উলাহেৰে উভতি চাওঁ – ২২

 ড পোনা
মহন্ত

 

১৯৬১ চন৷ মাহটো পাহৰিছোঁ৷
মেট্ৰিকৰ ৰিজাল্ট ওলাল৷ আশা কৰা মতেই প্ৰথম বিভাগ পালোঁ৷ অৱশ্যে বন্ধু-বান্ধৱ, সহপাঠী
আৰু আত্মীয়সকলে ভবামতে ফলাফল নহ’ল৷ যি হওক, সেই কালত – অৰ্থাৎ আজিৰ পৰা ছটা দশকৰ আগত
– প্ৰথম বিভাগত পাছ কৰাটো লেখৰ কথাই আছিল৷ লেটাৰ নম্বৰ বা শতকৰা ৮০ পোৱাটো সহজ কথা
নাছিল৷ অৱশ্যে অংক, সংস্কৃত আৰু সাধাৰণ বিজ্ঞানৰ দৰে বিষয়ৰ কথা বেলেগ৷ যথেষ্ট ওপৰৰ
বিভাগ পোৱা ছাত্ৰ-ছাত্ৰীয়েও লেটাৰ মাৰ্ক্‌ছ্‌ লাভ কৰিব পৰা নাছিল৷ ইংৰাজীত লেটাৰ পোৱাটো
এক প্ৰকাৰৰ দুৰূহ বুলিয়ে ক’ব লাগিব৷ সেই দিনত মেট্ৰিকত ইংৰাজী বিষয়ত তিনিশ নম্বৰৰ তিনিখন
পেইপাৰ আছিল, ঠিক স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ লেখীয়াকৈ: Prose, Poetry আৰু Grammer
and Composition. মই থাৰ্ড পেইপাৰত ৮০% ৰ ওপৰ পাইছিলোঁ, কিন্তু বাকী দুখনত সেইমতে নোপোৱাৰ
বাবে সামগ্ৰিকভাৱে লেটাৰ মাৰ্ক্‌ছ্‌ নহ’লগৈ৷

সেই সময়ত আমাৰ ঘৰৰ
আৰ্থিক অৱস্থাৰ কথা প্ৰসংগক্ৰমে অনেকবাৰ উল্লেখ কৰি আহিছোঁ৷ মেট্ৰিকৰ ফলাফল ওলোৱাৰ
সময়লৈ পূৰ্বৰ অৱস্থা কিছু উন্নত হৈছিল যদিও ভালকৈ ঠন্‌ ধৰি উঠা নাছিল৷ এতিয়া আমাৰ ঘৰখনৰ
সন্মুখত প্ৰশ্ন হ’ল: মই কোন কলেজত পঢ়িম? তেতিয়া আমাৰ একেবাৰে ওচৰৰ কলেজখন আছিল জয়সাগৰস্থিত
শিৱসাগৰ মহাবিদ্যালয় আৰু তাৰ পৰা কিছু দূৰত্বত যোৰহাটৰ জে.বি. কলেজ৷ শৰৎ দাদাৰ কেইবাজনো
সহকৰ্মী আৰু মোৰ শিক্ষাগুৰুৱে মোক কটন কলেজলৈ পঠোৱাৰ পৰামৰ্শ দিয়া বুলি গম পাইছিলোঁ৷
দাদ দুজনৰো সেইটোৱেই ইচ্ছা৷ মোৰো পূৰ্বৰে পৰা এনে ইচ্ছা আছিল যদিও সময় আহি পোৱাত ঘৰখনৰ
কথা ভাবি কিছু চিন্তিত হ’লোঁ৷ শৰৎ দাদা কলেজৰ শিক্ষক আছিল যদিও সেইকালত কলেজৰ অধ্যাপকৰ
দৰমহা আজিকালিৰ তুলনাত বৰ কম আছিল৷ ডাঙৰ দাদাৰ আয়ো সিমান নিয়মীয়া নাছিল৷ তদুপৰি ঘৰত
বৌ(মা) আৰু দুই দাদাৰ উপৰি বাইদেউ, ভণ্টী আৰু এটা ভাই৷ মই গুৱাহাটীৰ কলেজত পঢ়িবলৈ গ’লে
মোৰ বাবেই দেখোন ভালেমান টকা খৰছ কৰিব লাগিব – এনে এটা ভাবে মনত আমনি দি আছিল৷ শেষত
দাদাহঁতৰ সাহসত কটন কলেজত পঢ়াৰে সিদ্ধান্ত লোৱা হ’ল৷ মই মনে মনে ক্ষীণ আশা এটা কৰিছিলোঁ
– কিবা এটা চৰকাৰী বৃত্তি হয়তো পাবও পাৰোঁ৷

