জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত

 অভিজিত
শৰ্মা বৰুৱা

 কোনো লোকৰ জন্মৰ সময়ত
গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল
, সেই অৱস্থানৰ বাবে জাতকৰ
জীৱনত কি কি ঘটিব
, জন্মপত্ৰিকা প্ৰস্তুত কৰি সেয়া আগতেই কৈ
দিয়াটো নিতান্তই এক চমকপ্ৰদ কাম আৰু এনেবোৰ কাম কৰাৰ বাবেই জ্যোতিষে সাধাৰণ
মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰি আছে৷ জ্যোতিষৰ জনপ্ৰিয়তাৰ আন
 এক কাৰণ হ
যে কোনো অনাকাংক্ষিত ঘটনা ঘটাটো বন্ধ কৰিবলৈ বা তাত বাধা দিবলৈ জ্যোতিষে কিছুমান
 বিধান দিয়ে আৰু
জ্যোতিষবিশ্বাসীসকলে সেই বিধান মানি অত্যধিক মূল্যত পাথৰ-চাথৰ কিনি পিন্ধি সেই
ঘটনা
 নঘটে বুলি
নিশ্চিত হৈ থাকিব পাৰে৷ তদুপৰি জ্যোতিষৰ বিধান লৈ কিছুমান আকাংক্ষিত ঘটনা ঘটোৱাৰ
উপায়ো 
মানুহে গ্ৰহণ
কৰিব পাৰে৷ যদিহে তৎসত্বেও অনাকাংক্ষিত ঘটনা ঘটি যায় বা আকাংক্ষিত ঘটনা নঘটে
,
তেতিয়াও অৱশ্যে জ্যোতিষৰ দোষ বা ভুল নাই! সেই ভুল কত – পাছত বাৰু আলোচনা কৰা যাব।

এই কথাও সঁচা যে
বিজ্ঞান বা যুক্তিসন্মত চিন্তাৰ আৰম্ভণি তুলনামূলকভাৱে পলমকৈ হৈছে৷ বিশ্বৰ সকলো
  ঠাইতে সেয়া হৈছে৷ সেয়াই
স্বাভাৱিক৷ প্ৰথমতে জ্ঞান
, তাৰ পাছত বিজ্ঞান৷ বিজ্ঞান শব্দৰ
অৰ্থই হৈছে
বিশেষ জ্ঞানম্‌। জ্ঞানেই যদি নাথাকে বিজ্ঞান
? আগৰ দিনত জ্যোতিষী আৰু পুৰোহিত
শ্ৰেণী যথেষ্ট প্রভাৱশালী আছিল
, আৰু প্ৰায়ভাগ মানুহে
তেওঁলোকৰ চিন্তা তথা বিচাৰৰ ওপৰত প্ৰশ্ন তোলা নাছিল
; তেওঁলোকে
যি কৈছিল
 বা যি
বিধান দিছিল
, তাকে মানি লৈছিল৷ তাৰ মাজতো কিছু সংখ্যক জ্ঞানী
ব্যক্তি আছিল
, যিসকলে শক্তিশালী পুৰোহিত শ্ৰেণীয়ে কোৱা সকলো কথা বিশ্বাস কৰা নাছিল, আৰু তাৰ প্ৰমাণ বিচাৰিছিল৷ তেওঁলোকে
কেৱল
 প্রমাণ বিচৰাই
নহয়
, সেই প্ৰমাণৰ বাবে নানা পৰীক্ষাও কৰিছিল৷ গেলিলিওৱে
নিজে দূৰবীণ সাজি গ্ৰহ
নক্ষত্ৰবোৰ চাইছিল আৰু তেনেবোৰ পৰীক্ষাৰ ফলতে প্ৰমাণিত হৈ গৈছিল যে চন্দ্ৰ,
