অংগনা ভট্টাচাৰ্য্য

 

চকলা-চকলকৈ কাটি থোৱা জলফাইখিনি আগফালৰ চোতালৰ
চৌফলীয়া ঠাইখিনিত ৰ
দাবলৈ দি বেঁকাকৈ কাষৰ ভাৰাতীয়া কোঠাকেইটালৈ চালে ৰদালিয়ে৷ 

শুই উঠাই নাই নেকি বাৰু?”

নিজকে প্ৰশ্ন কৰে ৰদালিয়ে৷ আৰু এবাৰ নিৰ্দিষ্ট কোঠাটোলৈ
চাই ঘৰলৈ সোমাই আহে তাই৷ বাহিৰৰ ৰ
দৰ আভা নিজৰ চেহেৰাটোত
সানি লৈ নিমিষতে উজলি উঠে ৰ
দালি৷

মোইনা এ, ত গেলি এ?
শুনচোন৷ ৰুটিকেইখেন ভাজাহিয়ে৷”

ভিতৰৰ পৰা মাকে চিঞৰি মাতে তাইক৷ তাই দৌৰ মাৰি পাকঘৰ
পায়গৈ৷ ৰুটিকেইখন ভাজি মাক-পিতাকক তৰকাৰীৰ সৈতে খাবলৈ দি তাই আজৰি হয় মানে নিৰ্দিষ্ট
কোঠাটোৰ দুৱাৰ মেল খায়৷

তয়ো খাই নলকিয়? ঠাণ্ডা হৈ গেলি খাই কি ভাল পাবি?” –মাকে কয় তাইক৷ তাইৰ মাকলৈ কৃত্ৰিম খং উঠে৷

হ এ মা৷ আটাহ পাৰি নাথকিবিচুন৷ খাম
নহয় মোই ৷”

মাকে ভোৰভোৰায়৷ ইতিমধ্যে তাইৰ চকুত পৰে তাইৰ প্ৰতীক্ষিত
মুখখন৷ তাই ভিতৰলৈ সোমাই আহে৷ স্বেচ্ছাই তাই তেওঁৰ মুখামুখি হোৱাৰ মৰসাহ কৰিব
নোৱাৰে৷ পদূলিৰ জপনা খুলি তেওঁ যায়
গৈ৷ তেওঁ যোৱাৰ পিছত তাই পুনৰ বাৰাণ্ডালৈ ওলাই আহে৷ বাইকখন নেদেখা
হোৱালৈকে চাই থাকে তাই৷
 …

মোইনা, তামুল
দুটা কাট এ৷ কিমাননু বাৰাণ্ডাত থিয়া হৈ থাকা
? আহ৷ আপী-চলী এনকে বাহিৰত পৰ দি থাকবা নাপ্পে৷ দেউতেৰে দেখলি দিব মচলা৷ গম পাবি৷”

তাই মাকৰ কথা শুনি ভিতৰলৈ আহিব বুলি ঘূৰিছিলহে, দেউতাকে বাৰাণ্ডাৰ চকীত বহি
বাতৰি-কাকত পঢ়ি থকা দেখি তাই সঁচকিত হৈ উঠিল৷

তাইলৈ নোচোৱাকৈ মূৰ নোতোলাকৈয়ে দেউতাকে কয়,

বাৰাণ্ডা নহয়, পদূলিমুখোত থিয়া কৰে থলিও কুনিও নেনেহা তাইক৷ সেটু চিন্তা নাই ৰবা৷ কুনবাই এনকে ঘৰোৰ পৰাই টানি নিলিটো
ৰক্ষাই পল্লু হৈ মই৷”

 দালিয়ে একে দৌৰে শোৱনি কোঠা পায়গৈ৷ নিতৌ শুনি থকা
কথাবোৰে তাইক কাঁইটে বিন্ধাৰ দৰে বিন্ধে৷ তাইৰ বন্ধু-বান্ধৱ নাই বুলিবই পাৰি৷
আত্মীয়-চুবুৰীয়া সকলোৱে তাইক বিদ্ৰূপৰ ছলেৰেই কথা কয়৷ পঢ়া-শুনাত আগবাঢ়িব
নোৱাৰিলেও ইতিকিঙৰ বজ্ৰকঠিন শব্দবোৰ তাই বুজি পায়৷ চেহেৰাৰ অস্পষ্ট ৰংটোৱে তাইৰ
স্ফটিক-স্বচ্ছ হৃদয়খনকো কাবু কৰি পেলায়৷ তথাপি সেইবোৰ তাই সময়ৰ সৈতে সহ্য কৰিবলৈ শিকিছে৷
সহ্য কৰিবলৈ শিকা নাই কেৱল আত্মজসকলৰ কঠোৰতা৷ তাই দেউতাকৰ মুখামুখি নহয়েই৷ কাচিৎ হ
বলগীয়া হলেই দেউতাকে এনে দুটামান শব্দ তাইলৈ
প্ৰক্ষেপ কৰে যে তাইৰ ভৰিৰ তলৰ মাটিখিনি হেৰাই যোৱা যেন অনুভৱ হয়৷ উশাহ লোৱাত কষ্ট
পায় তাই৷ ওলাব খুজিও চকুপানী নোলায়৷ দীঘলকৈ উশাহ টানি সহজ হ
বলৈ
যত্ন কৰে৷ নিজেই নিজক নবচালে এই ৰোগৰ পৰা যে তাইৰ পৰিত্ৰাণ অসম্ভৱ সেই কথা খুব
ভালকৈয়ে বুজে তাই৷
 

