ভাস্কৰ জ্যোতি বৰুৱা


        পাত্ৰটোৰ তলিত
জুইৰ শিখা কমাই ৰখা হৈছে। ভিতৰৰ পানীখিনিত উপঙি থকা সেউজীয়া ভেকুলীটোৰ দৈহিক ভাষাই
কয়— অনাগত বিপদ সম্পৰ্কে তাৰ সমূলি ধাৰণা নাই। কুহুমীয়া উষ্ণতাক যেন সি উপভোগহে
কৰিছে। মূৰ্খ ক
ৰবাৰ। উষ্ণতা ঊৰ্ধ্বগামী। বঢ়িয়া!
পানীৰ সংস্পৰ্শ এৰি পাত্ৰটোৰ বেৰত আগঠেং দুখনৰ সহায়ত ওলমি ৰ
লহি ভেকুলীটো। হোৱাট নেক্সট?
 ডিজিটেল ঘড়ীত সংখ্যা বাঢ়িব লাগিছে। কিন্তু ডিঙি উঠা-নমা কৰি থকাৰ বাদে
সম্পূৰ্ণ স্থিৰ তাৰ দেহ। হাৰে
, এনেকৈয়ে মৰিব নেকি এইডাল? কিহৰ বাবে ইমান দীঘলীয়া অপেক্ষা? পাত্ৰটোৰ তলত সৃষ্টি হ
ধৰিছে পানীৰ কিছুমান বুদবুদ। তাৰে দুই এটা ওপৰলৈ উঠি আহি ভাগিছে। জলপৃষ্ঠৰ পৰা
পাতলীয়াকৈ বাষ্প উৰিছে। কি হ
ব এতিয়া?
 হঠাৎ ভেকুলীটো লৰচৰ কৰি উঠিল। জঁপিয়াবনে? চাব্বাছ, জাঁপ মাৰি পাত্ৰটোৰ পৰা ওলাই আহিল সি। হাঁহি এটা বিৰিঙি উঠিল মোৰ ওঁঠত। মিছা তাৰমানে! বিপদৰ সন্মুখত উট পখীয়ে বালিত
মূৰ গুঁজা উপমাটোৰ দৰেই এইটোও এটা মিথ মাত্ৰ। ইয়াতকৈ আৰু কি বেলেগ প্ৰমাণ লাগেহে
?
 

জুলাই মাহৰ
ৰাতিপুৱা। ভেণ্টিলেটৰেৰে সৰকি অহা উজ্জ্বল ৰেঙনিয়ে বগা বেৰত অংকন কৰিছে অলপ বিকৃত
আয়তাকৃতিৰ দুখন ৰ
দছবি। এই পোহৰৰ বাবেই কোঠাটোত ওৰেৰাতি যথোচিত বুলি পোৱা স্বীকৃতিৰে সেউজীয়া পোহৰ নিগৰাই থকা ডিম লাইটটোৰ হোৱা
অৱস্থাৰ দৰেই উপমাটো মোৰ বাবে এতিয়া অনুজ্জ্বল
,
 অদৰকাৰী, অৰ্থহীন। বইলিং
ফ্ৰগ ছিণ্ড্ৰম
 নামৰ য়ুটিউব ভিডিঅটোৰ
বাকী অংশ চাবলৈ মন নগ
ল। ভিডিঅটো বন্ধ
কৰি ম
বাইলত সময় চালোঁ— ৭.১৫। মবাইলটো
থৈ গাৰুৰ কাষৰ পৰা ৰিম
টটো সোঁহাতেৰে তুলি এ. চি.-টোলৈ টোঁৱাই
বুটামত আঙুলিৰ হেঁচা দিলোঁ। এ. চি.-ৰ ইনড
ৰ ইউনিটটোৰ দেহত থকা
ডিছপ্লে
 এৰিয়াত দুটামান সংখ্যা বাঢ়িল। আজিও অফিচলৈ নোযোৱাৰ বাহানা এটা পোৱা হলে। নাঃ, নচলিব, নিৰুপায়। হুমুনিয়াহ এটা ওলাই আহিল। ৰিমটটো
হাতৰ পৰা এৰি শুই থাকিয়েই এটা দীঘলীয়া এঙামুৰি দিলোঁ।

 নিজৰ অলক্ষিতে
লাহে লাহে বাঢ়ি অহা বিপদে মানুহক ধ্বংসৰ পূৰ্বে সজাগ হ
বলৈ
সুবিধা নিদিবও পাৰে বুলি ক
বলৈ গৈ উপমাটো আনিছিল পংকজে।
যেতিয়া সি কৈছিল— উতলা পানীত এটা জীয়া ভেকুলী পেলাই দিলে সি জঁপিয়াই ওলাই আহে আৰু
চেঁচা পানীত ভেকুলীটো ৰাখি খুব লাহে লাহে উত্তাপ বঢ়াই নিলে সি এটা সময়ত সিজি মৰে
,
 সেই মুহূৰ্তত মোৰ মগজুত চাৎকৈ ভাহি উঠা ছবিখন আছিল— হঠাৎ ডাঙৰ ডাঙৰ
টোপালেৰে বৰষুণ পৰিলে মই বাইক ৰখাই ৰেইন ছ্যুটযোৰ খৰধৰকৈ পিন্ধো। কিন্তু সেই টোপালবোৰ
যদি অতি সৰু হয়
, মই সিদ্ধান্ত ল
নোৱৰা হওঁ—
 ৰেইনকোট পিন্ধো নে নিপিন্ধো। আৰু যেতিয়া ভাবি পাওঁ— মই ৰেইনকোট
পিন্ধা উচিত আছিল
, তেতিয়া আৰু
পিন্ধাৰ সপক্ষে যুক্তি নাথাকে। জুৰুলি-জুপুৰি হৈ মই গৈ থাকোঁ। কিন্তু এতিয়া প্ৰমাণ
হৈ গ
ল— উপমাটোৱেই ভুলৰ ওপৰত প্ৰতিষ্ঠিত। 

 উপমাৰ কাহিনীটোৰ
বাৰু বাস্তৱ ভিত্তি নাই
, কিন্তু উপমাটোৱে‍ বুজাব খোজা কথাখিনিৰ? মোৰ আৱিষ্কাৰে
হয়তো পলাবলৈ এটা সুযোগ দিব
, কিন্তু
যুক্তিযুদ্ধত স্থিতি দৃঢ় নকৰে। কাৰণ পংকজে বুজোৱা পিৰামিড আঁচনি সম্পৰ্কীয় অংকটো
ভুল বুলি একো তথ্য বা বিশ্লেষণ বহু খুঁচৰিও মই এতিয়ালৈকে পোৱা নাই। গুগ্‌
ল ছাৰ্চ
কৰিলে বিভিন্ন ধৰণৰ ছবিৰে বুজাব বিচৰা মূল কথা একেটাই—
 এজন মানুহে ছজন
মানুহ যোগাৰ কৰাৰ প্ৰয়োজন থকা আঁচনি এখনত দ্বিতীয় শাৰীত ৬জন
, তৃতীয় শাৰীত ৩৬ জন হৈ দ্বাদশ শাৰীত প্ৰয়োজন হোৱা
মানুহৰ সংখ্যাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা অতিক্ৰম কৰিব আৰু চৰ্তুদশ শাৰীত
পৃথিৱীৰ। কেলকুলেটৰ মাৰিও চাইছোঁ। প্ৰতিটো শাৰীতে উল্লেখ কৰা সংখ্যাবোৰ নিৰ্ভুল।
পংকজৰ মতে
 এ আনছাচটেইনেব্‌ল বিজনেছ মডেল। মোৰ সপোন, মোৰ উচ্চাকাংক্ষাক ধূলিসাৎ কৰি পেলাব পৰা এটা তথ্য।

