বিভ্রমৰ জগতত এটা সেউজীয়া গল্প

  পল্লৱী কৌশিক
শৰ্মা


: ডেনড্ৰফাইল!


যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন?
মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো !

গছৰ পুলিটো আলফুলে
বিশাখাৰ হাতত তুলি দি
, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰল গীতাৰ্থই। আজি তাইৰ বিশেষ দিনটোত সি উপহাৰ দিয়া ধুনীয়া ড্ৰেচযোৰ আৰু এই
শ্বিলং ট্ৰিপটোতকৈ ৰাস্তাৰ কাষৰ গছৰ পুলিটোহে তাইৰ বাবে বেষ্ট গিফ্ট হ
ল !

হাঁহি উঠিল তাৰ।

তোমাক দেখা পালে সপোন জাগি উঠে,

বুকুখনি হয় তাজমহল… 

মৃদু ভলিউমত গাড়ীৰ
মিউজিক চিষ্টেমত জুবিনৰ জনপ্ৰিয় গীতটো বাজি উঠিল। শ্বিলঙৰ নৈসৰ্গিক সৌন্দৰ্যক
দৃষ্টিৰে সামৰি
, অকোৱা-পকোৱা ৰাস্তাৰে গন্তব্য স্থান অভিমুখে মসৃণ গতিৰে
গাড়ীখন চলাই নিলে গীতাৰ্থই ।

*      *     
*

: চোৱাচোন গীতু, ঈশ্বৰৰ কি অপূৰ্ব সৃষ্টি! পাতবোৰত তুলিকাৰে ৰং বোলাই এখন বিমূৰ্ত ছবিহে
আঁকি থৈছে যেন! সৰু জোপোহা আকৃতিৰ এই গছজোপাৰ নাম কি জানা – বিগ
নিয়া ৰেক্স। নীলাৰ বাদে প্ৰায় সকলো বৰণৰ ফুল ফুলা এই প্ৰজাতিৰ গছবোৰ
সাধাৰণতে অৰুণাচল প্ৰদেশ
, দক্ষিণ-পূব চীন আৰু বাংলাদেশৰ
কিছু-কিছু অংশত দেখা পোৱা যায়। এনে প্ৰজাতিৰে প্ৰায় পাঁচশ বিধমান গছ আছে। আচৰিত
লাগে ন
ভাবি ?

বিগনিয়া ৰেক্সৰ পুলিটো টাব
এটাত আলফুলে ৰুই দিলে বিশাখাই।

উদ্ভিদ বিজ্ঞানৰ
স্নাতকোত্তৰ তাই। সেউজীয়াবোৰৰ প্ৰতি আশ্চৰ্য সন্মোহন। দেশী-বিদেশী ফুল-লতাৰে সজাই
ৰখা ঘৰৰ বেলকনি এৰিয়াটো তাইৰ আটাইতকৈ প্রিয় ঠাই। গছ-পাতবোৰৰ লগতো অন্তহীন
বাৰ্তালাপ। প্রিয় বন্ধু বোলে সিহঁতবোৰ। সুখ-দুখ
, অভিমান-অভিযোগবোৰ শ্বেয়াৰ কৰিব পৰাকৈ আপোন।

গীতাৰ্থই প্ৰায়ে কয়
– কি যে বলিয়ালিবোৰ কৰি থাকা শিখা ! আপডাল কৰা সিহঁতৰ
; লাগিলে ঘৰখন সেউজীয়াৰে
ভৰায়েই পেলোৱা
; কিন্তু সিহঁতকে তোমাৰ সৰ্বস্ব হবলৈ নিদিবাচোন।

অভিমানত মুখখন ফুলে
বিশাখাৰ।

: সেউজীয়া গছ-লতাবোৰ ভাল
লাগে মোৰ। সিহঁতৰ লগত সময় কটোৱাটো মোৰ অন্যতম প্রিয় চখ। আমাক উশাহ দিয়ে সিহঁতে।
বিনিময়ত অলপ মৰম সিহঁতৰো প্ৰাপ্য নহয় জানো !

: দিয়া মৰম। ইভেন উই অল
চ্যুড টেক কেয়াৰ অৱ ডেম। কিন্তু এই যে ভাললগা আৰু ভালপোৱাৰ মাজৰ এটা সূক্ষ্ম
পাৰ্থক্য আছে
, সেই পাৰ্থক্যটোক অন্ততঃ অৱজ্ঞা নকৰিবা। ইমান পজেচিভনেচ কোনো ক্ষেত্ৰতে ভাল নহয় ।

কথাবোৰ ভাবি চাই
বিশাখাই।
  

আচলতে ভাললগা আৰু
ভালপোৱাৰ মাজত কিমান দূৰ বাট! কি থাকে এই বাটৰ শেষত! কোনটো বিন্দুত গৈ ভালপোৱা আৰু
ভাললগাৰ মাজৰ সূক্ষ্ম পাৰ্থক্যটো একাকাৰ হৈ পৰে বাৰু!