গুৱাহাটীলৈ যোৱাৰ
প্ৰস্তুতি চলোৱা হ’ল৷ কলেজৰ হোষ্টেলত থাকিবলৈ হ’লে বহুত বস্তুৰ প্ৰয়োজন – হ’ল্ড-অল(Hold-all),
টিনৰ ট্ৰাংক, বেগ, লেপ, তুলি, গাৰু, বিচনা চাদৰ আৰু কত কি! তদুপৰি গিলাছ, চামুচ আৰু
এখন ভাতখোৱা কাঁহী৷ পিছৰ বস্তুপদৰ যে প্ৰয়োজন নাছিল, সেই কথা হোষ্টেলত সোমোৱাৰ পাছতহে
জানিব পাৰিছিলোঁ৷ যি হওক, প্ৰথমতে উল্লেখ কৰা বস্তুখিনি নাজিৰাৰ বজাৰতে পোৱা গ’ল৷ তেতিয়ালৈকে
হ’ল্ড-অল কি জনাই নাছিলোঁ, ব্যৱহাৰ কৰাটো বাদেই৷ এইবিধ বেগত বস্তুবোৰ সুমুওৱা আৰু বন্ধাৰো
কেতবোৰ নিয়ম বা কৌশল আছে, যেনে –তুলিখন ভাঁজ দি দীঘলে দীঘলে পাৰি গাৰুটো কোনফালে ৰাখিব
লাগে, লেপখন কেই মোকোট কৰিলে সুবিধা হ’ব, ইত্যাদি৷ এইবোৰ কিটিপ নেজানিলে দুটামান বস্তু
ভৰোৱাৰ পিছতে হ’ল্ড-অলটো ওফন্দি উঠিব৷ প্ৰথম হ’ল্ড-অল বন্ধাত মোক সহায় কৰোঁতাজন আছিল
মাজুদাদা৷ তেওঁ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকি অহা বাবে এইবোৰ কিটিপ
জানিছিল৷ আজিকালি ল’ৰা-ছোৱালীয়ে এনে হ’ল্ড-অল ব্যৱহাৰ নকৰে বুলি শুনিছোঁ৷ বজাৰত ডাঙৰ
ডাঙৰ বেগ কিনিবলৈ পোৱা যায়, য’ত প্ৰয়োজনীয় বস্তুবোৰ ভৰাই জিপ্‌ বা চেইনডাল বন্ধ কৰি
দিলেই হ’ল৷

অগতে কৈ আহিছোঁ যে
সেই কালত নাজিৰা হাইস্কুলৰ উজনি অসমৰ ভিতৰতে নাম আছিল৷ প্ৰতিবছৰে মেট্ৰিকত কেইবাজনেও
প্ৰথম বিভাগত পাছ কৰাৰ উপৰি মাজে মাজে দুজন-এজনে ‘ষ্টেণ্ড’ও কৰিছিল, অৰ্থাৎ বিশ্ববিদ্যালয়ৰ
প্ৰথম দহোটাৰ ভিতৰত স্থান লাভ কৰিছিল৷ আমাৰ বছৰতো দহজনে প্ৰথম বিভাগ পাইছিল৷ এওঁলোকৰ
ভিতৰৰে নাজিৰা নগৰৰ আৰু কাষৰীয়া গাঁৱৰ আমি কেইজনমানে কটন কলেজত পঢ়াৰ লক্ষ্যৰে গুৱাহাটীলৈ
যোৱাৰ সিদ্ধান্ত ল’লোঁ৷

