উলাহেৰে উভতি চাওঁ : ২০

 ড° পোনা
মহন্ত


টিৰাপ সীমান্ত
দেখিলোঁ


মোৰ ওপজা ঠাই চলিহা
বাৰেঘৰ সত্ৰ আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অধিবাসী নক্তে জনগোষ্ঠীয় লোকসকলৰ
মাজৰ প্ৰায় চাৰিশ বছৰীয়া পুৰণি সামাজিক
সাংস্কৃতিক সম্পৰ্কৰ কথা আগতে
কৈ আহিছোঁ৷ বিদেশী চৰকাৰে
ইনাৰ লাইন পাছআইন প্ৰৱৰ্তন কৰাৰ পাছত কি দৰে পাহাৰভৈয়ামৰ মাজৰ এই
সংযোগ বাধাগ্ৰস্ত হৈছিল আৰু কি দৰে সত্ৰৰ এজন ডেকা গোঁসায়ে উক্ত আইন ভংগ কৰি বিনা পাছে
অৰুণাচলত
(তেতিয়াৰনেফা’) প্ৰৱেশ কৰিছিল, সেই সম্পৰ্কেও যথাস্থানত উল্লেখ কৰা হৈছে৷
আইনভংগকাৰী ডেকা গোঁসাই মুনীন্দ্ৰনাথ মহন্ত হ
ল এই লেখকৰ জ্যেষ্ঠ
ভাতৃ
ডাঙৰ দাদা৷

এই কথাও বোধকৰোঁ
কৈ আহিছোঁ যে আইন ভংগৰ অপৰাধত মুনীন্দ্ৰনাথ মহন্তক কুৰিটকাৰ যি দণ্ড বিহা হৈছিল পাহাৰ
ভৈয়ামৰ
সম্পৰ্কৰ কথা জানিব পাৰি আৰু নক্তে গঞাসকলৰ হেঁচাত সেই টকা সসন্মানে ওভতাই দিয়াৰ উপৰিও
দুয়ো পক্ষৰ সুবিধাৰ্থে মহন্তক বাৰ্ষিক পাছ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ তেতিয়াৰ পৰা
দাদা মুনীন্দ্ৰনাথ মহন্তই মন গ
লেই বা নক্তে শিষ্যসকলৰপৰা আহ্বান
পালেই টিৰাপলৈ গৈ নক্তে গাঁওসমূহ ভ্ৰমণ কৰিছিল৷ দাদাক তেনেকৈ গৈ থকা দেখি আৰু তেওঁৰ
মুখে পাহাৰবাসীসকলৰ বিষয়ে নানা কথা শুনি মোৰ মনটোৱেও সেইবোৰ নিজ চকুৰে চাবলৈ লকলকাই
আছিল৷ পিছে ইতিমধ্যে হাইস্কুলৰ ওপৰ শ্ৰেণী পোৱাগৈ বাবে সুযোগ তেনেকৈ মিলা মাছিল৷ মেট্ৰিক
পৰীক্ষাৰ পাছৰ বিৰতিয়ে যেনিবা মোলৈ এই সুযোগ আনি দিলে৷ পৰীক্ষাৰ পিছত মোক পাহাৰলৈ লৈ
যাম বুলি দাদায়ো ইতিমধ্যে কথা দি থৈছিল৷

মোৰ এই প্ৰথম পাহাৰ
ভ্ৰমণৰ কথা ক
বলৈ গৈ কলম থমকি ৰব লগা হৈছে৷ অনেক
কথা পাহৰিছোঁ
; কিছুমান কথা ৰিণিকি ৰিণিকিহে মনত আছে৷ দাদাই সাধাৰণতে
লগত এজন বা দুজন সহায়কাৰী বা ভাৰী লৈ গৈছিল৷ সেই
বাৰ যিহেতু ময়ো
আছিলোঁ
, সেয়ে এজন ডেকা লৰাকহে সংগী হিচাপে
লোৱা হৈছিল৷ যথা সময়ত প্ৰয়োজনীয় বস্তু
বেহানিৰে সৈতে আমি তিনিও
গৈ ওচৰতে থকা মেজেংগা ষ্টেইশ্বনত ট্ৰেইনত উঠিলোঁগৈ৷ উল্লেখযোগ্য যে ষ্টেইশ্বন বুলিলেও
মেজেংগা প্ৰকৃততে এটা
ছাইডিং’(Siding)-হে
ত মূল ৰেইল লাইনৰ কাষত কেইটামান ডবাযুক্ত ট্ৰেইন এখন ৰাখিব
পৰাকৈ আন এটা লাইন আছিল৷ আমাৰ অঞ্চলটোত যিহেতু অনেক চাহ বাগিচা আছিল
, সেয়ে ইউৰোপীয় মালিকসকলৰ সুবিধাৰ বাবেই বোধকৰোঁ এই ছাইডিং স্থাপন কৰা হৈছিল৷
এনে কৰাৰ বাবে নিয়মীয়া ট্ৰেইনবিলাকৰ গতি বাধাগ্ৰস্ত নকৰাকৈ কাষৰ লাইনত ৰাখি থোৱা ডবাত
বাগানত উৎপাদিত চাহপাত বোজাই কৰিবলৈ সুবিধা হৈছিল৷ সেয়ে মেজেংগাত দ্ৰুতগতিৰ

