স্মৃতিৰেখা দেৱী


আজি স্কুল বন্ধ ৷ ৰাতিপুৱা পঢ়াৰপৰা উঠিয়েই নয়নাই
ওচৰৰে ৰমেনহঁতৰ পদূলিৰ শেৱালিজোপাৰ তলত সৰি থকা ফুল কেইপাহমান বুটলি আনিলেগৈ ৷
শেৱালি ফুলৰ কোমল গোন্ধটো তাই খুব ভাল পায় ৷ এদিন মাকে কৈছিল
, শেৱালি ফুল ফুলা শৰৎ
কালৰ ৰাতিপুৱাবোৰত এক বিশেষ সুৱাস আছে ৷
  

নয়নাৰ দেউতাক ঢুকোৱা তিনি বছৰ হ’ল ৷ তেতিয়াৰপৰাই
মাকে অনেক কষ্ট কৰি আনৰ ঘৰে ঘৰে কাম কৰি তাহাঁতৰ দুজনীয়া সংসাৰখন কোনোমতে চলাই আছে
,
নয়নাক
পঢ়ুৱাইছেও ৷ তাই এতিয়া স্থানীয় জাতীয় বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷
 

আগবেলা হৰেন ফুকনৰ ঘৰত কাম-কাজ কৰি মাক আহি ঘৰ পোৱালৈ
নয়নাই ভাত ৰান্ধি থৈছিল।
  ভাত-পানী খাই উঠি মাকে তাইক ক’লে –

: আজি বৰুৱানী বাইদেউহঁতৰ ঘৰত মোৰ অলপ দেৰি হ’ব ৷
বহুত কাম আছে ৷ দুৰ্গাপূজাও পালেহিয়েই যে! তয়ো মোৰ লগতে ওলাবি ৷ ঘৰত অকলে থাকিব
নালাগে ৷
 

: হ’ব মা ৷– মাকৰ কথাত নয়নাই সঁহাৰি দিলে ৷ তাইক লৈ
মাকৰ কিমান চিন্তা তাই ভালকৈয়ে বুজি পায় ৷

বৰুৱানীহঁতৰ ঘৰলৈ যাবলৈ তাইৰ বৰ মন নাছিল ৷
তেওঁলোকৰ ঘৰ-দুৱাৰ
, খোৱা-বোৱা, পিন্ধন-উৰণ একোৱেই তাহাঁতৰ লগত নিমিলে৷ অঞ্চলটোৰ ভিতৰতে ধনী মানুহ
তেওঁলোক ৷
  তদুপৰি তাইৰ নিজৰ বৰদেউতাকৰ ছোৱালী সুজাতাৰ লগত বৰুৱানী বাইদেউৰ
ছোৱালীজনীয়ে একেলগে পঢ়িছিল ৷ বৰদেউতাকহঁতে তাহাঁতক মানুহ যেনেই গণ্য নকৰে
,
সহায়-সাৰথি
কৰাটো দূৰৈৰে কথা ৷ বায়েক সুজাতাই এবাৰ নিজৰ জন্মদিনত বহু মানুহৰ আগতে নয়না আৰু
মাকক দুখীয়া বুলি বৰ বেয়াকৈ ব্যৱহাৰ কৰিছিল ৷
 

বৰুৱানী বাইদেউৰ জীয়েক যিহেতু সুজাতাৰে লগৰীয়া,
গতিকে
তেওঁলোকৰ ঘৰত যে নয়নাহঁতক বেয়া ব্যৱহাৰ নকৰিব কোনে জানে ! কথাবোৰ ভাবি ভাবি মাকৰ
পিছে পিছে গৈ থাকিল তাই ৷

তাহাঁত গৈ কেতিয়ানো বৰুৱানী বাইদেউহঁতৰ ঘৰ পালেগৈ
নয়নাই গমকে নাপালে৷ আকস্মিকভাৱে মাকক বৰুৱানীয়ে কোৱা কথা এষাৰ শুনিলে তাই–

: এইজনী তোমাৰে ছোৱালীনে? বৰ এজনী হ’ল দেখোন! কি নাম তোমাৰ, মাজনী?

