|
উপকৰণ
|
|
|---|---|
| শ‘ল মাছ | ৪/৫ টুকুৰা |
| মানিমুনি | ৪/৫ মুঠি (পতাত পিহি লোৱা) |
| আলু | ২টা (বইল কৰি লোৱা) |
| আদা, নহৰু পেষ্ট | ১ চামুচ |
| কেঁচা জলকীয়া | ১ টা |
| জালুকৰ গুড়ি | ১ চামুচ |
| নিমখ, হালধি | জোখ অনুপাতে |
| তেল | জোখ অনুপাতে |
প্ৰণালী: প্ৰথমে মাছকেইটা
ধুই নিমখ, হালধি সানি ফ্ৰাই কৰি ল’ব। এতিয়া পতাত মানিমুনিখিনি
মিহিকৈ পিহি ল’ব। এতিয়া এখন কেৰাহীত তেল দি পাঁচ
ফোৰণ আৰু কেঁচা জলকীয়া, আদা, নহৰু পেষ্ট দিব। আলুখিনি দি হিচাপ মতে নিমখ, হালধি
আৰু জালুকৰ গুড়ি দি পিহি লোৱা মানিমুনিখিনি
দি অলপমান ভাজি লৈ পানী দি উতলাত মাছকেইটুকুৰা দি আকৌ ভালদৰে
উতলিবলৈ দি নমাই দিব।

খাৰেৰে ৰন্ধা কুকুৰা মাংস
(কুকুৰা মাংস খাৰ দি ৰন্ধা— তেলবিহীন)
|
উপকৰণ
|
|
|---|---|
| কুকুৰাৰ মাংস | আধা কেজি/এক কেজি |
| খাৰ | ১ চামুচ |
| পিঁয়াজ | ২টা |
| কেঁচা জলকীয়া/ ভোট জলকীয়া | ১ টা |
| আদা | ১ টুকুৰা |
| নহৰু | ৫ ফুটা |
| তেজপাত | ২ খিলা |
| নিমখ | জোখ অনুপাতে |
| কেঁচা ধনিয়াৰ পাত | ১ মুঠি |
প্ৰণালী: প্ৰথমে
মাংসখিনি ধুই টুকি ল’ব। এতিয়া পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট
কৰি ল’ব।

এতিয়া এখন কেৰাহী
গেছত গৰম কৰি মাংসখিনি ঢালি লৰাই ঢাকন মাৰি দিব। যেতিয়া মাংসখিনিৰ পৰা তেল উলাব, তেতিয়া
পেষ্ট কৰি লোৱা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়াৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব।
লগত নিমখ দিব। যেতিয়া মাংসখিনি সিজিব,
তেতিয়া খাৰ চামুচ দি হিচাপ মতে পানী দি উতলিবলৈ দিব। যেতিয়া মাংসখিনি উতলি জোলখন
ডাঠ হ’ব তেতিয়া কেঁচা জলকীয়া আৰু কেঁচা ধনিয়াপাত কাটি নমাই দি গৰমে ভাতৰ লগত পৰিৱেশন
কৰক। এইবিধ ব্যঞ্জন খাবলৈ খুব সোৱাদ ভৰা হয়৷

মাটি মাহেৰে
ৰন্ধা কুকুৰাৰ মাংস
ৰন্ধা কুকুৰাৰ মাংস
|
উপকৰণ
|
|
|---|---|
| মাটি মাহ | ২ কাপ |
| কুকুৰাৰ মাংস | আধা কিল’গ্ৰাম |
| পিঁয়াজ | ২টা (কাটি লোৱা) |
| আদা–নহৰুৰ পেষ্ট | ২চামুচ |
| খাৰ | ২চামুচ |
| বিলাহী | ১টা (কাটি লোৱা) |
| ধনিয়াৰ গুড়ি, জীৰাৰ গুড়ি, মিট মচলা, জলকীয়াৰ গুড়ি | জোখ অনুপাতে |
| শুকান জলকীয়া | ২টা |
| তেজপাত | ২খিলা |
| নিমখ, হালধি, তেল | জোখ অনুপাতে |
| কেঁচা জলকীয়া | ৩/৪টা |
| কেঁচা ধনিয়াৰ পাত | ১মুঠি (কাটি লোৱা) |
প্ৰণালী: প্ৰথমতে
মাটি মাহখিনি ২/৩ ঘণ্টামান সময় পানীত তিয়াই থৈ বাকলি গুচাই
ধুই ল’ব। এতিয়া এটা প্ৰেছাৰ কুকাৰত মাটি মাহখিনি দি নিমখ
দিব। লগত খাৰ দুই চামুচ দি ২/৩ হুইচেল আহিবলৈ দি নমাই থ’ব।

এতিয়া এটা পাএত
মুৰ্গীৰ মাংসখিনি ল’ব। লগত হিচাপ অনুপাতে নিমখ,
হালধি, তেল, জলকীয়াৰ গুড়ি, জীৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, মিট মচলা এই সকলো বস্তু দি
ভালদৰে সানি আধা ঘণ্টামান সময় ঢাকি থ’ব।

এতিয়া এটা
কেৰাহীত তেল দি শুকান জলকীয়া, তেজপাত দিব লগত কাটি লোৱা পিঁয়াজ ,আদা, নহৰু পেষ্টখিনি দি
ৰঙচুৱা হোৱালৈকে ভাজি লৈ মুৰ্গীৰ মাংসখিনি দিব ভালদৰে লৰাই ঢাকি দিব। এতিয়া কাটি লোৱা বিলাহী আৰু কেঁচা জলকীয়া দিব পুনৰ লৰাই দিব। যেতিয়া মাংসখিনি ভালদৰে ভাজ খাব,
তেতিয়া সিজাই থোৱা মাটি মাহখিনি মাংসখিনিৰ লগত ঢালি দি ভালদৰে লৰাই ঢাকি দিব। যেতিয়া মাংসখিনি
ভালদৰে মাটি মাহখিনিৰ লগত মিলি যাব, তেতিয়া গেছ অফ কৰি ওপৰত
কেঁচা ধনিয়া পাত কাটি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

খাবলৈ বৰ
সুস্বাদু হয়।
সুস্বাদু হয়।