বিশ্বজ্যোতি শৰ্মা

অৰূপৰ বাবে
মন্দিৰলৈ প্ৰতি সপ্তাহতেই এবাৰ যোৱাটো নিয়ম যদিও আজিৰ ব্ৰহ্মপুৱাৰ এই ক্ষুদ্ৰ
মন্দিৰটোৰ পৰিৱেশটো তাৰ বাবে বৰ আচহুৱা। মন্দিৰ এটাৰ ভিতৰত ধূপ-ধূণাৰ ঘ্ৰাণৰ সৈতে
এজন পূজাৰীৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ যি প্ৰত্যাহিক পৰম্পৰা সেয়া ইয়াত সি দেখা পোৱা
নাই। মাথোঁ চাৰিটা খাপৰ খটখটিটো ওপৰফালে য
ত শেষ হৈছে তাত এগৰাকী
মধ্যবয়সীয়া মহিলা কাষৰ ঘূৰণীয়া খুঁটা এটাত ভেজা দি চিকচি
কীয়া
টাইল্‌ছৰ মজিয়াত
 বহি আছে। অৰূপৰ আগমনে সেই
মহিলাগৰাকীৰ আনহে নালাগে চকুহালকো বিচলিত নকৰিলে। তেওঁ গাটোৰ সৈতে মূৰটোও খুঁটাটোত
ভেজা দি আছে। চকুহালত বুজাব নোৱৰা কাৰুণ্য। চকুহাল নিস্তেজ
, অপলক— লক্ষ্যবিহীনভাৱে কোনো লক্ষ্যস্থানত নিবদ্ধ হৈছে। অৰূপৰ আৱেগপ্ৰৱণ মনটোৱে
মহিলাগৰাকীৰ মনোজগতত কি ঘটি আছে বুজিবলৈ যত্ন কৰিবলৈ মন কৰিলে যদিও পাছ মুহূৰ্ততে
তেওঁৰ পৰা চকু আঁতৰাই দুৱাৰবিহীন মন্দিৰটোৰ প্ৰৱেশদ্বাৰৰ ঠিক ওপৰতে ওলমি ৰোৱা এটা
ডাঙৰ বানবাটিৰ সমান টিলিঙাটোত সোঁহাতখনেৰে খুন্দা এটা মাৰি তাৰ উপস্থিতি ভিতৰত
আথে-বেথে দীৰ্ঘদিন অৱস্থান কৰা শিৱ ভগৱানক অৱগত কৰিবলৈ যত্ন কৰিলে। ভিতৰত আন
এগৰাকী মহিলাই ব্যোমকেশৰ সন্মুখত দীঘল দি পৰি মূৰটোৰ কপালৰ অংশ মজিয়াত
 হেঁচা
দি ধৰি পুনৰ আঁঠু লৈ এবাৰ সোঁহাতেৰে
বাঁওকাণত আৰু বাঁওহাতেৰে সোঁকাণত স্পৰ্শ কৰিলে আৰু তাৰ পাছত ঠিক তাৰ বিপৰীতটো কৰি সদাশিৱৰ
ওচৰতে দি থোৱা কুমকুমৰ টেমাটোৰ পৰা অলপ লৈ কপালত ফোঁট এটা ল
লে।
তাৰ পাছত তেৰাৰ ওচৰত অৰূপে নুবুজা মালায়ালাম ভাষাত কিবাকিবি কৈ অশ্ৰুসিক্ত নয়নেৰে
সেই স্থান ত্যাগ কৰিলে। অৰূপে সকলো দেখিও নেদেখা হৈ ৰৈছে। আন দিনবোৰৰ দৰে আজি তাৰ
সেই মহিলাদুগৰাকীৰ দুখ-দুৰ্দশাৰ বুজ ল
বলৈ মন যোৱা নাই বা
তেনে কৰাৰ প্ৰয়োজনবোধো কৰা নাই। অৰূপ আগ বাঢ়ি গৈ মহাদেৱক
 সাষ্টাংগে প্ৰণাম কৰি দানপাত্ৰটোত পঞ্চাছটকীয়া নট এটা
ভাঁজ কৰি ভৰাই দিলে। শিৱৰ মূৰ্তিটোৰ ফালে চাই ৰৈ বহুত কিবাকিবি ক
ব খুজিও একো নকৈ মাথোঁ স্বগতোক্তি কৰিলে
 তুমি
সকলো জানা প্ৰভু।

পকেটত থকা বাইল নটোত
শব্দ এটা শুনি
 বাইলটো আন্‌লক কৰি অৰূপে ৱাটছ্‌এপত এটা বাৰ্তা পালে— বাবু
উঠিলেনে
?
 তুমি কি কৰিছা? মই
তোমাক ফ
ন কৰি কৰি নাই পোৱা। ৰাতি টোপনি নাহিলে জানা!

