জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)

প্ৰশান্ত মিশ্ৰ


প্ৰস্তাৱনা

        যোৱা শতিকাৰ নৱম দশকৰ আগভাগৰ কথা৷ অসম আন্দোলনৰ (১৯৭৯-১৯৮৫) ভৰপক৷ এক
অস্পষ্ট ধুঁৱলী-কুঁৱলী চিন্তা-চৰ্চাৰে আচ্ছন্ন অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশ
! ঠিক তেনেকুৱা এটা পৰিৱেশতেই তেতিয়াৰ নলবাৰী চহৰৰ এটা ব্যক্তিগত পুথিভঁৰালত
এজন স্কুলীয়া ছাত্ৰই হঠাতে এখন কিতাপ বিচাৰি পালে৷ কিতাপখনৰ নাম
লেনিন, ৰুচবিপ্লৱ আৰু ভাৰত
লেখক শশী শৰ্মা৷ নামটোতে অভিনৱত্ব থকা কিতাপখন হাতত লৈ ছাত্ৰজন পুথিৰ গৰাকীৰ ওচৰ
চাপিল৷ কিতাপখন চাই ছাত্ৰজনক গ্ৰন্থৰ গৰাকীয়ে যিখিনি কথা ক
লে,
তাৰে সাৰমৰ্ম হল এনেকুৱা : এক স্বকীয় ৰাজনৈতিক
দৰ্শনত বিশ্বাসী বিশিষ্ট বুদ্ধিজীৱী শশী শৰ্মা নলবাৰী চহৰতেই বসবাস কৰে৷ আদৰ্শৰ স
তে আপোচ নকৰা শৰ্মা ডাঙৰীয়াই সাহিত্যৰ যোগেদি সমাজৰ ৰূপান্তৰ সাধন কৰিব খোজে৷
গ্ৰন্থৰ গৰাকীজনৰ কথা মন দি শুনাৰ পাছত কিশোৰ ছাত্ৰজনৰ মনত গ্ৰন্থৰ লেখকজনৰ প্ৰতি
গভীৰ শ্ৰদ্ধাৰ জন্ম হ
!

         সেই স্কুলীয়া ছাত্ৰজন আন কোনো নহয় – আজিৰ এই আলচটিৰ লেখকেই৷ তাৰ পাছতো
দুই দশকৰো অধিক কাল ছাৰৰ সৈতে মোৰ পত্ৰ-যোগাযোগ অব্যাহত আছিল৷ আটাইবোৰ পত্ৰৰ মাজতেই
পাওঁ ছাৰৰ বলিষ্ঠ আশাবাদ আৰু  ভৱিষ্যতৰ
সুন্দৰ সমাজ গঢ়াৰ সপোন৷ নিজে লেখি থাকিও সমকালীন সকলো লেখকক উৎসাহ-উদ্দীপনা দিয়া
বুদ্ধিজীৱী আমাৰ সমাজত তেনেই তাকৰ
! ছাৰ সেই সকলোৰে ভিতৰত আছিল এক
ব্যতিক্ৰমী ব্যক্তিত্ব
! তেখেত ভাষা জননীৰ এজন অক্লান্ত সাধকেই
নাছিল,
আছিল জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন কৰা এজন স্বপ্নদ্ৰষ্টা বিশাল পুৰুষো৷ প্ৰাচীন ঐতিহ্য বহনকাৰী ধুতি-কামিজ পৰিহিত ছাৰ
কিন্তু প্ৰকৃত অৰ্থতেই এজন আধুনিক মনৰ মানুহ৷ সেয়েহে
, শ্ৰেণীকোঠাৰ
চাৰিবেৰৰ মাজত নাপালেও
, শৰ্মাদেৱ মোৰ পৰম আপোন গুৰু’; আজীৱন প্ৰেৰণাৰ উৎস!