এক্সপ্ৰেছজাতীয় ট্ৰেইন ৰখা হোৱা নাছিল,
কেৱল কম দূৰত্বত চলা সাধাৰণ ট্ৰেইনহে ৰাখিছিল, তাকো কেইটামান মুহূৰ্তৰ বাবে৷ 

দাদাই ইতিমধ্যে তিনিটা টিকট লৈ থৈছিল৷ ট্ৰেইন
আহি পাই সামান্য থমাৰ লগে লগে দবাৰ বাছ
বিচাৰ নকৰাকৈ খদমদম কৈ
উঠাৰ কথা এতিয়াও পাহৰা নাই৷ ট্ৰেইনখনে নাজিৰা
, শিমলুগুৰি,
লাকুৱা, সাপেখাতী প্ৰভৃতি কেইবাটাও ষ্টেইশ্বনত
ৰৈ ৰৈ যোৱাৰ পাছত এটা সময়ত নাহৰকটীয়া পায়গৈ৷ নাহৰকটীয়াত ৰেইলৰ পৰা আমি জয়পুৰ নামৰ ঠাইডোখৰলৈ
গৈছিলোঁ৷ কেনেকৈ গৈছিলোঁ মনত নাই৷ বোধকৰোঁ খোজ কাঢ়িয়েই গৈছিলোঁ৷ সেইকালত বাছ মটৰৰ চাল
চলন তেনেই সীমিত আছিল; তাতে নাহৰকটীয়া আৰু জয়পুৰৰ মাজৰ
দূৰত্বও বেছি নহয়৷ এইখিনিতে জয়পুৰৰ বিষয়ে দুআষাৰ কোৱা উচিত হ
, কাৰণ অসমৰ জয়পুৰ নামৰ ক্ষুদ্ৰ চহৰখনৰ কথা আমাৰ অনেকে
নাজানে৷ গুৰুত্বপূৰ্ণ ভৌগোলিক অৱস্থিতিৰ বাবে ঔপনিৱেশিক শাসনৰ দিনত জয়পুৰ এক সামৰিক
কেন্দ্ৰ আছিল৷ বেপ্য়িষ্ট্ মিশ্বনেৰীসকলেও জয়পুৰক তেওঁলোকৰ কাম
কাজৰ কেন্দ্ৰৰূপে ব্যৱহাৰ কৰিছিল৷ শেহতীয়া লোকপিয়ল মতে আঢ়ৈ হেজাৰমান লোকৰ বসতিৰে
জয়পুৰ এখন সৰু চহৰ৷ এই জয়পুৰৰপৰাই আমাৰ প্ৰকৃত পাহাৰ ভ্ৰমণ আৰম্ভ হয়৷ আগতীয়াকৈ চিঠিৰে
যোগাযোগ কৰা অনুসৰি আমাক সংগ দিবলৈ নক্তে গাঁৱৰ পৰা পঠোৱা দুজন গজগজীয়া নক্তে ডেকা
ইতিমধ্যে জয়পুৰত আহি আছিলহি৷ তেওঁলোকেই হ
ল আমাৰ পথপ্ৰদৰ্শক আৰু
প্ৰায় দুৰ্গম পাহাৰীয়া পথৰ সকলো প্ৰকাৰৰ সহায়ক৷

