গায়ত্ৰী দেৱী বৰঠাকুৰ

(এক)
চিক্ চিক্ চিকা
তুমি বোলে  ভালপোৱাঁ খাৰুপেটীয়াৰ  জিকা ।
কোৱাঁচোন কোৱাঁ,  ৰেলগাড়ীৰ  কেইটা বাৰু  চকা 
ক’ব নোৱাৰিলে ককায়ে দিব তোমাক বাৰটামান ঢকা।
(দুই)
মিউ মিউ মেকুৰী
ক’ৰ পৰা নো  আহিলা বাৰু ফেঁকুৰি ফেঁকুৰি ।
কেঁকুৰিটো পাৰ হৈয়ে যাবা তুমি  চেঁকুৰি 
এগালমান মাছ পাবা – একুৰি বা  দুকুৰি ।
(তিনি)
খেক্ খেক্ বান্দৰ 
তোমাক বোলে  নকৰে  কোনেও আদৰ।
গছে- গছে জঁপিয়াই লাগে যদি তোমাৰ ভাগৰ 
আমাৰ ঘৰলৈ আহিবা, দিম  ভজা  পাপৰ ।
(চাৰি)
বে বে ছাগলী
সঁচাই জানো হোৱাঁ তুমি বাৰু ইমান  আজলী?
খাই তহিলং কৰি সকলোৰে পাচলি
সদায় তুমি  ঘৰলৈ  ঘূৰাঁ  তিনি-গধূলি।
(পাঁচ)
ভৌ ভৌ কুকুৰ
চোৰ আহিলেই মাৰাঁ তুমি পোনেই  চেঁকুৰ।
বাটে-ঘাটে  বহাঁ তুমি পকাই নেগুৰ 
চাবা দেই, গাত লাগিব এসোপা  ভেঁকুৰ ।
    
(ছয়)
হোঁৱা  হোঁৱা  শিয়াল
কেনেকৈ থাকাঁ হাবিত- ইমান জয়াল?
কিয়নো বিচাৰাঁ  বাৰু হাঁহ- পাৰৰ গড়াঁল 
তোমাক ভয়ত ৰাতি বাঢ়ে চবৰে  জঞ্জাল ।
(সাত)
হিঁ হিঁ ঘোঁৰা 
থিয়ৈ  থিয়ৈ তুমি বাৰু কেনেকৈনো  শোৱাঁ ?
বুটমাহ খাই তুমি কিয়  ইমান  ভাল পোৱাঁ
আমাকো দিবাচোন  কেতিয়াবা এপোৱা- দুপোৱা।
(আঠ)
টোৰ্ টোৰ্ ভেকুলী 
অ’মিক্ৰণৰ ভয়তে এৰিলা চাগে পঢ়াশালি ।
ঘৰত থাকা অনবৰতে  ম’বাইলত গে’ম খেলি
টোপনি ধৰে অনলাইন ক্লাছত  সদায় তোমাৰ গধূলি।
ঠিকনা : তেজপুৰ
শোণিতপুৰ-784001 
8822943064