 

(১)

অসম আন্দোলনকালীন দিনবোৰ

        পাছলৈ ছাৰৰ জীৱনৰ অনেক কথাই মই জানিব পাৰিছিলোঁ৷ ছাৰৰ লৰা মণ্টু (প্ৰয়াত শৰদিন্দু শৰ্মা) মোৰ সহপাঠী হোৱাত
অসম আন্দোলনে সিহঁতৰ পৰিয়াললৈ কিদৰে ভাবুকি কঢ়িয়াই আনিছিল সেই কথাও গম
পাইছিলোঁ৷ ১৯৮৩ চনৰ
২৬ মাৰ্চত ছাৰৰ ঘৰলৈ কোনোবাই নিক্ষেপ কৰা
বোমাত একমাত্ৰ পুত্ৰৰ ভৰি এখন পুৰি গৈছিল
! তাৰো আগতেই ১৯৮০
চনৰ ২৫ মে
তাৰিখৰ পৰা ছাৰৰ পৰিয়ালটো সামাজিকভাৱে বৰ্জিত
হৈছিল
! ছাৰক দেখিলেই তলমূৰ কৰি মাটিত ‘‘থু’’ পেলাই যোৱাৰ দৰে গৰ্হিত কামো কৰা হৈছিল৷ অনেক
চিনাকি মানুহেও ভয়তে ছাৰৰ সংগ এৰাই চলিছিল- জনৰোষৰ বাবেই
!
১৯৮৩ চনৰ ২০ জানুৱাৰীত ছাৰে নিজৰ হাতেৰে গঢ় দিয়া অনুষ্ঠান
পূৰ্বভাৰতীলৈ যোৱাৰ পথত এচাম ছাত্ৰ স্থানীয় লোকৰ দ্বাৰা ছাৰক শাৰীৰিকভাৱে আক্ৰমণ কৰা
হৈছিল৷ তেখেতৰ নিজৰ ভাষাতেই-
দিন-দুপৰতেই জীৱনবন্তি নুমাই
দিয়াৰ ষড়যন্ত্ৰৰে চলোৱা অপ্ৰৰোচিত আৰু অমানুষিক অত্যাচাৰ নিৰ্যাতনৰ দিনৰে পৰা
আমাৰ শৰীৰ অসক্ত আৰু ৰোগাক্ৰান্ত হৈ পৰিল৷
তথাপি ছাৰ বিচলিত
নহৈ হিমালয়ৰ দৰে মূৰ দাঙি অশুভ শক্তিৰ বিৰুদ্ধে কলম চলাই গ
১৯৮৩ চনৰ ২১ জানুৱাৰীত ছাৰৰ ঘৰত জুই দিয়াৰ এক অপচেষ্টাও চলিল৷ অৱশ্যে
জিলা প্ৰশাসনৰ সময়োচিত তৎপৰতাত ছাৰৰ পৰিয়াল সেইবাৰলৈ ৰক্ষা পৰিল৷ কিন্তু এক কঠোৰ
বাস্তুৱৰ মাজেৰে ছাৰৰ পৰিয়ালে দিন নিয়াব লগাত পৰিছিল৷ ছাৰৰ সুযোগ্যা পত্নী বীণা
বাইদেউৰ ভাষাত-
কি যে ভয়াৱহ দিন আছিল সেইবোৰ! মই ২৪ ঘণ্টাই জাগি থাকিছিলোঁ৷ কোন মুহূৰ্তত প্ৰাণবায়ু যায় ঠিক নাছিল৷
তেখেতৰ লগতে ল
ৰা-ছোৱালীকেইটাৰ ভৱিষ্যতৰ চিন্তাত মই
উন্মাদিনী হৈ পৰিছিলোঁ৷ ঘৰত চৰকাৰৰ ফালৰ পৰা নিৰাপত্তাৰক্ষী এজন আছিল যদিও মোৰ ভয়ৰ
সীমা নাছিল৷ তেখেতৰ কিন্তু সেই ফাললৈ ভ্ৰূক্ষেপেই নাছিল৷ মই ল
ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ বিষয় লৈও দুঃচিন্তাত সময় পাৰ কৰিছিলোঁ৷ সিহঁতক
নলবাৰীত ৰখাটোৱেই অসম্ভৱ হৈ পৰিছিল৷ বয়স কম আছিল বাবে আৰু দেউতাকৰ আদৰ্শৰ কথা
ভালদৰে বুজিব পৰা হোৱা নাছিল বাবে বাহিৰত দেউতাকৰ বিষয়ে বেয়াকৈ শুনি-শুনি সিহঁতৰ
মনবোৰ বেয়া হৈ পৰিব বুলিয়েই মই সিহঁতক নলবাৰীৰ বাহিৰলৈ পঠিওৱাৰ দিহা কৰিবলগীয়া
হৈছিল৷ অৱশ্যে এনে এগৰাকী আদৰ্শনিষ্ঠ মানুহৰ পত্নী হ
ব পৰাটো
মোৰ বাবে গৌৰৱৰে বিষয়!
অকল এয়াইনে? ১৯৮৩
চনৰ পৰা ১৯৮৫ চনলৈ নলবাৰী কলেজত তেখেতৰ ক্লাছো ছাত্ৰই বৰ্জন কৰিছিল! তাৰ ফল
ছাত্ৰসমাজৰ বাবে মুঠেই সুখকৰ নাছিল৷ তথপি শৰ্মাদেৱ আদৰ্শৰ পৰা আঁতৰি নাহিল৷ এখন
বৃহত্তৰ প্ৰগতিশীল সাম্যবাদী অসমীয়া সমাজৰ সপোন
 দেখা
মানুহজনে ক
ৰ পৰা পাইছিল এই অদম্য সাহস? কি আছিল ইয়াৰ নেপথ্যৰ প্ৰেৰণা শক্তি? তেখেতৰ জীৱন
পৰিক্ৰমা আৰু কাৰ্যাৱলীৰ মাজতেই আমি সেই প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব৷


