Category অন্যযুগ, ফেব্ৰুৱাৰি, ২০২২

অ’ কেপ্টেইন, মোৰ কেপ্টেইন

মূল ইংৰাজী : ৱাল্ট হুইটমেন অনুবাদ :  মাধৱ দাস (আমেৰিকাত পূৰ্বতে কিছুমান ৰাজ্যত দাস প্ৰথাৰ প্ৰচলন আছিল। দাস বেপাৰীবোৰে আফ্ৰিকাৰ পৰা বনৰীয়া জন্তু ধৰাৰ দৰে কৃষ্ণাঙ্গ লোকসকলক ধৰি আনিছিল আৰু তেওঁলোকক গৰু-ছাগলীৰ দৰে বজাৰত বিক্রী কৰিছিল। বগা মানুহবোৰে এই কৃষ্ণাঙ্গ লোকসকলক…

কণ কণ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) চিক্ চিক্ চিকা তুমি বোলে  ভালপোৱাঁ খাৰুপেটীয়াৰ  জিকা । কোৱাঁচোন কোৱাঁ,  ৰেলগাড়ীৰ  কেইটা বাৰু  চকা  ক’ব নোৱাৰিলে ককায়ে দিব তোমাক বাৰটামান ঢকা। (দুই) মিউ মিউ মেকুৰী ক’ৰ পৰা নো  আহিলা বাৰু ফেঁকুৰি ফেঁকুৰি । কেঁকুৰিটো পাৰ…

অসমৰ লোক গণিত কাইথেলী অংক

 ড০ ৰাস্না ৰাজখোৱা                                                                                                     পৃথিৱীৰ সকলো বৈজ্ঞানিক আৱিষ্কাৰৰে মূল গণিতবিদ্যা৷ দৈনন্দিন জীৱনত গণিতৰ প্ৰভাৱৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ বজাৰত দুই কিলোগ্ৰাম আলু কিনিবলৈ গ’লেও অংকৰ কথাই আহে৷ মুঠতে গণিতক বাদ দি একো কথাই চিন্তা কৰিব নোৱাৰি৷ প্ৰাচীন যুগৰ পৰাই অসমত গণিত বিদ্যাৰ…

বিজ্ঞান : চিন্তা আৰু দুঃচিন্তা

 [১] ১৯৮৬ চন আৰু ১৯৮৭ চনত প্ৰায় পাঁচ মাহৰ অগাপিছাকৈ দুটা সূৰ্যগ্ৰহণৰ ঘটনা ঘটিছিল৷ সেই সময়ত আমি আছিলোঁ স্কুলীয়া ছাত্ৰ৷ আমাৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ কাৰণবোৰ স্পষ্টকৈ লিখা আছিল, পঢ়িছিলোঁও৷ কিন্তু সেই সূৰ্যগ্ৰহণৰ সময়ত আমাৰ ঘৰ-দুৱাৰ বন্ধ…

কালি ৰাতি মৰাৰ দৰে

  ভাস্কৰ জে নাথ কাষ চাপি কাষ চাপি এয়া ক’লা টোপনিৰ পৰা সাৰ পাই নেদেখা কালি ৰাতি একেলগে পাৰ কৰা মাখি এটা কালি ৰাতি মই মৰিছিলোঁ ৰংবোৰে ৰখিছিল মোৰ নিঠৰ দেহ আৰু মাখিটোৱে গাইছিল গান “ I just died in…

ভাবনাত

গীত বৈভৱী ভাবনাত এয়া মৃত্যুগীত এখন চহৰ চটফটাই চটফটাই মৰিছে মৃত্যুৰ আগতে মোৰো এটা কবিতা লিখাৰ মন আছিল এটা গান গোৱাৰ মন আছিল এটা হিমেল সন্ধ্যা জুৰি পিয়ানো বজোৱাৰ মন আছিল বৰ মন আছিল তেজে-পূঁজে ওফন্দি উঠি খহি পৰা আকাশখনৰ…

এই ভোগালীত

হৰেকৃষ্ণ ডেকা শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে? শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷ আউলি-বাউলি বতাহৰ বিননিত শুই থকা নৰাবোৰে চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷ বতাহৰ মুখত হাঁহি…

ঠেঙালপঁজা

মিণ্টুল হাজৰিকা মহাদেশৰ এটা অংশত এঘৰত খাচি ডেকাৰ স্বৰটিৰ সুৰত জোনাক সৰিছে আন্ধাৰ ফুটাই খিৰিকীয়েদি সোমাই আহি ৰিণি ৰিণি সেই সুৰে বুকুত সাজিছে তেজ আৰু মঙহৰ ৰংমহল ছাই সনা মুখৰ গধূলিয়েদি জ্যামিতিক উৰুলি এটাৰ স’তে আকাশত ওজা উঠা মেঘৰ ভাৱৰীয়া…

পৰীক্ষা

(পৰম শ্ৰদ্ধাৰ এম কামালুদ্দিন আহমেদ ছাৰৰ কৰকমলত) স্বপ্নালী কলিতা ধহ্‌মহ্‌কৈ সোমাই আহিলোঁপাকঘৰত ৰ’লোঁহি। দেখিলোঁ, মায়ে এটা গোল ৰুটিক চুৰিখনেৰে সমানে চাৰিটুকুৰা কৰি আছে। ওলাই আহিলোঁ। এজন বন্ধুৰ বাৰান্দাত উঠিলোঁগৈ। কিন্তু কিয় জানো ভিতৰলৈ যাবলৈ মন গ’ল। কৰি আছেনে মোৰ মাৰ…

ঘৃণা

মদাৰজ্যোতি কথাটো প্ৰায়েই সুধিছিলোঁ ভালপোৱাৰ উপাদান কি কি মনৰ বা বলিলেই কালিদাসৰ কাব্যত যক্ষৰ চিঠি আহে মেঘ-চৰাইৰ ডেউকাত এতিয়া ইথাৰত উপলব্ধ ৰঙা আঁহতৰ পাতত নেন’ছেকেণ্ডত নতুন ভালপোৱা ইয়াৰ ম্যাদ উকলে ৰাসায়নিক সাৰৰ ব্যৱহাৰত অসহিষ্ণুভাৱে বৃদ্ধি পোৱা পাচলিৰ দেহ-বল্লৰীৰ সৌন্দৰ্য-সুধা পানৰ…