নয়নাই বৰুৱানীৰ মুখলৈ চাই হাঁহিমাৰি হাতদুখনেৰে
নমস্কাৰৰ ভঙ্গী কৰি ক’লে–

: মোৰ নাম নয়না ৷

ইতিমধ্যে মাক মানুহঘৰৰ ভিতৰ পালেগৈ ৷ তাইহে দেখোন
বাহিৰতে ৰ’ল৷ কি কৰিব তাই এতিয়া
? ভাবি-চিন্তি থাকোঁতেই বৰুৱানীয়ে তাইক ক’লে–

: মাৰা গৈ ভিতৰ পাই কিজানি কামতে ধৰিলেগৈ ৷ তুমি
মোৰ লগতে আহাঁচোন ৷

বৰুৱানীয়ে তাইক ভিতৰৰ কোঠা এটালৈ লৈ গ’ল আৰু
ক’লে–

: তুমি ইয়াতে বহাঁ ৷ সৌ আলমাৰিটোত  কিতাপ-পত্ৰ কিছুমান
আছে ৷ মাৰাই কাম কৰি অঁতায় মানে তুমি পঢ়িবও পাৰিবা ৷

আলমাৰিটোলৈ চালে নয়নাই ৷ বাঃ, ইমানবোৰ কিতাপ! তাই
আচৰিত হ’ল ৷ কোঠাটোৰ এটা চুকত আন কিছুমান বস্তুও গোটাই থোৱা হৈছে– মোনা কিছুমান
,
আলু-পিয়াঁজৰ
বস্তা
, নাৰিকল,
ধূপ,
মাটিৰ
টেকেলি
, মাটিৰ
চাকি আদি ৷ তাই সেইফালে চোৱা দেখি বৰুৱানীয়ে ক’লে–

: সেইবোৰ পূজাৰ বস্তু ৷ আমি আক’ ঘৰতে পূজা পাতোঁ
নহয় ৷ সেই কাৰণে লাহে লাহে বস্তুবোৰ গোটাইছোঁ । পূজাত মাৰাৰ লগত তুমিও আহিবা দেই ৷

তাই কি ক’ব, কি নক’ব ভাবিয়ে নাপালে ৷ এনেকৈ বস্তাৰ
হিচাপত আলু-পিঁয়াজ মানুহে ঘৰলৈও কিনি আনিব পাৰে বুলি তাই ভাবিবই পৰা নাছিল।
 

তেনেতে কোনোবাই বাহিৰৰপৰা মতা শুনি বৰুৱানী
কোঠাটোৰপৰা ওলাই গ’ল ৷

নয়নাৰ মনত পৰিল– হয়তো ৷ পূজা পালেহিয়েই দেখোন ৷
পাঁচ-ছদিনমানহে আছে ৷
 

এইবাৰ পূজাত মাকে তাইক ধুনীয়া কাপোৰ এজোৰ আৰু তাৰ
লগত মিলাই খাৰু আৰু মণি কিনি দিয়াৰ কথা আছে ৷ কেইমাহমানৰ আগতেই তাইৰ পোছাকী কাপোৰ
দুযোৰৰ এযোৰ সৰু হ’ল আৰু আনযোৰ ফাটিলে৷ তেতিয়াই মাকে তাইক কৈছিল–

: পূজালৈ বেছি দিন নাই নহয় ৷ তেতিয়াই তোক মই নতুন
কাপোৰ দিম দেই ৷
 

কিমান কষ্ট কৰি মাকে ঘৰখন চলাই আছে তাই বুজি পায়
৷ সেয়েহে কাহানিও তাই কিবা বিচাৰি মাকক আমনি নকৰে ৷ লগৰী দূৱৰিহঁতে কিবাকিবি নতুন
বস্তু লোৱাৰ কথা পাতিলে তাই নুশুনিবলৈ যত্ন কৰে যদিও শুনে। তেনেকুৱা কথা শুনিলে
তাইৰ মনত কিছু দুখো লাগে। কিন্তু তাই সেই দুখক কাহানিও মাকৰ চকুত পৰিবলৈ নিদিয়ে।
  