কটনমুখী যাত্ৰা

সেই দিনত ট্ৰেইন
যাত্ৰাৰ বাবে আগতীয়া টিকট কিনাৰ নিয়ম আছিলনে নাই নাজানো৷ আমি কিন্তু তেনে একো কৰা নাছিলোঁ৷
যিমান দূৰ মনত পৰে মোৰ লগৰীয়া কেইজন আছিল নাজিৰাৰ সুশীল আৰু দীন আৰু আমাৰ ঘৰৰ পৰা সামান্য
দূৰৰ মেজেংগাৰ ওচৰৰ যজ্ঞেশ্বৰ৷ গুৱাহাটীমুখী ৰেলত উঠিবলৈ আমি নিজৰ নিজৰ ভাগে গৈ শিমলুগুৰি
জংশ্বনৰ প্লেটফৰ্মত গোট খালোঁগৈ৷ টিকটকেইটা ল’লোঁ৷ তেতিয়াৰ দিনত কাউণ্টাৰৰ ভিতৰফালে
থকা ব্যক্তিজনে এটা বিশেষ যন্ত্ৰত খট্‌খট্‌কৈ মাৰি টিকটটো উলিয়ায়৷ পাতল হালধীয়া ৰঙৰ
ডাঠ কাগজৰ আয়তাকাৰ টিকট ঠিক আজিকালি জেপত লৈ ফুৰা সৰু আইডেন্‌টিটি কাৰ্ডৰ লেখীয়া৷ আবেলি
এটা সময়ত ট্ৰেইন আহি ষ্টেইশ্বনত ৰ’লহি৷ আমি কেউটাই জপিয়াই উঠিলোঁ৷ ইতিমধ্যে যাত্ৰী
আৰু বস্তু-বেহানিৰে কোঠাটো প্ৰায় ভৰি আহিছিল৷ তেতিয়াৰ দিনৰ মিটাৰ গেইজ ট্ৰেইন, ঠাই
কম৷ ইতিমধ্যে ট্ৰেইনখনে দীঘলীয়াকৈ কেইটামান উকি মাৰি ষ্টেইশ্বন এৰিলে৷ আমি কেইটাইও
বস্তুবোৰ যিমান পৰা যায় ঠিক-ঠাক কৰি থৈ যেনে-তেনে ঠাই উলিয়াই কাঠৰ বেঞ্চত বহিলোঁ৷ সেইটো
শ্লিপাৰ কম্পাৰ্টমেণ্ট নহয়; অৰ্থাৎ তাত যাত্ৰী শুব পৰা কোনো ব্যৱস্থা নাছিল৷ তাৰ মানে
বহি বহিয়ে ৪০০-৪৫০ কিলোমিটাৰ দূৰত থকা গুৱাহাটী পাবগৈ লাগিব৷ অৱশ্যে এই কথা লৈ আমি
১৫-১৬ বছৰীয়া চেঙেলীয়া কেইটাই সামান্য চিন্তাও কৰা নাছিলোঁ৷ খিৰিকিৰে বাহৈৰখন চাই চাই
গৈ থাকিম, কথা পাতিম, গান গাম৷ কিমান যে ভাল লাগিব! আমাৰ ট্ৰেইনখন যিহেতু দূৰণীবটীয়া
আছিল, সেয়ে সৰু সৰু ষ্টেইশ্বনবোৰত ৰখোৱা নাছিল৷ মৰিয়নি, ফৰকাটিং আদি কেইঠাইমানত ৰৈ
ৰৈ কেতিয়ানো লামডিং পালেগৈ ধৰিবই পৰা নাছিলোঁ৷ ইতিমধ্যে সৰহভাগ যাত্ৰী বহি বহিয়ে টোপনিয়াই
আছিল৷ ‘লামডিং, লামডিং’ বুলি মানুহে চিঞৰ-বাখৰ কৰা শুনিলোঁ আৰু বাহিৰলৈ চাই প্লেটফৰ্মৰ
লাইটৰ পোহৰত হালধীয়া ৰঙৰ লামডিঙৰ প্ৰকাণ্ড নামফলক দেখিলোঁ৷ লামডিঙতে ভাত-ৰুটি কোনে
কি খা্য় ৰাতিৰ সাজ খাব লাগিব৷ আমাৰ ডবাৰপৰা কোনো কোনো যাত্ৰী নামি গ’ল৷ নোযোৱাবিলাকে
নিশ্চয় ঘৰৰ পৰা লৈ যোৱা বা লগত যোৱা আত্মীয়ই প্লেটফৰ্মৰ দোকানৰ পৰা কিনি অনা খাদ্য