ইনকাম টেক্স
ৰিটাৰ্ন ফাইলিঙৰ অন্তিম তাৰিখৰ আগতে পংকজলৈ মেইল কৰা ডকুমেণ্টবোৰ চাই সি পৰা
গালিবোৰ মই কেনেকৈ পাহৰোঁ
? ঠিক আছে, সি মোৰ শৈশৱৰ বন্ধু, শুভচিন্তক, কিন্তু মোৰ বিশ্বাস আৰু আস্থাক এনেকৈ ভাঙিবলৈ কৰা
চেষ্টা অলপো হজম হোৱা নাই। এই ব্যক্তিগত খণ্ডৰ চাকৰিটোৱে মোক দিব কি হাঁ
? পংকজ, অচিন্ত্যহঁতৰ দৰে গুৱাহাটীৰ অভিজাত অঞ্চলত এটা বিলাসী
ফ্লেট কি এই চাকৰিৰে সম্ভৱ
? হয়, ময়ো মানো, যোৱা দহ বছৰ ঐকান্তিকতাৰে লাগিও মোৰ এই বিজনেছত
বিশেষ অগ্ৰগতি লাভ কৰা নাই। কিন্তু এই দহটা বছৰে মোক অভিজ্ঞতা দিছে— ঠেকা পাইছোঁ
, শিকিছোঁ। তদুপৰি জেক মায়ে কবৰ
দৰে সফল হ
বলৈ হলে ৪০ বছৰ বয়সৰ পাছত
সেইবোৰেই কৰা যিবিলাক কামত তুমি ভাল। এই ৪২ বছৰ বয়সত মাল্টি লেভেল মাৰ্কেটিঙৰ
ব্যৱসায় বাদ দি আন কিবা কৰি ধনী হ
ব পাৰিম বুলি মোৰ আত্মবিশ্বাস
নাই।
 

একে সময়তে এইটো
কথাও ঠিক যে মোৰ অসফলতাৰ কাহিনী কাকো ক
ব পৰা নাযায়।
কাৰণ মোৰ পিছত ঠিয় হোৱা আৰু ঠিয় দিবলৈ ভবা-গুণা কৰাসকলৰ দৃষ্টিত মোক সফল যেন লগাটো
অত্যন্ত গুৰুত্বপূৰ্ণ। বেংক বেলেঞ্চে অনুমতি নিদিলেও কাৰ ল
, পাৰ্ছনেল লন লৈ হলেও
বাস্তৱ আৰু আভাসী দুয়োখন পৃথিৱীত প্ৰতিক্ষণতে হৈ থকা প্ৰদৰ্শনৰ পৰীক্ষাত উত্তীৰ্ণ
বলৈ মোৰ আপ্ৰাণ প্ৰচেষ্টা অব্যাহত। গুৱাহাটীৰ উজান বজাৰ
হেন অঞ্চলত টু বি এইছ কে ফ্লেট ভাৰাত লৈ থকাই নহয়
,
 বুলেটৰ দৰে এখন প্ৰিমিয়াম বাইক আৰু ছেকেণ্ড হেণ্ড হলেও
হিউণ্ডাই ক্ৰেটাৰ দৰে এছ ইউ ভি এখনৰ গৰাকী হ
বলৈ মই বাধ্য।

বাইলটো
বাজি উঠিল। চকুৰ আগলৈ তুলি আনিলোঁ। মৃদুল।
 

প্ৰাৰম্ভিক কুশল
বাৰ্তা বিনিময়ৰ পাছত হঠাৎ মৃদুলে কৈ উঠিল—
 ‘চন্দন দা, আপোনাৰ লগত মোৰ অলপ কথা
আছিল।
 গাড়ীৰ হৰ্নৰ শব্দ। হয়তো সি
ৰাস্তাত। তাৰ মাতত সংলগ্ন হৈ আছে ফোঁপনি এটা। নিশ্চয় সি খোজ কাঢ়ি আছে।

বিছনাৰ পৰা
নামিলোঁ। থাকক
, শ্লিপাৰযোৰ
নিপিন্ধো।
 কোৱাঁ মৃদুল, মই তোমাক লগ ধৰিম বুলি ভাবিয়েই আছিলোঁ। খন্তেক নীৰৱতা, অপেক্ষা। ভৰিৰ তলুৱাৰে উজাই আহিছে মজিয়াৰ চেঁচা।

দাদা, মই এৰি দিম। এইবোৰ মোৰ দ্বাৰা নহব। আশংকা কৰাৰ দৰেই কথাখিনি মৃদুলৰ মুখেৰে ওলাল।

আস! বুজনিয়ে কাম
দিয়া নাই। সি বিফল মানে দলপতি হিচাপে ময়ো বিফল। মই হাৰিব নোখোজোঁ
, সেয়ে মৃদুলকো হেৰুৱাব নোৱাৰো। তাক সপোন দেখিব পৰা
মানসিক অৱস্থা এটালৈ মই আকৌ এবাৰ ঘূৰাই আনিবই লাগিব।
 মৃদুল, মোৰ ভাই, কোনো কাৰণ নাই ইমান হতাশ হোৱাৰ। আজি তুমি পৰা নাই, কালিলৈ পাৰিবা। ইমান ধুনীয়া ব্যৱসায়টো কিয় এৰি দিব
খুজিছা
? গেলামালৰ দোকান এখন দিবলৈও
আজিকালি কিমান টকা লাগে এবাৰ ভাবি চোৱাঁচোন। ইয়াত তোমাক এগালমান টকাৰ প্ৰয়োজন নাই।
নিজৰ মৰ্জিত কাম কৰিব পাৰি। এনেকৈ আন কি ব্যৱসায়ে তোমাক আনলিমিটেড টকা ঘটাৰ সুযোগ
দিব
?’— শোৱনি কোঠাত বাঁওহাতেৰে মবাইলটো
কাণত লগাই সোঁহাত জোকাৰি জোকাৰি পাইচাৰী কৰি এটা চুটি ভাষণেই দি দিলোঁ। মাজত মাত
নিদি মৃদুলেও কথাখিনি শুনিলে।

