সৌৰভ কুমাৰ চলিহা আৰু ইংগিতময়তা

 সঞ্জীৱ সভাপণ্ডিত




 এয়া৷ মোৰ নামটো ঘোষকে কলে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হলোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷
মানুহ নিৰ্ধা
ৰিত হৈ আছে৷ সকলো ঠিক ঠাক৷ এতিয়া ঘটনাটো ঘটি গলেই হল৷

মই সৌৰভ কুমাৰ চলিহাৰ লিখনিত
ইংগিতময়তাৰ বিষয়ে কিবাকিবি ক
ম বুলি ভাবি
আপোনালোক আহিছে৷

কিন্তু মই কোৱাৰ কি প্ৰয়োজন– আপোনালোকে শুনাৰ কি প্ৰয়োজন?

আপোনালোকে জানে যে

আপোনালোকে কি জানে? মোক কিমান জানে? মই সৌৰভ চলিহাক কিমান জানো? মই জানো তেওঁৰ সকলোবোৰ লেখা পঢ়িছোঁ? সকলোবোৰ লেখাৰ নেপথ্যৰ কথা জানো মই জানো? সকলোৰে সকলোবোৰ কথা জনাটো সম্ভৱ হয় জানো? প্ৰয়োজন থাকিলেও আহৰি ক?

আদিৰ পৰা অন্তলৈকে সকলো কথা
সন্নিৱিষ্ট কৰি এটা জীৱন গঢ় দিব পাৰি জানো
? মানুহে দেখোন নিজেই নিজকে ভালদৰে নাজানে– নুবুজে৷ অস্পষ্টতা আৰু অসংযত কথাৰেই দেখোন জীৱন চলে৷ আমাৰ
ঋষিতুল্য কবি নীলমণিয়ে ক
বৰ দৰে উদং গাৰ মানুহক কোনোবাই দেখে জানো?অস্পষ্টতাইহে জীৱন বোধগম্য কৰি তুলিব পাৰে৷ অৱগুণ্ঠনৰ আঁৰতেই সেয়ে কবিতা বাঙ্ময়৷
কবিতাৰ সৌন্দৰ্য তাতেই নিহিত হৈ থাকে৷

কোনোবাই কৰবাত কৈছিল– মোৰ কবিতাক
লৈ তুমি চিনেমা নিৰ্মাণ কৰিলা৷ বাৰু
, বেছ কথা হ; কিন্তু যিখিনি তোমাৰ চিনেমাত নোলাল, মোৰ আচল কবিতা সেইটোহে আছিল৷

আমাৰ চিনাকি চলচ্ছিত্ৰ নিৰ্মাতা
আলটাফ মজিদে চলিহাৰ গল্প দুটামান (লাখটকীয়াত গোলাম
, ভাল খবৰ আদি) লৈ চিনেমা কৰিলে৷ কিন্তু লেখক সন্তুষ্ট নহ; কাৰণ গল্পবিলাকৰ essence মানে শাহটো তাত
ফুটি নুঠিল৷ যিমান চেষ্টা কৰিলেও
Literary Language (সাহিত্যৰ ভাষা) আৰু Cinematic
Language (
চলচ্ছিত্ৰৰ ভাষা) দুয়োটা বেলেগ বস্তু৷
দুয়োটাৰে ব্যাকৰণ-অভিধান তেনেই বেলেগ৷ অথচ বিষয়বস্তু একেটাই৷

তেনে পৰিপ্ৰেক্ষিতত, সমগ্ৰ জীৱনটো সামৰি কিবা লিখাটো যে সম্ভৱ নহয়, সেইটো চলিহাই  বহুত
আগতেই বুজি উঠিছিল৷ সেয়ে তেওঁ জীৱনৰ খণ্ডচিত্ৰকে সাৰোগত কৰি তেওঁৰ কলম চলাই গৈছিল৷
তাৰে ফলত আমি জীৱনৰ বিক্ষিপ্ত খণ্ডচিত্ৰৰ সমষ্টিৰে ভৰপূৰ সাহিত্যৰ এক মেটমৰা
সম্ভাৰ তেওঁৰ পৰা পালোঁ আৰু শংকৰদেৱ-মাধৱদেৱ-লক্ষ্মীনাথ-ৰাধাগোবিন্দ-ভূপেন হাজৰিকাৰ
মাজত যেনেকৈ অসমীয়া হোৱাৰ গৌৰৱ বিচাৰি পাওঁ
, ঠিক তেনেকৈ চলিহাৰ মাজেৰেও এক
ৰসোত্তীৰ্ণ-কালোত্তীৰ্ণ-শাশ্বত জীৱনানুভূতি বিচাৰি পাওঁ
– যিটো অসমীয়া হৈও বিশ্বজনীন৷

খণ্ডচিত্ৰৰ কথা কলে স্বাভাৱিকতে সংক্ষিপ্তসাৰ ভাব এটাহে মনলৈ আহে৷ কিন্তু
চলিহাই সৰু কথা এটা ক
বলৈ বা বুজাবলৈ এটা
বিস্তাৰিত
Narrative style এটাহে বাচি
লে৷ কিয়?

এইখিনিতে লেখকৰ এক গভীৰ পৰিব্যাপ্ত
জীৱন দৰ্শনৰ উমান পোৱা যায়৷ তেওঁ চৈয়দ আব্দুল মালিক
, যোগেশ দাস আদিৰ গল্প-উপন্যাস পঢ়িলে– উদ্বুদ্ধ হল কিন্তু
প্ৰভাৱিত নহ
ল৷ ৰাম-যদু-মধু বা
নদাই-ভদাই বা অমিতাভ-কাদম্বৰী চৰিত্ৰ সৃষ্টি কৰিবৰ তেওঁৰ মন নগ
ল৷ পিতৃ কালিৰাম মেধিৰ কাম-কাজ তেওঁ দেখিলে– চৰকাৰী বিষয়া, কিন্তু শংকৰ-মাধৱৰ চৰ্চা– অংকীয়া নাট
সংকলন
– অসমীয়া ব্যাকৰণ
আৰু ভাষাতত্ত্বত নিমজ্জিত৷ অসমভূমিত নিজৰ
জীৱনৰ অৰ্থ বুজাৰ যেন এক সচেতন প্ৰয়াস৷ স্পষ্টকৈ-উচ্চাৰিতভাৱে নক
লেও এইটো নিতান্তই স্বাভাৱিক যে সমাজৰ প্ৰতি দায়ৱদ্ধতা
চলিহাৰ তেজতেই নহয়
, মজ্জালৈকে সোমাই গল৷ এক বৌদ্ধিক সততাৰ বীজ তেওঁৰ মাজত ৰোপণ হল৷ ফলত তেওঁ কোনো মানুহৰ প্ৰতি পালমৰা মনোভাব গঢ়ি উঠিবলৈকে
নিদিলে৷ পৰিৱেশ-পৰিস্থিতি ব্যতিৰেকে কোনো মানুহেই স্বয়ংসম্পূৰ্ণ নহয়৷ গতিকেই
কাৰোবাৰ বিষয়ে কিবা ক
বলৈ বা লিখিবলৈ হলে সমগ্ৰ প্ৰেক্ষাপট সামৰিব লাগিব– কাকো, মানে একো উপেক্ষা কৰিব নোৱাৰিবা৷ এয়েই তেওঁৰ Narrative style -অৰ ভেটি৷

মই ভাবোঁ এই দায়ৱদ্ধতাৰেই
সংস্কৃত-পৰিমাৰ্জিত-তৎসম বা তৎভৱ ৰূপ হ
ল চলিহাৰ সাহিত্য৷

কবিতা সংক্ষিপ্ত হবলৈ বিচাৰে৷ কবিতা গীতিধৰ্মী হবলৈ বিচাৰে৷ কবিতাই শব্দৰ ব্যঞ্জনা বিচাৰে৷ কবিতা নিজে
স্বয়ংসম্পূৰ্ণ হ
বলৈ বিচাৰে৷

কবিতা সংক্ষিপ্ত হোৱাৰ বিপৰীতে চলিহা
বহল ব্যাকৰণৰ নিচিনা; কিন্তু তথাপি চলিহাৰ বহুত লেখা কাব্যিক ভাবৰ৷ শব্দ গাঁথনিৰে নহয়, ভাবৰ হেন্দোলনিৰে৷ কবিতাৰ লগত চলিহাৰ কোনো কাজিয়া নাই৷

চলিহাই ধ্ৰুৱক বুলি এটা গল্প
লিখিছিল৷ ৰে
ল ষ্টেচন এটাত কাগজ-আলোচনী বিক্ৰী কৰা দোকানী এজনৰ দৈনিক
ৰীতি-মাত-চাল-চলন৷ সমগ্ৰ পৃথিৱী সলনি হ
– মানুহবোৰ
দিহিঙে-দিপাঙে গ
– ভূ-ভাৰস্ত ঘূৰি আহিলে– বহুদিন পাৰ হৈ গ– কিন্তু দোকানীজন
একেই থাকিল৷ অৱস্থাৰ চাকনৈয়াত পৰি বহুত মানুহ একে ধৰণেৰেই থাকি যায়
এজন মুচী, এজন জমাদাৰ, এজন গাড়ীৰ মেকানিক, এজন চাইকেল মেকানিক বা হয়তো এজন লেখকো৷

এই কথা চলিহাই কোৱা নাই৷ লিখাও নাই৷
কিন্তু মানুহে চালে বুজিব৷ ১৯৪৪ চনত অশান্ত ইলেকট্ৰন লিখাৰ পৰা ২০০৮
১০ মানলৈকে চলিহাৰ লিখনি এক
ধ্ৰুৱক হৈয়ে থাকিল৷
Content সলনি হল কিন্তু লিখাৰ ষ্টাইল একেই থাকিল– ঠিক যেন ভূপেন হাজৰিকাৰ– বয়সৰ লগে লগে মাত সলনি হ– গানৰ কথাও
সলনি হ
– কিন্তু গায়কী একেই থাকিল– একেই বলিষ্ঠ কণ্ঠস্বৰ, একেই তীব্ৰতাৰ শব্দ প্ৰক্ষেপণ, একেই বিশালতা, একেই প্ৰতিধবনি, একেই প্ৰকাশ– সময় সমাজ পাৰ হৈ এক স্বৰ্গীয় আৰোহণ– towards excellence

কিছু ব্যতিক্ৰম আছে– থাকিবই৷

আমেৰিকা-ফ্ৰাঞ্চৰ নিগ্ৰো (কলা) লেখকবিলাকৰ বা গায়ক বা কবিবিলাকৰ মাজত এটা কথা দেখা যায়
যে বগা মানুহৰ ক
তো কোনো প্ৰতিশোধ
স্পৃহা বা ঘৃণা প্ৰকাশ নহয়৷ খং উঠে
, কিন্তু প্ৰকাশ সদায় নমনীয়৷ মোৰ ভাব হয় তেওঁলোকে যেন বুজে যে আফ্ৰিকাত থাকিলে
তেওঁলোকৰনো কি হ
লহেঁতেন! অত্যাচাৰ-কষ্টতো জীৱন
পৰিক্ৰমাৰে অংগ
! ইজিপ্তত কি মানুহে কষ্ট পোৱা নাছিল? পৃথিৱী আৱিষ্কাৰ কৰিবলৈ ওলোৱা ওলন্দাজ, স্পেনিছ, ব্ৰিটিছ, ফৰাচী মানুহে কি
মৃত্যু-কষ্ট স্বীকাৰ কৰা নাছিল
!

