Category অন্যযুগ, ডিচেম্বৰ ২০২৪

বঙ্কিমচন্দ্র আৰু ঐতিহাসিক উপন্যাসৰ স্রষ্টা ৰজনীকান্ত বৰদলৈ

   বাসুদেব দাস     ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্র চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়াত তেওঁলোকৰ আর্হিৰে ইতিহাসৰ পটভূমিত উপন্যাস ৰচনাৰ প্রথম পথ দেখুৱাইছিল পদ্মনাথ গোহাঞিবৰুৱাই। গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্রসিদ্ধ ঘটনাৰ পটভূমিত ৰচিত।‘ভানুমতী’ৰ পটভূমি…

পুতলাটো

মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন’বেল বঁটা ১৯৮২ চন অনুবাদ : ড° ৰঞ্জিত দত্ত অলপ সময়ৰ বাবে  ভগৱানে যদি পাহৰি যায় মই এটা জীৰ্ণ পুতলা বুলি আৰু যদি মোক দিয়ে  এটি ভগ্নাসুৰ জীৱন  তেতিয়া হয়তো মই…

ভগৎ সিঙৰ নাস্তিকতা বানাম বৰ্তমানৰ বাবা সংস্কৃতি

 অভিৰাজ দত্ত   (এক) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ তথা ভাৰতৰ বাওঁপন্থী বিপ্লৱৰ পষ্টাৰ বয়খ্যাত ভগৎ সিঙে  ১৯৩০-৩১ চনত  কাৰাগাৰত থকা সময়ত “Why I am an Atheist” শীৰ্ষক ৰচনা খন লিখিছিল৷ ৰচনাখনত তেখেতে ঈশ্বৰৰ অস্তিত্ব দৃঢ়তাৰে নাকচ কৰিছিল৷ ফাঁচীকাঠত ওলমাৰ…

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত   কত কথা হৈ যায় কো‌ৱা – তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম   ক’ৰবাত কোনোবাখিনিত কোনোবাই কেঁকুৰিত ৰৈ কিবা যেন কৈ যাবলৈকে এপলকৰ বাবে উভতি চাইছে আমালৈ ইমান চিনাকি…

অসমীয়া ভাষাৰ ভৱিষ্যত

ভাৰত চৰকাৰে ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ ধ্ৰুপদী ভাষা আন চাৰিটা ভাষাৰ লগতে অসমীয়া ভাষাকো স্বীকৃতি প্ৰদান কৰে৷ ধ্ৰুপদীভাষা হিচাপে অসমীয়া ভাষাৰ এই স্বীকৃতিৰ যাত্ৰাত বহুজন গুণী লোকে নিজৰ নিজৰ অৰিহণা আগ বঢ়াইছে৷ তাতে হাত উজান দিছে অসমৰ চৰকাৰেও৷ এখন…

ছাইৰঙী আকাশ

 কাব্যশ্ৰী মহন্ত   উপ ৰাষ্ট্ৰপতি উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত৷ সেয়েহে নিৰাপত্তা অতি কটকটীয়া৷ নৱনীতাই হেণ্ডবেগৰ ভিতৰত লৈ অহা সৰু পাৰ্চটোও আনিবলৈ দিয়া নাই৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত নৱনীতাই আগতেও মিটিং কৰিছে৷ ইমান কটকটীয়া নিৰাপত্তা দেখা নাছিল৷ চৌহদৰ বাহিৰত ৰাস্তাৰ কিনাৰত…

ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ

 তৃপ্তি বৰা     সৰু কোঠাটো, বিছনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া কোন সময়ত সৰে মোৰ খেয়ালেই নাথাকে আজিকালি৷ তাৰ পাছত গোটেইখন আন্ধাৰ হৈ পৰে৷ কেতিয়াবা জোনৰ…

এই লহমাৰ সিপাৰে

জ্যোতিনীলিমা গগৈ   সুদীৰ্ঘ দিন মোৰ অহা যোৱা আন্ধাৰ বাটেৰে কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন কেতিয়াবা অৱচেতনাত পাৰাপাৰহীন ৰঙা মেঘৰ আলোড়ন   ভাৱনাৰ পৰা নিৰ্ভাৱনালৈ ইমান যে দূৰত্ব   শিলাময় বাটৰ কাষত জাৰে জহে ফুলি…

কুকুৰ প্ৰেমিক

গজেন মিলি   ডিঙিত ৰছী বান্ধি এৰাল দি কুকুৰ ভাল পোৱা প্ৰেমিক বহু দেখিছোঁ সেই কামটো কৰিবলৈ অলপ ধনী হ’ব লাগে এই পৰিচয় চৌখিনতাৰ নিজে গঢ়ি লোৱা আচৰণ   এদিন শিক্ষিত জ্যেষ্ঠ লোক এজনে মৃত্যু সাবটি লৈছিল আমাৰ চকুৰ আগত…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (১) জহ কালৰ দুপৰীয়াবোৰ বৰ আমনিদায়ক৷ সঁচাকথা ক’বলৈ গ’লে জহকালিৰ দিনবোৰ ৰিণিৰ একেবাৰে ভাল নালাগে৷ ৰাতিপুৱাৰ পৰা খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই অহা বেলিটো দেখিলেই তাইৰ বৰ খং উঠে৷ অৱশ্যে প্ৰখৰ ৰ’দ বা প্রচণ্ড গৰম তাইৰ সমস্যা নহয়৷…