(৩)

জীৱন পৰিক্ৰমা

        এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত ১৯৩২ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ কৰেবাৰী
গাঁৱত জন্ম হোৱা শৰ্মাদেৱৰ পিতৃয়ে কোচবিহাৰত যাজনিক বৃত্তিত ব্যস্ত থকা বাবে শিশুকালত পিতৃৰ স
তে কদাচিতহে তেখেতৰ সাক্ষাৎ হৈছিল৷ পিতৃ সৰ্বানন্দৰ অনুপস্থিতিত অনাখৰী মাতৃ
লক্ষ্মীদেৱীৰ উমাল সান্নিধ্যতে শৰ্মাদেৱ ডাঙৰ হৈছিল৷ মাক আছিল সাধুকথাৰ ভঁৰাল৷
তদুপৰি
 বিধবা বায়েক সুভদ্ৰা দেৱী আৰু জেঠায়েক ৰাজেশ্বৰী
দেৱীৰ মুখত শুনা লোকগীত
, সাধুকথা, মন্ত্ৰ,
ফকৰা-যোজনাই শৰ্মাদেৱক শৈশৱতে লোকজীৱনৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ তাৰ উপৰি, ককায়েক
ৰামচন্দ্ৰ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় কৰ্মী

ফলস্বৰূপে
, শিশু অৱস্থাতেই ব্ৰিটিছৰ শোষণৰ বিষয়ে শৰ্মাদেৱ অৱগত
হৈছিল৷ ইফালে দাৰিদ্ৰ্যৰ হেতু ঘৰত 
লেম্প-চাকীজ্বলাবলৈও সম্বল নোহোৱা শৰ্মাদেৱে পঞ্চম শ্ৰেণীৰ পৰাই গৃহশিক্ষকৰূপে অৱতীৰ্ণ হৈ স্বাৱলম্বী হব লগাত পৰিছিল৷ এনেদৰেই বি. এ.-ৰ 
বাছনি পৰীক্ষা পাছ কৰি চান্দকুছি পাব্লিক হাইস্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে৷ তাৰো
আগতে দশম শ্ৰেণীত থাকোঁতেই অময়াপুৰকে আদি কৰি বিভিন্ন স্কুলত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল৷
আই. এ. পাছ কৰাৰ পাছতে গংগাপুখুৰী হাইস্কুলত তেখেতে সপ্তম শ্ৰেণীৰপৰা দশম শ্ৰেণী পৰ্যন্ত পাঠদান কৰিছিল৷ সেই স্কুলবোৰত অতি কম সময়ৰ
বাবে কাৰ্যনিৰ্বাহ কৰিছিল যদিও
, শিক্ষকতাৰ প্ৰতি সেই অভিজ্ঞতাই শৰ্মাদেৱৰ
ধাউতি বঢ়াইছিল৷ অংকশাস্ত্ৰত বুৎপত্তি থকা বাবে ওচৰৰ গাঁওবিলাকৰ স্কুলসমূহত
শৰ্মাদেৱক সকলোৱে শিক্ষক হিচাপে বিচাৰিছিল৷ ১৯৫৪ চনত বি. এ. পাছ কৰাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত নামভৰ্তি কৰে যদিও অৰ্থৰ অভাৱত দিনটো ৩-
টা টিউশ্যন কৰিব লগীয়া অৱস্থাত পৰিছিল৷
সেই সময়ত শমাৰ্দেৱৰ আৰ্থিক অৱস্থা ইমান বেয়া আছিল যে টংলা হাইস্কুলত এটি শিক্ষক
পদৰ বাবে গুৱাহাটীৰ উজান বজাৰৰ এজন পাণ
দোকানী
, বাঁহজানী গাঁৱৰ ৰমেন চৌধুৰীৰ পৰা পইচা ধাৰলৈ লৈ