ডবাৰ ভিতৰতে খাব৷ আমাৰ ভাগ্য ভাল আছিল – আমি উঠি যোৱা ডবাটো সেই সময়ৰ লামডিং ষ্টেইশ্বনত
থকা প্ৰধান ৰেষ্টোঁৰাখনৰ প্ৰায় সমুখতে ৰৈছিলহি৷ ইতিমধ্যে আমাৰ কেউটাৰে পেট ভোকত কলমলাইছিল৷
ওচৰতে বহি থকা বয়সিয়াল যাত্ৰীজনক “আমাৰ বস্তুবোৰ চাবচোন দেই, খুৰা” বুলি কৈ কেউটাই
একপ্ৰকাৰ দৌৰি গৈ ৰেষ্টোঁৰাত সোমালোঁগৈ৷ তেনেকৈ ট্ৰেইনৰ কোঠাত কোনো ৰখীয়া নোহোৱাকৈ
বস্তু-বেহানি এৰি থৈ যোৱাটো আজিকালি ভাবিব নোৱৰা কথা৷ ৰেষ্টোঁৰাত গ্ৰাহকৰ ভিৰ হোৱা
বাবে আমি আগতীয়াকৈ মূল্য দি অৰ্ডাৰ দিয়া খাদ্য পোৱা কিছু পলম হৈছিল যদিও আমি সিমান
চিন্তা কৰা নাছিলোঁ৷ শুনিছিলোঁ লামডিঙত ট্ৰেইনৰ কিবা ‘শ্বাণ্টিং’(Shunting) আছে, ইঞ্জিনত
পানী ভৰাব, ইত্যাদি৷ গতিকে কমেও ৪৫ মিনিট –এঘণ্টামান সময় লাগিব৷ পিছে কি হ’ব! আধামান
খাইছিলোঁহে, এনেতে আমাৰ ট্ৰেইনখনে দুটামান ডাঙৰকৈ উকি মৰা শুনিলোঁ৷ ৰে’লখন এৰিবই বুলি
ভাবি আতংকিত হৈ খোৱা আধাতে এৰি থৈ দৌৰি দৌৰি গৈ ঠিক চলো চলো হৈ থকা ৰেলৰ আমাৰ নিৰ্দিষ্ট
কোঠাত উঠোলোঁগৈ৷ লগে লগে ট্ৰেইন চলিল৷ কিছু সময় গৈ থকাৰ পাছত দেখিলোঁ এইখন দেখোন আগৰ
ঠাইত ৰ’লহি, আমাৰ ডবাটোও পূৰ্বৰ দৰে ৰেষ্টোঁৰাখনৰ প্ৰায় মুখেমুখেই৷ তেতিয়াহে বুজিলোঁ
ট্ৰেইনখনে ‘শ্বাণ্টিং’ কৰিছিল; গুৱাহাটীফালৰ এখন এক্সপ্ৰেছ ট্ৰেইন পাৰ হৈ যাবৰ বাবে
আমাৰখনে বাট এৰি দি আন এটা লাইনলৈ গৈ পুনৰ আগৰ প্লেটফৰ্মত ৰৈছিলহি৷ নিজে নিজেই লজ্জিত
অনুভৱ কৰাৰ লগতে আধা খোৱাকৈ এৰি থৈ অহা ভাত, মাছ আৰু আলু ভজাৰ প্লেটখনৰ কথা মনত পৰি
মনটো কেনেবা লাগিছিল৷ লামডিং এৰাৰ পাছত গভীৰ ৰাতি; ৰেল পথৰ দুয়ো কাষেদি ঘোপমৰা আন্ধাৰৰ
ওলোটা দৌৰ৷ সেইকালত আজিৰ দৰে বিজুলী বাতিৰ বাহাৰ নাছিল৷ ইতিমধ্যে আমাৰ সহযাত্ৰীসকলে
যেয়ে যেনেকৈ পাৰে শুই পৰিছিল৷ কোনো কোনোৱে দুখন বেঞ্চৰ মাজৰ ফ্ল’ৰত বা টয়লেটৰ সন্মুখত
থকা খালী ঠাইডোখৰতো কাপোৰ-কম্বল পাৰি মহা আৰামেৰে দীঘল দি নাকেৰে ঘোৰঘোৰাবলৈ ধৰিছিল৷
আমিও বহি বহিয়ে ইটোৱে-সিটোৰ গাত আঁউজি টোপনিয়াই টোপনিয়াই ৰাতিপুৱা কেনেকৈ গুৱাহাটী
ষ্টেইশ্বনৰ প্লেটফৰ্ম পালোঁগৈ গমেই নাপালোঁ৷

