ৰমানন্দন বৰা


(যোৱা সংখ্যাৰ পিছৰ পৰা)

বাইছ

 

এদিন
দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ
নেদেখুৱালে৷ প্ৰথম দুদিন সিহঁতে কাম কৰা নাছিল৷ তাৰ পাছৰ পৰা কাম কৰিবলৈও আৰম্ভ
কৰিলে৷

বকুল
চাপৰিত দিনে দিনে উত্তেজনা বাঢ়িবলৈ ধৰিলে৷ মোলোকা
, ভোগাইহঁত খঙত
টিঙিৰি তুলা হৈ উঠিছে৷ নতুন মানুহখিনিয়ে সিহঁতক বুঢ়া আঙুলি দেখুৱালে৷ সিহঁতক বাটৰ
ভতুৱা কুকুৰ হেন ভাবিলে৷ বকুল চাপৰিৰ মানুহৰ মান-সন্মান সিহঁতে মাটিৰ লগত মিলাইছে৷
সিহঁতে গম পোৱা নাই কাৰ লগত খেলিছে৷ জুইৰ লগত খেলিছে
, জুইৰ
লগত৷

জুইকুৰা
সহজে নুনুমায় বুলি বেণুৱে অনুভৱ কৰিলে৷ এইকুৰা জুই নুমুৱাবলৈ তাৰ শক্তি নাই৷
কেতিয়াবা জুই নুমুৱাবলৈ যোৱাজনো দগ্ধ হ
ব লগা হয়৷ কিন্তু বাকী লৰাবোৰে আলচ কৰাৰ দৰে সি সেই মানুহখিনিক মৰা-কটা কৰিবলৈ এৰি দিব নোৱাৰে৷ লৰাহঁতেও নেৰে৷ সিহঁতৰ কাৰণে ধৰ্ম-চৰ্ম ডাঙৰ কথা নহয়, মাটিহে ডাঙৰ কথা৷ মাটি থাকিলেহে ধৰ্ম থাকিব, জাতি
থাকিব৷ কোনো কাৰণতে সিহঁতে আনক মাটি এৰি নিদিয়ে৷ আজি বকুল চাপৰিত ঠাই আছে৷ কাইলৈ
মানুহ বাঢ়িব, ঠাইৰ নাটনি হ
তেতিয়া?
বকুল চাপৰিৰ মানুহকে নতুন চাপৰিটো লাগিব৷

তহঁতে চা, এই মানুহকেইটাক মাৰ-পিট কৰি খেদোৱাটো ডাঙৰ
কথা নহয়৷ সিহঁতক খেদাম৷ তাৰ পাছত
?” – বেণুৱে বুজাবলৈ যত্ন
কৰে৷

তাৰ পাছত মানে? আমাৰ মাটি আমাৰ হৈ থাকিব৷

নাথাকে৷ আমাৰ মাটি বুলি কৰবাত মাটি আছে নেকি?
আজি আমি বকুল চাপৰিত আছোঁ৷ আমাৰ আগতে ইয়াত কোন আছিল? এই চাপৰিটো আগতে আছিল নে? সদায় থাকিবনে? নাথাকে৷ আমিও সদায় নাথাকোঁ৷ খেতি কৰিব পৰা মাটি এনেয়ে পৰি নাথাকে৷ কোনোবা
নহয় কোনোবা খেতিয়কে আহি মাটি চহাবহি৷ তাত বাধা দিব নোৱাৰ৷ এবাৰ পাৰিবি
, দুবাৰ পাৰিবি। সেইবুলি সদায় নোৱাৰ৷

তেনেহলে সিহঁতক নতুন চাপৰিটো এৰি দিম নেকি?”

নেৰোঁ, এই কাৰণেই নেৰোঁ যে এই মানুহখিনিয়ে নিজৰ কাৰণে
খেতি কৰিবলৈ অহা নাই৷ কোনোবা মহাজনৰ ভঁৰাল ভৰাবলৈ আহিছে৷ এই খেতি কৰা মানুহবোৰৰ
নিজৰ ভঁৰাল এটা কোনো দিনেই নাথাকে৷ আজি ইহঁতক খেদাম
, কাইলৈ আন
এদল মানুহ আহিব৷ নিজে আহিব৷ নহ
লে মহাজন এটাই আনিব, নহলে চৰকাৰে আনিব৷ মাটি ছন পৰি নাথাকে৷