 : সৰু।” পিছফালে ঘূৰি চায় তাই৷ হাতত ৰুটি-তৰকাৰী-আচাৰৰ
কাঁহীখন লৈ বিমল থিয় হৈ আছে৷

 : মই ইটা একো নাখোং ৷ লৈ যা সেগ্লা৷

: খা৷ আই দি পঠোইছি৷ মই লৈহে আইহছু৷ খা৷ একো নহোয় দে৷ খং
নকৰবি৷

: নাখং এ বিমল৷ মোৰ ভুক নাই৷

: জানু দে কিয়ো নাখ? কিয়নু দুখ কৰা সৰু?
জানাই দেখুন দেউতেৰেক?

চকুপানী মচি স্থিৰ হয় ৰদালি৷ দুখত ভাঙি পৰিলেও তাইৰ দৰে ছোৱালী এজনীক আঁকোৱালি লবলৈ কোনোবা আহিব জানো? আনকি মাকো নাহে৷ হয়তো আহিব
নোৱাৰে৷ তাই বিমললৈ চাই সেমেকা হাঁহি এটা মাৰে-

এতে থৈ যা কাঁহীখেন৷ মন গেলি খাম যা মই৷ তই যা৷ আজি দোকান নুখলা না
কি
?”

ইতা খুলু ৰ৷ আমাৰ পুখৰীত মাছ মাচ্চিল
এ আজি৷ বেপাৰী আহি লৈও গেল৷ দুটামান লৈ আইহ্লু দে তুহাক লোগি৷ বঢ়িয়া মাছ৷ খাবি৷
মই যাউ দে৷ তই খা৷ নাখকে না
থ্‌কিবি কিন্তু৷”

কোঠাটোৰ পৰ্দা ঠেলি বিমল গলগৈ৷ তাই পৰ্দাখনৰ ফালে চাই থাকিল৷
আহিব নেকি আৰু কোনোবা পৰ্দাখন ঠেলি তাইৰ কোঠালৈ
?
 

 যন্ত্ৰবৎ কাঁহীখন হাতত তুলি লৈ ৰদালিয়ে খাবলৈ ধৰে৷ এনেকৈ হলেও খাবই লাগিব৷ সময়ৰ সৈতে অভ্যস্ত হবলৈ শিকিছে
তাই৷ নহ
লে আধা দিন তাইৰ নোখোৱাকৈয়ে পাৰ হব৷ তাই দেখিবলৈ শুৱনি নহয়৷ তাইৰ গাৰ বৰণ বায়েক তিনিজনীৰৰ দৰে পোহৰ নহয়৷
তাই বায়েকহঁতৰ দৰে পঢ়া-শুনাত আগবঢ়া নহয়৷ কিন্তু তাইৰ দোষ ক
?
চুবুৰীয়া-আত্মীয়ৰ উপলুঙা সহ্য কৰি কৰিও তাই হাঁহে৷ জনা হোৱাৰে পৰা
মাক-বায়েকহঁতৰ হাতৰ কাম আজুৰি আনি কৰে তাই৷ গাঁৱৰ ভিতৰতে সিহঁত চহকী হ
লেও তাই বায়েকহঁতৰ পুৰণি কাপোৰ পিন্ধিয়েই ডাঙৰ হয়৷ কিন্তু কোনোদিনে আপত্তি
কৰিবলৈ নিশিকিলে তাই৷ নিজৰ ধৰণেৰেই মনটোক গঢ়ি-পিতি লৈছে৷ ডাঙৰ বায়েকে বুজায় তাইক
,

