উলাহেৰে উভতি চাওঁ -১৭

  পোনা
মহন্ত


The Assam
Tribune-ৰ বঁটা:

আগৰ লেখাত কৈ আহিছোঁ
যে মই ক্লাছ নাইন মানৰ পৰাই আচাম ট্ৰিবিউন কাকতখন পঢ়াৰ সুযোগ পাইছিলোঁ৷ এই কথাও উনুকিয়াই
আহিছোঁ যে আজিৰ তুলনাত সেই কালত শিক্ষকৰ দৰমহা তাকৰীয়া আছিল যদিও
দাদাই মাজে সময়ে দুইএখন নতুন কিতাপ কিনাৰ উপৰি The
Assam Tribune
খন নিয়মীয়াকৈ লৈছিল৷ যাতায়াতৰ অসুচলতাৰ বাবে সেই সময়ত কাকতখন
গুৱাহাটীৰ পৰা গৈ একে দিনাই নাজিৰা পাইছিলগৈ নে নাই মনত পেলাব পৰা নাই৷ যদিও পাছদিনাখনহে
পাইছিলগৈ
, এটা দিনো বাদ নপৰাকৈ কাকতখন যে পাইছিলোঁ, সেই কথা মনত আছে৷ সেই সময়ত অসমীয়া দৈনিক কাকত বোধকৰোঁ নাছিলেই৷ আছিল যদিও দেখিবলৈ
বা পঢ়িবলৈ পোৱা নাছিলোঁ৷ আছাম ট্ৰিবিউন প্ৰকাশনৰ
দৈনিক অসম
বা যোৰহাটৰদৈনিক জনমভূমিওলায় মানে আমি কলেজবিশ্ববিদ্যালয় পালোঁগৈ৷ সাপ্তাহিক 
অসমবাণীখনো কেইবছৰমানৰ পাছতহে ওলাইছিল৷ অৰ্থাৎ মই অসমীয়া কাকততকৈ আগতে ইংৰাজী কাকত
পঢ়াৰ
হে সুযোগ পাইছিলোঁ৷ আজিৰ পৰা তিনিকুৰি বছৰৰো ওপৰকালৰ পূৰ্বে
নাজিৰাৰ দৰে নিচেই সৰু নগৰখনৰ পৰাও চাৰি
পাঁচ মাইল আঁতৰত থকা
ৰা এটাই সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ
ইংৰাজী দৈনিক কাকতখন পঢ়িবলৈ পোৱাটোঁ কম সৌভাগ্যৰ কথা নহয়৷ দাদা শৰৎ মহন্তৰ সৌজন্যত লাভ
কৰা এই বিৰল সুযোগৰ কথা এতিয়াও কৃতজ্ঞতাৰে সোঁৱৰো৷ সেই দিনৰ মোৰ ইংৰাজী জ্ঞানেৰে চব
কথা বুজি নাপালেও দেওবাৰ নে শুকুৰবাৰে ওলোৱা
Children’s
Corner
ৰ লেখাবোৰ বৰ মনোযোগেৰে পঢ়িছিলোঁ৷ পৃষ্ঠাটোৰ পৰিচালকজন আজিৰ লেখিয়াকৈ
তেতিয়াও আছিল
ককাইদেউ

অৱশ্যে তেতিয়াৰ শিশুকিশোৰৰ
বাবে প্ৰকাশিত সেই বিশেষ
কৰ্ণাৰবা পৃষ্ঠাটো
বৰ্তমান নাই৷ ইয়াৰ ঠাই দখল কৰিছে
Planet Young নামৰ আঠপৃষ্ঠীয়া
এখন পৰিপূৰিকাই৷ ছ
টা দশকৰ পিছত স্বাভাৱিকতে কাকতখনৰ অনেক পৰিৱৰ্তন
হৈছে৷ মোৰ বাবে আনন্দৰ কথা যে
ককাইদেউজন এতিয়াও আছে৷ আৰু আছে তেওঁৰ সেই ক্লাছিক চহীটোও৷ তেতিয়াৰককাইদেউজন আচলতে কোন আছিল জনা নাছিলোঁ৷ এতিয়াও নাজানো৷
হয়তো মোৰ কোনো চিনা
জনা মানুহ, বন্ধুবান্ধৱ, সহকৰ্মীৰ সন্তান বা প্ৰাক্তন ছাত্ৰছাত্ৰীও হব পাৰে৷ যিয়েই নহওক, ‘ককাইদেৱে
Dear Bhaity, Bhonti বুলি
সম্বোধন ধৰি লিখা চিঠিখন মই এতিয়াও আগ্ৰহেৰে পঢ়ি কিবা এটা
নষ্টেল্জিক্‌’ তৃপ্তি পাওঁ৷

