Category অন্যযুগ, মাৰ্চ, ২০২৩

ঘুণ

ৰিপুঞ্জয় বৰুৱা ঋমন তেওঁ কয় ‘আপুনি বহুত ভাল মানুহ’  মানে মই বহুত ভাল মানুহ,  এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা। মনত গোপনে গঢ়ি উঠা। তেওঁ কোৱাৰ বহু আগতেও বহুজনে এই কথা কৈছে  ‘মই হেনো লাখৰ ভিতৰত এজন’ ভাল মানুহ…

প্ৰেম

ময়ূৰী কাকতি  প্ৰেম সৰল মাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰে নিষ্পাপ কেচুৱাটিৰ দৰে  যি স্পৰ্শৰ উত্তাপত ঠন ধৰে, কলকলাই ওমলে আৰু মৰমৰ প্ৰতিদান দিয়ে  প্ৰেম সপোন এটিৰ স্বতস্ফূর্ত গুঞ্জন … অহৰহ বৈ থকা এটি ৰাগ.. আঙুলিত ধৰি ধৰি খোজকঢ়া সময়…

ৰঘুবংশ

মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত   ||  ৭ম অধ্যায় || তাৰ পাছত কাৰ্তিকৰ সহযাত্ৰী দেৱসেনাৰ দৰে যোগ্যজনক বৰণ কৰা ভগ্নীক লৈ  বিদৰ্ভৰাজ ভোজ গ’ল ৰাজপ্ৰাসাদলৈ । অথোপয়ন্ত্রা সদৃশেণ যুক্তাং স্কন্দেন সাক্ষাদিব দেবসেনাম্ | স্বসাৰমাদায় বিদর্ভনাথঃ পুৰপ্রবেশাভিমুখো বভূব…

ক’ত নাই ৰসায়ন!

 অভিজিত শর্মা বৰুৱা   বিশ্ব ব্রহ্মাণ্ডৰ প্রতিটো একক দ্রব্য আচলতে একোটা ৰাসায়নিক পদার্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ পৰা কম্পিউটাৰলৈকে, কাগজৰ পৰা কৃত্রিম সূতালৈকে বিভিন্ন ধৰণৰ সামগ্রী তৈয়াৰ কৰিব পাৰিছোঁ, তাৰ মূলতে আছে ৰসায়ন। আমি কেতিয়াবা আমাৰ নিজা…

এটি অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য  প্ৰথম খণ্ড   অনুসন্ধিৎসু মনৰ প্ৰয়োজন পূৰণ কৰাৰ এটা প্ৰধান উপায় হৈছে ভ্ৰমণ। য’তেই ফুৰিবলৈ নোযোৱাঁ কিয়, কিবা নহয় কিবা নতুন জ্ঞান আহৰণ কৰাৰ সুযোগ পাবাই। সেইবাবে ময়ো ফুৰি ভাল পাওঁ।  প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো আমি ফুৰিবলৈ গৈছিলোঁ। পিছে…

বদনামী কবি

নৃপেন গোস্বামী কবিতাৰ মানুহবোৰ বৰ বদনামী লিখে কবিতা সাঁচে সপোন পূৰঠ নোহোৱা সপোন দেখি দেখি বদনামী কবিতাৰ মানুহবোৰ ইয়াত কবিতাৰ মানুহবোৰ কবি নহবও পাৰে কাৰণ কবিৰ সদনাম তেনেই  ন্যূনতম যুগজয়ী কবি বদনামী কালজয়ী একা    কবিৰ চেতনাত মাতৃ কবিৰ অন্তৰ…

চাৰ্টাৰ্ড একাউণ্টেঞ্চি (Chartered Accountancy)

 ড° বুলজিৎ   বুঢ়াগোহাঁই চাৰ্টাৰ্ড একাউণ্টেঞ্চি (Chartered Accountancy) হৈছে কোনো ব্যক্তি বা সংগঠনৰ বাবে একাউণ্টিং, অডিটিং, কৰ, বিত্তীয় মূল্যাঙ্কনৰ এক পেছাদাৰী অনুশীলন। চাৰ্টাৰ্ড একাউণ্টেণ্ট (Chartered Accountant) হৈছে এজন একাউণ্টিং পেছাদাৰীক প্ৰদান কৰা এক পদবী যিয়ে কোনো বিধিগত সংস্থাৰ পৰা প্ৰমাণপত্ৰ লাভ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৫)           দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব পাৰে বুলি ক’লেও ভুল কোৱা নহয়।        মলেঁয়া আগতকৈ বহুখিনি সুস্থ হৈ উঠিছে। ষ্টেপানে…

সৰ্বকালৰ বিশ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকা – ‘ছাইট এণ্ড ছাউণ্ড’ ২০২২

 বিনয় মোহন শইকীয়া   সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ অনেক জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ চনৰ ১ ডিচেম্বৰ তাৰিখে ‘ছাইট এণ্ড ছাউণ্ড’-ৰ বহু প্ৰতীক্ষিত ‘বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ, ২০২২’ তালিকাখন প্ৰকাশ কৰা হ’ল। এইবাৰৰ তালিকাখনে বহুকেইটা ক্ষেত্ৰত নতুনত্ব দাবী কৰাৰ লগতে বিশ্ব চলচ্চিত্ৰ…

অসমৰ জনগোষ্ঠীগত দ্বন্দ্ব সন্দৰ্ভত হীৰেন গোহাঁইৰ মতাদৰ্শ

 চন্দনজ্যোতি চুতীয়া   বিংশ শতিকাত আত্মপ্ৰকাশ কৰি অসমৰ জাতীয় জীৱনক দিক্‌দৰ্শন কৰিবলৈ সক্ষম হোৱা হীৰেন গোহাঁইৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু চিন্তনৰ ক্ষেত্ৰ যথেষ্ট গভীৰ আৰু ব্যাপক৷ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা গোহাঁয়ে মূলতঃ অসমৰ শোষিত-নিপীড়িত শ্ৰেণীৰ মুক্তিৰ হকে এজন অগ্ৰণী সমাজ সমালোচকৰ…