ৰমানন্দন বৰা

তেৰ

 

নৈ কাষৰ গছৰ থিৰতা নাই৷

নৈ পাৰৰ মাটিৰ থিৰতা নাই৷

কেতিয়া কোন পাকত
খহনীয়াই নিয়ে ঠিকনা নাই৷ নৈ সিপাৰৰ মাটি থাকিলে ৰোৱা-তোলা কৰা কত আহুকলীয়া কাম
, জানোতাইহে জানে৷ তথাপি নৈৰ বুকুতে মানুহে জীৱনৰ সপোন বিচাৰে৷ নৈৰ পলসত জীৱনৰ
ফুল ফুলায়৷

ভোগদৈপৰীয়া বছা
গাঁৱৰ গঞাৰো মাত-কথা
, চিন্তা-ভাবনা, কাম-কাজক নৈখনে বান্ধি ৰাখিছে৷

ভোগদৈ যি ভোগদৈ- ভোগৰ নৈ৷ কোন ৰজাৰ মন্ত্ৰীয়ে ভোগ দি নৈ বোৱালে, বছা গাঁৱৰ মানুহৰ
সেইবোৰ কথাৰ গম ল
বলৈ দৰকাৰ নপৰে৷ বহাগৰ
প্ৰথমটো ধলৰ পৰাই ভোগদৈত মাছৰ উজান উঠে৷ খেৱালি
, লাঙিৰে যত
পাৰে ধৰে
, অলপ ভোল পানীত গোবৰ আৰু তুঁহগুড়ি‍ৰে লাৰু পাতি জুলুকী, পলৰে ধৰে৷ গালফুলা, গাগৰি পাতি ধৰে৷ যাঠি মাৰে, ধাম বৰশী পাতে, আহিন-কাতি মহীয়া ভোগদৈৰ উঠন বুকু শুকাই আহিলে বান পাতি ধৰে৷ কত ৰকমে
বছাবাসীয়ে ভোগদৈৰ মাছ ধৰি আহিছে
, বছৰৰ পাছত বছৰ ধৰিছে, কিন্তু মাছ কম
হোৱা নাই৷ ভোগদৈৰ মদৰুৱা পানীত মাছ বাঢ়ে
, গা-কলঠি বাঢ়ে,
সোৱাদ বাঢ়ে৷

নৈখনৰ পলসত
দুপাৰত ধান বাঢ়ে৷ আকাল নোহোৱা হয়৷ হেঁপাহ বাঢ়ে৷ ঘাঁহ বাঢ়ে
, উৰি দলনিবোৰ জপ্‌জপিয়াকৈ বাঢ়ে৷ গৰু-মহৰ তেল বাঢ়ে৷
গাখীৰ বাঢ়ে৷ ভোগদৈ পাৰৰ দলঘাঁহত কিবা যাদু থাকে৷ দৈ খাই হাত ধুব নোৱাৰি৷
গামোচাৰে মচিলেও আঠা নাযায়৷

নল, বিৰিণা, খাগৰি, মজৰা পাৰে পাৰে
গজে৷ বাঁহ-বেতৰ সোধ নাই৷ ভোগদৈ ভটিয়ায় যেতিয়া বেলিটো লহিয়াই সিপাৰৰ বাঁহনিডৰাৰ
সিপাৰে বুৰ যায়৷ এই পাৰৰ বাঁহনিডৰাৰ আগেদি জোনটো ওলাই আহে৷ আকাশখনে সিহঁতৰ
খেলাখনৰ মজা লয়৷ ভোগদৈৰ তাম বৰণীয়া বালিচৰে মনে মনে হাঁহি ৰয়৷ বিৰিণা বনত বতাহজাকে তাৰেই সাধুকথাবোৰ কৈ যায়৷

তথাপি ভোগদৈয়ে
কাৰোবাক সুখী কৰিব নোৱাৰে৷ ভোগদৈৰ পাৰত যি মানুহে এখন্তেক বহি পোৱা নাই
, ভোগদৈৰ বোকাত যাৰ ভৰিৰ নখ মদৰুৱা হোৱা নাই, সেইসকলক
নৈখনে সুখী কৰিব নোৱাৰে৷ নৈখনক বুজি নোপোৱা সেই মানুহবোৰে এদিন বছাগাঁৱৰ
মানুহবোৰক বুজালেহি৷ নৈখনক লৈ অসুখী হ
বলৈ৷