কি জানা সৰু, বৰমাই কশুনছু দেচুন, দেউতাই বুলে আমি দুটা জন্মাৰ পিছত লৰা হবো বুলি খাটাং আছিল৷ কিন্তু কত লৰা হবো? মামু জন্মিলাক৷ তাৰ পাছত আৰ বুলে চলি নালগে বুলি
বিৰাট খং৷ কিন্তু মানহুগেলাৰ কথা শুনি বেজালি ল
গে মাক মাদলি
পিন্ধে আৰু একবাৰ ল
ৰাৰ আশা কল্লাক৷ সিবাৰ তই হলি৷ ওজা লুগেও লৰা নাপোই দেউতাৰ মস্ত খং৷ তাতে আৰু
তই দেখাত বহুত ধুনীয়া নহ
লি না৷ সাতে-পাঁচে মিলি দেউতাই তোক
সেনা কৰে৷ দুখ নকৰবি দে সৰু৷ আমি আছু নহয়৷ দেউতাৰ কথাত নধৰবি তোই৷”

তাই সঁচাকৈয়ে দেউতাকৰ কথাত নধৰে৷ সিহঁতৰ দেউতাকৰ
পৈতৃক সম্পত্তি অজস্ৰ৷ তাতে তেওঁ বৰ ডাঙৰ চাকৰি এটাও কৰে৷ প্ৰতিপত্তিশীল
ব্যক্তিগৰাকী সকলোৰে সন্মানৰ পাত্ৰ৷ তেওঁৰ প্ৰতিপত্তি আৰু আভিজাত্যত তাইহে চন্দ্ৰমাৰ
গাত লাগি থকা ক
লা দাগটো হৈ জিলিকি আছে৷ অৱশ্যে সেই কলা দাগে
দেউতাকৰ সন্মান অথবা সুখ সামান্যতমো
ম্লান কৰিব পৰা নাই৷ তাই
নিজেও নিজক ক্ষমা নকৰে৷ কিয় তাই সকলো ফালৰ পৰাই পিছপৰা
? দেখাত?
পঢ়া-শুনাত? বায়েকহঁত ইজনীতকৈ
সি
জনীৰা৷ সুন্দৰকৈ পঢ়ি-শুনি ভাল ভাল
ঘৰলৈ ধুনীয়া মানুহ একোজনৰ গাৰ ছাঁ হৈ তেওঁলোকে এইখন ঘৰ এৰিছে৷ ডাঙৰ বায়েকে কোলাত
তুলি লৈছে জোনাকৰ দৰে স্নিগ্ধ এপাহ কহুঁৱা-কোমল কপাহ৷ সৰু বায়েকৰ বিয়া হোৱা বেছি
দিন হোৱা নাই৷ দুয়োজনীয়ে চাকৰিৰ বাবে আ
ৱেদনো কৰি আছে৷ উচ্চ
শিক্ষিতা বায়েক দুগৰাকীয়ে সুবিধা পালেই “খুব ডাঙৰ” চাকৰিও কৰিব৷ সিহঁত দুজনী
সমবয়সীয়া৷ একেবাৰে সৰু বায়েকজনী মামু বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ ছাত্ৰী৷ ইতিহাসৰ
দৰে জটিল বিষয় এটাতো বায়েকে বহুত বহুত নম্বৰ পাই থৈছে৷ 

কিন্তু তাই যে পঢ়াতো কেঁচা৷
নিয়ম মতে তায়ো এতিয়া কলেজ পাব লাগিছিল৷ কিন্তু কেইবা বছৰৰ মূৰকত চুঁচৰি-বাগৰি দ্বাদশ
শ্ৰেণী উত্তীৰ্ণ হৈ তাই নিজৰ ইচ্ছামতেই পঢ়া সামৰি পেলালে৷ নিজৰ প্ৰতি তাইৰ বিৰাগৰ অন্ত
নাই৷ মাকে তাইক মৰম কৰে বুলি জানে৷ কিন্তু দেউতাকৰ ভয়তে বহু সময়ত তাইক সংগ নিদিয়ে
,
যিখিনি সময়ত হয়তো তাই কেৱল মাককেই বিচাৰে৷ অফিচৰ পৰা উভতি আহোঁতে
দেউতাকে সদায়েই টাউনৰ পৰা সিহঁতলৈ ভাল ভাল খোৱাবস্তু আনে৷ বায়েকহঁতে দেউতাক অহালৈ আগ্ৰহেৰে
ৰৈ থাকে৷ সিহঁতে ভাগে-ভাগে বস্তু পায়৷ কিন্তু তাইৰ ভাগৰ টোপোলাটো সদায় মাক বা
কোনোবা এজনী বায়েকৰ হাতৰ পৰাহে ল
বলগীয়া হয়৷ তাইৰ বুকুখন
কিবা একোটাই হেঁচা মাৰি ধৰে৷ তথাপি তাই নাকান্দে৷ মাকৰ চকুদুটা কেতিয়াবা চলচলীয়া হয়৷
তাই নেদেখাৰ ভাও ধৰে৷ দোষনো কাৰ
? আই সৰস্বতী হেন ৰূপে-গুণে
অপৰূপা মাকজনীয়েনো কি পাপৰ ফলত তাইৰ দৰে কুৰূপা এজনীক গৰ্ভত ঠাই দিব লাগে
?
বিষাই থকা বুকুখন আলফুলে ৰাখিয়েই তাই দেউতাকে আনি দিয়া মিঠা বগৰী
নাইবা বুন্দিয়াৰ লাৰু চোবাবলৈ ধৰে৷

 বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা বায়েকে মাজে-সময়ে ঘৰলৈ
আহে৷ বিশেষকৈ বন্ধ পালে৷ ডাঙৰ বায়েক দুজনীৰ দৰে তাই ঘৰুৱা কাম-কাজো বিশেষ নাজানে৷
কিন্তু নাচে-গানে পাৰ্গত৷ তায়েই এদিন দেউতাকক ক
লে,

কালি ঘৰক আহোঁতে ৰেলত আমাৰ হাইস্কুলখেনত
নতুনকৈ জইন কৰা ছাৰজনক লগ পালু৷ তেওঁ বুলে আমাৰ ঘৰত থাকে
?”

তোই যদেৰমাহে ঘৰলৈ আহা নাছলি নহয়৷
সেয়ে গম নাপো৷ ল
ৰাজন উজনিৰ৷ শিৱসাগৰৰ৷ বৰ ভাল ৰিজাল্ট তাৰ৷
ভাল ঘৰৰো৷ স্কুলত জইন কৰি সি ভাড়াঘৰ বিচৰি হায়ৰান৷ আমাৰ গাৱঁতনো কুনি ঘৰ ভাড়াক
লোগি দিব
? এদিন বিমলে মোৰ ওচৰক লোগি তাক লৈ আহিল৷ তাৰ লগত
কথা পাতি বৰ ভাল পালু মই৷ বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে৷ সুবিধা পালি সি অন্য
চাকৰি কৰবো৷ অলপ ভাবি-চিন্তি আমাৰ পুৰণি ঘৰটোৰ এটা কোঠাত তাক থাকাৰ সুবিধাটো কৰি
দিলু দে৷ আৰু ইটাক লোগি আমি একো অসুবিধা প
নাই৷ বৰ অমায়িক লৰাটু৷ পঢ়া-শুনাতেই ব্যস্ত থাকে৷

 তুমি জাননা  দেউতা, তেওঁৰ
বিষয়ো ইতিহাস৷ মই ভা
ব্‌ছু, কিত্তবা
কিবা বিষয় আলোচনা কৰবাক লোগি মোই তেওঁৰ ওচৰক
  যাবা পাৰিম৷”

কথাটু খুব ভালেই ভাবছা তোই৷ তাত মোৰ কোনো
আপত্তি নাই৷ কিন্তু তই তাৰ কোঠাক লোগি নাযোবি৷ তাক ইয়াক লোগি
  মাতি আনবি৷ আগতে কথাটো সুধিও লবিচোন৷ তেওঁৰ অসুবিধাও হবা পাৰে৷”

ব দেউতা৷ মইনু ঘৰত কেইদিন থাকিম? থাকা কেইদিনহে শিকবা পাৰিম৷”

ইতিহাসৰ ছাৰ দুদিন পিছৰ পৰা ৰদালিহঁতৰ ঘৰলৈ অহা হল৷ বায়েকৰ সৈতে পঢ়া-শুনাৰ কথা আলোচনা কৰে৷ বায়েকে কৈ থোৱা মতে ৰদালিয়ে চাহৰ যোগান ধৰে৷ তেওঁ বৰ ধুনীয়াকৈ ৰদালিৰ
সৈতেও কথা-বতৰা পাতে৷ চাহ দি উভতি আহিবলৈ ধৰোঁতে ছাৰে ৰ
দালিক
কয়
,

বহাচোন ৰদালি৷ চাহকাপ দি থৈয়েই যোৱাঁ যে৷ বহাঁ অলপ৷ তুমিও কথা পাতাঁ আমাৰ সৈতে৷ আমিতো আৰু টিউচন কৰি থকা নাই৷”

দালি আচৰিত হয়৷ ঘৰখনৰ মানুহে মানুহ বুলি নভবা ছোৱালীজনীক ইমান শিক্ষিত ছাৰজনে
কিয় জানো গুৰুত্ব দিয়ে
? বায়েকে সিহঁতৰ লগত বহিবলৈ তাইক ইংগিত
দিয়ে৷ ভয় ভয়কৈ তাই বহে৷
 

তুমি বুলে পঢ়া-শুনা বাদ দিছা?”

হয় ছাৰ৷ হায়াৰ ছেকেণ্ডেৰি কিবাকে পাছ কল্লু ৷ কলেজত নাম লগোবাক লোগি সাহসেই নহল৷”

বৰ বেয়া কাম কৰিলা৷ ইমান সোনকালে পঢ়িবলৈ এৰে জানো?”