উগ্ৰতা সদায় সিদ্ধান্তসূচক হয়৷ Judgmental ৷ চলিহা নমনীয়– চলিহাই সকলোকে লৈহে আগ বাঢ়ে৷ কাকো এৰি থৈ নাযায়৷ কতো চকু নিদিয়াকৈ নাথাকে৷ এজন খুবেই ভদ্ৰলোক সাহিত্যিক৷ সদায়
কথোপকথন
– সদায় ব্যাখ্যা– সদায় বৰ্ণনা ৷ গোটেইখন বানপানী হেনসকলোকে তিয়াবই তিয়াব৷ পূৰাকৈ তিয়াব নোৱাৰিলেও, ভৰিত বোকা-মাটি-পানী লগাবই৷

অথচ তেওঁ এজন অত্যন্ত আঢ্যৱন্ত লেখক৷
ছদ্মনাম হিচাপে চলিহা উপাধিটো বাচি লওঁতেই আমি জানিবই লাগিছিল তেওঁৰ ৰুচি কেনে
! অসমীয়া সকলোবোৰ উপাধিৰ ভিতৰত– বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰগোহাঁই বাদ দি– আধুনিক নামৰ তালিকালৈ চকু দিলে চলিহা উপাধিটোৱেই সকলোতকৈ
ওপৰলৈ উঠি আহে৷ চলিহা শব্দটোতে এটা
class নিহিত হৈ আছে৷ এইটো তৰ্ক-বিতৰ্কৰ বিষয় নহয়৷ অনুভৱ-উপলব্ধিৰ কথাহে৷

আঢ্যৱন্ত মানে aristocracy
শব্দটোৰ লগত sophistication শব্দটো ওতঃপ্ৰোতভাৱে সাঙোৰ খাই থাকে৷ চলিহাৰ লেখা
স্বাভাৱিকতেই এই
Sophistication-অৰ পৰিমণ্ডলৰ বাহিৰত নহয়৷

এই কথা চলিহাই স্বইচ্ছাই কৰি লৈছে৷
কাৰণ চলিহাই বুজে যে পাঠক কেৱল পঢ়ুৱৈয়েই নহয়
– পাঠক এজন মানুহো যাৰ চিন্তা কৰিব পৰা ক্ষমতা আছে৷ এই ভাবিব
পৰা মানুহজনেই চলিহাৰ লক্ষ্য৷ আজি যদি তেওঁ ভাবিব জনা নাই
, তেন্তে তেওঁ কাইলৈ ভাবিব পাৰিব লাগিব৷ মানে পাৰিবই লাগিব৷
মানুহৰ সমস্যাবিলাকৰ সমাধান এই ভাবিব পৰা মানুহৰ মাজতহে আছে৷ সেই পাঠক সৃষ্টি
কৰাতহে চলিহা আগ্ৰহী৷ কিবা লিখি দিলোঁ
– মানুহে ভাল পালে– হৈ গ– সেইটো মানুহ
তেওঁ নহয়েই৷ তেওঁ ইউৰোপত মানুহ দেখিছিল
– লগ পাইছে– বুজিছে যে চিন্তা
কৰা মানুহ সৃষ্টি কৰাটোহে এজন লেখকৰ আচল কাম৷ মানুহক আৱেগবিহ্বল কৰি কন্দুৱাটো
তেওঁৰ কাম নহয়৷ মানুহৰ দুখত আৱদ্ধ হৈ থাকিলে কেনেকৈ হ
? তেওঁৰ অন্তৰৰ গভীৰ অতল তলিত এটা প্ৰত্যয় আছে যে প্ৰতিজন মানুহেই একোটা প্ৰবল
সম্ভাৱনা
প্ৰতিজন মানুহেই
সৃষ্টিৰ আগ্নেয়গিৰিৰ উদগীৰণ ঘটাব পাৰে৷ সেয়ে তেওঁ প্ৰতিজন মানুহকে আলফুলে কোলাত লয়
– নাপিত, চানাৱালা, ঠেলাৱালা সকলোকে৷
সমাজৰ কোনো নৈতিকতাৰ প্ৰতি তেওঁ আগ্ৰহী নহয়
কাৰো ওপৰত মন্তব্য দিয়াৰো তেওঁ পক্ষপাতী হয়৷ He is
neither a moralist nor judgmental

এইটোৱেই আচলতে আধুনিক মানুহৰ সংজ্ঞা
হোৱা উচিত৷ সৌৰভ চলিহা সেয়ে এজন আধুনিক লেখক
– শ্বেইক্সপীয়েৰৰ দৰে– সদায় প্ৰাসংগিক হৈ থকা৷

বব ডিলানে এটা কথা কৈছিল– It
takes a village to make a man 
৷ আমি আজি
প্ৰত্যেকেই একোখন একোখন সৰু ঠাইৰ পৰা ওলাই আহিছোঁ৷

…কোনোবা এগৰাকী বাঁৰী দুখুনীয়ে মই
মেট্ৰিকৰ পৰীক্ষা দিম বুলি
– স্কুলৰ ভাল
ৰা বুলি– পৰীক্ষাত ভাল ৰিজাল্ট কৰি গাঁওখনৰ নাম উজ্জ্বল
কৰিম বুলি
– বা ভাল ঘৰৰ ভাল লৰা বুলি ভাবি– পিতলৰ গিলাছ এটাত আধাপোৱা গৰুৰ গাখীৰ আমাৰ ঘৰত দি থৈ গৈছিল মোলৈ বুলি– নিজৰ লৰা-ছোৱালীক
নিদি
– এদিনৰ কাৰণে হলেও– আৰু আজি মই
অতবোৰ কামৰ মাজত তেখেতক পাহৰি গ
লোঁ– কিন্তু সেই ভাবকণে মোক একো কৰা নাই বুলি মই কোন সতে ক?

সৌৰভ চলিহা এই দুষ্প্ৰাপ্য প্ৰজাতিৰ
মানুহ
– যি সম্ভৱপৰ প্ৰতিজন
মানুহৰ লেছেৰি বুটলি বিন্দু বিন্দুকৈ সিন্ধু গঢ়িছে৷ তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ
সভ্যতা বা গীতা-উপনিষদৰ ভাৰতীয় সভ্যতা বা গ্ৰীছ-ৰোম-মিছৰীয় সভ্যতাক লৈ উদ্বিগ্ন
নহয়৷ তেওঁৰ চিন্তা কেৱল মানুহৰ উত্তৰণ৷ চকুপানীৰে সেই কাম নিসিজে
– তেওঁ ভালকৈ বুজে৷ সেয়ে তেওঁ সিহঁতেও পাহাৰ বগালেলিখে৷ কোনে কি পাহাৰ বগালে? কি পালে? জোঁৰৰ পোহৰবোৰ কি? পপীয়া তৰা তেনেকৈয়ে
নামে নে
? সৰল গছৰ মাজত ওলমি
ৰয়নে
?

কিন্তু চলিহাই জানে যে অলপমান এৰি
দিলেই
– অকণমান অভিমান ভাঙি
লেইজীৱন স্বচ্ছ পানীৰ দৰে হৈ পৰে৷ ইমান জটিল একো কথা নাই৷
গল্পৰ আঁৰৰ গল্পত অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিঞ্চিপাল দেবব্ৰত গোস্বামী (মামণি
ৰয়ছম গোস্বামীৰ ককায়েক)-য়ে যে কৈছিল
– বোধহয়
হেৰি… মানে কথাবোৰত আচলতে একো নাই
– Beatles-অতো তাৰ অনুৰণন– Let it be- ব দে৷ মোৰ ছোৱালীয়ে বেলেগ জাতৰ লৰা বিয়া কৰিবলৈ ঠিক কৰিলে– আমাৰ ঘৰত বাধাখং-বংশ পৰম্পৰাৰ কথা– পৰিয়ালৰ
দোহাই
– খোৱা-বোৱা নাইকিন্তু অৱশেষত মাত-বোল নোহোৱাৰ অন্তত– কেঁচুৱাৰ কান্দোন– সকলো পমি গ– এঃ কিনো ধৰি থাকিবা আৰু জীৱনটোনো কেইদিনৰ?

চলিহাৰ পাহাৰটো সঁচাকৈয়ে পাহাৰ আছিল
নে
? নে এক মানসিক প্ৰাচীৰহে?

