ৰমানন্দন বৰা

(যোৱা সংখ্যাৰ পিছৰপৰা)

দুই

ভাদমহীয়া তিথিকেইটা
বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তি
ৰে পতা হয়৷ মহিলাসকলে
আবেলি বেলিকা লগ হৈ নাম লয়৷ এইটো বহু বছৰ ধৰি চলি আহি এটা পৰম্পৰাৰ ৰূপ ল
লেহি৷ পুৰুষসকলৰ সময়ৰ অভাৱ৷ লগতে নিষ্ঠাৰো অভাৱ চাগে৷ আয়তীসকলে মাহ জুৰি
নাম লয় আৰু ভাদৰ শেষ দিনটোত নামৰ সামৰণি পাতে৷ গাঁওখনত খেল আছে চাৰিটা৷ মানুহ
ছকুৰি৷ আটাইকেইটা খেলৰ মানুহে একেলগে খোৱা-লোৱা নকৰে৷ মহিলাসকলে সেইবোৰ নীতি
নামানিলেও হয়৷ কাৰণ মহিলাৰ সৈতে হেনো ভগৱানৰ যোগাযোগ পোনপটীয়াকৈ নহয়৷ কাৰণ তেওঁবিলাক পুৰুষৰ তলত৷ সেয়ে তেওঁলোকৰ ত্ৰুটি‍ বহু সময়ত নধৰ্তব্য৷ পুৰুষসকলে সেই ভুল কৰিব
নোৱাৰে৷ কাৰণ তেওঁলোকৰ নিকপ্‌কপীয়া ভকতিত কোনো ব্যভিচাৰ সোমাবলৈ দিব নোৱাৰে৷

আইসকলে নাম লয়৷ প্ৰথম
অৱস্থাত আই নাম
, গোসাঁই নাম যি যেনেকৈ জানে গায়৷ নাম গোৱাটো মূল কথা নহয়৷
আটাইবোৰ মাইকী মানুহ আবেলি নামঘৰত গোট খোৱাটোহে আচল কথা৷ কত কথা থাকে… কত বতৰা!
শেষেই নহয়৷ নামঘৰলৈ আহি পাই ভকতৰ সঙ্গ (আচলতে আইসকলৰ সঙ্গহে) লৈ চাহ একোটোপা খাই নামত
বহে৷ আধা ঘণ্টামান চলে৷ তাৰ পাছত প্ৰসাদ
, বৰ প্ৰসাদ৷ আটাইৰে
পাল পতা থাকে৷ তিনি-চাৰি ঘৰ মিলি এদিনৰ পাল৷ নিজৰ পালত চাহৰ সৈতে বজাৰৰ ৰসগোল্লা
বা লালমোহন একোটা দিব পৰাটো পৰম গৌৰৱৰ কথা বুলি বিৱেচিত হয়৷ খাই-বৈ সেৱা-সৎকাৰ কৰি ঘৰ
আহি পায়হি মানে গৰু-গাই বান্ধিবৰে হয়হি৷ আটাইবোৰ সুন্দৰকৈ চলি আছিল৷ পাছত কোনোবা সময়ত যিকোনো
নামৰ সলনি কোনোবা কোনোবাই
 কীৰ্তন একাধ্যা পঢ়িবলৈ ললে৷ এইভাগি কামলৈ আগ
বঢ়া বেছি দিন হোৱা নাই৷ তেওজ বেলিৰ আগৰ বেলি হ
বলা৷ গোসাঁই শিচ
ফুৰিবলৈ আহোঁতে কীৰ্তনভাগি পঢ়াৰ আজ্ঞা ল
লে— আইধানী
শইকীয়া
, বিমলা বৰা আৰু কেতেকী শইকীয়াই৷ তেতিয়াৰ পৰা সমাজত
তিনিওৰে স্থান ওপৰলৈ উঠিল৷