১৯৫৯৬০
সময়ছোৱাৰ কথা৷ তেতিয়া মই ক্লাছ নাইনৰ ছাত্ৰ৷ এদিন কাকতখনত ওলোৱা ঘোষ
ণা টা চকুত পৰিল
Tribune
Children League
ৰ সপ্তম বাৰ্ষিক ৰচনা আৰু কবিতা (Eassy
and Poem Writing
) প্ৰতিযোগিতাৰ বাবে লেখা আহ্বান কৰা হৈছে৷ এবছৰমান
কাকতখন নিয়মীয়াকৈ পঢ়ি শিশু
কিশোৰৰ বিশেষ পৃষ্ঠাত লেখা প্ৰকাশ
কৰিবৰ বাবে মোৰ মনতো প্ৰবল হাবিয়াস হৈছিল৷ এই ঘোষণাই যেন মোলৈ এটা সুযোগ আনি দিলে৷
ইতিমধ্যে 
আকাশবাণী’ত মোৰ কথিকা প্ৰচাৰ হোৱা আৰু ছাত্ৰ একতা সভাৰ
আলোচনী সম্পাদক নিৰ্বাচিত হোৱাৰ বিষয়ে আগৰ লেখাত কৈ আহিছোঁ৷ এই দুয়োটা ঘটনাই লিখাৰ
প্ৰতি মোৰ আগ্ৰহ জন্মোৱাৰ লগতে সাহস আৰু উদ্
গনিও যোগাইছিল৷ বেছি
গুণা
গঁথা নকৰি মই দুয়োটা বিষয়ৰ প্ৰতিযোগিতাতে অংশ গ্ৰহণ কৰিবলৈ
দৃঢ়প্ৰতিজ্ঞ হ
লোঁ৷ এই প্ৰতিযোগিতা বয়সৰ এক নিৰ্দিষ্ট
সীমাৰ ভিতৰৰ আটাইলৈকে খোলা আছিল৷ অৰ্থাৎ অসম বা উত্তৰপূৰ্বাঞ্চলৰ বাহিৰে দেশৰ আন লৰাছোৱালীয়েও ইয়াত ভাগ লব পাৰিছিল৷ ৰচনাৰ বিষয় কি আছিল
পাহৰিছোঁ৷ কবিতাৰ বাবে স্বাভাৱিকতে কোনো বিষয় নিৰ্দিষ্ট কৰি দিয়া হোৱা নাছিল৷ মই কেইবাদিনো
পৰিশ্ৰম কৰি অনেকবাৰ কাট
কূট কৰাৰ পাছত ৰচনা এখন লিখি অঁতালোঁ৷ কবিতাও
লিখিলোঁ
বিষয়বস্তু আছিলৰাতিপুৱা
– Morning.
নিৰ্দিষ্ট সময়ৰ ভিতৰত যথানিয়মে ট্ৰিবিউনৰককাইদেউ’-ৰ ঠিকনালৈ দুয়োটা লেখা মেজেঙ্গা ডাকঘৰৰ পৰা
ৰেজিষ্টাৰ্ড ডাকযোগে পঠাই দিলোঁ৷ তাৰ পাছৰ পৰা আৰু মোৰ উ
দ্বিগ্নতাৰ সীমা নোহোৱা হল৷ খাওঁতেশোওঁতে, উঠোঁতেবহোঁতে মাত্ৰ এটাই
চিন্তা
প্ৰতিযোগিতাৰ ফলাফল বা কি হয়! পামনে কিবা এটা বঁটা? এতিয়া মনতে ভাব হয়, কিয় ইমানকৈ উত্ৰাৱল হৈ আছিলোঁ? পুৰস্কাৰৰ আশাত?
স্বীকৃতিৰ হুতাহ? ব পাৰে৷
এনে স্পৃহা আৰু দৃঢ়তা পাছলৈও থকা হ
লে! মোৰ এই মানসিক অৱস্থাৰ কথা শিক্ষক দাদাৰ বাদে আন কোনেও জনা নাছিল বা বুজিব
পৰা নাছিল৷ ঘৰত আমি দুটাইহে 
আছাম ট্ৰিবিউনখন পঢ়িছিলোঁ৷

