জোনবিলৰ ভেনাছ

 অংকিতা বৰুৱা



 

মোৰ কেনভাছত কোন তুমি ?’

তাইৰ কাণত ফুচফুচাই
সোধে অনিৰুদ্ধই৷


কোঠাটোৰ চাৰিওকাষে বলয়ৰ দৰে ঘূৰি ঘূৰি এসময়ত দেৱালত ঠেকা খাই পুনৰ
তাৰ কাণলৈকে ঘূৰি আহে শব্দকেইটা৷

জীৱন্ত হৈ পৰা ছবিখন
হয়তো তাৰ মন মস্তিষ্কত অহৰহ চলি থকা শীতল যুদ্ধ এখনৰ বহিৰ্প্ৰকাশ! অনিৰুদ্ধৰ
অজানিতেই কোনো এক আজন্ম চিনাকী নাৰীৰ শৰীৰে অধিগ্ৰহণ কৰি লৈছে কেনভাছৰ নাৰীৰ শৰীৰক
আৰু সেই শৰীৰী ভাষাই কৈ যোৱা কথাবোৰ ক
ৰবাত একাকাৰ হৈ পৰিছে অনিৰুদ্ধৰ মন
মগজুত বিয়পি থকা পুৰাতন কাহিনীটোৰ সৈতে৷ বিনিময়ৰ বাবে উন্মুখ হৈ ৰোৱা এই নাৰীয়ে
যেন জোনবিলৰ ইতিহাসক নিলগাই থৈ সৰলতা আৰু প্ৰবঞ্চনাৰ অন্য এক কাহিনী কৈ গৈছে !
অনিৰুদ্ধৰ দেহৰ প্ৰতি টোপাল তেজত
  সংমিশ্ৰিত হৈ থকা
বিশ্বাস আৰু প্ৰবঞ্চনাৰ দুটা পৃথক বৰণৰ কাহিনী সেয়া৷

ৰঙত বুৰি থকা
কোঠাটোৰ চৌপাশে এবাৰ চকু ফুৰালে সি৷ মহানগৰখনৰ অতিব্যস্ত অঞ্চলটোৰ আকাশলংঘী অট্টালিকা
এটাৰ দ্বিতীয় মহলাত সি গঢ়ি তুলিছে তাৰ একান্ত নিজৰ পৃথিৱীখন৷ এইখন পৃথিৱী কেৱল
তাৰ ৰঙৰ পৃথিৱী৷ বহুবৰ্ণী
, বিচিত্ৰ অথচ বিষণ্ণ আৰু নৈৰাশ্যত হেৰাই যোৱা অজস্ৰ কাহিনীৰ
সৈতে তাৰ অহৰহ সহবাস৷ কিছু তাৰ সৃষ্ট আৰু কিছু ইতিহাসে দি যোৱা !

দুচকু জপাই দিলে সি৷
এটা দীঘল উশাহ টানি নিজকে কিছুপৰলৈ সন্তুলিত কৰাৰ চেষ্টা কৰিলে৷ কোঠাটোৰ একমাত্ৰ
খিৰিকীখন খুলি দিবলৈ মন গ
ল তাৰ৷ নাতিদূৰৈত লঠঙা গছজোপাৰ এটা ডালত অৱশিষ্ট হালধীয়া
পাত এখিলা৷

এখিলা নিৰীহ গছপাতৰো
ইমান সংগ্ৰাম জীৱন জীয়াৰ !

তাৰ প্ৰিয়
ছবি কেইখনমানলৈ মনত পৰিল৷ লিঅ
নিড এফ্ৰামভৰ নলিনেচ ইন ডা ফগ ছবিখনে প্ৰায় এটামাহ সকলোৰে পৰা,
আনকি নিজৰপৰাও বিচ্ছিন্ন কৰি ৰাখিছিল অনিৰুদ্ধক- বৰষুণৰ টোপালবোৰক
আওকাণ কৰি একাকিত্বত মজি ৰোৱা এগৰাকী নাৰী জলমগ্ন পথটোৰে আগ বাঢ়িছে৷ হাতৰ ছাতিটো
বৰষুণৰ বাবেই প্ৰকৃততে লৈছিলে
, নে আন কোনো সত্যক ছাতিৰ আঁৰত
তেওঁ গোপন কৰিছিল জনা নাযায়৷ বহুবৰ্ণী ছবিখনে এক অদ্ভুত বিষণ্ণতা কঢ়িয়াইছিল
অনিৰুদ্ধৰ মনলৈ৷ যি বিষণ্ণতাই তাৰ পিছ নেৰা হৈছিল৷ নিজকে উদ্ধাৰ কৰিবলৈ কি কৰা
নাছিল সি ! অনিৰুদ্ধৰ বাবে সেই ছবিখন
  ইমানেই প্ৰভাৱশালী আছিল যে
তাৰ পাছত অঁকা প্ৰতিখন ছবিতে সি কেৱল মৃত্যুকাতৰতাক প্ৰাধান্য দিবলৈ লৈছিল৷
  নিজলৈকে ভয় লগা হৈছিল তাৰ৷ এয়াতো সি নহয় ! এক প্ৰকাৰ জোৰ
কৰিয়ে সি জীৱনত দ্বিতীয়বাৰৰ বাবে কেতিয়াও সেই ছবিখনৰ কথা নাভাবে বুলি পণ লৈছিল৷

