হেৰাই যোৱা মন্দিৰৰ সাধু

মূল:  সুধা মূৰ্তি

অনুবাদ:  স্ৰোতস্বিনী তামুলী


তৃতীয় খণ্ড       

 

নুনিয়ে গাড়ীৰ পৰা নামিয়েই দেখিলে
আজ্জী সকলোকে চাহ দিয়াত ব্যস্ত হৈ আছিল। তাই আইতাকৰ কাষলৈ গৈ তেওঁৰ ভৰি চুই সেৱা
কৰে। আজ্জীয়ে তাইক সাৱটি ধৰিলে।
 

তাই দেখিলে মহাদেৱ কাষেৰে পাৰ হৈ গৈছে।
আইতাক তাইৰ সৈতে ব্যস্ত হৈ পৰাৰ বাবে সি মানুহখিনিক চাহ দি আছে। মহাদেৱৰ বয়স
প্ৰায় ওঠৰ বছৰ। তাৰ দেউতাকে গাঁও পঞ্চায়তত মহৰীৰ কাম
কৰি আছে। তাৰ মাক সবিতাই
আজ্জীক পাকঘৰত সহায় কৰি দিয়ে। পৰিয়ালটোৰ মাটি এডোখৰ আছে। মহাদেৱৰ সপোন এখন ভাল
কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নিজাকৈ নাৰ্চাৰী এখন খোলা। কিন্তু তাক পঢ়ুৱাবলৈ
তাৰ মাক-দেউতাকৰ হাতত টকা-পইচাৰ অভাৱ। ভাগ্যক্ৰমে আজিলৈকে তাৰ পঢ়া-শুনা সকলো খৰচ
নুনিৰ ককাকেই বহন কৰি আছে। যাৰ বাবে মহাদেৱে আজ্জা-আজ্জীৰ ওচৰত বৰ কৃতজ্ঞ অনুভৱ
কৰে। এইকেই
দিন গৰমৰ বাবে তাৰ কলেজ বন্ধ। গতিকে সি কেইদিনমান ঘৰতে থাকি সকলো কামতে আজ্জা-আজ্জীক যিমান পাৰে সহায় কৰি দিছে।

 আজ্জী, নুনিৰ বেগটো কত থও?” – মহাদেৱে
সুধিলে।
 

মাৰ কোঠাটোৰ কাষৰ
কোঠাটোতে তুমি বেগটো থৈ দিয়া।”
শেখৰে কলে।

 শেখৰে বিবেকক সকলোৰে সৈতে চিনাকি কৰাই
দিলে। শেখৰ
, ঊষা আৰু নুনি যেতিয়াই সোমানাহালিলৈ আহে সেই নিৰ্দিষ্ট
কোঠাটোতেই থাকে।

নালাগে। নুনিৰ বেগটো
মোৰ কোঠাত থৈ দিয়া।”
আজ্জীয়ে মাত লগালে।
 

আজ্জী, মই বাংগালোৰৰ ঘৰত প্ৰায়েই অকলে শুওঁ৷” –  নুনিয়ে কলে।

“এইয়া বাংগালোৰ নহয়
নুনি। তাতে ৰাতি তোমাক মই সাধু কৈ কৈ শুৱাব পাৰিম।”
 

আইতাকৰ কথাত নুনিয়ে হাঁহিলে। 

মহাদেৱে গাড়ীৰ পৰা সকলো বস্তু নমাই
আনি ঘৰৰ ভিতৰ পোৱালেহি। গাঁৱৰ ল
ৰা-ছোৱালীজাকে অবাক হৈ বস্তুবোৰ চাই আছে। সিহঁতৰ মাজৰ এজনী
ছোৱালীকেই নুনিয়ে চিনি পাইছিল। তাইৰ নাম হ
ল মেধা।
 

নুনিৰ কৌতুহলভৰা চকুদুটা আজ্জাৰ চকুত
পৰিল।
 

ইয়াত তুমি খেলিবলৈ
বহুত লগৰ ল
ৰা-ছোৱালী পাবা। মেধাক চিনি পাইছাই নহয়?”
 