বাইলটো
পকেটত ভৰাই সি মন্দিৰৰ খটখটি এটাত নিৰ্বিকাৰ
ভাৱে‍ বহি ৰল।

মেছিয়ে
পেনাল্টিটো মিছ নকৰা হ
লেই হয়তো এনে নহলহেঁতেন! সিনো
 ব্ৰহ্মপুৱাতে কপা
আমেৰিকাৰ খেলখন চোৱাৰ প্ৰয়োজন কি আছিল!

পাছ মুহূৰ্ততে
অৰূপে আকৌ ভাবিলে যে গোটেই পৃথিৱীখনত অকল বাবুৱেইতো সেই খেলখন চোৱা নাছিল। তেনেহ
লে
তাৰেই যে এনে হ
ল।

খটখটিৰ পৰা উঠি
সি বৃত্তাকাৰে থকা গীৰ্জা
, মছজিদ আৰু গুৰুদ্বাৰাতো এবাৰ এবাৰ
সোমাই মনটোক সন্তুষ্টি প্ৰদান কৰিলে। এনে এক বিপদসংকুল সময়তো অৰূপৰ মনটোত ভাল লগা
এটাই ক্ৰিয়া কৰিলে। এখন চিকিৎসালয় আজন্ম ধৰ্মনিৰপেক্ষ। তাৰেই প্ৰতীক হিচাপে
চিকিৎসালয়খনৰ একেবাৰে সন্মুখত বৃত্তাকাৰে মন্দিৰ
, মছজিদ, গীৰ্জা
আৰু গুৰুদ্বাৰা। বৃত্তটোৰ পৰিধিৰ চাৰিটা দিশত আকুলজনৰ বাবে চাৰিখন প্ৰৱেশদ্বাৰ।

সত্য কথা!
একেবাৰে সত্য! জোতাযোৰ পিন্ধি আমি
  হাজাৰটা
পাথৰৰ ওপৰেদি হেলাৰঙে খোজ কাঢ়ি পাৰ হ
ব পাৰোঁ। কিন্তু তাৰে
এপাট জোতাত যদি এটা মাথোঁ ক্ষুদ্ৰ শিলৰ টুকুৰা সোমাই থাকে তেতিয়া এটা খোজোঁ আমি
শান্তিৰে দিব নোৱাৰোঁ। একেদৰে অৰূপৰ বাবেও মনৰ ভিতৰৰ ধুমুহাজাক সহ্য কৰা বৰ কঠিন
হৈ পৰিছে।
 হি হেজ টু গ থ্ৰ 
প্ৰছিজিঅ
, ট্‌ট্ৰেকি‍ কাৰ্ডিআ।
আৰ.এফ.এ
/ ই.পি.এছ.
ইজ ৰিকুৱায়াৰ্ড। ছাকচেছ্ ৰে
ট ইজ নাইনটি টু পাৰ্চেণ্ট্।

অৰূপে ডাঃ
শ্ৰীচাৰ শেহৰ বাক্যটি মনতে এবাৰ পাগুলি ল
লে। ছাকচেছ্
ৰে
ট ইজ নাইনটি টু পাৰ্চেণ্ট।
 মানে
সেই চিকিৎসা পদ্ধতিটোৰ বা অপাৰে
শ্বনটোৰ মাজেৰে পাৰ হওঁতে এশজনৰ ভিতৰত
বিৰা
নব্বৈ‍জন ব্যক্তি সুস্থ হৈ জীয়াই থাকে। তাৰমানে বাকী
আঠজন মানুহৰ …
 হে ভগৱান মই এইবোৰ কি ভাবিছোঁ। প্ৰভু
আমাৰ বাবুক ৰক্ষা কৰাঁ।