নগা পাহৰৰ
নাচনীজনী হৈ নামি অহা ভোগদৈয়ে সঘনে বাট সলায়৷ চঞ্চলা গাভৰু মন৷ আগৰ সুঁতি এৰি নতুন
সুঁতি লয়৷ এৰাসুঁতিত মানুহে খেতি কৰে৷ বাৰিষা বৰষুণ দিলেই ভোগদৈৰ বুকু ওফন্দি
উঠে৷ পাৰ উপচি দুপাৰ বুৰায়
, গাঁৱে-ভূঞে সোমায়৷ বছাগাঁৱতো সোমায়৷
বাৰীখন কেতিয়াবা বুৰায়
, কেতিয়াবা নুবুৰায়৷ যাওঁতে পলস পেলাই থৈ যায়৷ জাকে জাকে মাছ খালে-ডোঙে থৈ যায়৷

ভোগদৈৰ বান
বেলাটোৰহে৷ খুব বেছি দিনটোৰ৷ পুৱা পানী সোমাল আবেলি ওলাল
, ৰাতি সোমাল দুপৰীয়া ওলাল৷ ওফৰা জেঙৰ নিচিনা৷ ভোগদৈৰ পানী শালমৰা বিলেদি
আকৌ নৈতে পৰেগৈ৷ বেজী জানটোৱে পানীখিনি বোৱাই দিয়ে৷ গাঁওবিলাকৰ পৰা হোলা
খান্দাবিলাকেৰে পানী ওলাই বেজীজানত পৰে৷ এটা আউল নাই৷ গতিকে ভোগদৈ বছাগাঁৱৰ দৰে আৰু দুকুৰিখন গাঁৱৰ বাবে চিন্তা কৰিবলগা কথা নহয়৷

কিন্তু…
বিলতীয়া মানুহৰ জিভা বৰ আলতীয়া৷ তাৰ মিঠা আৰু আঠাই গাঁৱলীয়া মানুহৰ মন মোহে৷
চিনাকি‍ নৈখন অচিনাকি‍ হয়৷ সৰু কথাবোৰ ডাঙৰ হয়
, ডাঙৰ কথাবোৰ সৰু হয়৷

তেওঁলোকে গঞা
ৰাইজক বুজালে- নেভেটি সিঁচিলে জলৰ ক্ষয় নাই৷ ভেটা নিদিলে নৈৰ আপোন-পৰ নাই৷ ভোগদৈক
গতি নলগালে ৰাইজৰ বাৰী-ঘৰ
, গছ-গছনি, শাক-পাতেৰে
মেতমৰা নহ
ব৷ প্ৰতি বছৰে বান আহে৷ বহাগত
খেতিত নামি ভাদলৈকে পথাৰৰ পৰা উঠিব নোৱাৰি৷ একেডৰা মাটি কেইবাৰ ৰুব
? এই ৰুব, বানে মহটি‍য়াই যাব৷ এনেকৈ কিমান শ্ৰম,
কিমান খৰচা অবাবত গৈছে৷

সঁচা,
সঁচা৷ বহুত কষ্ট৷

ভাল
ভাল খেতিৰ মাটি নৈয়ে নিজৰ বুকুলৈ লৈ গৈছে৷ বালি মাটি এৰি গৈছে৷ এনেকৈ হ
লে এদিন আপোনাৰ গাঁওখনো যে নৈ বুকুত জাহ নাযাব, বুকু
ডাঠি ক
ব পাৰিবনে?”

নোৱাৰি,
ব নোৱাৰি৷ আমাৰ গাঁওখন যদি নৈ হৈ যায়৷

শিং
লগা জন্তু
, নখ লগা প্ৰাণী আৰু নদীৰ একো ভৰষা নাই৷

দেশ
প্ৰগতিৰ পথত আগ বাঢ়িছে৷ যোৰহাট নগৰৰ লগত বছাগাঁৱলৈ অহা বাটটো বাট নে গাঁত
?
এনেকৈ প্ৰগতি নাহে৷ মটৰ গাড়ীত উঠিহে প্ৰগতি আহে৷

