অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী

পোন্ধৰ দিনমানেই
হ’ল
, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো
সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ
জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে
মহামন্ত্ৰী বৃকোদৰৰ বুকুখন আজিও বিষায়৷ সৰুমখাৰ দুখ অৱশ্যে কিছু পাতলিছে৷
সিহঁতজাকে গ্ৰীনাবাসীসকলে দি থৈ যোৱা সৰু-সুৰা যন্ত্ৰকেইটাকে লিৰিকি-বিদাৰি
কিবাকিবি কৰি সময় কটাইছে৷ 

অৱশ্যে যন্ত্ৰকেইটা ব্যৱহাৰ কৰিবলৈ সিহঁতে
গ্ৰীনাবাসীকেইজনৰপৰাই শিকি লৈ এটা ভাল কাম কৰিলে৷

মন গ’লেই
গ্ৰীনাৰ লোকসকলৰ লগত যোগাযোগ কৰিবলৈও তেওঁলোকে এটা যন্ত্ৰ থৈ গৈছে৷ সেইটোৰ ব্যৱহাৰ
বিশেষভাৱে মলুৱাই শিকি লৈছে কাৰণে সেউজপুৰীয়াসকলে গ্ৰীনাবাসীসকলৰ লগতে তাত থকা
বাটলুৰ সৈতেও কথা-বতৰা পাতি থাকিব পাৰিছে৷

মহামন্ত্ৰী বৃকোদৰে মন কৰিছে, মহাৰাজ কেশৰীৰ
মনটো দুখৰ মাজতো যেন ভাল লাগি আছে৷ লাহে লাহে সেউজপুৰীয়াসকলৰ বিশেষকৈ সৰুখিনি আধুনিক
প্ৰযুক্তি তথা যন্ত্ৰপাতিৰ  ব্যৱহাৰৰ প্ৰতি
আগ্ৰহী হৈ উঠা কথাটোৱেই তেওঁক আনন্দিত কৰিছে৷

সঁচাকৈ ই কম
আনন্দৰ কথা নহয়৷ পৃথিৱীত অকল মানুহ বোলা প্ৰাণীবিধেহে এনেকুৱা যন্ত্ৰপাতি ব্যৱহাৰ
কৰিব জানে৷ কিন্তু এতিয়া মানুহৰ উপৰি সেউজপুৰৰ প্ৰাণীসকলেও সেইবোৰৰ বিষয়ে শিকিব
পাৰিছে৷ এইটো নিশ্চিতভাৱে সেউজপুৰৰ বাসিন্দাসকলৰ ভৱিষ্যতৰ বাবে খুব ভাল কথা৷

কথাবোৰ ভাবি ভাবি
মহামন্ত্ৰী বৃকোদৰ লাহে লাহে গৈ মহাৰাজৰ বাসস্থলী পালেগৈ৷ মহাৰাজৰ গুহাটোৰ সম্মুখতে সেনাপতি হিতৰাম আৰু
গেৰেলাকে ধৰি কেইবাজনো সভাসদে মহাৰাজলৈ বাট চাই আছিল৷ মহামন্ত্ৰীৰ আগমনত কেউজনে
তেওঁক অভিবাদন জনালে৷

প্ৰণাম, মহামন্ত্ৰী
ডাঙৰীয়া৷’

তেনেতে মহাৰাজ
কেশৰীয়েও ভিতৰৰপৰা ওলাই আহি আসন গ্ৰহণ কৰিলেহি৷ আটায়ে শ্ৰদ্ধা-সম্ভাষণ
জনোৱাৰ পাছত তেওঁ ক’লে–

আজি অসময়ত সকলো
ওলালাহি যে
? কিবা বিশেষ খা-খবৰ আছে নেকি?’

মহাৰাজ, মই
আক’ এনেয়ে আপোনাৰ খবৰ এটা লওঁ বুলিহে এইমুৱা হৈছিলোঁ৷ এওঁলোকক ইয়াত দেখি মোৰ
চিন্তাহে হৈছে৷ কিয় বা এওঁলোক আহিছে!’

বৃকোদৰে নিজৰ
মনোভাব প্ৰকাশ কৰিলে৷ লগে লগে গেৰেলাই অতি নম্ৰভাৱে ক’বলৈ আৰম্ভ কৰিলে–

মহাৰাজ আৰু
মহামন্ত্ৰী ডাঙৰীয়া
, আপোনালোক চিন্তিত হ’বৰ একো কাৰণ নাই৷ আমি আচলতে
ভাল খবৰ এটা দিবলৈহে মহাৰাজৰ ওচৰলৈ আহিলোঁ৷ এইকণ মহাৰাজৰ জিৰণিৰ সময় বুলি জানিও
খবৰটো পাই আপোনাক নজনোৱাকৈ ৰৈ থাকিব নোৱাৰিলোঁ৷’