এদিন কাকতখনৰ নিৰ্দিষ্ট
পৃষ্ঠাত বাতৰি এটা দেখি নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালোঁ৷ সেই দিনা কিবা কাৰণত মই স্কুললৈ
নোযোৱাকৈ ঘৰতে আছিলোঁ৷
হয়তো তিনিমহীয়া বা ছমহীয়া পৰীক্ষাৰ পাছৰ বিৰতিও
ব পাৰে৷ দাদা স্কুলৰ পৰা আহি ঘৰৰ চোতাল সোমাইছিলহে৷ মই তেওঁৰ
চাইকেলৰ কেৰিয়াৰৰ চেপেনাডাল খুলি সাউৎকৈ কাকতখন লৈ আন একো নোচোৱাকৈ নিৰ্দিষ্ট পৃষ্ঠাটো
বিচাৰিবলৈ ধৰিলোঁ৷ সেই দিনটো আছিল
ককাইদেৱেচলোৱা শিশুকিশোৰৰ বিশেষ পৃষ্ঠা প্ৰকাশ হোৱাৰ দিন৷ হয়,
সাহিত্য প্ৰতিযোগিতাৰ ফলাফলৰ শিতানত স্পষ্টকৈ লিখা আছে ৰচনা প্ৰতিযোগিতাত
মই প্ৰথম পুৰস্কাৰ পাইছোঁ৷ কবিতাতো কিবা এটা পাইছিলোঁ৷ কি স্থান পাইছিলোঁ এই মুহূৰ্তত
মনলৈ আনিব পৰা নাই৷ কিন্তু প্ৰথম যে নহয়
, সেই কথা স্পষ্টকৈ মনত
আছে৷ হয়তো দ্বিতীয়
, তৃতীয় বা উদ্নিমূলক বঁটাও হব পাৰে৷ সেই সময়ত
শেষৰ বিধক ইংৰাজীত
Consolation Prize বোলা
হৈছিল৷ এই মুহূৰ্তত মোৰ হাতত কবিতাৰ পুৰস্কাৰৰূপে পোৱা কিতাপ বা প্ৰমা
পত্ৰ নথকাৰ বাবে এই কথা খাটাংকৈ কব পৰা নাই৷ বৰ্তমান
মই গুৱাহাটীত আছোঁ৷ উল্লিখিত দুয়োপদ বস্তু আমাৰ ডিব্ৰুগড়ৰ ঘৰৰ কিতাপৰ আলমাৰীত আৰু পুৰণি
নথি
পত্ৰৰ মাজত নিশ্চয় ওলাব৷

ফলাফলৰ খবৰ ওলোৱাৰ
দিনচেৰেকৰ পিছতে মোৰ হাতত ‘আছাম ট্ৰিবিউন’ৰ পৰা ডাকযোগে পঠিওৱা টোপোলা এটা পৰিলহি৷ পৰম
কৌতূহল আৰু উদ্বিগ্নতাৰে খুলি দেখিলোঁ দুখন কিতাপৰ লগতে দুখন প্ৰমাণ পত্ৰ৷ কিতাপ দুখন
আছিল
TOM
BROWN’S SCHOOL DAYS
আৰু UNCLE
TOM’S CABIN
৷ লেখক দুজন ক্ৰমে Thomas
Hughes,

