোৱাৰিব৷ এইদৰে ধান চপোৱা সময়ছোৱাৰ ভিতৰত লেছেৰি বুটলি মই যি ধান
গোটাইছিলোঁ
,
 সেইখিনি ঘৰতে বেচি দি কিমান
পইছা পাইছিলোঁ মনত নাই৷ আঠ অনা
, বাৰ অনা, এটকা যিমানেই নহওক, সেয়া আছিল মোৰ সম্পূৰ্ণ নিজা ইনকাম

ধাননি পথাৰত ধানগছৰ মাজে মাজে অলপ গোটা সৰু
পাতৰ এবিধ বন গজিছিল৷ এই বনবিধৰ তলৰ মূলটো সৰু আলুগুটিৰ লেখীয়া আৰু খাবলৈ বেচ
মিঠা৷ ধান চপোৱাৰ পাছত কাতি
অঘোণমহীয়া পথাৰ যেতিয়া একেবাৰে শুকাই যায় তেতিয়া আমি লৰাবোৰে সৰু কোৰ বা খণ্টিৰে মাটি খান্দি এই আলু বা চেঁচোৰ খাইছিলোঁ৷ সেই
চেঁচোৰৰ ছবি আৰু সোৱাদৰ কথা মই এতিয়াও পাহৰিব পৰা নাই৷ সেই সময়ত চেঁচোৰ খোৱাৰ লোভত
আমি দুটামান ল
ৰাই ওচৰৰ পথাৰখন ইমানেই খান্দিছিলোঁ যে অনেক
বছৰৰ
পাছত যেতিয়া গাহৰিয়ে খোৱাবস্তু বিচাৰি মাটি এফালৰ পৰা
 খান্দি যোৱা দৃশ্য দেখিছিলোঁ, তেতিয়া মোৰ সেই কথালৈ মনত পৰিছিল৷

এইদৰে খাই তৃপ্তি পোৱা আন এবিধ আলু আছিল শেলুক৷
ই প্ৰকৃততে দ পানীত হোৱা ভেঁটগছৰ গুৰি শিপা৷ মাছ ধৰিবৰ বাবে পুখুৰী এটাৰ পানীখিনি
সিঁচি উলিয়াই দিয়াৰ
পাছত সাধাৰণতে বোকাত এই আলুবিধ পোৱা গৈছিল৷ মোৰ দৰে সৰু লৰা এটাৰ বাবে পানীৰ তলৰ শেলুক বুটলি খোৱাটো সম্ভৱ নাছিল৷ সেয়ে ওচৰত
গঞালোকে পুখুৰী সিঁচাৰ খবৰ পালেই চিধা সেইখিনি পাইছিলোঁগৈ৷ মাছ ধৰিবলৈ পুখুৰীৰ
বোকাপানীত নমা ডাঙৰ মানুহকেইজনে শেলুক পালেই পাৰলৈ দলিয়াইদিছিল আৰু আমি তাত ৰৈ থকা
ৰাকেইটাই বুটলিবলৈ হেতাওপৰা
লগাইছিলোঁ৷ কাঠ আলু বা ৰঙা আলুৰ দৰে মঙহাল এই শেলুক সেইকালত মোৰ দৰে ল
ৰাছোৱালীয়ে কেঁচাই খাই বৰ তৃপ্তি পাইছিল৷ ডেকা বা
বয়সীয়া মানুহক কিন্তু চেঁচোৰ বা শেলুক খোৱা দেখা নাছিলোঁ৷ তেওঁলোকে বোধ
কৰোঁ এইবোৰ সৰু লৰাছোৱালীয়ে খোৱা
বস্তু বুলিয়ে ধৰি লৈছিল৷ এনেদৰে ল
ৰাছোৱালীয়ে
খাবলৈ বিচাৰি ফুৰা আন এবিধ
 ফল’-ৰ নাম হ খীছ৷ এই শব্দটো মোৰ লগত থকা আধুনিক অভিধানৰ কথা
বাদেই
 হেমকোষ’-তো
নাই
(চতুৰ্থ সংস্কৰণ,
 ১৯৬৫)৷ ই সম্পূৰ্ণভাৱে আমাৰ সেই অঞ্চলত চলা থলুৱা
শব্দ হ
ব পাৰে৷ গখীছ হল জেটুলিপকাৰ দৰে ৰঙা চানেকীয়া এবিধ নিচেই সৰু
ফল৷ সাধাৰণতে ধাননি পথাৰত বা বাৰীৰ সেমেকা ঠাইত লাজুকীবনৰ দৰে মাটিত লাগি থকা এবিধ
বনৰ গুটি নে ফুল হিচাপে ইয়াক পোৱা গৈছিল৷ সেই কালত চহৰীয়া শিশুৱে লোজেন
চেনি‍গুটি ভাল পোৱাৰ দৰে গাঁৱৰবিলাকে
এই মিঠা বস্তুটো বিচাৰি পিতপিতাই ফুৰিছিল৷