হয়তো
গুণেশ্বৰৰ হেলৌ-হেচৌ বাছখনৰ বাহিৰে কোনো মটৰেই নচলে৷ আমাৰ উন্নতি হ
ব কৰ পৰা? গুণেশ্বৰৰ বাছত
উন্নতি কেনেকৈ উঠিব৷ ছি‍টেই নাপায়৷

এটা
ৰাস্তাৰ কথা বাদ৷ গাঁৱৰ মাজৰ বাটবোৰ এতিয়া গৰুবাট৷ গাঁৱৰ পানী ওলাই যোৱা বাট হৈয়ে
আছে৷ ভোগদৈৰ বান্ধ নিদিয়ালৈকে তেনেকৈয়ে থাকিব৷ ফিনফিনীয়া গাড়ী তাত কেনেকৈ চলিব
?”

হয়তো৷

আলতীয়া জিভাই
আৰু কিবাকিবি বুজালে৷ নৈত মথাউৰি বান্ধিবলৈ বাহিৰৰ পৰা কাম্‌লা আহিব যদিও গাঁৱৰ
মানুহেও কাম কৰিব পাৰিব৷ সাপ্তাহিক হিচাপত নগদ ধন পাব৷ বহুত বাঁহৰ দৰকাৰ৷ সেইখিনি গাঁৱৰ
মানুহেই বেছিব লাগিব৷ নগদ টকা দিয়া হ
ব৷ ইত্যাদি ইত্যাদি৷

অৱশেষত বছাগাঁৱৰ লগতে ওচৰৰ কুৰিখন গাঁৱৰ মানুহে গম পালে এতিয়ালৈকে ভোগদৈয়ে যি কৰিলেসেয়া কেৱল
অনিষ্টই কৰিলে৷ মাথাউৰি বান্ধি নৈখন গত লগালেহে গাঁওবোৰ শস্যে-মৎস্যে, ফুলে-ফলে
জাতিষ্কাৰ হৈ উঠিব৷

গাঁওখনে নতুন
যুগত ভৰি থ
বলৈ উত্ৰাৱল হৈ উঠিল৷

*      *      *

চৈধ্য

সেয়া পাঁচ বছৰৰ
আগৰ কথা৷ চঞ্চলা ভোগদৈ বান্ধ খালে৷ দুপাৰে মথাউৰি৷ ইয়াৰ সুফল আন গাঁৱৰ দৰে বছাগাঁৱৰ মানুহেও পালে৷ মথাউৰিত মাটিৰ কাম কৰি
, বাঁহ-কাঠ বেচি‍, কামলাহঁতৰ ৰছদ-পাতিৰ চাউল, পাচলি যোগান দি বছাগাঁৱৰ
মানুহে নগদ ধনো কিছু পালে৷ খেতি-খোলাও সোনকালে চাপিল৷ অৱশ্যে ৰাস্তা-পদূলিৰ একো
উন্নতি এই চাৰি বছৰে নহ
ল৷ হ, ৰাইজৰ
আশা৷ বান্ধোনৰ মাজত দুখমনেৰে বৈ থাকিল নৈখন৷

কিন্তু…

এসোপা ক্ষোভৰ
বহিঃপ্ৰকাশ এনে দুৰ্বাৰ গতিৰে হ
ব বুলি বছাগাঁৱৰ কোনো মানুহেই ভবা
নাছিল৷ ভাবিব পৰা নাছিল৷

চিনাকি‍ নৈৰ
অচিনাকি চেহেৰা৷

বতৰৰো কিবা পৰ্‌কিতি
লৰিল হ
বলা৷ জেঠ মাহত আগতে বাৰ খৰ মাৰে৷ প্ৰচণ্ড তাপত গছ-বন তাপ মাৰে৷ এজাক
বৰষুণৰ বাবে মানুহে ভগৱানক খাটে৷ কোনো কোনোৱে ভেকুলী বিয়া পাতে৷ কঠীয়া পাৰিবলৈ লেহেতীয়া
পানী সিঁচি তত নোহোৱা হয়৷ সিঁচা কঠীয়া পানীৰ অভাৱত শুকাওঁ যেন হয়৷ হঠাৎ বিজুলী
,
ঢেৰেকনিৰে একোজাক বৰষুণ হয়৷ তাৰ পাছত আৰু দুই-এজাক৷ মাটি ৰসাল কৰি
বৰষুণ যায়গৈ৷ জেঠত জাগল নেপাতে৷ এবেলা ৰ
, এবেলা বৰষুণ৷ দিনত 
যদি , তেন্তে
ৰাতিলৈ বৰষুণ৷ গধূলি গধূলি বৰষে দেও
, তেহে চাবা ধানৰ থেও৷

