বায়’টেকন’ল’জি

 ° বুলজিৎ
বুঢ়াগোহাঁই
 

বায়টেকনলজি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত  বায়টেকনলজিৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।  বায়টেকনলজিত স্নাতকস্নাতকোত্তৰএম.ফিল. আৰু পিএইছ.ডি. পাঠ্যক্রম পঢ়ি‍ব পাৰি। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে আমাৰ অসমত  স্নাতক পৰ্যায়ত জৈৱ-প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্রম থকা শিক্ষানুষ্ঠানৰ সংখ্যা কম।

বায়টেকনলজিৰ
স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি‍ৰ বাবে
 বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বায়টেকনলজিৰ স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে এটা বাছনি পৰীক্ষা হল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Jawaharlal Nehru
University Entrance Examination, JNUEE)
এই পৰীক্ষাৰ সবিশেষ
ৱেবছাইট
https://jnuexams.nta.ac.in-ত চাব
পাৰে।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো বায়টেকনলজিত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in)-ত বায়টেকনলজি  বিষয়ৰ স্নাতকোত্তৰ
পাঠ্যক্রমত আসনৰ সংখ্যা ১৮ খন। এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ
  মাইক্ৰবায়’জি‍/ বায়কেমিষ্ট্ৰি/ বায়টেকনজি  বিষয়ত  স্নাতক (বিজ্ঞান/ টেকন’জি‍) অথবা ৰসায়ন বিজ্ঞান/ প্রাণী বিজ্ঞান/ উদ্ভিদ বিজ্ঞান বিষয় মেজৰ হিচাপে লৈ ৫৫% নম্বৰৰ সৈতে উত্তীৰ্ণ হব লাগে (অনসূচিত জাতি-জনজাতি প্রাৰ্থীৰ বাবে ৫০%
নম্বৰ)। এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে এটা বাছনি পৰীক্ষা
 হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত বায়টেকনজি বিষয়ত
পিএইছ. ডি. পাঠ্যক্রমৰো সুবিধা আছে
তেজপুৰ
বিশ্ববিদ্যালয় (
http://www.tezu.ernet.in)-ত বায়টেকনলজিৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন
আৰু পিএইছ. ডি. পাঠ্যক্রমৰো সুবিধা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়
 (http://www.dibru.ac.in )-ত বায়টেকনজি বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন আৰু ইয়াতো পিএইছ. ডি. পাঠ্যক্রমৰ সুবিধা আছে। অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in)-ত বায়টেকনজি বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন। অসম বিশ্ববিদ্যালয়ত বায়টেকনজি বিষয়ত এম. ফিল., পিএইছ. ডি.
আৰু ডি. এচ. পাঠ্যক্রমৰ সুবিধা আছে। বড়োলেণ্ড বিশ্ববিদ্যালয়
 (http://bodolanduniversity.ac.in)-ত বায়টেকনজি বিষয়ৰ
স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা
  ২৫ খন। ইয়াতো পিএইছ. ডি.
পাঠ্যক্রম আছে। কটন বিশ্ববিদ্যালয় (
http://www.cottonuniversity.ac.in)-ত বায়টেকন
জি বিষয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রম
অধ্যয়ন কৰিব পৰা সুবিধা আছে।
 ভাৰতীয় প্রযুক্তিবিদ্যা
প্রতিষ্ঠান (আই. আই. টি.) গুৱাহাটী (
http://www.iitg.ac.in)-ত বায়টেকনলজিৰ বি. টেক.,
এম. টেক. আৰু
  পিএইছ. ডি. পাঠ্যক্রমৰ সুবিধা আছে। অসম ডনবস্কবিশ্ববিদ্যালয় (http://dbuniversity.ac.in)-ত বায়টেকনজি বিষয়ৰ স্নাতকোত্তৰ আৰু  পিএইছ. ডি. পাঠ্যক্রম আছে। আছাম ডাউন টাউন য়ুনিভাৰ্ছিটি  (https://adtu.in)-তো বায়টেকনজি বিষয়ৰ
পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

