অৰ্কৰ পৰীবন্ধু

মূল
গল্পকাৰ : অমিত কুমাৰ কুণ্ড ( বাংলাদেশ)

অসমীয়া
ভাষান্তৰ : মিণ্টুল হাজৰিকা


(লেখক
পৰিচয় : ১৯৮৪ চনৰ ২৫ অক্টোবৰ তাৰিখে বাংলাদেশৰ
ঝিনাইদহ
জিলাৰ মহেশপুৰত জনপ্ৰিয় শিশু সাহিত্যিক অমিত কুমাৰ কুণ্ডুৰ জন্ম হৈছিল। দেউতাকৰ
নাম অমল কুমাৰ কুণ্ডু আৰু মাকৰ নাম দীপ্তিৰাণী কুণ্ডু। প্ৰগ্ৰাম এছ
চিয়েট গ্ৰেড ৱান হিচাপে ঢাকাৰ বিদ্যুত বিভাগত কৰ্মৰত। তেওঁৰ প্ৰকাশিত শিশু-কিশোৰ প্ৰবন্ধ
সংকলন হৈছে
–‘বিশ্বজয়ী’ আৰু উপসনা৷ শিশু পদ্যৰ সংকলন হৈছে ‘অয়ন্তিকা’, ‘জননী
আমাৰ স্বদেশ আমাৰ’,‘ছন্দে ছন্দে নৈতিকতা, আৰু ‘বঙ্গবন্ধু অবিনাশী অক্ষম
শিশু গল্প সংকলন
হৈছে
সততাৰ পুৰস্কাৰ’, ‘লাষ্ট বেঞ্চেৰ ছাত্ৰ’, ‘গল্প কথায় বৰ্ণমালা’, আৰু ফাৰ্ষ্ট
বেঞ্চেৰ ছাত্ৰ
’৷)

 

অৰ্কই এইবাৰ দহ
বছৰত ভৰি দিলে। সি চতুৰ্থ শ্ৰেণীত পঢ়ি আছে। সি সদায় আবেলি ছাদত উঠে আৰু
ইফালে-সিফালে ঘূৰি-পকি ছাদৰ চিৰিৰ ওপৰত দিয়া ছাউনিৰ ওচৰত আহি থিয় হৈ আকাশৰ পিনে
চাই থাকে। অৰ্কই বাৰু কি চাই থাকে
?

দূৰৰ পৰাই চালে
ভাব হয় সি যেন আকাশক একেথৰে চাই আছে। আকাশৰ নীলা ৰঙৰ মাজত সি কিবা যেন বিচাৰিহে
আছে। চাওঁতে চাওঁতে সপ্তাহ পাৰ হৈ গ
, মাহ
পাৰ হৈ গ
ল আৰু পুৰণি বছৰেও মেলানি মাগি নতুন বছৰক আদৰি
আনিলে
অৰ্কয়ো চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হৈ পঞ্চম শ্ৰেণী পালে। ছাদৰ টাবত কিছুমান গছপুলি ৰুই থোৱা আছিল। বাৰিষাৰ প্ৰথমজাক বৰষুণ পাই সিহঁতো তজবজীয়া হৈ পৰিল। খালী
হৈ পৰি থকা ছাদখন যেন ফুলে-ফলে জাতিষ্কাৰ হৈ পৰিছে। তৎসত্ত্বেও অৰ্কৰ আকাশৰ পিনে
একেথৰে চাই থকা কাৰ্যৰ অন্ত নপৰিল। সিনো আকাশৰ পিনে চাই কি বিচাৰি আছে
?

মাকে বাথৰুমৰ
ছাদত কিছুমান অপ্ৰয়োজনীয় বস্তু থৈ দিয়ে
, যিবোৰ সচৰাচৰ ব্যৱহাৰ নহয়। ইমান দিনে চকীৰ ওপৰত টুল দি তাতে উঠি সেইবোৰ থব লগা হৈছিল, আকৌ চকীৰ ওপৰত টুল দি তাতে উঠি সেইবোৰ
নমাবলগীয়াও হৈছিল। বৰ
দিগদাৰি, তদুপৰি
চকী পিছল খাই পৰি কিবা অঘটন হোৱাৰো ভয় আছে। মাকে মাজে-সময়ে ইয়াকে লৈ দেউতাকৰ
ওপৰত খং কৰে। কিন্তু বেচেৰা দেউতাকে সেই সময়ত চুপচাপ থাকে। তেওঁনো কৰিব কি
,
কাৰণ তেওঁৰ আয়ৰ পৰিমাণ একেবাৰে সামান্য।