আমাৰ ভ্ৰমণৰ সময়
১৯৬০
৬১ৰ ভিতৰৰ কোনো এটা মাহ হব৷ যিমান দূৰ মনত পৰে সেয়া
আছিল জহকালিৰ শেষ আৰু জাৰকালিৰ আৰম্ভণি৷ যিহেতু গৰমৰ সময়ছোৱাত পাহাৰ
ভৈয়াম উভয় অঞ্চলতে প্ৰায়ে ধাৰাষাৰে বৰষুণ হৈ থাকে, সেয়ে
দাদাই সাধাৰণতে জাৰকালিহে নেফা ভ্ৰমণলৈ গৈছিল৷

আমাৰ গন্তব্যস্থান
আছিল টিৰাপৰ সদৰ ঠাই খুন্
চা৷ সেইকালত নাহৰকটীয়া আৰু খুন্‌চাৰ মাজত সুচল পথ নাছিল৷ আমি পাহাৰীয়া লুংলুঙীয়া, ওখোৰামোখোৰা আৰু একাবেঁকা বাটেৰে আগবাঢ়িছিলোঁ৷ তেতিয়া দাদা
আছিল প্ৰায় সাতাইছ
আঠাইছ বছৰীয়া ডেকা; মই মেট্ৰিক দিয়া চেঙেলীয়া লৰা আৰু বাকী তিনিওজন আছিল
গজগজীয়া যুৱক৷ নক্তে ল
ৰা দুজনৰ কথা নকওঁৱেই, মুনীন্দ্ৰনাথ মহন্ত আৰু আমাৰ সহায়কাৰীজনো ইতিমধ্যে এনে পাহাৰীয়া ৰাস্তা বগোৱাত
প্ৰায় অভ্যস্ত হৈছিল৷ মইহে আছিলোঁ একেবাৰে নতুন৷ প্ৰথম অৱস্থাত অত্যন্ত আগ্ৰহ আৰু পাহাৰ
ভ্ৰমণৰ উত্তেজনাৰ বাবে একো পৰোৱা নকৰি নক্তে দুজনৰ পিছে পিছে সহজভাৱেই গৈ আছিলোঁ৷ কাষে
কাষে কুলুকুলু সুৰেৰে সৰ্পিল গতিৰে বৈ যোৱা নিজৰা আৰু পাহাৰীয়া চৰাইৰ অচিনাকি অথচ সুৰীয়া
মাতে মোৰ কিশোৰ মনটো পুলকিত কৰিছিল৷ পাছলৈ যেতিয়া ইংৰাজী সাহিত্য
বিশেষকৈ কবি ৱাৰ্ডজৱাৰ্থৰ (William Wordsworth) The Prelude প্ৰভৃতি কেতবোৰ কবিতা পঢ়োঁ আৰু পঢ়ুৱাওঁ, তেতিয়া সেই দৃশ্য
আৰু ধ্বনিবোৰৰ কথা প্ৰায়ে মনলৈ আহিছিল৷ ইংৰাজ কবিগৰাকীয়ে যেনেকৈ অকলশৰীয়া দাৱনীজনীৰ
গীতৰ সুৰ হৃদয়ত কঢ়িয়াই ফুৰিছিল
, মোৰ মনতো যেন তাহানিতে দেখা আৰু
শুনা পাহাৰীয়া জুৰিৰ কুলুকুলু সুৰ আৰু চৰাই
চিৰিকতিৰ সুৰীয়া মাতবোৰ
অনেক দিনলৈ প্ৰতিধ্বনিত হৈ আছিল৷ ৱাৰ্ডজৱাৰ্থে
  লিখিছিল

… I listened
mothionless and still;

And as I
mounted up the hill

The music in my
heart I bore,

Long after it
was heard no more.

(The Solitary
Reaper)

(…

শুনিছিলোঁ সেই গান
হৈ ধীৰ স্থিৰ
,

বগাই গলো
পাহাৰৰ শিৰ
;

যদিওবা আগুৱাই আহিলোঁ
বহুদূৰ
,

হৃদয়ত কঢ়িয়াওঁ সেই
সংগীতৰ সুৰ৷
)


প্ৰখ্যাত কবিৰ অনুভৱঅভিজ্ঞতাৰ
সৈতে এই সামান্য নৰ
মনিচৰ অভিজ্ঞতাঅনুভূতিৰ
মিল দেখি অভিভূত হোৱাৰ লগতে আচৰিতো হওঁ৷ ইয়াকে কয় নেকি কবিতাৰ বিশ্বজনীনতা
?