তাক সন্মোহিত
কৰিলোঁ বুলি আস্বস্ত হ
ব খোজোঁতেই সি কৈ উঠিল— ‘কিন্তু দাদা, আজি দুবছৰে মইতো একোৱেই কৰিব পৰা নাই। মোৰ চিনা-জনা
মানুহবোৰৰ বাবে হয় আমাৰ কোম্পানীৰ বস্তুৰ প্ৰয়োজন নাই
, নহয় বহুত দামী 

হয়তো মৃদুলৰ
উপলব্ধিয়েই সঁচা। কিন্তু এই মুহূৰ্তত মোৰ ওচৰত মৃদুলৰ সেইবোৰ উপলব্ধিৰ কোনো মূল্য
নাই যিবোৰ আমাৰ উমৈহতীয়া স্বাৰ্থৰ অনুকূলে নাযায়। মই মৃদুলক বুজাবলৈ চেষ্টা কৰিলোঁ—
 সফল হবলৈ
লে এই ব্যৱসায়ত অন্ততঃ পাঁচ বছৰ সময় দিয়াটো কিয় অপৰিহাৰ্য।
যিহেতু দুবছৰ ইতিমধ্যেই মৃদুলে দিছে
,
 এতিয়া আঁতৰি গলে নদী এখন পাৰ হবলৈ সাঁতোৰ মেলি মাজৰ পৰা উভতি অহাৰ দৰেই হব। সফল হবলৈ সি বিক্ৰেতাৰ কিছু কিটিপ আয়ত্ত কৰিবই লাগিব। ধাৰ কৰি উদাহৰণ দিলোঁ— জোতা নিপিন্ধা ঠাইত সি জোতা পিন্ধাৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰিলেহে
সফলতা আহিব
,
 ইত্যাদি ইত্যাদি। লগতে
সোঁৱৰাই দিবলৈ নাপাহৰিলোঁ—
 আমাৰ সফল দলপতিসকলে পৰামৰ্শত নাম লোৱা কিতাপবোৰ পঢ়ি
তেনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। উচ্চস্তৰীয় ছেমিনাৰ-মিটিংবোৰতো সি ভাগ ল

লাগে।
 

আপুনিচোন
জানেই— দেউতা ৰিটায়াৰ্ড
,
 মা হ
অসুখীয়া। এইবোৰৰ কাৰণে ঘৰৰ পৰা টকা খুজিব নোৱাৰোঁ।
  

হুহ, কথা কৈছে শুনা। টকা কি মই দিম? ‘এয়া তোমাৰ ব্যৱসায় মৃদুল, ইয়াৰ গ্ৰথৰ বাবে কিবা অলপ তুমিয়েইতো ইনভেষ্ট্ কৰিব লাগিব। নে কি কোৱাঁ?’ 

 দাদা, শুনকনা

কোৱাঁ। কাণ ঠিয় কৰিলোঁ।

হঠাৎ অন্য এটা
প্ৰসংগলৈ মৃদুলে জঁপিয়ালে। এজন মানুহক আমাৰ কোম্পানীৰ ফুড ছাপ্লিমেণ্টবোৰৰ
উপকাৰিতাৰ বিষয়ে কৈ থাকোঁতে তেওঁ গুগ্‌
ল খুঁচৰি তাক বাতৰি এটা পঢ়ালে। ২০১৩ চনৰে, দি হিন্দুত প্ৰকাশ পাইছিল। বাতৰিটোৰ মতে আমাৰ
প্ৰডাক্টবোৰৰ উৎপাদন খৰচ আৰু সেইবোৰৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ মাজত বিৰাট পাৰ্থক্য
আছে। কোনো কোনোটোৰ ক্ষেত্ৰত দহ গুণতকৈ বেছি। তদুপৰি বাতৰিটোৰ মতে আমাৰ
প্ৰডাক্টবোৰত ব্যৱহাৰ হোৱা উপাদানবোৰৰ বাবে বিদেশত বিশেষভাৱে‍ খেতি কৰা হয় বুলি আমি
যে সততে কৈ থাকোঁ
, তাৰে বহু বস্তু হেনো আমাৰ দেশতে স্থানীয়ভাৱে কিনি ইয়াৰ ফেক্টৰীত তৈয়াৰ কৰা। মৃদুলে কি ক
ভাবিয়েই নাপালে।
 আপলাইনক সুধি কৈ আছোঁ বুলি সাৰি আহি এতিয়ালৈকে সেইফালে মূৰ কৰা নাই। এতিয়া মোক
সুধিছে—
 ‘কওকনা, কি বুলি কওঁ?’ 

কি হোৱা উচিত উত্তৰটো? আচলতে সেই বাতৰিটো ময়ো পঢ়া নাই। মোৰ আপলাইন’-এও আজিলৈকে একো কোৱা নাই এই বিষয়ে। কিন্তু মই নাজানো বুলি মৃদুলৰ আগত
দেখুৱাব নোৱাৰোঁ। মোৰ জ্ঞানৰ ওপৰত তাৰ আস্থা থকাটো একান্ত প্ৰয়োজন।
 সেইবোৰ বিজনেছৰ যুঁজ। আমাৰ প্ৰডাক্টৰ
লগত বলে নোৱাৰি এনেদৰেই নিউজ উলিয়াই বদনাম কৰিব খোজা হৈছে।
’—
 মোৰ ব্যাখ্যা। আৰু কলোঁ— যিহেতু এতিয়া
পেইড নিউজৰ জামানা
, সেইবোৰ কথালৈ সি
বেছি মন নিদিয়াই ভাল। মানুহজনক ক
বলৈ কলোঁ যে এনে হোৱা হলে আমাৰ ব্যৱসায়েই বন্ধ হৈ গলহেঁতেন। মানুহে কিয় বেয়া বস্তু একোটা ইমান দাম দি কিনি খাই থাকিলহেঁতেন? মৃদুলক বুজালোঁ— আমাৰ কোম্পানী আৰু কোম্পানীৰ প্ৰডাক্টবোৰৰ ওপৰত আমি
গভীৰ আস্থা ৰাখিবই লাগিব। কোনোবাই কিবা ক
লে বুলিয়েই
আমি সন্দেহ কৰা অনুচিত। লগতে কিন্তু সুধিবলৈ নাপাহৰিলোঁ—
 ‘আচ্ছা, তুমি বাৰু ভাল মানুহ পাইছা নেকি ডাউনলাইন হিচাপে জইন কৰাবলৈ?’