অহহ্! আজ্জা।” 

মেধা সপ্তম শ্ৰেণীত পঢ়ি আছে গাঁৱৰে
হাইস্কুল এখনত। তাই ছবি আঁকি ভাল পায়। বিশেষকৈ ৰংগোলী তৈয়াৰ কৰাৰ ক্ষেত্ৰত তাইৰ
বিশেষ হাত আছে। কিন্তু তাই বৰ লাজকুৰীয়া। লগৰ সমনীয়াৰ লগতো খুব কম কথা-বতৰা
পাতে।
 

এইয়া অমিত। ই দিল্লীত
থাকে। ডাক্তৰ কাকাৰ নাতিয়েক ই।”
আজ্জাই চিনাকি কৰাই দিলে
নুনিক।
 

নুনিয়ে ডাক্তৰ কাকাৰ কথা জানে। তেওঁৰ
প্ৰকৃত নাম আছিল প্ৰকাশ। তেওঁৰ গাঁৱতে এখন দোকান আছিল। এইখন আচলতে এখন ফাৰ্মাচী
আছিল। কিন্তু দোকানখনত বাতৰিকাকত
, গাখীৰকে আদি কৰি অন্যান্য বহুতো বস্তু পোৱা গৈছিল। যিসকল
লোকৰ চহৰৰ ডাক্তৰৰ ওচৰলৈ যোৱাৰ সামৰ্থ্য নাছিল তেওঁলোকে ডাক্তৰ কাকাৰ দোকানৰ পৰাই
দৰব কিনি খাইছিল। কাকাৰ পুতেকজন সামৰিক বাহিনীৰ জোৱান। চাকৰিৰ খাতিৰত তেওঁ বিভিন্ন
ঠাইলৈ যাবলগীয়া হৈ থাকে। তথাপি অমিতৰ স্কুল বন্ধ থকা দিনকেইটাত তাক সোমানাহালিত
থৈ আহে। এই ক্ষেত্ৰত তেওঁ কয় যে
– “মানুহে নিজৰ জন্ম হোৱা
ঠাইখন আৰু নিজৰ গাঁওখনৰ বিষয়ে জনাটো অতি জৰুৰী। অমিতে জনা উচিত সি কেনে এখন ঠাইৰ
মানুহ।”
 

অমিত যেতিয়া প্ৰথমবাৰৰ বাবে গাঁৱলৈ
আহিছিল
, সি
বৰ অসুবিধা পাইছিল। কিন্তু অতি সোনকালেই সি পৰিৱেশৰ সৈতে মিলি গৈছিল। এতিয়া সি মাক-দেউতাকৰ
অবিহনেই ধুনীয়াকৈ থাকিব পাৰে। সি বৰ সুন্দৰকৈ হিন্দী ভাষা ক
ব পাৰে। গৰম দিনৰ বেছিভাগ সময় সি বৰাদা নদীত সাঁতুৰি-নাদুৰিয়েই পাৰ কৰে
আৰু আবেলি ককাকৰ ফাৰ্মাচীত বহি থাকে।
 

ককাকে আন এটা লৰালৈ আঙুলিয়াই দেখুৱাই
লে “সেই যে লৰাটো দেখিছা, তাৰ নাম আনন্দ। সি অষ্টম শ্ৰেণীত পঢ়ি
আছে। তাৰ দেউতাক আমাৰ স্কুলখনৰ প্ৰধান শিক্ষক। তেওঁলোক মহীশূৰৰ পৰা আহিছে। আনন্দ
পঢ়াত বৰ ভাল। লগতে কম্পিউটাৰৰ জ্ঞানো যথেষ্ট আছে। দেউতাকৰ লগত তাৰ ৰাজনীতি
,
ইতিহাস, বিজ্ঞান বিভিন্ন বিষয়ৰ আলোচনা
চলিয়েই থাকে
৷”
 নুনিৰ দেউতাকে আৰামী চকীখনত বহি চকু
দুটা জপাই দিছে। বিবেকেও চোফাখনতে শুই পৰিছে।
 