এইদৰে কিমান সময়
আগুৱাই গৈ আছিলোঁ মনত নাই৷ অৱশ্যে পিয়াহ লাগিলে ফটফটীয়া শিলৰ ওপৰেদি তললৈ নামি অহা
দেখাত অতি পৰিষ্কাৰ পানী হাতৰ আজলিৰে বা ওচৰতে পোৱা কৌপাতৰ বাতি বনাই খোৱাৰ কথা পাহৰিব
নোৱাৰোঁ৷ নক
লেও হব যে এই কামবোৰত নক্তে ডেকা
দুজনে সকলো প্ৰকাৰে সহায় কৰিছিল৷ ভোক গুচাবৰ বাবে আমি লগত লৈ যোৱা ফলমূল আৰু নক্তে
দুজনেও হোৰাত ভৰাই অনা কল আৰু কিবাকিবি আছিল৷ এটা সময়ত কিছু ভাগৰুৱা যেন দেখি এজনে
তেওঁৰ হোৰাটো সিজনৰ হাতত দি
জৌবানৰ ভাইটোৰ ভাগৰ লাগিছে না?’
বুলি কৈ মোক বোকোচাত উঠাই ললে৷জৌবানমানে নক্তে ভাষাত গুৰু বা দেৱতা৷ সি যি নহওক,
এইদৰে কিছুদূৰ গৈ আমি সামান্য সমতল ভূমি পালোঁগৈ; অৰ্থাৎ খুন্‌চা চহৰত প্ৰৱেশ কৰিলোঁ৷ চহৰ বুলি কৈছোঁ যদিও
সেই সময়ত খু
ন্‌চা এখন সামান্য উন্নত গাঁৱৰ লেখীয়াহে আছিল৷ খুন্‌চাৰ পৰা কিছু দূৰে দূৰে নামচাং, লাপটাং, বৰদুৰীয়া আদি নক্তে গাওঁসমূহ অৱস্থিত৷ নক্তে যুৱক দুজনে আমাক আগবঢ়াই নি এটা
আধুনিক ধৰণৰ ঘৰৰ চৌহদত সুমুৱালেগৈ৷ সেইটো আছিল নক্তেসকলৰ এজন নেতৃস্থানীয় ব্যক্তি ৱাংকাপ
ৰাজকুমাৰৰ ঘৰ৷ ৱাংকাপ হ
ল লাপটাং গাঁৱৰ ৰজাৰ ভাতৃ৷ তেওঁৰ নক্তে
উপাধি লৌৱাং আছিল যদিও ৰাজকুমাৰ বুলিয়েই জনাজাত আছিল৷ ইয়াৰ পৰাই বুজিব পাৰি পাহাৰত
ইতিমধ্যে ভৈয়ামৰ আৰ্য সংস্কৃতিয়ে সামান্যভাৱে হ
লেও প্ৰভাৱ পেলাইছিল৷
ৰাজকুমাৰ ইতিমধ্যে সত্ৰৰপৰা যোৱা তেওঁলোকৰ গুৰুক আদৰিবলৈ সাজু হৈ আছিল৷ আমাক আথে
বেথে আগবঢ়াই নি তেওঁলোকৰ বৈঠকখানা বা ড্ৰইংৰূমত বহুৱালেগৈ৷ গুৰুশিষ্য পাৰম্পৰ্য অনুসৰি ৰাজকুমাৰ আৰু মুনীন্দ্ৰনাথ মহন্তৰ মাজত কিছু বাৰ্তালাপ
ল৷ মই মাত্ৰ শ্ৰোতা হৈ আছিলোঁ৷ তাৰ পিছত নানা প্ৰকাৰে অপ্যায়িত
কৰি আমাৰ গন্তব্যস্থান লাপটাঙলৈ যোৱাৰ বাবে আমাক সাজু কৰোৱা হ
ল৷ উল্লেখযোগ্য যে কিছু লেখাপঢ়া জনা ৱাংকাপ ৰাজকুমাৰ
আছিল এজন স্থানীয় চৰকাৰী বিষয়
বাব ভোগ কৰি থকা লোক৷ পিছলৈ তেওঁ
পলিটিকেল অফিচাৰৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ মোৰ সঠিক কৈ মনত নাই যদিও আমি বোধকৰোঁ সেই
একে দিনাই লাপটাঙলৈ যোৱা নাছিলোঁ
, কাৰণ ইতিমধ্যে বেলি পৰি আহিছিল
আহিছিল আৰু লাপটাঙলৈ দূৰত্বও কম নাছিল৷

