আহঁতগুৰিৰ নতুন চিনাকি

 নৱনীতা
ভট্টাচাৰ্য্য

 

আজি কিছুদিনৰ
পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা
কিনো শুনিবা৷ এদিনটো এজোপা এৰাগছে কৈয়ে পেলালে
, “বোলে, আহঁতগুৰিত আমাৰ দৰে বৃক্ষ পাবলৈ নাই!কথাষাৰ কাৰো হজম নহ, কিন্তু
কি কৰিব
, আহঁতগুৰিৰ আহঁতগছজোপা কটাৰ
দিন ধৰি সিহঁত নিঠৰুৱা হৈ পৰিছে৷ সেইবাবে মন গ
লেও মুখ ফুটাই
একো ক
ব নোৱাৰা হল৷ যিয়ে নিজৰ
পৰিচয়েই হেৰুৱাই পেলাইছে তাৰ বাবে এই দুখনো কি দুখ! অৱশ্যে আজিও সকলোৱে ঠাইখনক
আহঁতগুৰি বুলিয়ে কয়৷ পিছে আগৰ সেই গহীন পৰি
ৱেশ নাই৷
কেনেকৈনো হ
ব আজি কিমান দিন হল গছজোপা
কটাৰ! কথাতে কয় নহয় গছ নথকা ঠাইত এৰাগছেই বৰগছ বুলি৷ তাকেই মানি লৈ আহঁতগুৰিৰ সকলো
জীৱ-জন্তুৱেই এদিন নহয় এদিন সু-দিন ঘুৰি আহিব বুলি মনে মনে সকলো সহ্য কৰি আছে৷

আহঁতগুৰিৰ বিষয়ে ইমানবোৰ কথা কলো, কিন্তু ঠাইখনৰ চিনাকিটোহে দিয়া হোৱা নাই৷ সোণটিৰ ঘৰৰ পৰা পোনে পোনে গলেই যিটো তিনিআলি পোৱা যায় সেই তিনিআলিটোৰ নামেই আহঁতগুৰি৷ দৰাচলতে আজিৰ
পৰা বহু বছৰ আগৰে পৰা মানে সোনটিৰ ককাকৰ মনত থকা দিনৰে পৰা তাত এজোপা বৃহৎ আহঁতগছ
আছিল৷ কিন্তু কিছুদিন আগতে পথটো বহলোৱাৰ নামত গছজোপা কাটি পেলোৱা হ
ল৷ সেইদিনাৰ পৰাই এৰা গছকেইজোপাৰ এই আচৰণ৷ পিছে আজি আহঁতগুৰিত এনে এটা
ঘটনা ঘটিল যে এক পলকতে এৰা গছেকইজোপাৰ দৰ্প চূৰ্ণ হ
ল৷
দৰাচলতে সিদিনাখন আহঁতগুৰিৰ কেইজনমান সচেতন লোকে সেই তিনিআলিটোতে আহঁতগছৰ পুলি এটা
ৰুইছিল৷ গছজোপা কটাৰ আজি বহুত দিনেই হ
, তথাপি গছজোপাৰ উপকাৰ কোনেও পাহৰিব পৰা নাই। সেইবাবেই হয়তো তিনিআলিটোৰ
দাঁতিতে পুনৰ গছ এজোপা ৰোৱাৰ সিদ্ধান্ত লৈছিল৷ নতুন আলহী অহা দেখি তিনিআলিটোত থকা
সকলো জীৱ-জন্তুৰ মন উলাহেৰে ভৰি পৰিছিল৷ পিছে এৰা গছ কেইজোপাইহে লাজতে মূৰ তুলিব
পৰা নাই। তাকে দেখি সকলোৰে মাজত বু-বু বা-বা চলিল৷ আহুকাণে-পহুকাণে কথাটো পলমকৈ হ
লেও গৈ বামুণ ভেকোলাৰ কাণত পৰিল৷ কত নো কি ঘটিছে তাকে
চাবলৈ বুলি সিও কেপো-জেপোকৈ পাৰলৈ উঠি আহিল। পিঠিত নোম গজা বামুণ ভৈকোলাক বাহিৰত দেখি
সকলো আহি গোট খালেহি। বুঢ়া হোৱাৰে পৰা ভেকোলাই তেনেকৈ বাহিৰলৈ ওলোৱা-সোমাৱা নকৰাই
হৈছে৷ আজি বাহিৰলৈ ওলাইছে যেতিয়া কথা কিছু গধুৰেই হ
ব৷ সেইবাবে
সকলোৱে সমস্বৰে বাহিৰলৈ ওলোৱাৰ কাৰণটো সুধিলে৷