কটনৰ ছেকেণ্ড মেছত
সোমালোঁগৈ

তেতিয়াৰ দিনত (১৯৬১
চন) গুৱাহাটীখন আজিৰ তুলনাত এখন সাধাৰণ চহৰ আছিল বুলিয়ে ক’ব পাৰি৷ আমি টালি-টোপোলাৰ
সৈতে ষ্টেইশ্বনৰ বাহিৰলৈ আহি একোখনকৈ ৰিক্সা ল’লোঁ৷ গন্তব্যস্থান কটন কলেজৰ ছেকেণ্ড
মেছ৷ এইখিনিতে এটা কথা ক’ব লাগিব৷ সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষা
ইতিমধ্যে শেষ হোৱাত সেইসকল আবাসী হোষ্টেল খালী কৰি ঘৰাঘৰি গৈছিল৷ কটনৰ আন আন হোষ্টেলৰ
লগতে ছেকেণ্ড মেছৰো একাংশ খালী হ’ব বুলি আমাৰ অভিভাৱক আৰু শুভাকাংক্ষীসকলে নিশ্চিত
কৰিছিল৷ বৰ্তমান ‘শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস’ নামে জনাজাত সেই সময়ৰ ছেকেণ্ড
মেছ বা দ্বিতীয় ছাত্ৰাবাসত সাধাৰণতে উজনি অসমৰ ছাত্ৰই স্থান পাইছিল৷ সেয়ে আমি ৱাৰ্ডেনৰ
অনুমতি লৈ অস্থায়ীভাৱে তাতে থিতি লোৱাৰ আশা কৰি আহিছিলোঁ৷ যিহেতু আমি কেইটাই ভাল নম্বৰ
পাই প্ৰথম বিভাগত পাছ কৰি আহিছিলোঁ, সেয়ে এই সুবিধা পাম বুলি একপ্ৰকাৰ নিশ্চিত আছিলোঁ৷
তদুপৰি অস্থায়ীভাৱে দিনচেৰেক থাকিলে স্থায়ীকৈ ‘ছীট’ পোৱাৰো আশা পুহিছিলোঁ৷ হোষ্টেলৰ
তেতিয়াৰ অধীক্ষক (চুপাৰইনটেণ্ডেণ্ট, সকলোৱে চুপাৰ ছাৰ বুলিছিল) ড কালীনাথ
শৰ্মা ছাৰে আমাৰ একপ্ৰকাৰ ইণ্টাৰভিউ লৈ মেট্ৰিকৰ ৰিজাল্ট আৰু নম্বৰৰ বিষয়ে নিশ্চিত
হৈহে আৰু সম্পূৰ্ণ অস্থায়ীভাৱে সেই হোষ্টেলত থাকিবলৈ অনুমতি দিছিল৷ যথা সময়ত প্ৰাক্‌-বিশ্ববিদ্যালয়
শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদনকাৰী ছাত্ৰসকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ল৷ সাক্ষাৎকাৰ মানে
মেট্ৰিকৰ ফলাফলৰ প্ৰমাণ পত্ৰ আৰু মূল মাৰ্কশ্বিট পৰীক্ষা কৰি দুই-এটা কথা সোধা৷ মই
বিচৰামতে দুয়োটা পালোঁ – প্ৰাক্‌বিশ্ববিদ্যালয় বিজ্ঞান শাখা আৰু ছেকেণ্ড মেছৰ ছীট দুয়োটাৰে
বাবে নিৰ্বাচিত হ’লোঁ৷