পিছে এইবাৰ শেনৰ
এজাত৷ ব
হাগৰ পৰাই বৰষুণ৷ মাজতে দুদিন যদি ৰদ দিছে, চাৰিদিন বৰষুণ৷ জেঠ সোমোৱাৰ পৰাই বতৰে চকুকে নেমেলা হল৷ জাকে জাকে বৰষুণ৷ প্ৰৱল বৰষুণ৷ দিনটো তামোলখন খোৱা পৰ যদি অলপ চেগাইছে,
ৰাতি আকৌ কলহৰ কাণে ঢালিছে৷

বাওতলীবোৰ
ৰূপালীপিঠিয়া কৰি তাৰ ওপৰত পানীয়ে ঢৌ খেলি আছে৷ কেইঘৰমানৰ বাওধান বেগেতীয়া হৈছিল৷
সেইখিনি ৰ
, কিন্তু সৰহ ভাগৰ গজালি
মেলিবলৈকে থাকিল৷ সেইবোৰ তেনেই গেলিল৷ গৰুবাটবোৰ পানীৰে ভৰি পৰিল৷ খাল-ডোংবোৰ ভৰি পৰিল
৷ হোলাবোৰত দলঘাঁহবোৰে বাঢ়নি পানীৰ সৈতে কোনোমতে ফেৰ মাৰিছে৷ আগ এটা
ওলাই থাকিলেই দলঘাঁহ উঠি আহিব৷ মাছৰ উজান উঠিছে৷ কিন্তু মাছ বুলিলে মৰিব পৰা দুই-এটাইহে উজানৰ মাছ ধৰিবলৈ গৈছে৷ বতাহ-বৰষুণ
, বিজুলী-ঢেৰেকনি৷
তাতে উজানৰ মাছ দেওলগা৷ মাছলৈ মন নেমেলাই ভাল বুলি প্ৰায়বোৰ মানুহে ভাবিছে৷ সাত দিনলৈকে বৰষুণ নকমিল৷ কঠীয়াতলীবোৰো সমূলি বুৰিল৷ গৰু-ম
হৰ কাৰণে ঘাঁহ নোহোৱা হল৷ কোনোবা গোৱৰ্ধনধাৰীয়ে নাৰাখিলে এইবাৰ বৰষুণ ৰাখোঁতা নাই৷

বছাগাঁৱৰ
মানুহক তাৰণ কৰিবলৈ কোনো ভগৱন্ত নাহিল৷ আহিল বান! তাৰণ কৰিবলৈ নহয়
, তাৰি‍বলৈ৷

ভোগদৈৰ বান৷
এনেয়ে মানুহে একো নাভাবিলেহেঁতেন৷ কিন্তু এইবাৰ ভাবিবলৈ বাধ্য হ
ল৷
মথাউৰি ভাঙি প্ৰবল বেগেৰে সোমাই অহা পানী৷ আগৰে পৰা খাল-ডোং
, হোলা পানীৰে ভৰপূৰ৷ তাতে বানপানীৰ তোলপাৰ লগাভেজনি৷

বছাগাঁৱৰ
মানুহে এনেকুৱা পানী আগতে কেতিয়াও দেখা নাছিল৷ এজাৰণি ঘাটৰ পৰা পশ্চিমে থকা
কেঁকুৰিটোতে ভোগদৈয়ে মথাউৰি ভাঙিলে৷ পাহাৰীয়া মুকলি ছোৱালীৰ বান্ধ খোল খালে৷ নৈখনে এইবাৰ প্ৰচণ্ড ক্ষোভ
, অভিমান লৈ বছাগাঁৱক সমূলি বুৰাই পেলালে৷