কিহৰ ইংগিত আছে ইয়াত? অন্য একোৱেই নাই৷ বৰ কষ্টৰেহে বুজা যায় যে সেয়া এহাল
প্ৰেমাস্পদৰ মাজৰ কথোপকথন৷

কিন্তু এইটো স্পষ্টকৈ বুজা নাযায় যে
সেয়া সঁচাসঁচি নে এক
surreal প্ৰেক্ষাপট৷ লেখকে
কিয় এনে অস্পষ্টতা সৃষ্টি কৰিছে বাৰু
? প্ৰেমিকে কি সাহ গোটাব নোৱাৰিলে? জাত-পাতৰ সীমা, ধৰ্মৰ প্ৰাচীৰ, সংস্কৃতিৰ লেঠা? বিভা-নিভা নামেৰে প্ৰেমিক অসমীয়া বুলি বুজা গল৷ কিন্তু প্ৰেমিকা? ভাষাৰ মাজেৰে তেৱোঁ অসমীয়া যেনেই লাগিল৷ তেন্তে– গাৰ্থিয়া লৰকাই যে কৈছিল– মই এক অশ্বাৰোহী প্ৰেমিক– মই সেইদিনা তাইক তেনে ব্যৱহাৰেই কৰিছিলোঁ, যি ব্যৱহাৰ তাইৰ প্ৰাপ্য আছিল বা তাই বিচাৰিছিল৷ তেনেহলে? কথাটো তেনেকুৱাই নেকি? আচলতে কথাটো কি? শ্বিলঙৰ পোহৰবোৰ আমাৰ চকুত পৰিব আৰু আমি আকৌ চহৰলৈ আমাৰ জীৱনলৈ উভতি
যাম৷
ইয়াৰ মানে কি? বুজা এক প্ৰকাৰ অসম্ভৱ৷

ইমান পৰে গাঁৱৰ-পাহাৰীয়া-নৈসৰ্গিক এক
জীৱন আছিল৷ বিন্দু বিন্দু পোহৰ-এন্ধাৰৰ মাজৰ সৰল গছ-গীটাৰৰ সংগীত-যৌৱনৰ নৃত্য
! বাঃ কি কোমল স্নিগ্ধতা৷ বছৰৰ
স্মৃতি-ৰোমন্থন-বুকুত আপোনজনক লৈ ফুৰাৰ অন্তত অৱশেষত এক নিশ্চিত প্ৰতিশ্ৰুতি
মিলনৰ সম্ভাৱনাৰে এক নৈৰ্ব্যক্তিক মধুৰ সমাপ্তি৷ সিহঁতেও
পাৰিলেগৈ অৱশেষত
! এটা সময়ত হৈ যায়গৈ আৰু কথাবোৰ-কামবোৰ৷ হয়তো অভিমানৰ পাহাৰখনকে খহি পৰিল৷ হয়তো
কোনোবা এটাই আগভাগ ল
লেই কথাবোৰ সহজ হৈ
পৰে-যেনেকৈ পপীয়া তৰা এটায়ো ইচ্ছা পূৰণৰ সংগীত জুৰিব পাৰে-নিজৰ জীৱন নিৰ্বাপিত
কৰিও পপীয়া তৰা এটাই মানুহৰ বিশ্বাসৰ মাজত থিতাপি ল
ব পাৰে৷ পৃথিৱীখন সুন্দৰ কৰিবলৈ কিমান সহজ !

চলিহাৰ পাঠক সেয়ে মানুহৰ উন্নত সংস্কৰণ’– বক্ৰ পথেৰেই সৰল পথৰ সন্ধান– যেন কোনোবা মহাজাগতিক যাত্ৰীহে৷ সাধাৰণ গল্প পঢ়া মানুহক
তেওঁ বুজাই দিয়ে যে জীৱনৰ বহু দিশ থাকে
– তাৰে যিকোনো দিশতে তেওঁ গতি কৰিব পাৰে৷ সাধাৰণ পাঠকক অসাধাৰণ অভিব্যক্তিৰ
দ্বাৰা আলোকিত কৰিব পৰাটো হৈছে চলিহাৰ বিশেষ কৃতিত্ব৷ প্ৰকৃত সমাজহিতৈষী লোকৰ
চৰিত্ৰ এনেহে হোৱা উচিত৷

এটা কাহিনী শুনিছিলোঁ আৰু তাকে ভিত্তি
কৰি (
Dangers from Writers) বুলি এটা লেখা লিখিছিলোঁ৷ এজনী বিধবা৷ দুখীয়া৷ আনৰ ঘৰ সাৰি-মচি ধান-চাউল জাৰি
খায়৷ একমাত্ৰ ল
ৰাটো পঢ়াত চোকা৷
বাপেক
, সি সৰুতে ঢুকাল৷
গাঁৱৰ মানুহে মাকক সা
ন্ত্বনা দিয়েপঢ়ি-শুনি উঠি চাকৰি এটা পালেই তোৰ আৰু সমস্ত দুখ-যন্ত্ৰণাৰ
অৱসান ঘটিব৷

ৰাই মেট্ৰিক পাছ কৰিলে৷ গাঁৱৰ মানুহে তাক পইচা-পাতি তুলি
কলেজত নাম লগাই দিলে৷

কলেজো সি ভালদৰে পাছ কৰিলে৷ গাঁৱৰ
মানুহে তাক এতিয়া এৰি দিলে
– ইমানদিনে
তোক চালো
; এতিয়া চাকৰি এটা
গোটাই ল
’, বুঢ়ীমাৰৰ দুখ পাতল
কৰ৷

চাকৰিৰ বাবে সি প্ৰতিদিনে তাঁত-বাতি
কাঢ়িবলৈ ধৰিলে৷ নাপায়হে নপায়৷ দৰ্খাস্ত কৰোঁতে কৰোঁতে সি উপান্ত হ
ল৷ কৰবাত টকা
দিব লাগে
– ৰবাত বিনা বেতনে কাম কৰিব লাগে!

তিক্ত-বিৰক্ত-বিতুষ্ট হৈ সি ঘৰতে বহি
থকা হ
ল৷ মাকক কলে– এইবিলাক কৰি
একো লাভ নাই বুজিছ
– ছুইচাইডহে কৰিম
এতিয়া৷

অশিক্ষিত বুঢ়ীয়ে কলে– কৰ তেনেহলে সেইটোকে৷ কিবা এটাতো কৰ৷ ডেকা লৰা এটা এনেকে থাকে নেকি? মই আৰু কিমান আনৰ লেদেনা উকটিম?

সেইটোকে কৰ-সেইটোক কৰ বুলি কৈ কৈ
বুঢ়ী এদিন শুই থাকিল৷ পুৱা পুতেক বহুত দেৰিলৈকে শুই নুঠা দেখি বিচাৰি বিচাৰি দেখে
যে
সি ওলমি আছে’–

সি আত্মঘাতীহে হলগৈ– অতবোৰৰ মূৰত !

সভাগৃহ কাঁহ পৰি জীণ গল৷ গল্প লেখকক প্ৰশংসাৰে উপচাই পেলোৱা হল৷ আকৌ আৰু তেনে গল্প লিখিবলৈ খাটনি ধৰা হ– এনেকুৱা চকু
পানীৰ বন্যা সৃষ্টি কৰিব পৰা সাহিত্যইহে আমাক সমৃদ্ধ কৰিব৷

প্ৰশংসাৰ ফুলজাৰিৰ অন্ততঃ মোৰ মনত
প্ৰশ্ন হ
অত কষ্ট কৰি সি কেৱল চাকৰি কৰিবলৈহে বিচাৰিলে? অশিক্ষিতা মাকজনীৰ জীৱন
সংগ্ৰাম কি সি নুবুজিলেই
! আমাৰ সমাজ তথা শিক্ষা ব্যৱস্থাই তাক আত্মহত্যাৰ পথহে
দেখুৱালে
!

এইজন কি গল্পকাৰ ? সংগ্ৰামে আৰু শিক্ষাই মানুহক
দুৰ্বল-লেহুকা-ঠুনুকাহে কৰে নেকি
? এইবোৰ তেওঁ কি দেখুৱালে? এওঁ আচলতে সমাজৰ কাৰণে বিপদহে৷

চলিহা তেনেকুৱা নহয়৷ চলিহা
বুদ্ধিমান৷ চলিহা সঠিক চিন্তক৷ চলিহাই মানুহক আত্মহত্যাৰ ফালে নিনিয়ে৷ এক
ৰহস্যময়তাৰে হ
লেও তেওঁ  জীৱনক তুলিহে ধৰে৷ He upholds life.

এই ৰহস্যময়তাৰে চলিহাৰ সাহিত্যকৃতি
বৈভৱময়৷ এনে পৰিস্থিতিত পাঠকৰ লগত লিখকৰ সংযোগ স্থাপন হয় নে বাৰু
?…হয়; পাঠকে উদ্গণি পায় ভাবিবৰ বাবে৷ কোনো পাঠকেই নিবিচাৰে যে তেওঁ বুৰ্বক বুলি
চিনাক্ত হওক৷

চলিহাই নিজেই কয় যে যাদুকৰ এজনে মুখৰ
পৰা অনৰ্গল ৰছী এডাল উলিয়াই থকা দেখি তেওঁ বৰ আমোদ পায়৷ সেয়ে চাগে
তেওঁৰ লেখাত তাৰে প্ৰতিফলন আমি দেখো৷

বামুণীমৈদামৰ ফুড কৰ্পৰেশ্যন অব ইণ্ডিয়াৰ গুদাম৷ শাৰী শাৰী– বহুত৷ তালৈ অসমৰ বাহিৰৰ পৰা খাদ্যবস্তু– মানে চাউল-দাইল-আটা-ময়দা আদি আহে৷ ট্ৰাকত উঠি সেইবোৰ সুলভ
মূল্যৰ দোকান বা য
লৈ যাব লাগে তালৈ
গুচি যায়৷ আমি সেইবোৰ নেদেখোঁ-নাভাবোঁ৷ আমাক খাবলৈ লাগে
– খাবলৈ পালেই হল৷

চলিহাই লিখিলেহেঁতেন– (এইটো দৰাচলতে মোৰ ক্ষেত্ৰত ঘটা এটা সঁচা ঘটনা)