সূৰ্য, শনি আদি বুলি কোনোবা দেৱতা নাই, সেইবোৰ ডাঙৰ নিৰ্জীৱ মহাকাশীয় আবাসীৰ বাহিৰে কোনো নহয়৷ এনেবোৰ ঘটনাই
প্ৰকৃততে জ্যোতিষৰ মূল ভেঁটিত আঘাত কৰিছিল। গেলিলিওৰ দূৰবীণেই জ্যোতিষবিদ্যা আৰু
জ্যোতিৰ্বিজ্ঞানৰ মাজত ফাট
 সৃষ্টি কৰাৰ লগতে তাক ক্ৰমে বহল কৰি নিছিল বুলি কলেও
বঢ়াই কোৱা নহয়। জ্যোতিষে যিহকে নকওক
, ইমান দূৰত থকা
নিৰ্জীৱ গ্ৰহ একোটাই কেনেকৈ মানুহৰ দৈনন্দিন কাম-কাজ
, স্বাস্থ্য,
মনৰ ভাব আদিত প্ৰভাৱ পেলাব পাৰে, সেই চিন্তা
সকলোৰে মনতে জগাটো স্বাভাৱিক কথা৷ পাৰ্থক্য মাত্ৰ এইখিনিতে যে কিছুমানে এই প্রশ্নৰ
উত্তৰ বিচাৰি যুক্তিৰ আশ্ৰয় লয়
, আৰু কিছুমানে চকু-কাণ বা চিন্তা-চৰ্চা বন্ধ কৰি যুক্তিহীন বিশ্বাসতে
খোপনি পুতি থাকে৷ নিউটনৰ মহাকৰ্ষণ সূত্ৰৰ সহায়ত আমি এতিয়া
 দেখুৱাব পৰা হৈছোঁ যে কোনো গ্ৰহ
বা নক্ষত্ৰ আৰু আমাৰ মাজত থকা বল অতি ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিমাণৰ৷ লগতে সেই
গ্ৰহবোৰৰ পৰা বিকিৰিত (বা প্ৰতিফলিত) ৰশ্মিৰ যে আমাৰ ওপৰত প্ৰভাৱ পেলাব পৰা
সামৰ্থ্য নাই
, সেয়াও আমি জানিব পাৰিছো৷ তথাপি আমি পাথৰৰ
সহায়েৰে সেই ৰশ্মিৰে আমাৰ ওপৰত ইতিবাচক ক্ৰিয়া 
কৰোৱাৰ কথা ভাবোঁ৷

যিবোৰ কথা বা ফল
যুক্তিসন্মত
, সেইবোৰ সদায় সঁচা হব লাগিব৷
এটা আপেল গছৰ পৰা সৰিলে সদায় তললৈ যাব লাগিব
, ধোঁৱা সদায়
ওপৰলৈ যাব লাগিব৷ কোনো দৰৱ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰাৰ আগতে গৱেষণাগাৰত
কিছুমান পৰীক্ষা সম্পন্ন হ
ব লাগিব – দৰৱটো
সেই পৰীক্ষাত উত্তীৰ্ণ হ
ব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ
কথা যে তাৰ পাছত যি দৰৱ তৈয়াৰ হ
, সি
সদায় একে ধৰণৰ ফলাফল দেখুৱাব লাগিব৷ পেৰাচিটামলে সদায় জ্বৰ কমাব পাৰিব লাগিব
,
পেনিচিলিনে বেক্টেৰিয়াক ধ্বংস কৰিব পাৰিব লাগিব, কুইনাইনে মেলেৰীয়া পৰজীৱিক আক্ৰমণ কৰিব পাৰিব লাগিব৷ যদিহে সি বাৰে বাৰে
একে কাম কৰিব নোৱাৰে (যদি কাচি নোৱাৰে
, তাৰো যুক্তি বা কাৰণ
থাকিব লাগিব)
, তেন্তে সেয়া বিজ্ঞানসন্মত দৰৱ নহ, তৰল বিশ্বাসহে ল৷ কাম কৰিবও পাৰে, নকৰিবও পাৰেবুলি