দুদিন এৰাতি
নৈখন মথাউৰিৰ কাণ সমানকৈ বৈ থাকিল৷

পিছদিনা
পুৱাতে…

ধান মেলা নগাঢাৰি নুৰিওৱাৰ নিচিনাকৈ নুৰা পাতি পানী বাগৰি আহিল৷ দবাম চাবলৈ নাই৷ এফালৰ পৰা বুৰাই আনিছে৷ জেঠ মহীয়া উদং পথাৰ ঢক্‌ঢকীয়া বগা
চাদৰ এখন যেন কৰি বছাগাঁৱৰ ফালে হুৰ্‌হুৰাই বৈ আহিল উন্মাদিনী ভোগদৈৰ বান৷

কোনেও কথাটো টং
কৰিবলৈকে নাপালে৷ কোনেও নাভাবিলে৷ আগৰ ভোগদৈ যেন এই ভোগদৈ নহয়৷ আগতে আছিল বাধাহীন স্বাচ্ছ
ন্দ্য গতি৷ এতিয়া বান্ধ ভাঙি অহা ক্ষোভিতা ভোগদৈ৷ আগেয়ে ভোগদৈৰ পানী ভেঁটিৰ
ওপৰলৈ নুঠে৷ আজিলৈকে উঠা নাছিল৷ কিন্তু এইবাৰ উঠিল৷

মানুহবোৰৰ মাজত
হাহাকাৰ লাগিল৷ প্ৰথম চিন্তা গৰু-গাইকেইটাক লৈ৷ গোহালিৰ তিতা ভেঁটিত কেনেকৈ থাকিব
? ওখ ঠাইলৈ খেদি নিবলৈ হলে এটা মানুহ লাগিল ৰখীয়া
কৰিবলৈ৷ আনৰ কঠিয়া খালে সুদাই এৰিবনে
? মানুহকেইটা বাৰু ঘৰৰ ভিতৰতে থাকিব পাৰিব৷ গৰুকেইটা?

পুতুকা আৰু
ৰঙায়ে সিহঁতৰ চুবুৰি‍ৰ আটাইৰে গৰু গোহালিৰ পৰা মেলি খেদাই আনিছে৷ বাটত আঁঠুৱনীয়া
পানী৷ ইঘৰ সিঘৰকৈ আটাইবোৰে নিজৰ নিজৰ গৰুবোৰ সিহঁতৰ লগতে লগ লগালে৷
আমি দুটাই ইমানগাল গৰু
কি কৰিম
? কেনেকৈ ৰাখিম?” বুলি আপত্তি
কৰাত আৰু দুটা আহি সিহঁতৰ লগ ল
লেহি৷ নে
নে বোপাই
, পুণ্য হব৷ বানপানীত এই
নিমাখিত জীৱকেইটাক ৰইখা কৰাটো মহাপুইণৰ কাম৷

লাই
মহাজনৰো পয়মালৰ পাৰ নোহোৱা হ
ল৷ ৰজিত আজি আহি নেপালেহি৷ তাক
বছৰটোৰ বাবে খন্দুৱাকৈ ৰাখিছে যদিও বৰষুণত এইকেইদিন কাম নোহোৱাত সি দেৰি‍কৈ আহিছে৷
অগত্যা মহাজনে পুতুকাহঁতৰ গৰুজাকটোৰ লগতে নিজৰ এগোহালি গৰু খেদাই পঠালে৷
চোৱা-চিতা কৰিবি৷ খা-খৰচ পিছত দিম৷ চিন্তা নকৰিবি৷

লাই
মহাজনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ
ল ট্ৰেক্টৰখনক লৈ৷ পানী যদি এনেকৈয়ে বাঢ়ি থাকে ট্ৰেক্টৰখনৰ ইঞ্জিনটো বুৰিব৷ তাৰ আগতেই কিবা ব্যৱস্থা এটা নকৰিলে নহব৷ পানীৰ পৰা বচাৰ এটাই উপায় আছে৷ পূৰাতন উপায়৷ কলগছৰ ভূৰ৷ মহাজনেও তাকেই
কৰিলে৷ বাৰীৰ ঢাপৰ পৰা ডাঙৰ ডাঙৰ তিনিজোপা ভীমকল কাটি আনি তিনিটাকৈ ছে‍ও কৰি শলা
মাৰি ডাঙৰ ভূৰ এখন সাজিলে৷ তাৰ ওপৰত ছাগলী গঁৰালৰ পৰা গাধৈবেৰ দুখন খুলি আনি জাপি
দিলে৷ তাৰ পাছত ট্ৰেক্টৰখন ষ্টাৰ্ট কৰি তাৰ ওপৰত তুলিলেহি৷ তেতিয়ালৈ মহাজনৰ চোতালত
আঁঠুৱনীয়া পানী৷ ঘৈণীয়েক সাবিত্ৰীৰ ডাঙৰ চিন্তা ছাগলীকেইজনীক লৈ৷ কলগছৰ ভূৰ সাজি
তাৰ ওপৰত ৰজিতক শুবলৈ দিয়া তক্তাপোচখন জাপি ছাগলীকেইজনীকো তুলিলে৷