বেণুৱে
নতুন চিন্তাৰ খোৰাক এটা সিহঁতক দিলে৷
দখল কৰ, নিজৰ নামত মাটি লগাই ল৷ মণ্ডলৰ ওচৰলৈ যা৷ বছৰি
খাজনা দে
, খেতি কৰ৷ তেতিয়াহে মাটি ৰব৷

ৰাখিনিয়ে
গম পাইছে যে নতুন চাপৰিত মাটি ৰখা মানে বাঁহৰ খুঁটা কেইটামানেৰে ঢাপ মাৰি থোৱা
নহয়৷ খেতি কৰিব লাগিব৷ দখল তেতিয়াহে হ
ব৷ খাজনা দিব লাগিব৷
কিন্তু খেতি কৰিবৰ বাবে বকুল চাপৰিৰ মাটিয়েই যথেষ্ট৷ এতিয়া থকা মাটিত খেতি
কৰিবলৈকে মানুহৰ নাটনি
, ধনৰ নাটনি৷ নতুন চাপৰিত নতুন মাটিত
কি কৰিব
? কেনেকৈ কৰিব?

এতিয়া
আটাইৰে কাম হ
ল মহাজনৰ শুংসূত্ৰ উলিওৱা আৰু মানুহখিনিক ভয় খুৱাই
খেদা৷ মাটি দখলৰ কথা পাছত হ
ব৷ এতিয়া অন্ততঃ মাটিখিনি মুকলি
হৈ থাকক৷

বেণুৱে
সঁকিয়ালে, 
পানী তলত কাঁইট আছে৷ সাৱধানে খোজ দিব লাগিব৷ কি সাহসত
মানুহখিনিয়ে আকৌ কামত ধৰিছেহি? কোনোবাই ৰখি নাথাকিলে সিহঁতে কামত ধৰিব বুলি মোৰ মনে
নকয়৷ আকৌ যদি তালৈ যাব লাগে
, অতি সাৱধান৷ বিপদ কত লুকাই থাকে কব নোৱাৰি৷ কাৰণ ইন্দ্ৰজিতৰ নিচিনা
মেঘৰ আঁৰৰ পৰা যুঁজ কৰি আছে মহাজনে৷

মহাজন
কোন
?

*      *      *

তেইছ

সম্ভেদ পাবলৈ বৰ বেছি দিন ৰব লগা নহল৷ 

সপ্তাহ
চাৰেকৰ পাছৰ এদিন দুপৰীয়া
, টিখাং খাং ৰদ৷ মানুহেই নহয়, গছ-লতা, পশু-পক্ষীয়েও
নিঃপালি দি জিৰাইছে৷ শিমলুডৰাৰ সিপাৰে এৰালৰ গৰুকেইজনীক পানী খুৱাই
, ছাঁত বান্ধি বেণুৱেও বননিতে বহি আকাশ-পাতাল ভাবি আছে৷ তাৰ সাংসাৰিক জীৱন
পূৰ্ণ৷ পাহিতা আৰু কেঁচুৱাটোৱে ঘৰত থকা সময়খিনি তাক মোহাৱিষ্ট কৰি ৰাখে৷ সি সম্পূৰ্ণ
সুখী মানুহ বুলি অনুভৱ কৰা এনেকুৱা দিনবোৰতে কিন্তু নতুন চাপৰিৰ ঘটনাবোৰে তাক ভিতৰি ভিতৰি
বৰ অশান্ত কৰি ৰাখিছে৷ এই মানুহখিনি তাত থকা মানে বকুল চাপৰিৰ নিৰাপত্তা নোহোৱাৰ
দৰে৷ ইহঁতৰ লগ লৈ দলে বলে আৰু মানুহ আহিব৷ হয়তো মহাজনেই আনিব৷ গোটেই চাপৰিটো ভৰাই
তুলিব৷ কোনো দিন হৈ-হুলস্থুল নোহোৱা
, চোৰ-ডকাইতি নোহোৱা বকুল
চাপৰিৰ মানুহবোৰে হয়তো সুখৰ দিনবোৰ চিৰকাললৈহেৰুৱাব৷

মোহনো
ৰবাৰ পৰা আহি বেণুৰ কাষতে বহিলহি৷ দুয়োটাৰে কথাৰ বিষয় একেটাই৷ হঠাতে এটা
শব্দ ভাহি আহিল৷ দূৰণিৰ পৰা আহিছে৷ নতুন চাপৰিৰ ফালৰ পৰা৷

