ৰমানন্দন বৰা

পোন্ধৰ

 

হো-হো শব্দ কৰি
নৈৰ পানী বৈ আছে৷ বাৰীখনৰ গছ-লতা
, পাতত পানীৰ সোঁতৰ শেষ নোহোৱা শব্দটো
শুনি শুনি আমনি লাগিছে৷ তথাপি একো কৰিব নোৱাৰে ক
লাই মহাজনে৷
নিজকে বৰ অসহায় শক্তিহীন যেন লাগিল৷

গোটেই ৰাতিটো
তেওঁৰ চকুৱে চকুৱে নালাগিল৷ ভাগৰ
, আশংকা আৰু  হাৰি যোৱাৰ গ্লানিয়ে তেওঁক হেঁচা মাৰি ধৰিছিল৷
তেওঁৰ জীৱনৰ পৰিশ্ৰমেৰে গঢ়ি লোৱা বাৰীখনত এতিয়া বানপানীৰ নাচোন৷ ঘৰৰ ভিতৰত পানী
,
চোতালত পানী৷ চৰু জ্বলাব নোৱাৰে৷ এনেকুৱা কেতিয়াও হোৱা নাছিল৷ ভোক
কি জীৱনত তেওঁ চিনি পোৱা নাছিল৷ দুটা মেটমৰা গুটি ভঁৰালৰ গৰাকী ক
লাই শইকীয়াই ঘৈণীয়েকৰ সৈতে কালিৰে পৰা এসাজ ভাত খাবলৈ পোৱা নাই৷ খাব পৰা
পানী এঘটি নাই৷ দুটা নাৰিকল বাচি থাকিল
, ক্ষুধা-তৃষ্ণা
নিবাৰণৰ বাবে৷ হতাশাত ভুগিছে তেওঁ৷ ৰাতিটো ছাই-ধূলি
, জেঠি,
মকৰা, পঁইতাচোৰা, বাঁকৰাজৰ
সৈতে মিলামিছাৰে কটালে৷

কাউৰীয়ে কা
নকৰাৰ পৰাই তেওঁ চকুহাল মুধচৰ চিলিঙিৰ ফুটাৰে সৰকি অহা পোহৰ বিন্দুত নিবদ্ধ হৈ ৰ
ল৷
তেওঁ শুই উঠা নাই৷ উঠি কি কৰিব৷ কালসৰ্পৰ দৰে পানীৰ সোঁতৰ দেমাকি চাবলৈ মন যোৱা
নাই ৷ ঘৈণীয়েকলৈ চাই ধৰিব পৰা নাই মানুহ
জনীৰ টোপনি নে এনেয়ে
নিঃসাৰ হৈ পৰি আছে৷

চলৎ চলৎ, চলৎ চলৎ ঘটং চৰ্‌ৰ ঘটং

চলৎ ঘটং চৰ্‌ৰ
ঘটং

কিহৰ শব্দ?

নাৱৰ?

কোন আহিছে? ৰ পৰা নাও আহিছে? নাওনে
সঁচাকৈ
?

ককাইদেউ
নাৱেই হয়৷ কোনোবাই মাত দিছে৷

ককাইদেউ
তেওঁৰ চোতালৰ পৰা কোনোবাই মাতিছে৷

কাৰ
মাত
? বেণুৰ?’

লাই
মহাজন চমকি উঠিল৷ বেণু আহিছে
? তেওঁক উদ্ধাৰ কৰিবলৈ? তেওঁৰ জীৱনলৈ সোমাই আহি হঠাৎ আঁতৰি যোৱা বেণু আকৌ এনেদৰে ঘূৰি আহিব বুলি
কেতিয়াও ভবা নাছিল৷ তেওঁ আৱেগিক হৈ উঠিল৷ মাতটো চিনিও অচিনাকি ভাও ধৰি সুধিলে
,

‘‘কোন?’’