অথচ, পুনৰ … !

তাৰ পাছতো এনে
বহু কেইখন ছবি আছে যি অনিৰুদ্ধৰ মস্তিষ্কত স্থায়ী হৈ ৰ
ল৷
 পিকাছোৰ গুৱেৰ্নিকানাইবা ছালভাডৰ দালিৰ ডা পাৰ্ছিছটেঞ্চ অফ মেমৰীও আচলতে ঠিক তেনেকুৱাই তাৰ বাবে৷  আচলতে কোনখন ছবি তাৰ মনোজগতত দিন, মাহ,
বছৰ জুৰি বিয়পি থাকিল সি সঠিককৈ নাজানে৷
 

তথাপি সি মানি লয়
বত্তিছেলিৰ
ডা বাৰ্থ অফ ভেনাছে  তাৰ সমগ্ৰ সত্তাজুৰি
অধিকাৰ কৰি ৰাখিছে৷ সাগৰৰ মধ্যভাগৰ ঢৌত এটা শামুকৰ খোলাত উঠি অহা অনিন্দ্য সুন্দৰী ভেনাছ
আস্ …

দুকাষে বতাহ আৰু সাগৰৰ ঢৌৱে আৱৰি ৰখা ভেনাছ৷ অনিন্দ্য সুন্দৰ ছবিখনত
সি নেদেখে ভেনাছৰ উলংগ শৰীৰক৷ কোনো সহজাত জৈৱিক তাড়নাই ধৰাশায়ী কৰাৰ পৰিৱৰ্তে সি
আওঁৰাইছে ছাম্ লেভেনছনে কোৱা সৌন্দ্যৰ্যৰ বিখ্যাত সত্যটো-
 এযোৰ আকৰ্ষণীয় ওঁঠ পাবলৈ মই ওঁঠত পিন্ধি লম মমতাভৰা শব্দবোৰ; এযোৰ সুন্দৰ চকুৰ বাবে দুচকুৰে
মানুহৰ মাজত বিচাৰি ফুৰিম কেৱল ভালবোৰ
; লাহী এটি শৰীৰৰ গৰাকী
বৰ বাবে মই মোৰ আহাৰ ভগাই লম ক্ষুধাৰ্ত আতুৰ কোনোজনৰ সৈতে; দিনে অন্ততঃ এবাৰৰ
বাবে হ
লেও এটি শিশুক মোৰ চুলিকোছাত আঙুলি বুলাবলৈ দিম সুন্দৰ একোছা চুলিৰ গৰাকী
বলৈ; জ্ঞানৰ অন্বেৰ বাটত খোজ পেলাম শৰীৰৰ সঠিক ভাৰসাম্যৰ বাবে।’ …

হঠাতে কিবা এটা মনত
পৰাৰ দৰে সি অস্থিৰতাৰে তাৰ ছবিখনত চকু ফুৰালে৷ বিচাৰি পাইছে নেকি সি কিবা যোগসূত্ৰ !

পাইছে নেকি বিচাৰি ?

ভেনাছ …

ছেম্ লেভেনছনৰ সেই
বিখ্যাত উক্তি …

মাকৰ মুখেৰে শুনা
জোনবিলৰ সাধুৰ দৰে কথাবোৰ
  আৰু তাৰ কেনভাছৰ এই
নাৰী !