তেতিয়া আমি বিচাৰি ফুৰা আন কিছুমান বনৰীয়া ফলমূল আছিল এনে ধৰণৰ লেটেকু, পনিয়ল, টেপৰ, হেলচ, বঁহত, কোঁটকোৰা আৰু অনেক, যিবোৰৰ নাম মই এতিয়া মনত পেলাব পৰা নাই৷ ইবোৰৰ
ভিতৰত আম
-কঁঠাল, কলনাৰিকল, ডালিমনাচপতি, জামুমধুৰী, মাটিকঁঠাল আদি সাধাৰণতে সকলোৰে চিনাকি আৰু
মানুহে নিজৰ বাৰীত ৰুই ডাঙৰ
দীঘল কৰা গছৰ ফল ধৰা হোৱা নাই৷ ফলৰ ভিতৰত নপৰা, কিন্তু আমি লৰাবোৰে টকালি পাৰি খোৱা আন
দুবিধ বস্তু হ
টকৌগুটি আৰু মামৈ
তামোল৷ টকৌ গছৰ গুটি পূৰঠ হ
লে অত্যন্ত টান হয়
— ইমানেই টান হয় যে বয়স্ক মানুহে
ভাঙিবলৈ চেষ্টা কৰিলে দাঁত ভঙাৰহে সম্ভাৱনা৷ সেয়ে মোৰ বয়সৰ ল
ৰাছোৱালীয়ে  ডাঙৰ মানুহৰ আগত দাঁতেৰে
টকৌগুটি ভাঙি দেখুৱাই গৰ্ববোধ কৰিছিলোঁ৷ এতিয়া ভালকৈ কোমল নহ
লে বুটমাহ এটাও ভাঙিব নোৱৰা এই
দাঁতকেইটাই তাহানি শিল যেন টান টকৌগুটি ভাঙিছিলোঁনে
?
 প্ৰশ্নটো নিজকে সুধি হাঁহি উঠে৷ মামৈ তামোলক মামূলি তামোল বুলিলেও বেয়া নহয়৷ তামোল গছৰ দৰে, কিন্তু তেনেই সৰু চাপৰ, আৰু বাঁহগছৰ দৰে লগালগিকৈ কেইবাডালো গছ থকা
এবিধ উদ্ভিদ হ
ল মামৈ তামোল৷ ইয়াৰ ফল দেখাত তামোলৰ দৰে, কিন্তু তেনেই সৰু৷ কিছু পৰ চোবাই থকাৰ পাছত
ইয়াৰ সোৱাদ বৰ তৃপ্তিদায়ক হয়৷