পানী বাঢ়ি
যেতিয়া ভিতৰত সোমাল তেতিয়াহে ক
লাই মহাজনৰ গা চেবালে৷ এই কথাই কথা নহয়৷
নৈখনেই গুচি আহিছে যেন পাওঁ৷ ভেঁটি ৰখোৱা সম্ভৱ নহ
ব৷ পানী
পাই বেৰৰ গুৰিৰ পৰা বুৰবুৰণি ওলাবলৈ ধৰিলে৷ পীৰা-ঢৰা, লাম-লাকটু পানীত ওপঙিবলৈ
ধৰিলে৷ সাবিত্ৰীয়ে চৰু-কেৰাহী
, বাচন-বৰ্তন, কাঁহী-বাটি সোপাকে আনি মহাজনৰ বহল বিছনাখনতে তুলিলেহি৷

 ইয়াত এইসোপা তুলিলে শুবি ক?”

শোৱা-খোৱা
পাছৰ কথা৷ পেৰাকেইটা ধৰকহি৷
তেওঁ গিৰীয়েকৰ সহায়ত নিজৰ
বিছনাতে পেৰাকেইটা তুলিলে৷ কিন্তু এটা
চিন্তাই মানুহজনীক কেহেঁৰাজ বটা কৰিলে৷ পেৰাকেইটাৰ কাষতে বেৰৰ চুকলৈ পুতি থোৱা
তেওঁৰ সাঁচতীয়া সম্পদকেইটাৰ কি হ
? বজাৰৰ
পৰা কিনি অনা নাৰিকল তেলৰ টেমা এটাৰ ভিতৰত তেওঁৰ সাঁচতীয়া ৰূপকেইটা আৰু সৰুমইনাই
কিবা অনা প্লাষ্টিকৰ টেমা এটাত তেওঁৰ সোণৰ আ-অংলকাৰখিনি ভৰাই শুৱনি কোঠাৰ চুক
এটাতে পুতি থৈছিল৷ এতিয়া আৰু ভেটি খান্দি সোণ উলিয়াবৰ সময়-সুবিধা কাৰো একো নাই৷
যি হয় হব৷ হে ভগৱন্ত তুমিয়েই ৰাখিবা৷মানুহজনীৰ চকুপানী ওলাল৷

পানীৰ দৰক লগাৰ
নামেই নাই৷ বাঢ়িয়েই আছে৷ বেলি দুপৰ পালেহি৷ ওপৰৰ পৰা চিপ্‌চিপীয়া বৰষুণ৷ তলত
চেঁচা পানী৷ বতাহজাক পশ্চিমৰ পৰা অহৰহ বলি আছে৷ বতাহ-বৰষুণৰ হিৰ্‌হিৰনি আৰু
বানপানীৰ সোঁত গছে-বনে ঠেকা খাই তোলা হোৰ্‌হোৰ শব্দৰ বহিৰে আন একো শুনিবলৈ পোৱা
নাই৷ এপলক খতি নাই; কেৱল হিৰ্‌হিৰ… হোৰ্‌হোৰ্‌ শব্দ৷

লাই
মহাজনে পানীত নামি নামি বস্তুবোৰ সামৰিছে৷ বাহিৰত থকাবোৰ ৰছীৰে বান্ধিছে৷ নহ
লে উটি যাব৷ ভিতৰত থকা লাগতিয়াল বস্তুবোৰ ওপৰলৈ তুলিছে৷ একেৰাহে ছঘণ্টামান
কাম কৰি কৰি মানুহটো তেনেই অৱশ হৈ পৰিছে৷ ভিতৰি ভিতৰি সিৰ্‌সিৰাই জাৰ এটাও লাগিছে৷ আৰু
নোৱাৰি৷ অলপ ৰ
ব লাগিব৷ কণা মেঘদেৱতাটো অলপ ৰোৱা হলেও…

এবাটি
ৰঙা চাহ পানী পোৱা হ
লে?”