এবাৰ, মাথোঁ এবাৰ জী উঠাঁ তুমি মোৰ বাবে৷ মোৰ উমাল স্পৰ্শৰে তোমাৰ দেহত এবাৰ
প্ৰাণৰ সঞ্চাৰ হওক… এবাৰ
  তোমাৰ উশাহত মোক
হেৰাই যাবলৈ দিয়াঁ৷ নাই… নাই
, তুমি ভুল নুবুজিবা৷ মোৰ স্পৰ্শত
কোনো দেহজ তাড়
না নাথাকে৷ নাথাকে কোনো অসংযত আচৰণ৷ কেৱল মোৰ
বুকুত শুই থকা প্ৰেমৰ ফল্গুধাৰাটিক একমাত্ৰ তোমাৰ নামত বোৱাই দিবলৈ দিয়াঁ৷ দুয়ো
একেলগে প্ৰেমৰ নদীত এবাৰ হ
লেও জুৰুলিজুপুৰিকৈ তিতিবলৈ
বিচাৰোঁ৷ শতিকাযোৰা অপেক্ষাৰ অন্তত এবাৰ… মাথোঁ এবাৰ তোমাৰ ভালপোৱাৰে মোক তুলি
ধৰাঁ৷ প্ৰেমৰ সুকোমল আলসুৱা অনুভৱৰে
ব্যাপ্ত মোৰ বুকুৰ
ভিতৰখনত এবাৰ জুমি চোৱা তুমি৷
  তোমাৰ সৈতেইটো বিলীন হৈ
আছে মোৰ শৈশৱ কৈশোৰৰ মেটমৰা সাধুকথাবোৰ৷ মই জানো তোমাৰ বুকুতো শুই আছে মোৰ বুকুৰ
জোনবিলখন ! পুৰাতন সাধুবোৰৰ কথকতা লৈ তুমিতো মোৰেই সৃষ্টি৷ অথচ তুমি কোন মই
এতিয়াও সঠিককৈ নাজানোঁ !

অনিৰুদ্ধই কেনভাছৰ
ওচৰলৈ মুখখন নি অনুচ্ছ স্বৰত বিৰবিৰায়৷

এখন জটিল জগততহে যেন
সোমাই পৰিছে সি
 ! কথাবোৰৰ কোনোবাখিনিত
কিবা এক সামঞ্জস্য থকাৰ দৰে লাগে তাৰ কিন্তু ক
ত সি ঠিক
বিচাৰি উলিয়াব জনা নাই৷

তাইৰ কাণত পুনৰ সি
ফুচফুচাই কয়- তুমি যিয়েই নোহোৱাঁ
, মই মানি ল
তোমাৰ বাবেই আছিল মোৰ অতদিনৰ সাধনা৷ মোৰ শিল্পীসত্তাই তোমাৰেই অন্বেষণত আঁকি গৈছিল
ইখনৰ পাছত সিখন ছবি৷ তুমি মোৰ এই বাটৰ চৰম প্ৰাপ্তি বুলি মানি ল
ম মই৷ কোৱা,
কি নাম দিওঁ মই তোমাক?

অনিৰুদ্ধৰ দুচকুত
দুফোটা পানী জমা হয়৷ নামহীন এক অস্থিৰতাই কাবু কৰি পেলাইছে তাক৷

কেনে সংযোগ এয়া !

সম্পূৰ্ণ সাতটা দিনৰ অন্তত সি সমাপ্ত কৰিছে উদগ্ৰ তাড়নাৰে
আৰম্ভ কৰা ছবিখন৷ মানুহৰ বৈচিত্ৰ্যৰে ভৰা জীৱনশৈলী সদায়েই তাৰ অন্যতম প্ৰিয়
বিষয়৷ মাকৰ মুখত শুনি অহা বিচিত্ৰ কাহিনীবোৰে সৰুতেই গঢ় দিছিল তাৰ এই আকৰ্ষণক৷
ঠিক তেনে এক কৌতূহলেৰে সি
 আশৈশৱ কঢ়িয়াই ফুৰা
জোনবিল মেলাখনক যদি সি তাৰ চৌপাশৰ এক বলয় বুলি ধৰি লয়
, তেনে
তাৰ মাক সেই বলয়ৰ কেন্দ্ৰবিন্দু৷

জোনবিল মেলাৰ
উপজীব্যৰে অংকন কৰা ছবিখনত সি সংযোজন কৰিছে তাৰ চেতন-অৱচেতন মনত লিপিট খাই থকা এক
অনন্য সুন্দৰ নাৰীৰ প্ৰতিকৃতিক৷ যি নাৰীৰ শৰীৰী ভাষাই তাক লৈ গৈছে কোনোবা অতীতলৈ৷
সি বিস্ময় বিমুগ্ধ হৈ নায়িকাৰ দুচকুত অৱগাহন কৰিছে৷ তিলফুলীয়া নাকটোৰে কিঞ্চিত
পাৰ উঠা চকুকেইটাই তাৰ সৈতে কথা পাতিছে ! কওঁ-নকওঁকৈ কঁপি উঠা তাইৰ ওঁঠেৰে এই যেন
সৰকি পৰিব সি শুনিবলৈ বিচৰা শব্দকেইটা –
তোমাৰ বাবেই মোৰ অন্তহীন অপেক্ষা  অনিৰুদ্ধ …  

আস্ !