নাই
দাদা
,
 আনহে নালগে বন্ধুবোৰোচোন মোক
দেখিলেই পলোৱা হৈছে। মই হেনো তামাম কামোৰ হৈ গৈছোঁ। পইণ্ট পাবলৈ নিজেই ব্যৱহাৰ কৰি
আছোঁ আৰু কোম্পানীৰ প্ৰডাক্ট।
’— কথাখিনিৰ শেষত মৃদুলৰ হাঁহিৰ বিস্ফোৰণ। 

এনে হাঁহিৰ ভাগ
লোৱা নাযায়। হাস্যৰসৰ প্ৰলেপেৰে ঢকা মনোকষ্টৰ তিতা।
 মনত ৰাখিবা, সেইখন হোটেলতহে মানুহে খাবলৈ ভাল পায়, ত মালিকে নিজে খায়। আকৌ এটা ধাৰ কৰা সংলাপ। মৃদুলে একো নকলে।
এই মৌনতাৰ অৰ্থ মোৰ উপদেশৰ প্ৰতি সি আস্থাহীন হৈ পৰাৰ আশংকাই অধিক। সেয়ে মাতলৈ
যিমান পাৰি সিমান কোমলতা আনি ক
লোঁ—
 ‘তোমাক কিন্তু বিজনেছ গ্ৰথৰ বাবে ডাউনলাইন লাগিবই মৃদুল। মাল্টি লেভেল মাৰ্কেটিঙৰ কনচেপ্টটো
বিক্ৰী কৰিব পাৰিলেহে সফল হ
বা

মোৰ যিবোৰ কথাক
পংকজে ব্যাখ্যাৰে বিধস্ত কৰাৰ বাবে খং উঠিছিল
, যোগ্য প্ৰত্যুত্তৰ দিব নোৱাৰি প্ৰসংগ সলাবলৈ ব্যৰ্থ
চেষ্টা চলাইছিলোঁ
, এতিয়া প্ৰায় সেই
একেবোৰেই ব্যৱহাৰ কৰিছোঁ মোৰ বুজনিত।
 মাল্টি
লেভেল মাৰ্কেটিং
’ নামটো মুখত লওঁতে পংকজে চাবলৈ বাধ্য কৰা
পিৰামিড আঁচনিৰ ছবি এখন চাৎকৈ চকুৰ আগত ভাহি উঠিল। বাজে কথা
,
 ঋণাত্মক ছবি, পাহৰিবলৈ যত্ন কৰিলোঁ। 

গধূলি
ফ্ৰী আছেনে
?’—
 মৃদুলে সুধিলে। মোৰ প্ৰশ্নৰ
উত্তৰত সি জনালে যে ডাউনলাইনৰ খীণ সম্ভাৱনা থকা মানুহ এঘৰলৈ যাব লগা হ

পাৰে তাৰ লগত। মিটিং ফিক্স্‌ড হ
লে সি মোক জনাই দিব। বুজোৱাৰ
সকলো দায়িত্ব মোৰ। না কৰাৰ প্ৰশ্নই নাহে। তাৰ ডাউনলাইন বঢ়া মানে মোৰোতো বঢ়া।
 , যাম। তোমাক হেল্প্ কৰিবলৈ মই সদায় ৰেডি মৃদুল, টেনচন নলবা’— মই কলোঁ। সি ফোন
লে। আচ্ছা, এয়া বাৰু তাৰ মোলৈ দক্ষতা
প্ৰদৰ্শনৰ চেলেঞ্জ নেকি
? 
পাৰে। হ
ব পাৰে নহয়,
 হয়েই। ডান, চেলেঞ্জ
একচেপ্টেড্ মৃদুল।

***

নীহাৰিকা ৰিজেঞ্চিৰ চি ব্লকৰ দ্বিতীয় মহলাৰ ফ্লেট  ২ডিৰ দ্ৰইং ৰুমত
বহি মই সিদ্ধান্ত ল
ব পৰা নাই এতিয়ালৈকে ওলাই
নহা নিশাৰ সৈতে পৰিচয় পৰ্বত মই কেনেদৰে আগবঢ়া উচিত হ
ব।
১৮-১৯ বছৰীয়া গৃহ পৰিচাৰিকা যেন লগা ছোৱালী এজনীয়ে দুৱাৰ খুলি বহিবলৈ কৈ ফেনৰ
চুইচ্ছটো অন কৰি আঁতৰি গৈছে। চোফাত বহিয়েই মৃদুল ব্যস্ত হৈ পৰিছে বেগৰ পৰা দৰকাৰী
কাগজ-পাতি উলিওৱাত। ২৫ বছৰীয়া মিঠা বৰণৰ এই ক্ষীণ ল
ৰাটোৰ
চকুৱে-মুখে ফুটি উঠিছে পৰীক্ষা হ
লত প্ৰশ্ন কাকত পোৱাৰ
পূৰ্বে হোৱা উৎকণ্ঠা
,
 আৰোপিত গুৰুত্ব।
মই চকু ফুৰাইছোঁ কোঠাটোৰ চৌপাশে। প্ৰথমেই চকু গ

পানী নোহোৱা একুৰিয়ামটোলৈ। তাৰ কাষতে কিতাপৰ ষ্টীলৰ আলমাৰি এটা। অসমীয়া কবিতা
,
 গল্প-উপন্যাসেৰে ভৰি আছে। বেছিভাগেই পুৰণি জনপ্ৰিয়
নাম। আটোম-টোকাৰিকৈ ৰখা কিতাপবোৰে কয়- এতিয়াও এইখন ঘৰত সিহঁতৰ গুৰুত্ব আছে। ইয়াৰে
বহুখিনি কিতাপ এদিন মোৰো আছিল
, বিশেষকৈ কবিতাৰ। ফটো এখন ওলমি আছে দেৱালত। নিশাৰ হাজবেণ্ডেই হ
লাগিব। যি আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ আঁতৰি গৈছে এই পৃথিৱীৰ পৰা। বেচেৰী
নিশা।

 মই নিশাৰ
সন্মুখত আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিব খোজা কথাবোৰ মনৰ ভিতৰতে জুকিয়াবলৈ ধৰিলোঁ। অহ!
নিশাই
 মমতাৰ চিঠি কবিতাটো খুব ধুনীয়াকৈ আবৃত্তি কৰিছিল।