কথা একোষাৰ
ক’বলৈ লৈ তোমালোকে বৰ দীঘলীয়া পাতনি মেলাঁ হে! কি কথা সোনকালে কোৱাঁ৷ নোকোৱাঁ যদি
থাকক৷ মই ভিতৰলৈ যাওঁ
, জিৰাওঁগৈ৷’

এইবুলি মহাৰাজে
দীঘলকৈ হামি এটা মাৰিলে৷

মহাৰাজ, বাটলু
মহাশয় আৰু দুদিনৰ পাছতে সেউজপুৰ পাবহি৷’

গোৰলাৰ কথা শুনি
মহাৰাজৰ ভাগৰ আৰু টোপনি টোপনি ভাবটো যেন মুহূৰ্ততে পলাই পত্ৰং দিলে৷ বহি থকাৰপৰা উঠি আহি একেকোবে
গেৰেলাক সাবটি ধৰি টপৰ টপৰকৈ কেইবাটাও চুমা খাই দিলেগৈ মহাৰাজ কেশৰীয়ে৷ লগতে তেওঁ
ক’লে–

বৰ ভাল খবৰ…
সঁচাকৈ বৰ ভাল খবৰ দিলাহি
, গেৰেলা৷ বাটলুটোলৈ বাট চাওঁতে চাওঁতে
মোৰ দিন নাযায়
, ৰাতি নুপুৱায় যেন হৈছে৷’ মহাৰাজ খন্তেক ৰ’ল৷
তাৰ পাছত তেওঁ সুধিলে–

পিছে তোমালোকে
নো এইটো খবৰ কেনেকৈ পালা
?’

মহাৰাজে সাবটি
ধৰি চুমা খাওঁতে তেওঁৰ কেশৰ দুডালমান নাকত সোমাই সুৰসুৰাই গেৰেলাক বৰকৈ আমনি
দিছিল৷ হাঁচি এটা আহোঁ আহোঁ কৰিও অহা নাছিল৷ সেনাপতি হিতৰামে গেৰেলাৰ অৱস্থাটো চাই
উপভোগ কৰি আছিল৷ গেৰেলাই মুখখন মেলি নাকৰ অশান্তি গুচাবলৈ যত্ন কৰি ইফাল-সিফাল কৰি
আছিল৷

কি হ’ল গেৰেলা?’
মহাৰাজে
মাতষাৰ দিয়াৰ লগে লগেই উচপ খাই উঠিল গেৰেলা৷ লগে লগে হাইচৌ বুলি হাঁচি এটা মাৰিলে
তেওঁ৷ তেহে তেওঁ সকাহ পালে৷

মহাৰাজ, গ্ৰীনাৰ
লোকসকলে আমাক যে যন্ত্ৰ-পাতি কেইটামান দি গৈছে তাৰ ভিতৰতে তেওঁলোকক চাব পৰা আৰু
চাই চাই তেওঁলোকৰ লগত কথা পাতিব পৰা যতন এটাও আছে৷ সেইটো কেনেকৈ ব্যৱহাৰ কৰে
মলুৱাক তেওঁলোকে শিকাই দি গৈছে৷ আমাৰ সৰুমখা অলপ নহয়
, মহাৰাজ৷ সিহঁতে
সুবিধা পালেই সেই যন্ত্ৰটোৰ ওচৰ পায়গৈ৷ মলুৱাৰ নাতিহালেতো সেইটোৰ ব্যৱহাৰ শিকিয়ে
পেলালে৷ সিহঁতৰে এটাই কিছুবেলিৰ আগতে সেই যন্ত্ৰটোত বাটলু মহাশয়ক উলিয়াই দিলে৷
বাটলু মহাশয়ৰ মাত শুনি আমি দৌৰি গৈ দেখোঁ যে সঁচাকৈ তেখেত যন্ত্ৰটোত ওলাই আছে৷
তেতিয়া সিহঁতক দাবী-হুমকি দিয়াৰ ঠাইত আমি তেখেতৰ সৈতে কথাহে পাতিলোঁ৷ তেখেতেই ক’লে
কথাষাৰ৷ অৱশ্যে আমাৰ হিচাপত আৰু দুদিনৰ পাছতহে তেখেতক থ’বলৈ গ্ৰীনাৰ সেই যন্ত্ৰটো
আহিব৷’

হওক দিয়া,
হওক
হওক৷ সেউজপুৰৰ সকলোকে খবৰটো জনাই দিয়াঁ৷ আৰু হেৰি কৰাঁ
, হেৰি…’
মহাৰাজে কিছু চিন্তা কৰিলে আৰু ক’লে
, ‘সেউজপুৰখন ধুনীয়াকৈ সজাই তুলিব লাগে৷
ৰামচন্দ্ৰ অযোধ্যালৈ উভতি আহোঁতে যেনেকৈ অযোধ্যা নগৰখন সজোৱা হৈছিল তেনেকৈ৷ ওঁ
যোৱাঁ এতিয়া তোমালোক৷ ভাগে ভাগে কামত লাগি যোৱাঁ৷’