এনে আকুলতা যে এয়েই প্ৰথম !

সি ঠিক বুজা নাই, ৰাগিলগা শব্দবোৰেৰে
প্ৰকৃততে সি নতুনকৈ জী উঠিছে নে তাৰ কেনভাছৰ নাৰীৰ দেহত
 প্ৰাণ সঞ্চাৰ হৈছে ! তাইৰ মিচিকি হাঁহিটোৰ সৈতে আপেলহেন গাল
দুখন আৰু অলপ ৰঙা পৰাৰ দৰে লাগিছে৷ পৰা হ
লে তাই যেন কেনভাছৰপৰা নামি আহি তাৰ
বুকুতে সোমালেহিহেঁতেন !

– আস্… সৃষ্টি মানেই
যে ঈশ্বৰৰ নিৱাস- নিজকে কয় সি।

– ‘নে মই এজন ঈশ্বৰ
হৈ পৰিছিলোঁ এই সময়খিনিত
?’
 বিশ্বাস-অবিশ্বাসৰ  দোমোজাত নিজকে এবাৰ চিকুটি চালে অনিৰূদ্ধই৷

অনিৰুদ্ধৰ মনত সজীৱ
হৈ পৰে পাহাৰীয়া এঁকা-বেকা বাট এটা৷ পিঠিত এবোজা বস্তুৰে এজনী অষ্টাদশী গাভৰু সেই
বাটেৰে ভৈয়ামলৈ নামি আহিছে আৰু বাৰে বাৰে পিছলৈ ঘূৰি চাইছে তাইৰ খোজৰ সৈতে খোজ
মিলাব নোৱৰা পিতৃ-মাতৃহালৰ মন্থৰ গতিক …
 

অনিৰুদ্ধৰ স্থিৰ
দুচকুৰ সন্মুখত যেন মুকলি হৈছে কোনো এক পুৰাতন কাহিনীৰ প্ৰৱেশদ্বাৰ৷
  মন্ত্ৰমুগ্ধৰ দৰে সি অৱগাহন কৰিছে কেনভাছৰ নাৰীৰ দুচকুৰ
বিশালতাত৷ ক্ৰমে এখন অচিন চিনাকী জগতত ভৰি থৈছে সি৷ বিলীন হৈ পৰিছে কাহিনীকথকৰ
মায়াজালত৷

(বিভ্ৰান্তিত দুচকু
মোহাৰি ল
লে সি৷)

তাৰ ছবিয়ে কথা কবলৈ
আৰম্ভ কৰিছে৷

কৈশোৰ কালতে তাৰ
বুকুত মাকে আঁকি দিয়া জোনবিলখনৰ সৈতে তাৰ কেনভাছৰ সাধু একাকাৰ হৈ
  বুৰ গৈছে সি অতীত আৰু বৰ্তমানৰ কোনো এক সন্ধিক্ষণত৷

সি গৈ থাকিল৷

জোনবিলৰ মাজে মাজে
এখন সৰলতাৰে ভৰা জগতলৈ সি মন্ত্ৰমুগ্ধৰ দৰে আগবাঢ়ি গৈ থাকিল …

সাধুৰ দৰেই লাগিছিল
তাৰ মাকে কোৱা কথাবোৰ
  বহু বছৰৰ আগতে এৰি থৈ অহা জোনবিলখনৰ কথা, নিজৰ তেজ মঙহৰ মানুহখিনিৰ কথা সময় পালেই মাকে তাক বৰ
হেঁপাহেৰে কৈছিল৷ সেই সমাজখনৰ আচাৰ-ব্যৱহাৰ
, ৰীতি-নীতি সকলো
শিকাইছিল মাকে৷
  হয়তো অৱচেতন মনত তেওঁৰ
বিস্মৃত অতীতটোক অনিৰুদ্ধৰ মাজতে ক
ৰবাত থাপি থৈ যোৱাৰ হেঁপাহ এটা পুহি ৰাখিছিল
মাকে! জোনবিলৰ কথাৰে ভৰুণ মাকৰ দুচকুত যেন দুটা তৰাফুল ফুলিছিল৷ উজলি উঠা
দুচকুৰে মাকক তেতিয়া কোনো
  বিখ্যাত চিত্ৰশিল্পীৰ
সৃষ্টি যেন লাগিছিল অনিৰুদ্ধৰ৷ শৈশৱ কৈশোৰ আৰু যৌৱনৰ এছোৱা পাৰ কৰি অহা ঠাইখনক বৰ
আলফুলে মাকে বুকুত কঢ়িয়াই ফুৰিছিল৷ অনিৰুদ্ধৰ অজানিতে মাকৰ বুকুৰ জোনবিলখন তাৰ
বুকুতো গঢ় লৈ উঠিছিল৷