যি নিজকে
An Old Boy বুলি
পৰিচয় দিছে আৰু
Harriet Beecher Stowe
পিছৰ কিতাপখনৰ
Life Among the Lowly বুলি
উপনাম এটাও আছে৷ ভাগ্য ভাল যে
Tom Brown’s School Days খন
মোৰ ওচৰত এতিয়াও আছে৷ কিতাপখনৰ বেটুপাতৰ পিছতে সংলগ্ন কৰি দিয়া পত্ৰত
ককাইদেউ’-ৰ চিনাকি চহীটোৰে সৈতে লিখা আছে
Tribune
Children League
এ অনু্ষ্ঠিত কৰা ৭ম বাৰ্ষিক প্ৰতিযোগিতা
(১৯৬০)
Essay-Writing
প্ৰথম পুৰস্কাৰপ্ৰাপ্ত বুলি৷ মোৰ নামৰ পিছত ৬৩২৭ সংখ্যাটো লিখা আছে৷ এতিয়াহে মনত পৰিছে
মই
League ৰ সভ্য আছিলোঁ আৰু এইটো মোৰ
সভ্য সংখ্যা৷ পিছত গম পাইছিলোঁ যে নাজিৰা টাউনত মোৰ চোকা সহপাঠী কেইজনেও নিয়মীয়াকৈ ‘আছাম ট্ৰিবিউন’ পঢ়া নাছিল বা
Tribune Children League
সদস্য নাছিল৷ খবৰটো কাকতখনত ওলাল
, কিন্তু কিমানে জানিবলৈ পালে
মোৰ এতিয়াও সন্দেহ হয়৷ সেই কালত গাওঁ অঞ্চলৰ কথা বাদেই
, নাজিৰাৰ
দৰে সৰু চহৰতো ইংৰাজী বাতৰি কাকত পঢ়া মানুহ তেনেই সীমিত আছিল৷ মোৰ ধাৰণা হয়
,
আজিকালিৰ দৰে প্ৰচাৰ মাধ্যমৰ প্ৰাচুৰ্য থকা হলে
এই সাধাৰণ কথাটোও হয়তো ৰৌজাল
বৌজাল হৈ পৰিলহেতেন৷ বাতৰি কাকতত
ফটো ওলোৱাৰ উপৰি কোনো কোনো টি
.ভি. চেনেলে
হয়তো বঁ
টা পাওঁতাৰ সাক্ষাৎকাৰো প্ৰচাৰ কৰিলেহেতেন!

