আইনষ্টাইনৰ হেৰোৱা চিঠি আৰু মৌ-মাখিৰ স্পন্দিত নৃত্য

 ° পবন কুমাৰ চহৰীয়া

 

আইনষ্টাইন নামটো উচ্চাৰিত
লেই আমাৰ মনলৈ আহে অবিন্যস্ত
চুলি আৰু সোত
মোচ খোৱা কাপোৰকানিৰে ভাবুক মুখৰ ছবি এখন আৰু
লগতে আপেক্ষিকতাবাদৰ সেই বিখ্যাত সমীকৰণটো
আমাৰ ধাৰণা, আপেক্ষিকতাবাদ অবিহনে যেন বিজ্ঞানৰ জগতত আইনষ্টাইনৰ আৰু আন কতো একো পৰিচয় নাই আজি আমি ব্যৱহাৰ কৰা সকলো বৈদ্যুতিক
সৰঞ্জামৰে হৃৎপিণ্ড ট্ৰেনজিষ্ট
, সৰ্বত্ৰ ব্যৱহৃত লেজাৰ, এইবিলাকত যে তেওঁৰ বিশেষভাৱে উল্লেখনীয় অৱদান আছিল সেই কথা আমি বহুতেই নাজানো সেয়া বাৰু এটা বেলেগ বিষয়  কিন্তু আইনষ্টাইন আৰু মৌমাখি? মৌমাখিৰ নৃত্য আৰু গুণগুণনিৰ লগত আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ
বা কি সম্পৰ্ক
?
নে মৌমাখিয়ে মানুহতকৈ আগতেই আপেক্ষিকতাবাদ
শিকি পেলাইছিল
?
বও পাৰে, কাৰণ মৌমাখিৰ যে শূন্যৰ ধাৰণা আছে, মৌমাখিৰ যে ভেক্টৰৰ ধাৰণা আছে
আৰু মৌ
মাখিয়ে যে ইমান অকমানি মূৰটোতে সৰুসুৰা লেও অংক, মানে হিচাপ-নিকাচ কৰিব পাৰে, চাৰিওফালৰ দৃশ্যপটৰ ছবি মূৰত আঁকি সুমুৱাই লৈ তাক ব্যৱহাৰ কৰিব
পাৰে সেইবোৰোতো আমি জনা নাছিলোঁ
? বিশ্বাস কৰিবলৈ টান লাগিলেও এইবিলাক আজি বৈজ্ঞানিক পদ্ধতিৰে
বিজ্ঞানীয়ে কৰা প্ৰতিষ্ঠিত সত্য
৷ এই প্ৰবন্ধত আইনষ্টাইনৰ দৰে
এজন পদাৰ্থবিজ্ঞানীয়ে যে জ্ঞান
বিজ্ঞানৰ সকলো ক্ষেত্ৰতে অনায়াসে বিচৰণ কৰিব পাৰে আৰু তেওঁলোকৰ
সৰু
সুৰা দুই এটা বাক্যতেই জীৱজগতৰ
জ্ঞানৰপৰা উদ্ভৱ হ

পৰা অনেক প্ৰযুক্তিৰো সম্ভাৱনা লুকাই থাকে তাৰ বিষয়ে অলপতে উন্মোচিত হোৱা এখন চিঠিৰ
কথাহে ক’ব খুজিছোঁ
কিন্তু তাৰ আগতে পটভূমিটো জানি ললে ভাল 


 