কোৱা দৰৱ কোনেও নাখায়৷ বিপৰীতক্ৰমে জ্যোতিষৰ বহুত 
কথাই সদায় সত্য নহয়৷ জ্যোতিষক
বিজ্ঞানসন্মত বুলি ক
ব নোখোজাসকলৰ বাবে এই সদায় সত্য নোহোৱাটো সদায়ে এটা শক্তিশালী যুক্তি৷

কিছুমান কাম
হোৱা-নোহোৱাৰ সম্ভাৱনা ৫০ শতাংশমান৷ এটা মুদ্ৰা টছ কৰিলে
হে
পৰিব নি টেপৰিব –
তাৰ সম্ভাৱনা ৫০-৫০। কোনো ছোৱালীৰ বিয়া হ
ব পাৰে বা নহবও পাৰে, কাৰোবাৰ চাকৰি হ
পাৰে
  বা নহবও পাৰে, কোনোবাই পৰীক্ষাত উত্তীৰ্ণ হবও পাৰে, নহবও পাৰে৷ এই
সম্পৰ্কত কোনোবাই প্ৰশ্ন সুধিলে ৰাশিচক্ৰ চাই (বা একো নোচোৱাকৈও) কিবা এটা কৈ দিব
পাৰি৷ লগতে ফলপ্ৰাপ্তিৰ বাবে বিধানো দিব পাৰি৷ পাছত সেই কথা মিলিলেতো বঢ়িয়া
,
নিমিলিলেও লোকচান নাই৷ কোনোবাই আহি ঘৰতে মাৰ-ধৰ কৰিতো নাযায়! তদুপৰি কথাষাৰ নফলিয়ালে
তাৰ কাৰণ হিচাপে ঠিকমতে বিধান নোলোৱা
, কিছুমান নিয়ম-নীতি
পালন
 নকৰা বুলিও যদি সাব্যস্ত কৰিব পৰা যায়, তেতিয়াতো কামেই খালাচ৷ আনহাতে কোনো লোক বা জ্যোতিষীৰ কথাবোৰ মিলাটো যিমান
বেছি প্ৰচাৰ হয়
, নিমিলাটো সিমান প্ৰচাৰ নহয়৷ গতিকে সেয়া হল এক জয়-জয়’ (win win)
পৰিৱেশ।

ভাৰতক জ্যোতিষৰ
আদিস্থান বুলি কোৱা হয় আৰু ভাৰতৰ সমাজত জ্যোতিষৰ প্ৰভাৱ যথেষ্ট৷ হিন্দু সমাজত
জ্যোতিষমতে জন্মকুণ্ডলী নোচোৱাকৈ হোৱা বিয়া এতিয়াও যথেষ্ট কম৷ আনহাতে য

এনে ৰাশিজোৰা চোৱা নাযায়
, বা লৰা-ছোৱালীয়ে
সেইবোৰ বা-বিচাৰ নকৰাকৈ ইজনে সিজনক পচন্দ কৰি বিয়া পাতে
, তাৰ
বাবেও জ্যোতিষত
চিত্তশুদ্ধিবুলি এটা
ব্যৱস্থা ৰাখি থোৱা হৈছে৷ জ্যোতিষৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া
  যে, কোনো
জ্যোতিষীয়ে (সম্ভৱ) উপযাচি কাৰো ঘৰে ঘৰে গৈ জন্মপত্ৰিকা বা ৰাশিচক্ৰ বিচাৰি সেয়া
গণনা কৰি বিধান নিদিয়ে৷ বৰং সাধাৰণ-অসাধাৰণ মানুহেহে আহি নামী জ্যোতিষীৰ ওচৰত ভিৰ
কৰেহি৷ জ্যোতিষৰ এনে
 বহুল প্ৰচলনৰ বাবে মানুহকো দোষ দি লাভ নাই৷ বহুত সাধাৰণ যুৱক-যুৱতীয়ে
স্বাভাৱিক কাৰণতে চাকৰি বা