*      *     
*

সম্পৰ্কবোৰক এটি
শিশুৰ দৰে নিচুকাব লাগে। অপত্য স্নেহেৰে বুকুৰ গভীৰত সামৰি ৰাখিব লাগে। নহ
লে সম্পৰ্কয়ো ৰঙ সলায়।
ঠিক বহাগৰ কুমলীয়া কুঁহিৰ পৰা ফাগুনৰ ধূলিয়ৰীত পোত যোৱা সৰাপাতখিলাৰ দৰে।

টাবত ৰুই লোৱা বিগনিয়াৰ পুলিটো ৰদলৈ উলিয়াই দিয়ে বিশাখাই। তাইৰ ব্যস্ততাপূৰ্ণ সময় সূচীখনত এতিয়াৰ পৰা আৰু
এটা কাম যোগ হ
ল – নতুন পুলিটোৰ আপডাল কৰা। গীতাৰ্থই তাইক
কেঁচুৱাৰ মাক বুলিয়েই জোকাবলৈ ল
লে। বিশাখাৰ দুচকুতো যেন
সদ্যোজাত সন্তানৰ মাতৃ এগৰাকীৰ হেঁপাহ এখিনিয়ে আহি থুপ খালেহি !

: আচ্ছা, আমাৰ কেঁচুৱাটোক এটা নতুন নামেৰে নামাকৰণ কৰোঁ নহলে
! কি কোৱা মিষ্টাৰ গীতাৰ্থ গৌতম
?

তন্ময়তাৰে পুলিটোলৈ
চাই ৰয় বিশাখাই আৰু একে সন্মোহনেৰে গীতাৰ্থই তাইক। সেই সময়ত বিশাখাৰ দুচকুত ফুটি
উঠা আকুলতাকখিনিক অগ্ৰাহ্য কৰা কোনোপধ্যে সম্ভৱ নাছিল। তথাপিও ধেমালি কৰাৰ মানসেৰে
কৈ উঠে সি ।

: এতিয়া মানে এয়াহে বাকী
লগৈ। ঈশ্বৰ সৃষ্ট এজোপা গছ; যাৰ নিজা
নাম এটা অলৰেডি আছেই
; আমাৰ মেমে এতিয়া
তাক নতুন নামেৰে নামাকৰণ কৰিব! ৱাও! তোমাৰ নামটো দেখোন গ্ৰীনিউছ ৱৰ্ল্ড ৰেকৰ্ডতে
অন্তৰ্ভুক্ত হ
ব লাগিছিলহে ।

: তেনেহলে কিমান সৌভাগ্যবান তুমি, ভাবি চোৱা ! সমগ্ৰ বিশ্বই
তোমাক ৰেকৰ্ড হ
ল্ডাৰ বিশাখা দত্তৰ হাচবেণ্ড বুলি জানিব ।

: হয় নে! বাৰু কোৱাচোন
কি নাম ৰাখিবা আমাৰ কেঁচুৱাটোৰ
?

ক্ষন্তেক মনতে
যুকিয়াই
, চঞ্চল
হৰিণীৰ দৰে জপিয়াই উঠে বিশাখা ।

: ‘ৰিলেশ্বন-ট্ৰি


ইয়েছ, এই গছজোপাক মই ৰিলেশ্যন-ট্ৰি বুলিম।

: হোৱাট ? ৰিলেশ্যন-ট্ৰি ! কেনেকুৱা নাম এইটো ?

: আচলতে তোমাৰ দৰে এই
পুলিটোও দিনে-দিনে মোৰ বৰ মৰমৰ হৈ পৰিছে। মই বৰ যত্নৰে ডাঙৰ কৰিম ইয়াক আৰু যিমানেই
পুলি-পোখা মেলি
, পুলিটোৱে ঠন ধৰি উঠিব, আমাৰ মৰমবোৰো সিমানেই গভীৰ হব। মানে আমাৰ
সম্পৰ্কটোৰ আধাৰ হ
ব এই পুলিটো।

: হোৱাট অ্য মিনিঙলে
জিক শিখা! তোমাৰ-মোৰ প্ৰেম চিৰযুগমীয়া। এই
পুলিটো মৰি থাকিবও পাৰে কেতিয়াবা
, কিন্তু আমাৰ প্ৰেমৰ মৃত্যু
নহয়। তুমি তাৰ ডাল-পাত
, ঠাল-ঠেঙুলিৰে আমাৰ ভালপোৱাক জোখাৰ
সাহসো নকৰিবা কোনোদিন।

: হয় নেকি ? মানে বিশাখাক গীতাৰ্থই সদায়েই ভাল পাই থাকিব !