বৰ আচৰিত কথা!
এয়া যেন জীৱন মৰণৰ প্ৰশ্ন নহৈ মেট্ৰিক
 বা হায়াৰ
ছেকেণ্ডা
ৰি‍ পৰীক্ষাৰ ফলাফলহে! যত বিৰানব্বৈ‍ শতাংশ নাম্বাৰ পালে ঘৰত এটা চাহ-মিঠাইৰ পাৰ্টী হৈ যায় বা ঔকাড থাকিলে এটা
খাচী বিন্দাচ মাৰি দিয়া হয়।

কি যে সুন্দৰ
দিন আছিল সেইটো। বাবুৰ লগৰ দুই-তিনিটা ল
ৰা আহিছিল, সিহঁতে
ঘাঁহ-বনবোৰ জ্বলাই ছাই কৰিব খোজা বেলিটোক আওকাণ কৰি আগচোতালত ক্ৰিকেট খেলি আছিল।
অৰূপে ভিতৰত এয়াৰ কণ্ডি
শ্ব্যনাৰত বহি য়ুটিউবত
কান্‌হায়া কুমাৰৰ ভাষণ এটা চাই আছিল।
 হম
ছাৱাল ৰাহুল গান্ধী চে
 ক্যোঁ পুছে? কৌন হে
ৰাহুল গান্ধী
? জৱ কাংগ্ৰেছ ছত্তা মে থি, তব হমনে
ৰাহুল গান্ধী ছে ছাৱাল পুছে থে কে নেহী পুছে থে
? হমনে তব
মনমোহন সিংহজী চে ভি ছাৱাল পুছে থে। ছোনীয়া জী চে ভি পুছে থে ছাৱাল
? লেকিন
অৱ ৰাহুল গান্ধী দেশ কে পৰধান মন্ত্ৰী হে ক্যা! দেশ কে
প্ৰধানমন্ত্ৰী মোডীজী হেঁ। তো হমনে মোডী জী চে ছাৱাল কৰকে কৌনচা গুনাহ কৰ
লিয়া! লোগ ছত্তা চে ছাৱাল পুছেংগে য়া
,
 কমজোৰো চে ছাৱাল
পুছেংগে
? আপ হমে
বতায়ে না! অগৰ হমনে ছত্তাছে ছাৱাল পুছ লিয়ে তো ক্যা হম দেশদ্ৰোহী বন গয়ে
? অগৰ হম
দেশদ্ৰোহী হে তো হম পৰ চাৰ্জচীট দাখিল কৰকে হমে কাহে এৰেষ্ট নহি কৰৱাতে
? ইচমে ভি
পলিটিক্স হে। আওৰ আপকো য়ে বাত চমজানী হোগী।

বে
জমি উঠিছিল। নৰেন্দ্ৰ মোডীক নেতা হিচাপে প
ণ্ড কৰা অৰূপৰ মনত
কান্‌হায়াৰ কথাখিনিয়ে ৰেখাপাত কৰিছিল।
য়ুটিউবত ব্যস্ত থাকোঁতেই
কেতিয়া জানো বাবু আহি সি বহি থকা চকীখনৰ কাষত ফ্ল
ৰত পাৰি
থোৱা বিছনাখনত বহিলেহি সি গমেই নাপালে।
  ওপৰপাৰিৰ
দাঁতকেইটাৰে তলৰ ওঁঠটো কামুৰি ধৰি মৌন
ভাৱে‍ বাৰ বছৰীয়া হৃষ্ট-পুষ্ট লৰাটোৱে চকুহালেৰে পিৰিকা-পিৰিক্‌কৈ‍
ইফালে-সিফালে চাই থকা দেখি অৰূপৰ সন্দেহ হল।

 কি হল তোৰ?’’

একো
নাই!
’’

খেল
এৰি ইয়াত বহিলিহি যে
?’’

এনেয়ে!’’