মই
বেণু
, লগত আৰু দুজন আছে৷

লাই
মহাজনে ঘৈণীয়েকক হেঁচুকিলে৷
উঠা উঠা, বেণু
আহিছে৷
এনেয়ে চকু মুদি পৰি থকা ঘৈণীয়েক উঠি বহিল৷

ভিতৰত থাকোঁতে
আন্ধাৰতে থকা ক
লাই মহাজেন চৰাঘৰৰ দুৱাৰ মুখ
পাই দেখিলে বাহিৰত টলবল পোহৰ৷ বেলি ওলোৱা কিছুপৰ হ
ল৷

বেলিৰ পোহৰ
পানীৰ ঢৌত জিলিকি আছে৷ তাৰ মাজতে এখন নাৱত বেণু আৰু লগত দুটা মানুহ৷ এটাই গুৰি ধৰি
চোতালৰ মাজত নাওখন সোঁতৰ বিপৰীতে থিৰ কৰি ৰাখিছে৷
আন এটা মানুহ মাজৰ পিৰিত বহি আছে৷ বেণুৱে নাৱৰ আগত চৈ মাৰিডালেৰে মাটিত দৃঢ়তাৰে খোঁচ
মাৰি ৰৈছে৷

পাৰ হোৱা
দিনবোৰৰ কোনো কথা
, কোনো প্ৰকাৰে আহিবলৈ নিদি পূৰ্বৰ
স্বাভাৱিকতাৰে ক
লাই মহাজনে বেণুক কলে,

নাও
ত পালি? আমাৰ অৱস্থাটো দেখিছই৷
ভোগদৈয়ে এনেকুৱা কৰিব বুলি কস্মিনকালেও ভবা নাছিলোঁ৷ বাৰু লগৰ কেইজন
?”

বেণুৱে পুহিৰাম
আৰু শশীক চিনাকি কৰাই দিলে৷ নাওখন শশীৰ নিজা৷ লখাইৰ ঘাটজালত থাকে৷ কালিয়েই খবৰটো
পাই বেণুৱে পুৱাতে পুহিৰামৰ সৈতে তাক লগ ধৰি আনিছে৷ নহ
লে
ডাঙৰ নাও বছাগাঁৱত নাই৷ ফৰিং
, দুলুহঁতৰ দলনিত মহ ৰখা গুটীয়া কাঠৰ সৰু নাও একোখন আছে৷ তিনিজন মানুহো উঠিব নোৱাৰে৷

ককাইদেউ,
এইছোৱাত অকল আপুনি আৰু নবৌহে ঘৰতে বন্দী হৈ ৰল৷
বাকী আটাইবোৰ মানুহে দশৰথৰ টিকাত চালি সাজি আছেগৈ৷
” – এইবুলি
সি নাৱৰ পৰা এটা টোপোলা লৈ নিজেও নামি আহিল৷

নবৌ
? কালি কিবা খোৱা-বোৱা হল জানো? কোমল চাউল, গুৰ আৰু
চুঙাত দৈ আছে৷ খাই লওক৷

কিন্তু খাব ক?
পানীত বুৰি আছে বৰঘৰ, পাকঘৰ৷ কি এটা হাহাকাৰ পৰিস্থিতি৷

নামি
আহক নবৌ
, নাৱতে ভৰিকেইটা শুকানত ৰাখি খাব পাৰিব৷

বেণুৰ মাতত
সাবিত্ৰীৰ চকুৰে দুটোপাল চকুলো ওলাই আহিল৷ কোনেও নেদেখাকৈ চাদৰৰ আঁচলেৰে মচি ল
লে৷
বেণুৰো মাতটোও সেমেকি ওলাল৷ এইজনী মানুহৰ হাতেৰে ৰন্ধা সি কিমান বছৰ খালে৷
এতিয়া…

ৰাঘৰৰ দুৱাৰত ভেটা দি থোৱা বেঞ্চিখন বেণুৱে আঁতৰাই দিলে৷ পুহিৰামে নাওখনৰ আগটো যিমান
পাৰি ভিতৰলৈ সুমুৱাই দিলে৷ যাতে মানুহজনী পানীত ননমাকৈ নাৱত ভৰি দিব পাৰে৷ মহাজনৰ
বিশেষ উৎসাহ আৰু যত্নত তেওঁ পানীত নিতিতাকৈ নাৱত ভৰি দিলে৷ একঁকাল পানীত অতিমধ্যে
মহাজন আৰু বেণু তিতিছে৷