ওপৰত উল্লেখ কৰা বনৰীয়া ফলমূলবোৰ বিচাৰি শৈশৱৰ আগছোৱাত
পথাৰে
চাপৰিয়ে,
 বাঁহগড়গড়খাৱৈৰ কাষেকাষে, ঘৰৰ আৰু চুবুৰীয়াৰ বাৰীয়েবাৰীয়ে, কাষৰীয়া পাতল হাবিৰ মাজেমাজে টলৌটলৌকৈ
ঘূৰি ফুৰিছিলোঁ৷ এইদৰে মই নজনাকৈ সেই কোমল বয়সত প্ৰকৃতিৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি
উঠিছিল৷ কলেজ
বিশ্ববিদ্যালয়ত যেতিয়া ইংৰাজ প্ৰকৃতি কবি
ৱাৰ্ডজ্
ৱাৰ্থৰ (William W
ordsworth, 1770-1850) অন্যান্য কবিতাৰ লগতে The Prelude নামৰ তেওঁৰ আত্মকথামূলক কবিতাটো পঢ়িছিলোঁ, তেতিয়া মোৰ লৰালিৰ সেই দিনবোৰৰ কথা মনলৈ
আহিছিল৷ এই কবিতাটোক
 The Growth of a Poet’s Mind বুলিও কোৱা হয় এইবাবেই যে ইয়াত কবিয়ে শৈশৱৰে পৰা ডাঙৰ
হোৱালৈকে প্ৰকৃতি আৰু বিভিন্ন ঘটনা
পৰিঘটনাই তেওঁৰ কবি মনটো গঢ়ি তোলাত কিদৰে
প্ৰভাৱিত কৰিছিল সেই কথা সুললিত ভাষাৰে বৰ্ণনা কৰিছে৷ কবিতাটোৰ প্ৰথমছোৱাৰ
আৰম্ভণিতে কবিয়ে এইদৰে কৈছে
:

“Fair seed-time had my soul, and I grow up

                             Foster’s alike by beauty and fear…”

ইয়াত কবিয়ে ‘seed time’ মানে শৈশৱৰ আগছোৱাৰ সেই দিনবোৰ বুজাইছে, যেতিয়া ছয়সাত বছৰীয়া ভৱিষ্যতৰ বিখ্যাত কবিজনে ওপজা
ঠাইৰ কাষৰীয়া নৈ
,
 জানজুৰি আৰু পাহাৰৰ কাষে কাষে
মুকলি মনেৰে লৰি
ঢপলিয়াই ফুৰিছিল৷ সেই সময়ত একো বুজি নাপালেও
ডাঙৰ হৈ কবিয়ে উপলব্ধি কৰে কেনেকৈ সেইছোৱা সময়েই আছিল তেওঁৰ ব্যক্তিত্ব গঠনৰ ক
ঠীয়া সিঁচা সময়৷ সামান্য মানুহ হলেও মই এতিয়া উভতি
চাই অনুভৱ কৰোঁ যে প্ৰকৃতিৰ সান্নিধ্যই মোৰ জীৱনটো গঢ়
গতি লোৱাত
কিছু প্ৰভাৱ নেপেলোৱাকৈ থকা নাছিল৷ মাটিত ভৰি পেলাই নোপোৱা আজিকালিৰ নগৰীয়া ল
ৰাছোৱালীয়ে বুজি নাপাব যে কেনেকৈ প্ৰকৃতিৰ সতে সম্পৰ্ক নথকাৰ বাবে আমাৰ জীৱনলৈ নানা সংকট আহি আছে৷