ত পাব? চৰু-কেৰাহী, বাচন-বৰ্তন আটাইখিনি বিছনাৰ ওপৰত৷ পানীত চৰু জুৰিব ক? আজি
পুৱাৰ জলপানো খোৱা নহ
ল৷ভীষণ ভোক
লাগিছে ক
লাই মহাজনৰ৷ পিয়াহো লাগিছে৷ কিন্তু পানী ক? খাবলৈ এটুপি নাই৷ পানীৰ কলহকেইটা নুবুৰে চাগে৷

তেওঁ পাকঘৰলৈ
বুলি পানী ফালি যাবলৈ ওলাল৷ ভিতৰত একঁকাল পানী৷ পাকঘৰৰ দুৱাৰখন বন্ধ কৰা হৈছিল৷
এতিয়া খুলিব নোৱাৰি৷ প্ৰচণ্ড গাৰ জোৰ দিও খুলিব নোৱাৰিলে তেওঁ৷ পানীৰ জোৰৰ লগত মানুহৰ
জোৰে কি ফেৰ মাৰিব৷ তেওঁৰ অণ্ঠ-কণ্ঠ শুকাই যেন কৰ্কৰীয়া মাৰিলে৷ জীৱনত এটুপি খোৱা
পানীৰ কাৰণে এনেকুৱা কষ্ট কৰিব লাগিব বুলি তেওঁৰ সপোনৰো অগোচৰ আছিল৷ পানীৰ
কলহকেইটা বিছনালৈ তুলি ননা কাৰণে ঘৈণীয়েকক ককৰ্থনা কৰিবলৈ মন গ
ল৷
কিন্তু কি লাভ
? কিয়েই বা কৰিব মানুহজনীয়ে৷

হঠাৎ মনত পৰিল চৰাঘৰৰ দুৱাৰখন মেলা থাকিল৷ ভিতৰৰ বস্তুবোৰ এটা এটাকৈ বাহিৰ ওলাই সোঁতত উটি যায় যদি৷

সাধাৰণ অৱস্থাত
হাতৰ আঙুলি এটাৰে জপাব মেলিব পৰা দুৱাৰকেইখন আজি গাৰ সৰ্বশক্তিৰেও লৰচৰ কৰিব
নোৱৰা হ
ল৷

কি বিড়ম্বনা!
ৰাঘৰৰ দুৱাৰখনত মানুহ বহা দীঘল আৰামী’ বেঞ্চখনকে তেওঁ পথালিকৈ বান্ধি দিলে যাতে বস্তুবোৰ ওলাই নযায়৷ বৰঘৰৰ বিছনাখনতে
ঘৈণীয়েক সাবিত্ৰীয়ে তলমূৰকৈ বহি তেওঁলৈকে চাই আছে৷

এযোৰ নাৰিকল
উপঙি আছে
,
মাৰল ঘৰৰ উত্তৰ কোণত৷ কলাই মহাজনৰ মনটোত আশাৰ
সঞ্চাৰ হ
ল৷ বাৰীৰে নাৰিকল৷ পাৰি আনি থোৱা এসপ্তাহমান হৈছে৷
নাৰিকল এটা গুচাই বখলিয়াই দুয়ো খালে৷ তাৰেই পিয়াহ আৰু ভোক দুইটা গুচালে৷ তাৰ পাছত বিছনাখনতে কুচি-মুচি বহি মহাজনে পানীৰ
আলেখ-লেখ চাই ৰ
ল৷ তাৰ বাহিৰে মহাজনে কৰিব পৰা আৰু একো নাই৷

 তেওঁৰ ভীষণ চিন্তা হল৷
পানী বাঢ়িয়েই আছে৷ বেলি লহিয়াইছে৷ ৰাতিটো ক
ত থাকিব?
কি খাব?