কাৰ্ল ভন ফ্ৰিছ (Carl von Frisch) এজন অষ্ট্ৰিয়ান জীৱবিজ্ঞানী
আছিল
১৯৭৩
চনত তেওঁ
  শৰীৰবিজ্ঞান বা চিকিৎসাবিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল কনৰেড লৰেঞ্জ (Konrad Lorentz) আৰু নিকোলাছ টিনবাৰ্জেন (Nicolaas Tinbergen) নামৰ আন দুজন বিজ্ঞানীৰ লগত যুটীয়াভাৱে তেওঁ এই বঁটা লাভ কৰিছিল দুই দশকৰো অধিক পূৰ্বে
১৯৪৯ চনত প্ৰকাশ কৰা মৌ
মাখি সম্পৰ্কীয় এক গৱেষণাৰ বাবে নিজে উদ্ভাৱন কৰা বহুতো সৃজনীমূলক
পৰীক্ষাৰ সহায়ত আৰু নিৰ
চ্ছিন্ন নিৰীক্ষণৰ পাছত তেওঁ আৱিষ্কাৰ কৰিছিল কিদৰে মাইকী মৌমাখিয়ে এক বিশেষ ধৰণৰ কম্পিত নাচোনৰ (waggle dance) সহায়ত লগৰ আন কৰ্মী মৌমাখিবিলাকক
নিজে আৱিষ্কাৰ কৰা খাদ্যৰ উৎস ক
, কিমান আঁতৰত, কোন দিশে আছে ইত্যাদি খবৰ প্ৰদান কৰে কৰ্মী মৌমাখিবিলাকে যেতিয়া খাদ্যৰ নতুন উৎসৰ
সন্ধানত মৌ
বাহৰ চাৰিওফালে বিয়পি ফুৰে, তেতিয়া কোনোবা এটা মৌমাখিয়ে
যেতিয়া নতুন উৎসৰ সন্ধান পায়
, সেইজনীয়ে মৌবাহলৈ উভতি আহি এক বিশেষ স্থানত উলম্ব কোঠালি (vertical wax combs)
এক বিশেষ ধৰণৰ
নাচোন আৰম্ভ কৰে
(চিত্ৰ দ্ৰষ্টব্য)  ইংৰাজী আঠ আখৰটো সৃষ্টি কৰি
বাৰে বাৰে ঘূৰি ঘূৰি এক বিশেষ তলত এই নাচোন নাচে আৰু যিবিলাক মৌ
মাখিক কামত মকৰল কৰি পঠিয়াই
দিয়া হ
, সেইবিলাকে নাচটো মনোযোগেৰে
প্ৰত্যক্ষ কৰে
আচৰিত
লাগে এইটো ভাবি যে সেই নাচটোৰ জ্যামিতিতেই উৎসটোৰ বিষয়ে সকলোবিলাক তথ্য সোমাই থাকে
প্ৰথমতেই এক সৰল পথত মৌমাখিটোৱে উৰা মাৰে আৰু পৰ্যাবৃত্তভাৱে বাঁফালে আৰু সোঁফালে ঘূৰি ঘূৰি
ইংৰাজী আঠ আখৰটো সৃষ্টি কৰে
যিটো দিশত উৰা মাৰে সেই দিশটোৱে মৌবাহৰ এক বিশেষ উলম্বৰেখাৰ লগত যিটো কোণ কৰে, সেই কোণটোৰ বিশেষ গুৰুত্ব
আছে
এই
কোণটোৰ মানেই হৈছে মৌ
বাহৰ
পৰা খাদ্যৰ উৎসলৈ টনা ৰেখা
(বিজ্ঞানৰ ছাত্ৰছাত্ৰীৰ বাবে মৌবাহ সাপেক্ষে খাদ্যৰ নতুন উৎসৰ পজিছন ভেক্টৰ!) আৰু সেই সময়ত সূৰ্যৰ পৰা দিগন্তৰ
ওপৰত টনা ৰেখাৰ মাজৰ কোণটোৰ সমান
গতিকে নাচোন দিয়া মৌমাখিজনীয়ে এই কোণটো জুখিব জানিব নালাগিবনে? সূৰ্যৰ পজিছন ভেক্টৰ আৰু উৎসৰ পজিছন ভেক্টৰে কৰা কোণটোৰ হিচাপো তাই কৰিব লাগিব আৰু সেই হিচাকৰি নৃত্যৰ গতিপথ নিৰ্ণয় কৰিব লাগিব আৰু বাকীবিলাক মৌমাখিয়েও সেই কোণটো মগজুতে
জুখি মনত ৰাখি উৎসৰ সন্ধানত উৰিব লাগিব
! দৌৰটো কিমান সময় কৰে সেইটোৱে‍ সংকেত দিয়ে হেনো উৎসটোৰ দূৰত্বৰ
কথা
নৃত্যৰ
মাধ্যমেৰে জনসংযোগৰ এই পদ্ধতিৰ কথা ভাবিলে সঁচাকৈয়ে আচৰিত লাগে
প্ৰকৃতাৰ্থত মৌমাখিৰ এই নৃত্যক ভেক্টৰ নৃত্য
বা ভেক্টৰ নাচ