আপ্পা! খাই উঠিয়েই আমি
যাব লাগিব। আজিৰ ভিতৰতে মই বাংগালোৰ পাবগৈ লাগিব।”
শেখৰে
হঠাতে মাত লগালে।
 

ঠিক আছে। মই অলপ কল,
নেমু, নাৰিকল আৰু চাউল দহ কেজি দিবলৈ থৈ
দিছোঁ। লগতে বাৰীৰে শাক-পাচলি আৰু আম অলপো থৈ দিছোঁ। লৈ যাবি।”
 

নাই নাই আপ্পা।
ইমানসোপা বস্তু নালাগে দেই। এতিয়া মই ঘৰত অকলেহে থাকিম। ইমানগাল অকলে খাই কেনেকৈ
শেষ কৰিম
? মিছাতে নষ্ট হব অতসোপা
বস্তু। তাতকৈ তুমি বিবেকক দিব পাৰা
৷”

 আজ্জাৰ মনটো সেমেকি গল কথাখিনি শুনাৰ পিছত। 

নাই নাই। ময়ো ইমানসোপা
বস্তু খাই শেষ কৰিব নোৱাৰোঁ।”
বিবেকো মান্তি নহল।

ঠিক আছে বাৰু। কিন্তু
বস্তুখিনি ইতিমধ্যে গাড়ীত উঠোৱা হৈ গ
ল। তহঁক নালাগে যেতিয়া কাষৰে মন্দিৰটোত নমাই থৈ যাবি।”
 

সেই মন্দিৰটোলৈ ইয়াৰ পৰা যথেষ্ট দূৰ!
কিন্তু আপ্পাই দূৰত্বৰ কথা বৰকৈ বুজি নাপায়।
শেখৰে নিজৰ মনতে ভাৱিলে। 

তেনে সময়তে আজ্জীয়ে টেবুলত কলপাত
পাৰিবলৈ আৰম্ভ কৰিলে। আজ্জীক দেখি নুনিৰ আহিবৰ পৰত মাকে কোৱা কথাষাৰ মনত পৰিল।
 

আজ্জী, মই তোমাক সহায় কৰি দিওঁ?”

নালাগে অসোণজনী! তুমি এতিয়া বহুত সৰু হৈ আছা।”          

ঠিক আছে। মই সকলোৰে
বাবে গিলাচত পানী বাকি দিওঁ।”
নুনিয়ে কলে।

খোৱাপানীখিনি উতলাই
ঠাণ্ডা কৰি লৈছেনে
?” – শেখৰে মাকক সুধিলে।

চিন্তা নকৰিবি বোপাই।
বিশুদ্ধ পানী খোৱাৰ প্ৰয়োজনীয়তাৰ কথা মই বুজোঁ। আমাৰ ঘৰত ফিল্টাৰ এটাও আছে
এতিয়া
৷”
 

শেখৰে ভাবি আচৰিত হয় যে সৰুতে
নদীৰ পানী খায়েই ডাঙৰ-দীঘল হ
ল সি। অথচ এদিনো বেমাৰত নপৰিল।
তেতিয়া দিনত চাগে নদীবোৰ আজিৰ দৰে প্ৰদূষিত হোৱা নাছিল।
 

আজ্জীয়ে বাৰেৰকমৰ ব্যঞ্জন ৰান্ধিছে।
শেখৰে কিন্তু সকলোবোৰ খাই চোৱা নাই।
 

মই বেছি নাখাওঁ। নহলে টোপনি আহিব পাৰে আৰু গাড়ী চলোৱাত অসুবিধা হব।” 