 নিযুক্তিৰ পথ নাপায়, সকলোকে জীৱিকা নিৰ্বাহৰ ভাল
উপায় উলিয়াই দিব পৰাকৈ আমাৰ দেশৰ অৰ্থনীতিও থাকিব নে নাথাকে
, সেই বিষয়ে নিশ্চিত নহয়, বহু দুখীয়া বা মধ্যবিত্ত
লোকৰো বিভিন্ন আশা থাকে৷ কিন্তু এনে
 সকলোবোৰ লোকৰ তেনে আশা-আকাংক্ষা পূৰণ হব নে নহয়, বা হলে কেতিয়া হব – সেয়া কোনেও নাজানে। সেয়া আচলতে আগতীয়াকৈ জনাৰ কথাও নহয়৷ এনেবোৰ
অনিশ্চিত কথাৰ যুক্তিহীন ভৱিষ্যদ্বাণী কৰাটো বিজ্ঞানৰ ধৰ্ম নহয়৷ বিজ্ঞানে বিভিন্ন
তত্ত্ব
, নিৰীক্ষণৰ সহায়ত ভবিষ্যদ্বাণী নকৰা নহয়৷
সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণ
, জোৱাৰ-ভাটাৰ উপৰি কোনটো মহাকাশীয়
বাসিন্দা কেতিয়া পৃথি
ৱীৰ ওচৰেদি পাৰ হৈ যাব, কোনটো ধূমকেতু কেতিয়া ওলাব – সেইবোৰ বিজ্ঞানে আগতীয়াকৈ কৈ দিয়ে৷ আনকি কিছুমান তথ্যৰ
আধাৰত ধুমুহাৰ খবৰ
, বতৰৰ
আগলী বতৰা আদি দিয়াৰ প্ৰচেষ্টাও বিজ্ঞানে চলাইছে৷ কিন্তু কোনো মানুহৰ ভৱিষ্যত
জীৱনত কি ঘটিব
 তাৰ
বিষয়ে ক
ব পৰাকৈ যুক্তিসন্মত আধাৰ নাই বাবে এই ক্ষেত্ৰত
বিজ্ঞানে একো নকয়৷ সেই সুবিধাতে প্ৰৱেশ
 ঘটে জ্যোতিষৰ৷ কিছুমান অতি দুৰ্বল আধাৰ, যুক্তিহীন ভেটিৰ ওপৰত নিৰ্ভৰ কৰি কিছু জ্যোতিষীয়ে তেওঁলোকৰ ওচৰলৈ অহা কিছু লোকৰ
ভূত-ভৱিষ্যৎ কৈ যায়
, সমুখত কিবা বিপদ-বিঘিনি থকা যেন পালে
তাৰ
 প্ৰতিকাৰৰ বিধান দিয়ে৷
চন্দ্ৰ
, সূৰ্য, মংগল, বৃহস্পতি, শনি আদি সকলোৰে সন্তুষ্টিৰ বাবে বিশেষ
প্ৰকাৰৰ আৰু নিৰ্দিষ্ট ভৰৰ পাথৰ বা আন উপায় দিয়ে৷ (গণনা কৰাৰ মাননি হিচাপে পোৱা
ধনৰ উপৰি অত্যধিক মূল্যৰ এনে পাথৰ
, কবচ, তাবিজ আদি হল প্ৰকৃততে জ্যোতিষীসকলৰ
আয়ৰ মূল উৎস৷) হিচাপ মতে ইমানখিনি কৰাৰ পাছত সেইজনৰ একো হ

নালাগিছিল
, তেওঁ সফল হব লাগিছিল বা
তেওঁ কৃতিত্বৰ উচ্চ স্তৰত আৰোহণ কৰিব লাগিছিল৷ কিন্তু প্রায়বোৰ ক্ষেত্ৰতে সেয়া
নহয়৷ অথচ তেনে বিধান নোলোৱাকৈ আনকি
সোঁৱৰণীও নেদেখুৱাকৈ ইউৰোপ,  আমেৰিকা, জাপানৰ লোকে নোবেল পুৰস্কাৰ পায়, বিশ্বযোৰা খ্যাতি লাভ কৰে৷ সেয়া বা কেনেকৈ হয়? 

