শামুকৰ মালা

অংকুৰ জ্যোতি বুঢ়াগোহাঁই
 
দ লৈ
শুই আছে মানুহজন
তেওঁৰ
চোলাটো
এটা
শিলৰ ওপৰত শুকুৱাইছে!
 
শিলটোৰ
কাষতে
মূৰ্চ্ছা
গৈ পৰি আছে এখন নদী
,
পাতগাভৰুহঁতে
শামুকৰ
খোলাবোৰ বুটলি মালা গাঁঠিছে
 
বালিচৰত
শামুকৰ মালাবোৰ
কিনিবলৈ
মানুহবোৰৰ হেতা-ওপৰা
,
অথচ
কোনেও এবাৰো চোৱা নাই
শুই
থকা সেই মানুহজন…।
—————————-
 

কবিৰ
ঠিকনা:
 

তিতাবৰ
বেবেজীয়া গাঁও

ডাকঘৰ:
পুৰণা তিতাবৰ

জিলা:
যোৰহাট

পিন:
৭৮৫৬৩২

মোবাইল:
৯০৮৫৮৭৭৫০১

শ্ৰব্য ৰূপ