আইধানী, বিমলা
আৰু কেতেকীৰ ভিতৰত শেষৰগৰাকী এইবোৰত অলপ বেছি চোকা৷ আগৰে পৰাই তেওঁৰ মুখখন লাওপাত-কচুপাত৷
বিয়াই-পাৰ্বণে‍ নাম যুৰিবলৈ কেতেকী নহ
লেই নহয়৷ কেতেকীৰ
উদ্যোগত বাকী দুজনীৰ সহযোগত নাৰী সমাজত সিদ্ধান্ত লোৱা হ

যে সৰু-সুৰা কীৰ্তন পাঠ
, ঘোষা পাঠ আদি সকামবোৰ মহিলাই নিজেই
সমাপণ কৰিব৷ নহ
লে কিমান আৰু পাতৰ তলতীয়া হৈ থাকিব? তলে তলে কেতেকীয়ে নাম-প্ৰসঙ্গ কৰিবলৈও শিকিবলৈ ললে৷
কথাটো জানি নৰহৰি পৰমসিদ্ধ বায়নৰ গা চেবালে৷ ইহঁতক এনেকৈ উৰিবলৈ দিব নোৱাৰি৷
মহিলাই তাল কোবাই নাম গালে
, তেওঁৰ নামাচাৰ্যৰ মৰ্যাদা কত থাকিব? পৰুৱাৰ পাখি গজিছে…

পৰমসিদ্ধৰ গাটো
জলকীয়াই পোৰাদি পুৰিবলৈ ধৰিলে৷ ইয়াৰ ভিতৰৰ কাঁইটডাল তেওঁ অনায়াসে চিনি পালে৷ সেইজন
আন কোনো নহয়— হৰেন নামাচাৰ্য৷ নৰেনহঁতৰ আৰু কাতিৰামহঁতৰ দুয়োটা খেলৰ উমৈহতীয়া
নামতী৷ ঘৰ নপাম গাঁৱত৷ নামতী বিশেষণটো বৰ সন্মানজনক নহয় বুলি সকলো নামতীৰ মাজত এটা
সামূহিক বিৰাগ আছে৷ সেয়ে কোনোদিন কোনেও ক
তো আলোচনা নকৰাকৈয়ে
তেওঁলোকক নামাচাৰ্য বোলা হয়৷ এই ক্ষেত্ৰত পৰমসিদ্ধই বোলক
, হৰেন
নামাচাৰ্য কলিতাই বোলক বা তিকিৰাইকে বোলক সকলো একমত৷

কিন্তু সেই ঐক্য এইবাৰ
নাখাটিব৷ হৰেনক গাঁও এৰুৱাবই লাগিব৷ তাৰ ছল-কৰ বেছিকৈ বাঢ়িছে৷ আৰু সুবিধা দিয়া নহ
ব৷
পৰমসিদ্ধই এই সংকল্পৰ গুৰিত সাৰ-জাবৰ দি থাকোঁতেই এদিন দুয়োৰে মুখামুখি হ
ল৷

হৰেন নামাচাৰ্যই নৰহৰি
পৰমসিদ্ধ বায়নক দেখি চাইকেলৰ পৰা নামি নমস্কাৰ এটা কৰি মাত দিলে: 
প্ৰভু,
কুশলে আছেনে?”

পৰমসিদ্ধই তেওঁৰ
সম্ভাষণক পৰম উপেক্ষা কৰি ক
লেআজিকালি
বাৰ মাহেই ব
হাগ হবলা?”

নাই
প্ৰভু
, কণৰ ঘৰৰ নামষাৰৰ পৰা আহিলোঁ৷

বৰ ভাল,
পিছে বাহিয়াৰ ঘৰত ৰাগ টনা হল নে হবগৈ?”