কিন্তু জ্যোতিষৰ
বিধান লৈ বা সেয়া নিষ্ঠাৰে গ্ৰহণ কৰি মানুহৰ একো লাভ নহয়নে
? সেয়াও নোহোৱা নহয়৷ জ্যোতিষৰ
ওপৰত অপৰিসীম বিশ্বাস ৰখা
, জ্যোতিষীৰ বিধান নিষ্ঠাসহকাৰে
গ্ৰহণ কৰি কামত আগবঢ়া
 কিছু লোক নিজে বিচৰা ক্ষেত্ৰত সফলো হয়৷ সেয়া আচলতে জ্যোতিষী আৰু
জ্যোতিষৰ বিধানৰ ওপৰত থকা
 অটল বিশ্বাসৰ ফলত তেওঁ লাভ কৰা প্ৰচুৰ আত্মবিশ্বাসৰ জৰিয়তে অৰ্জন কৰা
সফলতাহে৷ তেওঁ যদি আন প্ৰকাৰে সেই আত্মবিশ্বাস লাভ কৰিব পাৰিলেহেঁতেন
, তেন্তে হয়তো জ্যোতিষৰ বিধান, পাথৰ আদিৰ প্ৰয়োজনেই নহলহেঁতেন। সি যি নহওক, কোনো লোকে যদি জ্যোতিষৰ জৰিয়তে
লেও আত্মবিশ্বাস লাভ কৰিব পাৰে বা তেনেকৈ সফলতা লাভ কৰিব
পাৰে
, তেন্তে নো কি বেয়া? আৰু এফালৰ
পৰা চাবলৈ গ
লে জ্যোতিষ হল জ্যোতিষীৰ
পেছা৷ কুমাৰৰ বাবে মাটিৰ বাচন গঢ়াটো
, শিক্ষকৰ বাবে পঢ়ুওৱাটো,
চিকিৎসকৰ বাবে চিকিৎসা কৰাটো যেনেকৈ পেছা, তেনেকৈ
জ্যোতিষো জ্যোতিষীৰ পেছা৷ বাকীকেইটাৰ দৰে সেৱামূলক পেছা নহ
লেই
যেনিবা৷ পাছে জ্যোতিষৰ ক্ষেত্ৰত মূল আপত্তি হ
ল জ্যোতিষে বহু
ক্ষেত্ৰত সমাজত অন্ধবিশ্বাস বঢ়োৱাত সহায় কৰে৷ জ্যোতিষক বিজ্ঞানসন্মত বুলি কৈ
বহুতে বিজ্ঞানক
এক্সপ্লইটকৰিব খোজে।
জ্যোতিষীয়ে বিজ্ঞানৰ অৱদান কম্পিউটাৰ ব্যৱহাৰ কৰাটোৱে এইটোহে বুজায় যে আগতে
তেওঁলোকে হাতত কলম-কাগজ লৈ কৰা কিছুমান হিচাপ আজিকালি কম্পিউটাৰে কৰি দিয়ে৷ কম্পিউটাৰৰ কামেই 
সেইটো। তাক ব্যৱহাৰ কৰাজন বিজ্ঞানী নে জ্যোতিষী, চোৰ নে
ডকাইত
, পণ্ডিত নে ঠগ, কংগ্ৰেছ নে
বিজেপি দলৰ – তাক লৈ কোনো কথা নাই৷ কম্পিউটাৰৰ ব্যৱহাৰে কোনোপধ্যে জ্যোতিষক
বিজ্ঞানসন্মত কৰি নোতোলে৷ জ্যোতিৰ্বিজ্ঞান বিজ্ঞানসন্মত
, কিন্তু
জ্যোতিষৰ বিচাৰবোৰ সদায়
জ্যোতিষসন্মত’, বিজ্ঞানসন্মত নহয়।

আন এক ডাঙৰ
সমস্যা হয়
, যেতিয়া জ্যোতিষে ব্যক্তিগত সীমা পাৰ হৈ সামাজিক দিশত
প্ৰভাৱ কৰে