পোষ্টকাৰ্ডত দৰ্খাস্ত দিছিল৷ অৱশেষত টংলা হাইস্কুলত চাকৰি পাই তাতে তেখেতে ১৪ মাহ শিক্ষকতা কৰে৷ ১৯৫৬ চনৰ ১৫ মাৰ্চত হৰিনাৰায়ণ দত্তবৰুৱাই তেখেতক দেৱীৰাম পাঠশালা হাইস্কুললৈ মাতি
পঠিয়ায়৷ ১৯৫৭ চনৰ ১৫ আগষ্টলৈকে তেখেত সেই স্কুলতেই শিক্ষাদানত ব্ৰতী হয়৷ সেই সময়তেই
শমাৰ্দেৱ সমাজবাদী চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হয়৷ ১৯৫৭ চনৰ ১৭ আগষ্টত তেল
শোধনাগাৰ আন্দোলনত যোগ দি তেখেতে কাৰাবৰণ কৰে৷ ফলত তেখেতে দেৱীৰাম হাইস্কুলৰ চাকৰিটো হেৰুৱাব লগাত পৰে৷ জেইলত শৰ্মাদেৱ কবি হীৰেন
ভট্টাচাৰ্যৰ পিতৃ তীৰ্থনাথ ভ
ট্টাচাৰ্যৰ সান্নিধ্যলৈ আহে৷ ট্টাচাৰ্যই তেতিয়া 
তাত জেইলাৰ হিচাপে কাৰ্যনিৰ্ৱাহ কৰি আছিল৷ তীৰ্থনাথ ভট্টাচাৰ্যৰ
উৎসাহতে তেখেতে অসমীয়া বিষয়ত এম. এ. পৰীক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু
 জেইলৰ
ভিতৰতেই পৰীক্ষাৰ বাবে নিজক প্ৰস্তুত কৰে৷ সেইমতে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছতে তীৰ্থনাথ ভট্টাচাৰ্যই সাজি থকা ঘৰতে থাকি
এম. এ. পৰীক্ষাত অৱতীৰ্ণ হৈ উচ্চ পৰ্যায়ৰ দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়৷ ১৯৫৮ চনৰ ২৯ জানুৱাৰীত এম. এ. পৰীক্ষাৰ ফলাফল
ঘোষণা নৌ হওঁতেই তেখেতে শিৱসাগৰৰ বৰহাট হাইস্কুলৰ চাকৰিত যোগ দিয়ে৷ কিছুদিনৰ পাছত এম. এ. পাছ কৰি ১৯৫৮ চনত বৰহাট স্কুলৰ চাকৰি বাদ দি তেখেত অভয়াপুৰী কলেজলৈ আহে৷ পুনৰ ১৯৫৯ চনত ডিগবৈলৈ
আহি তাৰ কলেজত নিযুক্ত হয় যদিও
, ১৯৬১ চনৰ ২৭ ফেব্ৰুৱাৰিত সেই চাকৰিও বাদ দি তেওঁ নলবাৰী কলেজৰ
সেই সময়ৰ অধ্যক্ষ স্বনামধন্য সাহিত্যিক ঐলোক্য নাথ গোস্বামীৰ পৰামৰ্শ মতে নলবাৰী কলেজৰ
চাকৰিত যোগ দিয়ে৷ নানান ঘাত-প্ৰতিঘাতৰ মাজেৰে সুদীৰ্ঘ
 ৩২ বছৰ কাল নলবাৰী কলেজত অধ্যপনা কৰি
১৯৯৩ চনৰ ১ মাৰ্চত শৰ্মাদেৱে অৱসৰ গ্ৰহণ কৰে৷ মুঠতে শমাৰ্দেৱৰ শিক্ষকতা জীৱনো
নানান অভিজ্ঞতাৰে সমৃদ্ধ৷ অৰ্থসংকটৰ বাবেই ছাত্ৰাৱস্থাৰ পৰাই শিক্ষকতা বৃত্তি
গ্ৰহণ কৰা শৰ্মাদেৱক যথাৰ্থভাৱেই
আজন্ম শিক্ষকআখ্যা দিব পৰা যায়৷ তদুপৰি, শিক্ষাদান কাৰ্যত জড়িত
হৈ শমাৰ্দেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি লোকজীৱনক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ
 সুযোগ পাইছিল৷ পৰৱৰ্তী 
কালত
ইয়েই তেখেতক জনজীৱনৰ সমস্যাসমূহৰ সমাধানৰ পথ নিৰ্ণয় কৰাত সহায় কৰিছিল৷