কোমল চাউলৰ
জলপানটো মহাজনৰ বাবে অমৃত যেন লাগিল৷ ঘৈণীয়েক সাবিত্ৰীয়ে জলপান এগৰাহ মুখলৈ নিও
আধাতে ৰ
ল৷ পাহিতা ভালে আছেনে?” এইবাৰ
মানুহজনীয়ে ৰ
ব নোৱাৰিলে৷ হুক্‌হুকাই কান্দি উঠিল৷

সকলো
ভালে আছে৷ বহুত কথা আছে পাছত ক
ম৷ এতিয়া পেটত কিবা এমুঠি
পেলাই লওকচোন৷ তায়েই যতনাই পঠিয়াইছে৷

বেণুৱে কলাই
মহাজনক নাৱতে দশৰথৰ টিকালৈ লৈ যোৱাৰ কথা ক
লে৷ তাতে সকলো
মানুহ আছেগৈ৷ বকুল চাপৰিলৈ যোৱাৰ প্ৰস্তাৱ দিয়াৰ পৰিৱেশ আৰু সাহস এটাও বেণুৰ নাই৷

লাই
মহাজনে প্ৰথমে একো নামাতিলে৷ এই ঘৰ
, সম্পত্তি এৰি তেওঁ
কেনেকৈ তাত থাকিব
? আনে পাৰিছে, তেওঁ
নোৱাৰে৷ চোৰৰ কি মাক মৰিছে৷ মানুহ নাথাকিলে গাঁওখনৰ কাৰো ঘৰত একো নাথাকিব৷ এনেয়ে
আকাল পৰিছেই৷

পুহিৰাম আৰু
শশীৰ সহযোগত বেণুৱে তেওঁক বুজালে
, মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই৷
পানীৰ মাজত জন-প্ৰাণীহীন গাঁওখনত এনেদৰে অকলে থকাটো বিপদৰ কথা৷ চোৰ আহিলে শুদা
হাতে নাহে৷ অকলে মহাজনে কি কৰিব
? গাঁৱৰ মাজত অকলে থকা মানুহক
চৰকাৰেনো কি সহায় কৰিব
? কেনেকৈ কৰিব? কাইলৈৰ
পৰা ৰেচন হ
ব বুলিছে৷ মাইকী মানুহজনীক লৈ ওপৰ চাঙত থকাটো
মুখৰ কথা নেকি
? হস্কিলে মস্কিলেও মানুহ এটা নাই৷ গাঁওখনত
ৰাতি ৰখীয়া দিয়া ব্যৱস্থা এটা কৰিব পাৰি নেকি ডেকা ল
ৰাবিলাকৰ
লগত আলোচনা কৰিব লাগিব৷

অৱশেষত কলাই
মহাজন মান্তি হ
ল৷

আটাইকেইটাই
গোহালি ঘৰটো ভাঙি খেৰ
, বাঁহ, এখন পাল,
শুবলৈ কঁথা দুখন, বাচন-বৰ্তন, পিন্ধা কাপোৰৰ টোপোলা এটা লৈ নাৱেৰে দশৰথৰ টিকালৈ যাত্ৰা কৰিলে৷ দুখ আৰু
আশংকাত মহাজন মূক হৈ ৰ
ল৷

বকুল চাপৰিত ঘটা
তাৰ কথাবোৰ বেণুৱে চমুকৈ কৈ গ
ল৷ বৰ সন্তোষ
পালোঁ
, বোপাই৷ তহঁতৰ উন্নতি হওক৷সাবিত্ৰীৰ
অন্তৰৰ পৰা কথাকেইটা ওলাই আহিল৷