, আৰু নানা যুক্তিহীন চিন্তা বা চৰ্চাত খোৰাক যোগায়৷ যেতিয়া জ্যোতিষে ৰাজহুৱাকৈ দুমাহত আঠটা ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনাৰ কথা কয়,
বা কোনোবা বিশেষ ব্যক্তি বা দলৰ ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে কয় অথবা তেনে ধৰণৰ
আন কথা কয়
, তেতিয়াহে কথাবোৰ অসহনীয় আৰু সামাজিকভাবে
নেতিবাচক হৈ পৰে৷ কাৰণ তেনেবোৰ কথাই ৰাজনৈতিক
, অৰ্থনৈতিক আৰু
সামাজিক ক্ষেত্ৰত কুপ্ৰভাৱ বা সেয়া নহ
লেও অবাঞ্ছিত প্ৰভাৱ  পেলাব পাৰে৷ কোনো জ্যোতিষীয়ে
যেতিয়া জ্যোতিষত বিশ্বাসী কোনো লোকৰ ভাগ্য গণনা কৰাৰ সীমা পাৰ হৈ
 নিজাববীয়াকৈ কোনো দেশ বা ৰাজ্যৰ
ভাগ্য গণনা কৰে
, ৰাজনৈতিক ক্ষেত্ৰত প্রভাৱশালী কোনো ব্যক্তিৰ
বিষয়ে
 ভৱিষ্যদ্বাণী
কৰে
, কিছুমান যুক্তিহীন আগলি-বতৰা দিয়ে;
লগতে সেইবোৰ ৰাজহুৱাকৈ প্ৰকাশো কৰে, তেতিয়া সমস্যা অধিক
গুৰুতৰ হৈ উঠে আৰু যুক্তিবাদী লোকৰ সহ্যৰ সীমা পাৰ হৈ যায়৷ কিছুমান প্ৰচাৰ
মাধ্যমেও সেইবোৰ প্ৰচাৰ কৰাত অত্যধিক গুৰুত্ব দিয়ে আৰু তেনেকৈ যুক্তিসন্মত
ভাব-চিন্তাক একাষৰীয়াকৈ থৈ যুক্তিহীনতাৰ ভেটি প্ৰতিষ্ঠা
 কৰে। টি ভি চেনেলসমূহ বা আন
প্ৰচাৰ মাধ্যমে জ্যোতিষক এনে ধৰণৰ অযুক্তিকৰ গুৰুত্ব দিব নালাগে৷ এফালৰপৰা চাবলৈ গ
লে তেনে কৰাটো সামাজিক অপৰাধো৷ আমাৰ দেশত যদি এনে বিধান থাকিলহেঁতেন যে
কোনোবাই নিশ্চিতি দি কিবা ঘটনা ঘটিব বুলি প্ৰচাৰ কৰাৰ পাছত
, সেয়া
নঘটিলে সমাজত অপপ্ৰচাৰ চলোৱাৰ অপৰাধত বিচাৰৰ সমুখীন হ
বলগীয়া
লহেঁতেন বা আন নহলেও ব্যস্ত চাৰিআলিত আঁঠু কাঢ়ি থাকিবলগীয়া হলহেঁতেন, তেন্তে এনে দৃশ্য আমি সঘনাই দেখি থাকিলোহেঁতেন৷ আমাৰ দেশত আজিকোপতি এনে ব্যৱস্থা নোহোৱা বাবেই
বহুতে জ্যোতিষ বোলা বিদ্যাবিধক ভেজা দি কিবাকিবি কৈ আৰু কৰি থাকিব পাৰিছে৷ তেওঁলোকে আগতে কৈ থোৱামতে
ঘটনাবোৰ ঘটিলে অত্যধিক প্ৰচাৰ
, নাম, খ্যাতিৰ লগতে ব্যৱসায়তো সহায় হয় আৰু নঘটিলেও কোনো ৰিস্ক্
নাই৷ এনে অতিশয় সুবিধাজনক পৰিস্থিতি কোনে এৰিব?

