নৱনীতা ভট্টাচাৰ্য

 

টিটিৰ দিনলিপিখন পঢ়াৰ পিছৰে পৰা তাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গৈছে৷ তাৰ কিছুমান কথা শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও বৰ গুৰুত্বপূৰ্ণ।
তাৰ কথাবোৰে মোক আমোদ দিয়াতকৈ বেছি আচৰিতহে কৰি তোলে৷ তাৰ নিচিনা অনুসন্ধিৎসু মনৰ
গৰাকী হয়তো সমাজত তেনেই তাকৰ। সঁচাকৈয়ে টিটিৰ দৰে এধানিমান চৰাই এটিও ইমান কৌতূহলী
হ
’ব পাৰেনে? ৰ’বা, কথাবোৰ অলপ বহলাই ক’লেহে তোমালোকৰ বুজিবলৈ সহজ হ’ব৷ বিশেষ নকওঁ, আজি মই পঢ়া তাৰ দিনলিপিৰ পাতখিলাত উপস্থাপন কৰা কথাখিনিকে কওঁ
শুনা। সি লিখি যোৱা ধৰণেই তোমালোকৰ আগত কৈছোঁ৷ আশা ৰাখিছো তোমালোকে কিছু হ
’লেও উপকৃত হ’বা৷

আজি এই হাবিখনত মোৰ দ্বিতীয় দিন৷ প্ৰথম
দিনাৰ মিশ্ৰিত অভিজ্ঞতাৰ পিছত আজি এক নতুন দিনৰ আৰম্ভণি৷ বননিখনৰ সৌন্দৰ্য উপভোগ
কৰাৰ মানসেৰে মই ৰাতি
পুৱাই ঘৰৰ পৰা ওলাই গ’লোঁ। দুখোজমান
দিছোঁহে মাত্ৰ উদ্ভিদ জগতৰ বিচিত্ৰতা
ই পুনৰ মন আকৰ্ষণ কৰিলে৷ পিছে আজি সেই বৃহৎ বৃক্ষবোৰে নহয়৷ আজি
মোৰ মন আকৰ্ষণ কৰিলে বিশেষ গছ এজোপাইহে৷ অৱশ্যে প্ৰথমতে মই তাক উদ্ভিদ বুলি ভবাই নাছিলোঁ
৷ আচৰিত আকৃতিৰ গছজোপা দেখি মই কিবা প্ৰাণী বুলিহে ভাবিছিলোঁ৷ আচৰিত হৈ তাৰ ফালে ভেলেঙা লাগি চাই থকা দেখি ওচৰেদি পাৰ হৈ যাব খোজা কেৰেলুৱাডালে
মোৰ ফালে চাই সুধিলে
, “বোলোঁ, কি চাই আছানো?” আজি দুদিনতে সি মোৰ ভাল বন্ধু হৈ উঠিছে৷

‘তাক ওচৰতে পাই কিবা
সমিধান পাম বুলি ভাবি ক
’লো, “এইবিধ কি প্ৰাণী তাকেহে ধৰিব পৰা নাই৷ বৰ আচহুৱা যেন দেখিছোঁ৷ তাকে চাই আছোঁ৷ চোৱাঁচোন, কিবা ধৰিব পৰাঁই কিজানি !”

মোৰ কথা শুনি সি ওচৰলৈ আহি ক’লে, “অ’ এইবিধ, এবিধ মৃতজীৱী উদ্ভিদ৷”

“মৃতজীৱী উদ্ভিদ! বৰ
আচৰিত কথা দেখোন৷ মই আগতে তেনে কথা কেতিয়াও শুনাও নাই
, দেখাও নাই। ইমানদিনে মই উদ্ভিদক স্বাৱলম্বী বুলিয়েই ভাবি আছিলোঁ৷ এই শব্দটোৰে তুমি কি বুজাব বিচাৰিছা মই হ’লে একো বুজি পোৱা নাই বন্ধু৷”

