টিটিৰ শামুকীয়া গতি

 নৱনীতা ভট্টাচাৰ্য্য

বছৰটোৰ বেছিভাগ সময়
শীতে আগুৰি থকা ঠাইখনৰ পৰা আহি এই উৎকট গৰমত টিটিৰ কি অৱস্থা হৈছে তোমালোকে হয়তো
ধৰিব পাৰিছা৷ তথাপি অ
ন্যান্য বনৰ সকলো জীৱ-জন্তুৰ সহায়ত
আজি সি বহুত সুস্থ হৈ উঠিছে৷ বনৰ সকলো প্ৰাণীৰ সহায়তে সি আজি এই শীতল ঠাইক
বিচাৰি উলিয়াই দেহাটো শাঁত পেলোৱাৰ সুযোগ পাইছে৷
সেইবাবে সি বনৰ সকলো প্ৰাণীৰ ওচৰত চিৰ
ণী হৈ ৰসিহঁতৰ বাবেই আজি সি জীৱনটো ঘূৰাই পাইছে৷ টিটিয়ে
অসুস্থ দেহাটোৰে পানী
যুঁৱলিতে বহি বহি এই কথাবোৰ চিন্তা কৰি
আছে৷ এইকেইদিনৰ ভিতৰতে তাৰ জীৱনৰ কিমান সালসলনি ঘটিল তাক চিন্তা কৰি আছে৷ জীৱনৰ
লেহেমীয়া গ
তিটো দেখি তাৰ দুখো লাগিল৷ এইকেইদিন পানীযুঁৱলিত বহাৰ বাহিৰে তাৰ যেন একো কামেই নাই। দিনৰ দিনতো ব্যস্ততাৰে ঘূৰি ফুৰা
টিটিৰ জীৱনটো এনেদৰে
ৰৈ যাব বুলি সি সপোনটো ভবা নাছিল৷ এই
কথাবোৰ ভাবি থাকোঁতেই সি মন কৰিলে যে
পুখুৰীটোৰ পাৰত থকা গছজোপাৰ পৰা কিবা এটা অতি ধীৰ গতিত নামি আহি আছে৷ প্ৰাণীটোৰ
ফালে সি অতি মনোযোগেৰে চাই থাকিল। পিছে তাৰ মনটো যিমান বেগেৰে ঘূৰিব ধৰিছে জীৱটোৱে
সিমান ধীৰ গতিত আহি থকা দেখি টিটিৰ অলপ আমনিও লাগিল৷ গৰমে আঁটি মৰা দেহাটো লৰাবলৈ
তাৰ অকণো মন নাছিল যদিও মনৰ কৌতূহল দমাব নোৱাৰি সি গছজোপাৰ ওচৰলৈ গৈ তাক ধৰি আনি
ওচৰতে থৈ সুধিলে
, “হেৰা! মোৰ ভয়তে হাত-ভৰি লুকাব নালাগে৷ মই
তোমাৰ অকণো অপকাৰ নকৰোঁ। মই মাথোঁ তোমাৰ লগত চিনাকি হ
বলৈহে
বিচাৰিছোঁ।

টিটিৰ কথা শুনি
অচিনাকি জীৱটোৱে লাহেকৈ মূৰটো উলিয়াই ক
লে, “মই এইখন বনৰে বাসিন্দা। সকলোৰে মাজত মই শামুক নামেৰে জনাজাত৷ পিছে মই
আজিলৈকে আন কোনো জীৱৰ লগত মিতিৰালি পাতি পোৱা নাই। মোৰ নিচিনা প্ৰাণীৰ লগত কোনেনো
বাৰু মিতিৰালি কৰিব। সেইবাবে কেনেকৈ চা-চিনাকি হ
ব লাগে তাকো
নাজানো
৷”

শামুকটোৰ কথা শুনি
টিটিয়ে ক
লে, “নামটো সুন্দৰ যেতিয়া, তোমাৰ কামবোৰো সুন্দৰ হব চাগে৷ পিছে নিজকে ইমান নগণ্য বুলিনো কিয় ভাবিছা?”