মাকে  কৈছিল তিৱাসকলৰ ৰজা গোভা আৰু ৰাণীৰ বিষয়ে৷ ঠাইখনৰ নাম জোনবিল হোৱাৰ আঁৰত থকা দুই এটা সৰু-সুৰা
কাহিনীও কৈছিল মাকে তাক৷ অনিৰুদ্ধৰ আটাইতকৈ প্ৰিয় কাহিনীটো আছিল- গোভা ৰাজ্যৰ
ৰাণী আৰু জোনবিৰিডালৰ কাহিনীটো৷
  ৰজা গোভা আৰু ৰাণী
প্ৰমোদ বিহাৰলৈ আহি বিলখনৰ পাৰতে হেনো কিছুবেলি জিৰাইছিল৷ বিলখনৰ ফটফটীয়া পানী
দেখি ৰাণীয়ে বৰ স্ফূৰ্তি পাইছিল৷ পানীখিনি ৰাণীয়ে হাতেৰে স্পৰ্শ কৰিবলৈ চেষ্টা
কৰোঁতেই তেওঁৰ কণ্ঠহাৰ জোনবিৰিডাল বিলৰ পানীত পৰি গৈছিল৷ বহুত বিচাৰিও পাছত সেইডাল
উদ্ধাৰ কৰিব পৰা নগ
ল৷ ৰাণীৰ সেই জোনবিৰিডালৰ বাবেই
তেতিয়াৰপৰা বিলখনৰ নাম জোনবিল হৈছিল৷

তাৰ বৰ মৰম লাগিছিল
কাহিনীটো৷

ৰঙা জোনবিৰি এডাল
তাৰ দুচকুত ডুলি ৰৈছিল৷

ইতিহাসৰ পাতৰপৰা আৰু
কত কথা তুলি আনিছিল মাকে তাক ক
বলৈ৷ নেদেখা ঠাই একোখনো  মাকৰ সৰল বৰ্ণনাৰে তাৰ
মনত সজীৱ হৈ পৰিছিল৷ আচলতে জোনবিলে তাৰ আত্মাক স্পৰ্শ কৰিছিল৷

জোনবিল মেলাৰ সম্প্ৰীতিয়ে আচৰিত কৰিছিল অনিৰুদ্ধক৷ এয়াও
সম্ভৱ নে ! বস্তুৰ বিনিময়ত বস্তু ক্ৰয়-বিক্ৰয়
 ! কি আচৰিত ! পাহাৰ-ভৈয়ামক সম্প্ৰীতিৰ দোলেৰে বান্ধি ৰখা
কি এক সুন্দৰ বিনিময় প্ৰথা !

– ‘মাঘৰ বিহুৰ পাছৰ
সপ্তাহত আৰম্ভ হোৱা এই মেলাখনক লৈ আমাৰ কত যে আয়োজন ! মেলাৰ আৰম্ভণিতে বিভিন্ন
গাঁৱৰ বিশিষ্ট লোকসকল আৰু ৰজাৰ পাৰিষদবৰ্গ লগ হৈ পুখুৰীত মাছ মাৰি সকলোৱে একেলগে
এসাজ খোৱাৰ প্ৰথাটোক
ৰজামাছবুলি কয়৷’ –মাকে কৈছিল তাক৷ 

অনিৰুদ্ধৰ বাবে এই
কথাবোৰ সদায় সজীৱ
, এই যেন কালি-পৰহিহে মাকৰ কোলাত মূৰ থৈ সি শুনিছিল৷ মাকৰ
উচ্ছ্বাসে তাৰো আগ্ৰহ বঢ়াই তুলিছিল জোনবিলখনৰ বিষয়ে জানিবলৈ৷

গোভা ৰজা আৰু ৰাণীক
সি কল্পনাতে আঁকি লৈছিল৷ জোনটোৰ আকৃতিৰ ফটফটীয়া পানীৰ বিলখনকো তাৰ অন্তৰ্দৃষ্টিৰে
আঁকি পেলাইছিল৷ মেলালৈ সাজু কৰা কৃষি সামগ্ৰীবোৰেৰে ভৰি থকা চোতালখন তাৰ যেন আজন্ম
চিনাকি !
  ককাকে আহল-বহল চোতালখনৰ
এচুকত শুকাবলৈ মেলি থোৱা মাছবোৰ চকুৰ আগত ভাহি উঠিছিল তাৰ৷ মাকে কৈছিল-
শুকান মাছৰ গোন্ধটো বৰ কাঢ়া, নাক পুৰি যায়-
এটা অচিনাকী অথচ নিজেই ধাৰণা কৰি লোৱা গোন্ধ তাৰ নাকতো লাগেহি৷
গোন্ধটোৱে তাৰো নাকটো পুৰি নিয়ে৷
 কিবা এটা ভাল লাগে তাৰ৷