বহুত
দেৰি বহালোঁ ন
?
 ছৰী দেই, ময়ো এফালৰ পৰা আহি এই সোমাইছোঁহিহে।

নিশা। ভিতৰৰ পৰা
ওলাই আহি মৃদুলৰ ফালে চাই ক
লে কথাকেইটা। আগতকৈ বহল হোৱা
বগা মুখখনত হাঁহিটো একেই আছে। নাঃ
,
 অলপ যেন ম্লান। হয়তো তাই ভাগৰুৱা। আগতে কঁকাললৈকে পৰা দীঘল চুলিকোছা এতিয়া
চুটি
, ষ্টেপ কাট। কেইডালমান পকিছে।
যথেষ্ট শকত হোৱাৰ লগতে দীঘল কুৰ্টাটোৰ বাবে ৫ ফুটতকৈ কেই ইঞ্চিমান ওখ নিশাক চাপৰ
যেন লাগিছে। ওঁঠৰ ওপৰত ঘামৰ বিন্দু। গাত লৈ থকা চুৰ্নীখনৰ আগ এটাৰে মুখখন মচি তাই
ঘূৰি থকা চিলিং ফেনখনলৈ চকু উঠালে। দুখোজ চুইচ্ছ ব
ৰ্ডখনৰ কাষলৈ গৈ ৰেগুলেটৰটোলৈ চাই
চকু পুনৰ ঘূৰি থকা ফেনখনলৈ নিলে। মুখৰ অভিব্যক্তিত এনে লাগিল সৰ্বোচ্চ স্পীডত ঘূৰি
ফেনখনে ছটিয়াই থকা বতাহত নিশা সুখী নহয়। ভাল লক্ষণ। অপূৰ্ণতাৰ অসন্তুষ্টি থাকিলেহে
নতুনৰ সুৰুঙা থাকে। আমাৰ ব্যৱসায়ৰ কনচেপ্টটোৱে গুৰুত্ব পোৱাৰ সুযোগ আছে। নিশাৰ
অসন্তুষ্টিৰ ঘনত্ব অধিক গাঢ় কৰি তুলিবলৈ মই পেণ্টৰ পকেটৰ পৰা ৰুমালখন উলিয়াই মুখখন
মচি ক
লোঁ – ‘আজি বৰ গৰম। এ. চি. এটাৰ
প্ৰয়োজনৰ পোক নিশাৰ মূৰত ভৰাবলৈ এই মুহূৰ্তত ইয়াতকৈ অধিক আগ বঢ়া উচিত নহ
ব।

নিশাই মোৰ ফালে
চালে। চিনি নাপাবনে
? প্ৰশ্নই উঠিব নালাগে আচলতে। যদি নোপোৱাৰ ভাও জোৰে ময়ো
মৃদুলৰ সন্মুখত চিনাকি দিবলৈ কেতিয়াও নাযাওঁ। কোনে কৈছিল
  এজন ব্যক্তিক
দ্বিতীয়বাৰৰ বাবে লগ পাব নোৱাৰি। ঠিক যিদৰে নদীৰ একেখিনি পানীক।
  

বৌ, মই যে কৈছিলোঁ  এখেত চন্দন দা, চন্দন গগৈ,’ মৃদুলে কৈ উঠিল।

কেইটামান মুহূৰ্ত নিশাৰ স্থিৰ দৃষ্টি মোৰ মুখ মণ্ডলত। মোক চিনি পোৱা নাই চন্দন?’

কিয়
নাপাম
,
 ২০ বছৰত মানুহ ইমানো সলনি
নহয় দিয়াঁ
,’ মই কলোঁ।
এই চিনাকিৰ সন্মান মৃদুলৰ সন্মুখত ৰাখিব পৰাকৈ দায়িত্বশীল বুলি মোক গণ্য কৰাৰ বাবে
ধন্যবাদ নিশা।

আমি
লখিমপুৰত একেখন কলেজতে পঢ়া
 আমালৈ আশ্বৰ্যচকিত হৈ চাই থকা মৃদুলৰ ফালে মূৰ ঘূৰাই নিশাই কলে। আৰু চন্দন, মৃদুল মোৰ হাজবেণ্ডৰ সম্পৰ্কীয় ভাই। দুয়োৰে অৰিজিনেল
ঘৰ নগাঁৱত।

আপোনাৰ
ঘৰ শিৱসাগৰত নহয় জানো
,
 লখিমপুৰত পঢ়িছিল
যে
?’ মৃদুলে মোলৈ চাই কলে।

মিচিকিয়াই হাঁহিলোঁ। চৰকাৰী
চাকৰিয়াল বাপেকৰ পুতেক আছিলোঁ যে।
 , পাছত সি সুধিলে
এই নিশা দত্তই যে সেই নিশা দুৱৰা বুলি ধৰিব নোৱৰাৰ হাজাৰটা বিশ্বাসযোগ্য উত্তৰ
প্ৰস্তুত কৰিবলৈ মোৰ অলপো খোকোজা নালাগে।

তোমাৰ
মা
,
 দেউতা, ভাইটি?’ মোৰ চকুলৈ চাই নিশাই সুধিলে।

চব
শিবসাগৰত ছেটেল
,’
 মই কলোঁ।  

মৃদুলে বিচৰাৰ
দৰেই মই কোৱাৰ দায়িত্ব ললোঁ। লাভালাভৰ সকলো গাণিতিক সম্ভাৱনা নিশাক বুজোৱা হৈ গ
ল।
টকাৰ সংখ্যা শুনি তাইক উৎসাহী বুলি বুজিবলৈ মোৰ অসুবিধা নহ
ল।
আমাৰ প্ৰডাক্টৰ গুণাগুণ সম্পৰ্কেও ব্যাখ্যা আগবঢ়ালোঁ। তাই মন দি শুনি জইন কৰাৰ
আগ্ৰহ প্ৰকাশ কৰিলে। এজেঞ্চিৰ বাবে প্ৰয়োজন হোৱা কাগজ পাতিৰ তালিকা এখনৰ শ্লিপ
তৈয়াৰ কৰি মৃদুলে নিশাৰ হাতত তুলি দিলে। কাইলৈ দিনত আহি সি সেইখিনি লৈ যাব। নিশাই
শ্লিপখন পঢ়ি থাকোতে মৃদুলে মোৰ দক্ষতাক চকু আৰু চেলাউৰিৰ ভাষাৰে স্বীকৃতি দিলে।
এনেতে মৃদুলৰ ম
বাইলটো পেণ্টৰ পকেটত বাজি উঠিল। সি উলিয়াই
আনি কাণৰ কাষলৈ নিলে। তাৰ কপাল কোঁচ খাই কেইডালমান ৰেখাৰ সৃষ্টি হ
ল।
 

চিন্তা
নকৰিব
,
 মই গৈ আছোঁ। আধা ঘণ্টাত ঘৰ
পাই যাম
,’ মৃদুলে কলে।
নিশা আৰু মই পৰস্পৰৰ চকুলৈ এবাৰ চাই মৃদুলৰ মুখমণ্ডলত দৃষ্টি ৰাখিলোঁ।
 দেউতা। মাৰ গাটো হঠাৎ বেয়া লাগিছে
বোলে। ডাক্তৰৰ ওচৰলৈ নিব লগা হ
ব কিজানি।

লা তেন্তে,’ মই কলোঁ।

আপুনি
অলপ বহক নহ
লে। বৌৰ আৰু কিবা কুৱেৰী আছে যদি ক্লিয়েৰ কৰি
দিয়ক
,’
 মৃদুলে কলে।

নিশায়ো কলে – প্ৰথম আহিছা, অলপ বহাঁচোন।

মই না নকলোঁ। নিশাক এবাৰ মৃদুলৰ অবৰ্তমানতো লগ পাবলৈ মন গল।
মৃদুলক দুৱাৰ মুখত আগবঢ়াই থৈ নিশা আকৌ মোৰ সন্মুখৰ চোফাখনত বহিলহি। মই বেৰত ওলমি
থকা পুৰুষজনৰ ফটোখনৰ ফালে মূৰ ঘূৰালোঁ।

