Category অন্যযুগ, ফেব্ৰুৱাৰি, ২০২৫

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  (২৫) এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই খদমদম। বুকু ভৰি পৰিছে ষ্টেপানৰ। পুত্ৰ-বোৱাৰীৰ পৰিচৰ্যা আৰু নাতি-নাতিনীৰ আব্দাৰেৰে উমাল হৈ পৰিছে তেওঁৰ ঘৰ, মন আৰু সময়।  মলেঁয়া…

মুখৰ কাহিনী

মদাৰজ্যোতি  মুখবোৰে ফুলবোৰলৈ চাই আছে  ফুলবোৰে পখিলালৈ  মুখবোৰে ফুলবোৰলৈ চাই আছে  ফুলবোৰে বেলিলৈ  এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতকক মুখবোৰে চাই আছে তাৰ  তেজে ধaৱা গা  এখন চিত্ৰ প্ৰদৰ্শনীত ওলমি আছে  মুখৰ কলাজ  এখনত পিঠিৰ ফালে মুখ  মুখত ছাই  এখনত…

এনালছ স্কুল আৰু অসমৰ ইতিহাস চর্চা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   ইতিহাস চর্চা এক অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাছক যদি আমি ইতিহাস চর্চাৰ জনক বুলি ধৰোঁ, তেন্তে খ্ৰীষ্টপূর্ব পঞ্চম শতিকাৰ পৰা যি চৰ্চা আৰম্ভ হৈছিল সেই চৰ্চাৰ ধাৰা কুৰি শতিকাৰ প্ৰথম দুটা দশকলৈকে বিশেষ পৰিৱর্তন নোহোৱাকৈ…

সপোনপুৰী

মূল : লুইচ কেৰ’ল (Lewis Carroll, Dreamland, ইংৰাজী)   অনুবাদ : ড° ৰঞ্জিত দত্ত যেতিয়া মাজ  নিশাৰ  কুঁৱলীবোৰে ছানি ধৰে  পৃথিৱীখনৰ  সকলোবোৰেই নিমগ্ন হয় গভীৰ নিদ্ৰাত, মোৰ চাৰিওফালে তেতিয়া ভয়ঙ্কৰ মৃত্যুৱে দপদপনি তুলি পাৰ হৈ যায় মোৰ কাষেদি মই নজনাকৈয়ে। পাৰ হৈ যায়…

শ্যামলতা

 অংগনা ভট্টাচাৰ্য্য   “মৌ-মেল”  স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ– “কি হ’লনো তোৰ কানৈ? মুখখন…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্ৱামী মন-দাপোনত – ৭  (১)  দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life Science) হৈছে) বিভাগত বহু কেইগৰাকী নাম থকা অধ্যাপক আৰু demonstrator আছিল৷ আনন্দ বৰুৱা, প্ৰৱীণ বৰুৱা, নাগ, বুটাৰাম, বোথ্ৰা…

পানীহিলৈ

 গোবিন কুমাৰ খাউণ্ড (দুই)  আমজোপাৰ তলত দপদপকৈ জুই একুৰা ধৰি পিঠাৰ টোপোলাটো খুলিবলৈ লওঁতেই মিলিটেৰীৰ ফোনটো বাজি উঠিল৷  ‘বৰদেউতা, ঘৰতে আছেনে?’ সিফালৰ পৰা নীলৰ পুতেকে সুধিলে৷  ‘আছোঁ আছোঁ। কোনে কৈছা?’   ‘মই মৃগাংক, বৰদেউতা৷ জৰিগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি৷ নীল…

বাৰাণ্ডা

 ৰৌচন আলি   বাৰাণ্ডাত বহি চাই আছোঁ ৰ’দলৈ ৰ’দে চাই আছে আমালৈ   আমাৰ দৰে ৰ’দৰ বাৰাণ্ডা নাই সেয়ে ৰ’দৰ সৈতে কথা পাতিছোঁ এখন বাৰাণ্ডাৰ   ঘৰ বুলিলেই পূৰ্বপুৰুষে দি যোৱা ঘৰৰ সৈতে আগ-চোতাল সংলগ্ন কৰা এখন বাৰাণ্ডা আছিল আমাৰ…

বৰ্ষাশেষৰ পদ্য

উদয় কুমাৰ বৰুৱা   লাহে লাহে গাঢ় হৈ আহিছে এন্ধাৰ বতাহত গুঞ্জন তুলি কোলাহলবোৰ কেতিয়াবাই গুচি গৈছে   পাতল কুঁৱলীয়ে ঢকা দূৰৈৰ গাঁওবোৰ কলমটিয়াই কলমটিয়াই টোপনি গৈছে   হেলনীয়া ঋতুত খাজ কাটি কাটি সৰি থকা হালধীয়া সোঁৱৰণীবোৰ আমাৰেই   দূৰে…

নাৰ্চিচাছ

হৰেকৃষ্ণ ডেকা   আৰ্চিৰ সমুখত থিয় হৈ আপুনিও এজন নাৰ্চিচাছ। কেৱল আপুনি ৰূপান্তৰিত নহয়। মাগ্ৰিতে এই ছবিখন ওলোটা কৰি দিলে যাতে আপুনি আপোনাৰ পিঠিখনহে দেখা পায়। ভাবি চাওকচোন! যদি আৰ্চিৰ ভিতৰৰ প্ৰতিজনেই ক্ৰমান্বয়ে কেৱল নিজৰ প্ৰতিবিম্বৰ পিঠিহে দেখা পায় আৰু…