জোনবিলৰ বিনিময়
মেলাখনেই তাৰ মাকৰ জীৱনৰ চকৰিও সলাই পেলাইছিল৷ বহু বছৰ আগতে এই মেলাতেই ভৈয়ামৰ
সুদৰ্শন যুৱকজনে তেতিয়াৰ অষ্টাদশী গাভৰু তাৰ মাকক প্ৰথম সাক্ষাততে প্ৰেমৰ
প্ৰস্তাৱ দিছিল আৰু
  বহু বাদ-বিবাদৰ অন্তত
এদিন
  কাছ্যং ফাচকাই নাৰা
পিন্ধি চাপল্
 চিংলি ল্ কলৰে বিভূষিতা হৈ তেওঁ যুৱকৰ সৈতে বিয়াত বহিছিল৷ চকুপানীৰে বাট
নেদেখা হৈ পাহাৰৰ আদৰৰ জীজনী ভৈয়ামৰ বোৱাৰী হৈ ওলাই আহিছিল৷

অনিৰুদ্ধই ৰোমন্থন
কৰে
  মাকৰ লগতে বিস্মৃতিৰ
অটল তলিত হেৰাই যোৱা কথাবোৰ৷
  সি আলফুলে তাৰ হাতখন
ফুৰাই আনে
 ছবিখনৰ ওপৰেৰে৷ সকলো
স্পৰ্শৰে হয়তো এক নিজা উষ্ণতা থাকে ! এক লহমাৰ বাবে সিও অনুভৱ কৰিলে মাকৰ আঁচলৰ
দৰে উম সনা সেই কুহুমীয়া উষ্ণতা৷

  বিয়া হৈ আহি এখন
সম্পূৰ্ণ নতুন সমাজত মাকে বৰ ভয়ে ভয়ে খোজ থৈছিল৷ অচিনাকী সমাজখনৰ সকলো আদব
কায়দা আয়ত্ত কৰি লওঁতে তেওঁৰ কিছু সময় লাগিছিল৷ প্ৰিয়জনৰ ভাল লগা- বেয়া
লগাবোৰক আপোন কৰি লোৱাৰ প্ৰক্ৰিয়াটোত তেওঁ কেতিয়ানো নিজৰ ঠাইখনক সময়ৰ কোনোবা
কেঁকুৰিতে এৰি থৈ আহিল তাৰ উমানেই নাপালে৷ লাহে লাহে তেওঁৰ বাবে নতুন সমাজখনো
পুৰণি হৈ পৰিছিল৷ অসহজ কথাবোৰ সহজ হ
বলৈ ধৰিছিল৷

কিন্তু সময়ৰ
মেৰপেচত তেওঁৰ মনৰ মানুহজনৰ সৈতে সম্পৰ্কত অনাকাংক্ষিত জটিলতাবোৰ বাঢ়ি আহিছিল৷
সৰলতাৰ দোহাই দি বিয়া কৰাই অনা তাৰ মাকজনীক দেউতাকে বাধ্য কৰাইছিল হাড়ে-হিমজুৱে
ভৈয়ামৰ হ
বলৈ৷ স্বাৰ্থপৰতাৰ পৰিচয় দি এদিন তেওঁক এৰি পেলাবলৈ বাধ্য কৰাইছিল নিজৰ
ঠাইখনক৷
  উচ্চাভিলাষী স্বামীৰ
পদমৰ্যাদাত আঘাত হানিছিল এখন সৰলচিতীয়া সমাজৰ আচাৰ-ব্যৱহাৰে৷ প্ৰিয় পুৰুষজনৰ
আত্মকেন্দ্ৰিকতাৰ সন্মুখত গুৰুত্বহীন হৈ পৰিছিল তেওঁৰ সকলো আৱেগ-অনুভূতি৷