নুনমাটিৰ পৰা মই গাড়ীত-চানমাৰীৰ
অফিচলৈ যাম
– যাওঁতেই দেখি
গৈছিলোঁ এটা জুম
মানুহৰ উত্তেজিত
চিঞৰ-বাখৰৰ
– এতিয়া ঘূৰোঁতে
দেখিছোঁ কেইবাজনো খাকী পোছাকৰ লাঠী লোৱা মানুহ
– এখনৰ পিছত এখন ট্ৰাক শাৰী পাতি চানমাৰী অভিমুখেনুনমাটি থানাৰ ফালেহে যাব লাগিছিল– এইটো নুনমাটি থানাৰহে এলেকা– যাওঁতেই শুনাচাউল চুৰি হৈছে– তেনেহলে সেইফালে কেলেই– যাহওক, ট্ৰাককেইখন
আগবাঢ়িল
– ৰাস্তাৰ ভিৰ কমিল– মই সোনকালে অফিচ পাবগৈ লাগে– ইমান ভীৰ-হট্টগোল– সদায় সদায় নোৱাৰি আৰু– ভিৰৰ ঠাই
পাৰ হৈ যাওঁতে দেখো খাকী পোছাকধাৰীৰ সংখ্যা দেখোন কমিল
– কি হ, ট্ৰাকতে উঠি গল নেকি?–নুনমাটি থানালৈহে
যাব লাগিছিল
কিন্তু সেইবোৰ মোৰ
কি চিন্তাৰ বিষয়
– মই ট্ৰাকৰ পিছে
পিছে
– ফুটা বস্তাৰ পৰা
ট্ৰাকৰ ডলাৰ ফাঁকেৰে চাউল পৰি গৈ আছে
ইমান কষ্টৰ খেতি-ধান কটা-মৰণা মৰা-ধান বনা-জৰা-বা দিয়া-বস্তাত ভৰোৱা-ইমানদূৰ
অহা-টকা-পইছা খৰচ
– মানুহৰ খাবলৈ নাই– এতিয়া চাউল ৰাস্তাত পৰিবলৈহে নেকি?–চানমাৰী থানাত গৈ কম নেকি যে বস্তু ফুটি চাউল পৰিছে– হাৰিয়ানা, পাঞ্জাব, উত্তৰ প্ৰদেশৰ পৰা
আহিছে
– তাতহে ইমান খেতি হয়– আমাৰ ১৯৬৬ চনৰ খাদ্য আন্দোলনধৰ্ণা, অসম বন্ধ, প্ৰতিবাদ, শ্লোগান, হৰতাল নেওচি এতিয়া সেইবোৰ ঠাইৰ চাউল ইয়াত– আমাৰ ভাতৰ কাঁহীত– আন্দোলন অথলে গ– আমাৰ সাৰুৱা মাটিত ধান নগজিল– গজিল আন্দোলনতাত খেতি-Minimum Support price-পুতেকক অষ্ট্ৰেলিয়াত পঢ়ায়, খেতিয়কজনৰ ১০ খন টেক্টৰ- ১০০ বিঘা মাটিৰ খেতি-কম কাপোৰ পিন্ধা মেলবৰ্ণৰ ছোৱালী
দেখি সুৰাৰ ৰাগীত হুইছেল মাৰি জেলত
– হুইছেলটো
এতিয়া ইয়াত বাজিল
– চানমাৰী পুলিচ
পইণ্টত
ট্ৰাককেইখন দেখোন
জু ৰ
ড অভিমুখে– মই চাউলৰ পিছে পিছে– খেতিয়ক বাপেক Qantas Airlines-অত উঠি গৈছে পুতেকৰ জামিন লবলৈ– দহ হাজাৰ
অষ্ট্ৰেলিয়ান ডলাৰ
– উকীলৰ ফিজ– ভাৰতীয় দৰ্শনৰ বাণী শুনাইছে পুতেকক– পুত্তৰ, এইচা না কিয়া কৰ’– লড়কী কমাতা জেইচা চমঝ’– দিল্লীত ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সংবাদ মেল– ভাৰত অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক দৃঢ়– গাড়ী গৈ খানাপাৰাত৷ তেতিয়াহে দেখিছো খাকী কনিষ্টবল ট্ৰাকৰ
পৰা নামিল
, হাঁহি হাঁহি– ট্ৰাক গুচি গ– চাউলখিনি নিৰাপদে
নিৰাপদ ঠাইত থৈ খাকী পোছাক পৰিধানকাৰী এইবাৰ ৰাস্তাৰ সিফালৰ শুল্ক
বিহীন মদিৰাৰ সন্ধানত ৰাস্তা জঁপিয়াই পাৰ হৈ গল৷

সেই হাঁহিটোতহে মই তাক চিনি পালো সেই
খাদ্য আন্দোলনৰ অগ্ৰণী নেতা সক্ৰিয় কৰ্মীজন-পুলিচৰ লাঠীৰ কোবত ওৰে জীৱনৰ বাবে
ঘূণীয়া হোৱা-কেইদিনমানৰ আগতে ঢুকাল-সি সেই তেওঁৰেই সুযোগ্য সন্তান৷

কলপুলি নোপোতাকৈ– আমডালি নলগোৱাকৈ-ৰঙা ফিটা কটাৰ কাৰবাৰটো নকৰাকৈয়ে এইজনাই
মনৰ ঘোঁৰা মেলি দিয়ে
– কেৱল লেকামডাল হাতত
ৰাখে৷

আমি স্কুলত থাকোঁতে পাণিনিৰ ব্যাকৰণবুলি কথা এটা শুনিছিলোঁ– বি পূৰ্বক
ঘ্ৰা ধাতু(
?) অৰ্থাৎ ব্যাঘ্ৰ
অৰ্থাৎ বাঘে ঘ্ৰাণ লৈহে ভক্ষণ কৰে-গতিকে বাঘৰ সমুখত পৰিলেও তাৰ পৰা তাৎক্ষণিক বিপদ
নাই৷ বাঘ এটা অহাত বোলে পাণিনিয়ে সেইটো সঁচা নে মিছা তাৰ প্ৰমাণ চাবলৈ ৰওঁতেই বাঘে
তেওঁক খাই পেলালে৷

সেই তুলুঙা কথা আমাৰ শিক্ষকেও কলে, জ্যেষ্ঠজনেও কলে৷ আমি তেনেকৈয়ে
জীৱন অতিবাহিত কৰিলো৷

কিন্তু এতিয়া ঋষি ৰাজপপাট নামৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত
গৱেষণাৰত ২৭ বছৰীয়া ডেকা গণিতজ্ঞ এজনে ২৫০০ বছৰৰ পুৰণি পাণিনিৰ ভাষাতত্ত্বৰ মাজত
সোমাই থকা এটা
algorithm decode কৰিছে যাৰ
দ্বাৰা আজিৰ অত্যাধুনিক কম্পিউটাৰক ভাষা শিকাব পাৰি
যিটোক আজিকালি Machine Learning বুলি কয়– যিটোৱে এটা
শব্দৰ পৰা সীমাহীন অনন্ত শব্দ তথা শব্দশৃংখল সৃষ্টি কৰিব পাৰে
– যিটোক এতিয়া– being hailed as the greatest discovery
of mankind

আমাৰ চলিহাও এনেকৈ লুকাই থকা কথাৰ
পয়োভৰত সমৃদ্ধ লিখনিৰ স্ৰষ্টা৷ পূৰ্ণিমাৰ চাঁদ যেন ঝলচানো ৰুটিও হ
ব পাৰে বা জিলমিল জোন জ্বলে কপালতো হব পাৰে৷ The meaning lies in the eyes of the
beholder

সাহিত্যৰ চিৰাচৰিত আভৰণ-অলংকাৰ তেওঁৰ
পাথেয় নহয়৷ মানে তেওঁ এনেকুৱা ভাষা নিলিখে

অটব্য অৰণ্য ফালি, মালভূমিৰ বুকু ভেদি, সমভূমিৰ সেউজী কামনাক চুই চুই, বিহবল বেপথু এখন নদী, ভৰুণ গাৰে, কুলুকুলু ধবনি তুলি উৰ্মিমুখৰ সাগৰৰ সুনীল চপলতাৰ বুকুত লীন যাবলৈ যুগ যুগ ধৰি
ঢপলিয়াই আহিছে…

তাৰ পৰিৱৰ্তে চলিহা যেন নিতান্তই ধাত৷ কল্পনাৰ উৎপাততকৈ বাস্তৱতাৰ
নিৰ্মম ব্যঞ্জনাহে যেন তেওঁৰ কাম্য৷ সেয়ে অশান্ত ইলেকট্ৰনত তেওঁ অস্থিৰ সময়
– অস্থিৰ চিন্তাঅস্থিৰ মত– অস্থিৰ স্থিতি, এই সকলোবোৰ এটা পৰিয়ালৰ মানুহৰ মাজৰ পৰিস্থিতিৰেই বুজাইছে৷
ইয়াত ফুল-তৰা-গানৰ অৱকাশ ক
? চলিহাই শব্দৰ অলংকাৰেৰে তেওঁৰ লেখনিৰ মেদ বঢ়োৱা নাইবিষয়টোৰ গভীৰতা বুজাইছে বাস্তৱ বৰ্ণনাৰ চাতুৰ্থ্যৰে৷

এই ধৰণৰ কথাৰ পৰা বহুতে চলিহাক
নগৰীয়া মধ্যবিত্তৰ অস্থিৰাততে সীমাৱদ্ধ বুলি ক
বলৈ প্ৰয়াস কৰে৷ এই কথাটো অবৈধ বিদেশী নাগৰিক বহিষ্কৰণৰ
দাবীত হোৱা অসম আন্দোলনটোক প্ৰফুল্ল-ভৃগুৰ নেতৃত্বৰ আঁৰত অসমীয়া মধ্যবিত্তৰ
স্বাৰ্থ ৰক্ষাৰ আন্দোলন বুলি কোৱাৰ নিচিনা কথা৷ অবৈধ বিদেশীয়ে
গুৱাহাটী-তেজপুৰ-ডিব্ৰুগড়-যোৰহাটৰ মানুহৰ মাটি গ্ৰাস কৰা নাই৷ কৰিছে
লংকা-ডবকা-হোজাই-নীলবাগান-গোৱালপাৰা-বৰপেটা
– আদি অসংখ্য ঠাইৰ হোজা গাঁৱলীয়া জনজাতীয়-থলুৱা মানুহৰ মাটি৷
অবৈধ বিদেশীৰ আগ্ৰাসন-মাতব্ব
ৰিতা-সংখ্যাধিক্য-হিংস্ৰতাৰ সমুখত অসমৰ বহুত ভিতৰুৱা অঞ্চলৰ
থলুৱা মানুহ প্ৰায় সম্পূৰ্ণৰূপে বিতাড়িত হৈছে৷ লাহৰীঘাট-ৰূপহী-জুৰীয়াৰ মানুহৰ হৈ
মাততো গুৱাহাটী-ডিব্ৰুগড়ৰ মানুহেই মাতিব লাগিব
! পাঠকৰ সীমাৱদ্ধতা লেখকৰ সীমাৱদ্ধতা হব নোৱাৰে৷

চলিহাই এই ইংগিতকে দিয়ে তেওঁৰ লিখাৰ
যোগেদি৷ সকলো মানুহেই কিবা নহয় কিবা অস্থিৰতাত আক্ৰান্ত৷ ই কেৱল আধুনিক নগৰীয়া
জীৱনৰেই অভিশাপ নহয়৷ নগৰীয়া অস্থিৰতা আজি গাঁৱত বিয়পি পৰা নাই জানো
?