“উদ্ভিদ জগতৰ বৈচিত্ৰ্যৰ কথা শুনিলে তোমাৰ চকু কপালত উঠিব৷ অৱশ্যে মোৰ মগজুৱে সকলো কথা ঢুকি নাপায়৷ মই যিমানকণ জানো তাকে কওঁ শুনা৷ পৰজীৱী উদ্ভিদবিধে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব নোৱাৰে৷ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয় বাবেই
ইয়াক পৰজীৱী উদ্ভিদ বুলি কোৱা হয়৷ মৃতজীৱী উদ্ভিদো এনে এবিধ উদ্ভিদ যি খাদ্যৰ বাবে
আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ পাৰ্থক্য মাত্ৰ এইখিনিয়ে যে এই উদ্ভিদবিধে খাদ্যৰ
বাবে আন মৃত উদ্ভিদৰ ওপৰত গজে৷ এই উদ্ভিদবিধে মৰি
পঁচি যোৱা উদ্ভিদৰ ওপৰত গজি তাৰ পৰা খাদ্য সংগ্ৰহ কৰি
জীয়াই থাকে৷
”

“উদ্ভিদ পৰজীৱী হোৱা
কথাটো মোৰ বৰ আচহুৱা যেন লাগিছে
৷ তোমাৰ হাতত সময় আছে যদি কথাবোৰ অলপ বহলাই কোৱাঁচোন!”

“চোৱাঁ, আমি সকলোৱে জানো
যে উদ্ভিদে এনে জীৱ
, যিয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব পাৰে। সূৰ্যৰ পোহৰ আৰু বায়ুৰ সহায় হ’লেই ই নিজৰ খাদ্য তৈয়াৰ কৰি ল’ব পাৰে অৰ্থাৎ কেতিয়াও আনৰ ওপৰত
নিৰ্ভৰ কৰিবলগীয়া নহয়৷ কিন্তু ভগৱানৰ কি অপাৰ লীলা। তেওঁ এনেকুৱা উদ্ভিদ কিছুমানো
স্ৰজন কৰিছে যিয়ে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ তেনে এবিধ উদ্ভিদেই হ
’ল বেংছতা৷ ই দৰাচলতে ভেঁকুৰ জাতিৰ ভিতৰত পৰে৷ ই আন গা-গছৰ
পৰা খাদ্য সংগ্ৰহ কৰি লয়৷ ই সদায় এনেকুৱা ঠাইত গজে
, য’ত খাদ্য সংগ্ৰহ
কৰিবলৈ সহজ হয়৷ অৱশ্যে এনে আৰু উদ্ভিদ আছে যি আন গা-গছৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷
যেনে এই লতা গছজোপাকে ধৰা৷ ইহঁতে নিজে ঠিয় হৈ থাকিব নোৱাৰে বাবে আন শক্তিশালী গছৰ
ওচৰত গজি সেই গছৰ গাতে বগায়৷ ইহঁতেও আন গছৰ আশ্ৰয় লয় যদিও পৰজীৱী নহয়৷ কিয়নো ই
নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল
’ব পাৰে৷ এনে
আকৌ বহুতো উদ্ভিদ আছে যিয়ে আনৰ সহায়ত জীয়াই থাকে৷ কিন্তু পৰজীৱী উদ্ভিদবোৰে তাৰ
বিশেষ শিপাৰ দ্বাৰা আন গা-গছত খা
মুচি মাৰি ধৰি জীয়াই থাকে আৰু ইয়াৰ দ্বাৰা খাদ্যও সংগ্ৰহ কৰে৷
ই পোষক গছজোপাৰ পৰা
পুষ্টি সংগ্ৰহ কৰি জীয়াই থাকি তাৰ অনিষ্ট সাধে বুলিও ক’ব পাৰাঁ৷”