(vector dance)
বুলিব
পাৰি
গতিকে
আপুনি মই বিজ্ঞান বা গণিতৰ ক্লাছত ভেক্টৰ ৰাশি কি শিকাৰ আগতেই মৌ
মাখিয়ে ভেক্টৰ কি শিকিছিল
আৰু কে
ল শিকাই নহয়, তাক প্ৰয়োগো কৰিছিল কাৰণ ২০ মিলিয়ন (২ কোটি) বৰ্ষতকৈও পুৰণি হেনো সিহঁতৰ
বুৰঞ্জী
অকল
সিমানেই নহয়
!
আকাশত যদি মেঘ
থাকে
, সূৰ্যটো যদি মেঘে ঢাকি ৰাখে, তেতিয়া সেই ৰেফাৰেঞ্চ্ লাইনডাল
কেনেকৈ পাব কোণ আঁকিবলৈ
? তেতিয়া হেনো মৌমাখিজনীয়ে ব্যৱহাৰ কৰে আলোকবিজ্ঞানৰ জ্ঞান বা বিদ্যুৎচুম্বকৰ
জ্ঞান
(আলোকবিজ্ঞান দৰাচলতে বিদ্যুৎচুম্বকীয়
বিজ্ঞানেই
)!
আকাশত থকা পোহৰৰ
যি অপৱৰ্তন তল
 (plane of polarization of skylight), সেই তলৰ দিশৰ জ্ঞান ব্যৱহাৰ কৰি উৎসটোৰ অৱস্থিতিৰ দিশ বুজাই
দিয়ে লগৰীয়াসকলক
তাৰমানে, আমাৰ ফিজিক্স মেজৰ পঢ়া লৰাছোৱালীবিলাকে যে পলেৰাইজেছনৰ
পৰীক্ষাটো কৰে
,
তেনেকুৱা পৰীক্ষা
মৌ
মাখিয়ে বহু লক্ষ বছৰৰ আগৰপৰাই
কৰি আহিছে
?
ভাবিলে আচৰিত
নালাগেনে
? আচৰিত লাগে
কাৰণেই ভন ফ্ৰিছৰ এই কথাবোৰ আৰম্ভণিতে কোনেও বিশ্বাস কৰা নাছিল
, যিটো সাধাৰণতেই ঘটে বিজ্ঞানৰ
যিকোনো যুগান্তকাৰী আৱিষ্কাৰৰ ক্ষেত্ৰতেই
কিন্তু পাছত অনেকেই যেতিয়া পৰীক্ষাৰ
দ্বাৰা একে ধৰণৰ সিদ্ধান্তই পালে তেতিয়াহে বিজ্ঞানীয়ে ভ
ন ফ্ৰিছৰ সেই আৱিষ্কাৰক গ্ৰহণ কৰিলে এই অতুলনীয় কামৰ স্বীকৃতি হিচাপে তেওঁলৈ আগবঢ়োৱা হল ১৯৭৩ চনৰ শৰীৰবিদ্যাৰ নবেল পুৰস্কাৰ এয়া বাৰু ভন ফ্ৰিছৰ কাহিনী, কিন্তু আমাৰ আকৰ্ষণৰ আৰু প্ৰবন্ধৰ
মূল বিন্দু হ
ল আইনষ্টাইন আইনষ্টাইন আহিল কৰ পৰা?