মাকৰপৰা তাই একো নিবিচাৰিবলৈ যত্ন কৰে। কিন্তু
তাই নিবিচাৰিলেও যে তাইৰ প্ৰয়োজনবোৰ মাকে আগতীয়াকৈয়ে বুজি পাই যায়! কথাবোৰ ভাবি
তাইৰ চকুযোৰ সেমেকি উঠিল ৷

বৰুৱানী এইবাৰ আকৌ কোঠাটোলৈ আহিল৷ তেওঁৰ হাতত এখন
প্লে’টত কিবাকিবি খোৱাবস্তু ৷
  প্লে’টখন তাইলৈ আগ বঢ়াই দি খাবলৈ অনুৰোধ কৰি
তেওঁ আকৌ ওলাই গ’ল ৷

ইমান যে মৰমিয়াল এই  মানুহগৰাকী ! তাইৰ আৰু মাকৰ প্ৰতি কৰা
ব্যৱহাৰ আৰু মৰম চেনেহ দেখি তাই বিশ্বাসেই কৰিব নোৱৰা যেন হ’ল ৷ নিজৰ বৰমাকেই তাইক
আজিলৈকে মৰমৰ মাত এষাৰ দি পোৱা নাই! লাহে লাহে তাইৰ সকলো সংকোচ আঁতৰি গ’ল৷
 

তাই এইবাৰ আন এটা কোঠাত সোমালগৈ৷ বৰুৱানীয়ে তাতে
বহি ম’বাইল ফোনত কাৰোবাৰ সৈতে কথা পাতি আছিল ৷ তেওঁৰ কথা পতা শেষ হোৱালৈ অপেক্ষা
কৰিলে তাই ৷ তেওঁ ফোনটো সামৰাৰ পাছত তাই সুধিলে–

: বৰমা, আপোনালোকৰ বাজনী আজিকালি ক’ত থাকে?

বৰমা শব্দটো নিজে নিজে তাইৰ মুখেৰে ওলোৱাত নয়না
নিজে আচৰিত হ’ল ৷ তেওঁ ক’লে–

: অ’ চুমি? তাই দিল্লীত থাকে । আজিকালি চাকৰি কৰে নহয়,
তাই ৷
আজি ঘৰলৈ আহি আছে ৷ প্লে’নৰপৰা নামিলহি হেনো৷ এতিয়া টাউনতে কিবাকিবি বজাৰ কৰি ঘৰলৈ
আহিব৷

এইটো খবৰ শুনিহে নয়নাৰ মনটো আকৌ কোঁচ খাই গ’ল ৷
কি ঠিক
, সুজাতাবাৰ
লগৰীয়াহে ! তেওঁ বা তাইক কেনে ব্যৱহাৰ কৰেহি !

তাই আকৌ তাইক বহিবলৈ দিয়া কোঠাটোতে বহি থাকিলগৈ ৷

নয়না ডাঙৰ হৈছে ৷ পৰিৱেশ-পৰিস্থিতিয়ে তাইক বয়সতকৈ
অধিক বুজন কৰি তুলিছে ৷ কোনোবাই তাইক বা মাকক আত্মসন্মান হানি হোৱাকৈ
ব্যৱহাৰ কৰিলে সহ্য কৰিব নোৱাৰে তাই ৷
 

ইতিমধ্যে সন্ধ্যা লাগিবৰ হৈছিল ৷ মাকৰো কাম-কাজ
শেষ হৈছিল ৷ ডাঙৰকৈ মাকে মতা শুনিলে তাই–