কুচিমুচি সোমাই যায়
বিশাখা গীতাৰ্থৰ বুকুলৈ।

*      *     
*

আত্মাৰ স্বীকৃতিক
শব্দৰ প্ৰয়োজন আছে জানো !
  সম্পৰ্ক এটা যেতিয়া
আত্মাৰে সৈতে সংপৃক্ত হৈ পৰে
, মৌনতায়োচোন অনুভৱৰ জাল গুঁঠে।
যেনেকৈ প্ৰাপ্তিৰ সুখ অথবা হেৰুৱাৰ বিষাদ – এক শব্দহীন অনুভৱ।

দিন বাগৰাৰ লগে-লগে
পুলিটোক লৈ যথেষ্ট প
জেচিভ হৈ পৰে বিশাখা। তাই অনুভৱ কৰে – গীতাৰ্থৰ লগত কথাৰ
কটা-কটি হ
লেই সুন্দৰকৈ ঠন ধৰি উঠা পুলিটোয়েও যেন ঠেঁহ পাতে
! যেন সিহঁতৰ সম্পৰ্কটোৰ আত্মা সঁচায়ে সেই
ৰিলেশ্যন-ট্ৰি
জোপাতে নিহিত হৈ আছে ।

গালি দিয়ে গীতাৰ্থই
বিশাখাক । তাইৰ অনৰ্থক কাম-কাজবোৰত গৰজি উঠে সি।
 

: অদ্ভুত ভ্ৰম কিছুমান
মনতে পালি ৰাখিছা দেই শিখা! কেইদিন পানী দিয়া নাই পুলিটোত
? জঁই
নপৰিবনে
?
 

: সাধু এটা শুনিছিলা
গীতু
? সেই যে – ৰজাৰ আত্মাটো ভাটৌ চৰাই এটাৰ শৰীৰত আছিল আৰু
এদিন ভাটৌ চৰাইটো মাৰি পেলাওঁতে ৰজাও মৰি গৈছিল ! কথাবোৰ যদি এনেকুৱাও হয় !

: সম্পূৰ্ণ ভিত্তিহীন
কথা এয়া। কোনোবা ললিপপ চুপি থকা ল
ৰা-ছোৱালীকহে পতিয়ন নিয়াব
পাৰিবা এইবোৰ কৈ
, মোক নহয়। সাধু কথা এটা সত্য হব পাৰে নেকি?

: আচ্ছা, সত্য-অসত্য, ভ্ৰম, যুক্তি বাদ
দিয়া। মূল কথাটো হ
ল – ফেইথ। ফেইথ ইজ এভ্ৰিথিং । এনেই কয় নে
– বিশ্বাসে মিলয় হৰি
, তৰ্কে বহু দূৰ।

খুকখুকাই হাঁহি উঠে
গীতাৰ্থই।

: ঠিক আছে তেতিয়াহলে, মই যদি কেতিয়াবা হেৰাই যাওঁ, তুমি মোক কতো বিচাৰি ফুৰিব নালাগে। এই পুলিটোতে
থাকিম মই। তোমাৰ কাষতে। হ
? ৰাখিবানে
সিমানখিনি বিশ্বাস
?

: পাগল হৈছা গীতু?
কি প্রলাপ বকিছা? তোমাৰ অবিহনে তোমাৰ শিখাও
হেৰাই যাব এই পৃথিৱীৰ বুকুত। এইবোৰ ফাল্টু কথা আৰু কোনোদিন নক
বা।

গোটাকৈ বিষ এটাই
বুকুখনতে খুন্দিয়াই তাইৰ।
 

: বেঙীজনী মোৰ।

কপালতে চুমা এটা
আঁকি
, আৱেগেৰে
সাৱটি ধৰে বিশাখাক সি।

*      *     
*

জীৱনৰ বাটত উৰ্বৰতা
হেৰুৱাই হালধীয়া সৰাপাতে বিষাদৰ ৰাগী গায় –
ৰিক্ত আজি মই। সেউজীয়াবোৰ মাথোঁ অলীক
স্বপ্ন। সেউজীয়ালৈ এতিয়া মোৰ অতিক্ৰম কৰিব নোৱৰা দূৰত্ব
৷’

