sdblogs2011

sdblogs2011

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা (২৬)   : দিনবোৰ ইমান খৰকৈ পাৰ হৈ যাব বুলি ভবা নাছিলোঁ।— ষ্টেপানে ক‘লে। : সময়হে। সময় যাবই আৰু তোমাৰ-মোৰ জীৱনৰ পৰা সৰকি।— মিষ্টাৰ ইগৰে নিজৰ মত শুনালে। : তথাপি বেছি খৰকৈ যোৱাৰ দৰে লগা নাইনে! :…

পখীৰ সুৱদি মাত

মানসী গোস্বামী     অ’ ৰুণ, অ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগে চোন।   কুলিয়ে কৰে কুউ কুউ গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই কেতেকী।   সখী ঔ সখী ঔ বোলে সখিয়তী, হেঁটুলুক হেঁটুলুক হেঁটুলুকা…

মানৱ সম্পদৰ প্ৰসঙ্গত

  ফেব্ৰুৱাৰি (২০২৫) মাহৰ শেষৰ সপ্তাহত অসমৰ চৰকাৰে দেশ-বিদেশৰ অনেক বিনিয়োগকাৰীক দুদিনৰ বাবে অসমলৈ মাতি আনি অসমত বিনিয়োগ কৰিবলৈ তেওঁলোকৰপৰা প্ৰতিশ্ৰুতি আহৰণ কৰিলে৷ বাতৰি কাকতৰ যোগেদি জানিব পৰামতে বিভিন্ন কোম্পানীয়ে হেনো অসমত কমেও আঢ়ৈ লাখ কোটি টকা বিনিয়োগ কৰিব৷ ফলস্বৰূপে…

জন্মভূমি আজি

মূল :  বীৰেন্দ্ৰ চট্টোপাধ্যায় (বাংলা)  অনুবাদ  : ৰুদ্ৰ সিংহ মটক   এবাৰ মাটিৰ ফালে চোৱাঁ এবাৰ মানুহৰ ফালে।   এতিয়াও ৰাতি হোৱা নাই অন্ধকাৰ এতিয়াও তোমাৰ বুকুৰ ওপৰত কঠিন পাথৰৰ দৰে, তুমি উশাহ ল’ব পৰা নাই। মূৰৰ ওপৰত এখন ভয়ঙ্কৰ ক’লা…

মাধৱী, মই আৰু জুয়ে পোৰা মঙহবোৰ

 নিংকু নিশা নেওগ               য’ত কাহিনী এটাৰ জন্ম হ’ব নালাগিছিল : আৰু এনেকৈয়ে এদিন কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰেই ঘটিছিল৷ কাহিনীকাৰলৈ কাহিনী এটাই কোলা বাগৰি বাগৰি উজাই আহিছিল৷ ঘটনাবোৰৰ আৰম্ভণি ক’ত হৈছিল, কোনে কৰিছিল মই…

অচিন জগতত বাটলু

  স্মৃতিৰেখা দেৱী আজি মহাৰাজ কেশৰীকে ধৰি সকলো প্ৰাণীৰে অতিকে মৰমৰ সেউজপুৰখন চালে চকুৰোৱাকৈ সজাই-পৰাই তোলা হৈছে৷ যিফালেই চকু যায় সেইফালেই কেৱল ৰং, আনন্দ আৰু উলাহ; অকল ফুল আৰু ফুলৰ সাজোন-কাচোন৷ ৰাজ্যখনৰ প্ৰতিজন প্ৰাণীয়েই হাতে হাতে ফুল-পাত আৰু যি যেনেকৈ…

ফাগুন

 অৰুণ গগৈ                   ফাগুন আহিল পলাশ ফুলিল উৰিল বাটৰ ধূলি গছৰ ডালত শালিকী চৰায়ে মাৰিছে কিৰিলি।    পছোৱা বলিল পাতো সৰিল গছবোৰ লঠঙা হ’ল নীলা আকাশৰ ক’লীয়া মেঘ কেনিবা আঁতৰি গ’ল।   …

গ্ৰন্থবাৰ্তা

ঘাঁহফুলৰ মাজেদি    এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য পৰিক্ৰমা সন্দৰ্ভত স্বনামধন্য কবি-সমালোচক হৰেকৃষ্ণ ডেকাই কৈছে’- “একৈশ শতিকাৰ অসমীয়া কবিতাত কিশোৰ মনজিৎ বৰা এক শক্তিশালী কবিকণ্ঠ৷ তেওঁ অত্যাধুনিক সমাজ…

বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্রীধাৰীৰ বাবে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ

 ড° বুলজিৎ বুঢ়াগোহাঁই বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্রীধাৰী হ’লে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ লাভৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। স্নাতক ডিগ্রীধাৰীসকলে আগ্ৰহ আৰু লক্ষ্য অনুসৰি বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।   স্নাতকোত্তৰ (M.Com.) : শিক্ষাৰ্থীয়ে স্নাতক বিষয় অনুসৰি এম ক’ম…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৯

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)  নিজৰা ৰাজকুমাৰী জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা দুবছৰমান আগেয়ে কথা পাতিছিলোঁ চিনেমাখনৰ অভিনেত্ৰী পূৰ্ণিমা পাঠক আৰু শব্দগ্ৰহণকাৰী ৰাজেন ৰাজখোৱাৰ লগত৷ নাটকৰ কামত তেজপুৰলৈ অহা অভিনেত্ৰী পূৰ্ণিমা পাঠকৰ কেৰিয়াৰত…