কেইমাহমান মাকে
টকা অলপ জমা কৰি দেউতাকৰ হাতত তুলি দিলে আৰু দেউতাকে সেই টকাৰে জখলা এডাল কিনি
আনিলে৷ এলুমিনিয়ামৰ জখলা। দেখিবলৈ বৰ ধুনীয়া। মাকৰ মুখত আনন্দৰ হাঁহি ফুটি উঠিল।
অৰ্কৰো বৰ আনন্দ লাগিল
, এতিয়া বৰ সহজভাৱেই সি ওপৰলৈ উঠিব পাৰিব।
মাকে প্ৰয়োজন হ
লেহে উঠে। দেউতাকো উঠে। দুদিন আগতে অৰ্কও উঠিছিল কিযে মজা উঠিবলৈ।

বন্ধৰ দিন। মাক
দেউতাক শুইছিল। ইয়াৰ মাজতে আবেলি সময়ত অৰ্ক ছাদত উঠিল

অকলে কিন্তু খালী হাতেৰে নহয়। হাতত তাৰ
জখলাডাল আছে। নতুনকৈ কিনা জখলা। দুৰ্বল জখলাডাল লৈ সি ছাদত উঠিছে। কিয় ছাদত উঠিল সি
?
কি কৰিব জখলাডালেৰে ? ছাদৰ ওপৰত সি জখলাডাল কি কামত
ব্যৱহাৰ কৰিব কোনে জানে
?

সি জখলাডাল লৈ আহিল
খটখটীৰ ওপৰত দিয়া ছাদৰ ছাউনিৰ ওচৰলৈ ৷ মেলি লৈ ছাউনিৰ গাৰ কাষলৈ ঠেলি দিলে। খপজপকৈ
সি জখলাৰ এটা এটা ঢাপ বগাই উঠিল। ইয়াতচোন ৱাছৰূমৰ ফলছ্‌ চিলিং নাই। নাই বস্তু ৰাখিব
পৰাকৈ কোনো ঠাই। কি কৰিবলৈ সি চিৰি বগাই উঠিল
? আৰু অলপ ওপৰলৈ উঠি সি চাব নেকি
ওপৰৰ পৰা আকাশখন কেনে দেখি
? হয়তো ৷ হয়তো নহয়। আমি দূৰৰ পৰা তাৰ মনৰ
কথাটো বুজি নাপাওঁ
গতিকে চাওঁচোন কি হয়৷

নাই, অৰ্ক থমকি নৰল। একেবাৰে ছাউনিৰ ছাদত উঠিহে এৰিলে ৷
এই ছাদখনক লৈ তাৰ যে কিমান বছৰৰ কৌতূহল ৷ কি আছে এই ছাদখনত
? সদায়
এই কথাকে সি ভাবিছিল ৷ খটখটীৰ ওপৰত দিয়া ছাউনিৰ পিনে মুখ কৰি
, আকাশৰ পিনে চাই।

আজি যেতিয়া তাৰ
সপোনৰ ছাউনিৰ ছাদত উঠিবলৈ সক্ষম হ
, তেতিয়া
তাৰ অলপো ভাল নালাগিল। ধূলিৰে লেতেৰা হৈ থকা এখন ছাদ। একোৱেই নাই। ভয় লাগিছে খুব।
ভৰি কঁপিছে। বুকু কঁপিছে। এই ছাদত কোনো ছাজা নাই। সি পৰি যাব নেকি! সি নামিব পাৰিব নে! অৰ্কই কান্দিবলৈ ধৰিলে।

জখলাডালেৰে ওপৰলৈ
উঠোঁতে তাৰ অকণো কষ্ট হোৱা নাছিল। নামিব খোজোঁতেহে তাৰ ভৰি এনেদৰে কঁপিছে যে সি
নামিবলৈ চেষ্টা কৰিছে কিন্তু নামিব পৰা নাই। অৰ্কই বাৰে বাৰে নামিবলৈ চেষ্টা কৰিছে
যদিও পুনৰ বিফলেই হৈছে। অৰ্ক তাৰ পৰা নামিব নোৱাৰিবই নেকি
?