: নয়না, আহ ৷ যাবৰ হ’ল ৷ 

তাই বাহিৰৰ ড্ৰয়িং ৰূমলৈ ওলাই আহিল ৷ মাকৰ মুখলৈ
চাই তাই সুধিলে–

: বৰমা ক’ত আছে মা ? মাত লগাই যাওঁ ৷ 

মাকে তাইক ইঙ্গিতেৰে কোঠা এটাৰ ফালে দেখুৱাই দিলে
৷ তাই আগবাঢ়ি গৈ কোঠাটোৰ পৰ্দাখন দাঙি
  দেখিলে যে তেওঁ জীয়েক চুমিৰ সৈতে কথা পাতি
আছে ৷ তাৰ মানে চুমিবা আহি পালেহিয়েই ! তাই সন্ত্ৰষ্ট হৈ উঠিল আৰু খৰখেদাকৈ মাত
লগালে–

: বৰমা, আমি যাওঁ ৷ 

বৰমাকে দুৱাৰৰ ফালে উভতি চালে ৷ তেওঁৰ সিফালে বহি
থকা চুমিয়ে থিয় হৈ তাইৰ ফালে চাই হাঁহি মাৰি সুধিলে–

: আৰে ! তুমি নয়না নহয় জানো ? সুজাতাৰ ভনীয়েক ?

প্ৰশ্নটোৰ উত্তৰ দিয়াৰ সলনি নয়নাৰ মনত পৰি গ’ল
সুজাতাই তাইক আৰু মাকক কৰা অপমানজনক ব্যৱহাৰখিনিলৈ ৷ চুমিবাওতো সেইদিনা তাতে আছিল
৷ তেৱোঁ চাগে কথাবোৰ মনত ৰাখিছে ৷ তাইৰ বুকুখন কিবা গধুৰ গধুৰ লাগিল৷ জিভাখন যেন
শুকাই গ’ল৷

: তুমি যে সুজাতাৰ জন্মদিনত গান এটা গাইছিলা ৷
আজিকালি গোৱানে নোগোৱাঁ
?

নয়নাৰ মনটো এইবাৰ অকণমান মুকলি মুকলি লাগিল ৷ তাই
সামান্য হাঁহিলে ৷
 

: তই দিল্লীৰপৰা আহিছ যে, লাজ কৰিছে ৷– বৰুৱানীয়ে চুমিক ক’লে ৷ চুমি
এইবাৰ তাইৰ একেবাৰে
  ওচৰলৈ আহি ক’লেহি–

: তুমি গান গাই থাকিবা ৷ আৰু শুনা ৷ পূজাত আহিবা
দেই ৷ আমি দুইজনী কেনিবা ফুৰিবলৈ যাম ৷

তেনেতে বৰুৱানীয়ে কাগজৰ ধুনীয়া মোনা এটা আনি
নয়নাৰ হাতত দি ক’লেহি–

: এইটো লোৱাঁ ৷ চুমিয়ে তোমালৈ পূজাৰ উপহাৰ আনিছে ৷
মই তাইক তুমি অহাৰ কথা কৈছিলোঁ ৷
 

নয়নাই মোনাটো মেলি চালে ৷ পাতল গুলপীয়া ৰঙৰ কাপোৰ,
সম্ভৱতঃ
ফ্ৰক আৰু এসোপামান খাৰু-মণি
, কিলিপ আদি৷ তাইৰ যেন বিশ্বাসেই হোৱা নাই ৷
ইমানবোৰ বস্তু তাইৰ

দুচকুৱেদি ধাৰাসাৰে চকুপানী ওলাই আহিল নয়নাৰ৷ তাই
ভাবিলে–

তাৰ মানে সকলো ধনী মানুহ অহংকাৰী নহয় ? সুজাতাবাৰ লগৰীয়া কাৰণেই
চুমিবাও তাইৰ নিচিনা হ’ব বুলি ভবাটো মোৰ বৰ ডাঙৰ ভুল আছিল ৷

নয়নাই আচলতে এইবাৰ পূজাত দুটা উপহাৰ পালে।

 

***

ঠিকনা :

বাগেশ্ৰী, বি উপপথ

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়– ৭৮৬০০৩

অসম