মহন্তৰ চিন মাহনিত

সেই কালত আমাৰ গঞাসকলে ধান খেতি কৰাৰ উপৰি মাহ
আৰু সৰিয়হৰ খেতি কৰিছিল৷ মাহখেতি মানে মাটিমাহ আৰু মগুমাহৰ খেতি৷ দুই
এজনে ধানখেতিৰ সমানেই গুৰুত্ব
দি মাহখেতি কৰিছিল৷ তেতিয়া আমাৰ ঘৰৰ ওচৰত এখন কঠীয়াতলী আছিল
,
 ত ধানৰ কঠীয়া তোলাৰ পাছত মাটিৰ গৰাকীয়ে মাহ
খেতি কৰিছিল৷ মাটিডোখৰ আহল
বহল হোৱা বাবে সমানে দুভাগ কৰি
এফালে মাটিমাহ আৰু আনফালে মগুমাহৰ খেতি কৰা হৈছিল৷ উল্লেখযোগ্য যে গছত পূৰঠ হোৱাৰ
পাছত ছিৰিলা
ছিৰিলিকৈ থকা মাহবোৰৰ বাকলি গুচাই কেঁচাই খাই বৰ
তৃপ্তি পোৱা গৈছিল৷ সৰু ল
ৰাছোৱালীৰ
কথা বাদেই
,
 মাহনিৰ মাজেদি পাৰ হৈ গলে ডাঙৰ মানুহেও দুইছি‍ৰা মাহ ছি‍ঙি চোবোৱাৰ লোভ
সামৰিব পৰা নাছিল৷ আমি সুযোগ বুজি চোৰৰ দৰে মাহনিত সোমাই কেঁচা মাহ
ছি‍ঙি খাইছিলোঁ এদিনৰ কথা৷ মোৰ লগৰীয়া আন এটাৰ লগত এইদৰে মাহ খাই থাকোঁতে কোন
টলকত জানো মাহনিৰ মালিক আমাৰ ওচৰত হাজিৰ৷ মই একো উপায় নেদেখি তলমূৰ কৰিলোঁ৷ তেতিয়া
মই সম্ভৱ ২য়
৩য় শ্ৰেণীৰ ছাত্ৰ আছিলোঁ মানুহজনলৈ ভয় কৰাতকৈ
বৌৰ কথা ভাবিহে মই ভয় খাইছিলোঁ৷ বৌক লগাই দিলে মাহচোৰ বুলি তেওঁৰ ল
ৰাক কি শাস্তি দিয়ে ঠিক নাই৷ মানুহজনে মাহনিখনৰ ওপৰেদি চাৰিওফালে ভালকৈ
চকু ফুৰাই মোক এইদৰে কোৱা মনত আছে
— “
 তুমিও! এনেয়ে মানুহে কয়নে বোলে
মহন্তৰ চিন মাহনিত
! বাৰু যোৱা৷ আকৌ এনে কাম নকৰিবা৷ মই একো বুজি পোৱা নাছিলোঁ, তেওঁ কিয় কলে বাৰু মহন্তৰ চিন মাহনিত বুলি? আমি মাহ ছি‍ঙি খাইছিলোঁ  যদিও এজোপা মাহগছো নষ্ট কৰা
নাছিলোঁ
; কাষৰীয়াকৈ থকা গছবোৰৰ পৰা আলফুলে এছিৰাদুছিৰাকৈ ছিঙি খাইছিলোঁ৷ সেয়ে
তেওঁ এইদৰে ক
লে নেকি বাৰু!
 হাইস্কুলত যেতিয়া এই আপ্তবাক্যষাৰৰ
প্ৰকৃত অৰ্থ বুজি পালোঁ
,
 তেতিয়া এই কথাৰ উপলব্ধি কৰিলোঁ যে সেই মাহনিৰ গৰাকীজনেও
কথাষাৰৰ আচল মানে নজনাকৈয়ে এইদৰে কৈছিল৷

