উদয় কুমাৰ বৰুৱা

 

খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত

মোৰ প্ৰথম প্ৰেম

মোৰ পৰা গোলাপ জোপালৈ

এটা অদৃশ্য বাট

 

গোলাপজোপাৰ মনত এটা

সপোনে শিপায়

এদিন টিক টিককৈ ৰঙা হৈ ফুলিব

বাটৰুৱাই ৰৈ ৰৈ চাব

হাঁহি থকা ৰঙাকলি এটাই

পুৰণি কোটৰ জেপ এটাক ঈৰ্ষাত জ্বলাব

 

ল ৰাতি টোপনিৰ দীঘল বাটেৰে নামি

সপোনটো মোৰ অৱচেতনত

থিতাপি ললে

 

নিমিষতে সপোনটো নিষিক্ত হৈ

ময়ো হলো এটা গোলাপৰ পুলি

মেলি দিলো ডাল-পাত

 

ফুলাৰ আনন্দত যেতিয়া নাচি উঠে

মন-প্ৰাণ শিপাইনো কেনেকৈ থাকে

যোগান নধৰাকে জোখাৰে আহাৰ-পানী

 

শিপাৰ পৰাই আৰম্ভ হয় নেকি

সপোনে খেদা মানুহৰ অণিৰ্ণেয় যাত্ৰা…