বিজ্ঞান নে কলা:
দুমোজাত মই

কেৱল আমাৰ দিনতে
নহয়, ইয়াৰ অনেক বছৰৰ আগতো বি.এ.তকৈ বি.এছ্‌ছি. ডিগ্ৰীটোৰ প্ৰতি পিতৃ-মাতৃ, অভিভাৱক
বা সৰহভাগ ছাত্ৰৰে ধাউতি বেছি আছিল৷ ইয়াৰ মূল কাৰণ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বুলি নিশ্চয়
ক’ব নোৱাৰি৷ চৰকাৰী চাকৰিৰ কথা মনত ৰাখি বা পিছত ডাক্তৰ-ইঞ্জিনীয়াৰ হোৱাৰ আশাতে সৰহভাগ
মানুহে এনে কৰিছিল৷ এই মুহূৰ্তত মনলৈ আহিছে মই জনা একাধিক ব্যক্তিৰ কথা যি পোনতে কলেজত
বিজ্ঞান পঢ়ি পৰৱৰ্তী কালত Artist বা Humanities ৰ ক্ষেত্ৰখনতহে নিজত ভিন্ন কৰ্মৰদ্বাৰা
যশস্যা লভিবলৈ সক্ষম হৈছিল৷ আমাৰ বেলিকাও নাজিৰা হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা
পাছ কৰা প্ৰায় আটাইকেইজনেই বিজ্ঞান শাখাত পঢ়াৰ সিদ্ধান্ত লৈছিল৷ মোৰ লগত অহা কেইজনৰ
কথা ক’বই নেলাগে৷ কটনত পঢ়িবলৈ হোৱাৰ প্ৰধান লক্ষ্যই আছিল ছায়েন্স পঢ়া৷ মই জনাত ভাল
নম্বৰ লৈ প্ৰথম বিভাগত পাছ কৰি কলা শাখাত পঢ়া এজন আছিল দীননাথ বৰ্মন (বৰ্তমান প্ৰয়াত)৷
দীনৰ কথা আগৰ এটা লেখাত উল্লেখ কৰা হৈছে৷ এতিয়া মই নিজক লৈয়ে সমস্যাত পৰিলোঁ৷ কি পঢ়িম?
কলা নে বিজ্ঞান? ব্যক্তিগতভাৱে মোৰ প্ৰথমটোৰ প্ৰতি দুৰ্বলতা আছিল৷ এই বিষয়ত মোক উপদেশ
দিব পৰা ঘৰৰ মানুহ আছিল এক মাত্ৰ মাজুদাদা শৰৎ মহন্ত৷ তেওঁ কি পৰামৰ্শ দিছিল মনত নাই৷
বোধকৰোঁ মই যি বিষয় ভালপাওঁ বা যি বিষয়ত মোৰ ৰাপ আছে, সেই বিষয় লোৱাৰ কথাহে তেওঁ কৈছিল৷
পিছে কি হ’ব, দুই-এক শুভাকাংক্ষীৰ কথা শুনি, বিশেষকৈ লগৰ সহপাঠী কেইজনৰ  উৎসাহজনক কথাক ভোল গৈ, মোৰ মনৰ দোমোজাৰ মাজতে যি
হয় হ’ব বুলি Science ৰ বাবেই এড্‌মিশ্বন ফৰ্মখন পূৰাই চাব্‌মিট কৰিলোঁ আৰু সেইমতে নিৰ্বাচিত
হ’লোঁ৷