অথচ সকলো কথাকে
কিমান সৰলতাৰে গ্ৰহণ কৰি লৈছিল তেওঁ ! কাৰো প্ৰতি কোনো ধৰণৰ ক্ষোভ নৰখাকৈ ইমান
সৰলৰৈখিক চেতনাৰে জীৱনটোক যাপন কৰাৰ কৌশল মাকে কিদৰে আয়ত্ত কৰিছিল সেই কথা
অনিৰুদ্ধৰ বাবে আজিও সাঁথৰ৷ সেইবাবেই হয়তো দেউতাকৰ প্ৰতি উমি উমি জ্বলি থকা
জুইকুৰাৰ কথা সি মাকক
  কেতিয়াও জানিবলৈ
নিদিলে৷ হৃদয়েৰে বিশ্বাস কৰা মানুহজনৰ বাবে তেজ-মঙহৰ আপোনসকলক এৰি দিয়াটো মাকৰ
বাবে কিমান সহজ আছিল অথবা কাৰোবাক কিমান বেছি
  ভাল পালে তেনে ত্যাগ কৰিব পাৰি অনিৰুদ্ধৰ বাবে কথাবোৰ
দুৰ্বোধ্য৷

দেউতাকৰ প্ৰতি
ক্ষোভত কঁপি উঠে সি৷ বহু কিবাকিবি থকাৰ পাছতো মাকৰ বুকুত ৰৈ যোৱা শূন্যতাখিনিৰ কথা
ভাবিলে তাৰ এতিয়াও বুকুখন ধৰফৰাই উঠে৷ সদাব্যস্ত মানুহজনৰ সময়েই বা আছিল ক
ত একমাত্ৰ পুত্ৰ অথবা
পত্নীৰ বাবে !

এতিয়া তাৰ মাকজনী
কাষত নাই৷ আঁকোৰগোজ স্বভাৱৰ দেউতাকজনো নাই৷ সি সম্পূৰ্ণ অকলশৰীয়া এতিয়া৷
জীৱন সজাবলৈ শিকাই যোৱা মাকৰ আদৰ্শতে সি গঢ়ি তুলিছে নিজকে৷
 হয়তো সেইবাবেই অকলশৰীয়া হৈও জীৱনৰ উদযাপন কৰিব জানে সি৷

মাকে শিকাইছিল তাক-
সৌন্দৰ্য
মানুহৰ মনৰ এক আপেক্ষিক ধাৰণা৷ সকলোৰে বাবে সৌন্দৰ্যৰ ব্যাখ্যা একে নহয়৷
সৌন্দৰ্য কাৰোবাৰ বাবে হ
ব পাৰে কেৱল তাৎক্ষণিক প্ৰেমৰ উৎস
অথবা কাৰোবাৰ বাবে সৃষ্টিৰ অন্তঃস্ৰোত ধাৰা যি কেৱল অনুভৱতে ৰৈ যায়৷ যি অনুভৱে
আমাক মহীয়ান কৰি তুলিব পাৰে
, যি অনুভৱে কেৱল সৃষ্টিৰ দিশে
বাট বুলে৷ প্ৰেমৰ দৰেই সৌন্দৰ্যকো কোনো সংজ্ঞাৰে আৱদ্ধ কৰিব নোৱাৰি
’ …

শত সহস্ৰ শব্দৰ মাজত
কাহানিও হেৰাই নোযোৱা মাকৰ সেই কথাবোৰ তাৰ বাবে বৰ ৰাগিলগা … !

জ্যুৰ দৰে নিচা লগা 

মাকৰ মনৰ সুন্দৰতাই
সেয়েহে তাক প্ৰতিবাৰেই বত্তিচেলীৰ ভেনাছ আৰু ছাম্ লেভেনছনৰ সৌন্দৰ্যৰ
ব্যাখ্যালৈ মনত পেলাই দিয়ে৷ ভেনাছৰ মাজত সি প্ৰতিবাৰেই তাৰ মাকৰ প্ৰতিচ্ছবিখন
দেখে
  এক মুহূৰ্তৰ বাবে তাৰ এনে লাগে এক অনিন্দ্য সুন্দৰ ভংগিমাৰে সাগৰৰ মধ্যভাগৰ
ঢৌত বতাহৰ সৈতে কথা পাতি সেয়া তাৰ মাকজনী !

সীমিত  জ্ঞানেৰে জীৱনৰ সাধনা কৰা মাকৰ প্ৰজ্ঞাত সি আচৰিত হৈছিল৷
ইমান কথা জানিছিল মাকে! দেউতাকৰ স্বাৰ্থপৰতাকো ইমান যোগাত্মকভাৱে গ্ৰহণ কৰি কিদৰে
যে জীৱনটোক সজাইছিলে তেওঁ ! তাৰ দৃষ্টিত তেওঁ
 সঁচাকৈয়ে পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰী৷ তাৰ জীৱনৰ একমাত্ৰ
প্ৰিয়তমা নাৰী৷ মাক মানেই তাৰ বাবে পৃথিৱীৰ সমস্ত সুন্দৰতা৷

অথচ তাৰ কেতিয়াও
কোৱাই নহ
ল সেই কথা৷ কেতিয়াও কোৱা নহল মাকক তাৰ জীৱনৰ প্ৰিয়তমা নাৰীগৰাকী কোন !
সোধা নহ
ল মাকক এয়া তাৰ প্ৰেম নেকি ?

