কথাৰ কথাৰে

ৰঞ্জুমণি মহন্ত


সৰুতে
এটা কাহিনী পঢ়িছিলোঁ৷ এসময়ত এজন ৰজা আছিল৷ ৰজাই এদিন ৰাতি এটা বৰ ভয়ংকৰ সপোন
দেখিলে৷ ৰাতিপুৱা সাৰ পোৱাৰ পাছতো তেওঁৰ সপোনটোৰ কথা মনত পৰি বৰ দুঃশ্চিন্তা হ
ল আৰু সপোনটোৱেনো কি অৰ্থ বহন কৰিছে জানিবলৈ বৰ মন গল৷ সেই সময়ত ৰাজ-জ্যোতিষীজন কিবা সকামত ৰাজ্যৰ পৰা দূৰণিলৈ যোৱাত ৰজাই
ৰাজ্যৰ আনজন আটাইতকৈ ডাঙৰ জ্যোতিষীক মতাই আনি সপোনটোৰ অৰ্থ ভঙাবলৈ আদেশ কৰিলে৷
জ্যোতিষীজনে সপোনটো শুনাৰ পাছত গণনা কৰি চাই ৰজাক ক
লে,
 মহাৰাজ, সপোনটো বৰ বেয়া৷ ৰাজপৰিয়ালত এটা ডাঙৰ অথন্তৰ হবলৈ
গৈ আছে ৷ আপোনাৰ চকুৰ আগতে আপোনাৰ গোটেই বংশ ধ্বংস হ
ব৷
এই কথা শুনি ৰজাৰ বৰ খং উঠিল আৰু জ্যোতিষীজনক মৃত্যুুুুুুদণ্ডৰ আদেশ দিলে
৷ ইতিমধ্যে ৰাজজ্যোতিষীজনো ঘূৰি আহি পাইছিলহি  তেওঁ ঘূৰি অহা বুলি জানিব পাৰি ৰজাই তেওঁক মতাই
আনিলে আৰু সপোনটোৰ সবিশেষ কৈ তাৰ অৰ্থ বিচাৰ কৰিবলৈ তেওঁক অনুৰোধ জনালে৷
জ্যোতিষীজনে গণনা কৰি চাই হাঁহি এটা মাৰি ৰজাক ক
লে,
মহাৰাজ, এইটো এটা সাংঘাতিক ভাল সপোন৷ সপোনটোৰ
অৰ্থ হৈছে আপোনাৰ গোটেই বংশটোৰ ভিতৰত আপুনি আটাইতকৈ দীৰ্ঘায়ু হ
ব ৷জ্যোতিষীৰ কথা শুনি ৰজা বৰ আনন্দিত হল৷ আৰু বহুতো ধন-সোণ দি তেওক সসন্মানে বিদায় দিলে৷ ইয়াকে কয়
  বোলে কথাতে
কটা যোৱা
, কথাতে বঁটা পোৱা৷
 

সজাই-পৰাই সুন্দৰভাৱে কথা কব জনাটো এক কলা৷ মিঠা
মাত-কথাই সকলোকে মোহিত কৰে৷ দুখৰ দিনত এষাৰ মিঠা মাত
, এধানি
সংবেদনশীল মাতেই
  কাৰোবাৰ জীৱনৰ সঞ্জীৱনী সুধা হৈ পৰিব পাৰে৷

মিঠা কথাৰে যেনেকৈ মানুহৰ মন
জয় কৰিব পাৰি
, ঠিক তেনেকৈ কথাৰ শেলেৰে মানুহৰ মনটো চিৰাচিৰ কৰি পেলাবও পাৰি৷ চকুৰে দেখা
নাপালেও মানুহৰ মনত লগা আঘাত শাৰীৰিক আঘাততকৈ কম বেদনাদায়ক নহয়৷ উপশমহীন তেনে
যন্ত্ৰণাই কেতিয়াবা কাৰোবাক আমৃত্যু দগ্ধ কৰি ৰাখিব পাৰে ৷
 