আমাৰ লাপটাং গাঁৱলৈ
যাত্ৰাও আগৰ দৰেই আছিল৷ অৱশ্যে এইবাৰ আমাৰ সংগীৰ সংখ্যা বাঢ়িল৷ ৱাংকাপ ৰাজকুমাৰে টালি
টোপোলাৰ
সৈতে আৰু দুজনমান মানুহ আমাৰ লগত পঠালে৷ পিছত জানিব পাৰিলোঁ সেই টোপোলাবোৰত আমাৰ বাবে
নতুন কম্বল আৰু বিচনাৰ বাবে প্ৰয়োজনীয় বিচনা চাদৰ আদি আছিল৷ যিহেতু সেই সময়ত গাড়ী
মটৰ চলিব পৰা ৰাস্তা হোৱাই নাছিল, সেয়ে তেওঁ এই ক্ষেত্ৰত
সহায় কৰিব নোৱৰা বাবে দুখ প্ৰকাশ কৰিলে৷ যথা সময়ত আমি আগৰ দৰে একা
বেঁকা, লুংলুঙীয়া বাটেৰে পাহাৰ বগাই লাপটাং গাঁৱৰ আমাৰ
বাবে নিৰ্দিষ্ট কৰি থোৱা ঠাই পালোঁগৈ৷ আঁতৰৰ পৰাই দেখিলোঁ
পাহাৰীয়া বাঁহবেত, কৌপাত আদিৰে এটা
চকুত পৰা
পৰ্ণকুটীৰগুৰুৰবাহৰহিচাপে বনাই থোৱা আছে৷ ওচৰ পাই কাষত আন এটা সাধাৰণ
ঘৰ দেখিলোঁ
, যিটো নক্তে গঞাসকলৰ নামঘৰ বুলি জানিব পাৰিলোঁ৷ ইতিমধ্যে
তাত কেইজনমান মানুহ গোট খাইছিলহি৷ নক্তে গাওঁসমূহৰ জনসংখ্যা অতি সেৰেঙা আছিল৷ সেই হিচাপত
সেই কেইজন মানুহেই যথেষ্ট আছিল বুলি পাছত জানিব পাৰিছিলোঁ৷ তেওঁলোকে যি ধৰণে তেওঁলোকৰ
জৌবানক আদৰ
সাদৰ কৰি আগবঢ়াই নিছিল, সেয়া
দেখি মই একপ্ৰকাৰ আচৰিত হৈছিলোঁ৷ সেই প্ৰক্ৰিয়া সেই কালত
(হয়তো
এতিয়াও
) ভৈয়ামৰ কোনো গাঁৱৰ শিচভকতে তেওঁলোকৰ
গাঁৱত চহৰ ফুৰিবলৈ যোৱা সত্ৰাধিকাৰ বা গুৰুক সম্ভাষণ জনোৱা আচাৰানুষ্ঠানৰ সৈতে সাইলাখ
একে
প্ৰৱেশ পথৰ মূৰত ভৰি ধুৱাই গামোচা জাতীয় জনগোষ্ঠীয় কাপোৰৰ
ওপৰেদি খোজকঢ়াই নি গুৰুক যথাস্থানত বহুৱালেগৈ৷ গুৰু
ভাতৃ হিচাপে
মোকো একেধৰণে নিব খুজিছিল যদিও কিয় জানো মোৰ মনটোৱে তেনে কৰাত বাধা দিলে৷ মই কাপোৰ
নগচকাকৈ কাষে কাষে গৈ যথাস্থানত বহিলোঁগৈ৷ গুৰুক এইদৰে স্বাগতম জনোৱা সমস্ত কাৰবাৰটো
মোৰ ভাল লগা নাছিল যদিও নক্তেসকলেও যে ভাৰতীয় আৰ্যসমাজত পৰম্পৰাগতভাৱে চলি অহা প্ৰথা
এটাহে অনুসৰণ কৰিছিল
, সেইটো স্বীকাৰ নকৰি নোৱাৰি৷ ৰজামহাৰজাৰ কথা নকওঁৱেই, স্বয়ং ভগৱান কৃষ্ণইও কোনো ঋষিমুনিয়ে তেওঁক দেখা কৰিবলৈ আহিলে অতিথিক ভগৱান জ্ঞান কৰি নিজ হাতে ভৰি ধুৱাই
উপযুক্ত আসনত বহুৱাই অপ্যায়িত কৰিছিল৷ আধুনিক যুগতো ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট আৰু প্ৰভাৱশালী
ব্যক্তিক
ৰেড কাৰ্পেট ৱেলকামপ্ৰদান কৰা
প্ৰথা চলি থকা দেখিছোঁ৷ এইখিনি কথা উল্লেখ কৰা বাবে মই ওপৰত উল্লিখিত গুৰু আদৰা প্ৰণালীটো
সমৰ্থন কৰিছোঁ বুলি যেন কোনেও নাভাবে৷ প্ৰথাটো মোৰ সেই সময়ৰ পোন্ধৰ
ষোল্ল বছৰীয়া কিশোৰ মনটোৱে পচন্দ নকৰা বাবেই তেওঁলোকে ধুৱাবলৈ বিচৰা মোৰ ভৰি
দুটা আগবঢ়াই নিদিলোঁ আৰু কাপোৰৰ ওপৰেদি খোজ নিদি কাষেদি আগবাঢ়িলোঁ৷

