Category অন্যযুগ, অক্টোবৰ, ২০২১

সন্তানৰ মুখত নেতিবাচক উক্তিৰ প্ৰয়োজনীয়তা

 ড০ ভাৰত বৰুৱা         অভিভাৱকত্বৰ গুৰুসকলৰ মতে ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰাৰ কোনো পাঠ্যপুথি বা অনুসৰণ-পুথিৰ দৰকাৰ নাই। পিতৃ-মাতৃ বা অভিভাৱক হিচাপে আপুনি সদায় বিচাৰিব যে নিজৰ সন্তান বা ল’ৰা-ছোৱালী সুখী হওক। এক কথাত পিতৃ-মাতৃৰ সময়, প্ৰচেষ্টা আৰু অৰ্থৰ এক গৰিষ্ঠ ভাগ ল’ৰা-ছোৱালীক…

ফুটবল পয়েট্ৰি

ফুটবলৰ জন্ম সৌৰভ শইকীয়া পাহাৰৰ গৰ্ভ ফালি শিশু সূৰ্য ওলাই আহিল সৰল, প্ৰাথমিক সৌ বেলিটোৰ মাজতে ফুটবলৰ জন্ম: নিৰ্জন শালবন ভেদি জীয়া সূৰ্য উঠি আহিল তেজাল, জ্যামিতিক সৌ বেলিটোৰ মাজতে ফুটবলৰ জন্ম গোলাকাৰ বেলি মানেই মুক্তি প্ৰচণ্ড গতি আৰু শক্তি…

বিপ্লৱ প্ৰতীক

অনুভৱ তুলসী   মানচিত্ৰত মাটি নাই বাবে যি সুদূৰ ডালাছ ওলাইছিলগৈ উদ্দেশ্য কলৰাডোৰ গাতে গা লগাই বোৱাব কোশী বাগমতী চীনৰ টনা-আঁজোৰাৰ পৰা হিমালয়ক মুক্ত কৰিব নোৱাৰি বিল্পৱ প্ৰতীক বিষাদপ্ৰতিমা হয়তোবা বিষাদ নিজেই কিংবদন্তী উটি-ভাহি ফুৰিছিল যি ওঠৰচকীয়া ট্ৰাকৰ শিপা বিচাৰি…

হয়তো অৱধাৰিত আছিল

 উদয় কুমাৰ বৰুৱা হয়তো অৱধাৰিত আছিল শংখ হোৱাৰ বাসনা খেজুৰ পাতৰ আগেৰে নামি অহা জোনাকত তিৰবিৰাইছিলোঁ সেই তিৰবিৰণিয়ে ভেদিছিল শংখ বেচা ছোৱালীজনীৰ হৃদয় আত্মাৰ প্ৰতিটো শব্দই অনূদিত হৈছিল তাইৰ অন্তৰৰো অন্তৰত প্ৰতিৰাতি নিদ্ৰাৰ গভীৰলে তাই বৈ আহিছিল এখন নৈ হৈ…

অ’নাম

প্ৰয়াগ শইকীয়া বলি আৰু বামন দুয়োৰে অ’নামত উপস্থাপন বলি দানী মহাবলী ত্ৰিলোকৰ অধিকাৰী দনুজ   বামন অৱতাৰী দশাৱতাৰৰ পঞ্চমজনা বিচাৰিছিল মহাবলী দনুজক পদৰ জোখাৰে মাটি তিনিখোজ অৱতাৰী ঈশ্বৰে ছলনাৰ এখোজেৰে ল’লে সৰগ এখোজেৰে মৰত মহাদানী বলিয়ে ক’লে তৃতীয়টি পদ থোৱা…

বুৰবুৰণি

 জোনমণি দাস   তোৰ বাবে, নেগুৰীয়া শামুকৰ খোলাত ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই। লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই খালী গিলাচত বাকি লোৱা বটলৰ ৰঙাখিনিত।   বুৰবুৰণি, তোৰ বাবে মোক মাতষাৰ দি এইমাত্ৰ গুচি গৈছে হেমন্ত … গোলাপ গছত…

কৰুণা

 অলকেশ কলিতা (বান্ধৱী সঙ্গীতা মেধিৰ হাতত)   ধৰিব পাৰিছানে ৰাতি, তোমাৰ চৰাইজনীৰ মাতত, মোৰ অন্তৰাত্মাই চিপ কঢ়া ? শুনি থাকাঁ তাৰ স্বৰ, চিৰিলুইত চিৰকাল বৈ যাব, পকনীয়াৰ সৰু সৰু হাহাকাৰৰ মাজেৰে। তোমাকো চাগে নিশ্চয়েই কষ্ট দিয়ে, দিনৰ ৰ’দত লেৰেলা ৰাতিৰ…

পান্থশালাত এদিন চিত্ৰকৰ

 জ্যোতিনীলিমা গগৈ  (প্ৰস্তাৱনা: কিনকিনকৈ বৰষুণ সৰিছিল৷ চিত্ৰকৰৰ জঁটাবন্ধা চুলি খুঁচৰি ঘৰচিৰিকাটোৱে ক’লে – ‘যোৱাঁ, ৰং-তুলিকা সামৰি বাহিৰখন ফুৰি আহাঁগৈ৷’ বাধ্য ছাত্ৰৰ দৰে চিত্ৰকৰে এযুগৰ অন্তত মূৰ তুলি চালে আৰু তাৰ পাছত চমৎকাৰ সকলো…)   দীৰ্ঘদিন পৰশ্ৰীকাতৰ বেলিৰ সতে খৰিয়াল আছিল…

বাঘিনীৰ সত্য জীৱন কাহিনী

   ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম ডাক্তৰখানাত মোৰ দুঘণ্টামান দেৰী হৈ গৈছিল। উভতি আহি দেখোঁ গার্ডবোৰে কৈছে যে খইৰীক বিচাৰি পোৱা নাই। গাঁৱৰ মানুহক মাতিলোঁ পাতপাতকৈ খইৰীক বিচাৰিবলৈ। চাৰিওফালে সৰু সৰু ফুটুকানি হাবি। হঠাৎ…

ডাঠি তান চৰণে পৰিয়ো

অলকা মহন্ত বৰুৱা ভৈয়াই শুন আমাৰ কওঁ  ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁ আঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁ নিয়াৰিত থৈ আমি গঢ়ি পিটি উলিয়াওঁ কাঁহী-বাটি হাফৰত ৰঙাৈক জ্বলা শালখৰিৰ লগতে ক’লা হয় আমাৰ হাত গাৰ তেজ ঘাম…