: “
সেইটো কথা৷ বাহিয়া কাইৰ মানুহজনী কথা-বাৰ্তা, কামে-কাজে
আগবঢ়া৷ নামঘৰত কীৰ্তন পুথিও পঢ়ে বোলে৷ এদিন মোক ধৰিলে— কীৰ্তন এজনা শিকাই দিব
লাগে৷ মই স্যমন্তক হৰণৰ এজনাকে অকণমান আওৰাবলৈ দিছোঁ৷

সেই
কাৰণেই কৈছোঁ মিঠা মাত৷ দিনে-ৰাতিয়ে চাগে সেইটি অমিয়া মাততে বুৰ যোৱা হৈছে নহয়নে
?
আমি চব খবৰ পাওঁ৷ বগীবুঢ়ীৰ ওচৰলৈ যাবৰ হওঁ হওঁ এথোন৷ নে খহালেগৈবা?”

 হৰি হৰি শ্ৰীবিষ্টু এইবোৰ কি কথা কৈছে?
কৃষ্ণ কৃষ্ণ… মনেৰে ভবাও পাপ৷

যি ঘটিছে তাকেই কৈছোঁ৷
ঘুনুক-ঘানাককৈ বিয়পিছে৷ ৰজন্‌জনোৱা নাই৷ সেইটো ভিঠা এৰিলেই মঙ্গল৷
এই বুলি নৰহৰি পৰমসিদ্ধ বায়নে গোঁ-গোঁৱাই বাট বুলিলে৷ হৰেন নামাচাৰ্য কলিতা
সেইখিনিতে তেনেই থৰ লাগিল৷ ফলাফল এয়ে হ
ল যে কেতেকী শইকীয়াৰ
নাম-প্ৰসঙ্গ শিকাৰ সিমানতে মুদা মৰিল৷ মহিলাসকলৰ ভাদমহীয়া নামৰ আৰম্ভণি আৰু সামৰণিত
নৰহৰি পৰমসিদ্ধৰ নামষাৰ দহদহীয়া হৈ বহি ল
লে৷

এইবাৰো ব্যতিক্ৰম হোৱা নাই৷

ভাদ মাহৰ শেষৰ দিনটো
দেওবাৰ৷ স্কুল বন্ধ৷ গতিকে গিৰীশ হাতীবৰুৱাও নাম সামৰণিলৈ গ
ল৷
সাধাৰণতে তেওঁ নাযায়৷ প্ৰায়ে স্কুল খোলা থাকে৷ এইবাৰহে বন্ধ পাই ৰাইজৰ এজন হৈ যোগ
দিলে৷ চাৰিও খেলৰ মানুহকে নিমন্ত্ৰণ কৰা হৈছে৷ ভাগে ভাগে সকলো বহিছে৷ হাতী মাচ্‌টৰেও
শাৰী পূৰাই বহিছে৷

নাম-প্ৰসঙ্গ আৰম্ভ হ
বৰগীতেৰে
, শেষ হল উপদেশে‍ৰে৷ নৰহৰি
বায়নৰ কণ্ঠ মধুৰ৷ নীতি-নিয়মবোৰ হাতীবৰুৱাই বৰ বিশেষ নাজানে৷ কিন্তু নাম গাই ভাল লাগিল৷
মনটো পাতল পাতল লাগিল৷ এটা কথাতহে তেওঁৰ মনত বৰ দোধোৰ-মোধোৰ লাগি থাকিল৷ নৰহৰি পৰমসিদ্ধ
বায়ন আৰু সহযোগী দুগৰাকী ভকত নামঘৰৰ মাজত বহিল৷ আসনৰ ফালে সন্মুখ কৰি দুকাষে দুই
দুই চাৰি শাৰী মানুহ বহিছে৷ তেওঁলোকতকৈ পিছৰ শাৰীত বহা ভকত-ভকতনীয়ে আসনত থকা ভগৱানক
নেদেখে৷ নামৰ শেষত সেৱকী হিচাপে আইসকলে সেৱা কৰোঁতে পৰমসিদ্ধৰ পিঠিখনকে সেৱা কৰাৰ
লেখিয়াহে হ
ল৷ এইবোৰ হাতীবৰুৱাৰ মনৰ কথাহে৷ তেওঁ যিহেতু এইবোৰ
সকাম-নিকামত বৰকৈ নাথাকে, গতিকে মাত মাতিবলৈও ভাল নাপালে৷