পানীৰ
কোবাল সোঁত৷ গছৰ আঁৰাল লৈ জেপোহা হাবিৰ জোপাবিলাকৰ ভাটিয়েদি সোঁতৰ ধাৰ বচাই বচাই সি
হঁতে নাওখন সুন্দৰকৈ আগবঢাই নিলে৷ নাও গাঁৱৰ পৰা বাহিৰ ওলাল৷ নাচনী দলনিখনত
পানী কিমান দ
 হৈছে জানিবলৈ নাৱৰ চৈ মাৰিডাললৈ কলাই মহাজনে মন কৰি আহিছিল৷ কিন্তু চৈ মাৰিডাল দেখোন বেছিকৈ নবহিল৷ সমান
জোখতে বহিছে৷

বেণু,
এইখন নাচনী দলনিখন নহয় জানো?”

হয়৷

চৈ
মাৰি দেখোন বহি নগ
?”

ভোগদৈয়ে
বালি-পলস পেলাই পুতিলে৷ নাৱেৰে দলঘাঁহ কটাৰ মুদা মৰিল৷ দলনি বাম হ
, গাঁওখন দ ল৷

বাৰিষা
এবুকু-এডিঙি দ
 হোৱা দলনিখন বাম হৈ গাঁওখন যে এটা পুখুৰীৰ নিচিনা দ হৈছে সেই কথা কলাই মহাজনে বাৰুকৈয়ে অনুভৱ
কৰিলে৷

নাচনি দলনিৰ যি
অৱস্থা কামচৰাই দলনিৰো একে৷ ভোগদৈৰ বালি-পলসে তেনেই পুতি পেলাইছে৷ আগৰ দলনিৰ এতিয়া
চিন-চাব নাথাকিব৷ সেই ঠাইত এতিয়া খুব বেছি একাঁঠু পানী৷ গাঁৱৰ মাজত এবুকু৷

বছাগাঁও এতিয়া আৰু আগৰ গাঁওখন হৈ নাথাকে৷লাই মহাজনৰ মুখৰপৰা এটা দীঘলীয়া হুমুনিয়াহ ওলাই আহিল৷

কৰিবলৈ একো নাই৷
কোনে কি কৰিব পাৰে৷ নৈক কোনে বাধা দিব৷ বাধা দিবলৈ গৈ এয়া তাৰ ফল কি হৈছে আটায়ে দেখিছে, ভুগিছে

আবেলিলৈ দশৰথ
টিকাৰ ওখ পথাৰ এখনৰ চুক এটাত বাকীবোৰ মানুহৰ দৰে ক
লাই মহাজনৰ বাবেও
চালি এখন থিয় হ
ল৷ গাঁৱৰ আটাইবোৰ গৰু বকুল চাপৰিলৈ খেদাই
নিবলৈ বেণুৱে প্ৰস্তাৱ দিলে৷

ঘাঁহৰ
অভাৱ নাই
, মুকলি ঠাই৷ ৰখীয়াকেইটা আমাৰ ঘৰত, সোণ জেঠাইৰ ঘৰতে মিলাই-মেলি থাকিব পাৰিব৷

কেনিও আন সুবিধা নাই
যেতিয়া আপত্তি কৰিবলৈ কাৰো একো নাথাকিল৷

বেণুৱে কলাই
মহাজনক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি অনা
, বেণুৱে নিয়া জলপান
খোৱা
, বেণুৱে আগ ভাগ লৈ কলাই মহাজনৰ
থকা চালি সাজি দিয়া আদি কামবোৰ যেতিয়া ভালিৰামৰ কাণত পৰিল আৰু নিজেও দূৰৈৰ পৰা
বেণুক দেখিলে
, তেওঁৰ ভিতৰি ভিতৰি কাকো প্ৰকাশ কৰিব নোৱাৰা
এটা অনুভূতি জাগি উঠিল৷ কি কৰিব ভালিৰামে৷ বেণুক এই ঠাইৰ পৰা অপমান কৰি খেদি পঠাব
নে মনে মনে নিজে আঁতৰি আহিব
? ৰাকেইটাই
বেণুক দেখিলে কি কৰিব
? বেণুক জোঁৱাই
বুলি মানি ল
ব পাৰিবনে? পাহিতাক ভালদৰেই
ৰাখিছে বুলি তেওঁ শুনিছে৷ নিজাকৈ ঘৰ-বাৰীও কৰিছে৷ এতিয়া তেওঁৰ ককায়েকৰ লগতে গাঁৱৰ
মানুহৰো মন জিনিছে৷ এনেয়েও গাঁৱৰ বাকী মানুহৰ লগত তাৰ কোনো অসূয়া নাছিল৷ ভালিৰামৰ
মনৰ মাজত এখন যুদ্ধ চলি থাকিল৷