কলা শাখালৈ গমন

লগৰীয়া কেইজনৰ লেখীয়াকৈ
ময়ো তিনিটা প্ৰধান বিষয় হিচাপে Physics, Chemestry আৰু Mathmatics লৈছিলোঁ; ফৰ্থ চাবজেক্ট
হিচাপে লৈছিলোঁ৷ Anthropology. উল্লিখিত প্ৰধান বিষয় তিনিটাক একেলগে সকলোৱে Royal
combination বুলিছিল৷ আগতে কৈ আহিছোঁ যে অংকত মই ভাল ছাত্ৰ নাছিলোঁ৷ বিজ্ঞানৰ কথাবোৰ
জানিবলৈ সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথিখন মন দি পঢ়িছিলোঁ যদিও ইংৰাজী আৰু কলা বিষয়ৰ প্ৰতি
মোৰ দুৰ্বলতা আছিল৷ কলেজৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি মনলৈ ভাব আহিল ভুলেই কৰিলোঁ
নেকি! অংক, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান কোনো এটা বিষয়তে মন নবহা হ’ল৷ ক্লাছত অন্যমনস্ক
হৈ থকা বাবে অধ্যাপকৰ গালিও খাইছিলোঁ৷ এইদৰে দুমাহমান গ’লেই৷ এদিন কাঢ়া সিদ্ধান্ত ল’লোঁ,
আৰ্টছ্‌লৈ ট্ৰেন্স্‌ফাৰ ল’বই লাগিব৷ কিন্তু প্ৰশ্ন হ’ল, ইমান দিনৰ পিছত বিজ্ঞানৰ পৰা
কলা শাখালৈ যোৱাৰ অনুমতি পাম জানো? সেই সময়ত কলেজৰ এনে ধৰণৰ বিদ্যায়তনিক বিষয়ৰ দায়িত্বত
আছিল অধ্যাপক মহেশ ভূঞা ছাৰ৷ ভূঞা ছাৰৰ বিষয়ে নজনা মানুহ আমাৰ শিক্ষিত সমাজত কমেই ওলাব৷
তেখেতৰ স্মৃতিশক্তি ইমান প্ৰখৰ আছিল যে সকলোৱে তেখেতক ‘ইন্‌চাইক্ল’পীডিয়া’ বুলিছিল৷
ছাৰে তেখেতৰ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীকে নামেৰে সৈতে চিনি পাইছিল৷ মোৰ পৰিবাৰ আৰতিও পিছলৈ
ছাৰৰ ছাত্ৰী হৈছিল৷ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাকোঁতে ভূঞা ছাৰ বিশ্ববিদ্যালয়ৰ ক’ট
নে কাৰ্যবাহী পৰিষদৰ মাননীয় সদস্য আছিল৷ সেই আপাহতে তেখেতে আমাৰ খা-খবৰ লোৱাৰ উপৰি
একাধিকবাৰ আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ আৱাসলৈ আহিছিল৷ মহেশ ভূঞা ছাৰৰ বিষয়ে ক’বলৈ হ’লে
সহজে কথাৰ অন্ত নপৰিব৷ সুস্বাস্থ্যৰ অধিকাৰী ছাৰ দীৰ্ঘায়ু লাভ কৰি কেইবছৰমানৰ আগতে
ইহ সংসাৰ ত্যাগ কৰিছে৷