টিটিৰ প্রশংসা শুনি
শামুকটোৱে ক
লে, “মোৰ বিশেষত্ব যিয়েই নাথাকক কিয়
মোৰ এই লেহেমীয়া গতিটোৰ বাবে সকলোৰে আগত মই হাঁহিয়াতৰ পাত্ৰ হৈ পৰি
ছোঁ৷”

উঃ! এই সামান্য কথাটোতে ইমান দুখ কৰিব লাগেনে? পৃথিৱীৰ
সকলো জীৱৰে নিজা নিজা বৈশি
ষ্ট্য থাকে৷ এইটো তোমাৰ এটা বৈশিষ্ট্য বুলিয়ে ধৰিব পাৰা আৰু নিশ্চয় এনে বহুতো বৈশিষ্ট্য আছে যাক তুমি আওকাণ
কৰি আছা!

টিটিৰ কথা শুনি
শামুকটোৱে কিছু পৰ চিন্তা কৰি ক
লে, “এইটো মোৰ বৈশিষ্ট্য নেকি?” ইমান দিনে দুৰ্বলতা বুলি ভাবি থকা কথাটোক এটা
শব্দই এনেদৰে সলনি কৰি দিব পাৰে বুলি সি কাহানিও ভবা নাছিল৷ বৈশি
ষ্ট্য শব্দটো ভাবিয়ে তাৰ মনটো ভাল লাগি গল৷ সেইবাবে তাৰ
আৰু কি কি বৈশি
ষ্ট্য আছে ভাবি চাবৰ মন গল৷ মন গল মানে টিটিৰ আগত সেই বিষয়ে কিছু বহলাই কবলৈ মন গল৷ সি এইবাৰ মূৰ দাঙি আত্মবিশ্বাসেৰে কবলৈ ধৰিলে, “লেহেমীয়া গতিৰে যোৱাটোও মোৰ বৈশিষ্ট্য৷ মই যদি অকণো জিৰণি নোলোৱাকৈ একে লেথাৰিয়ে মোৰ গতিত
আগুৱাই গৈ থাকোঁ
, তেনেহলে মই এসপ্তাহমানৰ ভিতৰতহে এক কিলমিটাৰ পথ অতিক্ৰম কৰিম পাৰিমসেইবাবেইতো শামুকীয়া গতি বুলি সকলোৱে মোক উপহাস
কৰে। অৱশ্যে আজিৰ পৰা এইটো মোৰ বিশেষ বৈশি
ষ্ট্য বুলিয়ে মানি
লৈ চলিম৷

শামুকটোৰ কথা শুনি
টিটি হাঁহিত ফা
টি পৰিল৷ ইফালে টিটিয়ে যিমানে হাঁহিছে শামুকটোৰ মনটো সিমানে সেমেকি গল৷ পৰিস্থিতিৰ গভীৰতা বুজি পাই টিটিয়ে হাঁহি
সামৰি ক
লে, “এইটো তোমাৰ কম ডাঙৰ
গুণনে! আজি এমাহে গৰমত দেই-
পুৰি হাঁহি-ফূৰ্তি কাক বোলে
পাহৰিয়ে গৈছিলোঁ। দেহাৰ কষ্টত মনটোও
ভাগৰুৱা হৈ পৰিছিল৷ খাই-শুই
দিন কটাই এলেহুৱা হৈ পৰি
ছোঁ৷ ভাবিছিলোঁ
এনেদৰে লেহেমীয়া গ
তিত গৈ থাকিলে সকলোৱে মোক পিছ পেলাই আগুৱাই যাব৷ ভাবটোৱে মনটো গধুৰ কৰি তুলিছিল৷ পিছে তোমাক লগ পাই আজি মনটো বহুত
পাতল পাতল লাগিছে
, লগতে শৰীৰটোৱেও কিছু সকাহ পালে৷ এনেদৰে লেহেমীয়া
তিত কাম কৰিব পৰাটো এটা কলা, যিটো তুমি জন্মগতভাৱে আহৰণ কৰিছা।