*      *      * 

চৰকাৰী ৰেচন
অহালৈকে দুদিন দুৰাতি ওচৰৰ মিচিং গাঁও কপহুৱা আৰু দাধৰা গাঁৱৰ মানুহেই বছাগাঁৱৰ
মানুহক খুৱাই-বুৱাই ৰাখিলে৷ দুদিনৰ পাছত চৰকাৰী ৰেচন আহিল৷ গাইপতি এক কিলোকৈ চাউল
, এপোৱাকৈ মচুৰ দাইল, আধা লিটাৰকৈ গাখীৰ, এক কিলোকৈ গুৰ, দুপেকেটকৈ বিস্কুট আৰু পানী পৰিষ্কাৰ
কৰিবলৈ ফিটকিৰি৷ থকা-খোৱা
, শৌচ-প্ৰস্ৰাৱ কৰাত মানুহখিনিৰ যি দুৰ্গতি
বৰ্ণাই শেষ কৰিব নোৱাৰি৷ বহু সময়ত মানুহে লাজ-বিজ এৰিব লগাতে পৰিছে৷ তথাপি
মানুহখিনিৰ চিন্তা এতিয়াৰ কাৰণে নহয় ভৱিষ্যতৰ কাৰণেহে৷ বছাগাঁৱৰ পথাৰত আকৌ খেতি হ
বনে? জেঠত পৰা কঠিয়াবোৰ বানে শেষ কৰা পাছত কঠিয়া কৰ পৰা পাব? সঁচাই যদি নৈখন সোমাই আহিছে, গাঁৱৰ পথাৰৰপৰা পানী ওলাই যাবনে? চৰকাৰে মাথাউৰিটো পুনৰ
বান্ধি দিবনে
?

ভোগদৈয়ে দুপাৰৰ
মানুহক এনে দুৰ্গতি আগেয়ে কেতিয়াও কৰা নাছিল৷ মথাউৰিটোৱেই কাল হ
ল৷ দুটা নগদ টকা পোৱালৈ চবৰে লোভ হল৷ এতিয়া মাটিভেটিয়েই হেৰাওঁ হেৰাওঁ অৱস্থা৷ মানুহখিনিৰ মাজত এটা কথা বৰকৈ চলিছে, বোলে মথাউৰিটো
ভোগদৈৰ বালিৰেহে বন্ধা হৈছে৷ বালিৰে মথাউৰি বান্ধে নেকি
? কথাতে
কয় বালিৰ ভেটা৷ দ্বিতীয়তে মাথাউৰিটো মাটিবোৰ খাজ খাবৰ কাৰণে যেনেকৈ হাতীৰে গচকাব
লাগিছিল
, তেনেদৰে কামটো কৰা নহল৷
জন্মি মহাজনৰ হাতীটোৰে গচকাইছিল ঠিকেই৷ গাঁৱৰ মানুহখিনিয়ে কাম এৰি অহাৰ পাছত
মাটিয়াহঁতে মাটি তুলিয়েই আছিল৷ কোৱা শুনা মতে তেতিয়া হাতীৰ সলনি ভীমকলৰ গছেৰে মাটি
টিপা হৈছিল আৰু সেই কলগছবোৰ মথাউৰিতে পুতি ওখ কৰা হৈছিল৷

কথাবোৰ সঁচা
নেকি
?
সঁচা যদি বৰ ডাঙৰ কথা হল৷ কিন্তু আটাইবোৰ হলগৈ বৰষুণ যোৱাৰ পাছত লোৱা জাপি৷