আমাৰ পঁজাত ৰাজকুমাৰ

এইদৰে মাছ মাৰি, লেছেৰি বুটলি, লগৰীয়াৰ সতে খেলধেমালি কৰি, বিভিন্ন বনৰীয়া ফলমূল বিচাৰি পিতপিতাই ফুৰি মোৰ লৰালিৰ সেই সময়ছোৱা পাৰ হৈ গৈছিল৷ পাছত কিছু ডাঙৰ হৈ উপলব্ধি
কৰিছিলোঁ এইবোৰৰ ভৰত মোৰ প
ঢ়াটো তেনেই মুজুৰা পৰিছিল৷
স্কুললৈ অহা
যোৱাতে যেন সকলো শেষ৷ নগৰৰ লৰাছোৱালীৰ কথা নকওঁ,
 গাৱঁৰ লৰাছোৱালীৰ বেলিকা
সেইকালত স্কুলত নাম লগাই দিয়াতে পিতৃ
মাতৃ বা অভিভাৱকসকলে
তেওঁলোকৰ দায়িত্ব শেষ বুলি ভাবিছিল৷ মোৰ ক্ষেত্ৰত অৱশ্যে কথাটো সুকীয়া আছিল৷
দেউতাৰ অকাল মৃত্যুৰ পাছত আমাৰ ঘৰখনৰ নাজল
নাথল অৱস্থা হোৱাৰ
কথা ইতিমধ্যে একাধিকবাৰ কৈ অহা হৈছে৷ ডাঙৰ দাদাই আদবাটতে পঢ়া
শুনা এৰি সংসাৰৰ বোজা বব লগা হল৷ মাজু দাদা সেই সময়ত ক্লাছ নাইন নে টেনত
 মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়৷
বৌৰ আনুষ্ঠানিক বা স্কুলীয়া শিক্ষা শূন্য বুলি ইতিমধ্যে কৈ আহিছোঁ৷ অনেক ঘৰুৱা
জঞ্জালৰ মাজত ভাতকেইটা ৰান্ধি ল
ৰাক স্কুললৈ পঠিয়াব পৰাটোৱেই আছিল বৌৰ বাবে ডাঙৰ কথা৷ কেৱল
বাইদেৱেই আছিল একমাত্ৰ মানুহ
,
 যি ভায়েক দুটা ঠিক মতে স্কুললৈ গৈছে নে নাই সেই
কথাৰ প্ৰতি নজৰ ৰাখিছিল৷ সেই কালত সাধাৰণতে ছোৱালীৰ পঢ়াৰ ওপৰত গুৰুত্ব দিয়া হোৱা
নাছিল৷ সত্ৰীয়া গো
সাঁমহন্তৰ ছোৱালীৰ বেলিকাতো কথাই নাই৷ বিবাহযোগ্য বয়স
লে সুপাত্ৰৰ হাতত গটাব পৰাটোৱেই পিতৃমাতৃ বা অভিভাৱকৰ প্ৰধান লক্ষ্য৷ বাইদেউ আৰু ভনীজনীয়ে স্কুলৰ কোন শ্ৰেণীলৈ
পঢ়িলে মনত নাই
,
 কিন্তু এইটো কথা স্পষ্ট মনত
আছে যে ল
ৰাৰ পঢ়াৰ
ওপৰত গুৰুত্ব দিব লাগে বুলি বাইদেৱে বুজিছিল৷ ইতিমধ্যে মই অলপ ডাঙৰ হোৱা বাবে বা
মোৰ সৈতে বয়সৰ
পাৰ্থক্য কম হোৱা বাবে বাইদেৱে মোৰ ওপৰত
অভিভাৱকত্ব খটোৱা নাছিল
,
 কিন্তু সৰু ভাইটোৱে স্কুললৈ নাযাওঁ নথওঁ কৰিলে তেওঁ তাক
হাতত ধৰি নি স্কুলত থৈ অহাৰ কথা মোৰ এতিয়াও মনত আছে৷

ডাঙৰ দাদাই কেনেকৈ ভৰ যৌৱনৰ উচ্ছাস আৰু
দুঃসাহসিকতাৰে নেফা
(বৰ্তমান অৰুণাচল)-ৰ টিৰাপবাসী,
আমাৰ সত্ৰৰ নক্তে শিষ্যসকলৰ মাজত সোমাইছিলগৈ সেই কথা আগতে উল্লেখ কৰা হৈছে৷ চলিহা
বাৰেঘৰ সত্ৰৰ যোগেদি সংঘটিত হোৱা ঐতিহাসিক পাহাৰ
ভৈয়ামৰ মাজৰ
এই ধৰ্মীয় আৰু সাংস্কৃতিক সম্পৰ্কৰ কাহিনী
পাছলৈ থৈ এতিয়া
উনুকিয়াব খুজিছোঁ অন্য এক অভিজ্ঞতাৰ কথা৷ দাদা নক্তে
গাঁওসমূহৰ
বহাত কিছু দিন থাকি ঘৰলৈ উভতি আহোঁতে তেওঁ লগত লৈ অনিছিল এজন নক্তে জনগোষ্ঠীয় ল
ৰা৷ ৱাংলিয়াম নামৰ এই লৰাটোৰ সম্পূৰ্ণ নাম আছিল
ৱাংলিয়াম ৰাজকুমাৰ৷
পাছত জানিব পাৰিছিলোঁ,
 সি নক্তে ৰাজবংশৰ লৰা হোৱাৰ বাবে এই উপাধি৷ এনে
তৎসম শব্দ কেনেকৈ পাহাৰীয়া জনগোষ্ঠীয় সমাজত সোমাল
,
 সেইটো গৱেষণাৰ বিষয়৷ এই ৱাংলিয়াম ৰাজকুমাৰ আমাৰ
ঘৰৰ সদস্যৰূপে পঢ়া
শুনা কৰি কেইবাবছৰো আছিল৷

(আগলৈ)