যোৱা
মাহত এবছৰ হৈ গ
ল।
 নিশাৰ মাতটো কঁপিছে। মই দৃষ্টি ফটোখনৰ পৰা নিশাৰ মুখলৈ আনিলোঁ। তাইৰ চকুৰ
কোণত পানী বিৰিঙি উঠিছে।
 হঠাৎ মানুহজন …।  বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰিলে নিশাই। কিন্তু তাই ক্ষিপ্ৰতাৰে নিজক
নিয়ন্ত্ৰণ কৰি ললে। চশমা খুলি চকু দুটা সোঁহাতৰ বৃদ্ধা আৰু তৰ্জ্জনী আঙুলিৰে
মচিলে। নাকেৰে বৈ আহিব খোজা পানীখিনি উজাই চুৰ্নীৰ আগটোৰে মোহাৰি চশমাযোৰ আকৌ
পিন্ধি ল
লে।

ইছ্ ৰাম, তোমাক চাহ একাপো যচা হোৱা
নাই
,’ মুহূৰ্তৰ আগৰ পৰিৱেশটোৰ পৰা
আঁতৰি আহিবলৈকে হয়তো অলপ কৃত্ৰিম যেন লগাকৈ নিশা হঠাৎ ব্যস্ত হৈ উঠিল।
 চেনি খোৱানে, মানে চাহত?’

নিশাই হাঁহিছে, ওপৰৰ পাৰিৰ
বাওঁফালে চুকলৈ থকা বেৰিয়া গজা দাঁতটো ওলাই যোৱাকৈ। এটা সুনিয়ন্ত্ৰিত মিচিকিয়া
হাঁহি মুখলৈ আনি ক
লোঁ – ‘খাওঁ’।

 মোৰ নিৰ্বাচন
অনুসৰি নিশাই দুকাপ লাল চাহ আনিবলৈ নিৰ্দেশ দিলে। কিন্তু তাৰ পাছতেই অকস্মাৎ
কোঠাটোলৈ মৌনতা নামি আহিল। নিশাই বাৰু কি ভাবিছে
? মৃত স্বামীৰ কথা? নে পংকজৰ কথা সুধিবলৈ গৈ তাই ৰৈ গৈছে? ময়ো এই মুহূৰ্তটোত খাপ খোৱা এটা প্ৰশ্নৰ সন্ধানত
চালাথ কৰিছোঁ মগজুৰ অভ্যন্তৰ।

 অনুজ হাজৰিকা
ছাৰৰ টিউচন ৰূমৰ সন্মুখৰ বেঞ্চখনৰ একেবাৰে সোঁকাষে পংকজৰ ঠাইখিনিত আমালৈ পিঠি দি
বহি থকা ছোৱালী এজনী আৰু তাইৰ সন্মুখত চকীত বহি থকা ছাৰক দেখি হাঁহি-খিকিন্দালিৰে
হুৰমুৰকৈ সোমাই যোৱা আমিবোৰ স্তব্ধ হৈ পৰিছিলোঁ।
  

এওঁ
নিশা দুৱৰা
,
 এইটো গ্ৰুপতে আহিব,’ অনুজ হাজৰিকা ছাৰে কৈছিল।

 সন্মুখৰ সেই
দীঘল বেঞ্চখনৰ বাওঁফালৰ ছীট দুটাত বিপ্লৱ আৰু মুস্তাফা বহিলগৈ। সেই দুটা আছিল
তাঁহাতৰে। অংকৰ সেই টিউচনটোত মই বহিছিলোঁ পংকজ আৰু মুস্তাফাৰ মাজত। অৰ্থাৎ
চাৰিজনীয়া বেঞ্চখনৰ ছোৱালীজনীৰ কাষৰ খালি ছীটটো মোৰ। গাৰ্লছ স্কুলৰ চকুৰ চিনাকি
, কিন্তু কেতিয়াও মাতবোল নকৰা ছোৱালীজনীৰ কাষত বহিবলৈ
মই সংকোচ কৰি থাকোঁতেই গ
ল। পংকজ বহিলগৈ মোৰ স্থানত।

চন্দন
তই তাতে বহ
,’
 অনুজ হাজৰিকা ছাৰে একেবাৰে
পাছৰ বেঞ্চখনৰ খালি ঠাইখিনিৰ ফালে আঙুলিয়াই ক
লে। মই
সীমান্তৰ কাষত বহিলোঁ।

খুব সম্ভৱ প্ৰথম
দিনাই পংকজৰ বহীখন নিশাই ঘৰলৈ লৈ গৈছিল ফটোক
পি কৰিবৰ বাবে। ছিৰিয়াছ যেন লগা
ছোৱালীজনী এদিন সহজ হৈছিল আমাৰ লগত।
 

 মেট্ৰিক পাছ
কৰাৰ পাছত নিশা আৰু মই একেখন কলেজতে কলা বিভাগত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি
কৰিলোঁ। পংকজে নিৰ্বাচন কৰিলে কমাৰ্চ কলেজ। সেইবৰ্ষৰ আমাৰ কলেজ সপ্তাহৰ কবিতা
আবৃত্তিৰ প্ৰতিযোগিতাত নিশাই ভাগ লৈছিল। তাইক উৎসাহ দিবলৈকে মই দৰ্শক হৈছিলোঁ।
পংকজো আহিছিল তাইৰ আবৃত্তি শুনিবলৈ। আবৃত্তিৰ শেষত আমি দুটাই থিয় হৈ হাত চাপৰি
বজাইছিলোঁ। সেইবাৰ তাই দ্বিতীয় পুৰস্কাৰ পাইছিল। বঁটা বিতৰণী অনুষ্ঠানৰ দিনা নিশাই
আমাক খুৱাইছিল পংকজে তাইক উপহাৰ দিয়া চক
লেটৰ একোটা বাইট। সেইদিনাই গধূলিলৈ হোৱা
কলেজ সপ্তাহৰ সামৰণি অনুষ্ঠান শেষ হওতে দেৰি হোৱাত পংকজে তাইক ঘৰত থৈ অহাৰ
প্ৰস্তাৱ দিছিল। প্ৰাথমিক সংকোচৰ অন্তত তাই মান্তি হৈছিল। পংকজে ককায়েকৰ ৰঙা
য়ামাহা আৰ এক্স -১০০ খনত নিশাক উঠাই আমাক এৰি আঁতৰি গৈছিল। চিগাৰেট হুপিবলৈ ৰৈ
যোৱা বিপ্লবহঁতক তাতে এৰি অলপ পাছত ময়ো গুচি আহিছিলোঁ মোৰ পুৰণি ক
লা
ৰেলি চাইকেলখন চলাই। পাছদিনা পংকজে আমাক ৰঘুনাথৰ হোটেলত চাহ-চিংৰা খোৱাইছিল। নিশাই
হাঁ কৰা পাৰ্টী। পংকজে একমাত্ৰ মোৰ প্লেটত তুলি দিছিল দুটা চিংৰা। মোৰ বাধাৰ
সত্ত্বেও। সেই অতিৰিক্ত মৰম মই চিংৰা খাই ভাল পাওঁ বুলি নে আগদিনা নিশাক তাৰ
বাইকত উঠিবলৈ কোৱাৰ বাবে
,
 সেয়া সি কোৱা
নাছিল। ময়ো সোধা নাছিলোঁ।
 

কবিতা
লিখা নে আজিকালি
?’
 নিশাই সুধিছে। 

উভতি আহিলোঁ। নাই, তুমি?’  