১৯৪৯ চন আমেৰিকাৰ প্ৰিঞ্চটন বিশ্ববিদ্যালয়ত
আমন্ত্ৰণক্ৰমে ভ

ফ্ৰিছে তেওঁৰ গৱেষণাৰ বিষয়ত এক বক্তৃতা প্ৰদান কৰিছিল
দৰ্শকৰ আসনত আছিল আইনষ্টাইন আইনষ্টাইন আছিল প্ৰিঞ্চটনৰ ইন্সটিটিউট
অব এডভাঞ্চড ষ্টাডিজত
বক্তৃতাৰ পাছত আইনষ্টাইনে ভন ফ্ৰিছক তেওঁৰ গৱেষণাগাৰলৈ নিমন্ত্ৰণ
কৰিছিল আৰু পাছৰ দিনটো বহু সময় ধৰি আই
নষ্টাইন আৰু ফ্ৰিছে একেলগে বহু কথা আলোচনা কৰিছিল গ্লেন ডেভিছ নামৰ এজন ইংৰাজ ইঞ্জিনিয়াৰলৈ
আইনষ্টাইনে লিখা এখন চিঠি অলপতে উদ্ধাৰ হৈছে গ্লেন ডেভিছৰ পুত্ৰৰ ঘৰত
গ্লেন ডেভিছ আছিল এজন ইঞ্জিনিয়াৰ আৰু
তেওঁ ইংলেণ্ডৰ
 নৌবাহিনীত ৰাডাৰৰ (RADAR) ওপৰত কাম কৰিছিল আইনষ্টাইনে লিখা এখন অতি চুটি চিঠি, দেখাত ঘটনাটো তেনেই সাধাৰণ কিন্তু বিজ্ঞানী মহলত এইখন চিঠিয়ে
বেছ আলোড়নৰ সৃষ্টি কৰিছে এই কাৰণেই যে ইয়াত আইনষ্টাইনে কোৱা কথা এটা-দুটা হ
লেও উদ্ধাৰ হৈছে, যিটো আমাৰ সমগ্ৰ সভ্যতাৰ কাৰণেই
এটা আপুৰুগীয়া সম্পদ
দ্বিতীয়তে ১৯৪৯ চনতে (১৮ অক্টোবৰ) লিখা এই চিঠিত আইনষ্টাইনে জীৱজগতৰ
বিষয়ে উনুকিওৱা কথা এতিয়া লাহে লাহে সঁচা বুলি প্ৰমাণিত হ
ব ধৰিছে চিঠিখন আছিল আচলতে গ্লেন ডেভিছে আইনষ্টাইনলৈ
লিখা এখন চিঠিৰ উত্তৰহে
গ্লেন ডেভিছে লিখা মূল চিঠিখন এতিয়াও উদ্ধাৰ হোৱা নাই কিন্তু গ্লেন ডেভিছৰ পুত্ৰৰ ৰোমন্থন
মতে তেওঁ
(গ্লেন ডেভিছে) আইনষ্টাইনৰপৰা জানিব বিচাৰিছিল
কিদৰে মৌ
মাখিয়ে সূৰ্যৰ ৰশ্মিৰ অপৱৰ্তনৰ
তল 
(plane
of polarization)
ব্যৱহাৰ
কৰি আকাশত নিজৰ গতিপথৰ দিশ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু মৌ
মাখিৰ সেই জ্ঞান আকাশত বিমানৰ উৰণৰ দিক নিৰ্ণয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যায় নেকি তেতিয়ালৈকে মানুহৰ এটা বদ্ধমূল ধাৰণা
আছিল যে মানুহে যেনেকৈ প
ঞ্চ ইন্দ্ৰিয়ৰ সহায়ত চলনফুৰণ কৰে,  জীৱজগতৰ আন প্ৰাণীয়েও কেৱল মাথোঁ এই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰাহে
আকাশত ভ্ৰমণ কৰিব পাৰে
কিন্তু যোৱা শতিকাৰ চল্লিৰ দশকৰ মাজভাগত বাদুলিয়েবায়ৰাডাৰ’ (bio radar) মানে অতিশাব্দিক তৰংগ ব্যৱহাৰ
কৰাৰ কথা যেতিয়া গৱেষণাৰ দ্বাৰা প্ৰতিষ্ঠা হ
ল আৰু তাৰ পাছত ভন ফ্ৰিছৰ মৌমাখিয়ে সূৰ্যৰ ৰশ্মিৰ অপৰ্তন মানে বিদ্যুৎচুম্বকীয়
ক্ষেত্ৰ ব্যৱহাৰ কৰি দিকনিৰ্ণয়ৰ কথা
নেশ্বাৰ(Nature) দৰে বিখ্যাত গৱেষণা পত্ৰিকাত প্ৰকাশ পালে, তেতিয়াই মানুহৰ মনত কৌতূহল
বলৈ ধৰিলে যে পক্ষীকুলে ব্যৱহাৰ
কৰা এই স্বাভাৱিক প্ৰযুক্তি বা জ্ঞানক মানুহে আকাশমাৰ্গত বিমান উৰাবলৈ ব্যৱহাৰ কৰিব
কিয় নোৱাৰে
(অলপ অপ্ৰাসংগিক হলেও উল্লেখ কৰিব খোজোঁ যে, বনাঞ্চলত বাস কৰা পৃথিৱীৰ
খিলঞ্জীয়া জনসাধাৰণৰ যি পৰম্পৰাগত জ্ঞান সেই জ্ঞানৰ ব্যৱহাৰ কৰি আজি মানুহে প্ৰকৃতিৰ
পুনৰুদ্ধাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰিবলৈ আগবাঢ়িছে
) গ্লেন ডেভিছৰ চিঠিত যে তেনেকুৱা
এটা প্ৰশ্ন আছিল সেয়া আইনষ্টাইনৰ উত্তৰৰ পৰাই অনুমান কৰিব পাৰি
আইনষ্টাইনে লিখিছিল যে ভন ফ্ৰিছৰ উল্লেখযোগ্য আৰু প্ৰশংনীয় কামৰ বিষয়ে তেওঁ জ্ঞাত
যদিও মৌ
মাখিৰ সেই জ্ঞান বাস্তৱ ক্ষেত্ৰত
প্ৰয়োগ কৰাৰ তেওঁ সেই সময়ত কোনো সম্ভাৱনা দেখা নাছিল
কিন্তু চৰাইচিৰিকতিয়ে পোহৰৰ কিছুমান বিশেষ
ধৰ্ম
(যেনে অপৱৰ্তন, polarization of
light)
বা মানুহৰ
নথকা কোনো ইন্দ্ৰিয়ানুভূতি ব্যৱহাৰ কৰি আকাশত বিচৰণ কৰিব পাৰে নেকি বুলি গ্লেন ডেভিছে
যে আইনষ্টাইনক সুধিছিল সেই কথা আইনষ্টাইনে দিয়া উত্তৰৰ পৰাই সন্দেহ কৰা হৈছে
কাৰণ ঠিক সেই সময়তে ভন ফ্ৰিছে মৌমাখিয়ে যে সূৰ্যৰ ৰশ্মিৰ অপৱৰ্তনৰ
তল 
(plane
of polarization)
ব্যৱহাৰ
কৰি নতুন খাদ্যৰ উৎসৰ বাতৰি সহকৰ্মী মৌ
মাখিবিলাকক দিছিল আৰু ইয়াৰ সহায়তে চাৰিওফালৰ ঠাইখনৰ মানচিত্ৰ
এখন গঠন কৰি সহজতে বিচৰণ কৰিব পাৰিছিল তাৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছিল
গৱেষণাৰ এই বাতৰি হেনো সেই সময়ত জনপ্ৰিয়
বাতৰি কাকততো প্ৰচাৰ হৈছিল আৰু সাধাৰণ মানুহেও হেনো এই বাতৰিৰ প্ৰতি খু
ব আগ্ৰহ দেখুৱাইছিল