কিবা
এটাতো হৈছে! কি হৈছে ক
?’’
  অৰূপ তাৰ কাষ
চাপি গ
ল।

বুকুখন খুব
জোৰেৰে ঢক্ ঢক্ কৰি আছে।

সেয়াই আৰম্ভণি।
হাৰ্ট ৰে
ট ৱান এইটি। ডাক্তৰে কৈছিল দুশ পাৰ হলে এনিথিং
কেন
হেপে‍ন।

অৰূপে জ্যোৎস্নালৈ‍ন এটা কৰাৰ কথা ভাবিলে। বৰ সাহসত সি জ্যোৎস্নাক
মাজনীৰ সৈতে ঘৰতে থৈ বাংগালুৰুলৈ বাবুৰ লগত অকলে গুচি আহিছে। উপায়োতো নাই। অসমত এই
ৰোগৰ স্থায়ী চিকিৎসাৰ ব্যৱস্থা নাই। তাতে চাৰিটা প্ৰাণী একেলগে অচিনা
কি‍ ঠাইডোখৰত দীঘলীয়াকৈ থাকিবলৈ অসুবিধা। কিন্তু অৰূপে মাকৰ হদয়খনৰ কথা এবাৰো
যে নাভাবিলে! বৰ কাঠচিতীয়া সি! জ্যোৎস্নাজনীৰ যে কলিজাখন এইকেইটা দিনত ফাটি-ছিটি
চূৰমাৰ হৈছে। গোসাঁই চাকিগছ জ্বলাই পুৱাৰ পৰা ৰাতি এডোখৰলৈকে মিঠাতেল ঢালি ঢালি
তাতে বহি থাকে। দিন-বাৰ
,
 ক্ষণৰো হিচাপ
নোহোৱা হ
ল। পকাখনতে লেপেটা খাই বহি থাকোঁতে মৃত্যুঞ্জয় কৱচ পাঠ কৰি থকা আশী বছৰীয়া
শাহুৱেকজনীয়ে কেঁচা তেজৰ দৰে কিবা অলপ দেখিহে তাইক ক
লে।
বেচেৰীজনী এনেয়ে চিন্তাত মৰি গোসাঁইজনাতে সাহটো কৰি আছিল। এতিয়া সেই থানো এৰিবলগীয়া
ল।

আজি
আকৌ ই.চি.জি.
,
 ইক আৰু
কেইটামান ব্লাড টেষ্ট কৰিব।

ৰিপৰ্ট কেতিয়া দিব?”

দুঘণ্টা
মানতে দিয়ে। ইয়াত কামবোৰ বৰ ফা
ষ্ট্

কামটো
কেতিয়া কৰিব
?”

কালিলৈ
পুৱাই কৰিব বুলি কৈছে। তুমি চিন্তা নকৰিবা। চব ঠিক হৈ যাব।

তুমি
বাবুক ভাল কৰি আনিবা দেই!

ইমান পৰে অৰূপে
বৰ ধৈৰ্য ধৰি আছিল। ম
বাইল ফনটোৰ বৰ
সুবিধা! কথা পাতোঁতে চেহেৰা নেদেখি। নিজকে লুকুৱাবলৈ বৰ সহজ। কিন্তু এটা শিশুৰ দৰে
যেতিয়া চল্লিছো
ৰ্ধ্বৰ এজন পিতৃয়ে ফেকুৰি ফেকুৰি কান্দে
তেতিয়া পত্নীয়ে তেওঁৰ চেহেৰা চোৱাৰ কিবা প্ৰয়োজনবোধ জানো কৰে
?

কিয়
কান্দিছা তুমি
?”
 জ্যোৎস্নাই অৰূপক উচুপি উচুপি
বুজাইছে। অৰূপেও উচুপি উচুপি বুজিছে।

বাবুৱে বাইলত
গে
ম খেলি আছে। কুমকুমৰ ফোঁট এটা কপালত আঁকি দি বাপেকৰ
প্ৰশ্ন—
ৰাতি টোপনি ভাল হলনে?”

বাইলটো
টিপিয়েই বাবুৰ উত্তৰ—
তুমি কেঁচুৱাৰ দৰে ৰাতিটো কান্দি
 মোৰ
কপালত
 চকুপানী পেলাই থাকিলে কৰ পৰা ভাল টোপনি
আহিব!

ৰুটী দুটা তিনিচাৰিবিধ
ডাইলৰ কাৰী
,
 দুটা বইল ডিম, এবাটি
ভাত।

খাই
 সোণ। ইয়াৰ পাছত ছঘণ্টামান খাবলৈ
নাপাৱ!
 নাৰ্ছে আহি কৈ
থৈ গ
ল।

গাগা হিন্দীত। খানা
খিলা দেনা। দিন ভৰ অউৰ খানা না দেগা।

আনমনা অৰূপৰ
মুখাৱয়বতে ছোৱালীজনীয়ে বুজি পালে পিতৃ
হৃদয়ত যে হাজাৰটা সাগৰৰ
ঢৌৱে খুন্দিয়াই পাৰ ভাঙি মৰ্যাদা নাশৰ অপচেষ্টা কৰিছে।

চব
ঠিক হ
গা। অকে!