        ঘাইকৈ ঐলোক্যনাথ গোস্বামীৰ দ্বাৰা অনুপ্ৰাণিত হৈ শৰ্মাদেৱে প্ৰজা ছচিয়েলিষ্ট পাৰ্টিত যোগ দিছিল যদিও তেখেতে ১৯৬৩ চনত
সেই দল ত্যাগ কৰে৷ ত্ৰমশঃ মাক্সৰ্বাদৰ প্ৰতি আকৰ্ষণ বাঢ়ি আহে৷ অকল গ্ৰন্থ অধ্যয়নৰ যোগেদিয়েই 
তেখেতৰ সেই
আকৰ্ষণ বাঢ়িছিল বুলি ক
ব নোৱাৰি; বৰং
জীৱনৰ অভিজ্ঞতাই শমাৰ্দেৱক কমিউনিজ্‌মৰ ফালে টানি নিছিল৷ অভাৱে জুৰুলা কৰা পৰিয়ালত
ডাঙৰ-দীঘল হোৱা শশীনাথে উপলব্ধি কৰিছিল অৰ্থনীতি কি বস্তু! এফালে নিজৰ ঘৰৰ দৰিদ্ৰতা
,
আনফালে, মহাজনী শোষণ নীতিত বিপন্ন গাঁৱলীয়া
অৰ্থনীতি- দুয়োটাকে শশীনাথে শৈশৱৰ পৰাই দেখিছিল৷
স্বাভাৱিকতেই শশীনাথে গাঁৱলীয়া জনসাধাৰণৰ পক্ষ লৈছিল৷ কিন্তু 
তেখেতৰ পৰিণত ৰাজনৈতিক
চেতনা তেতিয়ালৈ অহা নাছিল৷ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিলে যদিও
,
দেশৰ আন বহুতো নেতাৰ লগতে অসমতো বিষ্ণুৰাভা প্ৰমুখ্যে অনেকেই
কংগ্ৰেছৰ এই স্বাধীনতাক 
ভুৱাআখ্যা দি
বিদ্ৰোহৰ অগনি জ্বলাইছিল৷ শশীনাথ এই আটাইবোৰৰ বিষয়ে জ্ঞাত আছিল৷ ইতিমধ্যে কংগ্ৰেছ
দলেও স্বাধীনতাৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনত চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছিল৷
ফলস্বৰূপে
, জনতাৰ প্ৰকৃত উন্নতিৰ কাৰণে সেই সময়ছোৱাত অন্য কোনো বাস্তৱিক দৰ্শনৰ
সন্ধানত শশীনাথ ব্যস্ত হৈছিল৷ সাহিত্য চৰ্চাৰ প্ৰতি ধাউতিও 
তেখেতৰ সৰুৰে পৰা আছিল৷
বৰদেউতাকৰ ল
ৰা, এসময়ৰ মেধাবী ছাত্ৰ
দীনেশ মিশ্ৰৰ কৰুণ স্মৃতিত 
তেখেতে প্ৰকাশ কৰি উলিয়াইছিল দীনেশ চন্দ্ৰ মিশ্ৰৰ জীৱনী (১৯৫৬)৷
কালক্ৰমত আন কেবাখনো গ্ৰন্থ তেখেতৰ কাপৰ পৰা ওলাবলৈ ধৰিলে৷ সমাজত 
তেখেতৰ এক নিজা পৰিচয়ো
সৃষ্টি হ
ল৷ কিন্তু ১৯৬৮ চনত প্ৰকাশিত মেক্মিম গৰ্কীশীৰ্ষক গ্ৰন্থখন প্ৰকাশৰ আগলৈকে শৰ্মাদেৱৰ আটাইবোৰ গ্ৰন্থই পৰম্পৰাগত
পদ্ধতি আৰু চিন্তাৰ আছিল৷ মূলতঃ নিজৰ জীৱনৰ স