    

আইনষ্টাইনে তেওঁৰ চুটি উত্তৰটোত
উল্লেখ কৰিছিল যে মৌ
মাখিয়ে
সূৰ্যৰ ৰশ্মিৰ বিদ্যুৎচুম্বকীয় ধৰ্ম সিহঁতৰ কামত যিধৰণে ব্যৱহাৰ কৰে তাক মানুহে উৰণৰ
দিকনিৰ্ণয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাৰ সম্ভাৱনা সেই মুহূৰ্তত তেওঁ দেখা নাছিল
কিন্তু এই কথাও তেওঁ উল্লেখ কৰিছিল
যে মৌ
মাখিৰ প্ৰকৃতি অধ্যয়নৰ পৰা
যদি সিহঁতৰ মানুহৰ নথকা নতুন ধৰণৰ কিবা ইন্দ্ৰিয়ৰ সন্ধান বিজ্ঞানীয়ে উলিয়াব পাৰে তেনেহ’লে
নিশ্চয় সেই জ্ঞান পদাৰ্থবিজ্ঞানৰ কোনো নীতিৰ অধ্যয়ন আৰু প্ৰয়োগত ব্যৱহাৰ কৰিব পৰা যাব
আৰু এতিয়া বিজ্ঞানীয়ে মৌমাখিৰ তথা অন্যান্য কীটপতংগ বা চৰাইৰ অধ্যয়ৰ পৰা এনেকুৱা কিছুমান জ্ঞান
লাভ কৰিছে যিবোৰ এতিয়া চে
ঞ্চ, ৰবট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অধ্যয়তো প্ৰয়োগ হব ধৰিছে এই কথা আজি প্ৰতিষ্ঠিত যে মৌমাখিয়ে হেনো এক ধৰণৰ ভিজুৱেল
অড
মিটাৰৰ (অডমিটাৰ হল দূৰত্ব জোখা যন্ত্ৰ) জৰিয়তে দূৰত্ব জুখিব পাৰেআনকি পৃথিৱীৰ ভূচৌম্বক ক্ষেত্ৰৰ বেলেগ বেলেগ
ঠাইত হোৱা প্ৰাৱল্যৰ হীন
দেঢ়ি জুখি নিজৰ গন্তব্যস্থান উলিয়াব পাৰে মৌমাখিয়ে নিজৰ পেটত থকা চুম্বকীয় স্ফটিকৰ (magnetic crystal) সহায়ত এই ভূচুম্বক ক্ষেত্ৰ
ডিটেক্ট্ কৰিব পাৰে
আইনষ্টাইনে
যে প্ৰায় সত্তৰ বছৰ আগতে নতুন ধৰণৰ ইন্দ্ৰিয়ানুভূতিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল
, মৌমাখিয়ে এই ভূচুম্বক ক্ষেত্ৰক
চিনি পোৱাটোৱেই তাৰ এটা উৎকৃষ্ট উদাহৰণ
  