বুদ্ধদেৱে পত্নী আৰু সন্তানক এৰি
গৃহত্যাগ কৰি ক
লৈ গৈছিল? দক্ষিণ ভাৰতলৈ? জম্বুদ্বীপৰ বাহিৰলৈ? চীনলৈ? জাপানলৈ? কামৰূপলৈ?

নাই, লৈকো যোৱা
নাছিল৷ তেওঁ বিহাৰ-নেপালৰ তৰাই অঞ্চলতে ঘূৰি ফুৰিছিল৷ তাৰ মানুহৰ মাজতে তেওঁ সত্যৰ
সন্ধান কৰিছিল৷ চলিহায়ো নিজৰ মানুহৰ মাজতে বিশ্বদৰ্শন কৰিলে৷ হাঁহিচম্পা গল্পটোত
অত্যন্ত সাধাৰণ ধৰণেৰেই তেওঁ এজনী ছোৱালীৰ এটা
Medical
Condition-অ
ৰ কথা কলে– যিটো ভিন্ন
ধৰণে পৃথিৱীৰ সকলোতে ঘটে৷ মোৰ এজন চিনাকি সাংবাদিকৰ সোঁ ভৰিত বিষ এটা হ
ল৷ মাহৰ পাছত মাহ ধৰি পৰীক্ষা কৰাই-দৰব খায়ো একো ভাল
নাপালে৷ বেমাৰ হিচাপে একো নোলায়৷ অৱশেষত ওলালগৈ যে মগজুৱেহে ভুল ছিগনেল দি আছে
– তেওঁ ভৰিৰ বিষ হোৱাই নাই৷

মানুহৰ দেহটো এটা যন্ত্ৰহে মাথোন৷
যন্ত্ৰত বিজুতি থাকিবই পাৰে৷ মগজুৰ ভাৰসাম্যহীনতাও এটা তেনেকুৱা কথাই৷ পাগল বুলি
কোনো কথা নাই৷ মানুহজনে কি কৰিব
? হাঁহিচম্পা নামৰ গাভৰু ছোৱালীজনীয়ে কি কৰে বাৰু এতিয়া ? বিয়া কৰায়ো গিৰীয়েকক তাই দেহটো
চুবলৈ দিব নোৱাৰে
– তাই নিজে নিজৰ
যৌনতা উপভোগ কৰিব নোৱাৰে
! কি Tragic

চলিহাই একেকোবেই সকলোকে সতৰ্ক কৰি
দিয়া নাইনে বাৰু যে
– খবৰদাৰ, কাকো নাহাঁহিবা !

এই বিজ্ঞানমনস্কতা চলিহাৰ প্ৰতিটো
লিখনিতে
– পদে পদে বিদ্যমান৷
সেয়ে তেওঁ বিশ্ববিখ্যাত বিজ্ঞান লিখক আৰ্থাৰ চি ক্লাৰ্কৰ ফেন ক্লাব্ গঢ়িছিল
– কাৰণ ক্লাৰ্কৰ নিচিনাকৈ চলিহায়ো বিশ্বাস কৰিছিল যে
বিজ্ঞানেহে মানৱ জাতিক তৰাব
– অভাৱ, বিদ্বেষ আৰু হিংসাৰ পৰা মানৱ জাতিক মুক্তি দিব পাৰিব
একমাত্ৰ বিজ্ঞানেহে৷ বিজ্ঞানৰ সমুখত চূড়ান্ত প্ৰত্যাহ্বান হৈছে
– মানুহক সভ্য প্ৰাণীলৈ ৰূপান্তৰ ঘটোৱা৷

চলিহাৰ সকলো লিখনি এই দৰ্শনৰ দ্বাৰা
পৰিচালিত৷ কিন্তু অসমৰ পাঠক সমাজ ইমান পূৰঠ নহয়৷ সেয়ে চলিহাই প্ৰায়ে সহজ পৰিৱেশ
উপস্থাপন কৰে আৰু অলপ ভাবি চালেই কিহলৈ টোঁৱাইছে বুজি পোৱাকৈ লিখে৷ তথাপি তেওঁৰ
লিখনিত পদাৰ্থবিদ্যাই কিছু অহেতুক ঠাই অধিকাৰ কৰিছে যিটোৱে লিখনিৰ ৰসগ্ৰাহীতা
ক্ষুণ্ণ কৰাই নহয়
, বহুত সম্ভাৱনাময়
পাঠকক আঁতৰায়ো পঠাইছে৷

তদুপৰি ফ্ৰয়ড, কাফকা আদি পঢ়াৰ কাৰণেই হওক বা শ্বালৰ্ক হমছ, আগাথা ক্ৰিষ্টি, জৰ্জেই চিমিয়নি আদি
পঢ়াৰ কাৰণেই হওক বা লিখনিত ৰহস্যময়তাৰ আবুৰ দিবৰ কাৰণেই হওক
, চলিহাই বহুত ক্ষেত্ৰত দুৰ্বোধ্যতাৰ কোঠালিত নিজেও সোমায় আৰু
পাঠককো সোমাবলৈ বাধ্য কৰে৷
There is no easy ride with SKC. He is a compulsive literary tyrant– a
cerebral Wordsmith– signifying nothing or an ocean of worlds
৷ তেওঁৰ চিন্তাহীনতাঠিক তেনে এটা লেখা; ত যে
ৰজনীকান্তৰ মিৰিজীয়ৰীৰ পানেই-জংকিৰ লগত ৰসৰাজৰ জয়মতীৰ ডালিমী সংযোজিত কৰিছেগৈ
– এক বেখাপ্পা সৃষ্টি৷

চলিহাৰ ভাবটো এনে যে কিতাপ-কাগজৰ
শব্দৰ মাজেৰে পাঠক এখন একান্ত নিজৰ জাগতলৈ গতি কৰে
– হয়তো নতুন কাহিনীৰ জন্ম হয়– পানীৰ পৰা মাটি পায়– ভাতৰ পৰা আকাশ পায়– মানুহৰ পৰা মাছ পায়গৈ– মুঠতে এক ভাববিলাসৰ সাগৰৰ জন্ম হয়৷ এই অনুভৱ কেৱল কিতাপ
পঢ়া মানুহেহে বুজি পাব পাৰে৷ পাঠক সংবেদনশীল হ
ব লাগিব৷ অনেক লেখক-অনেক পাঠকৰ জীৱনত এনে ঘটনা ঘটে৷ কিন্তু, চলিহাৰ ক্ষেত্ৰত এই কথা অলপ বেছিকৈ ঘটে৷ কাৰণ তেওঁৰ মন
অজস্ৰ অধ্যয়ন
– অজস্ৰ চিন্তন– অজস্ৰ permutation-combination-এৰে বিধৌত হৈ থাকে৷ নহলেনো কামাখ্যাৰ ওচৰৰ ৰাস্তা বহলাবলৈ, ওচৰৰ পাহাৰৰ শিল-বিস্ফোৰণৰ কথা, দক্ষিণ আমেৰিকাৰ বলিভিয়া বা চিলি আদি দেশৰ গৰিলা
যুদ্ধ-বোমা-বিস্ফোৰণৰ কথাৰ মাজলৈ অৱলীলাক্ৰমে কেনেকৈ সোমাই যাব পাৰে (পৰিবাহিত)
? সাধাৰণ পাঠকে কেনেকৈ তৎ ভৎ পাব
ৰ পৰা কলৈ তেওঁক নিয়া হৈছে ?

এই কাম যিকোনো লেখকে কৰিবও নোৱাৰে৷
চলিহাই পাৰে কিয়নো তেওঁ বিচৰণ কৰা জগতখনৰ সকলো কথা এক অদৃশ্য সূতাৰে গঁঠা৷ কিন্তু
সকলোৰে কাৰণে চলিহা সহজবোধ্য বা সহজপাঠ্য নহয়৷ চলিহা পঢ়িবলৈ সেই কাৰণে প্ৰস্তুতি
লাগিব
, যেনেকৈ নীলমণি
ফুকনক পঢ়িবলৈ মৃদুল হালৈয়ে লিখা এখন কিতাপৰ নিচিনা কিতাপ লাগিব৷ নহ
লে হঠাৎ ভাস্কপপা বা ষ্ট্ৰুগাৰ কবিতাৰ মাজলৈ মানুহ কেনেকৈ সোমাব?