তে গৰ্কী
ৰ জীৱনৰ
মিল বিচাৰি পাইছিল শৰ্মাদেৱে৷ দৰিদ্ৰতাৰ লগত আহৰহ যুঁজ দিয়া শৰ্মাদেৱৰ বাবে সেয়ে
গৰ্কী আছিল
 আদৰ্শ পুৰুষ৷ গৰ্কীৰ সাহিত্যিক দৰ্শন সমাজতান্ত্ৰিক
বাস্তৱবাদেই কালক্ৰমত শৰ্মাদেৱৰো ৰচনাৰ মূল দৰ্শন হৈ পৰিছিল৷ শশী শৰ্মাৰ মাক্সৰ্বাদৰ
প্ৰতি থকা অগাধ আস্থা
গৰ্কীৰচনাৰ সময়ৰ পৰাই গাঢ় হয় বুলি ভাবিবৰ থল আছে৷ কাৰণ মেক্মিম গৰ্কী ৰচনাৰ সময়ত ৰুছিয়াৰ সমাজ, সাহিত্য, সংস্কৃতি, বিজ্ঞানৰ
উন্নতি
, যাৰ-উত্তৰ মানুহৰ বিকাশ আদিৰ বিষয়ে ব্যাপক পঢ়া-শুনা
কৰিবলগীয়া হৈছিল আৰু সিয়েই তেখেতৰ মন সাম্যবাদৰ ফালে ঢাল খুৱাইছিল৷ এই গ্ৰন্থ
ৰচনাৰ পাছৰে পৰা শমাৰ্দেৱৰ লেখাত মাক্সৰ্বাদী দৃষ্টিকোণ পৰিস্ফূট হয় আৰু সাহিত্য-সমাজ
, সংস্কৃতি সন্দৰ্ভত তেখেতৰ বস্তুবাদী দৃষ্টিভংগীয়ে এক নতুন আয়তন লাভ কৰে৷
অৰ্থাৎ ক
বলৈ গলে মেক্সিম গৰ্কী
শমাৰ্দেৱৰ লেখক জীৱনৰ টাৰ্নিং পইণ্ট’৷ এই গ্ৰন্থৰ বাবে তেখেতে ছোভিয়েট দেশ নেহৰু বঁটাও লাভ কৰে৷ ১৯৭১ চনত তেখেতৰ কাপৰ পৰা ওলায় লেনিন, ৰুচবিপ্লৱ আৰু ভাৰত’ নামৰ গ্ৰন্থখন
গ্ৰন্থখনে অসমৰ ভিতৰে-বাহিৰে কমিউনিজ্‌মৰ আৰ্দশৰ প্ৰচাৰক হিচাপে বিপুল খ্যাতি অৰ্জন কৰে৷ সেই সময়ৰ নলবাৰীৰ নিচিনা এখন ঠাইত এনে পুথি ৰচনাৰ কামত হাত দিয়াটোৱেই
বিস্ময়জনক বুলি বিবেচিত হৈছিল! এনেকৈ শৰ্মাদেৱৰ নেক গ্ৰন্থ প্ৰকাশ পাবলৈ ধৰিলে৷ আটাইবোৰ গ্ৰন্থতেই শমাৰ্দেৱে মাক্সৰ্বাদী দৃষ্টিকোণ গ্ৰহণ কৰিলে৷ অৱশ্যে
শৰ্মাদেৱে যে গ্ৰন্থ ৰচনাৰ কামতেই নিজকে ব্যস্ত ৰাখিছিল এনে নহয়- সমসাময়িক ৰজনৈতিক ঘটনাক্ৰমৰ সৈতেও তেখেত
জড়িত  হৈ পৰিছিল৷ ১৯৬৪ চনত ভাৰতৰ
কমিউনিষ্ট পাটি চি. পি. আই. আৰু চি. পি. আই. (এম) নামেৰে দুভাগত বিভক্ত হয়৷
শৰ্মাদেৱে চি. পি. আই. (এম)-ৰ ঘোষিত আৰ্দশৰ প্ৰতি আকৃষ্ট হয়৷ ১৯৭২ চন মানৰেপৰাই
চি. পি. আই. (এম)-ৰ স
