দেওপুখুৰীৰ দুপৰীয়া
নিৰ্মালি নয়নতৰা চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা আৰু এজোপা প্ৰকাণ্ড হোলোংগছৰ প্ৰাচীন ছায়াৰে আৱৰা দেওপুখুৰীৰ পানীত দিনৰ নীলা আকাশখনো প্ৰতিবিম্বিত নহৈছিল৷ দেওপুখুৰীটো আগতে জঁয়াল আছিল৷ পূৰ্ণিমাৰ ৰাতি হেনো তাত জলকুঁৱৰীয়ে সোণৰ নাও বাই ফুৰিছিল৷ নাও বাই…