বায়টেকনজি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান মহাবিদ্যালয় হল— দৰং মহাবিদ্যালয় (http://www.darrangcollege.in),
জগন্নাথ বৰুৱা মহাবিদ্যালয় (https://jbcollege.org/),
পাণ্ডু মহাবিদ্যালয় (http://www.panducollege.org),
কলিয়াবৰ মহাবিদ্যালয়  (http://www.kaliaborcollege.org),
গুৰুচৰণ মহাবিদ্যালয় (http://gurucharancollege.ac.in)

বায়টেকনজি বিষয়ৰ
বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ
ল-আন্নামালাই বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in
), উত্তৰ-পূব পাৰ্বত্য
বিশ্ববিদ্যালয় (
http://www.nehu.ac.in),
 উত্তৰবঙ্গ বিশ্ববিদ্যালয় (www.nbu.ac.in),
এম. এছ. য়ুনিভাৰ্ছি‍টি অৱ বৰডা (www.msubaroda.ac.in),
এলাহাবাদ বিশ্ববিদ্যালয় (
www.allduniv.ac.in), গোৱা বিশ্ববিদ্যালয় (https://www.unigoa.ac.in), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়  (http://www.jnu.ac.in), দেৱী অহল্যা  বিশ্ববিদ্যালয়  ( www.dauniv.ac.in), পণ্ডিচেৰী বিশ্ববিদ্যালয়  (www.pondiuni.edu.in), বিশ্বভাৰতী বিশ্ববিদ্যালয়  (http://www.visvabharati.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in), মাদুৰাই কামৰাজ  বিশ্ববিদ্যালয়  (www.mkuniversity.org ), মহীশূৰ বিশ্ববিদ্যালয়  ( www.uni-mysore.ac.in), লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in), হায়দৰাবাদ বিশ্ববিদ্যালয় ( http://www.uohyd.ac.in), হিমাচল
প্ৰদেশ বিশ্ববিদ্যালয়
  (https://hpuniv.ac.in) আদি। বায়টেকনজিৰ  শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি বিভিন্ন  চৰকাৰী-বেচৰকাৰী খণ্ড, যেনে— Agriculture
Institutes, Chemical Industries, Drug and Pharmaceutical research, Dairy
Institutes, Energy Industry, Environmental Control, Food Processing &
Bio-processing Industries, Horticulture Institutes আদিত বিভিন্ন
পদত নিযুক্তি লাভ কৰিব পাৰে।
  নিযুক্তি লাভ কৰিব পৰা
কিছুমান বিভাগ হ
’ল— Department of Biotechnology (https://dbtindia.gov.in),
Ministry of Science and Technology
  (www.dst.gov.in) আদি। বায়টেকনলজি বিষয়ৰ  বিভিন্ন কোম্পানীত নিযুক্তি লাভ কৰিব পাৰে, যেনে—  Biocon (http://www.biocon.com),
Dr. Reddy’s Laboratories Ltd. (http://www.drreddys.com),
Himalaya Drug Company (http://himalayawellness.com), Indian
Immunologicals Limited (http://www.indimmune.com), Monsanto Company (http://www.monsanto.com), Panacea
Biotec (http://www.panacea-biotec.com), Serum
Institute of India (http://www.seruminstitute.com), Wockhardt
Limited (http://www.wockhardt.com), GlaxoSmithKline
Pharmaceuticals Limited (http://www.gsk-india.com) আদি।
বায়
টেকন
জি বিষয়ৰ গৱেষণা
প্রতিষ্ঠানবোৰতো
 নিযুক্তি দিয়ে, যেনে— Council of Scientific & Industrial Research (http://www.csirhrdg.res.in),
National Research Centre on Plant Biotechnology (http://www.nrcpb.res.in),
Indian Council of Agricultural Research (http://www.icar.org.in),
Biotechnology Industry Research Assistance Council (
http://www.birac.nic.in) আদি। মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত  অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

ঠিকনা :
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ
অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

বি.দ্র. : কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক
শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে।