এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা
ভট্টাচাৰ্য্য

পঞ্চম খণ্ড

জলপান খাই আইতা
আৰু মই বাৰীলৈ ওলাই গ
লোঁ। বাৰীখনত শাৰী শাৰীকৈ বহুতো গছ আছে৷ আম,
কঠাল, নাৰিকল, জলফাই,
আমলখি, শিলিখা কত যে
গছ! কিন্তু মই মন কৰিলোঁ যে বাৰীখনত তামোলগছৰ সংখ্যাই অধিক। কিছুমান তামোলগছত আকৌ
পাণগছৰ লতাবোৰো বগাই গৈ আছে৷ অকল ইয়াতেই নহয় আগফালৰ চোতালত থকা বাগিচাখনতো বহুতো
তামোলগছ আছে৷ ইমানবোৰ তামোলৰ গছ দেখি মই এক
দুই, তিনি বুলি গম্তি কৰিবলৈ ধৰিলোঁ। গণনা কৰি কৰি ভাগৰি পৰিলোঁ, তথাপি শেষ নহল৷ কথাটোৱে মোৰ মনত কৌতূহলৰ সৃষ্টি
কৰিলে৷ সেইবাবে আইতাক সুধিলোঁ
, “আমাক ইমানবোৰ তামোলগছ কিয়
লাগে
? আমাৰ ঘৰৰ মানুহে ইমান তামোল খায়নে?”
 

মোৰ কথা শুনি
আইতাই ক
লে, “আমাৰ সমাজত তামোল-পাণে বিশেষ স্থান অধিকাৰ কৰি
আহিছে৷ অসমীয়া মানুহৰ বাৰীত তামোল-পাণ ৰোৱাটো এটা ৰীতি বুলিয়ে ক
ব পাৰি৷ কথাতে কয় নহয়আগফাল শুৱনি কাকিনী তামোল পিচফাল
শুৱনি পাণ
” তামোল-পাণৰ গছে বাৰীখন শুৱনী কৰি তোলে৷ চোৱাঁচোন
শাৰী শাৰী তামোলৰ গছবোৰ আৰু তাত বগাই যোৱা পাণগছবোৰ
 কিমান
সুন্দৰ! তদুপৰি ভোজনৰ পাছত তামোল-পাণ খোৱাটো আমাৰ এটা পুৰণি অভ্যাস৷ হয়তো
সেইবাবেই প্ৰতিঘৰতে তামোলৰ গছ ৰোৱা হয়
, যাতে কিনি খাব
নালাগে৷ অৱশ্যে অকল খোৱাৰ বাবেই নহয়, আমাৰ সমাজৰ নানা ধৰ্ম-অনুষ্ঠান বা সামজিক উৎসৱতো তামোল-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে৷ পূজাৰ নৈ
বেদ্যৰ
লগত তামোল-পাণ অপৰিহাৰ্য উপাচাৰ৷ তামোল-পাণেৰে আলহীক অভ্যৰ্থনা কৰা হয়
, সন্মান জনাবলৈ গঞা ৰাইজলৈ তামোল-পাণৰ শৰাই আগবঢ়োৱা হয়৷ তামোল-পাণৰ
আদান-প্ৰদানেৰে বন্ধুত্ব স্থাপন কৰা হয়৷ ৰজহুৱা দায়-দোষ লাগিলেও তামোল-পাণ
আগ বঢ়াই দোষ মৰিষণৰ বাবে সেৱা আগ বঢ়োৱা হয়৷ অপায়-অমংগলৰ সময়তো গোসাঁইলৈ তামোল-পাণ
আগ বঢ়োৱাৰ নিয়ম আছে। গুৰুৰ আশীৰ্বাদ ল
বলৈও তামোল-পাণ
ব্যৱহাৰ কৰা হয়৷ বিয়াৰ নিমন্ত্ৰণ জনোৱাৰ সময়তো তামোল-পাণ ব্যৱহাৰ কৰা হয়৷ ঘৰত
কিবা অনুষ্ঠান পাতিলেও তামোল-পাণ আগ বঢ়াই আশীৰ্ৱাদ লোৱা হয়৷ বিয়াৰ সময়তো
দৰা-কইনাই এযোৰ তামল-পাণ আৰু এখন কটাৰী লগত লৈ থকা নিয়ম আছে৷ জোৰণৰ সময়তো কেচা
তামোল এঠোক দিয়া হয়৷ বিয়াতো সাতখিলা পাণ গচকাৰ বিধি আছে৷ আহোমসকলে চকলং পদ্ধতিৰে
পতা বিৱাহতো তামোল-পাণ ব্যৱহাৰ কৰা হয়।
 