লিখিবলৈ
চেষ্টা নকৰোঁ
,
 কিন্তু পঢ়োঁ। কবিতা মোৰ বাবে
এতিয়াও –
 

কলিং বেলটো বাজি উঠিল। আঃ নিশাৰ বাক্যটো সম্পূৰ্ণ নহল।
তাই মূৰ ঘূৰালে। ভিতৰৰ পৰা ছোৱালীজনী ওলাই আহি দুৱাৰখন খুলি দিলে। বাহিৰৰ পৰাই ল
ৰা এটাই বাতৰি কাকতৰ ভাঁজত ভৰোৱা কাপোৰৰ ঠাক এটা ছোৱালীজনীলৈ আগবঢ়াই দিলে।
ধোবা নিশ্চয়। ল
ৰাটো মোৰ দৃষ্টিৰ পৰা আঁতৰ হল। ছোৱালীজনীয়ে দুৱাৰখন জপাই ভিতৰলৈ গলগৈ। মই চকু
ঘূৰাই এতিয়াও বন্ধ দুৱাৰখনৰ ফালে চাই থকা নিশাক সুধিলোঁ –
 কবিতা এতিয়াও তোমাৰ বাবে কি নিশা?’

বহুত
কিবাকিবি
,’
 কিতাপৰ আলমাৰিটোৰ ফালে চকু
ঘূৰাই নিশাই উত্তৰ দিলে।

 নাই, ৰাটো নহা হলে এই তিনিটা শব্দৰে নিশ্চয় উত্তৰটো নসজালেহেঁতেন নিশাই। সঠিক মুহূৰ্তটো
পাৰ হ
লে কিজানি বহু উত্তৰে হেৰুৱায় মানুহৰ অনুভৱৰ সঁচা
স্বীকৃতি।

তোমাৰ মায়াবী জোনাক নামৰ কবিতাটো মই খুব ভাল পাইছিলোঁ,’ মোলৈ চাই নিশাই কলে।

মই চমকি উঠিলোঁ। কি আচৰিত! স্নাতক দ্বিতীয় বৰ্ষত থাকোঁতে লিখা, কলেজ আলোচনীত ওলোৱা মোৰ সেই কবিতাটোৰ শিৰোনাম ২১-২২ বছৰৰ
পাছতো তাই মনত ৰাখিছে! সেইখনত তাইৰো পংকজক লৈ লিখা কবিতা এটা ছপা হৈছিল। যিটোৱে
ছাত্ৰ-শিক্ষক সকলোৰে মাজত যথেষ্ট সমাদৰ পাইছিল। আলোচনীখন নিশ্চয় তাইৰ হাতত আছে।
হয়তো অতি শেহতীয়াভাৱে পাত লুটিয়াওঁতে মোৰ কবিতাটোও চকুত পৰিল।
 

কবিতা
হৃদয়ৰ ভাষা
,
 কিয় নিলিখা হলা?’- নিশাই পুনৰ কলে।

এতিয়া কবিতা লিখিবলৈ গলে সেয়া মোৰ পোচাকী ভাষাহে হব। হঠাৎ কোনো দিনে নভবা কথা এটা উত্তৰ হৈ মুখেৰে সৰকিব খুজিও মোৰ ইচ্ছাৰ
বিৰুদ্ধে নগৈ ৰৈ গ
ল। মই একো নকলোঁ। মাথো অস্বচ্ছভাৱে
মিচিকিয়ালোঁ
,
 যাতে নিশাই বাচি ল
পাৰে নিজকে পতিয়ন নিয়াব পৰাকৈ এটা উত্তৰ। তাইৰ ভিতৰতে থকা।

চাহ আহিল।
খালোঁ। বহু কথাৰ মাজত এতিয়াও কিয় বিয়া পতা নাই জাতীয় অস্বস্তিকৰ প্ৰশ্ন সু-অভিনয়ৰে
অতিক্ৰম কৰিলোঁ। চিনাকি হ
লোঁ আমাৰ কথাৰ মাজতে ভিতৰৰ পঢ়া টেবুলৰ
পৰা উঠি অহা নিশাৰ ১০ বছৰীয়া পুত্ৰৰ সৈতে। নিশাৰ নিৰ্দেশত অভি পুনৰ উভতি গ
ল পঢ়া টেবুললৈ। আমাৰ সুদীৰ্ঘ কথা-বতৰাত মই আশা কৰাৰ দৰে কিন্তু নিশাই
পংকজৰ কথা এবাৰো নুলিয়ালে।

 পাকঘৰৰ পৰা উফৰি
অহা প্ৰেছাৰ কুকাৰৰ হুইচেলৰ শব্দই উমান দিলে এইঘৰ মানুহৰ বাবে ৰাতি এতিয়া কিমান
দেৰি।
 যাওঁ নিশা, কাইলৈ মৃদুল আহিব নোৱাৰিলে ময়েই আহি লৈ যাম কাগজখিনি,’ মই কলোঁ। সেই
সময়তে ঠিক কৰিলোঁ – আহিলে গাড়ীখনকে লৈ আহিব লাগিব। স্বচ্ছল অৱস্থা প্ৰদৰ্শন কৰাৰ
সুযোগটো মই কিয় এৰিম
?
 প্ৰয়োজন আছে।

খন্তেক
বা,
 কথা এটা…। নিশাৰ আৰু এটা
অসম্পূৰ্ণ বাক্য। অলপ মৌনতা। কষ্টকৰ কিবা এটা যেন মুখত ল
বলৈ
তাই সাজু হৈছে। এইবাৰ পাক্কা
,
 পংকজৰ কথাই হব। 

নিশাই আৰম্ভ
কৰিলে ৰূপকৰ কথাৰে। ৰূপক থকালৈকে তাই টকা-পইচাৰ কথাত মূৰ সুমুৱাব লগা নহৈছিল
, আগ্ৰহো নাছিল। কিন্তু মানুহটো হঠাৎ আঁতৰি গল।
তাই বৰ্তমান ভীষণ চাপত আছে। আৱেগজনিত আৰু বিত্তীয়
,
 দুয়ো ফালৰ পৰাই। তিনি বছৰৰ আগতে ট্ৰেন্সফাৰ হৈ অহা
ৰূপকে এই চহৰতে ঘৰ কৰাৰ কথা ভাবিহে আছিল। সময় নাপালে। এতিয়া তায়েই কৰিবলৈ
সংকল্পবদ্ধ। কিন্তু আগত সমস্যাও আছে বহুত। বিয়াৰ দহ বছৰৰ পাছত বহু চিকিৎসাৰ অন্তত
সিঁহতৰ জীৱনলৈ অহা অভি বহুত সৰু হৈ আছে। তাক মানুহ কৰাৰ দায়িত্ব এতিয়া তাই অকলে ল