দালিয়ে সেমেনা-সেমেনি কৰে৷ 

মন কৰিলে মোৰ ওচৰত পঢ়িব পাৰিবা৷ যি ভাল লাগে তোমাৰ৷ মোৰ
যথেষ্ট কিতাপ-পত্ৰ আছে৷”

ইতিহাসৰ ছাৰ অহালৈ যেন ৰদালিয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে৷
বায়েকক নহয় যেন তাইকহে জীৱনৰ পাঠ পঢ়ুৱাবলৈ আহে তেওঁ৷ তেওঁৰ ব্যক্তিত্বত সন্মোহিত
হৈ পৰে তাই৷
 

যেতিয়ালৈকে মই, মোক আৰু মোৰ এইকেইটা
শব্দৰ পৰা নিজক মুক্ত কৰিব নোৱাৰঁ,
 তেতিয়ালৈকে জীৱনৰ মহাৰ্থৰ
পৰা নিজকে বঞ্চিত কৰিব লাগিব৷ আৰু কি জানা, জীৱনৰ এক গভীৰ উদ্দেশ্য থাকিব লাগে৷
উদ্দেশ্যহীন জীৱনৰ কোনো অৰ্থ নাথাকে৷”

বাপৰে ছাৰ৷ আপনি ইমান কথা জানে৷ আজিক
গি এনেহেন কথা কুনিও ক’ নাই মোক৷”

এইবোৰ কথা নিজেই পঢ়ি-শুনি আয়ত্ত কৰা কথা অ৷ মই নিজে কোৱা কথা নহয়৷ আজিলৈকে ময়ো তেনেকৈ আনক কোৱা নাই এনে কথা৷ তোমাক
আপোন আপোন লাগে বাবেহে ক
লোঁ কথাখিনি৷”

দালিৰ অভ্যন্তৰ কঁপি উঠে৷ কি এই আস্থা! কিহৰ আপোনত্ব! কোনেও একো বুলি নভবা
ছোৱালীজনীৰ প্ৰতি তেওঁৰ কিহৰ এই আত্মীয়তা
?

 লাহে লাহে ৰদালি ইতিহাসৰ ছাৰৰ সৈতে সহজ হৈ পৰে৷
বায়েকে
ছাৰৰ লগত ইতিহাস পঢ়ে৷ আৰু তাই তেওঁ যোগান ধৰা বিভিন্ন
বিষয়ৰ গ্ৰন্থ পঢ়ে৷ তাইৰ হাতৰ চাহকাপ তেওঁক দিবলৈ নাপালে তাইৰ দিনটোৱেই আধৰুৱা যেন
বোধ হয়৷ ৰ
দালি বহু দিনৰ মূৰত সুখী হয়৷ তাইৰ জীৱনটোৰ গতিয়েই
  যেন সলনি হয়৷  জীৱনৰ প্ৰতি তাইৰো মোহ জন্মে৷ আশাৰ
গজালি মেলে৷ সেউজীয়াই ভিৰ কৰে হৃদয়ৰ বাগিচাত৷
 

আজিকালি তই বৰ থৌগা হৈছা এ সৰু৷ কাৰণটো কি?”

বিমলৰ কথাত পেন্দোৱাকৈ চায় তালৈ ৰদালিয়ে৷ সি হাঁহি হাঁহি ভিতৰলৈ সোমাই
যায়৷ ৰ
দালিয়ে সলাজ চাৱনিৰে আইনাখনলৈ চায়৷ তলৰ ওঁঠটো দাঁতেৰে
কামুৰি ধৰে তাই৷
 

বায়েকে পঢ়া শেষ কৰি ঘৰলৈ ঘূৰি আহিবৰ কিছুদিন হল৷ গৱেষণা কৰিবলৈ মন থকা বায়েকে
ইতিহাসৰ ছাৰৰ লগত আলোচনাত বহে৷ ৰ
দালিৰ দুচকুৱে ছাৰৰ আকুলতা
বিচাৰি ফুৰে৷ একেই আস্থাৰে
ছাৰে ৰদালিক
কয়
,

চাহ নিদিয়াঁ নেকি ৰদালি?” 

 দালি মমৰ দৰে গলি যায়৷ 

 ছাৰ, মই যি পঢ়িবা ইমান টান পাইছ্‌লু৷ মামুবাই কেনকে ইমান ডাঙাৰ ডাঙাৰ কিতাগ গিলা পঢ়ে যি৷ আপ্নি তো মাষ্টৰে হল৷

উজনিৰ ছাৰে কেতিয়াবা ৰদালিৰ কথাবোৰ নুবুজি মুখ মেলি ৰৈ যায়৷
তাই খিলখিলাই হাঁহি উঠে৷
 

নাহাঁহিবা৷ লাহে লাহে কোৱাঁ৷ মই বুজি পাম৷ আগতকৈ বহুত বুজা
হৈছোঁৱেই নহয়৷ আৰু
 তোমাৰ কথা বুজিবলৈয়ে তোমালোকৰ ভাষাটো বুজিবই লাগিব ন ৰদালি?”