তথাপি বহুত কবিতাৰ নিচিনাকৈ চলিহা
ইমান দুৰ্বোধ্য নহয়৷ কাৰণ তেওঁৰ ইংগিতময়তাই বহুত ৰহস্যৰ আভৰণ গুচায়েই দিয়ে৷ এই
ইংগিতময়তাৰ এটা প্ৰকৃষ্ট উদাহৰণ হ
–‘উমাচলপুৰৰ ডাক বাকচনামৰ গল্পটো৷ এক আশ্বৰ্যজনক সাহিত্যিক দক্ষতাৰে চলিহাই
ইয়াত ব্যক্তি আৰু ৰাষ্ট্ৰক মুখামুখিকৈ থিয় কৰাই দিছে
– ৰাষ্ট্ৰক ব্যক্তিৰ সমুখত জবাবদিহি কৰি দিছে৷ নিচেই সাধাৰণ
তলী ফুটা ডাক বাকচটো হঠাৎ হৈ পৰিছে ৰাষ্ট্ৰৰ প্ৰতীক
– যি ৰাষ্ট্ৰৰ ফোঁপোলা স্বৰূপ মাটিয়ে পানীয়ে পৰি থকা
চিঠি-পত্ৰবোৰে দেখুৱাই দিছে
; যি বিশ্বাস-সততা-আস্থাৰে নাগৰিকে ৰাষ্ট্ৰযন্ত্ৰক বিশ্বাস কৰে, সেই ৰাষ্ট্ৰযন্ত্ৰই কিমান নিৰ্লিপ্ততাৰে তাক ধূলিস্যাৎ কৰি
দিয়ে তাৰ এক দুখজনক ছবি৷

এই বাহাদুৰি আমি ভূপেন হাজৰিকাৰ গীতত
পাওঁ
শৈশৱতে, ধেমালিতে তোমাৰে ওমলা মনত আছে– গীতটোত৷ প্ৰথমৰছোৱা প্ৰেম-বাসনাৰ কথা কৈ কৈ হঠাৎ কৈ দিলে

বহুদিন হল সিদিনা হঠাৎ তোমাক দেখা মনত আছে

আঁতৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণ গহনা
জিলিকিছে

জীয়াই থাকি এখনি সমাজ গঢ়িবৰ (বাবে)
মোৰ পণ আছে

ত সোণতকৈও মানুহৰ দাম অলপ হলেও বেছি আছে

হঠাৎ ব্যক্তিপ্ৰেমৰ উত্তৰণ ঘটিল আৰু
ই হৈ পৰিল সমাজ প্ৰেম-দেশপ্ৰেম তথা মানৱ প্ৰেম৷

বিন্দুত সিন্ধু সৃষ্টি কৰিব পৰাৰ এই
ক্ষমতা চলিহাৰ বহুত লেখাত আমি দেখো৷

বিভিন্ন কথাৰ ওপৰত ভিত্তি কৰি এই
গল্পটোক মোৰ চলিহাৰ সৰ্বশ্ৰেষ্ঠ গল্প বুলি ক
বৰ মন যায়৷ ইয়াত আনকি P.G. Woodhouse-অBritish
Dry humour
বা Satire-ও অতি নান্দনিকভাৱে প্ৰকট হৈছে৷

এখন চিঠিৰ ঠিকনা– শ্ৰী উদ্ধৱ কুমাৰ, মহেন্দ্ৰ উকীলৰ ঘৰৰ পাছপিনে, ভৰলুমুখ, গুৱাহাটী৷

যৌনতাই চলিহাৰ লিখনিত আশ্চৰ্যজনকভাৱে কোনো
গুৰুত্বপূৰ্ণ স্থান পোৱা নাই৷ প্ৰেম-প্ৰেমৰ স্পৰ্শ-প্ৰেমৰ ৰোমাঞ্চ
– যৌৱনোদ্দীপক মাদকতা, নাৰীৰ দেহবল্লৰীৰ শোভা– এই সকলোবোৰ তেওঁৰ লিখনিত Conspicuously অনুপস্থিত৷ এক ধৰণৰ ব্যংগ-উপহাস বা নিতান্তই ঘৰুৱা
শব্দশৃংখল আৰু হয়তো কোনো ক্ষেত্ৰত ধাতৱ বৰ্ণনাৰেই তেওঁ খোজ  দিয়ে৷ তাৰেই তেওঁ বুজাই দিয়ে যে তেওঁ আমাক
ফুলনিত খোজ কাঢ়িবলৈ নিয়া নাই
, নিছে মানুহৰ ফালেহে-তাকো পোনপটীয়াকৈয়ে৷ পাঠকে বুজিব লাগিব৷

কেতিয়াবা দুজন ব্যক্তিৰ কথোপকথনেৰেই
তেওঁ একোটা লেখা বা গল্পৰ শৰীৰ-আত্মা সকলো নিৰ্মাণ কৰে৷ মাজতে ৰৈ কাকো একো বুজোৱাৰ
কোনো তাগিদা তেওঁ অনুভৱ নকৰে৷ সেইবোৰলৈ তেওঁৰ আপাততঃ ভ্ৰূক্ষেপেই নাই৷ পাঠকৰ
অসমৰ্থতাক সমৰ্থ কৰিবলৈকো তেওঁ যেন দায়বদ্ধ নহয়৷ অসমৰ স্বনামধন্য শিল্পী প্ৰসেনজিৎ
দুৱৰাই ক
বৰ দৰে– মই তোমাক সুধি সুধি ছবি আঁকিম নেকি? মোৰ ছবি বুজিবৰ ক্ষমতা আহৰণ কৰাটো তোমাৰ কাম৷

কিন্তু চলিহা সিমান উদাসীনো নহয়৷
সেয়ে তেওঁ অদাহ্য চিনেমাখনৰ পৰিচালিকা সা
ন্ত্বনা বৰদলৈক প্ৰশংসা কৰে (এখন নেদেখা
ছবি)
; কাৰণ চিনেমাখনৰ
শ্বুটিঙৰ সময়ত ৰাতি জেনেৰেটৰ চলাব লগা হোৱাত এজন পৰীক্ষাৰ্থী ছাত্ৰৰ পঢ়াত ব্যাঘাত
জন্মিছে বুলি গম পাই তেওঁ শ্বুটিঙৰ ঠায়েই সলনি কৰি পেলাইছিল৷ সৃষ্টিৰ প্ৰক্ৰিয়াত
সততা আৰু পাৰিপাশ্বিৰ্কতাৰ প্ৰতি সংবেদনশীলতা নাথাকিলে সি মহৎ সৃষ্টি হ
ব নোৱাৰে বুলি তেওঁ বিশ্বাস কৰিছিল৷ সেয়ে পৰাপক্ষত লিখিবলৈঅহা কোনো অনুৰোধকে তেওঁ উপেক্ষা নকৰিছিল৷ যিমান পাৰি চাই-চিতি ভালকৈয়ে লিখি
দিছিল৷ ৰাস্তা-পথ-পন্থা-মাৰ্গ-
End & Means সকলো তেওঁৰ বিচাৰত
বিদ্যমান৷

কিন্তু চলিহাই কৰে কি? তেওঁৰ লেখাৰ আঁক-পাকবিলাক যে কেৱল তেওঁৰেই নহয়; তেওঁৰ সময়ৰো অৱদান৷ তেওঁৰ আটাইতকৈ formative সময়ছোৱাত তেওঁ পশ্চিমীয়া ভাল ভাল চিনেমাৰ প্ৰভাৱত পৰিছিল৷ Cinematic
Language
ত অলপ ইংগিতেৰেই বহুত কথা কব পাৰি৷ চলিহাৰ লেখাত এই কথা স্পষ্ট৷ জাঁ লুক গদাৰৰ দৰে চিনেমা নিৰ্মাণৰ
ব্যাকৰণ সলনি কৰি দিয়া চিত্ৰনিৰ্মাতাৰ
jump cut-hand held camera-jerk
as a part of the narrative-beginning anywhere except at the beginning-
সকলোবোৰ চলিহাৰ লেখাত আমি পাওঁ৷

দ্বিতীয় মহাসমৰৰ পিছৰ পৰাই পৃথিৱীত
বিজ্ঞান-প্ৰযুক্তি-প্ৰগতিৰ যি শোভাযাত্ৰা আৰম্ভ হ
ল তাৰ বতাহে চলিহাক বাৰুকৈয়ে কোবালে৷ তাতে কোৱাণ্টাম তত্ত্বমহাকাশ যুগকম্পিউটাৰ
বিপ্লৱ
– Euro Communism-Cuban Missile Crisis-Arab Israel War আদি বহুত কথাৰ লগত চলিহাৰ পোনপটীয়া স্পৰ্শ ঘটিছিল৷ তাতে
তেওঁ আছিল প্ৰখৰ মেধাৰ মানুহ৷ গতিকে তেওঁ এজন পৰিৱৰ্তিত অথবা পৰিৱৰ্তনকামী মানুহ
হৈ পৰিছিল৷ কিন্তু তেওঁ ইমানেই এজন পৰিপক্ব মানুহ আছিল যে তেওঁ যেন আকাশৰ পৰা
সকলোবোৰ নিৰীক্ষণ কৰিব পাৰিছিল৷ ১৯৩৭ চনত
Grand Illusion নামৰ এখন চিনেমা নিৰ্মাণ কৰিলে ফৰাচী চিত্ৰ নিৰ্মাতা জাঁ
ৰেণোৱাই
; যুদ্ধৰ
বিভীষিকা-নৃশংসতাৰ বিৰুদ্ধে৷ মানুহে ভাবিলে পৃথিৱীত আৰু যুদ্ধ নালাগিবই আৰু
! কিন্তু ১৯৩৯ চনত দ্বিতীয়
মহাযুদ্ধ আৰম্ভ হৈ গ
ল৷

গতিকে কেৱল চিনেমা আৰু সাহিত্যই
বাস্তৱতা ৰোধ কৰিব নোৱাৰে বুলি চলিহা পতিয়ন গ
ল৷ লেখকসকলো সক্ৰিয় হব লাগিব বুলি তেওঁ নিজেও বহুত ক্ষেত্ৰত সক্ৰিয় হল৷ লগতে তেওঁ এইটোও বুজিলে যে লেখক-শিল্পীয়ে বৰ্তমানত কোনো
কথাৰ কোনো সমিধান দিব নোৱাৰে৷ ১৮১২ চনত নেপোলিয়নে ৰাছিয়া আক্ৰমণ কৰিলে
– তেওঁৰ লাখ সৈন্য নিধন হ– নেপোলিয়ন পৰাস্ত
ল৷ তাৰ ৫০ বছৰৰ পাছতহে, ১৮৬৯ চনতহে
টলষ্টয়ৰ
যুদ্ধ আৰু শান্তিলিখা হল৷ ১৯১৭ চনত
ৰুছ বিপ্লৱ হ
ল৷ তাৰ সফলতম
প্ৰতিচ্ছায়া পৰিল বৰিছ
¸ পেষ্টাৰনেকৰ ডাঃ ঝিভাগোত ১৯৫৭ চনত৷ তেনেকৈ অসম আন্দোলনবা অসমৰ সন্ত্ৰাস-যুগৰ ওপৰতো প্ৰকৃত আলোকপাত একবিংশ শতিকাৰ দ্বিতীয় দশকমানতহে
কৰিব পৰা যাব৷ চলিহাৰ ইতিহাস ধাৰণা (
sense) তেনে ধৰণৰ৷