সকলো কথা সকলো সময়তে ভাল
নালাগে ৷ প্ৰতিটো কথা কোৱাৰ একোটা উপযুক্ত সময় থাকে ৷ স্থান
, কাল, পাত্ৰ চাই কথা কব নজনা মানুহে আচলতে নীৰৱ হৈ থকাই
শ্ৰেয়ঃ ৷ কোনো এজন লোকৰ যেতিয়া মৃত্যু হয়
, তেখেতৰ মৃত্যুৰ
দিনা সাধাৰণতে তেওঁৰ বহু বেয়া গুণ থাকিলেও
, সেইবোৰ একাষৰীয়া
কৰি থৈ তেওঁৰ ভাল গুণবিলাকৰ আলোচনা কৰাটো এটা সাধাৰণ শিষ্টাচাৰ৷ কিন্তু শেহতীয়াকৈ
সামাজিক মাধ্যমত এচাম মানুহৰ মাজত এটা সম্পূৰ্ণ বিপৰীতধৰ্মী প্ৰৱণতা দেখা গৈছে৷
কিছুদিনৰ আগতে পৰলোকপ্ৰাপ্তি ঘটা অসমীয়া সাহিত্য জগতৰ দুজন পুৰোধা ব্যক্তি

হোমেন বৰগোহাঞি আৰু লক্ষ্মীনন্দন বৰা ঢুকাওঁতে সকলোৱে সাহিত্যিক
দুজনাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানসমূহক স্মৰণ কৰি তেখেতসকললৈ শেষ শ্ৰদ্ধা
জনোৱাৰ পৰত
, এচাম লোকে সোঁতৰ বিপৰীতে গৈ মহীৰূহ দুজনাৰ
ব্যক্তিগত জীৱনৰ কিছুমান দুৰ্বল দিশৰ বিষয়ে আলোচনা কৰা দেখা গৈছিল
, যিবোৰ আলোচনা কৰিবৰ বাবে সেয়া সঠিক সময় নাছিল ৷ তেনেবোৰ আলোচনা
সেইদিনকেইটাতে নকৰা হ
লেও চলিলহেঁতেন ৷ এনেকি গুৰু দুজনাৰ
তিথিৰ দিন দুটাতো এচাম লোকে সামাজিক মাধ্যমত তেওঁলোকৰ জীৱনৰ কিছুমান সৰু-বৰ ঘটনাৰ
নেতিবাচক বিশ্লেষণ আগবঢ়োৱাত ব্যস্ত হোৱা দেখা যায়৷ গুৰুদুজনাৰ তিথিৰ দিন দুটাও
আচলতে তেওঁলোকৰ অৱদানৰ বিষয়েই আলোচনা কৰিবৰ বাবেহে উপযুক্ত ৷ নেতিবাচক আলোচনাৰ বাবে
নহয় ৷

সাম্প্ৰতিক সময়ত এনে অনুভৱ হয়, দিনক দিনে যেন মানুহ
মানুহৰ পৰা দূৰলৈ গৈ আছে৷ ইয়াৰ বাবে দায়ী কিন্তু কেৱল অতিমাৰী নহয়৷ অতিমাৰীয়ে
যিদৰে মানুহৰ মাজত শাৰীৰিক দূৰত্ব বঢ়াই তুলিছে
, ঠিক সেইদৰে
মানুহৰ মাজত মানসিক দূৰত্ব বঢ়াইছে কৃত্ৰিমভাৱে উত্থান ঘটোৱা এক ধৰণৰ অহিষ্ণুতাইহে৷
নিজৰ মতটোৱেই শ্ৰেষ্ঠ আৰু শুদ্ধ
, তাৰ বাহিৰে আনৰ কথা মন দি
শুনিবলৈ
, শুনি অনুধাৱন কৰিবলৈ, আজিকালি
কাৰোৰে হাতত সময় আৰু ধৈৰ্য
কোনোটোৱেই যেন নাথাকে৷ সামাজিক
মাধ্যমতো প্ৰায়ে দেখা যায় এজনৰ মতৰ সৈতে আনজনৰ মতৰ সামান্য অমিল হ
লেই ইজনে সিজনক সমালোচনাৰ নামত কটু বাক্যবাণেৰে থকা-সৰকা কৰি পেলাবলৈ
কিঞ্চিতো কুণ্ঠাবোধ নকৰে৷ সামাজিক মাধ্যমতো প্ৰতিজনেই যেন একোজন যুক্তিবীৰহে হৈ
উঠিছে। মানুহৰ অসহিষ্ণুতাই এনে পৰ্যায় পাইছেগৈ যে মৃতকৰ ঘৰত মাত লগাবলৈ গৈও মৃতকৰ
ঘৰ-ঘৰোৱাহক শব্দৰ শেলেৰে হানি থৈ আহিবলৈও এচাম মানুহ পিছ নোহোঁহকে৷
   