তেওঁৰ মনটোৱে
হঠাৎ সকীয়াই গ
ল- এই চুবুৰি‍ত আৰু কোনোবা এনেকৈ ৰৈছে নে আটাইবোৰ মানুহ
ইয়াৰ পৰা গুচি গ
ল৷

লাই
মহাজনৰ বিশাল বাৰীখনৰ বাবে তেওঁৰ ঘৰৰ গাতে লাগি আন কোনো নাই৷ তথাপি চ
ৰাঘৰৰ মুকলি হৈ থকা দুৱাৰখনৰ মুখলৈ ওলাই আহি তেওঁ নাম কাঢ়ি কাঢ়ি
চুবুৰীৰ মানুহবোৰক মাতিবলৈ ধৰিলে৷

নাই! কাৰো
কোনো সঁহাৰি নাই৷

বোঁৱতী পানীৰ
হো-হোৱনি
,
বতাহৰ হিৰ্‌ হিৰ্‌ শব্দ, ছাগলী খেদা বৰষুণৰ
কিন্‌কিননি৷ লাহে লাহে ঘৰৰ ভিতৰখন আন্ধাৰ হৈ আহিবলৈ ধৰিলে৷ ওচৰৰ কোনোবাখিনিৰ পৰা
কুকুৰ এটাই মৰ ৰাউচি জুৰিলে৷ লগে লগে দূৰৰ পৰা আৰু কেইবাটাও কুকুৰৰ ৰাউচি- যেন
প্ৰাণ ৰক্ষাৰ বাবে সিহঁতে কাৰোবাক প্ৰাৰ্থনা কৰিছে৷

ভৌ ঔ ঔ ভৌ উ উ
উ… বৰ ভয় লগা, দীঘলীয়া৷

লাই
শইকীয়াৰ দৰে খামিডাঠ মানুহটোৰ মনতো এটা অজান ভয় সোমাল৷ এইখন ঠাই যেন তেওঁৰ চিনাকি‍ নহয়৷ নিজৰ ঘৰখনো
যেন অচিনাকী ঠাইহে৷ তেওঁ ঘৈণীয়েকক ক
লে, “আজি ওপৰ চাঙতে শুব লাগিব৷ কাইলৈ কি হয় দেখা যাব৷

তক্তাপোচৰ ওপৰত
তক্তাপোচ জোৰা দি তাৰ ওপৰত থোৱা পেৰাকেইটাৰ লগতে কুচিমুচি মানুহজনী বহি আছিল ৷
ইতিমধ্যে লেপ-তুলি
, কথা-কানিবোৰ টোপোলা টোপোলকৈ বান্ধি ঘৰৰ চতিত ওলমাই থোৱা হৈছিল৷ তাৰে টোপোলা এটা বৰচাঙলৈ তুলি মানুহ দুটা ৰাতিটোৰ
বাবে সাজু হ
ল৷ নিজৰ পৰম নিৰাপদ ঘৰখনৰ ভিতৰতে এটা অনিশ্চিত সময়৷

কথাই-কামে
অন্ধকাৰ৷ জুই একুৰা জ্বলাবলৈকো কোনো ব্যৱস্থা নাই৷ অথনিৰ নাৰিকল কেইচকল খায়েই পেটৰ পোৰণি
মাৰিব লগা হ
ল৷ কথা এখন ওপৰ চাঙত মেলি দুয়ো শুই পৰিল৷ দিনটোৰ অধিক
ভাগৰৰ বাবেই নে চিন্তাতে ক
লাই মহাজনৰ টোপনি নাহিল৷
ঘৈণীয়েকেও পেটৰ ভয় মুখেৰে নকৈ মানুহটোৰ বুকুত সোমাল৷

চিনাকি‍ ঘৰখনত
অচিনাকি‍ ভয় লগা আন্ধাৰ
, অচিনাকি‍ গোন্ধ, অচিনাকি‍ শব্দৰ মাজত দুয়ো ৰাতিটো পুৱাবলৈ বাট চালে৷ পানীৰ সোঁত চলৎ… চলৎ… হো হো… শব্দ চলি
থাকিল৷

হতাশাৰ গৰম
নিশ্বাসে ক
লাই শইকীয়াৰ বাবে ঠাইখন কৰুণ কৰি তুলিলে৷

(অহা সংখ্যাত)