কিন্তু এটা কথাত
হাতীবৰুৱাই মাত নামাতি নোৱাৰিলে৷ নৰহৰি পৰমসিদ্ধ বায়নে নাম সামৰি লাইখুঁটাৰ কাষতে
নিজৰ ঢৰাখনত বহিয়েই জক্‌জকাই উঠিল৷

এই
বাঁৰীজনীক আগৰ শাৰীত কোনে বহুৱালে
? অশুচি মানুহ আজি নামঘৰলৈ
কিয় আহিল
? কোনে মাতিলে?”

নামঘৰৰ উত্তৰ দিশে
পূবা-পশ্চিমাকৈ শাৰী পাতি মহিলাসকল দুশাৰীকৈ বহিছে৷ আগৰ শাৰীত বয়সিয়াল আইসকল৷ তাৰ
শেষৰ ফাললৈ বহিছে পদুমী৷ বয়স পঞ্চাছ-ষাঠীৰ মাজত৷ তেনেই সাধাৰণ চাদৰ-মেখেলাযোৰ এখন
পাতল চেলেঙেৰে ঢাকি ৰাখিছে৷ নৰহৰিৰ কথাত হতভম্ব পদুমী৷ মানুহজনী ৰঙা-চিঙা পৰিছে৷
আটাইবোৰৰ চকু তাইৰ ফালে৷ নৰহৰিয়ে পেন্দোৱাকৈ চাই কৈ দিব বিচাৰিছে যে পদুমী ইয়াৰ
পৰা উঠি যোৱা যুগুত৷ কি কৰিব বেচেৰী পদুমীয়ে
? তাইৰ দোষ কি? তাইৰ জীয়েক ৰীতামণি অজাতি লৰালৈ বিয়া হল৷ দুবছৰৰ পাছত ছমহীয়া নাতিটোক লৈ গিৰীয়েকৰ সৈতে তাই এবাৰ পদুমীৰ ঘৰলৈ
আহিছিল৷ সেইটোক ডাঙৰ জগৰ বুলি আজিলৈকে পদুমীক কোনেও কোৱা নাই৷ গাঁওখনৰ গৃহস্থালি
ঘৰৰ নামগোৱা সকামবোৰলৈ তাই গৈয়ে আছে৷ কোনেও আপত্তি কৰা নাই৷ তেন্তে আজি কি হ
লনো?

একেলগে নাম গোৱা এগৰাকী
ভকতৰ বা ভকতনীৰ এনে অৱস্থা হ
লে বাকীসকলৰ কি ভূমিকা হব লাগে সেইটো বুজিব পৰা, বুজি কিবা এটা কৰিব পৰা
হাতীবৰুৱা মাষ্টৰৰ বাদে আন এজন নাই৷ গতিকে তেৱেঁই মুখ পাতি ধৰিলে—

এখন সমাজত এনেদৰে এজন লোকক অপদস্থ
কৰাটো ভাল হোৱা নাই৷ সকলোৰে দেহত একেটাই আত্মা৷ গতিকে কথাটোৰ ইমানতে সামৰণি পেলাব লাগে৷
তেওঁ বহিল যদি বহিল৷ তাত আপত্তি কৰিব নালাগে৷

সেই কথা নহয় মাচ্‌টৰ৷ সমাজ,
নিয়ম-নীতি বুলি কথা এটা আছে৷ বান্ধোন এটা আছে৷ এনেকৈ বেভিচাৰী
কৰিবলৈ দিব নোৱাৰি৷ তাই অশুচি৷ তাই আহিব নোৱাৰে৷
”— বায়নৰ
উত্তৰ৷

: “যদি
অশুচি তাই কি কৰিব লাগিছিল
?”