 দালি কঁপি উঠে৷ আৱেগত৷ পৰম আৱেশত৷ 

 প্ৰেমহীন জীৱনটোলৈ দেৱদূত হৈ আহে ইতিহাসৰ ছাৰ৷ আৰু
তাই তেওঁক মাথোঁ পূজা কৰে৷
 

 ডাঙৰজনী বায়েকে লৰাৰ জন্মদিন উপলক্ষে দালিক
দুদিনমান আগতীয়াকৈ মাতি পঠিয়ায়৷ অনিচ্ছা সত্ত্বেও তাই যাবলগীয়া হয়৷ বায়েকৰ ঘৰত নাথা
কোঁ নাথাকোঁ বুলি দহদিনেই থাকিবলগীয়া হয় তাই৷
 

 দেউতাই কিয়ো ইমান ভাবি থাকে বুজি নাপাওঁ৷ দুয়ো দুয়োকে ভাল
পায়৷ দুয়োৰে সমান-সমান পঢ়া-শুনা৷ ভৱিষ্যতে ভাল চাকৰিতো হ
বই৷
আহোমৰ ল
ৰা হল বুলিয়ে দেউতাইনু কিয় ইমান হাহাকাৰ কৰবা লাগে?

 ডাঙৰ বায়েকে ভিনিহিয়েকৰ আগত কৈ থকা কথাখিনি শুনি ৰদালিয়ে বিশেষ মন নকৰে৷ আপোন মনে তাই
ভাত ৰান্ধি থাকে৷ কিন্তু কিছুপৰ পিছতেই বায়েকে তাইক মাতে৷

 তই কালি ঘৰত যাবা লাগবো এ সৰু৷ মা-দেউতাৰ অৱস্থা বয়া৷ মামুই
কি কাম কল্লাক দেখলিনা
? ইটা দেউতাই কোনোপধ্যেই আহোমৰ চলিৰ তাতে তাইক বিয়া নেদে৷ মামু কান্দি-কাটি বিছনাত৷ ইফালে মাৰো অৱস্থা
বয়া৷ কালি তোক থৈ আহিম দে৷ আমিও একবাৰ খবৰটু লৈ আহিম৷ বুজে থৈ আহিম ইটাৰ দিনোত
এগ্লা সৰু কথা৷ মিছামিছি অশান্তি কৰি লাভ নাই৷

কিন্তু মামুবাই কৰ চলি ঠিক কল্লাক? গুৱাহাটীৰ না কি ?” 

গুৱাহাটীৰ দে৷ ঘৰৰ বাৰাণ্ডাৰ চলিটু৷

মানে?”

ভাড়াত থাকা মাষ্টৰটু এ৷ তয়ো বুলে তাহাৰ লগত বহি থাকা আছলি
এ৷ একো তত ধৰবাই নল্লি৷ তোৰ সমুখতে তাহুন প্ৰেমলীলা কৰি থাকলাক৷

… ৰদালি কেনেবাকৈ নপৰাকৈ থাকি যায়৷ 

পাছদিনাই তাই বায়েকহঁতৰ সৈতে ঘৰলৈ আহে৷ নিৰ্বিকাৰ হৈ৷
নিস্তেজ হৈ৷ নিস্তব্ধ হৈ৷
 

মাক বিছনাত৷ প্ৰথমেই তাই মাকৰ ওচৰলৈ যায়৷ বিমল মাকৰ
কাষতে বহি থাকে৷

আইহলি সৰু৷

তই ইমান দুৰ্বল কিয়ো হৈছা এ মা?”

মাকে উচুপি-উচুপি এসময়ত জোৰকৈ কান্দি উঠে৷ লাহে-লাহে
তেওঁ ৰ
দালিক কয়মামুৰ কাৰণে মোৰ চিন্তা হনাই৷
দেউতেৰে মান্তি হ
ব৷ মই জানু৷ কালি মাষ্টৰৰ ঘৰৰ মানুহৰ লগোত
ফোনত কথাও পাতচি৷ তাহাৰ একো আপত্তি নাই৷ কিন্তু মই তোক লোগি হে চিন্তা কচ্ছু এ আই৷

 মোৰ কি হল এ মা? দেউতাই মোক খং কচ্ছি
নেকি
?”