আইনষ্টাইনে তেওঁৰ চিঠিখনত
আৰু উল্লেখ কৰিছিল যে পৰিভ্ৰমী চৰাই আৰু বাৰ্তাবাহী পাৰ চৰাইৰ অধ্যয়নে হয়তো ভৱিষ্যতে
আমি নজনা কিছু নতুন প্ৰাকৃতিক নীতি বা ঘটনাৰ ইংগিত দিব পাৰে যিবোৰ আমাৰ এই মুহূৰ্তত 
(তেওঁ চিঠি লিখাৰ সময়ত) অজ্ঞাত এইটো এতিয়া বিজ্ঞানীসকলে সংশয়বিহীনভাৱে
প্ৰতি
ষ্ঠা  কৰিছে যে পৰিভ্ৰমী চৰায়ে কেৱল ভূচুম্বকীয় ক্ষেত্ৰৰ উপৰি সূৰ্যৰ
আৰু আন নক্ষত্ৰৰ অৱস্থান আৰু সূৰ্যৰ পলাৰ
ইড ৰশ্মিও ব্যৱহাৰ কৰে মানুহৰ থকা পঞ্চেন্দ্ৰিয়ৰ উপৰি এই বিভিন্ন
ইন্দ্ৰিয়ানুভূতিৰ প্ৰয়োগেৰে কিছুমান চৰায়ে প্ৰত্যেক বছৰে পোৱালি জগোৱা ঠাইলৈ নিৰ্ভুলভাৱে
গুচি আহিব পাৰে
অৱশ্যে
সঠিক কি ধৰণৰ পদাৰ্থবিজ্ঞান নীতিৰ ব্যৱহাৰেৰে চৰাই
চিৰিকতিয়ে এনেকুৱা কাৰ্য সম্পাদন কৰিব
পাৰে সেই লৈ বিজ্ঞানী
সকল
মাজত মতভেদ আছে
কিন্তু
এইটো ঠিক যে মানুহৰ অজ্ঞাত বহুতো ইন্দ্ৰিয়ৰ প্ৰয়োগ খু
ব মিতব্যয়িতাৰে পশুপক্ষী, কীটপতংগই কৰে আজিৰ পৰা সত্তৰ বছৰৰো আগেয়ে এনেকুৱা
এটা সম্ভাৱনাৰ কথা আইনষ্টাইনে উক্ত চিঠিখনত ব্যক্ত কৰিছিল আৰু আজি বিজ্ঞানীৰ গৱেষণাগাৰত
সেয়া সঁচা বুলি প্ৰমাণিত হ
ব ধৰিছে আইনষ্টাইনৰ দৰে বিজ্ঞানীয়ে তেওঁলোকৰ
নিজা ক্ষেত্ৰ আৰু সময়ৰ সীমাৰ বাহিৰতো সেয়েহে আমাৰ মানসিক আৰু বৌদ্ধিক জগতত বিস্ময়কৰ
প্ৰভাৱ বিস্তাৰ কৰিব পাৰে
(Hawking 2002) আৰু সেয়েহে তেনে মহান বিজ্ঞানীৰ সাধাৰণ বুলি ভবা এখন
চিঠিয়েও বিজ্ঞানী মহলত যথেষ্ট হেন্দোলনিৰ সৃষ্টি কৰিছে