আমাক থাকিবলৈ দিয়া
অস্থায়ী বাহৰটো নামঘৰৰ কাষতে বা প্ৰায় গাতে লগাকৈ বনোৱা হৈছিল
, যাতে গুৰুৱে সহজে সেৱাসৎকাৰ আৰু নামকীৰ্তন কৰিব পাৰে৷ নামঘৰ মানে পাহাৰীয়া বাঁহবেত,
কৌপাত আদিৰে সজা এটা একোঠলীয়া সাধাৰণ ঘৰ৷ নামঘৰৰ অস্তিত্বই প্ৰমাণ কৰে
যে ৰজা নৰোত্তমৰ দিনৰেপৰাই নক্তেসকলে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা জীয়াই ৰাখিছিল৷
সত্ৰৰ পৰা যোৱা গোঁসাই বা দায়িত্বপ্ৰাপ্ত ভকতৰ অবিহনে তেওঁলোকে নাম
কীৰ্তন আদি কৰিব নোৱাৰিছিল যদিও এগচ চাকি সদায় জ্বলাই ৰাখিছিল বুলি জানিবলৈ
পাইছিলোঁ৷ ব্ৰিটিছে ইনাৰ লাইন পাছ প্ৰৱৰ্তন কৰাৰ পৰা সত্ৰ আৰু নক্তেসকলৰ মাজৰ যোগাযোগ
ব্যাহত হোৱাৰ কথা আগতে কৈ আহিছোঁ৷ সত্তৰৰ দশকত মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাৰ পৃষ্ঠপোষকতা
আৰু সত্ৰাধিকাৰ গোপালকৃষ্ণ দেৱ গোস্বামী আৰু ডেকা গোঁসাই মুনীন্দ্ৰনাথ মহন্তৰ উদ্যোগত
কেনেকৈ পকী নামঘৰ সজোৱা হৈছিল
, সেই সম্পৰ্কেও আগৰ লেখাত উল্লেখ
কৰা হৈছে৷ মই জনাত লাপটাং
, নামচাং, বৰদুৰীয়া,
পানীদুৰীয়া আদি পাঁচখনমান গাঁৱৰ ওপৰত টিন পাতৰ চালেৰে পকী নামঘৰ নিৰ্মাণ
কৰা হৈছিল আৰু সিবিলাকত সত্ৰৰপৰা মানুহ নি ভাওনা কৰাও হৈছিল৷