এনে বিহংগম দৃষ্টি অসমীয়া লেখকৰ মাজত
প্ৰায় নায়েই৷ এইটো পৰ্যায়ৰ মানুহৰ কথা সৰ্বসাধাৰণে বুজাত অলপ অসুবিধা পোৱাটো
স্বাভাৱিকেই৷

ভালবাপুৰ ভাৱনাএনে এজন বুদ্ধিদীপ্ত লেখকৰ সৰস সৃষ্টি৷

মাক শয্যাগত-অসুখীয়া-মৰণৰ প্ৰায়
দুৱাৰদলিত৷ পুতেকৰ বিয়া কৰোৱাৰ বয়স পাৰ হৈ গৈছে৷ তথাপি মাকৰ শেষ ইচ্ছা যে পুতেকৰ
বিয়াখন চাই যাব৷ আনহাতে পুতেকৰ বিয়া-বাৰুত সোমাবৰ মন নাই৷ সংসাৰৰ জঞ্জালত নোসোমায়৷
দুয়ো নাচোৰবান্দা৷ মাক-পুতেক দুয়োটা সাংঘাতিক অশান্তিত৷ সম্বন্ধত লেখক পুতেকৰ ককায়েক৷
ভায়েকে ঠেনঠেনাই থকাত ককায়েকে উপদেশ দিছে
– ‘নিৰুক দুদিনমান (নিৰু হল সম্পৰ্কীয় নবৌৱেক) বোৱাৰীৰ অভিনয় কৰিবলৈ ক৷ যিহেতু জেঠায়ে চকুৰে ভালকৈ নেদেখে, চলি যাব৷সেইটো দিহাৰে নিসিজাত– hologram-অৰ সহায়েৰে virtual reality-ৰ সহায়েৰে
এটা
make believe situation সৃষ্টি কৰিবলৈ কলে– কাৰণ গোটেই পৃথিৱীখনেইতো আচলতে এটা make
believe
কথা–illusion-হে৷ চলিহাই এইটো কম কথা কোৱা নাই৷ সেইটোৱেও কাম নিসিজাত কলে– ‘তই নিজৰ মতত অৰ্থাৎ স্বধৰ্মত অটল থাক অৰ্থাৎ তই বিয়া নাপাতিবি৷ আৰু জেঠাইকো
নিজৰ মতত অৰ্থাৎ স্বধৰ্মত অটল থাকিবলৈ দে৷ তোৰ অৱশ্যে স্বধৰ্ম আৰু এটা আছে দেই
– পিতৃ-মাতৃক সন্তোষ দিয়াটো অৰ্থাৎ শান্তি দিয়াটো৷ সেইটো
স্বধৰ্ম তই পালন কৰ অৰ্থাৎ তই বিয়া কৰালেহে যিহেতু মাৰাই শান্তি পাব
, গতিকে তই বিয়া কৰা৷

Confused হৈ ভালবাপুৱে
সুধিলে
–‘তাৰ মানে মই বিয়া
কৰাব নালাগে
?’

– নালাগে৷

তেনেহলে তই এইমাত্ৰ বিয়া কৰাবলৈ কলি যে?

– ’, কৰাতো৷

এনেকুৱা কথা কেৱল চলিহাইহে কব পাৰে৷

বহুত পৰামৰ্শদাতা মানুহ বিশেষকৈ consultant
জাতীয় মানুহবিলাকে এনে ধৰণৰ কথা কয়৷ A modern day paradox

আটাইতকৈ আচৰিত কথা হল যি সহজভাৱে এটা গ্ৰাম্য পটভূমিত চলিহাই 3D image, hologram, virtual reality, cyber
crime, cyber space
আদি একবিংশ শতিকাৰ দ্বিতীয় দশকৰ
কথাবোৰ
, বিংশ শতিকাৰ ৭০-৮০-ৰ দশকতে লিখি থৈ গল সেইটোহে
বিস্ময়কৰ৷ পাঠকৰ মাজলৈ আহিবলগীয়া এখন বিশাল জগতৰ কথা এক ভৱিষ্যতমুখী দৃষ্টিৰে কৈ গ
ল৷ আজি Post Truth-অৰ দিনত, Post modernism-অৰ দিনত,
Virtual reality
এটা নিৰ্মম বাস্তৱ– ইয়াৰ পৰা পৰিত্ৰাণ নাই৷ ঘৰুৱা-আৱেগিক সমস্যাৰ বাবেও মানুহে
কৃত্ৰিমতাৰ আশ্ৰয় ল
ব লগা হয়লৈছেই ইতিমধ্যে৷ Artificial Intelligence,
Neuralink
আদিৰ জৰিয়তে আজি একবিংশ শতিকাত
মানুহে মানুহক মানুহৰ পৰা মুক্ত কৰিবলৈ বিচাৰিছে৷ চলিহাই সেই কথা আগতেই গম পাইছে৷
কিন্তু তেওঁৰ ভীষণ ভয়
– ই কি ৰূপ ধাৰণ
কৰেগৈ কোৱা টান৷ সেয়ে
শেষ অনুৰোধত তেওঁ এই অৱস্থাৰ পৰা মুক্তি বিচাৰিছে৷ মানুহে মানুহৰ
লগ-সংগ নিদিয়া ভয়ংকৰ সময়ত যেতিয়া ৰবটৰ লগত মানুহ থাকিব লগা হয়
, মনৰ উম বিচাৰি– দেহৰ স্পৰ্শ বিচাৰি হাহাকাৰ কৰা মানুহৰ অন্তৰাত্মাৰ কান্দোন কোনে শুনিব? কিন্তু অপ্ৰতিৰোধ্য বিজ্ঞানৰ বলিয়া ঘোঁৰা কত থমকি ৰ কোনেও নাজানে৷ তলে তলে চলিহাই সেয়ে মানুহক সাজুৱেই কৰি
আনিছে
– By talking
about the imminent-impending catastrophe looming in the horizon
৷ কিজানি সেয়ে তেওঁ সাহিত্যক ভাষাৰ পৰা-আংগিকৰ পৰা-ব্যাকৰণৰ
পৰা মুক্ত কৰিবলৈ বিচাৰিছিল
– কি অৰ্থ
এইবিলাকৰ
! সকলোবিলাক অপসৃয়মান- fleeting & passing by-fluid time-fluid history

দাৰ্শনিক স্তৰত চলিহা দুটা বিপৰীত (contradiction)
অৱস্থানতো থকা দেখা যায়৷ কেতিয়াবা যেন তেওঁ কয়–The
party is over.
কিন্তু তেওঁৰ অলেখ লেখাই অনবৰতে
ৰিঙিয়াই থাকে
– The show must go on৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই যেতিয়া ৰাজপথে ৰিঙিয়ায়লিখিছিল, তেতিয়া মানুহৰ
প্ৰতিবাদী সত্তাক বাটলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল৷ আজি চাৰুকমল হাজৰিকাই যদি
এৰাবাটে ৰিঙিয়ায়লিখিছে তেন্তে তেওঁ স্মৃতিৰ বাটত বাট বুলাৰ কথা লিখিছে৷ কিন্তু চলিহাৰ শব্দ
ব্যঞ্জনাই সদায় এক অন্তৰ্মুখী যাত্ৰা কৰিবলৈহে আমাক উদ্বুদ্ধ কৰে৷ বিশ্ব
ব্ৰহ্মাণ্ডৰ ৰহস্যময়তা-নিঃশব্দতা বা নীৰৱতা মনৰ ভিতৰতহে উপলব্ধ৷ মানুহৰ মানসিক
জগতখনৰ তাৎপৰ্য তাতেই৷ ইয়াক বুজাৰ বাসনাৰ তীব্ৰতাই অনুসন্ধিৎসাৰ জন্ম দিয়ে
– যিয়ে জীৱনক আগবঢ়াই লৈ যায়৷ সেয়ে কেতিয়াবা anarchist
যেন লাগিলেও চলিহা গভীৰভাৱে গম্ভীৰ৷ কাৰণ তেওঁ ৰিচাৰ্ড
ফাইনমেনৰ দৰে বুজি উঠিছিল যে
there is plenty of room at the bottom ৷ ফাইনমেনে পদাৰ্থবিজ্ঞানৰ কথা কৈছিল, চলিহাই সমাজৰ কথা ভাবিছিল৷ মানুহৰ ওপৰত এই আস্থা থকাৰ
কাৰণেই চাগে তেওঁ ৬০ বছৰতকৈও অধিক কাল জুৰি কলম চলাই গ
– বাহিৰৰ পৰা
অনীহা দেখুৱালেও৷ এই তাড়নাই তেওঁক এজন অদ্ভুত পৰিব্ৰাজক কৰি তুলিলে
– কিবা দেখে, কিবা লিখে, কিবা বুজায়– এক অদ্ভুত খিচিৰি; কিন্তু সামগ্ৰিক অৰ্থত এক নিটোল বক্তব্য ৰাখি যায়, ত স্থিতাৱস্থাৰ
প্ৰতি তেওঁৰ প্ৰচণ্ড বিৰাগ
, তেওঁৰ পৰা বিচ্ছিন্ন কৰি ৰাখিব পৰাটো সম্ভৱ নহয়গৈ৷ সেই কাৰণেই তেওঁ সদায় পাঠকক
দুহাতত তুলি লয়৷

কিন্তু পাঠকক roller
coaster ride-অ
ত নিয়াতো তেওঁ সিদ্ধহস্ত৷ এজনৰ বেংকৰ
পাছবুকখনত ৩৭১.৫০ টকাৰ অংক এটা উঠা নাই-অৰ্থাৎ হেৰাইছে আৰু একে সময়তে তেওঁৰেই
সতীৰ্থ এজন এই চিন্তাত বিভোৰ হৈ আছে যে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ সময়ত অৰ্থাৎ
BIG
BAN
G-অৰ সময়ত নিউট্ৰিনবিলাকৰ কিবা ভৰ হেনো হেৰাল৷ দুজন মানুহৰ একে সময়তে একে
ঠাইতে কি বিচিত্ৰ চিন্তা বা সমস্যা
! কেনে কল্পনা ! কেনে উদ্ভট চিন্তা ! প্ৰতিজন মানুহ কিমান বেলেগ ! সকলোলৈকে মৰম লাগি যায় ! (সৃষ্টিৰ নেপথ্যৰ
কথা)