অৰূপৰো আশা সকলো ভাল হওক। সকলো ভাল নহলে যে সি উশাহ
কেনেকৈ ল
ব! জ্যোৎস্নাৰ বিশ্বাসক সন্মান কেনেকৈ জনাব! কিন্তু
… ডঃ শ্ৰীচা।

ছাৰ, ইজ দ্য
প্ৰচিজিঅ
ৰ কমপ্লিটলি ছেইফ!

লুক
ট্ মিষ্টাৰ। আই কেন আণ্ডাৰষ্টেণ্ড য়ৰ কনচাৰ্ন বাট… দজ এইট পাৰ্চেণ্ট মিন্‌ছ্‌
 এনিথিং
কেন হেপ্পেন।

অপাৰেশ্ব্যন টেবুলত পেচেণ্ট কলাপ্‌ছব পাৰে। ই.পি.এছ./ আৰ. এফ. এ.
কৰোঁতে
  ইলেক্ট্ৰফিছিঅ’লজি‍ৰ জৰিয়তে হৃদযন্ত্ৰৰ যিখিনি অদৰকাৰী মাংসপেশী জ্বলাই
দিয়াৰ চেষ্টা কৰা হয়
,
 সেই প্ৰচেষ্টাত
মূল ৰক্তবাহী নলীও জ্বলি যাব পাৰে। হঠা
পেচমেকাৰ বহুৱাবলগীয়াও হব পাৰে।

উঃ! কেনেকৈ যে
বাবুক কাষতে বহুৱাই অৰূপে শুনি থাকিল শ্ৰীচাৰ কথাবোৰ! এবাৰলৈও শ্ৰীচাই চিন্তা
নকৰিলেনে এই অপবাক্যবোৰ কণমানিটোৰ সন্মুখত ক
বলৈ? তাৰ
মনস্তত্ত্বত ওৰেটো জীৱন এই বিষয়টোৱে ক্ৰিয়া কৰি নাথাকিবনে
? অৰূপৰ
ৰুক্ষ মুখখনৰ দুগালেদি ধাৰাসাৰে বৈ অহা অশ্ৰুখিনি বাবুৱে নিৰ্বিকাৰভাৱে চাই ৰৈছিল।

পুৱা চাৰি
বজাতেই খাবলৈ দি বাবুক নাৰ্ছ এগৰাকীয়ে সেউজীয়া গ্ৰাউন এটা পিন্ধাই দিছিল। পুৱা
ছয়মান বজাত বাবুৰ বুকুখনে আকৌ ধান বনাদি বানিলে। দৌৰা-
ৰাকৈ‍ নাৰ্ছগৰাকীয়ে মেছিন এটা আনি তাৰ সোঁহাতখনত লগাই দিলে। ১৮৩ … ১৮৫ …
বাবুৰ মূৰত হয়তো ডঃ শ্ৰীচাৰ বাক্য দুটাই খেলা কৰি আছিল।
 এনিথিং
কেন
হেপে‍‍ন আফ্‌টাৰ টু হাণ্ড্ৰেড। হিজ
হাৰ্ট মে গ
 টু ৰেষ্ট।

বাবুৱে ভয়
খাইছিল। অৰূপক সা
ট মাৰি ধৰিছিল। চকুপানী বৈছিল। ওঁঠ দুটা
কঁপিছিল তাৰ।

পাপা!
কি হ
ব এতিয়া?”