Tom
Brown’s School Days
আৰু Uncle Tom’s
Cabin

সেই সময়ত মই এই কিতাপ
দুখনৰ বিষয়ে একো জনা নাছিলোঁ৷ নাম দুটালৈ চাই শিশু সাহিত্যৰ কিতাপ বুলিহে ভাবিছিলোঁ৷
পিছে পঢ়িবলৈ লৈ দেখি
লোঁ যে মোৰ তেতিয়াৰ ইংৰাজী ভাষা জ্ঞানেৰে কথাবোৰ
ভালকৈ বুজিব পৰা নাছিলোঁ৷ নক’লেও হয়, ভালকৈ বুজিব নোৱাৰিলে অতি আমোদজনক কিতাপ এখন পঢ়িও ৰস পোৱা নাযায়৷ সেয়ে বুজানুবুজাকৈ দুয়োখনৰে কেই পৃষ্ঠামান পঢ়ি পিছত পঢ়িম বুলি থৈ দিলোঁ৷ ইতিমধ্যে প্ৰৱেশিকা
পৰীক্ষা ওচৰ চাপি অহাত সেই কথা তল পৰিল৷ কিতাপ দুখন সযতনে ৰাখি থ
লোঁ৷ অনেক বছৰৰ পাছত ইংৰাজী সাহিত্যৰ সৈতে পৰিচয় হোৱাতহে গ্ৰন্থ দুখনৰ গুৰুত্বৰ
বিষয়ে জানিব পাৰিছিলোঁ৷ তেতিয়াহে উপলব্ধি কৰিলোঁ বঁটাৰ বাবে সঠিক কিতাপেই নিৰ্বাচন
কৰা হৈছিল৷ ‘আছাম ট্ৰিবিউন’ আৰু
ককাইদেউ’-ৰ প্ৰতি মনটো কৃতজ্ঞতাৰে ওপচি পৰিল৷
Tom
Brown’s School Days
খন (১ম প্ৰকাশ,
১৮৫৭) গ্ৰন্থকাৰ টমাছ্হিউজে
তেওঁৰ নিজৰ স্কুলীয়া জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছে৷ সেই কালত ৰাগ্
বি (
Rugby) ইংলণ্ডৰ এখন বিখ্যাত
পাব্লিকস্কুল আছিল৷ উপন্যাসখনৰ মুখ্য চৰিত্ৰ
টম্
ব্ৰাউন আৰু তেওঁৰ সহপাঠীসকলৰ বিভিন্ন কাৰ্যকলাপ বেছ বিস্তৃতভাৱে
বৰ্ণনা কৰা হৈছে৷ শিক্ষাৰ্থীসকলৰ মাজৰ তৰ্ক
বিতৰ্ক, হাইকাজিয়া, জ্যেষ্ঠকনিষ্ঠসকলৰ মাজৰ বিৰোধ, দলবিভাজন,
হিংসাহিংসি, প্ৰীতিবিদ্বেষ আদিৰ আমোদজনক বিৱৰণৰ পিছত দেখুওৱা হৈছে, কেনেকৈ
স্কুলখনৰ বিখ্যাত প্ৰধান শিক্ষক ড০ আৰ্নল্ডৰ
(Dr. Arnold) সুপৰিচালনা
আৰু প্ৰভাৱত টম্
আৰু তেওঁৰ বন্ধু হেৰি ইষ্ট্প্ৰমুখ্যে ছাত্ৰসকল সুপথলৈ আহে৷ স্কুলৰ
শিক্ষা শেষ কৰি ছাত্ৰসকল বিভিন্ন
কৰ্মক্ষেত্ৰত বিশ্বৰ ভিন্ন স্থানত বিয়পি পৰে৷
টম্‌ আৰু তেওঁৰ লগৰীয়াসকলেও ড আৰ্নল্ডৰ প্ৰকৃত মহত্ব উপলব্ধি কৰে৷ কিতাপখন
কিছু উপদেশমূলক যদিও ইয়াত গ্ৰন্থকাৰে ছাত্ৰসকলৰ মাজত চলা নিৰ্দোষ ধেমালিবোৰৰ প্ৰয়োজনীয়তাক
নুই কৰা নাই৷ এইবোৰ এটা পৰ্যায়তে চলিলেও বিদ্যাৰ্থীসকলে খেল-ধেমালি আৰু অধ্যয়নৰ লগতে
সুচৰিত্ৰ আৰু সততা বিকাশৰ ওপৰত প্ৰাধান্য দিয়া উচিত৷ গ্ৰন্থখনত ইংলণ্ডৰ ভিক্ট’ৰিয়ান
যুগৰ ধৰ্মীয় আৰু নীতিশিক্ষা প্ৰৱণতা সুন্দৰকৈ প্ৰকাশ পাইছে৷ কিতাপখনত বৰ্ণিত ওপৰ শ্ৰেণীৰ
কিছুমান ছাত্ৰই তলৰ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত চলোৱা উৎপীড়ণ, জোকোৱা, ভেঙুচালি কৰা
(Teasing) আদি ঘটনাবোৰ ইংৰাজী hazing, bullying, fagging, cribbing অদি শব্দেৰে বুজোৱা
হয়৷ এই ঘটনাবোৰে আমাৰ দেশৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলা ‘ৰেগিং’
(ragging) বোলা কুপ্ৰথাটোৰ কথা মনলৈ আনে৷