এটা
যান্ত্ৰিক শব্দ – ধক্‌ ধপ্‌ ধক্‌ ধপ্‌ গুম গুম…৷ একেৰাহে আহিছে৷ এটা সুৰত বন্ধা৷
অলপ ডাঙৰ আকৌ অলপ সৰুকৈ
, অলপ ডাঙৰকৈ অলপ সৰুকৈ… একেৰাহে৷

কিহৰ শব্দ?” মোহনৰ মুখৰ পৰা ওলাই আহিল৷

বেণুৱে লগে লগে উত্তৰ নিদিলে৷ সি কিবা এটা অনুমান কৰি কলে৷

লচোন চাওঁগৈ৷শিমলুডৰা পাৰ
হৈ আটাইতকৈ ওখ চতিয়নাজাপাৰ গুৰিতে দুয়োটা ৰ
ল৷

বগাব পাৰিবিনে?” বাঘে ধৰাৰ পাছৰ পৰা পিঠি আৰু বুকুত
জোৰ পৰা কাম নকৰিবলৈ বেণুক পাহিতাই শপত দি থৈছে৷

পাৰিম৷

ওপৰলৈ উঠি চাচোন৷ এইছোৱা একেবাৰে মুকলি নহয় জানো৷

পিন্ধি
থকা ধূতিখন কোঁচাই ভালদৰে তলপোন্ধ মাৰি
, কমৰত গামোচাখনেৰে বান্ধ
এটা দি মোহনে চতিয়না জোপাত বগাবলৈ ধৰিলে৷ এইজোপাই আটাইতকৈ ওখ গছ৷ ইয়াৰ পৰা নতুন
চাপৰিৰ এফাল দেখি৷

গছজোপাৰ একেবাৰে ওপৰৰ ফেৰেঙনি এটাত বহি মোহনে ডিঙি মেলি শব্দটো অনুসৰণ কৰিবলৈ যত্ন
কৰিলে৷

কিবা মনিছনে?”

ভালদৰে
চাই মোহনে ওপৰৰ পৰা ৰিঙিয়ালে –

ঐ কিবা বগা ধোঁৱা-ধূলিৰ দৰে উৰিছে৷ কিবা এখন ঘূৰি আছে৷ মাটি চহাইছে নেকি?”

নামি আহ৷

মোহনে
নামি আহি যি বৰ্ণনা কৰিলে তাৰ পৰা বেণুৰ অনুমানটো ফটফটীয়া হ

– ট্ৰেক্টৰ৷ ক
লাই মহাজনৰ ঘৰত থকাখনৰ নিচিনা নহয়৷ তাতকৈ
ডাঙৰ৷ মানুহটো উঠি লৈ হাল বাব লাগে৷ ক
লাই মহাজনৰখন হেনো
ট্ৰেক্টাৰ নহয়
, পাৱাৰ টিলাৰ নে কিবাহে৷ ট্ৰেক্টৰেৰে বহুত মাটি
একেদিনে চহাব পাৰি৷ কম্পাউণ্ডাৰ বৰা ডাক্টৰৰ মুখেৰে শুনি বেণুৱে যন্ত্ৰটোৰ বিষয়ে
এটা অনুমান কৰিছিল৷ কিন্তু আজি এনেকৈ নতুন চাপৰিত সেইটো যন্ত্ৰৰ অৱিৰ্ভাৱ ঘটিব বুলি সি সপোনতো ভবা
নাছিল৷

চাই আহোঁগৈ বল৷নতুন বস্তুটো
চাবলৈ বেণুৱে তাৰ হেঁপাহ দমাব নোৱাৰিলে৷

তালৈ জধে-মধে যোৱাটো ভাল নহয় বুলি তয়েই কৈছিলি৷

আমি চোৰ নে ডকাইত যে ভয় কৰি সোমাই থাকিম৷ ব,
মোৰ মহ এজনী হেৰাইছে বিচাৰি আহিছোঁ বুলি কম৷ আন কাৰোবাক অনিষ্ট কৰিবলৈ অহা নাই নহয়৷

তাৰ
কথাৰ ইংগিত মোহনে বুজিলে৷ দুয়োটা নতুন চাপৰিৰ সেই নিৰ্দিষ্ট ঠাইলৈ ৰাওনা হ
ল৷
ঝাও
, বিৰিণা, বৰতাই মানুহটো ঢাকি ধৰা
হাবিবোৰৰ মাজে মাজে৷ খান্দা দুটা পাৰ হৈ সিহঁত ৰ
ল৷