কথাষাৰ শুনি আজ্জীৰ মনটো বেয়া লাগে।
কিন্তু
মুহূৰ্ততে
হাঁহি এটা মাৰি কয়
“হয় হয়! গাড়ী চলাওঁতে সদায় সাৱধান হব লাগে দেই। নুনিৰ বাবে তই একো
চিন্তা কৰিব নালাগে।”

মই তাইক ৰাতিপুৱা খোজ
কঢ়াবলৈ লৈ যাম আৰু গাওঁখন ফুৰাম। তাই তাত নেদেখা বহুত জীৱ-জন্তু ইয়াত চাবলৈ পাব।
ঊষাকো চিন্তা কৰিবলৈ হাক দিবি। আমি তাইক ফোন কৰি খবৰ-খাতি দি থাকিম।”
 

নুনিয়ে জানে তাইৰ ককাক বৰ কথকী মানুহ।
তেওঁ খোজ কাঢ়ি গৈ থাকোঁতে বাটত যিমান মানুহ লগ পাই সকলোৰে লগতে কথা পাতে। সেয়ে
ঘৰৰ ওচৰতে থকা যিখন ফাৰ্মখন পাওঁতে তেওঁক এঘ
ণ্টামান লাগে। 

নুনিৰ দেউতাক আৰু বিবেক খুৰা খাই-বৈ
উঠি যাবলৈ ওলাল।
 

দেউতাকক সাৱটি ধৰিলে। “তুমি চিন্তা
নকৰিবা। মই ইয়াত ভালকৈ থাকিম।”
নুনিয়ে দেউতাকক কলে। গাঁৱত থাকিবলৈ
পাই তাই প্ৰকৃতাৰ্থত সুখী হৈছিল। ইয়াত তাই যি মন যায় কৰিব পাৰিব। গ্ৰীষ্মকালীন শিবিৰবোৰৰ
দৰে ইয়াত কোনো নিৰ্দিষ্ট ৰুটিন নাই।
 

 কিন্তু দেউতাক গুচি যোৱাৰ পিছ মূৰ্হুততে তাইৰ নিজকে অকলশৰীয়া যেন লাগিবলৈ
ধৰিলে। তেনেতে তাইক আজ্জীয়ে মাতিলে
“নুনি, মোৰ
ওচৰলৈ আহা। মই ভাত খাই আছোঁ।” আইতাকৰ উদ্দেশ্য আছিল নুনিৰ মনোযোগ বেলেগ এটা কথালৈ
টানি লৈ যোৱা।
       

তাই আহি ওচৰত বহিলত আইতাকে কবলৈ ধৰিলে নুনি তুমি এদিন নিজৰ ঘৰখন এৰি গুচি যাব লাগিব হয়তো পঢ়া-শুনা কৰিবৰ বাবে অথবা বিয়া-বাৰু হৈ। প্ৰথমতে তোমাৰ বাবে কঠিন
ব মিলি যাবলৈ। কিন্তু সেই সময়খিনিয়ে তোমাক বহুত কথা
শিকাব। লাহে-লাহে তুমি সেই পৰিৱেশত খাপ খাই পৰিবা। দেউতাকলৈকে চোৱাচোন। দেউতাই
ষোল্ল বছৰ বয়সতে পঢ়িবলৈ ঘৰ এৰি গুচি গৈছিল। সেই সময়তে আজ্জাও তীৰ্থযাত্ৰা
কৰিবলৈ গুচি গৈছিল। মই ঘৰত অকলশৰীয়া হৈ পৰিলোঁ। কিন্তু মই অকলেই ঘৰ আৰু ফাৰ্ম
চম্ভালি আছিলোঁ। বাৰু এটা কথা কোৱাচোন। তুমি কাৰ্টুন চাই ভাল পোৱানে
?”
 