দাসপ্ৰথা বিৰোধী
উপন্যাস Uncle Tom’s Cabin (১ম প্ৰ: ১৮৫২) খনে সেই সময়ৰ য়ুৰোপ আৰু এমেৰিকাত অসামান্য
চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ লেখিকা ষ্টৌও (Harriet Beecher Stowe) হ’ল এগৰাকী শিক্ষয়িত্ৰী
যি এমেৰিকাৰ দাসপ্ৰথা বিলোপ সাধনৰ সংগ্ৰামত সক্ৰিয় ভূমিকা গ্ৰহন কৰিছিল৷ প্ৰকাশৰ পিছতে
কিতাপখন ইমানেই জনপ্ৰিয় হৈ উঠিছিল যে দুয়োখন মহাদেশতে কেইবা লাখো কপি বিক্ৰী হোৱাৰ
পিছতো সেই কালৰ ছপা ব্যৱস্থাই চাহিদা মতে ইয়াৰ যোগান ধৰিব পৰা নাছিল৷ উণবিংশ শতিকাত
এইখন বিশ্বসাহিত্যত সবাতোকৈ জনপ্ৰিয় উপন্যাস বুলি স্বীকৃত হোৱাৰ লগতে এমেৰিকাত বাইবেলৰ
পিছতে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ ৰূপেও স্বীকৃতি লাভ কৰিছিল৷ দাসপ্ৰথা বিৰোধী আন্দোলনত
উপন্যাসখনে ইমানেই প্ৰভাৱ পেলাইছিল যে স্বয়ং আব্ৰাহাম লিংকনে হেনো লেখিকাগৰাকীক প্ৰথম
লগ পাওঁতে কৈছিল : “
So this is the little lady, who started
this great war.” (American Civil War
)৷ এজন এফ্ৰিকান দাস আংকল টমৰ চৰিত্ৰক কেন্দ্ৰ
কৰিয়ে উপন্যাসখনৰ কাহিনী গঢ়ি তোলা হৈছে৷ কলা-বগা চৰিত্ৰসমূহৰ বৈচিত্ৰ্য আৰু নানা প্ৰকাৰৰ
বৰ্ণনাৰে উপন্যাসখন সুখপাঠ্য কৰি তোলা হৈছে যদিও ইয়াৰ কেন্দ্ৰীয় বিষয়বস্তু কিন্তু এটাই
: দাস প্ৰথাৰ অমানৱীয়তা আৰু অনৈতিকতা স্পষ্ট ৰূপত দাঙি ধৰা৷ সেই সময়ত উপন্যাসখনৰ অনেক
নাট্যৰূপ দিয়াৰ লগতে পৰৱৰ্তী সময়ত চিনেমাও কৰা হৈছিল৷ উপন্যাসখন বিশ্বৰ প্ৰায় সকলো
প্ৰধান ভাষালৈ অনুবাদ কৰা হৈছিল৷ আমাৰ অসমীয়া ভাষালৈ অনূদিত হৈছে নে নাই নাজানো৷ হৈছে
যদিও মোৰ চকুত পৰা নাই৷ ওপৰে ওপৰে চালে সাম্প্ৰতিক কালত এই উপন্যাসখনৰ বিষয়বস্তুৰ প্ৰাসংগিকতা
নথকা যেন লাগিব পাৰে৷ কিন্তু ইয়াত প্ৰকাশিত চৰিত্ৰ, পৰিৱেশ-পৰিস্থিতি, অনুভৱ-উপলব্ধি
আৰু মানৱীয় প্ৰমূল্যসমূহ সদায়েই প্ৰাসংগিক৷ তাহানিৰ ‘স্লেইভাৰি’ (
Slavery) বা দাসপ্ৰথা এতিয়া
হয়তো নাই, দেখাত গৰু-ছাগলীৰ দৰে মানুহ বেচা-কিনা নহয়৷ কিন্তু ৰাজতন্ত্ৰ, প্ৰজাতন্ত্ৰ
যিয়েই নহওক সবল শ্ৰেণীয়ে দুৰ্বল শ্ৰেণীক নানা প্ৰকাৰে শোষণ-শাসন কৰা, প্ৰতাৰণা-প্ৰৱঞ্চনা
কৰা, মৌলিক স্বত্তসমূহ অবমাননা কৰা আদি দুষ্কাৰ্যবোৰ এতিয়াও পূৰাদ
মে চলি আছে৷ এনে এখন
গ্ৰন্থ পায়ো সময়ত ইয়াৰ গুৰুত্ব নুবুজাৰ বাবে মই এতিয়াও মনত দুখ অনুভৱ কৰোঁ৷

(আগলৈ)