মৌমাখিৰ ওপৰত কৰা অধ্যয়নে ইতিমধ্যে কম্পিউটাৰ জগতৰ গৱেষণাত
প্ৰভূত বৰঙণি যোগোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে
খুব কম শক্তি খৰচেৰে মৌমাখিয়ে কেনেকৈ বহুতো ডাঙৰ
মস্তিষ্কৰ প্ৰাইমেট গোষ্ঠীয়ে কৰা কাম কৰিব পাৰে সেইটোৱে‍ গৱেষকসকলৰ দৃষ্টি বিশেষভা
ৱে আকৰ্ষণ কৰিছে এতিয়া ছুপাৰ কম্পিউটাৰ, কৃত্ৰিম বুদ্ধিমত্তা, মেশ্বিন লাৰ্নিঙৰ যুগত কেনেকৈ কম
শক্তি খৰচ কৰা কম্পিউটাৰ প্ৰস্তুত কৰিব পাৰি সেইটো অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে
তদুপৰি অলপতে ২০১৯ চনত প্ৰকাশিত এক
গৱেষণাৰ ফলাফলেও বিজ্ঞানীৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ লোকৰ মাজতো বেছ উত্তেজনাৰ সৃষ্টি
কৰিছিল
এই
গৱেষণাত প্ৰকাশ পাইছিল যে মৌ
মাখিয়ে গণিতত শূন্যৰ যি ধাৰণা আছে তাক শিকিব পাৰে আৰু নিজৰ
মূৰৰ ভিতৰতে সৰু
সুৰা
অংকও কৰিব পাৰে
নিঃসন্দেহে
এইটো এটা বৈপ্লৱিক আৱিষ্কাৰ বুলি ক
ব পাৰি মানুহৰ মাজত শূন্যৰ ধাৰণা কেতিয়া হল আৰু কোনে প্ৰথমতে কৰিলে
সেই লৈ এতিয়াও মাজে মাজে বিৱাদৰ সৃষ্টি হয়
, আৰু তেনে স্থলত মৌমাখিয়ে গাণিতিকভাৱে শূন্য কি, অংক কেনেকৈ কৰিব লাগে ইত্যাদি
কথা জানে বুলি যেতিয়া বিজ্ঞানীয়ে পৰীক্ষাৰপৰা কয়
, তেতিয়া মানুহৰ মাজত হুলস্থূল নালাগিব
কিয়
? বি বি চি-ৰ ৰেডিঅ’ৰ বাতৰিত বহুলভাৱে প্ৰচাৰিত এই খবৰৰ পাছতেই আইনষ্টাইনৰ
সেই হেৰোৱা চিঠিখনৰ সন্ধান দিছিল গ্লেন ডেভিছৰ পত্নীয়ে
এই চিঠিখন এতিয়া জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈছে বিজ্ঞানৰ ইতিহাসৰ এক আপুৰুগীয়া
সম্পদ হিচা
পে৷
আচৰিত লাগে এইটো
ভাবিহে যে আইনষ্টাইনৰ দৰে বিজ্ঞানীয়ে নিজৰ ক্ষেত্ৰখনৰ বাহিৰৰ বিষয়ে কোৱা সামান্য কথা
এষাৰেই ভৱিষ্যতে আমাক জ্ঞান আহৰণৰ নতুন পথৰ সন্ধান দিব পাৰে

 

সহায় লোৱা  প্ৰবন্ধসমূহ :

1.  Einstein, von Frisch and the honeybee: a historical
letter comes to light

Adrian
G. Dyer et al.

Journal
of Comparative Physiology A (2021) 207:449–456

https://doi.org/10.1007/s00359-021-01490-6

2.  The Waggle Dance as an Intended Flight: A Cognitive
Perspective

Randolf
Menzel, Institut f
ür Neurobiologie,
Freie Universit
ät Berlin, Königin Luisestr. 1-3, 14195 Berlin,
Germany;menzel@neurobiologie.fu-berlin.de; Tel.: +49-308-385-6441

লেখকৰ ঠিকনা 

অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপকপদাৰ্থবিজ্ঞান বিভাগ

কটন বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৮৫৪০২৫৪৬১