অৰ্কই বুকু ফাটি
যোৱাকৈ কান্দিলে ৷ মাক-দেউতাকৰ কথা তাৰ মনত পৰিল, স্কুলৰ বন্ধুহঁতৰ কথা মনত পৰিল
; সৰু ভনীয়েকৰ কথা মনত পৰিল। যিমানেই সিহঁতৰ কথা মনত পৰিছে সিমানেই সি কান্দিবলৈ
ধৰিলে। অৰ্কৰ কান্দোন শুনি ওচৰৰ ঘৰৰ মানহ ছাদত আহি
জু
বান্ধিলে ৷ কিছমানে ফটো তুলিছে
, কিছুমানে আকৌ ভিডিঅকৰাত লাগিছে। ৰুমেল ডাঙৰীয়াই এখন মাহেকীয়া আলোচনী পঢ়ি আছিল। আলোচনীখনে
আটক ধুনীয়াকৈ বিহু সংখ্যা উলিয়াইছে। পঢ়িবলৈ এৰি তেৱোঁ উঠি আহিল
, কিনো হল লৰাটোৰ! সি পৰিয়ে
যাব নেকি
? ৰুমেল ডাঙৰীয়াৰ বুকুখন কঁপিবলৈ ধৰিলে। মানুহজনে
চিঞৰিছে। অৰ্কৰ দেউতাক ছাদৰ ওপৰলৈ উঠি আহিল। ৰুমেল ডাঙৰীয়াই চিন্তিত মনেৰে ফটো
তুলি ৰাখিলে
, পৰৱৰ্তী সময়ত কি বা হয়।

অৰ্কৰ দেউতাকে তাক সাহস দি কৈছে, সাহ গোটাই ভৰি এখন থোৱাঁ আৰু টানকৈ ছাউনিৰ ছাজাখনত ধৰাঁ। জখলাডালৰ ওপৰত ভৰি থৈ
ভৰিখন লৰাই নাথাকিবা ৷ ভয় নকৰিবা৷ তৎসত্ত্বেও অৰ্ক ভয়ত পেঁপুৱা লগাৰ দৰে থিয় হৈ
আছে। অৰ্কই নামিব নোৱাৰিবই নেকি
?

এইখিনি সমযতে
ছদৰ ওপৰে ওপৰে কৌতূহলী চকু থৰ কৰি ৰৈ আছে। এটা দূৰ্ঘটনা চাবলৈ আহিছে সিহঁত। সিহঁতেও
চিঞৰি চিঞৰি নানান পৰামৰ্শ দি আছে। তাৰে কিছু অংশ অৰ্কই শুনা পাইছে আৰু কিছু অংশ
কাণত গৈ পৰাৰ আগতেই বতাহত মিলি গৈছে। অৰ্কই বৰ ভয় খাইছে৷ কি হ

তাৰ
?

দেউতাকে সাহস দিছে,

মই কৈছোঁ নহয়
তুমি পাৰিবা। উঠিব পাৰিছা যেতিয়া
, নামিবও পাৰিবা। সাহস
কৰাঁ
, সাহসেই আচল কথা। ৰুমেল ডাঙৰীয়াই থিয় হৈ আছে, আই ঐ দেহি, লৰাটোৰ এতিয়া কি হ?

অৰ্কই জখলাত ভৰি
লে। গধুৰ গা। শকত-আৱত চেহেৰা ৷ জখলাত ভৰি দিয়াৰ লগে লগে জখলাডাল কঁপি উঠিল।
দেউতাকে টানকৈ ধৰি আছে। অৰ্কই এখন ভৰি দিয়াৰ লগে লগে জখলাডাল ভূমিকম্পত কঁপাৰ দৰে কঁপি
উঠিছে। সি জানো নামিব পাৰিব
?

হঠাৎ চাদত আহি
পৰিলহি অৰ্কৰ পৰীবন্ধু। কি যে ধুনীয়া ধকধকীয়া বগা তাৰ পাখি দুখন। ৰাজহাঁহৰ দৰে
, চালে চাই থাকিবৰেই মন যায়। অৰ্কৰ জন্মদিনত মাকে তাক এটা পৰীৰ পুতলা কিনি দিছিল৷ পুতলাটোক যি কোৱা হয় তাকে পুনৰাবৃত্তি কৰে। যদি কোৱা হয়, ‘ভালে আছা নে অৰ্ক? পুতলাটোৱে লগে লগে কয়, ‘ভালে আছা নে অৰ্ক? অৰ্কই যদি উত্তৰ দি কয়, ‘মই ভালে আছোঁ’, তেতিয়া পুতলাটোৱেও কয়, ‘মই ভালে আছোঁ।কি যে মৰমলগা নহয় নে? ঠিক যেন এটা ভাটৌ চৰাইহে ।

অৰ্কৰ এই
পৰীবন্ধুও পুতলাটোৰ দৰে ধুনীয়া। কেৱল এটাই পাৰ্থক্য যে এই পৰীবন্ধুৱে নিজে নিজে কথা
ব পাৰে৷ পৰীবন্ধুক দেখাৰ লগে লগে অৰ্কৰ সাহস আহিল।৷ মুখ বাগৰি বিয়পি গল প্ৰশান্তিৰ হাঁহি । বহু সময় ধৰি পৰীবন্ধুৱে অৰ্কৰ পিনে একেথৰে চাই
থাকিল আৰু অৰ্কয়ো চাই থাকিল। বহুদিনৰ মুৰত
সিহঁতৰ দেখাদেখি হৈছে৷
সেয়ে চাই হেঁপাহ পলোৱা নাছিল৷