 সৰু৷ তাহুন তিনিটাৰ দৰে তয়ো মোৰে
আপী এ আই৷ মই তোক কম মৰম কৰু বুলি ভুল নাভাব্বি দে৷ এওঁক ভয় কৰোঁ৷ কিন্তু তোৰ দুখ
বুজু মই৷ ইমান দিনৰ মূৰত তোই নাউমান হাইহ্বা খুজিছ্লি৷ ঈশ্বৰৰ সহ্য নহল৷
 

 মাকৰ কথাত ৰদালিয়ে ইতস্ততঃ বোধ কৰে৷ অসহ্যকৰ বোধ কৰে পৰিৱেশটো৷  বিমলৰ সমুখতে মাকে এইবোৰ কি কবলৈ ধৰিছে? 

 তাই কেনেবাকৈ নকন্দাকৈ থাকি যায়৷ ধৰফৰাই উঠা কলিজাটোক
কেনেবাকৈ শান্ত কৰে তাই৷ বিমল কোঠাটোৰ পৰা যাবলৈ ওলায়৷ মাকে কয়
,

 কোত যা এ বিমল? বহ মোৰ কাষোত৷ তোই মোৰ
কুনবা জন্মোৰ চ
লি আছলি এ বাপা৷ নহোলি তোৰ পৰা ইমান সহায় পাউ
না মোই
?”

 কি ক হে আই? সৰুৰ পৰা তুহাৰ ঘৰতে খাই
ডাঙাৰ হলু৷ দেউতাই মৰবাৰ সময়ত কৈ গৈছিল পিতাই আমাক কৰা সহায়ৰ কথা৷ তুহাৰ সহায়তে
পঢ়ি-শুনি ডাঙাৰ হৈ নিজাকে
 দোকানখেন দিলু৷ ইটা আমাৰ অৱস্থা ভাল হলাক বুলিয়ে তুমাক
কেনকে পাহৰিম হা আই
? তুমি ইমান চিন্তা নকৰবা৷ চব ঠিক হৈ যাব৷
নাখ-নল
কে থাকি কষ্ট নেদবা নিজক৷

 দালিয়ে মাকক সাৱটি ধৰে৷ মূৰে-কপালে
হাত বুলাই দিয়ে৷

অৱশেষত মামু আৰু ইতিহাসৰ ছাৰৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ
হয়৷ যন্ত্ৰৱৎ ৰ
দালিয়ে ঘৰৰ কামবোৰ সামৰি লয়৷ বিয়াৰ কেইদিনমান আগতে হঠাতে মাকে তাইক তেওঁৰ
কোঠালৈ মাতি পঠিয়ায়৷ কোঠাত দেউতাকক দেখি তাই সোমাবলৈ ভয় কৰে৷

আহ সৰু

ভয়ভয়কৈ তাই মাকৰ কোঠালৈ সোমাই আহে৷

কথাখেনি ভালকে বুজে কবো তাইক৷ খং নকৰবো৷

 মাকৰ কথাত দেউতাকে তেওঁলৈ
পেন্দোৱাকৈ চায়৷ মাকে তলমূৰ কৰে৷

মামুৰ বিয়াৰ একমাহ পিছতে তোৰ বিয়া ঠিক কচ্ছু সৰু৷

 দালি আচৰিত হৈ মাকলৈ চায়৷ 

মায়েৰ দেখি চাবা নালগে৷ বিয়া ঘৰোত নহয়৷ মামুৰ দৰে
শুক্লেশ্বৰ মন্দিৰত হবো৷ দিন ঠিক কৰা নাই৷ কৰিম সোনকালে৷ মামুক যদি বেলেগ জাতিৰ চ
লিৰ লগোত বিয়া দিবা পাৰু, তোক নৰাৰ একো কাৰণ নাই৷
নিজৰ আপীৰ কাৰণে সমাজৰ বিৰুদ্ধে যাবা মোই সাজু৷ সেইবুলি মোৰ আপীক দুখত পৰবা দিবা
নৰু৷ আলে-আথানি হ
বা দিবা নৰু৷

 কথাখিনি কৈ দেউতাক গপগপাই ওলাই যায়৷  দেউতাকে কোৱা শেষৰ বাক্য দুষাৰি তাইৰ
কাণত বাৰে বাৰে বাজে৷ তাই হুকহুকাই কান্দি পেলায়৷ এইখিনি মৰমৰ বাবে জীৱনটো হামৰাও
কৰি থাকিল তাইক৷ দেউতাকৰ ভয়তে মাক-বায়েকহঁতেও তাইক মৰম কৰিব বিচাৰিও আঁতৰি যায়গৈ৷
মাত্ৰ কামৰ সময়তহে বিচাৰে তাইক সকলোৱে৷ সেইজন মানুহৰ মুখত এই কথা শুনি
  তাইৰ হবলগীয়া
দৰাৰ বিষয়েও সুধিবলৈ পাহৰি যায়৷ মাকে তাইৰ কাষলৈ আহি আলফুলে তাইৰ চকুপানী মোহাৰি
দিয়ে৷

 আচলতে কি জানা সৰু, দেউতে এটা লৰা সন্তান কামনা কচ্ছিল৷ সেই কামনা পূৰণ নহই তোক
দেখলিয়ে খং কৰে৷ কিন্তু যি নহোলিও তোক কুনুদিন কষ্টত ৰাখা নাই তেওঁ৷ জীৱনত দুখ
কিয়ো আহে জানানা
, সুখ উপলব্ধি কৰাৰ কাৰণে৷ মাষ্টৰক পাহৰি যা
আই৷ বিমলে তোক বহুত সুখোত ৰাখবো৷ কথা দিছি সি মোক৷

 বিমল?”