একো
নহয় সোণ! ইয়াত ডাক্তৰে চব ভাল কৰি দিয়ে। মেডিচিন দিছে নহয় ভাল হ
ব। তুমি ভয় নাখাবা।

কেলাপ্তিন’-ৰ প্ৰভাৱত হাৰ্ট ৰেট কমি আহিছিল। নাৰায়ণা হৃদয়ালয়ৰ সেই ডাঙৰ পেয়িং কেবিনটোৰ আনটো ভাগত থকা মাৰোৱাৰী পৰিয়ালটোৰ মুৰব্বী ৰাজু
ওচৰ চাপি আহিছিল। একমাত্ৰ সন্তান ৰাজাৰ আঠ বছৰ বয়স। মাক ৰঙা-বগা অলপ শকত কিন্তু বৰ
ধুনীয়া। পিছে নাকৰ তলৰ পৰা মুখখন এখন কাপোৰেৰে বান্ধি থয়। তাৰ কাৰণ জনাৰ প্ৰয়োজন
যোৱা চাৰিটা দিনত অৰূপে এবাৰো অনুভৱ কৰা নাই। তথাপি মনতে ভাবিছে। হয়তো মহিলাগৰাকীৰ
মুখত দাঢ়ি আছে। আঠ বছৰীয়া ৰাজাৰ হদযন্ত্ৰৰ এটা অস্ত্ৰোপচাৰ হ
ব।
তথাপি পৰিয়ালটোৱে দিনে-ৰাতিয়ে টি.ভি. চাই উপভোগ কৰিছে। অৰূপে বাহিৰলৈ ওলাই আহি
 য়ুটিউবত নিউজ লাইভ চেনেলৰ
ভিডিঅ
 এটা
অমনোযোগীভাৱে ক্লিক্ কৰে। এই
ম্‌ছ ৰহাত হব নে
চাংসাৰিত হ
,
 এন.আৰ.চি.
কেতিয়া প্ৰকাশ হ
, মন্ত্ৰীমণ্ডলৰ
সম্প্ৰসাৰণ কেতিয়া হ
ব ইত্যাদি ইত্যাদি। এইবাৰ এটা ক্লিক্‌ ৱাটছ্‌এপত। শুভাকাংক্ষীসকলৰ বাৰ্তা। গেট
ৱেল
ছুন বাবু।”, “ভগৱানে ভাল কৰিব ছাৰ,
 চিন্তা
নকৰিব।
”,
মই নামঘৰত শৰাই এভাগ দিছোঁ।
 বাইলটো
অৰূপে পকেটত ভৰাই থৈ এঠাইত বহি পৰিল। দুয়োখন হাতৰ মাজত মুখখন ধৰি চকু দুটা মুদি
দিলে। তাৰ বুকুখনত এটা বিষ অনুভৱ হ
ল। যেন কোনোবাই এমুঠিমান
কলিজাখন দুহাতেৰে সজোৰে ধৰি মোচৰ মাৰি দিছে! কিয় এনে হ
?
 কিয়
বাবুৰ লগতে এনে হ
বলৈ পালে! কিয় ইমান হৃষ্ট-পুষ্ট তজ্‌বজীয়া লৰাটোৰ
কলিজাখন ইমান দুৰ্বল কৰিলে ভগৱানে। হঠাত ডঃ শ্ৰীচাৰ আন এটা কথালৈ অৰূপৰ মনত পৰিল।
 এইটো
জন্মগত। পৰিয়ালৰ কাৰোবাৰ এনে ৰোগ আছে নেকি
?
 জেনিটিকেলিও
এই ৰোগ হ
ব পাৰে।

তা! মনতচোন নপৰে।অৰূপে মূৰটোত
খুব জোৰেৰে হেঁচা মাৰি ধৰি মনত পেলাবলৈ যত্ন কৰে।

ৰাজাৰ লগত একেটা
কোঠাতে থাকি চাৰিটা দিনত বাবুৰ বন্ধুত্ব এটা হৈ উঠিছে। একেলগে ম
বাইল
গে
ম খেলা, টেলিভিনত চিনেমা চোৱা আদি কামে‍ সিহঁতক ওচৰ চপাই আনিছে।
বাবুৱে সোধে
তুঝে ক্যা হোৱা হে?”

বহুত
কুছ হুৱা হে। হাৰ্ট কা এক বাৰ অপৰেচন হ
 চুকা
হে। অভিতো অঔৰ বড়া অপৰেচন হোগা!

অৰূপে শুনি
থাকে। ৰাজাৰ হাৰ্টৰ এটা ভা
ল্‌ভ ইতিমধ্যেই সলোৱা
হৈছে। এতিয়া এটা ধমনী আঁতৰাই তাৰ স্থানত কৃত্ৰিম ধমনী সংৰোপণ কৰা হ
ব।
মাক-দেউতাকহালৰ চাগে জীয়াই থাকিবলৈ মন নোযোৱা হৈছে! হাজাৰ হওক একেহে মাক-বাপেক।
পেটৰ পো বা জীজনীৰ এনে বিপদ হ
লে কেনেকৈ সহে বাৰু!