লাপটাঙত দুইতিনিদিনমান
থকাৰ পাছত আমি নামচাং আৰু বৰদুৰীয়ালৈ গৈছিলোঁ৷ পাহাৰ বগাই যোৱাৰ অভিজ্ঞতা আৰু বাহৰত
থকা
মেলা ব্যৱস্থা আদি যিহেতু প্ৰায় একেই সেইবোৰ কথা বহলাই কৈ
সহৃদয় পাঠকক আমনি দিব খোজা নাই৷ এতিয়া মনত পেলাবলৈ চেষ্টা কৰিছোঁ আমি নক্তে গাঁৱত সেই
দিনবোৰ বাৰু কেনেকৈ কটাইছিলোঁ
? সত্ৰৰপৰা যোৱা গুৰু হিচাপে দাদা
মুনীন্দ্ৰনাথ মহন্তক বেচ ব্যস্ত হৈ থকা দেখিছিলোঁ৷ তেওঁ কাহিলি পুৱাতে উঠি গা
পা ধুই নামঘৰত সেৱাসৎকাৰ কৰি বাহৰৰ নিৰ্দিষ্ট আসনত বহিছিলগৈ৷
ইতিমধ্যে দুই
এজনকৈ নক্তে গঞা গুৰুৰ কাষলৈ অহা দেখিছিলোঁ৷ সেই
কালত বয়সীয়াল পুৰুষসকলৰ অনেকে লেংটি বা কৌপীন পিন্ধিছিল যদিও গুৰুক দেখা কৰিবলৈ আহোঁতে
চুৰিয়াৰ দৰে চুটি কাপোৰ পিন্ধি আহিছিল৷ তেওঁলোকে সাধাৰণতে তামোল
পাণ বা ছালি, লা নিমখ,
বাঁহৰ চুঙাত বিশেষ ধৰণে প্ৰস্তুত কৰা শুকান খৰিচা আৰু লগতে যি যেনেকৈ
পাৰে দুই
চাৰি পইচা আগবঢ়াই গুৰু সেৱা কৰিছিল৷ গুৰুৱেও আশীৰ্বাদ
দি সত্ৰৰ পৰা লৈ যোৱা পকামিঠৈ নিৰ্মালি হিচাপে প্ৰদান কৰিছিল৷ গাঁৱৰ বুঢ়া
মেথা বা বিষয়ববীয়াসকলক গামোচা পিন্ধোৱাও দেখিছিলোঁ৷ গুৰুৰ পৰা বিদায় লৈ তেওঁলোকে
গুৰু বা নামঘৰৰ ফালে পিঠি নিদিয়াকৈ ওলোটাকৈ খোজ কাঢ়ি ওলাই
অহা দেখিছিলোঁ৷ ভৈয়ামৰ অসমীয়া লোকসকলে এনে কৰা দেখা নাছিলোঁ৷ মই নিজে দেখা নাছিলোঁ
যদিও পাছত শুনিবলৈ পাইছিলোঁ গঞা
প্ৰজাসকলে তেওঁলোকৰ ৰজাৰ কাষৰ
পৰা আহোঁতেও এনো এইদৰে আহে৷ হয়তো ৰজা
, গুৰু আদিৰ প্ৰতি সন্মান
প্ৰদৰ্শন কৰা ই তেওঁলোকৰ জনজাতীয় পৰম্পৰা হ
ব পাৰে৷ ওপৰত উল্লিখিত
পকা মিঠৈৰ বিষয়ে দু
আষাৰ কব লাগিব৷ ভজা
পিঠাগুড়িত পগোৱা গুড় সানি সামান্য পৰিমাণৰ জালুকৰ গুড়ি দি বনোৱা ই এবিধ লাড়ু৷ দাঁতেৰে
সহজে ভাঙিব নোৱৰাকৈ টান আৰু এবাৰ ভাঙি লোৱাৰ পাছত খাবলৈ বেচ ভাল এই মিঠৈবিধ সকলোৱে
বনাব পৰা নাছিল বাবে আজিৰ পৰা পাঁচ
ছয় দশকৰ পূৰ্বে ই বৰ দুৰ্লভ
বস্তু আছিল৷ তদুপৰি ডেৰ
দুমাহ পৰ্যন্ত নষ্ট নোহোৱাকৈ ইয়াক ৰাখিব
পৰা হৈছিল৷ সত্ৰ গোঁসাইসকলে শিচ
ভকতক নিৰ্মালি হিচাপে প্ৰদান
কৰিবলৈ ব্যৱহাৰ কৰাৰ বাবেই হয়তো সাধাৰণ লোকসকলে এনে মিঠৈ বনাবলৈ চেষ্টা কৰা নাছিল৷
আজিকালি গুৱাহাটীৰ বজাৰত এনে মিঠৈ দেধাৰ কিনিবলৈ পোৱা যায়৷ মই অৱশ্যে তাহানি বৌ আৰু
দাদাই বনোৱা পকা মিঠৈৰ জুতি এইবোৰত নেপাওঁ৷

(ক্ৰমশঃ)