 ওঁ ৷ বিমল তোৰ দৰা৷ বৰ ভাল চলি সি৷
তোই বৰ সুখত থাকবি৷

 মা, আমি কৰা সহায়ৰ বিনিময়ত তোই তাক
মোক বিয়া কৰবা বাধ্য কৰোইছা নেকি
?”

 বিমলে তোক সৰুৰ পৰাই ভাল পায় এ সৰু৷ কিয় বা নাজনু, নিজৰ লৰা নাথকাই নেকি মোই তাক নিজৰ লৰা বুলি ভাবু এ৷ তাতে ইমান গুণী সি৷ মই তাৰ মনৰ কথা কিত্তবাৰ পৰাই জানু৷
কিন্তু জাতিৰ সমস্যাৰ কাৰণে মন মেলা নাছলু৷ ইটা মামুক যদি পাৰি তোক নৰা কথা কি আছে
?”

 মোই দেখাত ইমান বয়া৷ সঁচাকে বিমলে
মোক পচন্দ কচ্ছি না
?”

 প্ৰেম-ভালপোৱাত কলা-বগা বুলি একো নাই
এ আই৷ তই যাক ভালপা
, তেওঁৰ লগত নহয়, তোক
যুনি ভাল পায়
, তেওঁৰ লগতহে বিয়া হবা
লাগে৷ তিত্তেহে সংসাৰ সুখৰ হয়৷ মই গোটেই জীৱনটু দেউতেৰেৰ নামতে কাটে দিলু৷ কিন্তু
মোই কি খাই ভাল পাউ বুলি যদি সুধা
, তেওঁৰ হেহোনেহো লাগবো৷
কথাগেলা সেনায়েই৷ বিমলক লগ ধৰ৷ কথা পাত৷ মনৰ দুখ পাতলিব এ তোৰ আই৷ সুখী হো দুয়ো৷

 সুখ আৰু দুখৰ এবুকু অনুভূতি লৈ ৰদালি মাকৰ কোঠাৰ পৰা ওলাই আহে৷
কেতিয়াও বিয়া নহ
ব বুলি ভবা ছোৱালীজনীৰ বিয়া৷ তাকো নিজে
আগবাঢ়ি অহা পাত্ৰ৷ আনফালে প্ৰেমাস্পদ আঁতৰি যোৱাৰ বিৰহ৷
 

 বাৰাণ্ডাতে বহি তাই ভাবি ৰয় কথাবোৰ৷ নিৰলে৷ নীৰৱে৷

 কি ভাবি আছা এ সৰু?”

 বিমলৰ মাতত তাই উচপ খাই উঠে৷ তাক দেখি তাইৰ লাজ লাগিব
লাগিছিল৷ কিন্তু লাজ-ভয় একোৱেই নালাগিল তাইৰ৷

 তোই বুলে মোক বিয়া কৰোবি এ?”

 মোই নেনলি কুনি নিবো তোক?” 

 বিয়া নহকে থাকিম৷ কি হবো নু?”

 তোৰ একো নহয়৷ মোৰ জীৱন যাব৷ সৰুৰ পৰাই তোৰ নিমিত্তে মল্লু৷
ইতা মাষ্টৰক দেখি যি
 লাইন মাল্লি তোই, মোই তো যাবি বুলিয়ে ভাবছিলু৷ কাপাল ভাল আছিল দে মোৰ৷

 দালিয়ে বিমলৰ দুচকুলৈ চায়৷ তাৰ দুচকুত পৃথিৱীৰ সমস্ত বিশ্বাস আৰু ভালপোৱা
থূপ খাই থাকে৷
 

 ছাৰে মোক দিয়া কষ্টখেনি তোক মোই নেদু দে বিমল৷

 এটা-এটাকৈ শব্দকেইটা উচ্চাৰণ কৰে ৰদালিয়ে৷ বিমলৰ ওঁঠত নিমিষতে পৃথিৱীৰ
সমস্ত ৰ
দালি বিয়পি পৰে৷

 

 

লেখিকাৰ ঠিকনা:

নলবাৰী

ফোন নং: ৮৬৩৮৪০৭৯১৫