লাগিব। স্নাতকৰ চূড়ান্ত পৰীক্ষা দি উঠিয়েই বিয়া হোৱা তাইৰ কোনো চাকৰিৰ অভিজ্ঞতাও
নাই। তথাপি ৰূপকৰ অফিচতে তাইৰ সৰু চাকৰি এটা হ
বগৈ লাগে।
ৰূপকৰ সহকৰ্মী বন্ধু কেইজনমানে লাগি আছে। কিন্তু তাইক সেই চাকৰিটোৱে দিব পৰা
মাহেকীয়া টকাকেইটাতকৈ বহু বেছি টকাৰ প্ৰয়োজন জীৱনটোক বিচৰা ধৰণে আগুৱাই নিবলৈ।
এদিন মৃদুলে আহি কৈছিল কোম্পানীটোৰ কথা। টকা ঘটাৰ এটা অতিৰিক্ত উৎস হিচাপে লোৱাৰ
বাবে কথাখিনি তাইৰ ভাল লাগিছিল যদিও সন্মতি দিব পৰাকৈ আস্বস্ত হ
ব পৰা নাছিল। আজি মোক পাই যথেষ্ট সকাহ পাইছে।
 তথাপি শেষবাৰৰ বাবে সুধিছোঁ, বিৰক্ত নহবা হাঁ  সঁচাই প্ৰচপেক্ট
আছেনে মোৰ বাবে
? জইন কৰাটো উচিত
বনে? মই সেই কবিতা ভাল পোৱা কলেজীয়া সহপাঠী বন্ধুজনক সুধিছোঁ।

  এনে প্ৰশ্নৰ
উত্তৰ সাধাৰণতে মোৰ জিভাৰ আগত থাকে। এইটো ব্যৱসায়ৰ বাবে বৰ্তমানৰ পৰিস্থিতি
নিঃসন্দেহে নিশাৰ অনুকূলে। আৰম্ভণিতে প্ৰয়োজনৰ বাবেই হওক বা জীৱন যুঁজখনত তাইক
উৎসাহিত কৰিবলৈকে হওক
, খৰচ কৰিবলৈ
সক্ষমতা থকা আত্মীয়ৰ লগতে বহু চিনাকি মানুহে আমাৰ কোম্পানীৰ দামী দ্ৰব্য তাইৰ পৰা
কিনিবলৈ কুণ্ঠাবোধ নকৰিব। মোৰ উত্তৰত মৃদুল লাভবান হ
ব।
ময়ো আগবাঢ়িম লক্ষ্যৰ দিশত আৰু এখোজ। কিন্তু গণ্ডগোলীয়া কথাটো হৈছে – নিশাক লাগে
সেই কবিতা লিখা ল
ৰাটোৰ হৃদয়ৰ পৰা ওলোৱা উত্তৰ। সঁচাই ইম
নেল ফুল এইজনী। ২০ বছৰৰ আগৰ লৰাটোক মোৰ মাজত আশা
কৰে। কিন্তু মোৰ এনে লাগিল- প্ৰশ্নটোৱে যেন হেঁচুকিলেগৈ এসময়ত অতি গোপনে কাতৰ হৈ
থকা একপক্ষীয় প্ৰেমিক এটাক
,
 যি এদিন কল্পনাৰ মায়াৱী জোনাকত নিশাক জলকুঁৱৰী ৰূপত দেখিছিল। সেই যে পংকজৰ
বাবে তাইৰ ওঁঠৰ পৰা কমোৱা তুলাৰ দৰে উৰা বিশেষ হাঁহিৰ কেইটামানক সকলোৰে অলক্ষিতে
নি সি নিজৰ বুকুত গুজি দিছিল আৰু উজাগৰী নিশা গধুৰ হুমুনিয়াহৰ পূৰ্বে টানি লোৱা
দীঘল উশাহবোৰত থকা জলীয় কণাৰে জিপ দিছিল
, আজি যেন অত দিনৰ অনাদৰত লঠঙা হৈও নমৰা সেই বীজৰে
এজোপা গছত পুনৰ ফুলি উঠিল শিমলুৰ দৰে তেজ ৰঙা ফুলবোৰ। টোপনিতে
? নহয়, নিশাৰ প্ৰিয় বুলি জানিয়েই কবিতা ভাল পাবলৈ অনুশীলন কৰা সেই লৰাটো
সাৰ পাইছে। অকল সাৰ পোৱাই নহয়
,
 সাজু হৈছে উত্তৰ দিবলৈও। কি হ, নিশাৰ সন্মুখত আজি যদি তাৰ বহুত ওখ হবলৈ
মন যায়
?
 নাই নাই, সেইটোক কেতিয়াও মুখ খুলিবলৈ দিব নোৱাৰি। সম্পৰ্কৰ কথা
আছে
, সম্ভাৱনাৰ কথা আছে। সকলো
মষিমূৰ হৈ যাব। মই হাৰিব নোখোজোঁ
, হেৰুৱাব নোখোজোঁ। এটা ক্ষিপ্ৰ উত্তৰেৰে নিশাক সন্তুষ্ট আৰু সেই উন্মাদক
নিৰস্ত্ৰ কৰিবলৈ যো-জা চলাওঁতেই মই শুনা পালোঁ
– ‘জইন নকৰিবা
নিশা
,
 এইবোৰ মৰীচিকা, মাথো মৰীচিকা।

   প্ৰত্যাশিতভাবেই
নিশাৰ অবাক দুচকুৰে মোলৈ নিক্ষেপ হ
ব ধৰিছে
ইপাটৰ পিছত সিপাট তীক্ষ্ণ প্ৰশ্নবোধক শৰ। কিন্তু শব্দৰ ঢাল তুলি আত্মৰক্ষাৰ বাবে
তৎপৰ হোৱাৰ পৰিৱৰ্তে মই হঠাৎ ব্যস্ত হৈ পৰিলোঁ অন্য এক প্ৰশ্নৰ উত্তৰৰ সন্ধানতহে
  মোৰ জীৱনত কোনটো
বেছি ডাঙৰ মৰীচিকা
? মাল্টি লেভেল
মাৰ্কেটিং নে সম্পৰ্কহীনতাৰে মানসিক দুৰত্ব বঢ়াবলৈ এদিন সংকল্প লোৱা চন্দন গগৈৰ
নিশাৰ প্ৰতি থকা গোপন অনুৰাগ
, যি মোক পুনৰবাৰ বিধস্ত কৰিব পৰাকৈ ইতিমধ্যেই তীব্ৰ ৰূপ ধাৰণ কৰিছে?

 

***

 

(ভ্ৰাম্যভাষ :
৯৯৫৪০৬২০৯৫
)