 

পুনৰ মূল কথালৈ আহোঁ৷
ভয়ে ভয়ে ভূঞা ছাৰক কৰিবলৈ যাওঁতে প্ৰথমতে ছাৰেই সুধিলে: ‘কোৱাচোন কি কথা? তোমাৰ নামটো
কি মহন্ত আছিল৷’ মই একপ্ৰকাৰ আচৰিত হৈ নামটো ক’লো আৰু মোৰ উদ্দেশ্যৰ কথা জনাই লগত লৈ
যোৱা আৱেদন পত্ৰখন আগবঢ়াই দিলোঁ৷ ‘দুই-তিনিমাহ গ’ল৷ এতিয়া পাৰিবা জানো?’ বুলি ছাৰে
সন্দেহৰ চকুৰে মোৰ মুখলৈ চালে৷ তেখেতে হয়তো মোৰ আগ্ৰহ আৰু আকূতিৰ কথা উপলব্ধি কৰিয়ে
আৱেদনখনৰ একাষে ‘এলাউড্‌’ (allowed) বুলি লিখি দিলে৷ মোৰ হাততে সৰগ ঢুকি পোৱা যেন লাগিল৷
ছাৰক ধন্যবাদসূচক প্ৰণাম জনাই ওলাই আহিলোঁ৷

এইবাৰ মই কটন কলেজৰ
কলা শাখাৰ ছাত্ৰ হ’লোঁ৷ বিষয় ল’লোঁ Economics, History আৰু Political Science. ছাত্ৰ-ছাত্ৰীসকলৰ
বাবে আছিল এইটো আৰ্টছৰ Royal Combination! চতুৰ্থ বিকল্প বিষয় হিচাপে পোনতে সংস্কৃত
লৈছিলোঁ৷ তেতিয়াৰ দিনতো খুউব কম ল’ৰাইহে এই বিষয়টো লৈছিল৷ সেয়ে মই সংস্কৃতৰ পাঠ্যপুথি
কিনোতে তেতিয়াৰ লয়াৰ্ছ বুকষ্টলৰ স্বত্বাধিকাৰ দত্তবৰুৱাদেৱে মৰমতে বিনামূলীয়াকৈ কিতাপ
দিছিল৷ কিন্তু কিয় জানো কেইদিনমানৰ পাছতে মোৰ মন সলনি হ’ল৷ সংস্কৃতক বিদায় দি ল’জিক
(Logic) ল’লোঁ৷ অসমীয়া ভাষাৰ সাধাৰণ লেখক হিচাপে সংস্কৃত নপঢ়াৰ বাবে মই এতিয়াও অনুতপ্ত
হওঁ৷

পিছৰ জীৱনলৈ এটা
ভাল শিক্ষা হ’ল৷ মানুহে কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লওঁতে ভাবি-চিন্তি সকলো
দিশ চাইহে ল’ব লাগে৷ পঢ়াৰ বেলিকাও এই কথা প্ৰযোজ্য৷ সন্তান বুজন হোৱাৰ পিছত অভিভাৱক
বা পিতৃ-মাতৃয়ে তেওঁলোকৰ মত বা সিদ্ধান্ত পুত্ৰ-কন্যাৰ ওপৰত জাপি দিব নালাগে৷ মোৰ ক্ষেত্ৰত
অৱশ্যে কথাটো সুকীয়া ৷ সিদ্ধান্ত আছিল মোৰ নিজৰ৷ নিজৰ বিৰুদ্ধেই এই সিদ্ধান্ত লোৱা
হৈছিল৷

শ্ৰদ্ধেয় মহেশ শৰ্মা
ছাৰৰ মহানুভৱতাৰ কথা মই জীয়াই থকালৈকে পাহৰিব নোৱাৰিম৷


(আগলৈ)