তাকে শুনি
ভেকোলাই ক
লে, “বোলোঁ, ইমান
দিনে ফিটাহি মাৰি ফুৰা এৰা গছেকইজোপাৰনো কি 

তাকে চাবলৈহে ওলাই আহিলো
? পিছে কথা গুৰিত৷”

ভেকোলাৰ কথা
শুনি সকলো আচৰিত হ
ল৷ কত নো কি ঘটিল
তাকে জানিবলৈ ভেকোলাৰ মুখলৈ

বাট চাই ৰল৷
ধৈৰ্য ধৰিব নোৱাৰি ফৰিঙে মাত লগালে
, “পিছে উৰহী গছৰ ওৰ কত আমি হলে ধৰিব পৰা নাই। অলপ বহলাই কোৱাঁচোন৷”

কথাটো
তেনেই উজু। তোমালোকেহে গমি-পিতি চোৱাত ভুল কৰিছা৷ আমাৰ ঠাইখনে পুনৰ ঠিকনা বিচাৰি
পালে৷ আৰু কিছুদিন অপেক্ষা কৰাঁ
, সেই সোণালী দিন পুনৰ ঘুৰি
আহিব৷ তাকে দেখি মিছা গপত ওফন্দি থকাবিলাকৰ ভয়তে হাত-ভৰি পেটত লুকাইছে চাগে
৷”
ফৰিঙৰ কথা শুনি ভেকোলাই কলে।

ভেকোলাৰ কথাৰ
পাক বুজি নাপাই উঁইচিৰিঙাটোৱে ক
লে, “সাঁথৰ এৰি
আচল কথাটো কোৱাঁ
?”
 

তোমালোকে
দেখিছো কথাবোৰ বুজিয়েই পোৱা নাই৷ এই সকলোবোৰ নতুন আলহীৰ কৃপাতে সম্ভৱ হৈ উঠিছে৷

কথাষাৰ কৈ বামুণ ভেকোলাটো গছপুলিটোৰ ওচৰলৈ গ
আৰু ক
বলৈ আৰম্ভ কৰিলে, “এই গছপুলিটো
দেখিছা নহয়৷ ই কোনো সাধাৰণ গছপুলি নহয়। এইটো হ
ল আহঁতগছৰ
পুলি
, আঁহতগুৰিৰ প্রকৃত চিনাকি। আৰু কিছুদিন অপেক্ষা কৰাঁ,
এই অকণমানি গছপুলিটো অতি সোনকালে লহ-পহকৈ বাঢ়ি আহি বৃক্ষৰ ৰূপ লব৷ আঁহত গছজোপাৰ নামাৰে জানো আমাৰ এই ঠাইখনৰ নাম আঁহতগুৰি নহয়৷ সেই
সূত্ৰে আমি হ
লোঁ আঁহতগুৰিৰ বাসিন্দা৷
আনে যিমানেই ওফাইডাং মৰা কথা নকওক কিয়
, কোনোবাই জানো
আঁহতগছজোপাৰ ঠাই ল
ব পাৰিব৷ কোনোবাই জানো আমাক সেই চিনাকি
দিব পাৰিব৷ এতিয়াৰ পৰা আমি সুৰক্ষিত৷ যোৱা সকলোৱে নিজৰ কামত ধৰাগৈ৷

ভেকোলাৰ কথা
শুনি সকলোৰে মনৰ দ্বিধা আঁতৰিল৷ সিদিনাখনৰ পৰা এৰা গছকেইজোপায়ো ওফাইডাং মৰি নুফুৰা হ
ল৷
আঁহতগুৰিলৈ অতি সোনকালে সু-দিন ঘুৰি আহিব বুলি জানি আমিও সন্তুষ্ট হৈ গুচি আহিলোঁ৷

 

ঠিকনা :

বেলতলা তিনিআলি

 ফোন : ৯৮৬৪২৩৩৩৫০