টিটিৰ কথা
শামুকটোৱে কিছু সাহস পালে৷ সি যে একক আৰু অনন্য সেই কথাটো সি আজিহে অনুভ
কৰিলে৷ সেইবাবে সি এইবাৰ দুগুণ উৎসাহেৰে তাৰ বৈশিষ্ট্যমূহ বিচাৰিবলৈ ধৰিলে৷ লগে লগে সি তাৰ বহুতো বিশেষত্ব বিচাৰি
পালে যিবোৰ সি ইমানদিনে ভবাই নাছিল। মনৰ ভিতৰতে সি কথাবোৰ এবাৰ পা
গুলি লৈ টিটিক কবলৈ ধৰিলে, “হেৰা! মোৰ 
বিশেষত্ব অকল সেইটোৱেই নহয়৷ মোৰ আৰু বহুতো বিশেষত্ব আছে যিবোৰ
আন জীৱৰ নাই। ৰ
বা, মই এটা এটাকৈ গৈছোঁ— আমি হলোঁ উভয়লিংগী প্রাণী। আমি
সাধাৰণতে দেখা পা
ওঁ যদিও শুনা নাপাওঁ৷ আমি
যিহেতু নিশাচৰ প্ৰা
ণী, সেইবাবে আমাক ৰাতিহে বেছি সক্ৰিয়
দেখা যায়। সূৰ্যৰ ৰ
শ্মি আমাৰ একেবাৰে ভাল নালাগে৷ তদুপৰি, আমি সকলো সময়তে ভোকাতুৰ হৈ থাকোঁ বাবে
একে লেথাৰিয়ে খায়েই থাকিব পাৰোঁ৷ গছৰ পাতবোৰ আমাৰ বৰ প্ৰিয়৷ সেই অনুপাতে আমাৰ
শৰীৰৰ শক্তিও বহুত বেছি৷ আমি প্ৰতি বছৰে চাৰিশমান কণী পাৰি নতুন শামুকৰ জন্ম দিব পা
ৰোঁ

আমাৰ আন এটা বিশেষত্ব হল যে আমাৰ দেহটো এক
বিশেষ বস্তুৰে তৈয়াৰী খোলাৰে আগুৰি থাকে৷ এই খোলাটোৱে আমাক বিপদৰ সময়ত ৰক্ষা
কৰে৷ বয়সৰ লগে লগে এই খোলাটোও ডাঙৰ হৈ যায়৷ এই খোলাটোৰ সন্মুখৰ ভাগত কিছুমান
বিজলুৱা পদাৰ্থ থাকে। এই পদাৰ্থবিধে আমাক বগাই যোৱাত সহায় কৰে৷ আমি বগাই যোৱা ঠাইবোৰত
এই বিজলুৱা পদাৰ্থটোৰ সাঁচ দেখিবাই।

চৰাই, এন্দুৰ
জাতীয় জীৱবোৰ আমাৰ শত্ৰু৷ তদুপৰি নিমখ জাতীয় পদাৰ্থই আমাৰ জীৱনলৈ বিপদ মাতি আনিব
পাৰে৷ সেইবাবে আমি এনে পদাৰ্থৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰোঁ৷

শামুকটোৰ কথা শুনি
টিটিয়ে ক
লে, “তোমাৰ ইমানবোৰ বিশেষত্ব থকা সত্ত্বে‍ও তুমি নিজকে দুৰ্বল বুলি ভাবি মন বেয়া কৰিছা৷ তুমি তোমাৰ গতিত এতিয়াও
গৈয়ে আছা৷ মইহে মোৰ জীৱনটোক গতি দিব পৰা নাই
৷”

টিটিৰ কথা শুনি
শামুকটোৱে ক
লে, “তুমি কি পাক লগোৱা কথাবোৰ কৈছা
মই হ
লে একো ধৰিব পৰা নাই। পিছে তুমি আজি মোৰ চকু খুলি দিলা৷
আজিৰ পৰা আমি দুয়ো পৰম মিত্ৰ হৈ পৰিলোঁ!

এইবোৰ
বৰ দীঘলীয়া কথা৷ পিছে‍-পৰে সকলো কথা খুলি কম। পিছে এটা কথা মনত ৰাখিবা, মই তোমাৰ অকল চকু খোলাই
নহয়
, কেনেকৈ মিতিৰালি পাতিব লাগে তাকো শিকাই দিলোঁ

সঁচাকৈ,
তোমাৰ নিচিনা বন্ধু এজন পোৱাটো ভাগ্যৰ কথা৷ এতিয়া বিদায়হে।
কথাষাৰ কৈ শামুকটোৱে নিজৰ বাট ললে৷ টিটিয়েও
একান্ত মনে শামুকটোলৈ চাই থাকিল৷ তাৰ লেহেমীয়া গতি দেখি টিটিৰ মনটো
শাঁত পৰি গসি শামুকটোক দেখি
উপল
ব্ধি কৰিলে যে জীৱন কেতিয়াও ৰৈ যাব নোৱাৰে, হয়তো কেতিয়া তাৰ গতি কিছু লেহেমীয়া হব পাৰে৷
কিন্ত তাতো সুখ বিচাৰি পোৱাটোহে বিজ্ঞজনৰ কাম।

লেখিকাৰ ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০