কোনো অঞ্চলত
হঠাতে সংঘটিত ভূমিকম্প আদি ঘটনাৰ সময়ত নানা আন আন ঘটনাও ঘটাৰ সম্ভাৱনা বা আশঙ্কা থাকে৷ কোনো
 কুপুত্ৰই সেই সময়তে মাকক
মাৰিবলৈ হাত দাঙিব পাৰে
, কোনো লোকে সেই সময়তে কিবা কাৰণত
প্ৰাৰ্থনা আধাতে এৰি গৌসাই ঘৰৰ পৰা ওলাই আহিব পাৰে
, চলি থকা
ক্ৰিকেট খেল এখনত কোনোবা বেটছমেন সেই সময়তে আউট হ
ব পাৰে বা ফুটবল
খেল এখনত লায়নেল মেছিয়ে সেই সময়তে এটা গ
ল স্কৰ কৰিবও পাৰে৷ কিন্তু কোনেও সেইবোৰ কাৰণত ভূমিকম্প হৈছে বুলি নকয়৷ কাৰণ
তেওঁলোকে বুজি পায় যে টেকটনিক প্লেটৰ
 সঞ্চালনৰ বিশেষ পৰিস্থতিৰ বাবেহে সেই ভূমিকম্পৰ সৃষ্টি হৈছে
আৰু এই মিল নিতান্তই এক কাকতালীয় মিল। তেনেদৰে সেই সময়ত মংগল
, শনি বা আন কোনো গ্ৰহৰ অৱস্থান যিয়েই নহওক, তাৰ
বাবেই ভূমিকম্প হৈছে বুলি অযুক্তিকৰ কথা কোনেও ক
ব নালাগে বা
কোনোবাই ক
লেও সেই কথা আনে বিশ্বাস কৰিব নালাগে৷ আমাৰ বাবে
সমস্যা হৈছে যে কোনো লোকে তেনে বিভ্ৰান্তিমূলক কথা ক
ব খোজে আৰু
আনকি এখোজ
 আগবাঢ়ি
তেনে গণনাৰ ভিত্তিত আকৌ অমুক সময়ত ভূমিকম্প হ
ব বুলিও কব খোজে৷ কাৰণ সেই একেটাই। মিলি গ
লে খ্যাতি, দেশযোৰা
প্ৰচাৰ
; নিমিলেলে ৰিস্ক!

আমি ভাল পাওঁ বা
বেয়া পাওঁ
, বিচাৰো বা নিবিচাৰো- জ্যোতিষক উৎখাত কৰিব নোৱাৰি৷ আমি
আগতে কোৱামতেই এয়া কাৰোবাৰ বাবে জীৱিকাৰ অৱলম্বন
, কাৰোবাৰ
বাবে বিশ্বাসৰ একান্ত স্থল৷ সেইসকল লোকক হাজাৰবাৰ যুক্তিৰে বুজায়ো একো লাভ নাই।
জ্যোতিষে হয়তো অমূলক আশা দিব পাৰে
, কিন্তু তেনে আশাতো বহুত
লোক জীয়াই আছে
, জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে৷ সেই হিচাপত
জ্যোতিষে হয়তো কিছু গুৰুত্ব পাবও পাৰে। পিছে জ্যোতিষক যেন তাতকৈ বেছি গুৰুত্ব
দিয়া নহয়৷ জ্যোতিষৰ আধাৰত কিছুমানে বাৰেবিংকৰা কথা কিছুমান ক
লেও তাক যেন পোনছাটেই নাকচ কৰা হয়, উপেক্ষা কৰা হয়,
সেইবোৰে যেন কাকত-পত্ৰত বা টিভি চেনেলত অত্যধিক প্ৰচাৰ নাপায়৷ জ্যোতিষে যেন এক সীমাৰ উৰ্ধ্বলৈ গৈ ৰাজ্যত ৰজা ভঙা-পতাৰ খেলত জড়িত নহয়;
ভূমিকম্প, পৃথিৱী ধ্বংস হোৱা আদিৰ বিষয়ে
অযুক্তিকৰভাৱে ভৱিষ্যদ্বাণী নকৰে
, সমাজত সামাজিক
অন্ধবিশ্বাসৰ সৃষ্টি নকৰে৷ সমাজৰ কিছু একান্ত বিশ্বাসী লোকৰ বাবে জ্যোতিষ-চৰ্চা
চলিলেও চলক
, বিজ্ঞানৰ অগ্ৰগতিৰ সমান্তৰালভাবেই লাগিলে চলক,
কিন্তু ৰে
ললাইনৰ দুটা চিৰিৰ দৰে বিজ্ঞানৰ লগত জ্যোতিষৰ পাৰ্থক্য
সকলো সময়তে ৰক্ষা হ
ব লাগিব, জ্যোতিষে
বিজ্ঞানৰ লগত লগ হোৱাৰ
দুঃস্বপ্ন দেখিব নালাগিব৷ জ্যোতিষৰ
বিচাৰ-বিধান সদায় জ্যোতিষসন্মত হৈয়েই থাকক
, বিজ্ঞানসন্মত হবলৈ চেষ্টা নকৰক৷