এনেদৰে
তামোল-পাণ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়৷ সেইবাবে আমাৰ ঘৰবিলাকত তামোল ৰোৱা হয়৷
তামোল অধিক হ
লে সেইবোৰ কাটি ৰদত শুকুৱাই বহুদিনলৈ
সাঁচি থ
বও পাৰি৷ গাঁতত পুতি তামোল বহুদিনলৈ সাঁচি থব পাৰি৷ এনে নিয়মটো আমাৰ নিজৰ। সাধাৰণতে আন ঠাইত তামোল শুকুৱাই ৰখা হয়৷ অসমৰ দৰে ভাৰতৰ অন্য ঠাইত কোমল তামোল অথবা
পনিয়লী তামোল বা কেচা তামোল খোৱাৰ প্ৰথা নাই৷ আমাৰ তামোল-পাণ খোৱাৰ নিয়মো কিছু
সুকীয়া। সাধাৰণতে তামোলৰ লগত বিভিন্ন দ্রব্য মিহলি কৰি সুগন্ধি কৰি খোৱা হয়৷
যেনে- কৰ্পূৰ
, লং, আদা, শতমূল ইত্যাদি মিহলি কৰি তামোল খোৱাৰ নিয়ম দেখিবলৈ পাওঁ৷ কিন্তু অসমীয়া
মানুহে পাণত চূণ সানিহে তামোল খায়৷

অসমীয়া মানুহৰ
ঘৰলৈ গ
লে বটা বা শৰাই এখনত তামোল-পাণ সাজু কৰি থোৱা দেখা যায়৷ যাতে কোনোবা
আহিলে তামোল এখন আগ বঢ়াব পাৰে৷ অৱেশ্য পূজাত বা নৈ
বেদ্যত
আগ বঢ়োৱা তামোল-পাণত চূণ সনা নহয়৷ আলহী-দুলহী আহিলে কেতিয়াবা চাহ নাখালেও তামোল
এখন খাই যোৱাটো আমাৰ নিয়ম৷ গাঁৱৰ মহিলাসকলে কাম কৰি থকা সময়ত তামোল একোখন চোৱাই
থকা দেখা যায়৷ আমাৰ সমাজত
পুৰুষ-মহিলা, ডেকা-গাভৰু কাৰো কাৰণে তামোল খোৱাত বাধা নাই। আনকি
দাঁত
নোহোৱা বুঢ়ায়ো খুন্দনাত খুন্দি তামোল খায়৷ আহোম ৰজাৰ
দিনততো ৰজা আৰু ডা-ডাঙৰীয়াসকলক তামোল-পাণ যতনাই দিবলৈ এগৰাকী বিষয়া নিয়োগ কৰা হৈছিল৷
তেওঁক তামুলী বুলি কৈছিল৷ স্বৰ্গদেউ প্ৰতাপসিংহই বাৰীত কাম কৰা ল
গুৱা এজনৰ কাম দেখি ইমানেই আকৃষ্ট হৈছিল যে তেওঁ সেই লগুৱাজনক নিজৰ তামুলী লিগিৰা আৰু অৱশেষত বৰবৰুৱা পাতিছিল। এই প্ৰতিভাশালী
লোকজন হ
ল মোমাই তামুলী বৰবৰুৱা৷ সত্ৰসমূহতো গুৱাকটা বাব
আছে৷ গুৱা মানে তামোল দেই।

