ৰচনা পাঠক

ইণ্টাৰভিউ! ইণ্টাৰভিউ!
প্ৰাৰ্থীসকলৰ দীঘল কিউ
পদবীটো হল এটা
নাইট চকীদাৰ
 
প্ৰাৰ্থীজন হ
লাগে বে
দিলদাৰ
 
গদাধৰে ভাবি আছে, ‘‘পাই
যাম মই
,
দুই-তিনি মাহতে বাইক
এখন লৈ
       দিনৰ দিনটো মই ফুৰিম চলাই,
       ৰামবদন হোটেলত পাও ভাজি খাই৷’’
এনেতে পৰিল ডাক গদাধৰ ডেকা!
কোনে মাতে বুলি চায়
চকু কৰি বেঁকা৷
       তাৰে পাল পৰা বুলি
       বুকুখন গল ফুলি,
       পাৰ হৈ দুৱাৰডলি
       পৰ্দাখন চালে তুলি৷
আছে বৰ অফিচাৰ সন্মুখত
বহি
,
অনেক কাগজ-পত্ৰত কৰি
কৰি চহী৷
সেমেনাসেমেনি
কৰি গদাধৰে ক
লে,
‘‘নমস্কাৰ ছাৰ, মোক মাতিছিল বোলে?’’
       অফিচাৰে ক্ৰমে ক্ৰমে নাম-ধাম সুধি
       ভাবিলে লৰাৰ গাত আছে বে
বুধি৷
‘‘তথাপি পৰীক্ষা এটা কৰা
হওকচোন!
’’
বুলি চাব বিচাৰিলে প্ৰাৰ্থীৰ
গুণ৷
       ‘‘তুমিতো চাকৰি পাই হবা চকীদাৰ, 
       অফিচতে কৰিব লাগিব ৰাতি পাৰ৷’’
— ‘‘হয় ছাৰ’’ বুলি সি মিচিকি হাঁহিলে,
— ‘‘তেতিয়াতো…’’ বুলি ছাৰে আকৌ সুধিলে:
— ‘‘তেতিয়াতো ৰাতি ৰাতি ধৰিব
টোপনি
,
সংসাৰৰ মহবোৰে কৰিব
আমনি৷
তেনে অৱস্থাত তুমি কি
কৰিবা কোৱা
,
উত্তৰটো দিয়া আৰু
চাকৰিটো লোৱা৷
       সি কলে হাঁহি মাৰি— ‘‘সেই
চিন্তা ছাৰ
,
       আগতেই কৰি দিহা কৰি থৈছোঁ তাৰ৷’’
অফিচাৰে সন্দেহেৰে
তাৰ ফালে চালে
,
গদাধৰে আনন্দেৰে
বুদ্ধিফেৰা গালে

‘‘আঁঠুৱা-কম্বল আনি অফিচতে মই,
মনে মনে থৈ দিম চুক
এটা লৈ৷
ৰাতি হলে
বাহিৰৰ বেঞ্চিখনতে
,
পাটীখন পাৰি লম চকুচাৰতে৷
শুই থাকিম আৰামত
ৰাতিৰ ৰাতিটো
,
নুমুৱাই ওপৰৰ বিজুলী
চাকিটো৷
’’
       কথা শুনি অফিচাৰ
       হৈ গল চমৎকাৰ!
‘‘পিছে এই বুদ্ধি জানা ইয়াত
নচলে
,
তাতোকৈ ভাল হ
ঘৰতেই শুলে৷
’’
এই বুলি অফিচাৰে
আঙুলি টোঁৱাই
বাহিৰলৈ যাবলৈ দিলে
সঁকীয়াই৷
 
       গদাধৰে বুজিলে সি চাকৰি নাপায়,
       কথাতেই বঁটা-গঁতা দুয়োটাই পায়৷
তাৰো হ
একেই বিলাই
,
সান্ত্বনা ললে
ভাবি
‘‘ভাগ্যতে নাই!’’
 
বুদ্ধিয়ক বোলাবলেযাওঁতে
নিজক
,
সমাধিহে দিয়া হ
নিজৰ হিতক৷