তে তেখেতৰ সম্পৰ্ক স্থাপন হয়৷ ইতিমধ্যে আন
ঘটনা কিছুমানে শমাৰ্দেৱৰে চি. পি. আই. (এম)-ৰ ঘনিষ্ঠতা বঢ়াই তুলিছিল৷ ইয়াৰ অন্যতম হ
ল জৰুৰীকালীন অৱস্থা৷ ১৯৭৫ চনৰ ২5 জুনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা
কৰা হয়৷ এই ঘোষণাৰ নেপথ্যত অৱশ্যেই তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ
ৰাজনৈতিক তৎপৰতা সক্ৰিয় আছিল৷ সেই সময়তেই শাসকপক্ষক তোষামোদ কৰি অসমৰ এচাম কবি-
সাহিত্যিক, শিল্পী, বিজ্ঞানী
স্তাৱকত পৰিণত হৈছিল৷ বঁটা
, বক্‌চিচ লাভৰ উদ্দেশ্যেৰেই এই
বুদ্ধিজীৱীৰ দলটো শাসকৰ বন্দনাত মুখৰ হৈ উঠিছিল৷ এই সকলো বুদ্ধিজীৱীৰেই মুখা খুলি শশী
শৰ্মাই ১৯৭৭ চনত লিখি উলিয়ালে ৩৭ পৃষ্ঠাৰ এখনি অকণমানি গ্ৰন্থ
জৰুৰীকালীন অৱস্থাত অসমীয়া বুদ্ধিজীৱীৰ ভূমিকা৷ লগে
লগে গ্ৰন্থখনে বামপন্থী মহলত এক আলোড়নৰ সৃষ্টি কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে গ্ৰন্থখনে
অসমৰ উপৰি বংগৰ কমিউনিষ্ট সমাজৰ মাজতো শশী শমাৰ্ৰ গুৰুত্ব বৃদ্ধি কৰে৷ ফলস্বৰূপে
,
চি. পি. আই. (এম)-ৰ সদস্য পদ গ্ৰহণ কৰিবৰ বাবে শৰ্মাদেৱৰ ওপৰত পৰোক্ষ হেঁচা
পৰে৷ শৰ্মাদেৱেও চি. পি. আই. (এম)-ৰ জৰিয়তেই ভাৰতত কমিউনিষ্ট আন্দোলনে গা কৰি উঠিব
বুলি আশা কৰি ১৯৭৮ চনৰ নিবাৰ্চনত চি. পি. আই. (এম)-ক মুকলিকৈ সমৰ্থন জনায় আৰু সেই বছৰতেই দলৰ সদস্য পদ লাভ কৰে৷ ইয়াৰ পাছত
শৰ্মাদেৱে কেবাখনো ৰাজনৈতিক ৰচনা প্ৰকাশ কৰে৷ অসম আন্দোলনৰ সময়ত ৰচিত
মানৱ বিদ্বেষ (১৯৮০), ‘আমি কি বিচাৰো’ (১৯৮১), অনুবাদ গ্ৰন্থ লাগে,
আমূল পৰিৱৰ্তন লাগে’ (১৯৭৮, মূল বাংলা- ৰঞ্জন চৌধুৰী) আৰু লি চাউ চি-ৰ প্ৰকৃত
কমিউনিষ্ট কেনেকৈ হ
ব পাৰি’ (১৯৮৩)
ইত্যাদি গ্ৰন্থই শৰ্মাদেৱক বামপন্থী মহলৰ
মাজত বিপুল জনপ্ৰিয় কৰি তোলাৰ বিপৰীতে অসম আন্দোলনকাৰীসকলৰ মাজত
মূৰৰ বিষৰূপে পৰিগণিত কৰাইছিল!