নাই আজ্জী। মন যোৱা নাই
টি ভি চাবলৈ।”

ঘৰৰ মুখ্য দুৱাৰখনৰ কাষতে থৈ দিয়া
চাইকেলখন দেখি তাইৰ চকু দুটা তিৰবিৰাই উঠিল।
আজ্জী! ইয়াত
চাইকেল কোনে চলায়
?”

সেইখন আনন্দৰ চাইকেল।
সি সেইখন বতাহৰ দৰে চলায়। গাঁৱত প্ৰতিটো ল
ৰা-ছোৱালীৰ ওচৰতে
চৰকাৰে দিয়া চাইকেল আছে। কিয় সুধিলা
? তুমি চাইকেল চলাবলৈ
শিকা নাই নেকি
?”

নাই শিকা আজ্জী। আমাৰ
তাত চৰকাৰে চাইকেল নিদিয়ে জানা।”

নিদিবও পাৰে। কাৰণ তুমি
এখন বেলেগ চহৰত থাকা আৰু বেলেগ স্কুলত পঢ়া
৷”

মই শিকিব বিচাৰোঁ
আজ্জী।”

চাইকেল চলাবলৈ শিকাবলৈ
বৰ টান নহয। মই মহাদেৱ আৰু আনন্দক কৈ থ
ম। কিন্তু মনত ৰাখিবা
ইয়াৰ ৰাস্তা-ঘাট বাংগালোৰৰ দৰে নিমজ নহয়।গতিকে তুমি পৰিবও পাৰা। যদি তুমি পৰিবা
বুলি ভয় কৰা
, চাইকেল চলাবলৈ কিন্তু শিকিব নোৱাৰিবা।”
 

তেনেতে মেধা, আনন্দ আৰু মহাদেৱ
তিনিওটা আহি পালেহি। আজ্জীয়ে সিহঁতক সুধিলে — “ তোমালোকৰ ভোক লাগিছে নেকি
?
ৰা-ছোৱালীহঁত!”
 

অঁ! এতিয়ালৈকে আমি একো
খোৱা নাই।”
 

মই জানোঁ নহয়। মোৰ
সৈতে আহাচোন।”
      

আজ্জীয়ে লৰালৰিকৈ বাটি আৰু চামুচ লৈ
আহিল। চাৰিওটা ল
ৰা-ছোৱালীয়েই বৰ আনন্দেৰে পায়সকণ খালে। খাই শেষ কৰি
নুনিয়ে কওঁ নকওঁকৈ আনন্দক ক
লে “মই
চাইকেল চলাবলৈ শিকিব বিচাৰোঁ। আজ্জীয়ে কৈছিল তুমি বৰ পাকৈত। মোক শিকাবানে
?”

কিন্তু তুমি এই
কাপোৰযোৰ
লাই পেন্ট এটা পিন্ধি আহিব লাগিব। শিকি থাকোঁতে
যদি পৰা
, মোৰ দোষ নাই। ময়ো পৰিছিলোঁ কেইবাবাৰো।”

আনন্দ! কথাবোৰ ভালদৰে
কোৱা। নুনিয়ে আজিৰ ভিতৰতে শিকিব নালাগে নহয়। তাই ছয় সপ্তাহ থাকিব ইয়াত
৷”
আজ্জীয়ে অলপ টানকৈ কলে আনন্দক।
 

আমি কেতিয়া আৰম্ভ কৰিম
তেন্তে
?” – আনন্দই নুনিক সুধিলে।

এতিয়া?”

আনন্দই মূৰ জোকাৰি সন্মতি জনালে। 

আজ্জীয়ে মহাদেৱক মাতি আনিলে।

ইহঁত বিদ্যালয়ৰ
খেলপথাৰলৈ যাবলৈ ওলাইছিল। তুমিও লগত যোৱা আৰু চকু দিবা। নুনিয়ে চাইকেল শিকিবলৈ
যাব। মন কৰিবা যাতে সোনকালে ঘৰলৈ উভতি আহা।”

        

আগলৈ….