মাকৰ সৈতে প্ৰেম !

এয়া  পাপ নেকি ?

অসম্ভৱ নেকি এই
অনুৰাগ
?

কিন্তু কিয় অসম্ভৱ ? মাকৰ বাহ্যিক
সৌন্দৰ্যই তাক মোহগ্ৰস্ত কৰা নাই কাহানিও৷ আত্মাৰ শুদ্ধিৰে সি কেৱল মাকক
কঢ়িয়াই ফুৰিছে প্ৰিয়তমা নাৰীৰ ৰূপত৷ প্ৰত্যেকৰে জীৱনৰ প্ৰথম নাৰীগৰাকীক ভাল পোৱাত
কিদৰে পাপ থাকিব পাৰে ! যি শিশুৰ মুখত গুজি দিয়ে বুকুৰ অমৃত সেই নাৰীগৰাকীক কি
ভাল পোৱা নাযায়! তেওঁটো অদ্বিতীয় হৈ ৰয়৷
  অনিৰ্বচনীয় প্ৰেমত
পৰিব পাৰি তেওঁৰ সৈতে৷ আত্মাৰ সৈতে সংপৃক্ত যি সেই নাৰীক আত্মাৰে ভাল পোৱাত বাধা ক
ত !

তাৰ অৱচেতন মনটোৱে
যেন এনে এটা সংযোগেই বিচাৰি আছিল !

কেনভাছৰ নাৰীগৰাকী
মুহূৰ্ততে তাৰ মাকৰ প্ৰতিমূৰ্তি হৈ পৰিছে৷

সি অবাক হয়৷

ছবিখন আঁকিবলৈ আৰম্ভ
কৰোঁতে সিতো ভবা নাছিল তাৰ মাকক অঁকাৰ কথা৷

অস্পষ্টতাৰে সি
নিজকে সোধে
 ত ধাৰণ কৰিছে সি মাকক?

শৰীৰ… মন … নে আত্মাত ?

সি মাথোঁ জানে তাৰ
মাক তাৰ বাবে কেৱল মাকেই নহয়৷ আন কাৰো সৈতে ভগাই ল
ব নোৱৰা অনুভূতিৰে
সংপৃক্ত সি সেই নাৰীৰ সৈতে৷ মাকৰ প্ৰতি থকা ভালপোৱাৰ দ্যুতিৰে সি এনেদৰে
পৰিবেষ্টিত যে আন কাকোৱেই সি তাৰ সত্তাৰ মাজত উপলব্ধি কৰিব নোৱাৰে৷

ছবিখনলৈ সি পুনৰ
চালে৷ এইবাৰ কিছু প্ৰশান্তিৰে হাতখন আলফুলে বুলাই আনিলে তাৰ প্ৰিয় নাৰীগৰাকীৰ
মুখখনৰ ওপৰেৰে …

তুমি যিয়েই নোহোৱাঁ তুমি মোৰ
প্ৰিয়তমা নাৰী
, মোৰ সৰ্বোত্তম সৃষ্টি৷ মোৰ মন-মস্তিষ্কত
খোদিত হৈ ৰোৱা জোনবিলখনত তুমি সঁচাকৈয়ে মোৰ বাবে আছানে এতিয়াও !
  যি মোৰ আত্মাৰ সংগী হবা… যাৰ মাজত
মই বিচাৰি পাম মোৰ মাৰ উষ্ণতাখিনি..
.
  যাৰ বাবে সৌন্দৰ্যৰ
ব্যাখ্যা হ
ব পাৰে ওঁঠত পিন্ধি লোৱা মমতা ভৰা শব্দবোৰ;
যাৰ দুচকুত থাকিব কেৱল চৌপাশৰ ভালবোৰ; যি হ
ব পাৰে
আৰ্তজনৰ সকাহ
; যাৰ হৃদয়ত বৈ থাকে প্ৰতিটো শিশুৰ প্ৰতি
মাতৃত্বৰ উম
; যি জ্ঞানৰ অন্বেষণত জীৱনৰ সাধনা কৰিব পাৰে …

আছানে সঁচাকৈয়ে
তুমি মোৰ বাবে জোনবিলৰ বুকুত আন এক ভেনাছ হৈ ! 

মোৰ মাৰ আন এক ৰূপ হৈ !

* * *

 

ঠিকনা : 

জুৰোড তিনিআলি

গুৱাহাটী – ৩২

মোবাইল – ৯৮৫৪০৮৫৭২০