        মানৱ বিদ্বেষনামৰ গ্ৰন্থখনত তেখেতে অন্যায় অনাচাৰ,
শোষণ-নিপীড়ণ, ভয়-ভাবুকিক চিৰদিনৰ কাৰণে
নাইকীয়া কৰি সমাজতন্ত্ৰ গঢ়াৰ হেঁপাহৰ সৰল বৰ্ণনা দিছে৷
আমি
কি বিচাৰোঁ শীৰ্ষক গ্ৰন্থতো শোষণ-নিস্পেষণহীন বিশ্ব গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে
সমাজতান্ত্ৰিক বিপ্লৱৰ সূচনা কৰিবলৈ সকলোকে আ
হ্বান জনাইছে৷

        ফেচীবাদ বনাম বাম-গণতান্ত্ৰিক মৰ্চা’ (১৯৮১)
গ্ৰন্থখন অসম আন্দোলনৰ সময়ৰ গুৰুত্বপূৰ্ণ ৰচনা৷ এই গ্ৰন্থত লেখকে ফেচীবাদৰ সৈতে
সমাজতন্ত্ৰৰ বিৰোধ সমূহ আঙুলিয়াই দিছে৷
সংখ্যালঘু সমস্যা
সমাধানৰ গতিপথ
’ (১৯৮০) শীৰ্ষক আন এখন ৰচনাত শমাৰ্দেৱে সমাজতন্ত্ৰতহে সংখ্যালঘুসকলৰ দুখমোচন হবুলি মত প্ৰকাশ কৰিছে৷ মুঠতে, শৰ্মাদেৱৰ জীৱন পৰিক্ৰমা আলোচনা কৰিলে এই ৰচনাসমূহৰ মাজেৰে ফুটি উঠা
তেখেতৰ ৰাজনৈতিক দৰ্শন আমি আওকান কৰিব নোৱাৰোঁ৷ কাৰণ এই দৰ্শনেই হ
ল তেখেতৰ জীৱনৰ মূল চালিকা শক্তি৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা শিক্ষা
আহৰণ কৰি মাৰ্ক্সবাদত দীক্ষিত হৈ সৰ্বহাৰাৰ একনায়কত্ববাদ প্ৰতিষ্ঠাৰ সংগ্ৰামত
ব্ৰতী হোৱা শৰ্মাদেৱৰ জীৱন দৰ্শন সেয়েহে ঠুনুকা আৰু অলপতে বিচলিত হোৱা বিধৰ নহয়৷
ইয়াৰ ভেটি সুদৃঢ় আৰু সেইবাবেই সমাজৰ বিৰোধ
, লাঞ্চনা,
গঞ্জনা সহ্য কৰিও লক্ষ্যপূৰণৰ বাবে শৰ্মাদেৱে কাম কৰি গৈছিল৷ এই
কথা আমি লাহে-লাহে বুজিব পাৰিম৷

(ক্ৰমশঃ)