দহমান বজাত
বাবুক লগত লৈ অৰূপ
 পাৰেশ্বন থিয়েটাৰৰ বাহিৰত ৰল। ঘনে ঘনে জ্যোৎস্নাই ফন কৰি থাকিল। মাকদেউতাকৰ আৱেগিক কথোপকথনবোৰ শুনি
একোবত বাবুৱে এটা বাক্য কৈ অৰূপক স্তব্ধ কৰি দিলে।
 বাদ
দিয়া পাপা কিনো হ
ব! খুব বেছি মৰিমহে! তুমি ইমান দুঃখ
নকৰিবা।

কি কৈ গ
বাবুৱে! হঠা
ইমান কঠোৰ হৈ পৰিল সি! এই বাৰ বছৰ বয়সতে ইমান
সাহস ক
ত গোটালে সি!

প্ৰচিজিঅৰ চল ৰাহা হে। আপ হল মে ৱেট কৰিয়ে!

প্ৰকাৰান্তৰে
অৰূপক অ
.টি.-ৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ কৈ নাৰ্ছগৰাকী অ.টি.-ৰ
ভিতৰলৈ সোমাই গ
ল।

এটা প্ৰকাণ্ড
হল। তিনি ঘণ্টাৰ অপেক্ষা। বুকুখনৰ কঁপনি নিজেই শুনি থকাৰ ভয়াৱহতা। উচ্চাৰণ নকৰাকৈ
মৃত্যুঞ্জয় কৱচ এশবাৰ। দুশবাৰ। অহা যোৱা কৰি থকা মানুহবোৰৰ অস্তিত্বক স্ব
তঃস্ফূৰ্তভাৱে অৱজ্ঞা কৰি অৰূপে হলটোৰ এফালৰ পৰা আনফাললৈ অহাযোৱা কৰি আছে। বাৰে বাৰে দূৰৈৰ পাৰেশ্বন থিয়েটাৰৰ বাল্বটোৰ ওপৰত চকু। তেনেদৰেই প্ৰায় দুঘণ্টা পাৰ হৈ গৈছে। হঠা অৰূপৰ চকুহাল অলপ দূৰৈত চকীত বহি থকা ৰাজু আৰু তেওঁৰ পত্নীৰ ওপৰত পৰিল।
দুয়ো হাস্যবদনে এটা টিফিন বাক
ৰ পৰা ৰুটী ছিঙি দাঁতিত থকা আন
এটা পাত্ৰৰ পৰা ভাজি লৈ খাই আছে। অৰূপ ওচৰ চাপি গ
ল।

আপ
লোগ য়ঁহা
?”

ৰাজা
কা অপাৰেচন চল ৰহা হে। দো ঘণ্টা হো চুকা হে। ডক্তৰ নে বোলা হে ন
 ঘণ্টা
লগেগা। হমনে চোচা খানা খা লেতে হেঁ।

অৰূপে প্ৰশ্ন
কৰিলে
 আপোনালোকৰ চিন্তা হোৱা নাই?”

ৰাজুৱে সহজভাৱেই
উত্তৰ দিলে
 চিন্তা নোহোৱাকৈ কেনেকৈ
থাকিব। কিন্তু চিন্তা কৰিলেনো কি হ
ব!

ৰাজু অলপ পৰৰ
বাবে ৰৈ গ
ল। তাৰ পাছত হাঁহি এটি মাৰি পুনৰ কলে। এই হস্পিটেলখনৰ নাম নাৰায়ণা।
নাৰায়ণ
 মানে ভগৱান। আমি ভগৱানৰ ঘৰত আছোঁ। বিপদে আমাক জানো চুব
পাৰিব
?”

ৰাজাৰ
মাক-দেউতাকে একেলগে হাঁহি
 হাঁহি ৰুটী
খাবলৈ ধৰিলে। অৰূপে ডাঙৰ ডাঙৰ চকুহালেৰে মানুহহালকে চাই থাকিল।

ভ্ৰাম্যভাষ: ৯৯৫৭৬৩৮৫০০