মালবিকা শৰ্মা

মাজতে ৱাটছএপ
সুধা মূৰ্তিৰ এটা
লে‍খা পঢ়িছিলোঁAttachment
in Detachment (বিচ্ছিন্নতাৰ মাজত যোগসূত্ৰ) লে‍খাটোৱে মন চুই গৈছিল৷ একেবাৰে সঁচা কথা৷ আগৰ দিনত মানুহবোৰে একেলগে থাকি
ভাল পাইছিল। বেলেগকৈ থাকিবলগীয়া যাতে নহয়
, সেয়ে ঘৰৰ
ওচৰে-পাঁজৰে থকা কামবোৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। লাহে লাহে সকলোৰে দৃষ্টিভংগী
সলনি হৈ আহিল। সংযুক্ত পৰিয়ালৰ পৰিৱৰ্তে সকলোৱে সৰু পৰিয়াল পছন্দ কৰা হ
এক আৰামদায়ক জীৱনৰ আশাত অধিকাংশই চহৰৰ পিনে ঢাপলি
মেলিলে। কিন্তু ইয়াতে কথা শেষ নহ
ল। একক তথা সৰু পৰিয়ালত
কেৱল মাক-দেউতাক আৰু এটা
দুটা সন্তানহে থাকে। তাতো
উচ্চশিক্ষা আৰু সুবিধা বিচাৰি ঘৰৰ ল
ৰা-ছোৱালীবোৰে নিজৰ ঘৰ এৰি দূৰলৈ যোৱা আৰম্ভ
কৰিলে। ক
ব নোৱৰাকৈয়ে অথবা নিবিচৰাকৈয়ে পিতৃ-মাতৃ আৰু
সন্তানৰ মাজত এক ব্যৱধান আৰম্ভ  হ
ল। আজৰি সময়ত একেলগে বহি কথা পতা, একেলগে টেবুলত খাবলৈ বহা, ছুটীৰ দিনত লগে-ভাগে কৰবাত ফুৰিবলৈ যোৱা, পূজাৰ বন্ধত নতুন ঠাই চাবলৈ যোৱা
ইত্যাদিবোৰ নোহোৱা হৈ আহিল। নতুনকৈ চাকৰি কৰি এটা বেলেগ
পৰিৱে‍শত খাপ খাই লোৱাৰ পাছত বিয়া-বাৰু কৰাই নতুন
সম্পৰ্কবোৰ লৈ ব্যস্ত
হৈ‍ পৰোঁতে‍ পুৰণি‍ সম্পৰ্কবোৰ ম্লান পৰি আহে। এয়াই প্ৰকৃতিৰ নিয়ম। পিছে এই পৰিৰ্তন মাক-দেউতাকৰ বাবে বেছ কষ্টদায়ক। পুৰণা স্মৃতিয়ে খুউব আমনি কৰিলেও লাহে লাহে নতুন পৰিৱে‍শৰ
সৈতে তেওঁলোকে নিজকে খাপ খুৱা
বলৈ‍ চেষ্টা কৰে। অধিকাৰৰ সংজ্ঞাবোৰো
লাহে লাহে সলনি হয়। কথা এষাৰ কোৱাৰ আগত অক
মান চিন্তা কৰিহে
বলগীয়া হয়।এই সময়ছোৱাত প্ৰত্যেক মাকবাপেকে
নিশ্চয় নিজৰ মাতৃ-পিতৃক দি অহা মানসিক কষ্টৰ কথা মনত পেলাই পৰিতাপ কৰে। এনে এটা
পৰিৱে‍শত যেতিয়া মানুহবোৰে এই আৱে‍, দুখ-কষ্টবোৰক একাষৰীয়া কৰি নিজৰ মনটোক বিভিন্ন ধৰ
চখ কিম্বা ভালপোৱা কামবোৰত ব্যস্ত ৰাখে
, তেতিয়া এক ধৰৰ শান্তি অনুভৱ কৰিব পাৰে। ৰাতিপুৱা বা গধূলি বাহিৰত অকমান ফুৰি অহা, পাহৰি যোৱা আত্মীয়-স্বজন তথা পুৰণি
বন্ধুৰ সৈতে নতুনকৈ যোগাযোগ প্ৰতিষ্ঠা কৰি কথা-বতৰা পতা
, নিজে কৰি ভালপোৱা কাম এটা কৰিবলৈ যত্ন কৰা,
অসম্পূৰ্ণ ইচ্ছা একোটা পূৰণ কৰিবলৈ যত্ন কৰা ইত্যাদি ধৰণে সদায়
ব্যস্ত হৈ থাকিলে আৰু কোনো ধৰ
ৰ দুখকষ্টই
মনবোৰ সেমেকাব নোৱাৰে। কাৰো পৰা একো আশা নকৰি ভাল পাই যাব পৰাটোৱে
এক সুন্দৰ অনুভূতি।

লেখিকাৰ ঠিকনা :

ভূৱনেশ্বৰ