নাম এষাৰ গোৱাব লাগিব৷ তেহে শুচি
ব৷

:  এতিয়ানো কি কৰিলে? নামেইতো গালে৷

:  এনেকৈ নহয়৷ তাইৰ ঘৰত, তাই সেৱকী হব লাগিব৷

:  এতিয়াও তাই সেৱকী৷ সকামৰ চান্দা
তায়ো দিছে৷ দিছনে পদুমী
?”

পদুমীয়ে মূৰ দুপিয়ালে৷ 

: “আৰু থাকিল তাইৰ নিজৰ ঘৰ? পদুমীৰ এটা
ঘৰ আছেনে
? ৰাইজেই মিলি-জুলি তাইৰ ঘৰখন সাজি দিয়ক প্ৰথমে৷ বায়েন
দেউৰ বাৰীৰ পৰাই বাঁহকেইটা দিয়া হ
বনে?”

: “তোমাৰ
নীতি শাস্ত্ৰ নচলিব
, মাচ্‌টৰ৷ তুমি সমাজৰ কামত ঘুৰা মানুহ
নহয়৷ তুমি নুবুজিবা৷

সমাজৰ কাম মানে? নাম গাই মাহ-প্ৰসাদ খাই ফুৰাই তোমালোকৰ সমাজৰ কাম? কি
কৰিছা তোমালোকে নাম গাই গাই
? তোমালোকে অশুচি বুলি ভবা দুখীয়া মানুহজনীক
যদি শুচিয়েই কৰিব নোৱাৰিলা
, কিহৰ নাম গালা ইমান দিনে?”

লাহে লাহে তৰ্ক বাঢ়ি
ল৷ লাহে লাহে সমাজখন দুফালে ভাগ হল৷
এফাল হাতীবৰুৱাৰ সমৰ্থক
, আনফাল বায়নৰ৷ বেলি লহিয়াবৰ হল৷ মাহ-প্ৰসাদ ভাগ নহল৷ হাতীবৰুৱাৰ বংশৰ
মানুহখিনিয়ে তেওঁক সমৰ্থন কৰি পৰিৱেশটো বায়নৰ প্ৰতিকূল কৰি তুলিলে৷ ইফালে বায়েনৰ ফলীয়া
খিনিয়ে পৰিৱেশটো বায়নৰ অনুকূল কৰি তুলিবলৈ যত্ন কৰিলে৷ তেওঁক উলাই কৰি
হাতীবৰুৱাই নামঘৰৰ পৰা ওলাই আহিল৷

কাহিনীৰ সিমানতে অন্ত
নপৰিল৷ গাঁওখনত আগৰে পৰা চাৰিটা খেল আছিলেই৷ লাহে লাহে সকলো মিলি একেটা খেলৰ
দৰেই  হৈছিলহি৷ কিন্তু হঠাতে যি গণ্ডগোল
লাগিল
, তাৰ ফলত ওখোনা-ওখনি বাঢ়িল, নমতা-নমতি
বাঢ়িল৷ এইবাৰ ব
হাগৰ বিহুত হুঁচৰি যোৰা নহল৷ ঘৰে ঘৰে খেলে খেলে সৰু সৰু
সকাম-নিকামৰ ধুম চৰিল৷ এটা খেলত এঘৰত যদি ভাগৱত পাঠ হ
,
পাছদিনা আনটো খেলৰ এঘৰত কীৰ্তন পাঠ, আকৌ আনটো
খেলৰ আন এঘৰত নাগাৰা নাম
, কাৰোবাৰ ঘৰত আয়তীৰ নাম, কাৰোবাৰ ঘৰত পুৰুষৰ নাম, কাৰোবাৰ ঘৰত গৰখীয়া সবাহ,
কাৰোবাৰ ঘৰত মৃতকৰ জলপান খুওৱা — মুঠৰ ওপৰত আটাইকেইটা খেলৰ মাজত
সক্ৰিয়তা প্ৰদৰ্শনৰ প্ৰতিযোগিতা এখন আৰম্ভ হ
ল৷

 (আগলৈ)