Category অন্যযুগ, মাৰ্চ, ২০২৪

শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ মনোনয়ন–২০২৪

            নিজৰা ৰাজকুমাৰী                 এনাটমী অৱ এ ফল, দ্য হ’ল্ডঅভাৰছ্, পুঅ’ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ’ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী, অপেনহাইমাৰ, মাইষ্ট্ৰো, কিলাৰছ্ অৱ দ্য ফ্লাৱাৰমুন— ভাৰতীয় সময় অনুসৰি চলিত মাহত অৰ্থাৎ…

পুৱাৰ জলপান

মূল (ফৰাচী) : ঝাক প্ৰেভে’ৰ (Jackoes Prevert)  অনুবাদ : প্ৰশান্ত মিশ্ৰ  (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা) পিয়লাটোত তেওঁ অকণমান ক‘ফি ল‘লে ক‘ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে গাখীৰমিহলি ক‘ফি পিয়লাত  তেওঁ চেনি মিহলালে ক‘ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ সৰু চামোচ এখনেৰে লৰাই…

ভ্ৰম

 উমানন্দ কলিতা   চৰাইবোৰ শিল শিলবোৰ মানুহ মানুহবোৰ ভ্ৰম  —     ঠিকনা :   ড্ৰেচ কেপিটেল যোৰহাট ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭  

টেঙা-মিঠা

 অমৃত গোস্বামী   ‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসমত যথেষ্ট পৰিমাণে পোৱা যায়৷‌ গৰমৰ দিনত আমি প্ৰায়েই খাওঁ, পেট ঠাণ্ডা কৰি ৰাখে৷” — এই বুলি কৈ পুণা…

কীট

 জয়ন্ত দত্ত   দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে চহৰখনৰ ৰূপ-লাৱণ্যই৷ চহৰৰ এই জাক-জমকতাৰ মাজত থাকি সৌৰভপ্ৰাণে প্ৰাণ-পণে চেষ্টা কৰে এদিন যে তেওঁ গাঁৱৰ পৰা আহিছিল…

ত্ৰিপুৰাই ৰিঙিয়ায়

 অংগনা চৌধুৰী   বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে আগৰতলালৈ উৰা মাৰিলোঁ৷ বিমানেৰে গুৱাহাটীৰ পৰা আগৰতলালৈ মাত্ৰ পঞ্চল্লিছ মিনিটৰ যাত্ৰা৷ সেয়ে গৈ পাই আমাৰ ভাগৰ-জুগৰ অকণো লগা নাছিল৷…

অসবৰ্ণ

  নীলিমা ঠাকুৰীয়া হক শাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰু গধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰ বৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনি আৰু ৰোৱনীৰ হাতো খৰ বৰ আপোন আছিল পথাৰখন কিন্তু পথাৰখন সিহঁতৰ  নাছিল ধান দাবলৈহে সিহঁতৰ হাতত কাঁচি…

লুইচ গ্লুকৰ দুটা কবিতা

মূল (ইংৰাজী)  : লুইচ গ্লুক অনুবাদ  : ড° ৰঞ্জিত দত্ত ২০২০ চনৰ  সাহিত্যৰ  ন’বেল  বঁটা  বিজয়ী  আমেৰিকাৰ  কবি লুইচ গ্লুকৰ  (Louise Elisabeth Glück, জন্ম ২২ এপ্ৰিল, ১৯৪৩, মৃত্যু ১৩ অক্তোবৰ, ২০২৩)  উল্লেখযোগ্য সাহিত্যকৃতি হৈছে ক্ৰমে Firstborn, The House on Marshland, Descending Figure, The Triumph of Achilles, Ararat,The…

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷  টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷  … সি সৰগ হেন ধুনীয়া ঠাই এখনত আছেহি৷ তাৰ কাষৰপৰাই চাৰিওফালে দূৰ-দূৰণিলৈকে নানা ৰঙৰ ফুলনি, সেউজীয়া গছ-বন, দূৰণিত ওখ পাহাৰ, তাতকৈও দূৰৈত আকাশ চুব খোজা…

হাঁহিচম্পা

  অৰ্চনা ঠাকুৰীয়া আজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰা কোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে  জোনৰ মুখতো দুখৰ দাগ আমি কেইগৰাকীমান লগ হ’লেই খুব কথা পাতোঁ ৰাজনীতি, সমাজনীতি, প্ৰেমনীতি আৰু বহুতো… মাজে মাজে পানীবিধেৰে ডিঙি তিয়াই হেকেটি বিহুও গাওঁ  কথাৰ যুদ্ধই…