পৰীবন্ধুৱে মিচিকিয়াই হাঁহি এটা মাৰি কলে, ভয়াতুৰ কৰবাৰ৷ ইমানখিনিতে ভয় খালে জানো হ? যদি তুমি ভয় কৰাঁ মোৰ সতে আকাশত কেনেকৈ উৰিবা ?
তুমি বোলেচোন পাইলট হবা? আকাশে আকাশে উৰাজাহাজ উৰুৱাই ফুৰিবা। মই তোমাৰ লগে লগে উৰিম। তৰা চাম।
পূৰ্ণিমাৰ ৰাতিৰ জোন চাম৷ তুমি উৰাজাহাজেৰে মৰুৰ দেশলৈ যাবা। যি দেশত শীতকালত
বৰফ পৰে সেই দেশলৈ যাবা। ময়ো যাম তোমাৰ বন্ধু হৈ। আমি সাগৰৰ পাৰত হাতে হাত ধৰি
খোজকাঢ়ি ফুৰিম। সাগৰত গা ধুম। পাহাৰ বগাম। ইমান ভয়াতুৰ হ
লেচোন
একোৱেই কৰা নহ
বগৈ। এহ্ যোৱাঁ, তুমি এজন
ভয়াতুৰ ল
ৰা। তোমাক মই নামাতোঁ যোৱাঁ।

অৰ্কই লগে লগে কৈ উঠিল, নহয় নহয় পৰীবন্ধু। মই অলপো ভয় কৰা নাই। এয়া চোৱাঁচোন, মই কেনেকৈ নামি আহোঁ। অৰ্কই তাৰ পৰীবন্ধু নহালৈকে
এখন ভৰিহে জখলাত থৈছিল। এতিয়া দুয়োখন ভৰি দি নামিবলৈ ধৰিলে। ছাদে ছাদে থিয় হৈ
চাই থকা মানুহবোৰে চাই অবাক হৈ পৰিল।

অৰ্ক হালি
পৰিল সমুখৰ দেৱালৰ ওচৰত
, লগে লগে জেঠীৰ দৰে হাত মেলি ধৰিলে
দেৱালখনত। দেৱাল জানো ইমান সহজে ধৰিব পাৰি
? তথাপি অৰ্কই
ধৰিলে। লাহে লাহে আৰু এখন ভৰি নমাই দিলে আকৌ আৰু এখন ভৰি…

আচল কথাটো হ
ছাদৰ ওপৰত অৰ্কৰ পৰীবন্ধু আছে। অৰ্কৰ ভয়ৰ আৰু কি কাৰণ থাকিব পাৰে
হাতত নধৰিব নে? বন্ধুৰ হাত বন্ধুৱেতো ধৰিব টানকৈ।
অৰ্কই পৰীবন্ধুৰ পিনে চাই চাই নামি আহিল৷

আই
দে
হি, অৰ্কইচোন নামিব পাৰিছে। দেউতাকৰ জীউটো যেন ঘূৰি
আহিল। আনন্দত
 আত্মহাৰা
হৈ পৰিল অৰ্কৰ দেউতাক। ওচৰৰ ছাদত থিয় হৈ চাই থকা মানুহবোৰেও আনন্দত হাততালি দিবলৈ
ধৰিলে৷ অৰ্কৰ বাহিৰে কোনেও পৰীবন্ধুক দেখা নাপায়
, সেয়ে
কেৱল অৰ্কইহে গম পালে এই সকলোবোৰ হৈছে তাৰ পৰীবন্ধুৰ যাদুৰ ফল৷ অৰ্কই নামি অহাৰ
পাছত তাৰ পৰীবন্ধুৱে হাত জোকাৰি বিদায় লৈ উৰি গুচি গ
ল দূৰ
আকাশলৈ৷ পৰীৰ দেশলৈ৷ অৰ্কয়ো হাত জোকাৰি বিদায় জনালে। মনৰ
ভিতৰতেই৷ পৰীবন্ধুৱে
হয়তো সেয়া দেখা নাপালে৷ দেখিবনো কেনেকৈ? সেই সময়তে
মাকে অৰ্কক বুকুৰ মাজলৈ টানি নি কান্দিবলৈ
ধৰিছিল।

* * *