বৰ্তমান চাৰিওফালে মৃত্যুৰ
কিৰিলি
; প্ৰতিদিনে
কেৱল মৃত্যুৰ খবৰ৷ বন্ধু-বান্ধৱ
, আপোনজন কাৰোবাক নহয় কাৰোবাক হেৰুৱাই সকলোৱেই কম-বেছি পৰিমাণে ম্ৰিয়মান৷ সকলো ফালে
অনিশ্চয়তা
; জীৱনৰ অনিশ্চয়তা, ভৱিষ্যতৰ
অনিশচয়তা৷ দুটাকৈ অমূল্য শিক্ষাবছৰত কাৰ্যতঃ যিধৰণে শিক্ষাৰ্থীসকলে শিক্ষা আহৰণ
কৰিব লাগিছিল
, তেনে ধৰণে কৰিব নোৱাৰিলে৷ অন্‌লাইন শিক্ষাদান-শিক্ষাগ্ৰহণ হৈ আছে যদিও সেয়া কিমান ফলপ্ৰসূ সেয়া সকলোৱেই
বুজি উঠিছে৷ শিক্ষাবৰ্ষৰ হানি নোহোৱাৰ বাবে আপাত দৃষ্টিত
  শিক্ষাৰ্থীসকলৰ কোনো
ক্ষতি হোৱা নাই যেন লাগিলেও আচলতে তেওঁলোক বিভিন্ন দিশত
যি
প্ৰচুৰ ক্ষতিৰ সমুখীন হ
ব লগা হৈছে, সেয়া কাহানিও পূৰ
নহ’ব৷ বিশেষকৈ ব্যৱহাৰিক(Practical) শিক্ষাৰ প্ৰয়োজন থকা বিষয়বিলাকত যোৱা দুটা বৰ্ষত
শিক্ষাৰ্থীসকলে এই শিক্ষা লাভ কৰিব নোৱাৰিলে৷ শিক্ষা আহৰণৰ ক্ষেত্ৰত ৰৈ যোৱা এনে
ধৰণৰ অপূৰ্ণতাৰ কুফল  সুদূৰপ্ৰসাৰী হ’ব৷ এনে স্থলত সন্তানসকলৰ ভৱিষ্যতক লৈ জ্যেষ্ঠসকল উদ্বিগ্ন হব লগা হৈছে৷ ভবাতকৈও চুটি হৈ পৰিছে মানুহৰ জীৱন৷ এই দুদিনীয়া জীৱনত আমি
আচলতে কোনজন আৰু কেইটা দিনৰ বাবে এই পৃথিৱীত আছোঁ তাৰেই কোনো ইয়ত্তা নোহোৱা হৈছে৷
যিকেইটা দিন এই পৃথিৱীত আছোঁ
, অন্ততঃ সেই কেইদিন এজনে আনজনক
কটুকথা
, ইতিকিং, ঠাট্টা-মস্কৰাৰে
আঘাত-প্ৰত্যাঘাত কৰি সম্পৰ্কবিলাক তিক্ত কৰি তোলাৰ পৰিৱৰ্তে মিলা-প্ৰীতিৰ এটা
সৌহাদ্যপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব নোৱাৰোঁনে
?

**

অভিনন্দন আৰু শুভকামনা :

অন্যযুগৰ অন্যতম উপদেষ্টা  ধ্ৰুৱজ্যোতি বৰাই যোৱা জুন মাহৰ পৰা অসমৰ এখন মান্য
আলোচনী
গৰীয়সী’-ৰ সম্পাদক হিচাপে
কাৰ্যভাৰ গ্ৰহণ কৰিছে৷
অন্যযুগপৰিয়ালৰ
তৰফৰ পৰা তেখেতক আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ৷
 

**

ইমান দু্ৰ্দিনৰ সময়তো আমাৰ
বাবে এটা ভাল লগা খবৰ যে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে জাপানৰ ট
কিঅত হৈ থকা অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাৰ বক্সিং বিভাগত ভাৰতৰ বাবে পদক
নিশ্চিত কৰিলে৷ তেওঁক অভিনন্দনৰ লগতে পৰৱৰ্তী খেলখনলৈ আমি আমাৰ শুভকামনা জ্ঞাপন
কৰিছোঁ৷