: প্লিজ গীতু, দিগদাৰ নকৰিবাচোন। আৰু অলপ শুবলৈ দিয়ানা।

কণ্ঠত তন্দ্ৰালসতা।
ওঁঠত সামান্য হাঁহিৰ ৰেশ।

বতাহত সৰি পৰা বিগনিয়া ৰেক্সৰ মৰহা পাত
এখিলা গালৰ পৰা লাহেকৈ আঁতৰাই দিয়ে বিশাখাই।

অদ্ভুত আচৰণ কিছুমান
কৰিবলৈ লৈছে বিশাখাই আজিকালি। কেতিয়াবা যদি বিগ
নিয়াৰ পুলিটো সাৱটি ধৰি
হুকহুকাই কান্দে
, কেতিয়াবা আকৌ পুলিটোলৈ চাই পাগলীৰ দৰে
হাঁহিবলৈ ধৰে। কেতিয়াবা হয়তো ঘণ্টাৰ পিছত ঘণ্টা ধৰি পুলিটোৰ সৈতে অনৰ্গল
বাৰ্তালাপত ব্যস্ত হয় । আনকি ৰাতি শোৱাৰ সময়তো টাবটো তাই বিছনাৰ ওপৰলৈ উঠাই লয় আৰু
সেইটো সাৱটি ধৰি
, কুচিমুচি শুই পৰে।

একমাত্ৰ জীয়েকৰ
অহৌবলিয়া কাম-কাজবোৰ দেখি দুখত ভাগি পৰিছে মাক-দেউতাক –
কি হৈছে ছোৱালীজনীৰ?
কোনোবা সুস্থ মানুহে এইবোৰ পাগলামী কৰে জানো !

জীয়েকক সুস্থ কৰি
তুলিবলৈকে
যেয়ে যি কৈছে, সকলো
কৰিছে তেওঁলোকে। ডাক্তৰৰ চিকিৎসা
, পূজা-পাতল , তাবিজ-মাদলি …। নাই, একোৱেই ফলপ্ৰসূ হোৱা নাই ।
মানসিক অৱস্থাৰ সমানে-সমানে বিশাখাৰ শাৰীৰিক অৱস্থাৰো দ্ৰুত অৱনতি ঘটিছে।

সময়ৰ পাকচক্ৰত মানুহ
কেনেকৈ যে অসহায় হৈ পৰে !

    
                *      *     
*

 

সেউজ হৃদয়ত সেউজীয়া
হেঁপাহ কিছুমান কঢ়িয়াই ফুৰা যায়। দুচকুত অংকুৰিত হয় এটি সেউজীয়া সপোন। ভালপোৱাৰ ৰং
হেনো সেউজীয়া।

প্ৰকাণ্ড কেম্পাছটোত
বিগ
নিয়া
ৰেক্সৰ পুলিটো বুকুতে সাৱটি উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিছে বিশাখা। দূৰৈৰ গছবোৰলৈ
আঙুলিয়াই দেখুৱাইছে তাই
...

: চোৱাচোন গীতু, গছজোপাই কেনেকৈ হালি-জালি নাচিছে। বলা না আমিও
নাচোঁ।

মানিজনীৰ দৰে ঘূৰি-ঘূৰি
নাচিবলৈ ধৰিছে তাই।

: গীতু, মোক সৌ ফুলপাহ লাগে। ছিঙি দিবা ? দিয়ানা প্লিজ।

ফুলপাহ নাপায়
হাত-ভৰি আচাৰি হাওহাও কৈ কান্দিছে ।

মেণ্টেল হস্পিটেল
বিশাখাৰ এতিয়া নতুন ঠিকনা।


বেড নম্বৰ ১০৫তাইৰ পৰিচয়।

এক গুৰুতৰ মানসিক
ৰোগত আক্ৰান্ত হৈছে তাই।
  ডিল্যুজনেল ডিচঅৰ্ডাৰ।

               *      *     
*

পাঁচ মাহৰ আগতে
কৰ্মক্ষেত্ৰৰ পৰা উভতি অহাৰ পথত গীতাৰ্থৰ গাড়ীখনৰ ব্ৰেক ফেইল হৈছিল আৰু তীব্ৰ
বেগেৰে আহি ৰাস্তাৰ মাজৰ ডিভাইডাৰত খুন্দা মাৰিছিল। বিশাখাই খবৰ পাইছিল – গীতাৰ্থ
আৰু নাই।