আগতে কৈছিলো যে চলিহা এজন ভদ্ৰ
মানুহ৷ তেওঁ আনকো ভদ্ৰ ব্যৱহাৰ কৰে আৰু আনৰ পৰাও ভদ্ৰ ব্যৱহাৰ আশা কৰে৷ কোনোবাই
কিবা সুধিলে কিবা এটা উত্তৰ দিব লগে৷ সেয়া হ
ল সাধাৰণ ভদ্ৰতা-সৌজন্য৷ (সম্পাদকলৈ চিঠি)

অমানৱীয় প্ৰশাসন ৰক্ষা কৰাৰ দায়িত্বত
থকা চাকৰিয়ালৰ হতাশা-বিভ্ৰান্তি সঁচাকৈয়ে চিন্তনীয়৷ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্বৰ
বোজাই মানুহক কিমান বিবেকৰ দংশন দিয়ে
কিমান উদগ্ৰ বাসনা জাগে আত্মস্থ হবলৈ– তাক অভয়নামৰ গল্পটোৱে কৈ দিয়ে৷ চলিহাৰ চিন্তা সিমানলৈকে ব্যাপ্ত৷

এজন ডিটেকটিভৰ চকুৰে তেওঁ অনবৰতে চাই
থাকে সমাজখনক৷ মানুহৰ কাম-কাজক লৈ তেওঁ মুঠেও সন্তুষ্ট নহয়৷ মানুহে নিজৰ
অপকৰ্মবিলাকৰ কাৰণে প্ৰায়শ্চিত্ত কৰিবই লাগিব৷ শ্ৰীমদ্ভাগৱত গীতাৰ কৰ্মফলত চলিহা
প্ৰচণ্ডভাৱে বিশ্বাসী৷ এইটোৱেই বৈজ্ঞানিক সত্য৷ আৰু এই কাম ঘৰৰ পৰাই হ
ব লাগিব৷ স্পষ্ট কথা৷ চলিহাই নিজে কথাটো সৃষ্টি কৰা নাই৷
সমাজতে ঘটিছে
– পিতৃৰ অপকৰ্মৰ বাবে
পুত্ৰই আত্মহত্যা কৰিছে৷ নামঘৰতে প্ৰায়শ্চিত্ত কৰিছে৷ অত্যন্ত সংবেদনশীলতাৰে
চলিহাই কথাটো লক্ষ্য কৰিছে
– কথাটো ধৰি
ৰাখিছে আৰু সমাজে পাহৰি যাব পাৰে বুলি ভাবি তাক ভাল পোছাক পিন্ধাই উলিয়াই দিছে৷ এই
দুটা আত্মহত্যা একে নহয়৷ আত্মহত্যাৰ মাজতো তেওঁ শুভসংবাদ শুনিছে৷ আশা দেখিছে৷ এই
চকুৱেই সমাজৰ বিৱেক৷

এদিন মই লিখিছিলোঁ– শংকৰদেৱ থাকিবলৈ হলে মাধৱদেৱ থাকিবই লাগিব৷ মাধৱদেৱে শংকৰদেৱক ঠিক চিনি
পাইছিল৷ তেনে মানুহ চিনি পোৱা মানুহ সমাজক লাগেই৷ প্ৰতিভা চিনাক্ত কৰিব নোৱৰা
মানুহ পংগু৷ আজিৰ সমাজতো আমি চকু ৰাখিব লাগিব
– নতুন প্ৰতিভা কত কি আছে– কাৰণ পৃথিৱীখন আমি
তেওঁলোকৰ হাততেতো দি যাব লাগিব
!

কেৱল জিকাৰ বাসনাৰেই জীৱন, জীৱন নহয়৷ হাত ডাবাত তেওঁ কৈছে যেনে তেনে ষড়যন্ত্ৰ কৰি- immoral
কাম কৰি জিকিলেও তাত গ্লানিহে আছে– বিজয়ী হোৱাৰ আনন্দ বা কৃতিত্ব একো নাই৷ জিকিও মানুহ পৰাজিত
হয় বা পৰাজিত মানুহো জিকি যায়৷ আমাৰ
বৃষ্টিচিনেমাখনতো এটা
সংলাপ আছে এনেদৰে

যি জিকি যায় সি হাৰি যায়

যি হাৰি যায় সি জিকি যায়৷

মই বিশ্বসাহিত্যৰ বহুত কিবাকিবি
পঢ়িছোঁ বুলি ক
ব নোৱাৰোঁ৷ কিন্তু
চলিহাৰ লেখাৰ লগত হাৰুকি মুৰাকামি
, পাবলো কোৱেলহো, অৰহান পামুক, মোঁপাছা, হেনৰী, উইলিয়াম ফকনাৰ, নিৰদ চি চৌধুৰী আদি কাৰো লেখা নিমিলে৷ চলিহা একক যেনেই ভাব হয়৷ আনকি R.K. Narayan,
Khwaja Ahmed Abbas, Bikram Seth, Salman Rushdie, Larry Collins-Dominique
Lapiere
আদি কাৰো লগত চলিহাৰ লেখা নিমিলে৷
চলিহা একক৷ মই পঢ়া কোনো বিখ্যাত
– বিদেশী
লেখকতকৈ চলিহাৰ লেখা কোনোপধ্যেই নিম্ন পৰ্যায়ৰ নহয়৷ আনকি গেব্ৰিয়েল মাৰ্কেজৰ
One
hundred years of solitude
কিতাপেও মোক ইমান
আলোড়িত কৰা নাই
– যিমান চলিহাৰ লেখাই
কৰিছে৷

মানুহৰ মাজৰ ঘৰুৱা আৰু আত্মিক
সম্পৰ্কক চলিহাই বৰ গুৰুত্ব দিয়ে৷ সেয়ে খুটি-নাটি মাৰি বখানিয়েই থাকে৷ মানুহৰ লগতে
পাৰিপাশ্বিৰ্কতালৈকো তেওঁৰ তীব্ৰ চকু৷ তেওঁ আনে নেদেখাবোৰ দেখে৷ বৈচিত্ৰ্যহে জীৱনৰ
আচল মজাৰ কথা৷ সেইটো তেওঁৰ লিখনিৰ মাজত অনবৰতে অনুভূত হয়৷

বৈষয়িক অসন্তুষ্টিয়েই আধুনিক মানুহৰ
অজস্ৰ সমস্যাৰ মূল কাৰণ৷ কোনো নীতিশিক্ষাৰ আশ্ৰয় নোলোৱাকৈয়ে তেওঁ এই বক্তব্য
উপস্থাপন কৰিছে একেবাৰেই সাধাৰণভাৱে
– ঘৰুৱা ঘটনাত৷ জীৱনত শিক্ষিত মানুহক আচলতেই কোনো নীতিশিক্ষাৰ প্ৰয়োজন নাই– ইংগিতটো দি দিছে ইয়াত৷

বৈচিত্ৰ্যই নতুনত্ব আনে৷ নতুনৰ
সন্ধানেই মানুহক আলোকসন্ধানী কৰে৷ সেই জীৱনহে প্ৰকৃত জীৱন৷ সেয়ে তেওঁ অপৰ্ণা কুমাৰ
পদ্মপতি নামৰ এজন সহকৰ্মী শিক্ষকৰ মাজত এজন গোয়েন্দা আৱিষ্কাৰ কৰে বা গেৰেজৰ
মেকানিক এজনৰ মাজত আইনষ্টাইনক দেখে বা
Nasal inhaler লোৱা দেৱব্ৰত গোস্বামীৰ মাজত মোগল সম্ৰাট ছাহজাহানক দেখে৷
সাহিত্যত এই সোৱাদ অনুপম, আকৰ্ষণীয়৷ ই পাঠকৰ মনৰ দিগন্ত প্ৰসাৰিতও কৰে আৰু
উদ্ভাসিতও কৰে৷

ইমানখিনিলৈকে কৈ বা লিখি এতিয়া মোৰ
মনলৈ আহিছে
– Murphy’s Dictum
টোলৈA man rises to his level of incompetence ৷ ময়ো মোৰ সীমাৱদ্ধতাৰ দুৱাৰদলিত উপনীত হলোহি৷ ড প্ৰণৱজ্যোতি ডেকাৰ আৰু এটা অমীমাংসিত হত্যাৰ দৰে সৌৰভ কুমাৰ চলিহাৰ ওপৰত মই কৰা আলোকপাত নিতান্তই
অসম্পূৰ্ণ-অমীমাংসিত বা হয়তো ভ্ৰান্ত বুলিও প্ৰতিপন্ন হ
ব পাৰে৷

কিন্তু এই বিশাল প্ৰতিভাধৰজনক দুখন
সৰু হাতেৰে ধৰিব পৰাটো বৰ সহজ কথা নহয়৷
এই পৰ্বতত এটা খুন্দা
মাৰিবলৈ দঃসাহস কৰা সকলোৱে যুদ্ধখনৰ পাছত ক
বলৈ নিশ্চিতভাৱে বাধ্য যে চলিহাৰ সাহিত্য কৰ্ম এক মহাজাগতিক
পৰিক্ৰমা
– বিস্তৃত, বিয়াগোম, বিচিত্ৰ আৰু এজন মানুহক বিহ্বল কৰিবলৈ যথেষ্ট৷

মই কি ইংগিতময়তাৰ কথা কলোঁ নাজানো৷ কিন্তু যিকোনো
বুদ্ধিদীপ্ত পাঠকে চলিহাৰ প্ৰতিটো লিখনিত
– প্ৰতিটো বাক্যৰ মাজত মানুহৰ চিন্তা আৰু কল্পনাই ঢুকি পোৱা
সকলো উপলব্ধি-অনুভৱ-সাহিত্য-জীৱন দৰ্শনৰ ঐশ্বৰ্য্য
, বৈভৱ তথা আৱিষ্কাৰৰ উমান পাব৷

(সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজে আয়োজন
কৰা ‘ভাল খবৰৰ দিন’ নামৰ অনুষ্ঠানত দিয়া বক্তৃতাৰ লিখিত ৰূপ। ১ জানুৱাৰি, ২০২৩।)