শব্দটো
অধিক স্পষ্ট হৈ অহাৰ লগতে বিৰিণা জোপাবোৰৰ আঁৰে আঁৰে দেখিবলৈ পোৱা গৈছে৷ হাল বোৱা
ট্ৰেক্টৰ নামৰ এই যন্ত্ৰটোতকৈ সি বেছি আচৰিত হ
ল টেপুক দেখি৷

টেপু
কেনেকৈ ইয়াত আছেহি
? সি তৎক্ষণাৎ বুজি পালে ইমান দিনে জানিবলৈ
যত্ন কৰি থকা কথাটো৷ টেপু হ
ল জন্মি মহাজনৰ সোঁহাত৷ নহলেই নোহোৱা মানুহ৷ তাৰ মানে জন্মি মহাজনৰ ফন্দি এইবোৰ৷ এটা এটাকৈ আটাইবোৰ
কথা তাৰ চকুৰ আগত জলজল-পটপট হৈ উঠিল৷ জন্মেজয় শইকীয়াৰ গাত লাগিছে মাটিৰ ভূত৷
তেৱেঁই নগাঁৱৰ পৰা মানুহ আনিছে
, ইয়াত বহুৱাইছে, ৰচদ-পাতি দি ৰাখিছে৷ মহাজনেই অভয় দি, বোধকৰোঁ পহৰা
দিও ৰাখিছে৷ নতুন চাপৰিটো জন্মেজয় শইকীয়াই নিজৰ নামত লিখাই ল
ব৷

ৱেল কাম ব্ৰাদাৰ, ৱেল কাম৷কেতিয়ানো
বেণু গৈ সেই ঠাই পালেগৈ গমেই নাপালে৷ টেপুৱে কথাই কথাই কিখননো কয় বেণুৱে বুজিবই
নোৱাৰে৷ ল
ৰাটো তাতকৈ বয়সত সৰু৷ দুশ্ৰেণীমান নগৰৰ ফালেই
পঢ়িছিল হ
বলা৷ কি স্বৰূপতনো আহি জন্মি মহাজনৰ ঘৰত সোমালহি
সেইটো কোনেও নাজানে৷

কিটোনো কাম আৰু, হ এজনী
হেৰাইছে৷ আমি দুটাই বিচাৰি ফুৰিছোঁ৷ পিছে তই
?”

আৰে ব্ৰাদাৰ, মহাজনৰ নতুন প্ৰজেক্ট৷ মই নাচালে কোনে
চাব
?”

এইখন?” – ট্ৰেক্টৰখনলৈ আঙুলিয়াই বেণুৱে সুধিলে৷

ট্ৰেক্টৰ, ব্ৰেণ্ড নিউ৷ নতুন কিনিছে৷ নহলে কি এই ব্লাডি মিঞা কেইটাৰে চব কাম হব নেকি?
লুক্‌! কি জবৰদস্ত কাম৷ মাটি ফাঁহ ফাঁহ কৰি
দিছে৷ ইউ লাইক ইট
? ভাল দেখিছানে?”

বেণুৰ
মগজুটোৱে কথাবোৰ চিন্তা কৰিব নোৱাৰা হৈ আহিছে৷ সি মনোযোগেৰে ট্ৰেক্টৰখন চোৱা দেখি
টেপুৱে নিজৰ মূৰত পিন্ধি থকা চাহাবী টুপিটো বাওঁহাতেৰে সামান্য ঠিক কৰি ক
লে

ইউ ড্ৰাইভ পাৱাৰ টিলাৰ? ইয়ৰ ফাদাৰ ইন ল হাউছ৷ তুমি তোমাৰ
ফাদাৰ ইন  ল মানে শহুৰৰ ঘৰত পাৱাৰ টিলাৰ
চলাইছিলা৷ এইখন ড্ৰাইভ কৰা টান৷ অৱশ্যে পাৰিবা
, শিকিলে
পাৰিবা৷ ইউ কেন
, ইউ কেন৷

টেপুৰ
কেনকেননি তাৰ কাণত সোমোৱা নাই৷ কথা চহকী টেপুৰ পৰা সি যিমান পাৰে কথা উলিয়াই ল

লাগিব৷ ইয়াতকৈ ভাল সুবিধা আৰু নাপাব৷ গামোচোত বান্ধি নিয়া টেমিটোৰ পৰা তামোল এখন
উলিয়াই টেপুক যাঁচিলে৷