কেৰেলুৱাটোৰ কথা শুনি টিটিৰ বৰ দুখ লাগিল৷
সি দীঘল হুমুনিয়া
হ এটা কাঢ়ি ক’লে, “হয় দিয়া, ভগৱানৰ মহিমা কি বুজি পাবা৷ আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ
দুখ সিহঁতেহে বুজি পাব। কিমান লঘু-লাঞ্চনা সহিবলগীয়া হয় চাগে! তাৰ উমান আমি কিনো
পাম৷
”

“হওঁতে তোমাৰ কথাটো ষোল অনাই সত্য, কিয়নো পোষক গছজোপা বিচাৰি তাত খামুচি
ধৰি জীৱন ধাৰণ কৰাটো এনে উদ্ভিদৰ বাবে প্ৰত্যা
হ্বানৰ দৰে৷ কিয়নো এই পোষক গছবোৰৰ বাহিৰৰ আবৰণটো ইমানেই টান হয় যে তাক খামুচি ধৰাটো অতি কঠিন কাম৷
তাৰ বাবে ই অশেষ কষ্ট কৰিবলগীয়া হয়৷ দ্বিতীয়তে পোষক গছজোপাই আকৌ এনে এবিধ ৰস উৎপন্ন কৰে যে ই পৰজীৱী উদ্ভিদবোৰক অংকুৰিত হোৱাত বাধা প্ৰদান কৰে৷ আ
কৌ পোষক গছবোৰে পৰজীৱী উদ্ভিদ গজিব নোৱাৰাকৈ কিছুমান বিষাক্ত দ্রব্যও নিঃসৰণ
কৰে৷ এই দ্রব্যসমূহ ইমানে
ই বিষাক্ত হয় যে কেতিয়াবা পৰজীৱী উদ্ভিদসমূহৰ মৃত্যু পৰ্যন্ত হয়৷ এনেদৰে পোষক গছজোপাই নিজকে পৰজীৱী উদ্ভিদৰ পৰা নিজকে
আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি থাকে৷ অৱশ্যে বেংছতাৰ কথা কিছু সুকীয়া৷ এই উদ্ভিদবিলাকো
আমাৰ বাবে সহায়কাৰীও৷
”

কেৰেলুৱাৰ কথাবোৰ
শুনি মোৰ মূৰটো আচন্দ্ৰাই
কৰা যেনহে পালোঁ৷ তথাপি কিয় নাজানো, কথাবোৰ জানিবলৈ বৰ
মন
গ’ল। সেইবাবে বহলাই ক
’বলৈ তেওঁক অনুৰোধ কৰিলোঁ৷ মোৰ অনুৰোধ মৰ্মে
কেৰেলুৱাটোৱে ক
’লে, “এই বেংছতাবোৰে মাটিৰ উৰ্বৰা
শক্তি বৃদ্ধি কৰি গছ-গছ
নিবোৰ গজাত সহায় কৰে৷ ই মাটিক পানী আৰু
মিনাৰেল আহৰণ কৰি সজী
ৱ কৰি তোলে
, সেইবাবে আমি
বেংছতাক আমাৰ শুভাকাংক্ষী
বুলি ক
’ব পাৰো৷ পিছে আমি এনেদৰে কথাৰ মহলা মাৰি থাকিলে
নহ
’ব। বেলি আহি মূৰৰ ওপৰ পাবৰে হ’ল৷ ব’লা খাদ্যৰ সন্ধান কৰোঁগৈ৷”

কেৰেলুৱাৰ কথা
শুনি মইও মনৰ কৌতুহল মনতে লুকাই থৈ খাদ্যৰ সন্ধানত ওলাই গ
’লোঁ আৰু নিজৰ খাদ্য নিজে
সংগ্ৰহ কৰি খাব পৰাকৈ
স্বাৱলম্বী কৰি জনম দিয়া বাবে ভগৱানক মনে
মনে ধন্যবাদ জনালোঁ
৷ কথাতে কয় নহয়, আপোন হাত জগন্নাথ বুলি৷

আজিলৈ এইখিনিতে
সামৰিছোঁ।