স্পট ডেথ

গুচি যাবৰ সময়
নোহোৱা মানুহজন হঠাতে এইদৰে গুচি গৈছিল। উজ্জ্বলি থকা তেওঁৰ দুচকুৰ হৃদয় জু
ৰোৱা হাঁহিটোও চিৰদিনলৈ
হেৰাই গৈছিল। পিছে অকস্মাত আহি পৰা অগাধ বিষাদ আৰু শূন্যতাই বিচলিত কৰিব পৰা নাছিল
বিশাখাক। হেৰুৱাৰ যন্ত্ৰ
ণাৰে সিক্ত হোৱা নাছিল তাইৰ দুচকু।
কেৱল এটা প্ৰস্তৰ মূৰ্তিৰ দৰে বিগ
নিয়াৰ পুলিটোলৈ একেথৰে চাই
বহি আছিল মানুহজনী
... বহু পৰ। সমবেত মানুহবোৰে কোৱা-কুই
কৰিছিল –
কন্দুৱাব লাগিছিল অছোৱালীজনীক।
নাকান্দিলে হার্ট ফেইল কৰিব।

পিছে মনৰ মাজত গঢ়ি
উঠা বিশ্বাসৰ সৌধটোক কিদৰে খহাই পেলায় বিশাখাই
? গীতাৰ্থই যে কথা দিছিল
– চিৰদিন তাইৰ কাষতে থকাৰ। গীতাৰ্থ কেনেকৈ মিছলীয়া হ
?

ভ্ৰম আৰু বাস্তৱৰ
মাজত সংযোগ স্থাপনাৰ্থে সাজি উলিওৱা বিশ্বাসৰ সাঁকোখন সুদৃঢ় কৰি
, বিগনিয়াৰ পুলিটোৰে সৈতে এটা কোঠাত বিশাখাই নিজৰে এখন কাল্পনিক জগত সাজি
উলিয়ালে আৰু সেই জগতখনত পর্যায়ক্ৰমে হেৰুৱাই পেলালে তাই নিজৰে অস্ত্বিত্ব। য
ৰ পৰা বিশাখাক উলিয়াই অনা এতিয়া সহজসাধ্য নহয় অথবা তাই সম্পূৰ্ণ সুস্থ হৈ
উঠিবনে নাই
, সেইটোও এক উত্তৰহীন প্ৰশ্ন। আজিকালি গীতাৰ্থৰ
কাল্পনিক উপস্থিতিতেই বিশাখাৰ সমস্ত হেঁপাহ ব্যা
প্ত। মানুহৰ
বাবে অতি সাধাৰণ বিগ
নিয়াজোপাই তাইৰ বাবে এতিয়া – গীতার্থ।কোনোবাই পুলিটো লাহেকৈ চুলেও, বস্তু-বাহনি দলিয়াই উগ্ৰ মূৰ্ত্তি ধাৰণ কৰে বিশাখাই ।

বিশাখাই নাজানে –
প্ৰকৃততে বিগ
নিয়া ৰেক্সৰ পুলিটোত, নে ক্ৰমান্বয়ে
তাইৰ উখহি উঠা পেটটোতহে গীতাৰ্থৰ আত্মাই স্থিতি লৈছে। তাই এইটোও নাজানে – বিগ
নিয়াজোপাত কণমানি গুলপীয়া ফুলবোৰ লহপহকৈ ফুলি উঠাৰ দৰে, গীতাৰ্থ আৰু তাইৰ সপোনৰ চুপহি এটায়ো পাহি মেলিবলৈ ধৰিছে ।

  
সম্প্ৰতি কাল্পনিক পৃথিৱীতে প্ৰেমৰ সফল প্ৰাপ্তি বিচাৰি বিশাখাই
ক্ৰমশঃ পাহৰি পেলাইছে বাস্তৱ পৃথিৱীৰ শীত-বসন্ত
, ভোক-পিয়াহ
অথবা দিন-ৰাতিৰ পাৰ্থক্য। আত্মাত ফুলি উঠা প্ৰেমৰ শিলফুলে প্ৰসৱ কৰা এপাহ ৰক্তমাংস
ফুল গৰ্ভত ধাৰণ কৰিও
, আজিৰ তাৰিখত সমাজৰ দৃষ্টিত বিশাখা এজনী
পাগলী

(সমাপ্ত)

 

শ্ৰী পল্লৱী কৌশিক
শৰ্মা

ডিমৰুগুৰি, নগাঁও

ভ্ৰাম্যভাষ :- ৯১০১২০৩৫৫৪