আমাৰ সমাজত
তামোলৰ জন
প্ৰিয়তা ইমানেই যে তামোল ব্দৰ
পৰা বহুতো ঠাইৰ নাম উৎপত্তি হৈছে
, যেনে তামোলবাৰী, তামুলপুৰ, তামোলছিগা
ইত্যাদি৷ তুমি জানানে গুৱা মানে তামোল শব্দৰ পৰাই গুৱাহাটী শব্দটোৰো সৃষ্টি হৈছে
বুলি বিশ্বাস কৰা হয়৷ তামোলখোৱা প্ৰথাৰ লগত জড়িত কেইটামান সামগ্ৰীৰ নাম হ
তামোল জোলোঙা, তামোল কটাৰী,
খুন্দনা ইত্যাদি৷ খুব বেছিকৈ তামোল খোৱা মানুহক ঠায়ে ঠায়ে তামোলতী বোলাও শুনা যায়।
 

অসমৰ জনজাতিসকলৰ মাজতো তামোল খোৱাৰ প্ৰচলন আছে। নগা, গাৰো, খাচি, মিকিৰ ইত্যাদি লোকসকলৰ মাজত তামোলৰ বহুল
প্ৰচলন দেখা পোৱা যায়৷ অকল ইমানেই নহয়, আগৰ দিনততো তামোল এখন খোৱা পৰলৈ লক্ষ্য
ৰাখিয়ে পথৰ দূৰত্ব নিৰূপ
কৰা হৈছিল৷ তেওঁলোকে ভ্ৰমণত ওলালে
হাঁচতিত সৰহকৈ তামোল-পাণ বান্ধি নিছিল আৰু গ
ন্তব্য স্থানত
উপনীত হ
বলৈ কিমানখন তামোল লাগিছিল তাক গনা কৰিছিল৷ অসমীয়া গাঁৱৰ মানুহে কৰবালৈ গলে লগত তামোল-পাণ বান্ধি নিয়া অভ্যাস
আজিকালিও দেখা যায়৷ মুঠতে তামোল-পাণ আমাৰ দৈনন্দিন জীৱনৰ এটা প্ৰধান অংগ৷
সেইবাবে তামোল কটাৰ সময়ত নানা নিয়মো মানি চলা হয়৷ কিছুমানে পাণ হাতেৰে ফালিব
নাপায় বুলি কয়৷

অসমীয়া মানুহে
তামোল-পাণক দৰব হিচাপেও ব্যৱহাৰ কৰে৷ তামোল খালে পেটৰ অসুখ
, দাঁতৰ ৰোগ আৰু বিষ ভাল হয় বুলি কয়৷ কটা ঘা শুকাবলৈ পাণৰ ঠাৰিত মিঠাতেল মিহলাই গৰম কৰি লগালে সোণকালে ভাল হয়৷ তামোল-পাণে মুখৰ দুৰ্গন্ধ আঁতৰায়৷ গাঁৱলীয়া দৰব-পাতিৰ অন্যতম উপাদান এটা হ
তামোল-পাণ৷ অৱশ্যে তামোলত এৰকেলিনিক এছিডৰ পৰিমাণ বেছি থাকে বাবে ই কেতিয়াবা মূৰত
ধৰে৷ কেতিয়াবা ই জীৱনলৈ বিপদো মাতি আনিব পাৰে৷ বেছিকৈ তামোল-পাণ খোৱাটো শৰীৰৰ
বাবে অপকাৰী৷ বিশেষকৈ ই আমাৰ মুখগহ্বৰ আৰু পাকস্থলীত ৰোগৰ সৃষ্টি কৰিব পাৰে৷
তামোল-পাণ খোৱাৰ আ
টাইতকৈ ডাঙৰ অসুবিধা হল তামোলৰ পিক৷ তামোল-পাণ খাই জধে-মধে পিক পেলালে ঠাইসমূহ অপৰিষ্কাৰ হৈ
পৰে৷ এনে কৰাটো বৰ বেয়া কাম৷

 

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০