বিটল নাট, ভেৰি গুদ৷ দিয়াঁ তামোল এখনকে দিয়াঁ৷

শিমলুজোপাৰ ছাঁত তিনিওটা বহিল৷ নগঞা মিঞা মানুহকেইটাই উলুৱনি কাটি মাটি মোকলাইছে৷ আগতে
মুকলি কৰা মাটি ট্ৰেক্টৰখনে লুটিয়াই গৈছে৷ বগলী এজাকে গাড়ীখনৰ পিছে পিছে
পোক-পৰুৱা বিচাৰি ফুৰিছে৷

জন্মি মহাজনে কি খেতি কৰিব?”

মেনি কাল্‌টিভেচন৷ বহুত খেতি৷ ভেৰাইটি৷ বেলেগ বেলেগ৷

কিমান মাটি চহোৱা হ?”

যিমান পাৰি৷ এজ মাচ এজ আই কেন৷ অল লেণ্ড হিয়েৰ৷ গভৰ্‌মেণ্ট পাৰমিন৷ গোটেই চাপৰিটো লব পাৰো৷ চৰকাৰে পাৰমিন দিছে৷

হয় নেকি?”

ফ্লাডত মহাজনৰ মাটি স্পইল৷ গটু গভৰমেন৷ গিভ পাৰমিন৷ মহাজনছ লেণ্ড অল ছেন্দ৷ ভোগদৈ ফ্লাড৷

আনবিলাকৰো মাটিত বালি পেলাইছে৷ চবকে মাটি দিছে নেকি?”

নট, নট অল৷ বাট ইউ থিংক অল৷ চবকে দিছেও না.ো দিয়া৷

মানে?”

ব্ৰাদাৰ তুমি কি বুজিবা৷ ইউ নট আন্দাৰষ্টেণ্ড৷ কমিটি৷ ফ্লাড ভিক্টিম
ৰিহালিবেচন কমিটি৷ ইয়
ৰ ফাদাৰ ইন ল কলাই শইকীয়া, চেয়াৰ৷ কমিটিক দিছে৷ তোমাৰ শহুৰ চেয়াৰ, মানে সভাপতি৷
চৰকাৰে চব দিব৷ ছীড
, মেনিয়ৰ চব৷ ডেয়াৰ লেণ্ড স্পইল্ড৷ হিয়েৰ
নিউ লেণ্ড
কাল্টিভেটৰ জীয়াই থাকিব লাগিবতো৷ ইউ ন৷ তাত মাটি নাই, ইয়াত খেতি কৰাঁ৷ বচ৷

তাৰ
মানে জন্মি মহাজন আৰু ক
লাই মহাজনে শঠামিতিৰালি কৰি এইখন কাণ্ড
কৰিছে৷ সাপ-নেউল একেলগ হ
ল৷ শেনৰ এজাত৷

ডিছ ট্ৰেক্টৰ, দুই মহাজন৷ ফিফ্‌টি ফিফ্‌টি কষ্টিং৷
ডিছ মিঞা কষ্টিং ফিফ্‌টি ফিফ্‌টি৷ চব খৰচ দুই মহাজনে সমানে কৰিছে৷ তুমিতো ক
লাই মহাজনৰ ছান ইন ল৷ ছান মানেই পুতেক৷ জোঁৱাই ভেৰি
গুড৷ টেল হিম৷ ইউ গেট লেণ্ড৷ তুমি তেওঁক কোৱাঁ
, মাটি তুমিও
পাবা৷ ইউ ষ্টে
 হিয়েৰ৷ মেনি হেল্‌প টু আছ৷ আই ছেল টেল হিম৷

বাৰু বাৰু হব৷ তুমি কামত লাগাঁ৷ আমি মহ বিচৰা মানুহ৷ দেৰি হব৷

ৱেল ৱেল, কাম এগেইন৷

টেপুৰ
পৰা উৰহী গছৰ ওৰটো জানি বেণু আৰু মোহনে খৰখেদাকৈ ঘৰলৈ ঘূৰিল৷ বাটত আন কথা-বাৰ্তা
নাই৷ মাত্ৰ প্ৰচণ্ড ক্ৰোধত বেণুৰ মুখৰ পৰা ওলাল
দেখিলিতো মোহন,
খেলখন বেলেগকৈ খেলিব লাগিব৷

(আগলৈ)